html কাল্লিছেৰিঃ পঞ্চাশ বছৰ বয়সতো দিয়া যুঁজখন

01-011-PS-Kalliasseri-Still Fighting at 50.jpg

কাল্লিছেৰীৰ সমীপবৰ্তী পাৰাছিনি কাদাভুত থকা মন্দিৰত ব্ৰিটিছৰ পৰা ৰাষ্ট্ৰীয়তাবাদীসকলক ৩০ আৰু ৪০ৰ দশকত লুকাবলৈ ঠাই দিছিল। দেৱী মুথাপ্পান হৈছে চিকাৰীৰ দেৱী, আৰু কাঁচেৰে বনোৱা সেয়া কুকুৰৰ মুৰ্তি। 


কাল্লিছেৰীৰ সমীপৱৰ্তী পাৰাচ্ছিনি কাদাভুৰ মন্দিৰটো অনন্য। এই মন্দিৰটোৰ দুৱাৰ সকলো সম্প্ৰদায়ৰ মানুহৰ বাবে খোলা। ইয়াৰে পুৰোহিতসকল হৈছে পিছপৰা সম্প্ৰদায়ৰ। মন্দিৰটোৰ দেৱী মুথাপ্পানক 'দৰিদ্ৰজনৰ দেৱী' বুলি জনা যায়। তাৰি আৰু মাংস ইয়াতে শক্তিধৰ দেৱীলৈ আগবঢ়োৱা হয়। এনেকুৱা মন্দিৰ কমেই আছে য'ত কুকুৰৰ ব্ৰঞ্জৰ মুৰ্তি আছে। কেৰেলাৰ কান্নুৰ জিলাত এনে এইটো মন্দিৰ। কিয়নো মুথাপ্পান হৈছে চিকাৰীসকলৰ দেৱী।

১৯৩০ৰ দশকত, মুথাপ্পান চিকাৰ হোৱাসকলৰো দেৱী আছিল। বিশেষকৈ বাওপন্থী ৰাষ্ট্ৰীয়তাবাদী আৰু কমিউনিষ্টসকলক ব্ৰিটিছৰ পৰা হাত সাৰি থকাত সহায় কৰাৰ বাবে। "অঞ্চলটোৰ জমীদাৰসকলক বাধা দিয়াৰ বাবেও মন্দিৰটোৱে আমাৰ সৈতে হাত উজান দিছিল," কেপিআৰ ৰায়াৰাপ্পানে কয়। ১৯৪৭ৰ পূৰ্বে তেওঁ এই অঞ্চলৰ যুঁজবোৰত সক্ৰিয় আছিল। "মুক্তিযুঁজৰ বাওপন্থীসকলৰ প্ৰমুখ ব্যক্তিসকলে ইয়াতে আহি আশ্ৰয় লৈছিল।"

নাস্তিক আৰু আস্তিকৰ মাজত এটা অপূৰ্ব মিত্ৰজোঁটৰ ভেঁটি আছিল। দুয়োটা শ্ৰেণীৰে ভেঁটিত ওতঃপ্ৰোতঃ সম্পৰ্ক আছিল। দুয়োটাই উচ্চ জাতিৰ দমনৰ বিৰুদ্ধাচৰণ কৰিছিল। প্ৰত্যেকেই জমীদাৰৰ হিংসাৰ বলি হৈছিল। আৰু ৰাষ্ট্ৰীয়তাবাদৰ উন্মেষ ঘটাৰ এই সময়চোৱাতে প্ৰতিজনেই ব্ৰিটিছবিৰোধী হৈ পৰিছিল।

"ডাঙৰ জমীদাৰ এজনে এই মন্দিৰটো অধিকাৰ কৰি ল'ব বিচাৰিছিল," ৰায়াপ্পানে ক'লে। "ইয়াতে জমা হোৱা বৃহত পৰিমাণৰ টকাই তেওঁৰ মনত লোভ জগাইছিল।" এই কথা বিশ্বাস কৰিবলৈ সহজ। আনকি এতিয়াও, মুথাপ্পান মন্দিৰত ৪০০০ লোকক দৈনিক আৰু সপ্তাহৰ শেষত ৬০০০ লোকে আহাৰ খাবলৈ পায়। প্ৰত্যেক দিনাই বিদ্যালয়ৰ শিশুসকলক ইয়াতে খাদ্য দিয়া হয়।

৩০ আৰু ৪০ৰ দশকত এই মন্দিৰটোৱে আশ্ৰয় দি এক বেলেগ ধৰণৰ বিপদ চপাই লৈছিল। কিন্তু তেতিয়া, কাল্লিয়াছেৰী আৰু ইয়াৰে নিকটৱৰ্তী লোকসকলো অসাধৰণ আছিল। তেওঁলোকৰ ৰাজনৈতিক সচেতনতা বহু পুৰণি। উদাহৰণ স্বৰূপে পাপ্পিনেছেৰীত থকা বস্ত্ৰ উদ্যোগটোকে ধৰা হওক, তাতে অঞ্চলটোৰ ভালেকেইখন গাঁৱৰ লোকে কাম কৰিছিল। ইয়াতে ইংৰাজৰ বিৰুদ্ধে ৪০ৰ দশকতে বিদ্ৰোহে দেখা দিছিল। ১৯৪৬ৰ এটা ধৰ্মঘট ১০০ দিনৰ বাবে চলিছিল। এয়া সেই সময়ত ঘটিছিল, যেতিয়া কেৰেলাৰ এই গাঁওখনে ৰয়েল ইণ্ডিয়ান নেইভিৰ বোম্বেত হোৱা বিদ্ৰোহৰ সমৰ্থনত ধৰ্মঘট কৰিছিল।

"এই এলেকাটোত ১৪৪ ধাৰা প্ৰায় এবছৰৰ বাবে জাৰি কৰা হৈছিল, ৮১ বৰ্ষীয় পাইনাদান যশোদাই ক'লে। কিন্তু আমি সক্ৰিয় আছিলো"। ৩০ৰ দশকৰ পৰা, যশোদা আছিল মালাবৰৰ ৰাজনীতিত গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰা শিক্ষক আন্দোলনৰ এগৰাকী নেত্ৰী।   

কিহে ইয়াৰে যুঁজবোৰক অইনবোৰৰ পৰা পৃথক কৰিছিল? "আমি সংগঠিত হৈছিলো," যশোদাই ক'লে। আমি ৰাজনৈতিক আধাৰত কাম কৰিছিলো। আমাৰ লক্ষ্যবোৰ স্পষ্ট আছিল। জনজাগৰণৰ ঘটিছিল আৰু সকলোৱে অংশগ্ৰহণ কৰিছিল। আমি ৰাষ্ট্ৰীয়তাবাদী আন্দোলনৰ অংশ আছিলো। আমি সামাজিক সংস্কাৰৰ আন্দোলন আৰু জাতিভেদৰ বিৰোধীতা কৰা আন্দোলনৰো অংশ আছিলো। আকৌ তাতে আছিল ভূমিৰ হকে দিয়া যুঁজ। এই আটাইবোৰৰ মাজত যোগসূত্ৰ স্থাপন হৈছিল।"

কাল্লীছেৰী আৰু ইয়াৰে চুবুৰীয়াসকলে স্বাধীনতাৰ ৫০ বছৰ কামত খটুৱাইছে। ইয়াৰে সাক্ষৰতাৰ হাৰ এশ শতাংশ আৰু প্ৰত্যেকটো শিশুৱে বিদ্যালয়লৈ যায়। সিহতৰ কেতবোৰ কথা পাশ্চাত্যৰ সমাজৰ সৈতে তুলনা কৰিব পাৰি। এয়া সংগঠিত ৰূপত আয়োজন কৰা গণ ৰাজনৈতিক কাৰ্যকলাপৰ ফল বুলি যশোদাই ভাৱে।

কিন্তু কথাবোৰ অলপ অতিৰঞ্জিত হোৱা যেন লগা নাই নে? বিশেষকৈ সংগঠিত ৰূপত আয়োজিত ৰাজনৈতিক আন্দোলনৰবোৰ? কিয়নো কেৰেলাত সাক্ষৰতাৰ হাৰ আগতেও অধিক আছিল। মৌজাৰ ভিতৰতে প্ৰথমগৰাকী মহিলা শিক্ষয়িত্ৰী যশোদাই এয়া অস্বীকাৰ কৰে। " ১৯৩০ দশকৰ শেষৰ ফালে, মালাবৰত সাক্ষৰতাৰ হাৰ প্ৰায় আঠ শতাংশ আছিল। ট্ৰবানকোৰত এয়া আছিল ৪০ শতাংশ। আমি এতিয়াৰ এই সফলতা আমাৰ নিজস্ব প্ৰচেষ্টাৰপৰা লাভ কৰিছো।"

এইক্ষেত্ৰত মালাবৰে এক বিশেষ পৰিঘটনাৰ দৰ্শায়। আচলতে আঞ্চিলক ব্যৱধান দুৰ কৰাৰ বাবে কম সময়তে যোগসূত্ৰ স্থাপন কৰা হৈছিল। ট্ৰবানকোৰ আৰু কোচিনতো এয়া অইনধৰণে চলিছিল। "আমি ৰাজনৈতিক কাৰ্যকলাপক সংগঠিত ৰূপ দিছিলো যিটোৱে পৰিৱৰ্তন আনিছিল," ৰায়াৰাপ্পানে ক'লে। "৫০ৰ আৰু ৬০ৰ দশকৰ ভূমি সংস্কাৰে সম্প্ৰদায়কে ধৰি ভালেমান গাঁথনি উভালি পেলাইছিল। শিক্ষা আৰু স্বাস্থ্যৰ মানদণ্ড দ্ৰুতগতিত উন্নত হৈছিল। ১৯২৮ত কাল্লিচেৰীত ২৪ শতাংশ লোকে মুঠ মাটিৰ ৪৩ শতাংশ অধিকাৰ কৰি আছিল। আজিৰ তাৰিখত মাত্ৰ ১৩ ঘৰ পৰিয়ালৰ হাতত পাঁচ একৰতকৈও অধিক ভূমি আছে। তাৰোপৰি মূঠ মাটিৰ পৰা তেওঁলোকৰ ভাগ মাত্ৰ ৬ শতাংশমানহে হ'বগৈ।

কাল্লিছেৰীৰ বাসিন্দাসকলৰ খোৱা-বোৱাৰ ক্ষেত্ৰত পৰিৱৰ্তন ঘটিছিল। গাখীৰ আৰু মাংসৰ সেৱন বাঢ়ি গৈছিল। আৰু ইয়াতে শাৰিৰীক পৰিশ্ৰম কৰাজনৰ পোচাক দেখি ধৰিবই নোৱাৰে যে সেইজন শ্ৰমিক।

৮০ৰ দশকত ৰাজ্যখন ব্যাপক সাক্ষৰতা অভিযানৰ পৰা উপকৃত হৈছিল। কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদৰ দৰে কেতবোৰ সংস্থাই নতুনৰ দুৱাৰ মুকলি কৰিছিল। অঞ্চলটোৰ ৰাজনৈতিক পৰম্পৰাৰ সুদৃঢ় ভেঁটিতে এই সকলোবোৰ গঢ় লৈ উঠিছিল। কাল্লিছেৰীকে ধৰি মালাবৰ অইন ক্ষেত্ৰতো বাটকটীয়া আছিল।

"কাল্লিছেৰীত ৩০ আৰু ৪০ৰ দশকতে পৰীক্ষামূলক কাম-কাজ আৰম্ভ কৰি হৈ গৈছিল। ইয়ে উত্পাদক আৰু গ্ৰাহকৰ সমন্বয় ভাঙি পেলাইছিল," কান্নুৰস্থিত কৃষ্ণা মেনন কলেজৰ প্ৰবক্তা মোহন দাসে কয়। "আৰু ইয়াৰ পৰাই সুলভ মূল্যৰ দোকানৰ সূত্ৰপাত ঘটিছিল যিটো কাৰ্যতঃ বহু পিছত দেখা গ'ল।"

"এইবোৰ খৰাং আৰু দুৰ্ভিক্ষৰ সময়ত আৰম্ভ হৈছিল। কৃষকৰ পৰা জমীদাৰে কৰা শস্যৰ দাবী ক্ৰমান্বয়ে কঠোৰ হৈ গৈ আছিল। বোধকৰো বৃটিছ পৰা জমীদাৰসকলে তাতোকৈ বেছি কঠোৰ দাবী পাইছিল। আগতে, খৰাঙৰ সময়ত কৃষকৰ পৰা শস্য আদায় লোৱাৰ ক্ষেত্ৰত কিছু পৰিমাণে ৰেহায় দিয়া হৈছিল। ৪০ৰ দশকত এই বিধিও নাইকিয়া হৈছিল।"

১৯৪৬ চনৰ ডিচেম্বৰ মাহটো সংকটৰ সময় আছিল, অৱসৰপ্ৰাপ্ত শিক্ষক অগ্নি শৰ্মন নাম্বোদিৰিয়ে ক'বলৈ ধৰিলে। কাৰিভেল্লুৰ গাঁৱত গাওঁবাসীয়ে জমীদাৰসকলে শস্যৰ হস্তগত কৰাৰ পদক্ষেপ প্ৰতিহত কৰাৰ চেষ্টা চলালে। ইয়াকে লৈ হোৱা সংঘৰ্ষত গুলিৰ আঘাতত দুজনৰ মৃত্যুও হয়। তাৰ পিছতে আৰম্ভ হয় সন্ত্ৰাস। কিন্তু ইয়ে জন্ম দিলে জমীদাৰবিৰোধী এক বিশাল আন্দোলনৰ যিটোৱে ভূমি সংস্কাৰৰ ক্ষেত্ৰত অঞ্চলটোৰ লোকসকলক সফল হোৱাত উত্সাহিত কৰি তুলিলে।

আজিৰ তাৰিখত, কাল্লিছেৰীৰ সফলতাৰ সমানে সমানে ভয়ংকৰ সমস্যাও গা কৰি উঠিছে। "কৃষিকাৰ্য্য নষ্ট হৈ গৈছে," ৰায়াৰাপ্পানে কয়। উত্পাদন কমি আহিছে। পামৰ শ্ৰমিকৰ বাবে কাম কমি আহিছে।"

গৃহ নিৰ্মাণৰ কামত আৰু নগদী শস্যৰ বাবে ব্যৱহৃত হোৱাৰ ফলত কৃষিভূমিৰ বিস্তৃত হাৰত ক্ষতি হৈছে। উদাহৰণ স্বৰূপে জমীদাৰৰ হাতত থকা বিশাল কৃষিভূমিৰ কথা বিবেচনা কৰা হওক। কাল্লিছেৰীৰ কৃষিভূমিৰ প্ৰায় ৫০ শতাংশ সেইখন পথাৰতে আছিল। এতিয়া সেই পথাৰ ঘৰ আৰু নগদী শস্যৰে ভৰি পৰিছে। ক্ষতি সম্পৰ্কে সচেতনতা ক্ৰমে বৃদ্ধি পাইছে। কিন্তু ইতিমধ্যে যথেষ্ট ক্ষতি হৈ গৈছিল।"

নিবনুৱা সমস্যা সৰ্বব্যাপি। তদুপৰি শ্ৰমশক্তিত মহিলাৰ অংশগ্ৰহণ অধ্যয়নত দেখুওৱাৰ দৰে পুৰুষৰ সংখ্যাতকৈ আধা। শ্ৰমশক্তিত ৫০ শতাংশমান মহিলা নিবনুৱা। নিম্ন-কৌশলৰ প্ৰয়োজন হোৱা কামবোৰত মহিলাৰ নিয়োজন সৰ্বাধিক। আৰু তাতে তেওঁলোকৰ উপাৰ্জনো পুৰুষতকৈ কম।

এয়া এক বৃহত সমস্যাৰূপে থিয় দিছে। কিন্তু ইয়াতে হতাশাৰ কোনো চিনমোকাম নাই। কাল্লিছেৰীৰ পঞ্চায়তী ৰাজৰ অনুভৱৰ পৰা ক'ব পাৰি এয়া একধৰণৰ আদৰ্শস্বৰূপ। ৰাজ্যখনৰ ৯০০ খন পঞ্চায়ত দৰে এই পঞ্চায়তখনেও নিজস্ব উন্নয়ন পৰিকল্পনা গ্ৰহণ কৰে। এয়া গাঁৱৰ লোকে নিজে সংগ্ৰহ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয়। প্ৰায়ভাগ কাম-কাজ স্থানীয় সমল ব্যৱহাৰ কৰি কৰা হয় আৰু স্বেচ্ছামূলক শ্ৰমিকেৰে কৰোৱা হয়। "ইয়াৰে বাসিন্দাই নিজেই অইন বহুতো কামৰ দৰে এই পঞ্চায়তখনৰ ৬২ কিলোমিটাৰ দীঘল ৰাস্তা নিজে নিৰ্মাণ কৰিছে," ৰায়াৰাপ্পানে কয়।

গ্ৰাম সভাৰ মিটিঙত অংশগ্ৰহণ লক্ষণীয় আৰু কথা-বতৰাও খোলাখুলিকৈ কোৱা হয়। প্ৰায় ১২০০ স্বেচ্ছামূলক কৰ্মচাৰীয়ে কাল্লিছেৰীক আন এক মাত্ৰা প্ৰদান কৰিছে। পিপলচ ৰিচৰ্ছ মেপিং প্ৰগ্ৰাম হাতত লোৱা এইখনেই প্ৰথমখন পঞ্চায়ত। বাহিৰৰ বিশেষজ্ঞৰ সহায়ত স্থানীয় লোকে নিজেই গাঁৱৰ প্ৰাকৃতিক আৰু মানৱ সম্পদৰ প্ৰায় সঠিক তথ্য প্ৰস্তুত কৰিছে। তদুপৰি ইয়াৰে প্ৰকল্পসমূহৰ পৰা পৰিৱেশ সংক্ৰান্ত কি প্ৰভাব পৰিব পাৰে তাৰো খতিয়ান পৰিকল্পনাটোত অন্তৰ্ভুক্ত কৰা হৈছে।

অৱসৰপ্ৰাপ্ত অভিযন্তা, চৰকাৰী বিষয়াসকলক লৈ এক 'স্বেচ্ছামূলক কাৰিকৰী বাহিনী' গঠন কৰা হৈছে যিয়ে প্ৰকল্পবিলাক চোৱাচিতা কৰে। এতিয়া ৰাজ্যখনত এই বাহিনীৰ সদস্যৰ সংখ্যা ৫০০০ ৰো অধিক।

প্ৰত্যাহ্বানসমূহ এতিয়াও পৰ্বতসমান হৈয়ে আছে। আৰু ইয়াৰে কেতবোৰ কাৰণৰ গুৰি গাওঁখনৰ সীমাৰ বহু বাহিৰত। কিন্তু কাল্লিছেৰীৰ আত্মবিশ্বাস আছে। ঠিক ৰায়াৰাপ্পানে ক'বৰ দৰেঃ "আমি যুঁজিবলৈ এৰি নিদিও।"

আনকি ১৯৪৭ ৰ পিছতো।

মূল লিখনীটো টাইমচ অৱ ইণ্ডিয়াত ১৯৯৭ চনৰ আগস্ত মাহত প্ৰকাশিত হৈছিল।

এই ধাৰাবাহিকত আৰু আছেঃ

যেতিয়া চালিহানে শাসন বিৰুদ্ধে থিয় দিছিল

পানীমাৰাৰ পদাতিকমুক্তিযুঁজাৰুসকল - ১

পানীমাৰাৰ পদাতিক মুক্তিযুঁজাৰুসকল-২

লক্ষ্মী পাণ্ডাৰ অন্তিম যুঁজখন

অহিংসাৰ নটা দশক

শ্বেৰপুৰঃ বৃহত বলিদান, ক্ষণস্থায়ী স্মৃতি

গোদাবৰীঃ আৰু পুলিচে এতিয়াও আক্ৰমণৰ বাবে বাট চায়

সোণাখানঃ য'ত দুবাৰকৈ মৃত্যু হৈছিল বীৰ নাৰায়ন সিঙৰ

কাল্লিয়াছেৰিঃ ৫০ বছৰ বয়সতো সংগ্ৰাম

অনুবাদকঃ  ৰশ্মি ৰেখা দাস

Translated by: Rashmi Rekha Das

P. Sainath
psainath@gmail.com

P. Sainath is Founder Editor of the People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath