01-2004-PS-Foot Soldiers of Freedom-Panimara 2.jpg

পানীমাৰাৰ অন্তিমকেইজন জীৱিত মুক্তিযুঁজাৰু সিহতৰ দৈনিক প্ৰাৰ্থনাৰ সময়ত


পানীমাৰাৰ মুক্তিযুঁজৰ সেনানীয়ে অইন শক্তিৰ বিৰুদ্ধেও যুঁজ দিবলগা হৈছিল। ইয়াৰে কিছু যুঁজ তেওঁলোকৰ ঠিক ঘৰৰপৰাই আৰম্ভ হৈছিল।

গান্ধীজীৰ অস্পৃশ্যতাৰ আন্দোলনৰ পৰা অনুপ্ৰাণিত হৈ তেওঁলোক সক্ৰিয় হৈ পৰিছিল।

"এদিনাখন আমি ৪০০ জনমান দলিত সম্প্ৰদায়ৰ লোকৰ সৈতে জগন্নাথ মন্দিৰৰ দিশে মিচিল উলিয়াইছিলো," চমাৰুৱে ক'বলৈ আৰম্ভ কৰিলে। ব্ৰাহ্মণসকলে এয়া মুঠেই ভাল পোৱা নাছিল। কিন্তু তাৰে মাজৰে কিছুমান আমাৰ সমৰ্থনত আছিল। বোধহয় তেওঁলোক বাধ্য হৈ পৰিছিল। সেই সময়ত পৰিস্থিতিয়ে তেনেকুৱা আছিল। গাঁৱন্তীয়া (গাওঁবুঢ়া) আছিল মন্দিৰৰ ন্যাসৰ পৰিচালনৰ দায়িত্বত। তেওঁ খঙত একোনাই হৈ প্ৰতিবাদ কৰি গাওঁ এৰি গুছি গৈছিল। কিন্তু তেওঁৰ নিজ পুত্ৰই আমাৰ সৈতে আছিল আৰু পিতৃৰ কাৰ্যৰ গৰিহণা দিছিল।

"ব্ৰিটিছ সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ আছিল। আমি কেৱল খদ্দৰৰ কাপোৰহে পিন্ধিছিলো। আদৰ্শও ইয়াৰে এটা অংশ আছিল। আমি দৰাচলতে বহুত দুখীয়া আছিলো, সেইহেতু আমাৰ বাবে সেয়া ভালেই আছিল।"

মুক্তিযুঁজাৰুসকলে এই যুঁজখন বহু দশকলৈ চলাই নিছিল। যুঁজখন তেতিয়ালৈ চলিছিল, যেতিয়ালৈ সিহতৰ আঙুলিবোৰ অচল হৈ পৰা নাছিল আৰু কাপোৰ বব নোৱাৰা হৈ পৰিছিল। "৯০ বছৰ বয়সত, অৱশেষত তাৰে যৱনিকা পৰাৰ সময় বুলি মই ভাবি লৈছিলো," চমাৰুৱে ক'লে।

ইয়াৰে সূত্ৰপাত ঘটিছিল কংগ্ৰেছৰ দ্বাৰা পৰিচালিত এটা "প্ৰশিক্ষণ" শিবিৰত। শিবিৰটো চম্বলপুৰত ১৯৩০ত আৰম্ভ হৈছিল। "এই শিবিৰবোৰক সেৱা নাম দিয়া হৈছিল। কিন্তু তাতে সেৱাৰ পৰিৱৰ্তে জেলত কটোৱা জীৱনৰ বিষয়ে শিকোৱা হৈছিল। কোৱা হৈছিল তাতে শৌচাগাৰ চাফা কৰা আৰু পুতৌলগা খাদ্যৰ কথা। আমি সকলোৱে জানিছিলো সেই প্ৰশিক্ষণ কি উদ্দেশ্যত দিয়া হৈছিল। আমাৰ গাঁৱৰ নজনক সেই শিবিৰলৈ পঠিওৱা হৈছিল।

"আমাক বিদায় দিয়াৰ বাবে গোটেই গাওঁখন উঠি আহিছিল। ফুলৰ মালা, সিন্দুৰ আৰু ফল-মূলেৰে আমাক বিদায় দিয়া হৈছিল। সেয়া আছিল গাওঁবাসীৰ আমাৰ প্ৰতি থকা উত্সাহ আৰু ৰোমাঞ্চকৰ অনুভূতি।"

ইয়াৰে আঁৰত মহাত্মাৰ যাদুকৰী প্ৰভাৱো নথকা নহয়। "সাধাৰণজনক সত্যাগ্ৰহত যোগদানৰ বাবে তেওঁ জনোৱা আহ্বানে জুইৰ দৰে বিয়পি পৰিছিল। আমাক ইয়াতে শিকোৱা হৈছিল যে আমাৰ দৰে দৰিদ্ৰ আৰু নিৰক্ষৰ লোকে প্ৰকাশ্যে অবাধ্য হৈ পৃথিৱী সলনি কৰিব পাৰে। অৱশ্যে আমাক নিয়ম হিচাপে অহিংসাৰ আলম লোৱাৰ বাবে অনুৰোধ জনোৱা হৈছিল।" এই নিয়মেৰেই পানামাৰাৰ বহু মুক্তিযুঁজাৰুয়ে তেওঁলোকৰ বাকী থকা জীৱনটো কটাই দিছিল।

তেওঁলোকে গান্ধীজীক কেতিয়াও দেখা নাছিল। কিন্তু অইন লাখ লাখ লোকৰ দৰে তেওঁৰ আহ্বানত মাৰ বান্ধি থিয় দিছিল। "আমি মনমোহন চৌধুৰী আৰু দয়ানন্দ সতপাঠিৰ দৰে কংগ্ৰেছ নেতাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিলো।" পানীমাৰাৰ মুক্তিযুঁজাৰুসকলে ১৯৪২ চনৰ আগস্ত মাহৰ আগতেই প্ৰথমবাৰ জেললৈ গৈছিল। "আমি এক পণ লৈছিলো। যুদ্ধৰ বাবে (দ্বিতীয় বিশ্বযুদ্ধৰ কথা কোৱা হৈছে) জন অথবা ধনেৰে কৰা সহযোগীতাক একপ্ৰকাৰ বিশ্বাসঘাটকতা বুলি বিবেচনা কৰা হৈছিল। এয়া আছিল পাপ। সকলোধৰণৰ অহিংস উপায়েৰে যুদ্ধৰ প্ৰতিবাদ কৰা হৈছিল। গাঁৱৰ প্ৰতিজন লোকেই তেওঁক সমৰ্থন কৰিছিল।

"আমি কটকৰ জেললৈ ছমাহৰ বাবে গৈছিলো। ব্ৰিটিছসকলে বেছিদিনৰ বাবে কাকো জেলত ভৰাই থোৱা নাছিল। কিয়নো হাজাৰ হাজাৰ লোকেৰে জেল ভৰি পৰিছিল। বহুতে স্বইচ্ছাই জেললৈ যাব বিচাৰিছিল।"

অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযানে ভিতৰি ভিতৰি প্ৰথমটো চাপ সৃষ্টি কৰিছিল। আমি বাধা অতিক্ৰম কৰিবলৈ সক্ষম হৈছিলো। "আনকি আজিও আমি আমাৰ প্ৰায়ভাগ বিধিতে বামুণ নামাতো।" দয়ানিধিয়ে ক'লে। "মন্দিৰ প্ৰৱেশে সিহতৰ বহুতকে হতাশ কৰি পেলাইছিল। কিন্তু বহুতেই ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱাৰ বাবে বাধ্য হৈ পৰিছিল।"  

জাতিভেদেও বহুতো সমস্যাৰ সৃষ্টি কৰিছিল। "প্ৰতিবাৰেই আমি জেলৰপৰা ওলাই অহাৰ পিছত কাষৰ গাওঁবাসীয়ে আমাক শুচি কৰি লৈছিল। কিয়নো আমি অস্পৃশ্যসকলৰ সৈতে একেলগে জেলত আছিলো," দয়ানিধিয়ে ক'লে। (শুচি কৰাৰ এই প্ৰথা এতিয়াও উৰিষ্যাৰ গ্ৰামীণ অঞ্চলত বিদ্যমান)

ভয়ে ক'লে, "যেতিয়া মই জেলৰপৰা ঘুৰি আহিছিলো, তেতিয়া মোৰ আইতাৰ ১১ তম মৃত্যুবাৰ্ষিকী আছিল। খুড়াই মোক সুধিলে, মদন, তোক শুচি কৰা হৈছেনে?' মই ক'লো নাই, আমি সত্যাগ্ৰহী হিচাপে ইজনে আনজনক শুচি কৰাও। তেতিয়া মোক পৰিয়ালৰ পৰা নিলগাই বহিবলৈ দিয়া হৈছিল। মোক অকলশৰীয়া কৰি পেলোৱা হৈছিল আৰু অকলেই খোৱা-লোৱা কৰিবলগীয়া হৈছিল।

মোৰ জেললৈ যোৱাৰ আগতেই বিয়া থিৰাং কৰি থোৱা হৈছিল। জেলৰ পৰা ওলাই অহাৰ পিছত সেই বিয়া ভাঙিছিল। ছোৱালীৰ পিতৃয়ে জেললৈ অহা-যোৱা কৰি থকাজনক জোঁৱায়েক হিচাপে পচন্দ কৰা নাছিল। অৱশেষত, মই চৰন্দপাল্লিৰ পৰা কইনা এজনী পালো, য'ত কংগ্ৰেছ কৰ্মীৰ প্ৰভাৱ আছিল।"

চমাৰু, জীতেন্দ্ৰ আৰু পুৰ্ণচন্দ্ৰই ১৯৪২ ৰ আগস্তত জেলতে দিন কটোৱাৰ সময়ত শুচিকৰণৰ বাবে কৰাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল।

"সিহতে অপৰাধীক ৰখা জেললৈ আমাক পঠিয়াইছিল। আমি তাৰেপৰা যিমান পাৰো লাভ উঠাবলৈ চেষ্টা কৰিছিলো।" জীতেন্দ্ৰই ক'লে। "সেই দিনবোৰত, ব্ৰিটিছে জাৰ্মানীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সৈন্য মোতায়েন কৰাৰ চেষ্টা চলাই আছিল। সেয়ে সিহতে আজীৱন কাৰাদণ্ড বিহা কয়েদীবোৰক লোভনীয় প্ৰতিশ্ৰুতি দিছিল। যুদ্ধৰ বাবে সন্মত হোৱা কয়েদীসকলক ১০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। সিহতৰ প্ৰত্যেকৰে পৰিয়ালক ৫০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল। যুদ্ধৰ পিছত সিহতক মুকলি কৰি দিম বুলিও কোৱা হৈছিল।

"আমি কয়েদীবোৰৰ মাজত অভিযান চলালো। ৫০০ টকা এটাৰ কাৰণে ব্ৰিটিছৰ আৰু ব্ৰিটিছৰ যুদ্ধত প্ৰাণ দিয়াটো ভাল কথানে? তোমালোকেই প্ৰথমতে মৰিবা, আমি সিহতক কৈছিলো। তোমালোক সিহতৰ বাবে প্ৰয়োজনীয় নহয়। তেন্তে সিহতৰ টোপৰ বাখৰ হোৱাৰ কি প্ৰয়োজন আছে?

"কিছু সময়ৰ পিছতে, সিহতে আমাৰ কথাত পতিয়ন গৈছিল। সিহতে আমাক গান্ধী বা কংগ্ৰেছী বুলি ক'বলৈ আৰম্ভ কৰিছিল। সিহতৰ বহুতেই ব্ৰিটিছৰ সেই আঁচনিৰপৰা বাহিৰ হৈছিল। সিহতে বিদ্ৰোহ কৰিছিল আৰু যাবলৈ অমান্তি হৈছিল। এইক্ষেত্ৰত আটাইতকৈ অসন্তুষ্ট হৈছিল ৱাৰ্ডেনজন। 'তোমালোকে সিহতৰ মন কিয় ভুলাইছা?' তেওঁ সুধিছিল। 'সিহততো এই পৰ্যন্ত যাবলৈ সাজুৱে আছিল।' আমি তেওঁক কৈছিলো যে আমাক অপৰাধীৰ সৈতে একেলগে ৰখাত আমি অসন্তুষ্ট। সিহতক দৰাচলতে সত্য কি সেয়া দেখুওৱাৰ ক্ষেত্ৰত আমি সক্ষম হৈছিলো।

"পিছদিনাই আমাক ৰাজনৈতিক বন্দী ৰখা জেললৈ পঠিওৱা হৈছিল। আমাক কাৰাবাসৰ ম্যাদ ছমাহলৈ সলনি কৰা হৈছিল।"

ব্ৰিটিছ শাসকে কি এনেকুৱা অন্যায় কৰিছিল যে তেওঁলোকে ইমান শক্তিশালী সাম্ৰাজ্য এখনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে মাৰ বান্ধি থিয় দিছিল?

"ব্ৰিটিছ শাসনত ন্যায় বুলিবলৈ আছিল কি," চমাৰুৱে শান্ত হৈয়ে ক'লে। সেই প্ৰশ্ন তেওঁক সুধিবলগা নাছিল। "তাত যি আছিল সেই আটাইবোৰেই অন্যায় আছিল।

"আমি ব্ৰিটিছৰ দাস আছিলো। সিহতে আমাৰ অৰ্থনীতি কোঙা কৰি পেলাইছিল। আমাৰ অধিকাৰ বুলিবলৈ একো নাছিল। আমাৰ কৃষি ব্যৱস্থা ধ্বংস কৰি পেলোৱা হৈছিল। সৰ্বসাধাৰণক দৰিদ্ৰতাৰ গৰাহলৈ ঠেলি দিয়া হৈছিল। ১৯৪২ ৰ জুলাই আৰু ছেপ্তেম্বৰ মাহত ৪০০ টাৰো অধিক পৰিয়ালৰ পাঁচ কি ছয় ঘৰ মানুহৰহে খাবলৈ পৰ্যাপ্ত খাদ্য আছিল। বাকীবোৰে দুৰ্ভিক্ষ আৰু অপমানৰ জীৱন জীয়াই থাকিবলগা হৈছিল।

"এতিয়াৰ শাসকসকলো লাজ নোহোৱা। সিহতেও দৰিদ্ৰক লুটি-পুটি খায়। ক্ষমা কৰিব, মই ব্ৰিটিছ শাসনক অইন কোনো শাসনৰ সৈতে তুলনা নকৰো। কিন্তু আমাৰ এতিয়াৰ শাসকো তেনেকুৱাই।"

পানীমাৰাৰ মুক্তিযুঁজাৰুসকলে এতিয়াও জগন্নাথ মন্দিৰলৈ প্ৰতিদিনে পুৱা যায়। তাতে তেওঁলোকে দবা বজায় যিটো সিহতে ১৯৪২ চনৰ পৰাই পৰম্পৰা হিচাপে কৰি আহিছে। পুৱাৰ ভাগত এয়া বহুকিলোমিটাৰ দুৰৰ পৰা শুনিবলৈ পোৱা যায়, তেওঁলোকে কয়।

কিন্তু শুকুৰবাৰে, মুক্তিযুঁজাৰুসকলে সন্ধ্যা প্ৰায় ৫ বাজি ১৭ মিনিটত গোট খায়। কিয়নো এই শুকুৰবাৰতে মহাত্মাক হত্যা কৰা হৈছিল। যোৱা ৫৪ বছৰ ধৰি সন্ধ্যা ৫.১৭ ত লগো হোৱাটো গাওঁখনৰ এক পৰম্পৰা হৈ পৰিছে।  

আজি শুকুৰবাৰ। আমি সিহতক মন্দিৰলৈ লগ দিলো। সাতজন মুক্তিযুঁজাৰুৰ চাৰিজন উপস্থিত। চমাৰু, দয়ানিধি, মদন আৰু জীতেন্দ্ৰ। অইন তিনিজন, চৈতন্য, চন্দ্ৰশেখৰ চাহু আৰু চন্দ্ৰশেখৰ পাৰিদা এতিয়া গাঁৱৰ বাহিৰত থাকে।

মন্দিৰৰ প্ৰাংগণ মানুহেৰে ঠাহ খাই পৰিছিল। সকলোৱে গান্ধীজীৰ প্ৰিয় ভজনটো গাইছিল। ১৯৪৮ চনত মহাত্মাৰ হত্যাৰ খবৰ পোৱাৰ লগে লগে বহু গঞাই মুণ্ডন কৰাইছিল। সিহতে নিজৰ পিতৃক হেৰুওৱাৰ দৰে অনুভৱ কৰিছিল। আজিৰ দিনটোলৈ বহুতেই শুকুৰবাৰে উপবাসে থাকে।"


02-2005-PS-Foot Soldiers of Freedom-Panimara 2.jpg

৮১ বৰ্ষীয় জীতেন্দ্ৰ প্ৰধান আৰু অইনসকলে গান্ধীজীৰ প্ৰিয় ভজনটো গাই থকা অৱস্থাত


বহুত ল'ৰা-ছোৱালী বোধকৰো উত্সুকতাৰ বাবেই মন্দিৰৰ প্ৰাংগণত উপস্থিত হৈছে। কিন্তু এই গাওঁখন স্বাধীনতাৰ অনুভৱেৰে সংপৃক্ত। স্বকীয় গৌৰৱেৰে উজলি থকা ইতিহাস। স্বাধীনতাৰ যুঁজখনৰ শিখা জ্বলাই ৰখাৰ দায়িত্ব অনুভৱ কৰা এখন গাওঁ।

পানীমাৰাৰ গাওঁখন ক্ষুদ্ৰ খেতিয়কৰ গাওঁ। "তাতে প্ৰায় ১০০ ঘৰ কুলতা (খেতিয়কৰ জাতি) পৰিয়াল আছিল। তাতে ৮০ ঘৰ উড়িয়া পৰিয়ালো আছিল (তেওঁলোকো খেতিয়ক আছিল)। তাতে ৫০ ঘৰ সৌৰা আদিবাসী, ১০ ঘৰ সোণাৰীৰ পৰিয়াল আছিল। গৌড় (যাদৱ) পৰিয়ালৰ লোকো তাতে আছিল।" দয়ানিধিয়ে কৈ গ'ল।

তেনেদৰেই গাওঁখন সমৃদ্ধ হৈ পৰিছে। মুক্তিযুঁজাৰুৰ প্ৰায়ভাগেই খেতিয়কৰ পৰিয়ালৰ সদস্য আছিল। "সঁচা কথা ক'বলৈ গ'লে আমিবোৰৰ ভিন জাতিৰ মাজত বিয়া-বাৰু হোৱাটো তেনেই তাকৰ। কিন্তু সেই স্বাধীনতা সংগ্ৰামৰ সময়ৰপৰাই আমাৰ মাজত সুসম্পৰ্ক বৰ্তি আছে। মন্দিৰটো তেতিয়াৰেপৰা সকলোলৈকে খোলা কৰি ৰখা হৈছে। ইয়াতে আমাৰ সকলোৰে অধিকাৰক মৰ্যাদা দিয়া হয়।

বহুতে এতিয়াও ভাবে যে সিহতৰ অধিকাৰক এতিয়াও স্বীকৃতি দিয়া নহয়। দিবিত্যা ভয় সিহতৰ মাজৰে এজন। "মোৰ বয়স তেতিয়া খুব কম আছিল আৰু মোক ব্ৰিটিছে বেয়াকৈ পিটিছিল," তেওঁ ক'লে। ভয়ৰ বয়স তেতিয়া ১৩ বছৰ আছিল। সেয়ে তেওঁক জেললৈ পঠিওৱা হোৱা নাছিল। সেয়ে সিহতৰ নামটো মুক্তিযুঁজাৰুৰ চৰকাৰী তালিকাত অহা নাছিল। আৰু বহুতকে বেয়াকৈ মাৰ-ধৰ কৰা হৈছিল যদিও সেই নাম চৰকাৰী তালিকাত অহা নাছিল কিয়নো তেওঁলোক জেললৈ যোৱা নাছিল।

মুক্তিযুঁজাৰুৰ স্মৃতিৰক্ষাৰ্থে তেওঁলোকৰ নামৰ তালিকাখন স্তম্ভত জিলিকি আছে। ১৯৪২ত জেললৈ যোৱা সকলৰ নামহে তাতে অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু তাতে নাম থকা-নথকাক লৈ কোনোৱে বিতৰ্ক কৰা নাই। কিন্তু দুখৰ কথা যে "মুক্তিযুঁজাৰু"ৰ চৰকাৰী তালিকাত যোগ্য ভালেকেইজনক স্বীকৃতি দিয়া হোৱা নাই।  

এজন দৰ্শনাৰ্থীক পানীমাৰাৰ মুক্তিযুঁজাৰুৰ সম্পুৰ্ণ তালিকা দেখুৱাই থকা অৱস্থাত

আগস্ত ২০০২ চনত, ৬০ বছৰৰ পিছতো পানীমাৰাৰ মুক্তিযুঁজাৰুসকলে সেয়াই কৰিবলগা হৈছিল।

আটাইকেইজনৰ ভিতৰত দুখীয়া মদন ভয়ৰ হাতত মাত্ৰ ডেৰ বিঘামান মাটী আছে। আৰু সিহতৰ লগৰীয়াই এতিয়াও ধৰ্ণাতে বহি আছে। এয়া চহেলা টেলিফোন কাৰ্যালয়ৰ সমুখত। "কল্পনা কৰক, এই ক'তবোৰ দশক পাৰ হোৱাৰ পিছতো এই গাওঁখনত এটা টেলিফোন নাই," ভয়ে ক'লে।

এই দাবী লৈয়ে আমি ধৰ্ণাত বহি পৰিলো। খণ্ড উন্নয়ন বিষয়াই আমাৰ গাওঁখনৰ নাম শুনাই নাছিল" কথাখিনি কওতে তেওঁ হাঁহিলে। "আপুনি যদি বৰগড়ত থাকে, তেন্তে এয়া নিন্দনীয়। হাঁহি উঠিবলগীয়া কথা যে এইবাৰ আৰক্ষীয়ে হস্তক্ষেপ কৰিলে।"

অৱশ্যে আৰক্ষীয়ে জানিছিল যে এওঁলোক জীৱন্ত কিংবদন্তি। সেয়ে বিষয়াজনৰ অৱজ্ঞাত তেওঁলোক হতবাক হৈছিল। তেওঁলোক ৮০ বছৰীয়া বৃদ্ধসকলৰ অৱস্থাক লৈ চিন্তিত হৈ পৰিছিল। "দৰাচলতে, কেবাঘণ্টা ধৰ্ণা দিয়াৰ পিছত আৰক্ষী, চিকিত্সা কৰ্মী আৰু অইন লোকে তাত উপস্থিত হৈছিল। তেতিয়া টেলিফোনৰ মানুহে আমাক ১৫ ছেপ্তেম্বৰৰ ভিতৰত এটা যন্ত্ৰ দিবলৈ সৈমান হ'ল।

আকৌ এবাৰ, পানীমাৰাৰ যুঁজাৰুসকলে অইন কিহবাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। সিহতৰ নিজৰ বাবে নহয়। সিহতে এই সংগ্ৰামবোৰৰ পৰা নিজৰ কিবা লাভ হৈছিল নে?

"স্বাধীনতা," চমাৰুৱে ক'লে।

তোমাৰ আৰু মোৰ বাবে।

মূল লিখনীটো (দুটা ভাগৰ দ্বিতীয়টো) দা হিন্দু চানডে মেগাজিনত ২৭ অক্টোবৰ, ২০০২ চনত প্ৰকাশ পাইছিল। প্ৰথম ভাগটো ২০ অক্টোবৰ, ২০০২ চনত প্ৰকাশিত হৈছিল।


এই ধাৰাবাহিকত আৰু আছেঃ

যেতিয়া চালিহানে শাসন বিৰুদ্ধে থিয় দিছিল

পানীমাৰাৰ পদাতিকমুক্তিযুঁজাৰুসকল - ১

লক্ষ্মী পাণ্ডাৰ অন্তিম যুঁজখন

অহিংসাৰ নটা দশক

শ্বেৰপুৰঃ বৃহত বলিদান, ক্ষণস্থায়ী স্মৃতি

গোদাবৰীঃ আৰু পুলিচে এতিয়াও আক্ৰমণৰ বাবে বাট চায়

সোণাখানঃ য'ত দুবাৰকৈ মৃত্যু হৈছিল বীৰ নাৰায়ন সিঙৰ

কাল্লিয়াছেৰিঃ ৫০ বছৰ বয়সতো সংগ্ৰাম

কাল্লিছেৰীঃ চুমুকণৰ সন্ধানত

অনুবাদকঃ ৰশ্মি ৰেখা দাস


ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath