01-MISC-12 28A-PS-Sherpur-big sacrifice, short memory.jpg

প্ৰতিবাদকাৰীসকলৰ আচল পতাকাখন, কিছু উৱলিছে, কিন্তু টেহচিল কাৰ্যালয়ত পতাকাখন এতিয়াও সযতনে ৰখা হৈছে


সিহতে এতিয়াও পতাকাখন টেহচিল কাৰ্যালয়ত ৰাখি থৈছে। সিহতে ইয়াতে এইখন ১৮ আগস্তত উৰাইছিল। ১৯৪২ চনৰ আজিৰ দিনটোতে, উত্তৰ প্ৰদেশৰ গাজিপুৰ জিলাৰ এই অঞ্চলৰপৰা সিহতে ব্ৰিটিছৰ শাসনৰপৰা নিজকে মুক্ত বুলি ঘোষণা কৰিছিল। মহম্মদাবাদৰ টেহচিলদাৰজনে জনতাৰ ওপৰত গুলিবৰ্ষণ কৰিছিল। ছেৰপুৰ গাঁৱৰ আঠজনকৈ লোক এই আক্ৰমণত নিহত হৈছিল। ইয়াৰে সৰহভাগেই শিৱ পুজন ৰায়ৰ নেতৃত্বত অহা কংগ্ৰেছী আছিল। মহম্মদাবাদৰ টেহচিলদাৰৰ কাৰ্যালয়ত ত্ৰিৰংগা উত্তোলনৰ চেষ্টা কৰাৰ সময়তে সিহতক গুলিয়াই হত্যা কৰা হৈছিল।

জিলাখনত ইতিমধ্যেই ব্ৰিটিছৰ বিৰুদ্ধে ক্ষোভ বাঢ়ি আহিছিল আৰু তেনে সময়তে ব্ৰিটিছে ১২৯ জন নেতাৰ বিৰুদ্ধে ১০ আগস্তত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। ১৯ তাৰিখলৈ গাজিপুৰৰ প্ৰায়ভাগ এলেকাই স্থানীয় লোকে দখল কৰি লৈছিল আৰু তিনিদিনৰ বাবে চৰকাৰ চলাইছিল।

ব্ৰিটিছে ইয়াৰ প্ৰত্যুত্তৰত গোটেই জিলাখনতে "বিভীষিকাৰ সৃষ্টি কৰি পেলাইছিল।" শীঘ্ৰেই "এখনৰ পিছত আনখন গাওঁ ছাৰখাৰ কৰি দিয়া হৈছিল, লুট-পাত কৰা হৈছিল আৰু জ্বলাই দিয়া হৈছিল।" সেনা আৰু ঘোৰাত উঠি অহা পুলিচে 'ভাৰত ত্যাগ' আন্দোলনকাৰীৰ ওপৰত জপিয়াই পৰিছিল। সমগ্ৰ জিলাখনত পিছৰ কেইটামান দিনতে প্ৰায় ডেৰশমান লোকক সিহতে গুলিয়াই হত্যা কৰিছিল। তথ্যমতে বিষয়া আৰু পুলিচে জিলাখনৰ নাগৰিকৰপৰা ৩৫ লাখ টকাৰ সা-সম্পত্তি লুটি নিছিল। ৭৪ খনতকৈও অধিক গাওঁ জ্বলাই দিয়া হৈছিল। গাজিপুৰৰ বাসিন্দাই সমূহীয়াকৈ প্ৰায় ৪.৫ লাখ টকাৰ জৰিমনা ভৰিব লগা হৈছিল। সেই সময়ত এয়া বৃহৎ পৰিমাণৰ ৰাশি আছিল।

বিষয়াসকলে ছেৰপুৰকে শাস্তিৰ বাবে একাষৰীয়াকৈ বাচি ল'লে। এই অঞ্চলটোৰ আটাইতকৈ জেষ্ঠ দলিত বৃদ্ধ হৰি চৰণ ৰামে সেই দিনবোৰ মনত পেলায়ঃ "মানুহটো বাদেই, গাওঁখনত চৰাই এটাকো ৰেহায় দিয়া হোৱা নাছিল। তাৰে যিবোৰে পাৰিছিল পলাই গৈছিল। লুট-পাত চলিয়ে আছিল।" কিন্তু গাজিপুৰক সুকীয়াকৈ পাঠ এটা পঢ়োৱাটো সিহতৰ বাবে জৰুৰী হৈ পৰিছিল। ১৮৫০ৰ দশকতে জিলাখনত ব্ৰিটিছ বিৰোধী উত্থানৰ সূত্ৰপাত ঘটিছিল, যেতিয়া স্থানীয় লোকে নীলৰ খেতিয়কৰ ওপৰত আক্ৰমণ কৰিছিল। এতিয়া বুলেট আৰু লাঠিৰ কোবেৰে পাঠ পঢ়োৱা হৈছিল।

আজিৰ তাৰিখতো মহম্মদাবাদ ৰাজনৈতিক ভ্ৰমণকাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। দৰ্শনাৰ্থীৰ তালিকাত চাৰিজন এনে ব্যক্তিৰ নামো আছে যিসকল দেশৰ প্ৰধানমন্ত্ৰী আছিল বা পিছলৈ হৈছিল। উত্তৰ প্ৰদেশৰ প্ৰায় আটাইকেইজন মুখ্যমন্ত্ৰীয়েই এই ঠাই সাক্ষাৎ কৰিছে, সাধাৰণতে ১৮ আগস্তৰ দিনা ইয়াতে হাজিৰ হয়- আঠজন ছহিদৰ স্মৃতিত গঠিত ছহিদ স্মাৰক সমিতিৰ সচিব লক্ষ্মণ ৰায়ে কয়। তেওঁ আমাক প্ৰতিবাদকাৰীসকলৰ আচল পতাকাখন দেখুৱালে। সেইখন কিছু উৱলিছে, কিন্তু টেহচিল কাৰ্যালয়ত পতাকাখন এতিয়াও সযতনে ৰখা হৈছে। "ভিআইপিসকল ইয়ালৈ আহে আৰু পতাকাখন পুজা কৰে," তেওঁ সগৌৰৱে কয়। "ইয়ালৈ অহা প্ৰতিজন ভিআইপিয়ে এই পুজা কৰে।"

এই পুজাৰ পৰা ছেৰপুৰৰ বিশেষ একো লাভ হোৱা নাই। ইয়াতে বৰ্গ, জাতি, সময় আৰু ব্যৱসায়ৰ ৰঙে মুক্তিযুঁজাৰুসকলৰ মহান ত্যাগৰ স্মৃতিক ম্লান পেলাইছে। "আঠজন ছহিদ আছিল," ইয়াতে বেচৰকাৰী সংস্থা এটাত কাম কৰা এজনে ক'লে। "কিন্তু ছহিদৰ বাবে দহটাৰো বেছি স্মাৰক সমিতি হ'ব পাৰে।" ইয়াৰে কিছুমানে চৰকাৰী অনুদানেৰে ভিন্ন প্ৰতিষ্ঠান চলায়। ইয়াৰে কিছুমান আকৌ ছহিদৰ সতি-সন্ততিয়ে চলায়। এইসকলক এই ঠাইত 'ছহিদ পুত্ৰ' বুলি বিশেষ নামটোৰে জনা যায়।


02-MISC-12 00A-PS-Sherpur-big scarifice, short memory.jpg

ছহিদৰ কিছুমান সমিতি 'ছহিদ পুত্ৰ'সকলৰ দখলত আছে


পুজাৰ লগতে প্ৰতিশ্ৰুতিও আহিল। ইয়াৰে মাজৰ এটা হৈছে ২১ হাজাৰ লোকৰ জনবসতিপুৰ্ণ ছেৰপুৰ গাঁৱত মহিলাৰ ডিগ্ৰী কলেজ এখনৰ প্ৰতিশ্ৰুতি। কিন্তু ইয়াতে পাঁচগৰাকীৰ ভিতৰত চাৰিগৰাকী মহিলাই নিৰক্ষৰ। সেই কাৰণে বোধকৰো স্থানীয় লোকক এই আইডিয়াই বিশেষ উৎসাহিত কৰিব নোৱাৰিলে।

ছেৰপুৰৰ বলিদান কিহক লৈ আছিল? ইয়াৰ বাসিন্দাসকলে কি দাবী কৰিছিল? এই প্ৰশ্নবোৰৰ উত্তৰ আপুনি কেনেদৰে দিব সেয়া আপোনাৰ সামাজিক আৰু অৰ্থনৈতিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত ছহিদ আঠোজনেই ভুমিহাৰ আছিল। ব্ৰিটিছে সৃষ্টি কৰা আতংকময় পৰিস্থিতিৰ বিৰুদ্ধে থিয় দিয়া তেওঁলোকৰ সাহস আছিল অনুপ্ৰেৰণাদায়ক। কিন্তু একেদৰে বিভিন্ন সময়ত স্বাধীনতাৰ হকে যুঁজ দি মৃত্যুবৰণ কৰা তুলনামূলকভাবে কম সবল সম্প্ৰদায়ৰ ছহিদসকলক খুব কমেইহে মনত কৰা হয়। ১৮ আগস্তৰ আগত আৰু পিছত বহুকেইটা সংঘৰ্ষ হৈছিল। উদাহৰণ স্বৰূপে ১৪ আগস্তত নন্দগঞ্জ ৰেলৱে ষ্টেশ্যন দখল কৰি লোৱা ৫০ জন মুক্তিযুঁজাৰুয়ে পুলিচৰ গুলিত প্ৰাণ হেৰুৱাইছিল। এয়া আছিল ১৯ আৰু ২১ আগস্তত মৃত্যু হোৱা লোকৰ সংখ্যাৰ প্ৰায় তিনিগুণ।


03-MISC-12 35A & 36A-PS-Sherpur-big sacrifice, short memory.jpg

ছেৰপুৰত ছহিদৰ স্মৃতিস্তম্ভ (বাওফালে), ছেৰপুৰস্থিত ছহিদৰ স্মৃতিস্তম্ভৰ প্ৰৱেশদ্বাৰত থকা শিল (সোঁফালে)


দৰাচলতে মানুহবোৰ কিহৰ বাবে মৃত্যুবৰণ কৰিছিল?"স্বাধীনতাৰ বাদে তাতে আন কোনো দাবী নাছিল," মহম্মদাবাদৰ ইণ্টাৰ কলেজৰ অধ্যক্ষ কৃষাণ দেব ৰায়ে কয়। ছেৰপুৰ আৰু অন্য স্থানৰ প্ৰায়ভাগ ভুমিহাৰ জমীদাৰে এই কথাই মানে। ব্ৰিটিছে ১৯৪৭ চনত দেশ এৰাৰ পিছতে এয়া সমাপ্তি ঘটে।

ছেৰপুৰৰ বাসিন্দা বাল মুকুন্দ নামৰ অনুসূচীত জাতিৰ লোকজনৰ দৃষ্টিভংগী এইক্ষেত্ৰত অৱশ্যে বেলেগ। বিদ্ৰোহৰ সময়ত তেওঁ আৰু তেওঁৰ লগৰ দলিত অনুগামীসকলৰ বেলেগ এজেণ্ডাও আছিল। "আমি উতসাহিত হৈ পৰিছিলো," তেওঁ ক'লে। "আমি ভাবিছিলো আমাৰ বাবে মাটি মুকলি হ'ব।" ১৯৩০ৰ দশকত কিষাণ সভা আন্দোলনে তেওঁলোকৰ মনত এই একেই আশাৰ সঞ্চাৰ কৰিছিল আৰু তাৰ পুনৰাবৃত্তিও ঘটিছিল। এই উৎসাহ ১৯৫২ৰ দশকতো মুৰ দাঙি উঠিছিল যেতিয়া উত্তৰ প্ৰদেশ জমীদাৰী প্ৰথা উচ্ছেদ আৰু ভুমি সংস্কাৰ আইন বলবত কৰা হৈছিল।

কিন্তু এয়া খুব কম দিনহে টিকিছিল।


04-MISC-12 12A-PS-Sherpur-big sacrifice, short memory.jpg

"আমি ভাবিছিলো যে আমাৰ ভাগত অলপ মাটি পৰিব," ছেৰপুৰৰ বাসিন্দা বাল মুকুন্দে ক'লে। তেওঁৰ আনন্দ-উত্তেজনা ক্ষন্তেকীয়া আছিল।


গাওঁখনত থকা ৩৫০০ জন দলিতেই ভুমিহীন। "খেতিৰ বাবে মাটি?" স্থানীয় দলিত সমিতিৰ ৰাধেশ্যামে ক'লে। আনকি আমি যিটুকুৰা মাটিত ছালি কৰি আছো, সেই মাটিও আমাৰ নামত নাই।" ভুমি সমস্যা নিষ্পত্তিকৰণৰ ৩৫ বছৰ শেষ হোৱাৰ পিছত এই অৱস্থা। স্বাধীনতা সংগ্ৰামে কেতবোৰ লক্ষণীয়া উপকাৰ সাধন কৰিছিল। কিছুমানৰ ক্ষেত্ৰতহে এয়া হৈছিল। ভুমিহৰসকলে সিহতে খেতি কৰা মাটিৰ স্বত্ব লাভ কৰিছিল। ভুমিহীন নিম্ন বৰ্গৰ সম্প্ৰদায়বোৰৰ লোকসকলৰ অৱস্থাৰ পৰিবৰ্তন হোৱা নাছিল। "আমি ভাবিছিলো আমিও আনবোৰৰ দৰে হ'ব পাৰিম, বাকীবোৰৰ দৰে নিজৰ স্থান অধিকাৰ কৰিব পাৰিম," হৰি চৰণ ৰামে কয়।

১৯৭৫ চনৰ এপ্ৰিল মাহত, সিহতক নিজৰ স্থান দিয়া হৈছিল। ব্ৰিটিছে ৩৩ বছৰ আগতে গাওঁখন জ্বলাই পেলোৱাৰ পিছত দলিত বস্তিটো পুনৰাই জ্বলাই ছাৰখাৰ কৰি পেলোৱা হৈছিল। এইবাৰ এই কাম কৰিছিল ভুমিহৰসকলে। "মজুৰীৰ নিৰিখক লৈ কন্দল লাগিছিল," ৰাধেশ্যামে ক'লে। তেওঁলোকৰ বস্তিত ঘটা কিবা ঘটনাৰ বাবে আমাক গাত দোষ জাপি দিয়া হৈছিল। মন কৰিব, আমি যেতিয়া সিহতৰ ঘৰত আৰু খেতি পথাৰত কাম কৰি আছিলো, তেতিয়া আমাৰ ঘৰবোৰ জ্বলি আছিল!" প্ৰায় ১০০ ৰো অধিক ঘৰ জ্বলাই পেলোৱা হৈছিল। কিন্তু সিহতে স্পষ্ট কৰি দিছিল যে তাতে ছহিদ পুত্ৰসকলৰ কোনো ভূমিকা নাছিল।


05-MISC-12 04A-PS-Sherpur-big sacrifice, short memory.jpg

স্বাধীনতাৰ পঞ্চাশ বছৰ পাৰ হৈ গ'ল, কিন্তু ছেৰপুৰ এতিয়াও দৰিদ্ৰতা, বঞ্চনা আৰু জাতিভেদৰ সমস্যাৰে মলিয়ন হৈ ৰৈছে


"পণ্ডিত বহুগুণা মুখ্যমন্ত্ৰী আছিল," দলিত সমিতিৰ মুৰব্বী শিৱ জগন ৰামে ক'লে। "তেওঁ আহি উপস্থিত হ'ল আৰু ক'লেঃ 'আমি আপোনালোকৰ বাবে নতুন দিল্লীৰ নিৰ্মাণ ইয়াতেই কৰিম।' আমাৰ নতুন দিল্লীখনৰ দুৰৱস্থা চাওক। আমাৰ ইয়াতে এখনো ফটা-ছিগা কাগজ নাই য'ত লিখা আছে যে আমাৰ হাতত কিবা আছে। মজুৰীক লৈ কন্দলৰ মীমাংসা নহ'ল। আপুনি কল্পনা কৰিব নোৱাৰিব যে ইয়াৰে শ্ৰমিকে ইমানেই কম আৰ্জন কৰে যে কামৰ বাবে বিহাৰলৈ যাবলগীয়া হয়"

উচ্চ বৰ্গ বা কৰ্তৃপক্ষৰ লগত বিবাদত লিপ্ত হৈ একো লাভ নাই। পুলিচে দলিতক কেনে ব্যৱহাৰ কৰে সেয়া যোৱা ৫০ বছৰত সলনি হোৱা নাই। দীনা নাথ বানবাসী নামৰ কৰ্কটপুৰ গাঁৱৰ মুছাহাৰ দলিতজনে এনে পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আহিছে। "আপুনি জানে কোনো ৰাজনৈতিক দলে জেল ভৰো আন্দোলন কৰিলে আমাৰ সৈতে কি কৰা হয়? শ শ কৰ্মী স্বইচ্ছাই আটক হয়। গাজিপুৰ জেইল ভৰ্তি হৈ পৰে। তেতিয়া পুলিচে কৰিব কি? সিহতে কেইজনমান মুছাহাৰক ধৰে। প্ৰায়ভাগকে 'ডকাইতিৰ পৰিকল্পনা'ৰ অভিযোগত অভিযুক্ত কৰি ধৰি নিয়া হয়। এই মুছাহাৰসকলক জেললৈ লৈ যোৱা হয় য'ত তেওঁলোকক জেইল ভৰো আন্লোদনকাৰীৰ মল-মূত্ৰ, বমি আৰু আৱৰ্জনা চাফা কৰিবলৈ দিয়া। তাৰ পিছত তেওঁলোকক এৰি দিয়া হয়।"

"আমি ৫০ বছৰ আগৰ কথা কৈ থকা নাই," গগৰান গাঁৱৰ দশোৰাম বানবাসীয়ে কয়। "এয়া এতিয়াও ঘটে। কিছুমানেতো দুবছৰমান আগতে এনে অভিজ্ঞতাৰ সমুখীন হৈছে।" অইন ধৰণৰ হাৰাশাস্তিও আছে। দশোৰামে দশম শ্ৰেণী প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হৈছিল। এই কৃতিত্ব কেইজনমান মুছাহাৰেহে লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু উচ্চ বৰ্গৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ আতিশায্যৰ ফলত তেওঁ কলেজ আধাতে এৰিবলগা হ'ল। বিড়ম্বনাৰ কথা এয়ে যে সেই ইণ্টাৰ কলেজখনৰ নাম বাবু জগজীৱন ৰামৰ নামেৰে ৰখা হৈছে।

আমি ছেৰপুৰ এৰাৰ সময়ত, আমাৰ ভৰি বোকাত ফচি গৈছিল আৰু আমি আগবাঢ়িব পৰা নাছিলো। এই ৰাস্তাৰেই দলিত বস্তিৰপৰা ওলোৱা-সোমোৱা কৰা হয়। বৰষুণে মূল পথটো বিধ্বস্ত কৰি পেলাইছিল। ইয়াৰে বাট-পথবোৰ বোকামাটিয়ে পুতিগন্ধময় কৰি পেলাইছে। ইয়াকেই শিৱ জগন ৰামে "নতুন দিল্লীলৈ আমাৰ ৰাজপথটো," বুলি আমাৰ আগত ক'লে।

"ইয়াতে থকা দলিতসকল স্বাধীন নহয়," তেওঁ ক'লে। "স্বাধীনতা নাই, ভূমি নাই, শিক্ষা নাই, ধন নাই, চাকৰি নাই, স্বাস্থ্যৰ ব্যৱস্থা নাই, কোনো আশাও নাই। আমাৰ স্বাধীনতা গোলামীহে।"

এই সময়তে টেহচিল কাৰ্যালয়ত পুজা চলি আছে।

মূল লিখনীটো দা টাইমচ অৱ ইণ্ডিয়াত ২৫ আগস্ত, ১৯৯৭ত প্ৰকাশিত হৈছিল।

যেতিয়া চালিহানে শাসন বিৰুদ্ধে থিয় দিছিল

পানীমাৰাৰ পদাতিকমুক্তিযুঁজাৰুসকল - ১

লক্ষ্মী পাণ্ডাৰ অন্তিম যুঁজখন

অহিংসাৰ নটা দশক

গোদাবৰীঃ আৰু পুলিচে এতিয়াও আক্ৰমণৰ বাবে বাট চায়

সোণাখানঃ য'ত দুবাৰকৈ মৃত্যু হৈছিল বীৰ নাৰায়ন সিঙৰ

কাল্লিয়াছেৰিঃ ৫০ বছৰ বয়সতো সংগ্ৰাম


অনুবাদকঃ  ৰশ্মি ৰেখা দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath