01-TOI-FS 21-PS-Godavari-and the police still await an attack.jpg

ৰাম্পাত কয়া জনজাতিৰ বঞ্চিত লোকসকল। পশ্চিম গোদাবৰী জিলাত ভুমি সংক্ৰান্ত সমস্যা চৌদিশে বিয়পিছে আৰু আৰু পূৰ্বাঞ্চলতো এয়া মুৰ দাঙি উঠিছে।


আমি জীপৰ পৰা নমাৰ পিছতে কনিষ্টবলকেইজনে ভয়তে পেপুৱা লাগি দুৰ্গ সদৃশ ৰাজাভোমাংগি আৰক্ষী চকীত থকা সিহতৰ স্থানলৈ দৌৰ মাৰিছিল। আনকি ষ্টেশ্যনটো পুলিচৰ সুৰক্ষা বেষ্টনিত আছিল। বিশেষ সেনা বাহিনীয়ে চাৰিওফালে ঘেৰি ৰাখিছিল। আমাৰ হাতত কেৱল এটা কেমেৰাহে আছিল আৰু সিয়ে অলপহে চিন্তা কমাইছিল। পূৱ গোদাবৰীৰ এই অঞ্চলটোৰ পুলিচ চকীত ফটো তোলাটো নিষিদ্ধ।

অভ্যন্তৰীণ কৰিডৰৰ প্ৰতিৰক্ষাৰ মুৰব্বী কনিষ্টবলজনে আমি কোন সেয়া জানিব বিচাৰিছিল। সাংবাদিক? সিহতে অকণমান সকাহ পাইছিল। "আপোনালোকে প্ৰতিক্ৰিয়া দিয়াত অলপ পলম হোৱা নাইনে?" মই সুধিছিলো। "আপোনাৰ ষ্টেশ্যনত আক্ৰমণ হোৱাৰ ৭৫ বছৰ পাৰ হৈ গ'ল।"

"কোনে জানে?" তেওঁ কথাত দাৰ্শনিকৰ ভাৱ। "আজিৰ আৱেলিটোতে এয়া পুনৰাই ঘটিব পাৰে।"

অন্ধ্ৰ প্ৰদেশৰ এই জনজাতীয় অঞ্চলবোৰক 'এজেঞ্চী' এলেকা বুলি জনা যায়। ১৯২২ চনতে ইয়াত বিদ্ৰোহে মুৰ দাঙি উঠিছিল। প্ৰথমতে স্থানীয় লোকৰ মাজত সৃষ্টি হোৱা বিক্ষোভে পিছলৈ ৰাজনৈতিক মাত্ৰা লাভ কৰি বিশাল ৰূপ ধাৰণ কৰে। অনা-আদিবাসী আল্লুৰি ৰামাচন্দ্ৰ ৰাজু (সীতাৰাম ৰাজু বুলি জনাজাত)য়ে মান্যম বিদ্ৰোহৰ নেতৃত্ব দিছিল। ইয়াত তেওঁলোকে কেৱল সমস্যাৰ সমাধান বিচৰা নাছিল। ১৯২২ চনলৈ তেওঁলোকে ব্ৰিটিছক উৎখাত কৰাৰ বাবে যুঁজ দিছিল। এজেঞ্চী এলেকাত ৰাজাভোমাংগিকে ধৰি ভালেমান আৰক্ষী চকীত আক্ৰমণ কৰি তেওঁলোকে নিজৰ উদ্দেশ্য জাহিৰ কৰিছিল।

ব্ৰিটিছৰ বিৰুদ্ধে এই অঞ্চলৰ ভালেমান বিদ্ৰোহ যিবোৰ কাৰণত মুৰ দাঙি উঠিছিল, সেই একে কাৰণবোৰ এতিয়াও ৭৫ বছৰ পিছতো সমাধান হোৱা নাই।


02-MISC-13 02A-PS-Godavari-and the police still await an attack.jpg

গোদাবৰীত থকা সীতাৰাম ৰাজুৰ মুৰ্তি


ৰাজুৰ লগৰীয়াসকলে মিলি ব্ৰিটিছৰ বিৰুদ্ধে গেৰিলা যুদ্ধ আৰম্ভ কৰি দিছিল। তেওঁলোকৰ মোকাবিলা কৰাত বিফল হোৱা ব্ৰিটিছে বিদ্ৰোহ মষিমুৰ কৰাৰ বাবে মালাবৰ স্পেচিয়েল ফ'ৰ্ছ মোতায়েন কৰিছিল। তেওঁলোক হাবিত যুঁজ দিয়াত পাকৈত আছিল আৰু অনাতাঁৰৰ মাধ্যমেৰে যোগাযোগ ৰাখিছিল। ৰাজুৰ মৃত্যুৰ পিছতে ১৯২৪ চনত বিদ্ৰোহ শাম কাটিছিল। তথাপি বুৰঞ্জীবিদ এম ভেংকটৰংগায়াই লিখিবৰ দৰে "এয়া ব্ৰিটিছৰ বাবে অসহযোগ আন্দোলনে কৰাতকৈও বেছি মুৰৰ কামোৰণিৰ কাৰণ হৈ পৰিছিল।"

এইবছৰ সীতাৰাম ৰাজুৰ জন্ম বাৰ্ষিকী যাক ২৭ বছৰ বসয়তে হত্যা কৰা হৈছিল।


03-MISC-13 24A-PS-Godavari-and the police still await an attack.jpg

কৃষ্ণাদেবীপেটত থকা সীতাৰাম ৰাজুৰ সমাধি


ঔপনিৱেশিক শাসনে পাহাৰীয়া জনজাতিক তচনচ কৰি পেলাইছিল। ১৮৭০ আৰু ১৯০০ৰ দশকত বৃটিছ চৰকাৰে ভালেমান বনাঞ্চলক "সংৰক্ষিত অঞ্চল" বুলি ঘোষণা কৰে আৰু ঝুম খেতি নিষেধ কৰি দিয়ে। ইযাৰ উপৰিও অৰণ্য উপজাত সামগ্ৰী আহৰণ কৰাৰ অধিকাৰৰ ওপৰতো ব্ৰিটিছে নিষেধাজ্ঞা জাৰী কৰে। বন বিভাগ আৰু ঠিকাদাৰসকলে সেই অধিকাৰ কাঢ়ি লৈছিল। ইয়াৰোপৰি তেওঁলোকে জনজাতীয় লোকসকলক আনাদায়ে শ্ৰমিক হিচাপে বলপূৰ্বক কামত খটুৱাইছিল। অঞ্চলটো অনা-আদিবাসী লোকৰ দখললৈ আহিছিল। প্ৰায়ে শাস্তিৰ নামত ভূমি দখল কৰি লোৱা হৈছিল। এইবোৰৰ ফলত সামগ্ৰিকভাৱে অঞ্চলটোৰ অৰ্থব্যৱস্থা তচনচ হৈ পৰিছিল।

"ভুমিহীনসকলে এতিয়াও কষ্ট ভুগি আছে," ৰাম্পাস্থিত কয়া জনজাতিৰ ৰামায়ম্মাই কয়। "৫০ বছৰ আগৰ পৰিস্থিতিৰ কথা মই নাজানো।"

ৰাম্পা আছিল ৰাজুৰ কৰ্মভূমি। এই সৰু গাওঁখনত ১৫০ টা পৰিয়াল থাকে। তাৰে ৰামায়ম্মাকে ধৰি ৬০ ঘৰেই ভূমিহীন।

আৰম্ভণিৰেপৰা এনেকুৱা নাছিল। "প্ৰায় ১০ লাখ মানৰ ঋণ লোৱাৰ পিছত আমাৰ পিতা-মাতা ধাৰ শুজিব নোৱাৰি মাটি হেৰুৱালে," তাই ক'লে। তদুপৰি "বাহিৰৰ পৰা আহি নিজকে জনজাতীয় বুলি কোৱা মানুহে আমাৰ মাটি দখল কৰি লৈছিল।" ইয়াতে আটাইতকৈ বেছি মাটিৰ অধিকাৰী লোকজন আছিল ৰেকৰ্ডচ অফিচত কাম কৰা ভৈয়ামৰ লোক। সেয়ে তেওঁ অঞ্চলটোৰ মাটিৰ নথি-পত্ৰবোৰ চাব পাৰিছিল। আৰু তেওঁ সেই নথিবোৰ হেৰফেৰ কৰা বুলি মানুহে সন্দেহ কৰিছিল। এতিয়া তেওঁৰ পৰিয়ালে প্ৰায় ৩০ জনমান শ্ৰমিক দিনে নিয়োগ কৰে। এনে এখন গাঁৱত এয়া আচহুৱা কথা য'ত মানুহৰ হাতত তিনি একৰৰো কম মাটি আছে।

পশ্চিম গোদাবৰী জিলাত মাটিক লৈ সমস্যাই গা কৰি উঠিছে। পূৰ্বাঞ্চলতো ইয়াৰ প্ৰকোপ বৃদ্ধি পাইছে। জনজাতীয় বিকাশ সংস্থা এটাৰ মতে আদিবাসীসকলৰ ভূমিৰ ক্ষেত্ৰত "স্বাধীনতাৰ পিছত সিহতৰ অধিকাৰ সুৰক্ষিত কৰাৰ পৰিৱৰ্তে কৰ্তনহে কৰা হৈছিল।" আশ্চৰ্যৰ কথা যে ১৯৫৯ আৰু ১৯৭০ৰ মাজৰ কালচোৱাত প্ৰায় ৩০ শতাংশ ভুমি হস্তান্তৰিত কৰা হৈছিল। তদুপৰি "১৯৫৯ৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক ভূমি হস্তান্তৰ অধিনিয়ম আইনখনে সেই পৰম্পৰা উৎখাত কৰি পেলাব পৰা নাছিল।" ১/৭০ ৰেগুলেশ্যন বুলি জনাজাত উক্ত আইনখন সেই পৰম্পৰা বন্ধ কৰাৰ বাবেই বলবৎ কৰা হৈছিল। এতিয়া সেই আইনখনেই শিথিল কৰাৰ বাবে চেষ্টা চলি আছে।


04-TOI-FS 27-PS-Godavari-and the police still await an attack.jpg

ৰাম্পাৰ আৰু এটা ভূমিহীন পৰিয়ালৰ পি কৃষ্ণাম্মাই তাইৰ বৰ্তমানৰ সংগ্ৰামৰ বিষয়ে কৈছে


জনজাতীয় আৰু অজনজাতীয় সকলৰ যুঁজখন জটিল। অজনজাতীয় দৰিদ্ৰ লোকো ইয়াতে আছে। দুয়োটা সমূহৰ মাজত কন্দল চলি থাকিলেও তেওঁলোক আদিবাসীসকলৰ ক্ষোভৰ লক্ষ্য নহয়। ইযাৰ সম্পৰ্ক ইতিহাসৰ সৈতে সাঙোৰ খাই আছে। বিদ্ৰোহৰ সময়ত ৰাজুৱে ঘোষণা কৰা নিয়মমতে কেৱল ব্ৰিটিছ আৰু চৰকাৰী প্ৰতিষ্ঠানতহে আক্ৰমণ চলোৱা হৈছিল। ৰাম্পাৰ বিদ্ৰোহীসকলৰ দৃষ্টিত সেই সংগ্ৰাম ব্ৰিটিছৰ বিৰুদ্ধেহে আছিল।

আজিৰ তাৰিখত অনা-আদিবাসীসকলে জনজাতীয়সকলৰ লগতে স্বগোত্ৰীয় দৰিদ্ৰকো শোষণ কৰে। ইয়াতে আমোলাৰ তলৰ খাপৰ চাকৰি অজনজাতীয় লোকে কৰে। ৰেগুলেশ্যন ১/৭০ ৰো কেতবোৰ সুৰুঙা উলিয়াই লোৱা হৈছে। "মাটি লীজত দিয়াটো ইয়াতে বহুলভাৱে প্ৰচলিত," ভুমিহীন কয়া জনজাতিৰ কোন্দাপাল্লি গাঁৱৰ বাসিন্দা পত্তাভ কামৰাজে কয়। লীজত লোৱা মাটি কাচিৎহে মালিকে ঘুৰাই পায়। বাহিৰৰ পৰা অহা কিছুমানে আকৌ জনজাতীয় মাটি আদায় কৰাৰ বাবে আদিবাসী মহিলাক দ্বিতীয় পত্নি হিচাপে বিয়া পাতি লয়। কোন্দাপাল্লি সীতাৰাম ৰাজুৰ কৰ্মভূমিৰ আওতাত পৰে। ইয়াৰপৰা ব্ৰিটিছে আন্দামানলৈ বিদ্ৰোহীক পঠিয়াইছিল আৰু ফলস্বৰূপে আটাইবোৰ জনজাতি ছিন্ন-ভিন্ন হৈ গৈছিল আৰু গাওঁবোৰ ধ্বংস হৈ গৈছিল।

আদিবাসী সম্প্ৰদায়বোৰক ভাগ কৰি পেলোৱাৰ অৰ্থ হৈছে সেই সময়ৰ প্ৰত্যক্ষ লোকস্মৃতি ক্ষয় কৰা। কিন্তু ৰাজুৰ নামে এতিয়াও যাদুৰ দৰে কাম কৰে। কিন্তু সমস্যাবোৰ সমস্যা হৈয়ে ৰৈছে। "বন্য উপজাত সৰু-সুৰা সামগ্ৰী ডাঙৰ কথা নহয়," ভিজাগ জিলাৰ মাম্পা গাঁৱৰ নিবাসী কামৰাজু চমুলুয়ে ৰগৰ কৰি ক'লে। "তাত হাবি বুলিবলৈ অকণমানহে বাকী আছে।" ফলত ঠাইভেদে দৰিদ্ৰসকলে কেৱল "সাজত প্ৰায়ে কাঞ্জি পানী খায়ে থাকিবলগা হয়," ৰামায়াম্মাই কয়। পূৱ গোদাবৰী ভাৰতৰ অন্যতম প্ৰাচূৰ্যময় গ্ৰামীণ জিলা হোৱা স্বত্বেও একো লাভ হোৱা নাই।


05-TOI-FS 17 & TOI-FS 09-PS-Godavari-and the police still await an attack.jpg

দৰিদ্ৰসকলে "সাজত প্ৰায়ে কাঞ্জি পানী খায়ে থাকিবলগা হয়," ৰাম্পাৰ ভুমিহীন কয়া জনজাতিৰ ৰামায়াম্মাই (বাওঁফালে) কয়, "ধনীবোৰ সদায়ে একগোট হৈ যায়," ভুমিহীন কয়া জনজাতিৰ কোন্দাপাল্লি গাওঁ নিবাসী পট্টাভ কামৰাজৰ ভাষ্য (সোঁফালে)।


আদিবাসীৰ মাজত শ্ৰেণীবিভাজনো হ'বলৈ ধৰিছে। "ধনী কয়াসকলে তেওঁলোকৰ মাটি নাইডুসকললৈ লীজত দিয়ে, গাঁৱৰ ভিতৰতে থকা আমালৈ নিদিয়ে," কোন্দাপাল্লিৰ পট্টাভ কামৰাজে কয়। "ধনীবোৰ একগোট হৈ যায়।" কিছু জনজাতীয় লোকেহে চৰকাৰী চাকৰি পায়। ভূমিহীন শ্ৰমিকে বছৰটোত কেবামাহ ধৰি কামৰ অভাৱত কটাবলগীয়া হয়।

পশ্চিমৰ ফালে মজুৰীৰ বাবে হোৱা সংগ্ৰাম শিথিল হৈ পৰিছে আৰু এযা পূৱ গোদাবৰীৰ দিশেও অগ্ৰসৰ হোৱাৰ সম্ভৱনা আছে। তদুপৰি অজনজাতীয়সকলে কিছুমান জনজাতীয় মুৰব্বী বাচনি কৰিছে। মাম্পাত, পঞ্চায়তৰ সভাপতিজন আদিবাসী হ'লেও এতিয়া তেওঁ এজন ডাঙৰ মহাজন। তেওঁৰ পৰিয়ালৰ হাতত প্ৰায় ১০০ একৰ মাটি আছে। "তেওঁ সম্পুৰ্ণৰূপে বহিৰাগতৰ সমৰ্থনত আছে," চমুলুই কয়।

আল্লুৰি সীতাৰাম ৰাজুক সমগ্ৰ জীৱনকালত লোভ দি ব্ৰিটিছে ভুলাব পৰা নাছিল। তেওঁক ৫০ বিঘা উৰ্বৰ মাটি দিয়াটোও কামত অহা নাছিল। ইংৰাজে এই কথা ভাবি আচৰিত হৈছিল যে ব্যক্তিগত কোনোধৰণৰ অভিযোগ নথকা এনে এজন ব্যক্তি জনজাতীয় লোকসকলৰ সৈতে কেনেদৰে অভিন্ন হৈ আছিল। "এক বৃটিছ প্ৰতিবেদনত এই কথাও ওলাইছিল যে তেওঁ কলকাতা চিক্ৰেট ছচাইটিৰ সদস্য।" বৃটিছৰ বাদে কেইজনমান শীৰ্ষস্থানীয় কংগ্ৰেছীৰ বাদে ভৈয়ামৰ খুব কমেইহে তেওঁৰ বিৰোধীতা কৰিছিল। ১৯২২-২৪ৰ সময়চোৱাত ভালেমান লোকে তেওঁৰ বিদ্ৰোহ দমন কৰাৰ বাবে আহ্বান জনাইছিল। মাদ্ৰাছ বিধায়িনী পৰিষদত চি আৰ ৰেড্ডীৰ দৰে নেতাইও বিদ্ৰোহ দমন হোৱাৰ আগলৈকে তাৰ কাৰণ অনুসন্ধান কৰাৰ বিৰোধীতা কৰিছিল।

বুৰঞ্জীবিদ মুৰলী আটলুৰীয়ে কোৱাৰ দৰে 'ৰাষ্ট্ৰবাদী' প্ৰেছবোৰো তেওঁলোকক শত্ৰুজ্ঞান কৰিছিল। দা তেলেগু জাৰ্নেল, দা কংগ্ৰেছ-এই কাকতকেইখনে কৈছিল যে সেই বিদ্ৰোহ মষিমুৰ কৰিব পৰাটো সুখৰ কথা হ'ব। অন্ধ্ৰ পত্ৰিকায়েও বিদ্ৰোহীসকলকে ক্ষুৰধাৰ সমালোচনা কৰিছিল।


07-MISC-13 25A-PS-Godavari-and the police still await an attack.jpg

সীতাৰাম ৰাজুৰ ভগ্ন সমাধি


সহযোগীতা মৃত্যুৰ পিছতহে পৰিলক্ষিত হ'ল, আটলুৰিয়ে দেখুৱালে। তেওঁৰ মৃত্যুৰ পিছত অন্ধ্ৰ পত্ৰিকাই ৰাজুৰ বাবে "বলহাল্লাৰ আশীৰ্বাদ" বিচাৰিলে।

সত্যাগ্ৰহীসকলে তেওঁক জৰ্জ ৱাশ্চিংটনৰ সৈতে তুলনা কৰিলে। কংগ্ৰেছে তেওঁক ছহিদ আখ্যা দিলে। তেওঁৰ কীৰ্তিক নিজৰ কৰি লোৱাৰ কাৰবাৰ চলি থাকিল। ৰাজ্য চৰকাৰে এইবছৰ তেওঁৰ শতবাৰ্ষিকী উপলক্ষে বৃহৎ পৰিমাণৰ ধনৰাশি ব্যয় কৰিব। আনকি ইয়াৰে মাজৰে কিছুমানে আকৌ ৰেগুলেশ্যন ১/৭০ খন সংশোধন কৰাটোও বিচাৰিব- যিটো এনে এটা পদক্ষেপ যিয়ে জনজাতীয় লোকসকলক আৰু বেছি আঘাত হানিব।

কৃষ্ণাদেবীপেটস্থিত ৰাজুৰ সমাধিটোৰ চোৱাচিতা কৰা বৃদ্ধ গজালা পেড়াপ্পানক যোৱা তিনিবছৰ ধৰি দৰমহা দিয়া হোৱা নাই। অঞ্চলটোত অসন্তুষ্টি দিনকদিনে বাঢ়ি আহিছে। বিজাগ-পূৱ গোদাবৰী সীমান্তত কট্টৰ বাওপন্থী মনোভাৱ শিপাইছে।

"আমাৰ আজোককাহতে আমাক কৈছিল কেনেদৰে সীতাৰাম ৰাজুৱে জনজাতীয়সকলৰ বাবে যুঁজ দিছিল," কোন্দাপাল্লীৰ পট্টাভ কামৰাজে কয়। আজি কামৰাজে তেওঁৰ হেৰোৱা মাটি ঘুৰাই পোৱাৰ বাবে তেনেদৰে যুঁজ দিবনে? "হয়। পুলিচে সদায়ে নাইডু আৰু ধনিক শ্ৰেণীকহে সহায় কৰে যেতিয়া আমি যুঁজ দিও। কিন্তু শকতি পালে আমি এদিন পাৰিম।"


08-MISC-13 12A-PS-Godavari-and the police still await an attack.jpg

সীতাৰাম ৰাজুৰ আবক্ষ


বোধকৰো মুৰব্বী কনিষ্টবলজনে আৰক্ষী চকীত আক্ৰমণৰ ভয় কৰাটো অমূলক নাছিল। আজি আৱেলিয়ে এই আক্ৰমণ ঘটিব পাৰে।

মূল লিখনীটো ২৬ আগস্ত, ১৯৯৭ত দা টাইমচ অব ইণ্ডিয়াত প্ৰকাশিত হৈছিল।

এই ধাৰাবাহিকত আৰু আছেঃ

যেতিয়া চালিহানে শাসন বিৰুদ্ধে থিয় দিছিল

পানীমাৰাৰ পদাতিকমুক্তিযুঁজাৰুসকল - ১

পানীমাৰাৰ পদাতিক মুক্তিযুঁজাৰুসকল-২

অহিংসাৰ নটা দশক

লক্ষ্মী পাণ্ডাৰ অন্তিম যুঁজখন

শ্বেৰপুৰঃ বৃহত বলিদান, ক্ষণস্থায়ী স্মৃতি

সোণাখানঃ য'ত দুবাৰকৈ মৃত্যু হৈছিল বীৰ নাৰায়ন সিঙৰ

কাল্লিছেৰীঃ চুমুকণৰ সন্ধানত

কাল্লিয়াছেৰিঃ ৫০ বছৰ বয়সতো সংগ্ৰাম

অনুবাদকঃ  ৰশ্মি ৰেখা দাস

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath