পাহৰণিৰ গৰ্ভত হেৰাই যোৱা এগৰাকী মুক্তিযুঁজাৰু যিয়ে উৰিষ্যাৰ কৰাপুটত এটা জুপুৰীত থাকে


লক্ষ্মী পাণ্ডাই উৰিষ্যাৰ ৰাজ্যপাল আৰু তেওঁৰ পত্নিৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিছিল। তেওঁক ভুৱনেশ্বৰত গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল আৰু ৰাজ ভৱনত চাহমেলতো নিমন্ত্ৰণ জনোৱা হৈছিল। তেওঁৰ বাহনখনৰ বাবে তেওঁলোকে এখন বিশেষ আচুতীয়া পাৰ্কিঙৰো ব্যৱস্থা কৰিছিল। কিন্তু লক্ষ্মীয়ে একোৰে উত্তৰ দিয়া নাছিল। আনকি স্বাধীনতা দিৱসৰ সমাৰোহতো উপস্থিত থকা নাছিল তেওঁ।

লক্ষ্মী পাণ্ডাৰ বাহন নাই আৰু তেওঁ কৰাপুট জিলাৰ জয়পোৰ চহৰৰ বস্তি অঞ্চলৰ সৰু জুপুৰী এটাত থাকে। বস্তি অঞ্চলৰ অবৰ্ণনীয় অৱস্থাতে তেওঁ দুটা দশক পাৰ কৰিছে। য়োৱা বছৰত তেওঁ স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিছিল, কিয়নো তেওঁৰ শুভাকাংক্ষীয়ে তেওঁৰ বাবে ৰেলৰ টিকটৰ ব্যৱস্থা কৰি দিছিল। এইবছৰ তেওঁ সেই খৰছ বহন কৰিব নোৱাৰিলে। তেওঁ পাৰ্কিং পাছখনৰ লগতে নিমন্ত্ৰণী পত্ৰখন আমাক দেখুৱাই হাঁহি দিলে। ''চাৰিটামান দশক আগতে মোৰ প্ৰয়াত স্বামী ড্ৰাইভাৰ আছিল''- আৰু বাহনৰ সৈতে তেওঁৰ সম্পৰ্ক ইমানখিনিয়ে আছিল। ইণ্ডিয়ান নেশ্যনেল আৰ্মি (আইএনএ)ৰ মুক্তিযুঁজাৰুগৰাকীয়ে ৰাইফল হাতত লৈ তোলা অৱ্স্থাত তোলা প্ৰকাশিত ফটো এখন দেখুৱাই এতিয়াও গৰ্ব অনুভৱ কৰে।

লক্ষ্মী হৈছে অগণন গ্ৰামাঞ্চলৰ ভাৰতীয়সকলৰ মাজৰ এজন যিসকলে দেশৰ স্বাধীনতাৰ হকে যুঁজ দিছিল। সেয়া আছিল সৰ্বসাধাৰণ লোক যিয়ে প্ৰসিদ্ধ হোৱাৰ উদ্দেশ্যৰে নেতা, মন্ত্ৰী অথবা ৰাজ্যপাল হোৱাৰ মন মেলা নাছিল। তেওঁলোক আছিল দেশৰ স্বাধীনতাৰ হকে বলিদান দিয়া লোক যিয়ে স্বাধীনতাৰ পিছত পুনৰ আগৰ জীৱন-যাপনলৈ ঘুৰি আহিছিল। সেই প্ৰজন্মৰ লোকসকলৰ প্ৰায়সকলেই দেশে ৬০তম স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়লৈ এই পৃথিৱীৰ পাৰ মেলানি মাগিছে। জীয়াই থকা মুষ্টিমেয়কেইজনৰ বয়স ৮০ ৰ পৰা ৯০ৰ ভিতৰত আৰু প্ৰায়সকলেই ৰোগাক্ৰান্ত অথবা হতাশাগ্ৰস্ত। (বয়সৰ ফালৰ পৰা লক্ষ্মী ইয়াৰে মাজত ব্যতিক্ৰম। তেওঁ খুৱ কম বসয়তে আইএনএত যোগদান কৰিছিল আৰু এতিয়া তেওঁ ৮০ বছৰ অতিক্ৰম কৰিছে।) মুক্তিযুঁজাৰুৰ সংখ্যা দ্ৰুত গতিত কমি আহিছে।

উৰিষ্যা চৰকাৰে লক্ষ্মী পাণ্ডাক মুক্তিযুঁজাৰু হিচাপে স্বীকৃতি দিছে। ইয়াৰ বাবদ তেওঁক মাহিলী নগণ্য পৰিমাণে মাত্ৰ ৭০০ টকাৰ পেঞ্চন দিয়া হয়। যোৱা বছৰত এই পৰিমাণ ৩০০ টকালৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে বহু বছৰলৈ তেওঁলৈ টকা কেনেদৰে পঠিয়াব লাগিব সেয়াও কোনোৱে জনা নাছিল। যদিওবা তেওঁৰ সময়ৰ ভালেমান আইএনএ কিংবদন্তিয়ে লক্ষ্মীৰ দাবীত হয়ভৰ দিছে, তথাপিও তেঁওক কেন্দ্ৰই মুক্তি যুঁজাৰু হিচাপে স্বীকৃতি নিদিলে। "দিল্লীত সিহতে কোৱামতে মই হেনো জেললৈ যোৱা নাছিলো," তেওঁ কৈ গ'ল। "আৰু এয়া সঁচা, মই যোৱাও নাছিলো। কিন্তু সেই সময়ৰ আইএনএৰ ভালেমান যুঁজাৰুৱে জেললৈ যোৱা নাছিল। তাৰ অৰ্থ এয়া নেকি যে আমি স্বাধীনতাৰ বাবে যুঁজ দিয়া নাছিলো? মোৰ পেঞ্চনৰ বাবে মই মিছা কথা কিয় কম?"


/static/media/uploads/Articles/P. Sainath/The last battle of Laxmi Panda/dsc01722.jpg

'আমাৰ মাজৰ বহুতেই জেললৈ যোৱা নাছিল। তাৰ অৰ্থ এয়ে নেকি আমি স্বাধীনতাৰ বাবে যুঁজ দিয়া নাছিলো?'


নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেশ্যনেল ইণ্ডিয়ান আৰ্মিৰ আটাইতকৈ কনিষ্ঠতম মহিলাসকলৰ মাজৰ এগৰাকী আছিল লক্ষ্মী। বোধকৰো তেওঁ আছিল আইএনএত যোগদান কৰা প্ৰথমগৰাকী উড়িয়া মহিলা যিয়ে তেতিয়াৰ বুৰ্মাত গৈ শিবিৰত আছিলগৈ। নিশ্চয়কৈ একমাত্ৰ জীৱিত গৰাকী তেওঁৱেই। তেওঁ কোৱামতে সুভাষ বসুৱে ব্যক্তিগতভাৱে তেওঁক ইন্দিৰা নাম দিছিল। সেই সময়ৰ বিখ্যাত কেপ্টেইন লক্ষ্মী সেহগালৰ সৈতে নামটো খেলিমেলি নহ'বৰ বাবে তেওঁক সেই নাম দিয়া হৈছিল। ''তেওঁ মোক কৈছিল-এই শিবিৰত তোমাৰ নাম ইন্দিৰা।'' মই তেতিয়া বেছি বুজি পোৱা হোৱা নাছিলো। কিন্তু তেতিয়াৰ পৰা মোক ইন্দিৰা বুলি মতা হৈছিল।”

বুৰ্মাত ৰেলৱেৰ কাম কৰি থকাৰ সময়ত ব্ৰিটিছৰ দ্বাৰা অতৰ্কিতে কৰা বোমা বিস্ফোৰণত লক্ষ্মীৰ পিতৃ-মাতৃৰ মৃত্যু ঘটিছিল। ''তাৰ পিছতে মই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে পণ লৈছিলো। মোৰ জেষ্ঠ উড়িয়া বন্ধুসকলে মোক আইএনএত যিকোনো কামত ভাগ লবলৈ দিয়া নাছিল। সিহতৰ মতে মই হেনো বহুত সৰু আছিলো। মই যি পাৰো সেই কামেই কৰাৰ বাবে সিহতৰ ওচৰত কাবৌ-কাকূতি কৰিছিলো। মোৰ ভাতৃ নকুল ৰথো সেই তাৰেই সদস্য আছিল আৰু যুদ্ধত নিৰুদ্দেশ হৈছিল। বহুবছৰ পিছত কোনোবাই মোক আহি কৈছিল যে তেওঁ জীয়াই আছে আৰু ভাৰতীয় সেনাত ভৰ্তি হৈছে আৰু কাশ্মীৰত কৰ্মৰত। কিন্তু মই কেনেকৈ জানিম? যাহওক, সেয়া অৰ্ধ শতিকা আগৰ কথা।

"শিবিৰত মই লেফটেনেণ্ট জানকীক লগ পালো আৰু ইয়াৰ লগতে লক্ষ্মী সেহগাল, গৌৰী আৰু আইএনএৰ অইন বিখ্যাত মুক্তিযুঁজাৰুক লগ পাইছিলো," তেওঁ ক'লে। "যুদ্ধৰ শেষৰফালে আমি ছিংগাপুৰলৈ গ'লো," তেওঁ মনত পেলালে- বোধকৰো বাহাদুৰৰ গোটৰ লগত। তাতে তেওঁ আইএনএৰ তামিল বন্ধুসকলৰ সৈতে থাকিল আৰু তেওঁলোকৰ ভাষাৰ কিছুমান শব্দও শিকিলে।

তেওঁ কোৱা কথা প্ৰমাণ কৰাৰ বাবে তামিল লিপিতে আমাক তেওঁৰ নামটো লিখি দেখুৱালে। ইয়াৰ লগতে তেওঁ আইএনএৰ সংগীতৰ প্ৰথমটো স্তৱক সগৌৰৱে গাই শুনালেঃ "কদম কদম বঢ়ায়ে জা, খুছি কে গীত গায়ে জা। য়েহ জিন্দেগী হে হে কৌম কী, তু কৌম পে লুটায়ে জা (ঢাপে ঢাপে আমি আগুৱাই যাও। আৰু সুখৰ গীত গাওঁ যাও। এই জীৱন সমূহৰ বাবে উৎসৰ্গিত, সেয়ে সমূহৰ বাবে নিজকে বলিদান দি যাও)।"

আইএনএ ইউনিফৰ্মত ৰাইফলসহ তেওঁৰ ফটোখন যুদ্ধৰ পিছত তোলা বুলি তেওঁ কয়। "আমি এৰাএৰি হোৱাৰ সময়ত আকৌ এবাৰ সন্মিলিত হৈছিলো। তাৰ পিছতেই মই খগেশ্বৰ পাণ্ডাৰ সৈতে ১৯৫১ত বৰ্হমপুৰত বিয়া হৈছিলো আৰু উড়িয়া আইএনএৰ ভালেমান সদস্য মোৰ বিয়ালৈ আহিছিল।"

/static/media/uploads/Articles/P. Sainath/The last battle of Laxmi Panda/dsc01738.jpg

লক্ষ্মী পাণ্ডাই তেওঁ ইউনিফৰ্মত ৰাইফল হাতত লৈ থকা অৱস্থাত এখন ফটো দেখুৱাইছে


তেওঁ আইএনএৰ কমৰেডসকলৰ কথা মনত পেলাই নষ্টালজিক হৈ পৰে। "তেওঁলোকলৈ মোৰ খুব মনত পৰে। আনকি মই ভালদৰে চিনি নোপোৱাসকলকো মনত পৰে। আপুনি জানে, এবাৰ মই লক্ষ্মী সেহগালক কটকত ভাষণ দি থকা শুনিছিলো। তেওঁক এবাৰ চোৱাৰ মোৰ বৰ হেপাহ আছিল। কানপুৰলৈ গৈ তেঁওক চোৱাৰ সেই সুযোগটো মই পাইছিলো। কিন্তু সেই সময়তে মই নৰিয়াপাটীত পৰিলো। এতিয়া সেই সুযোগ ক'ত পাম?"

১৯৫০ৰ দশকত মোৰ স্বামীয়ে ড্ৰাইভাৰৰ লাইচেঞ্চ পাইছিল আৰু আমি কেই বছৰমানৰ কাৰণে হীৰাকুডত কাম কৰিছিলো। সেই সময়ত মই সুখী আছিলো আৰু পেট পুহিবৰ বাবে কাম কৰিবলগা হোৱা নাছিল। কিন্তু ১৯৭৬ চনত স্বামীৰ মৃত্যু ঘটাৰ পিছতে মোৰ জীৱন কষ্টকৰ হ'বলৈ ধৰে।"

লক্ষ্মীয়ে ষ্টোৰ কীপাৰ, শ্ৰমিক, আৰু বন কৰা মানুহ হিচাপে বিভিন্ন কাম কৰিছিল। তেওঁৰ ল'ৰা নিচাসক্ত হৈ পৰিছিল। ল'ৰাটোৰ এগালমান সন্তান আছিল আৰু আটাইবোৰৰ স্বাস্থ্য পুতৌলগা আছিল।

"মই একো বিচৰা নাছিলো," তেওঁ ক'লে। মই মোৰ দেশৰ কাৰণে যুঁজ দিছিলো, পুৰস্কাৰৰ বাবে নহয়। মই মোৰ পৰিয়ালৰ বাবে কেতিয়াও একো বিচৰা নাছিলো। কিন্তু এই অধ্যায়ৰ শেষত অন্ততঃ মোৰ অৰিহণাৰ স্বীকৃতি মই বিচাৰো।"

দুৰ্বল স্বাস্থ্য আৰু দৰিদ্ৰতাই যোৱা কিছু বছৰত তেওঁৰ পানীত হাঁহ নচৰা অৱস্থা কৰি থৈছে। তেতিয়াই জয়পোৰৰ এগৰাকী যুৱ সাংবাদিক পৰেশ ৰথে তেওঁৰ দুৰৱস্থা পোহৰলৈ আনে। ৰথে ইয়াৰ উপৰিও সেই বস্তি অঞ্চলৰপৰা তেওঁক লৈ আহি নিজৰ খৰছত এটা কোঠা দিয়াৰ উপৰিও তেওঁৰ দৰৱ-পাতিৰো খৰছ বহন কৰে। অলপতে ৰুগীয়া পাণ্ডাক হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। এতিয়া তেওঁ পুত্ৰৰ লগতে থাকে। অৱশ্যে পুত্ৰৰ নিচাসক্তি এতিয়াও আঁতৰা নাই। ৰথৰ পিছত আন বহুতে তেওঁৰ ওপৰত লিখা-মেলা কৰিছে। আনকি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনী এখনৰ প্ৰচ্ছদ লেখাতো তেওঁৰ নাম আহিছে।

"আমি প্ৰথমটো ষ্টৰী কৰাৰ সময়ত তেওঁ কিছু সহায় পাইছিল," ৰথে কয়। তেতিয়া কৰাপুটৰ উপায়ুক্ত উষা পাধী সহানুভূতিশীল হৈ পৰিছিল। লক্ষ্মীয়ে ৰেড ক্ৰছ পুঁজিৰ পৰা চিকিত্সা সাহায্য হিচাপে ১০ হাজাৰ টকাও পাইছিল। তেওঁক চৰকাৰী মাটিৰো নিশ্চয়তা দিয়া হৈছিল। কিন্তু পাধীয়ে চাকৰিসূত্ৰে বদলি হৈ যায়। বেংগলৰ পৰাও তেওঁলৈ কিছু সাহায্য আহিছিল। কিন্তু এই সকলোবোৰৰ অন্ত পৰিছিল আৰু তেওঁ পুনৰ আগৰ অৱস্থালৈ ঘুৰি আহিল। "আৰু এয়া কেৱল টকাৰ কথাই নহয়"- ৰথে আঙুলিয়াই দিলে। "তেওঁ কেন্দ্ৰ চৰকাৰৰ পেঞ্চন পালেও কিমান বছৰলৈ তেওঁ সেয়া উপভোগ কৰিব পাৰিব? এয়া দৰাচলতে তেওঁৰ বাবে গৌৰৱ আৰু সন্মানৰ বিষয়। কিন্তু কেন্দ্ৰ চৰকাৰে কোনো ধৰণৰ সঁহাৰি দিয়া নাছিল।"

বহুকেইবাৰ চেষ্টা কৰাৰ পিছত, লক্ষ্মীক কৰাপুট জিলাৰে পানজীয়াগুড়া গাঁৱত যোৱা বছৰত এটুকুৰা মাটি দিয়া হৈছিল। কিন্তু সেই মাটিত এটা চৰকাৰী আঁচনিৰ অধীনত এটা ঘৰ সজাৰ বাবে তেওঁ এতিয়াও আশা কৰে। সম্প্ৰতি ৰথে তেওঁৰ পুৰণা কোঠাটোৰ কাষতে এটা নতুন ভাল কোঠা তৈয়াৰ কৰাৰ বাবে পুঁজি গোটাইছে আৰু নতুন কোঠালৈ যোৱাৰ বাবে তেওঁ আশা কৰিছে।

স্থানীয়ভাবে তেওঁক খুব কম মানুহে জানে। কেইটামান সংগঠনে তেওঁৰ বিষয়টো গুৰুত্বসহকাৰে লৈ সমাধানৰ বাবে চেষ্টা চলাইছে। "কাইলৈ মই দিপ্তী স্কুলত পতাকা উত্তোলন কৰিম," ১৪ আগস্তৰ দিনা তেওঁ কৈছিল। "সিহতে মোক সেয়া কৰাৰ বাবে মাতিছে," তেওঁ সেই লৈ গৰ্ব অনুভৱ কৰে। কিন্তু সেই অনুষ্ঠানত পিন্ধি যাবলৈ ভাল শাৰী এখন তেওঁৰ নাই বুলিহে চিন্তাত পৰিছে।

এই সময়তে, বয়োবৃদ্ধ আইএনএ যুঁজাৰুজনে পৰৱৰ্তী যুঁজখনৰ বাবে প্ৰস্তুতি চলাইছে। "নেতাজীয়ে কৈছিল 'দিল্লী চলো (দিল্লীলৈ ব'লা)।' কেন্দ্ৰই মোক মুক্তিযুঁজাৰু হিচাপে স্বীকৃতি নিদিলে মই ১৫ আগস্তৰ পিছত তাকেই কৰিম। সংসদৰ আগত মই ধৰ্ণা দিম," বৃদ্ধ মহিলাগৰাকীয়ে ক'লে। "দিল্লী চলো- সেয়াই মই কৰিম।"

আৰু তেওঁ তাকেই কৰিব, বোধকৰো এয়া ছটা দশকৰ পিছত। কিন্তু তেওঁ মনত আশা পুহি ৰাখিছে। তেওঁ গাইছে, "কদম কদম বঢ়ায়ে জা, বঢ়ায়ে জা…"

মূল লিখনীটো দা হিন্দুত ১৫ আগস্ত, ২০০৭ চনত প্ৰকাশিত হৈছিল।

এই ধাৰাবাহিকত আৰু আছেঃ

যেতিয়া চালিহানে শাসন বিৰুদ্ধে থিয় দিছিল

পানীমাৰাৰ পদাতিক মুক্তিযুঁজাৰুসকল – ১

পানীমাৰাৰ পদাতিক মুক্তিযুঁজাৰুসকল-২

অহিংসাৰ নটা দশক

শ্বেৰপুৰঃ বৃহত বলিদান, ক্ষণস্থায়ী স্মৃতি

গোদাবৰীঃ আৰু পুলিচে এতিয়াও আক্ৰমণৰ বাবে বাট চায়

সোণাখানঃ য'ত দুবাৰকৈ মৃত্যু হৈছিল বীৰ নাৰায়ন সিঙৰ

কাল্লিছেৰীঃ চুমুকণৰ সন্ধানত

কাল্লিয়াছেৰিঃ ৫০ বছৰ বয়সতো সংগ্ৰাম

অনুবাদকঃ  ৰশ্মি ৰেখা দাস

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath