01-MISC 039 02A-PS-Sonakhan-when Veer Narayan died twice.jpg

গাঁৱৰ কিছুমানে বীৰ নাৰায়নক প্ৰথমতে 'দস্যু' বুলিছিল, কিন্তু আমি সেই ঠাই এৰাৰ সময়ত তেওঁলোকৰ মন কুমলিছিল।


“বীৰ নাৰায়ন সিং?” সহশ্ৰাম কানৱাৰে ক'ব লৈছিল। "তেওঁ এজন ডকাইত আছিল, দস্যু। একাংশ লোকেহে তেওঁক মহান ব্যক্তি সজাইছিল। আমি নহয়।" আশে-পাশে বহি থকা দুই-এজনে মুৰ দুপিয়াই হয়ভৰ দিছিল। কিছুমানে একেবোৰ কথাকে কৈছিল।

সেয়া আছিল হৃদয়বিদাৰক। আমি সোণাখনৰ সন্ধানত বহুদুৰ আহিছিলো। ১৮৫০ৰ দশকৰ মধ্যভাগত ছত্তীশগড়ৰ জনজাতীয় বিদ্ৰোহৰ সেয়া আছিল প্ৰাণকেন্দ্ৰ। কৈ থকা হৈছে ১৮৫৭ ৰ দেশজুৰি হোৱা বিদ্ৰোহৰো আগৰ কথা। আৰু তাৰপৰাই জন্ম হৈছিল এজন লোকনায়কৰ।

এইখনেই সেই গাওঁ য'ৰ পৰা বীৰ নাৰায়ন সিঙে ইংৰাজৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছিল।

১৮৫০ৰ দশকত দুৰ্ভিক্ষই দৰিদ্ৰ পৰিয়ালবোৰৰ অৱস্থা কোঙা কৰি পেলাইছিল। পৰিস্থিতি বেয়াৰ পিনে ঢাল খোৱাৰ সময়তে সোণখণৰ নাৰায়ন সিঙে সেই ঠাইৰ জমীদাৰবোৰৰ সৈতে কাজিয়া কৰিছিল। "তেওঁ ভিক্ষা খোজা নাছিল," জনজাতীয় অধূষ্যিত এলেকাটোৰ বয়োজেষ্ঠ্য চৰণ সিঙে কৈ গ'ল। বোধকৰো তেঁৱেই একমাত্ৰ ব্যক্তি আছিল যিয়ে নাৰায়ন সিঙৰ কথা যোগাত্মক দৃষ্টিভংগীৰে জুখি চাইছিল।


02-MISC 039 08A-PS-Sonakhan-when Veer Narayan died twice.jpg

"তেওঁ ভিক্ষা খোজা নাছিল," জনজাতীয় অধূষ্যিত এলেকাটোৰ বয়োজেষ্ঠ্য বাসিন্দা চৰণ সিঙে কৈ গ'ল। বোধকৰো তেঁৱেই একমাত্ৰ ব্যক্তি আছিল যিয়ে নাৰায়ন সিঙৰ কথা যোগাত্মক ভাৱ পোষণ কৰিছিল।


তেওঁ জমীদাৰ আৰু মালিকসকলক কৈছিল যে তেওঁলোকে গুদামৰ দুৱাৰ দুৰ্ভিক্ষ পিড়িত দৰিদ্ৰসকলৰ বাবে খুলি দিয়ে। অইনবাৰৰ দুৰ্ভিক্ষৰ সময়ৰ দৰে সেইবাৰো গুদামবোৰ শস্যৰে ঠাঁহ খাই আছিল। জমিদাৰ সন্মত নহলত, নাৰায়ন সিঙৰ নেতৃত্বত সকলোৱে গুদাম দখল কৰি শস্য জব্দ কৰি দুখীয়াৰ মাজত বিলাই দিয়ে।" এই সংগ্ৰামেই সমগ্ৰ অঞ্চলটোত বিয়পি পৰে আৰু জনজাতীয় লোকসকলে দমনকাৰীৰ ওপৰত জপিয়াই পৰে।

"এই সংঘৰ্ষৰ সূত্ৰপাত ১৮৫৭ ৰ বিদ্ৰোহৰ আগতেই ঘটিছিল," বাৰ্কাতুল্লাহ বিশ্ববিদ্যালয়ৰ অধ্যাপক হীৰালাল শুক্লাই কয়। পিছলৈ এই বিদ্ৰোহেই ১৮৫৭ৰ চিপাহী বিদ্ৰোহৰ সোঁতত মিলি যায়।" অৰ্থাত, ছত্তীশগড়ৰ জনজাতীয় লোকে ইংৰাজৰ বিৰুদ্ধে প্ৰাণাহুতি দিয়াৰ সময়তে বোম্বে আৰু কলিকতাত সম্ভ্ৰান্ত ভাৰতীয়ই ইংৰাজৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰি আছিল।

১৮৫৭ চনত, ব্ৰিটিছে নাৰায়ন সিঙক ৰায়পুৰত ফাঁচিকাঠত ওলমায়।

স্বাধীনতাৰ বাট মুকলি কৰা সেই বলিদানৰ কথাক লৈ সোণাখনৰ কোনোৱেও এতিয়া ঠাট্টা-মস্কৰা নকৰে। তেওঁলোকে নিজেও ত্যাগ কৰিছিল। জয়সিংহ পাইক্ৰা, এক উপান্তীয় কৃষকে বিশ্বাস কৰে- "ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়াটো শুদ্ধ। এয়া আমাৰ দেশ।" তেওঁ বিগত পঞ্চাশটা বছৰৰ মূল্য ভালদৰে বুজি পায়, কিন্তু দৰিদ্ৰ লোকৰ যোৱা ৫০ বছৰত খুব কমেইহে লাভ হৈছে- এই বুলি তেওঁ কয়।


03-MISC 039 21A-PS-Sonakhan-when Veer Narayan died twice.jpg

সোণাখণৰ কিছু লোকে আমাৰ সৈতে সমাধিলৈ গৈছিল


গাওঁখনৰ নামটোত থকাৰ দৰে সোণৰ খনি নহয় গাওঁখনৰ অৱস্থা, ক্ষুধা এতিয়াও সোণাখণত এটা সমস্যা হৈয়ে আছে। জনজাতীয় লোকে এতিয়াও দৰিদ্ৰতাৰ সৈতে যুঁজি আছে। "এইবাৰ যিমান মানুহ আপুনি দেখিছে, তাতোকৈ কম মানুহ যোৱাটো ঋতুত দেখিলেহেঁতেন", শ্যামসুন্দৰে কয়। ভাতমুঠিৰ বাবে আমি এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমি ফুৰিবলগা হয়।– শ্যামসুন্দৰে কয়। সাক্ষৰতা বিফল হোৱাৰ অন্যতম কাৰণ এইটো বুলি ধৰিব পাৰি।


04-MISC 039 12A-PS-Sonakhan-when Veer Narayan died twice.jpg

ক্ষুধা আৰু দুৰ্বল স্বাস্থ্যসেৱা সোণাখণৰ এতিয়াও সমস্যা হৈ আছে, মহিলাসকলে কয়


সোণাখণ অভয়াৰণ্য এখনৰ সোঁমাজতে আছে। গতিকে বন সংক্ৰান্ত বহুতো সমস্যাই, অতীত আৰু বৰ্তমানত পিছ এৰা নাই। আৰু এতিয়াও অঞ্চলটো বীৰ নাৰায়নে যি শক্তিৰ বিৰুদ্ধে যুঁজ দিছিল, সেই শক্তিৰ কঠোৰ হাতোৰাতে বন্দী হৈ আছে। বণিক, সুতত ধন দিওতা, জমীদাৰী ইত্যাদি। "আমি কেতিয়াবা ধনৰ বাবে মাটি বন্ধকীতো থব লগা হয়," এনেদৰে কয় খেতিয়ক বিজয় পাইক্ৰাই।

এই সকলোবোৰ জ্বলন্ত সমস্যাৰ মাজত থাকিও বীৰ নাৰায়নৰ স্মৃতি কিয় নিজৰ গাওঁখনতে বিস্মৃতিৰ গৰ্ভত বিলীন হৈছে?

“এই কথাৰ উত্তৰ,” ভূপালৰ এজন বিষয়াই কয়, “বোধহয় অতীততকৈ আশীৰ আৰু নব্বৈৰ দশকত মধ্য প্ৰদেশৰ ৰাজনীতিৰ আধাৰত ভালদৰে জুকিয়াই চাব পাৰি।”

চৰণ সিঙে মনত পেলোৱাৰ দৰে কথাবোৰ কৈ যায়- "অৰ্জুন সিং হেলিকপ্তাৰেৰে প্ৰায় ১৩ বছৰ পূৰ্বে ইয়ালৈ আহিছিল। ইয়াতে তেওঁ এখন হস্পিতাল খুলিছিল। এই বছৰৰে এপ্ৰিল মাহত বহুকেইজন ডাঙৰ মানুহ ইয়ালৈ আহিছিল। হৰবংশ আৰু কান্তিলাল ভুড়িয়াৰ দৰে মন্ত্ৰীগণ আৰু বিদ্যাচৰণ শুক্লাও।) এওঁলোকো হেলিকপ্তাৰেৰেই আহিছিল। চেগা-চোৰোকাকৈ আন লোকৰো ইয়াত আগমণ ঘটিছিল।


05-MISC 039 05A-PS-Sonakhan-when Veer Narayan died twice.jpg

ইংৰাজ বিৰোধী বিদ্ৰোহৰ উত্থানৰ কিংবদন্তী নায়কৰ কাহিনী বয়োজেষ্ঠৰ মুখেৰে সকলোৱে শুনিব ধৰিছে


সোণাখণৰ নিকটৱৰ্তী স্থান পিথোৰা পাবলৈ ৰায়পুৰৰ পৰা ১০০ কিলোমিটাৰ বাট বুলিবলৈ দুঘণ্টা সময় লাগে। কিন্তু পিথোৰাৰপৰা গাওঁখন ঢুকি পাবলৈ ৩০ কিলোমিটাৰৰ বাট কুৰি বাওতে দুঘণ্টাৰো অধিক সময় লাগে। "যদি কোনোবা টান নৰিয়াপাটীত পৰে, আমি জংগলৰ মাজেৰে ৩৫ কিলোমিটাৰ বাট দাংকোলাকৈ নিব লাগিব।" জয়সিংহ পাইক্ৰাই কয়।

কিন্তু অৰ্জুন সিং হস্পিতাল একা? "১৩ বছৰ আগতে মুকলি হোৱা হস্পিতালখনত এজনো ডাক্তৰে খোজ পেলোৱা নাই," পাইক্ৰাই কয়। ইয়াতে কম্পাউণ্ডাৰ এজন থাকে যিজন প্ৰেছক্ৰিপশ্যন লিখাত চৌখিন। কিন্তু দৰৱ-পাতি বাহিৰৰ পৰাহে অনাব লাগে।

তেন্তে ইয়ালৈ "ডাঙৰ মানুহ" অহাৰ মতলব কি আছিল? আৰু তেওঁলোকে দৰাচলতে কৰিছিল কি?

"তেওঁলোক প্ৰতিবাৰেই একেটা কাৰণতে ইয়ালৈ আহে," পাইক্ৰাই কয়। "তেওঁলোকে নাৰায়ন সিঙক লৈ ভাষণ দিয়ে আৰু তেওঁৰ উত্তৰাধিকাৰী পৰিয়ালক ধন আৰু উপহাৰ দিয়ে।" আমি অৱশ্যে উত্তৰাধিকাৰীসকলক বিচাৰি নাপালো।

"তেওঁলোক ইয়াতে নাই। কোনে জানে তেওঁলোক সঁচায়ে তেওঁৰ উত্তৰাধিকাৰী আছিল," চৰণ সিঙে কয়। তেওঁলোকে কয় তেওঁলোক তেওঁৰ বংশধৰ। কিন্তু তেওঁলোকে দেখোন গাঁৱৰ দেৱতাৰ মন্দিৰত পুজা এভাগো নিদিয়ে।"

"তথাপিও আটাইবোৰ তেওঁলোকেই পায়," পাইক্ৰাৰ অভিযোগৰ সুৰ।

মধ্যপ্ৰদেশৰ ৰাজ্য চৰকাৰৰ নথিপত্ৰত থকা মুক্তিযুঁজাৰুৰ তালিকাখন ক্ৰুটিপুৰ্ণ। সহস্ৰাধিক জনজাতীয় লোকে ইংৰাজৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ হেৰুৱাইছিল। কিন্তু তালিকাত জনজাতীয় নাম বিচাৰি পোৱাটো প্ৰায় অসম্ভৱ। এয়া ছত্তীশগড়তো নাই। বাস্তাৰতো নাই। কিন্তু মীৰ্ধা, শুক্লা, আগৰৱালা, গুপ্তা, ডুবেৰ নামেৰে ভৰি আছে তালিকা। এয়া বিজেতাই লিখা ইতিহাস।

আশীৰ দশকত, মধ্যপ্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰী, অৰ্জুন সিঙে তেওঁৰ দুজন ঘোৰ প্ৰতিদ্বন্দী শুক্লা ভাতৃদ্বয়ক পিছ পেলোৱাৰ পাং পাতিছিল। ইয়াৰে এজন আছিল শ্যাম চৰণ শুক্লা, যিজন তিনিবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল। দ্বিতীয়জন আছিল বিদ্যা চৰণ শুক্লা, যিজন কেবাবাৰো কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰিছিল। প্ৰদেশ কংগ্ৰেছৰ অভ্যন্তৰত প্ৰভুত্ব বিস্তাৰৰ যুঁজখনত অৰ্জুন সিঙে তেওঁলোকৰ পিছ লয়। আৰু বীৰ নাৰায়নক সহযোগী অস্ত্ৰ হিচাপে বাচি লোৱা হয়।

নাৰায়ন সিঙৰ নাম ইতিহাসৰ পাঠ্যপুথিত নাথাকিব পাৰে। কিন্তু এই অঞ্চলত তেওঁ আছিল এজন প্ৰামাণিক নায়ক। যাহওক, ৰাজ্যই তেওঁক আদৰি লৈছিল।

বীৰ নাৰায়নক গুৰুত্ব দিয়াৰ কাৰণ আছিল শুক্লা পক্ষৰ প্ৰভাৱ আৰু শক্তি হ্ৰাস কৰা। ছত্তীশগড়ত প্ৰকৃত নায়ক কোন? জনজাতীয় নেতা? নে ধনিক শ্ৰেণীৰ শুক্লাসকল? ছত্তীশগড়ৰ মহান পৰম্পৰা কাৰ? সমসাময়িক প্ৰায়ভাগ ৰাজনীতিয়ে অতীতক একপ্ৰকাৰ আৱৰণ দি ৰাখিছিল। বীৰ নাৰায়নক সমৰ্থন কৰি, অৰ্জুন সিঙে শুক্লাসকলৰ বিৰু্দ্ধে দিয়া ক্ষমতাৰ যুঁজখনত আদিবাসীৰ পক্ষত থিয় দিয়াৰ ভাও জুৰি নিজকে প্ৰক্ষেপ কৰিছিল।

শীঘ্ৰেই, ৰাজ্যিক চৰকাৰ-আমোলাই নাৰায়ন সিঙক অৱতাৰ সজোৱাত তৎপৰ হৈ উঠিল। ইয়াৰ কেতবোৰ ধনাত্মক ফলাফলো দেখা গৈছিল। এজন এনেকুৱা নায়ক, যাক জনা লোকৰ সংখ্যা খুব তাকৰ আছিল, অন্ততঃ তেওঁক সকলোৱে চিনি পোৱা হ'ল। আৰু কোনেও সেয়া ভূল বুলি আঙুলিয়াব পৰা নাছিল। কিন্তু তাৰে অন্তৰালত স্বাৰ্থসিদ্ধিৰ বাট মুকলি হৈছিল। সোণাখণ সাক্ষাত কৰি নিজকে উত্তৰাধিকাৰী প্ৰমাণ কৰাৰ বাবে নেতাসকলৰ মাজত উথপথপ লাগে। হস্পিতাল আৰু অইন অট্টালিকা তেওঁৰ নামত উদঘাটন কৰা হ'ল। সেইবোৰ কাচিৎহে চলিছিল। কাম আৰু "সাহায্য" ঘোষণা কৰা হৈছিল। জলাশয় আৰু উদ্যানৰ নাম বীৰ নাৰায়ন সিংহৰ নামত ৰখা হৈছিল।

কিন্তু, এটা পৰিয়ালহে লাভান্বিত হৈছিল, গাওঁবাসীৰ অভিযোগ।

নাৰায়ন সিঙৰ নামটোৱে নতুন অনুগামী পোৱাৰ বিপৰীতে ক্ৰমান্বয়ে তেওঁৰ নিজৰ গাওঁখনতে গৰিমা হেৰুৱাব ধৰিলে। সোণাখণত গাওঁবাসীৰ ক্ষোভৰ কাৰণ বোধকৰো এটায়ে আছিল যে কেৱল এটা পৰিয়ালেই সাহায্য লাভ কৰিছিল।

যিটো বিৰোধী ৰাজনীতিৰ বীৰ নাৰায়ন প্ৰতীক আছিল, সেই প্ৰতীকৰেই গৰিমা জঁই পৰিছিল। সমৰ্থনৰ ৰাজনীতিয়ে সেই ঠাই দখল কৰিছিল। এজন প্ৰামাণিক লোকনেতাৰ প্ৰতিমুৰ্তি সম্ভ্ৰান্তৰ পৰশত ধুসৰ হৈ পৰিছিল। তেওঁ যি সহানুভূতি লৈ থিয় দিছিল, সেয়া হেৰাই গৈছিল। আশীৰ দশক আহি পৰিছিল।

আমি উভটিবৰ পৰত, গাওঁবাসীৰ অন্তৰ গলিছিল। আৰু তেওঁলোকৰ ক্ষোভ, যাক ভূল বুজা গৈছিল, সেয়া যুক্তিযুক্ত হৈ উঠা দেখা গৈছিল। "তেওঁ সঁচাকৈয়ে ভাল মানুহ আছিল," বিজয় পাইক্ৰাই কয়। "কিন্তু তেওঁ আমাৰ সকলোৰে বাবে যুঁজ দিছিল, নহয় জানো? কেৱল নিজৰ পৰিয়ালটোৰ বাবে যুঁজা নাছিল। তেন্তে কিয় এটামাত্ৰ পৰিয়ালেই সুবিধা পাব লাগে?"


06-MISC 039 18A-PS-Sonakhan-when Veer Narayan died twice.jpg

বীৰ নাৰায়নৰ সমাধি, যি এতিয়া কুকুৰৰ দখলত


সোণাখণত, বীৰ নাৰায়ন সিঙৰ দুবাৰ মৃত্যু হৈছিল। এবাৰ, ইংৰাজ চৰকাৰৰ হাতত। দ্বিতীয়বাৰ, মধ্য প্ৰদেশ চৰকাৰৰ হাতত। অৱশ্যে তেওঁ উত্থাপন কৰা আটাইবোৰ সমস্যাই এতিয়াও জ্বলন্ত অৱস্থাতে আছে।

মূল লিখনীটো 'টাইমচ অৱ ইণ্ডিয়া'ত ২৭ আগস্ত, ১৯৯৭ ত প্ৰকাশিত হৈছিল।

এই ধাৰাবাহিকত আৰু আছেঃ

যেতিয়া চালিহানে শাসন বিৰুদ্ধে থিয় দিছিল

পানীমাৰাৰ পদাতিক মুক্তিযুঁজাৰুসকল - ১

পানীমাৰাৰ পদাতিক মুক্তিযুঁজাৰুসকল-২

লক্ষ্মী পাণ্ডাৰ অন্তিম যুঁজখন

অহিংসাৰ নটা দশক

শ্বেৰপুৰঃ বৃহত বলিদান, ক্ষণস্থায়ী স্মৃতি

গোদাবৰীঃ আৰু পুলিচে এতিয়াও আক্ৰমণৰ বাবে বাট চায়

কাল্লিছেৰীঃ চুমুকণৰ সন্ধানত

কাল্লিয়াছেৰিঃ ৫০ বছৰ বয়সতো সংগ্ৰাম


অনুবাদকঃ  ৰশ্মি ৰেখা দাস

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

P. Sainath
[email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath