01-008-PS- Kalliasseri-In Search of Sumukan.jpg

চুমুকণৰ উত্তৰসূৰীসকল এতিয়াও আজিখোড়েত জীয়াই আছে


কাল্লিছেৰীয়ে যুঁজ দিবলৈ সঁচাকৈয়ে এৰা নাই। আনকি ১৯৪৭ ৰ পিছতো। কেৰেলাৰ উত্তৰ মালাবাৰস্থিত গাওঁখনে বিভিন্ন দিশত যুঁজিব লগা হৈছে। স্বাধীনতা সংগ্ৰামৰ সময়চোৱাত ই ব্ৰিটিছক প্ৰত্যাহ্বান জনাইছিল। অঞ্চলটোৰ কৃষক আন্দোলনৰ চুড়ান্ত পৰ্যায়ত ই জমীদাৰসকলৰ (সামন্তবাদী ভূমিঅধিকাৰী) বিৰুদ্ধেও যুঁজ দিয়ে। বাওপন্থীৰদ্বাৰা আৰম্ভ কৰা এই যুঁজে জাতিভেদ প্ৰথাৰ সৈতেও সমুখ সমৰত অংশ লয়।

"১৯৪৭ চনতে স্বাধীনতাৰ যুঁজখন একেবাৰে শেষ হৈ যোৱা বুলি আমি কেনেদৰে ক'ব পাৰো?" সেই সংঘৰ্ষৰ কালচোৱাৰ অন্যতম ব্যক্তি কেপিআৰ ৰায়াৰাপ্পানে সুধিলে। "বাকী থকা ভূমি সংস্কাৰৰ বাবে তেতিয়াও সংগ্ৰাম অব্যাহত আছিল।" ৮৬ বছৰ বয়সত ৰায়াৰাপ্পানে পিছলৈ অইন বহুকেইখন সংঘৰ্ষ দেখিবলৈ পাইছিল। আৰু এইবোৰত ভাগ লোৱাৰ ইচ্ছা তেওঁৰ আছিল। ৮৩ বছৰ বয়সত, তেঁও কাছাৰগোড়ৰ পৰা থিৰুৱনন্তপুৰমলৈ ৰাষ্ট্ৰীয় আত্মনিৰ্ভৰশীলতাৰ আহ্বান জনাই প্ৰায় ৫০০ কিলোমিটাৰ পদযাত্ৰা কৰিছিল।

তেওঁৰ ভালকৈ মনত আছে যে কাল্লিছেৰীত ঘটা দুটা ঘটনাই অঞ্চলটোত পৰিৱৰ্তনৰ জোৱাৰ আনিছিল। এটা আছিল ১৯২০ ৰ দশকত গান্ধীজীয়ে মাংগালোৰ সাক্ষাত কৰাটো। স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি বহু লোক তেওঁৰ কথা শুনিবলৈ তাতে একগোট হৈছিল। "আমি আটাইবোৰ তেতিয়া কংগ্ৰেছৰ সৈতে আছিলো," ৰায়াৰাপ্পানে ক'লে।

আনটো আছিল "বৰ্ডিং স্কুলত নামভৰ্তি কৰিব বিচৰা এজন সৰু দলিত নাবালক চুমুকণক কৰা মাৰ-ধৰ। স্কুললৈ অহাৰ সাহস কৰাৰ বাবে উচ্চ জাতিৰ লোকে তেওঁক আৰু তেওঁৰ ভায়েকক মাৰ-ধৰ কৰিছিল।"

সম্পদ নিয়ন্ত্ৰণৰ সৈতে জাতিগত নিপীড়নৰ ওচৰ সম্পৰ্ক আছিল। বিশেষকৈ ভূমিৰ। মালাবাৰ জিলাৰ চিৰাক্কাল তালুক জমীদাৰসকলৰ সন্ত্ৰাসৰ ঘাটিস্বৰূপ আছিল। ১৯২৮ চনত সমগ্ৰ ভূমিৰ ৭২ শতাংশ উচ্চ জাতিৰ নায়াৰসকলৰ হাতত আছিল। থিয়া আৰু অইন পিছপৰা সম্প্ৰদায়বোৰে জনসংখ্যাৰ ৬০ শতাংশ অধিকাৰ কৰি আছিল যদিও তেওঁলোকৰ হাতত ভূমি আছিল মাত্ৰ ৬.৫৫ শতাংশহে। তথাপি ইয়াৰপৰাই ভূমি সংস্কাৰ আৰম্ভ হৈছিল যিটো ১৯৬০ দশকলৈ প্ৰসাৰ লাভ কৰি সফল হোৱাৰ উপক্ৰম হৈছিল।

আজি মুঠ ভূমিৰ ৬০ শতাংশ থিয়া আৰু অইন পিছপৰা জাতি আৰু দলিতসকলৰ নিয়ন্ত্ৰণত আছে।

"আমি আগতে দাসৰ দৰে কাম কৰিছিলো," ৬৩ বৰ্ষীয় কে কুনহাম্বুৱে কয়। তেওঁৰ পিতৃ থিয়া খেতিয়ক আছিল। "আমাক চোলা পিন্ধিবলৈ দিয়া হোৱা নাছিল। চেন্দেলো পিন্ধিবলৈ দিয়া হোৱা নাছিল। আৰু গা ধুবলৈ যাওতে পিন্ধা গামোচাখনৰ দৰে চুটি ধূতী পিন্ধিবলৈ দিয়া হৈছিল।" কিছুমান অঞ্চলত নিম্নজাতৰ মহিলাসকলক ব্লাউজ পিন্ধিবলৈ দিয়া হোৱা নাছিল। "আমাক কিছুমান ৰাস্তাৰে যাবলৈ দিয়া হোৱা নাছিল। আমি আমাৰ বৰ্গৰ ক্ৰম অনুসাৰে উচ্চ জাতৰ মানুহৰ পৰা ব্যৱধান ৰাখি চলিবলগা হৈছিল।"

স্কুলৰ পৰা নিম্ন জাতৰ মানুহক আঁতৰাই ৰখাটো ইয়াৰে এটা অংশহে আছিল। সম্পদৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰখাটো আছিল মূল উদ্দেশ্য। ইয়াৰ সৈতে আছিল সিহতৰ বাবে কোনোধৰণৰ সন্মান প্ৰত্যাখান কৰা। দৰিদ্ৰৰ বিৰুদ্ধে জমীদাৰী সন্ত্ৰাস ভাতৰ লগত পানী খোৱাৰ দৰে কথা আছিল।

চুমুকণৰ মাৰ-ধৰ কৰাটোৱেই আমূল সংস্কাৰ আন্দোলনৰ সূত্ৰপাত ঘটাইছিল।  

"মালাবাৰৰ আটাইবোৰ ৰাষ্ট্ৰীয়তাবাদী নেতাসকল ইয়ালৈ আহিছিল," ৰায়াৰাপ্পানে ক'লে। "কেলাপ্পান নামৰ মহান কংগ্ৰেছ নেতাজন আনকি কিছুসময়ৰ বাবে ৰৈ দিছিল। সকলোৱে জাতিভেদৰ বিৰুদ্ধে অভিযান চলাইছিল। চিএফ এণ্ড্ৰিউও ইয়ালৈ আহিছিল। আৰু তেওঁ ব্ৰিটিছ সংসদত এই প্ৰশ্নটো উত্থাপন কৰিছিল। পিছলৈ কাল্লিছেৰীয়ে দলিতসকলৰ শিক্ষাৰ ঘাইকেন্দ্ৰ হৈ পৰিছিল।" বিভিন্ন সম্প্ৰদায়ৰ লোক একগোট হ'ব পৰাকৈ লোকসকলে সামূহিক আহাৰ গ্ৰহণৰো ব্যৱস্থা লৈছিল।

কিন্তু ডাঙৰ যুঁজবোৰ বাকী আছিল। ইয়াৰ পৰা নাতিদুৰৈত থকা আজানুৰত এখন বিদ্যালয়ক ৩০ আৰু ৪০ৰ দশকত দুবাৰকৈ ছিন্ন-ভিন্ন কৰা হৈছিল। প্ৰথমে এয়া কৰিছিল পুলিচে। তাৰ পিছত এয়া কৰিছিল জমীদাৰসকলে। বিদ্যালয়খনে অনুসূচীত জাতি-জনজাতীয় ছাত্ৰৰ নামভৰ্তি কৰাইছিল। ইয়াতে "ৰাষ্ট্ৰীয়তাবাদী আৰু কমিউনিষ্ট"ৰ উন্মেষ ঘটা বুলি সন্দেহ কৰা হৈছিল।

সেই সন্দেহ অমূলক নাছিল। "১৯৩০ৰ দশকতে বাওপন্থী চিন্তাধাৰাৰ বীজ ইয়াতে এক ভিন্ন আৰ্হিৰে বিকশিত হৈছিল," অৱসৰপ্ৰাপ্ত শিক্ষক অগ্নি শৰ্মন নাম্বোদিৰিয়ে কয়। কাৰিভেল্লুৰৰ সমীপতে এতিয়া সম্পূৰ্ণৰূপে সমাজকৰ্মত নিজকে নিয়োজিত কৰা নাম্বোদিৰিয়ে কয়, "আমি যেতিয়া গাওঁ এখনত সোমাইছিলো, আমি সদায় এখন নৈশ বিদ্যালয়, এটা পঢা় কোঠা আৰু এটা কৃষকৰ গোট আৰম্ভ কৰিছিলো। উত্তৰ মালাবৰত বাওপন্থীসকল এনেদৰেই খোপনি পুতিছিল।" আৰু এনেদৰেই কাল্লিছেৰীতো এয়া আৰম্ভ হৈছিল আৰু সফলতা পোৱা গৈছিল।"

১৯৩০ৰ দশকৰ মাজভাগত, উত্তৰ মালাবাৰত কংগ্ৰেছৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল। ১৯৩৯ লৈ ৰায়াৰাপ্পান আৰু তেওঁৰ বন্ধুবৰ্গই কমইউনিষ্ট পাৰ্টিৰ সদস্য হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। যি ঠাইত শিক্ষাৰপৰা বঞ্চিত কৰাটো একপ্ৰকাৰৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল, তাতেই শিক্ষক সন্থাই প্ৰমুখ ৰাজনৈতিক ভূমিকা পালন কৰিছিল।

"তেনেদৰেই নৈশ স্কুল, পঢ়া কোঠা আৰু কৃষি সংঘৰ আৰ্হি স্থাপিত হৈছিল," পি যশোদাই কলে। "যিহেতু আমি আটাইবোৰ শিক্ষক আছিল।" এতিয়া তেওঁৰ বয়স ৮১ বছৰ, কিন্তু ৬০ বছৰ বয়সত যেতিয়া তেওঁ সেই সংঘৰ নেতা হিচাপে থিয় দিছিল, সেই উদ্যম আৰু জুইকুৰা তেওঁৰ চকুত এতিয়াও বিদ্যমান। ১৫ বছৰ বয়সত তেওঁ আছিল তালুকত একমাত্ৰ মহিলা শিক্ষক আৰু মালাবৰৰ কনিষ্ঠতম মহিলা শিক্ষক আছিল। পূৰ্বতে, তেওঁ পঢ়া বিদ্যালয়খনত তেঁৱেই একমাত্ৰ ছোৱালী পঢ়ুৱৈ আছিল।

"আমাৰ স্কুলখনৰ ভালৰো ভাল ছাত্ৰদুজনক যেতিয়া আমাৰ সকলোৰে সমুখত যেতিয়া মাৰ-ধৰ কৰা হৈছিল, তেতিয়াৰেপৰাই মোৰ ৰাজনৈতিক শিক্ষা আৰম্ভ হৈছিল। সিহতৰ অপৰাধ কি আছিল?" মহাত্মা গান্ধীৰ জয় বুলি কোৱাটো?" দুয়োজনকে বেতেৰে ৩৬ কোবকৈ দিয়া হৈছিল। আইনী সীমা আছিল মাত্ৰ ১২ কোব। তদুপৰি মই এটা পৰিয়ালক ঘৰৰপৰাই উচ্ছেদ কৰি দিয়া দেখিছিলো। সিহতৰ সেই দুখ মোৰ মনত এতিয়াও ৰেখাপাত কৰে।"

'যশোদা টিচ্ছাৰ' নামেৰে প্ৰসিদ্ধ যশোদাই কয় যে বিগত ৫০ টা বৰ্ষত যথেষ্ট পৰিৱৰ্তন আহিছে। "স্বাধীনতাই সাগৰ সদৃশ পৰিৱৰ্তন আনিছে।"

এনে এখন গাওঁ য'ত শিক্ষা এক বিৰল সুবিধা, তেনেস্থলত কাল্লিছেৰীয়ে যথেষ্ট উন্নয়ন কৰিছে। পুৰুষ-মহিলা দুয়োটাৰ ক্ষেত্ৰতে সাক্ষৰতাৰ হাৰ ১০০ শতাংশৰ কাষ পাইছে। ইয়াৰে প্ৰত্যেকটো শিশুৱে স্কুললৈ যায়।

"এই পঞ্চায়তত ২১ হাজাৰ মানুহ আছে আৰু ১৬ টাকৈ পুথিভড়াল আছে," কৃষ্ণন পিলাই ৰিডিং ৰুমৰ গ্ৰন্থাগাৰিকে গৰ্বেৰে কয়। ১৬ টা পুথিভড়াল আৰু পঠন কোঠাবোৰ সন্ধিয়া ব্যস্ত হৈ পৰে। প্ৰায়বোৰ কিতাপেই মালায়লম ভাষাৰ। কিন্তু ইংৰজী কিতাপো নথকা নহয়, যেনে হেন চুয়িন, ছাৰ্লছ ডিকেনচ, টলষ্টয়, লেনিন, মাৰ্লো আদি। এই বৈচিত্ৰতাৰে ভৰপুৰ অঞ্চলটোত সোৱাদৰো ভিন্নতা পোৱা যায়। এইখনেই ভাৰতৰ একমাত্ৰ গাওঁ, য'ত 'সাংগ্ৰি লা' নামৰ ঘৰ আপুনি দেখিবলৈ পাব।

কাল্লিছেৰীত অষ্টম শ্ৰেণী পাছ কৰি ওলোৱা এজন ছাত্ৰইও আপোনাৰ লগত যুক্তিতৰ্ক কৰিব যে আৰাফাতে পশ্চিম এছিয়াত কোনখিনিত ভূল কৰিলে। প্ৰত্যেকেই প্ৰত্যেকটো বিষয়তে কিবা নহয় কিবা মতামত দিব পাৰে আৰু সিহতে কি ক'ব সেই লৈ কোনো সকোচবোধো নাই।

"স্বাধীনতা আৰু শিক্ষাৰ যুঁজৰ সমানে সমানে, ভূমি সংস্কাৰৰ সংগঠিত আন্দোলনে সকলো সলনি কৰি পেলাইছিল," ৰায়াৰাপ্পানে কয়। থিয়া খেতিয়ক কে কুনহাম্বু, যিয়ে ইয়াৰ পৰা উপকৃত হৈছিল, তেওঁ সন্মতিসহকাৰে কয়, "ইয়ে সকলো দিশত পৰিৱৰ্তন আনি দিছিল,"। ভূমি সংস্কাৰে জাতিৰ নামত হোৱা ভেদাভেদৰ পৰম্পৰা তচনচ কৰি পেলাইছিল। ইয়ে আমাক নতুন মৰ্যাদা প্ৰদান কৰিছিল। আগতে আমি জমীদাৰৰ কৃপাত এটুকুৰা মাটী পাইছিলো। কৃষকক ভূমি প্ৰদানৰ আন্দোলনে সেয়া ওলোটা কৰি পেলালে। এতিয়া আমি সম্পত্তিৰ মালিকৰ সৈতে সমান বুলি ভাবিবপৰা হ'লো। গুৰুত্বপুৰ্ণ কথা এয়ে যে এই আন্দোলনে দুখীয়ালৈ খাদ্য, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা প্ৰদা কৰি পৰিস্থিতি নাটকীয়ভাবে উন্নত কৰি তুলিছিল।

"১৯৪৭ ৰপৰা ৫৭ লৈ আমি ভূমি সংস্কাৰৰ বাবে যুঁজ দিছিলো, আনকি তাৰ পিছতো সেই যুঁজ চলিছিল। আৰু আমি কংগ্ৰেছক উচ্চ জাতি, জমীদাৰ আদিৰ পক্ষত থিয় দিয়া দেখা পাইছিলো।" সেয়ে কাল্লিছেৰী এনে এটা ঠাই য'ত "৮৫ শতাংশ লোকেই বাওপন্থীৰ সমৰ্থনত আছে।"

"বিগত ৫০-৬০ বছৰত বিশাল পৰিৱৰ্তন দেখা গ'ল," চুমুকণৰ বিধবা পান্নাইয়ান জানকীয়ে ক'লে। "মোৰ ল'ৰা-ছোৱালীক স্কুললৈ পঠিওৱাৰ বাবে বৰ কষ্ট হৈছিল। স্বাধীনতাৰ বছৰবোৰে এক বিশাল পৰিৱৰ্তন আনি দিছিল।"

চুমুকণ ১৬ বছৰ আগতে ঢুকাল। তেওঁৰ পৰিয়াল এতিয়া আজিখোড়েৰ ওচৰতে থাকে। চুমুকণৰ জীয়ৰী টেলিফোন এক্সচেঞ্জত চুপাৰভাইজাৰ হিচাপে কাম কৰে। তেওঁৰ জোঁৱায়েক, কুমহিৰমন, কালিকটৰ ডাকঘৰৰ জেষ্ঠ অধীক্ষক হিচাপে অৱসৰ লৈছে। তেওঁ কয়, "এতিয়াৰ সামাজিক পটভূমিত কোনোধৰণৰ ভেদভাব নাই, অন্তত এই ঠাইত। আমাৰ পৰিয়ালত দুজনকৈ এমবিবিএছ, দুজনকৈ এলএলবি আৰু এজন বিএছচি ডিগ্ৰীধাৰী আছে…"


02-007-PS- Kalliasseri-In Search of Sumukan.jpg

চুমুকণৰ নাতি কেইজনমানৰ সৈতে কেপিআৰ ৰায়াৰাপ্পান (একেবাৰে সোঁফালে)। পৰিয়ালটোত দুজনকৈ এমবিবিএছ, দুজনকৈ এলএলবি আৰু এজন বিএছচি ডিগ্ৰীধাৰী আছে"


এইসকল সেইজন চুমুকণৰ নাতি যিজনে স্কুললৈ যাব নাপালে।

মূল লিখনীটো ১৯৯৭ চনৰ ২৮ আগস্তত দা টাইমচ অৱ ইণ্ডিয়া কাকতত প্ৰকাশ পাইছিল।

এই ধাৰাবাহিকত আৰু আছেঃ

যেতিয়া চালিহানে শাসন বিৰুদ্ধে থিয় দিছিল

পানীমাৰাৰ পদাতিকমুক্তিযুঁজাৰুসকল - ১

পানীমাৰাৰ পদাতিক মুক্তিযুঁজাৰুসকল-২

লক্ষ্মী পাণ্ডাৰ অন্তিম যুঁজখন

অহিংসাৰ নটা দশক

শ্বেৰপুৰঃ বৃহত বলিদান, ক্ষণস্থায়ী স্মৃতি

গোদাবৰীঃ আৰু পুলিচে এতিয়াও আক্ৰমণৰ বাবে বাট চায়

সোণাখানঃ য'ত দুবাৰকৈ মৃত্যু হৈছিল বীৰ নাৰায়ন সিঙৰ

কাল্লিয়াছেৰিঃ ৫০ বছৰ বয়সতো সংগ্ৰাম

অনুবাদকঃ  ৰশ্মি ৰেখা দাস


ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath