হাতীৰ খোজ বিচাৰি আমি পাহাৰৰ টিলা আৰু পথাৰত ঘূৰ্মুটিয়াই ফুৰিছো।

এনেকুৱা খোজ আমি বহুতো পাইছো আৰু তাৰে কিছুমান ভাতখোৱা কাঁহীতকৈ ডাঙৰ, কোমল মাটিৰ ওপৰত খোজৰ গভীৰ চাপ পৰিছে। পুৰণি খোজবিলাক লাহে লাহে নোহোৱা হ’বলৈ ধৰিছে। আন মানুহে হাতীয়ে কি কৰে আমাক ক’লে: ইফালে-সিফালে টহল দিয়ে, সুন্দৰ আহাৰ খাই উঠি দ’ম দ’ম গোবৰ এৰি যায়। সকলো বাধা হেলাৰঙে পাৰ হৈ আহে: গ্ৰেনাইটৰ খুঁটা, তাঁৰৰ বেৰা, গছ, জেওৰা-জপনা সকলো…

হাতীৰ সকলোবোৰ বস্তুৰ আলোকচিত্ৰ গ্ৰহণ আমি বন্ধ কৰিলো। হাতীৰ পদচিহ্নৰ এখন ছবি মই সম্পাদকলৈ প্ৰেৰণ কৰিলো। “এই খোজৰ লগত তাত হাতীও আছে নেকি?” তেওঁ আশাৰে উত্তৰ দিলে। তেওঁৰ আশাবোৰ ধূলিস্যাৎ হোৱাৰ মই প্ৰাৰ্থনা কৰিলো।

কাৰণ, কৃষ্ণগিৰি জিলাৰ গংগানাহাল্লি গাঁৱৰ মানুহৰ পৰা মই শুনা মতে হাতীয়ে মূৰত ধৰি আশীৰ্বাদ দিয়ে আৰু কল বিচাৰে। মন্দিৰৰ হাতীৰ এইয়া দৈনন্দিন অভ্যাস। এইবিলাক তেওঁলোকৰ বন্য আত্মীয়। সাধাৰণতে সিহঁত ভোকাতুৰ হৈ থাকে।

২০২১ৰ ডিচেম্বৰত তামিলনাডুৰ কৃষ্ণগিৰি জিলাৰ ৰাগি খেতিয়কসকলক সাক্ষাৎ কৰিবলৈ যাওঁতে অনাকাংক্ষিতভাৱে মই হাতীৰ পিছ ল’লো। মই ভাবিছিলো কৃষিৰ অৰ্থনৈতিক বিষয়টোৰ ওপৰত আমাৰ মাজত আলোচনা হ’ব। নিশ্চিতভাৱেই অলপ হৈছিল। কিন্তু বিশেষভাৱে মই ইখনৰ পিছত সিখন পথাৰলৈ গৈ শুনিলো যে তেওঁলোকে নিজৰ ঘৰৰ বাবে যিমানখিনি প্ৰয়োজন, সিমানখিনি ৰাগি (কণীধান) খেতি কৰাৰ কাৰণ হ’ল হাতী। অতি কম মূল্য (৩৫-৩৭ টকা দাম হ’লে খেতিয়কৰ লাভ হ’লহেঁতেন যদিও প্ৰতি কিলোত ২৫-২৭ টকাত বিক্ৰী কৰিব লগা হয়), জলবায়ুৰ পৰিৱৰ্তন আৰু লক্ষণীয় হাৰৰ ধাৰাসাৰ বৰষুণৰ মাজত কৃষকসকল দিশহাৰা হৈছে। হাতীৰ দীঘল শুঁৰ আৰু বৃহৎ দাঁতে নিচেই ওচৰৰ পৰা কণীধান খাই শেষ কৰি কৃষকৰ ৰাজহাড় ভাঙিছে।

“হাতীবিলাক অতি চতুৰ। তাঁৰৰ বেৰাবিলাক কেনেকৈ তললৈ হেঁচি ধৰি বেৰা পাৰ হ’ব লাগে সিহঁতে শিকিছে। বৈদ্যুতিক বেৰাত গছেৰে চৰ্ট চাৰ্কিট কৰাই পাৰ হ’ব সিহঁতে জানে,” আনন্দৰামু ৰেড্ডীয়ে কয়। “সিহঁতে সদায় চৰিবলৈ আহে।” আনন্দ হৈছে ডেনকানীকোট্টাই তালুকৰ ভদ্ৰ পালায়মৰ এগৰাকী কৃষক । তেওঁ আমাৰ মেলাগিৰি সংৰক্ষিত বনাঞ্চলৰ কাষলৈ খোজকাঢ়ি লৈ যায়। সেয়া হৈছে উত্তৰ কাবেৰী বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা অংশ।

The large footprint of an elephant.
PHOTO • M. Palani Kumar
Damage left behind by elephants raiding the fields for food in Krishnagiri district
PHOTO • M. Palani Kumar

বাওঁফালে: হাতীৰ প্ৰকাণ্ড খোজ এটা। সোঁফালেঃ কৃষ্ণগিৰি জিলাৰ খেতিপথাৰলৈ ওলাই অহা হাতীয়ে কৰা ক্ষতিৰ চিন

বছৰৰ পিছত বছৰ ধৰি বন্যহস্তীবিলাক অৰণ্যৰ পৰা ওলাই আহি খেতিপথাৰত ঘূৰি ফুৰে। হাতীৰ এটা পালে গাঁৱত প্ৰৱেশ কৰি ৰাগি খেতিৰ অধিকাংশ খাই পেলায় আৰু বাকীখিনি গছকি নষ্ট কৰি যায়। ইয়াৰ ফলত খেতিয়কসকলে বিকল্প খেতিৰ কথা ভাবিবলগা হৈছে। বিলাহী, নাৰ্জীফুল, গোলাপফুল আদিৰ খেতি তেওঁলোকে কৰিবলৈ লৈছে। কৃষিজাত এই সামগ্ৰীবিলাকৰ বজাৰ মূল্য আছে বুলি তেওঁলোকে ভাৱে আৰু হাতীয়ে অন্ততঃ এইবিলাক নাখায়। “২০১৮-১৯ত এই অঞ্চলত যেতিয়া প্ৰথম বৈদ্যুতিক বেৰাৰ ব্যৱস্থা কৰা হ’ল, তেতিয়া হাতীবিলাক জংঘলৰ পৰা ওলাই অহা নাছিল। কিন্তু একো কামত নাহিল। মোট্টাই ৱাল, মাখনা, গিৰী নামৰ মতা হাতীবোৰ ভোকৰ তাড়নাত ওলাই আহিল আৰু পুনৰ আমাৰ পথাৰবোৰত সোমাবলৈ ধৰিলে,” তেওঁ মোক কয়।

“হস্তী-মানৱ সংঘাতৰ প্ৰধান কাৰণ হৈছে অৰণ্যৰ গুণমানৰ অৱনতি,” তামিলনাডুৰ কৃষ্ণগিৰি আৰু ধৰমপুৰী জিলাৰ অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন এচ. আৰ. সঞ্জীৱ কুমাৰে কয়। তেওঁৰ হিচাপ মতে কেৱল কৃষ্ণগিৰি জিলাতে এই সমস্যাৰ বাবে ৩৩০ খন গাওঁ ক্ষতিগ্ৰস্ত হৈছে।

মই অঞ্চলটোত প্ৰৱেশ কৰাৰ ঠিক পিছতে বন্যপ্ৰাণী সংৰক্ষণ স্বেচ্ছাসেৱী সংগঠন কেনিথ এন্দাৰচন নেচাৰ চ’চাইটি (KANS)ৰ প্ৰতিষ্ঠাপক সদস্য তথা ভূতপূৰ্ব সভাপতি সঞ্জীৱ কুমাৰে মোৰ লগত বাৰ্তালাপ কৰে। পৰ্দাৰ প্ৰতিচ্ছৱি চকু চাৎ মৰা, হাতীৰ আকাৰৰ ক’লা ক’লা কিছুমান চিহ্ন। “এই প্ৰত্যেকটো চিহ্নই হস্তী-মানৱ সংঘাত হোৱা একোখন গাঁৱক বুজাইছে। এই পৰিসংখ্যাসমূহ শস্য নষ্টৰ বাবে উত্থাপন কৰা দাবীৰ আবেদনৰ  ভিত্তিত লোৱা হৈছে,” তেওঁ কয়।

উত্তৰ-পূৱ মৌচুমীৰ ঠিক পিছতে জনাঞ্চললৈ হাতীৰ আগমন ঘটে, সেই সময়ত শস্য চপাবৰ হয়। “বহুতো মানুহ মৃত্যুমুখত পৰিছে, কৃষ্ণগিৰি জিলাত এটা বছৰতেই ই ১২/১৩ জন লোকৰ মৃত্যু হৈছে, ডিচেম্ব আৰু জানুৱাৰী মাহত হাতীৰ উপদ্ৰৱ বেছি হয়। কিয়নো সাধাৰণতে সেই সময়ত পূৰঠ ৰাগিবোৰ চপোৱাৰ সময় হয়।” হাতী মৰিছেও। “মানুহৰ মৃত্যুৰ প্ৰতিশোধ। তদুপৰি ৰেলপথ, ঘাইপথ বা খোলা কুৱাঁত পৰি দুৰ্ঘটনাত হাতীৰ মৃত্যু হয়। বন্যপ্ৰাণীক বাধা দিবলৈ ব্যৱহাৰ কৰা বিদ্যুৎ সংযোগ কৰা তাঁৰত লাগিও হাতীৰ মৃত্যু হয়।”

সঞ্জীৱ কুমাৰে কয় যে হাতীয়ে ভিন ভিন প্ৰজাতিৰ শতাধিক বিধ গছ-লতা ভক্ষণ কৰে। “গছৰ বিভিন্ন অংশ সিহঁতে খায়। পোহনীয়া হাতী পৰ্য্যবেক্ষণ কৰি আমি জানিব পাৰিছো যে এটা হাতীয়ে এদিনত ২০০ কি.গ্ৰা. ঘাঁহ আৰু ২০০ লি. পানী খায়। অৱশ্যে অৰণ্যত থকা অৱস্থাত ঋতুভেদে এই পৰিমাণ কম-বেছি হয় - সেইদৰেই সিহঁতৰ শাৰীৰিক অৱয়বো সলনি হয়,” তেওঁ কয়।

In this photo from 2019, Mottai Vaal is seen crossing the elephant fence while the younger Makhna watches from behind
PHOTO • S.R. Sanjeev Kumar

২০১৯ৰ এই আলোকচিত্ৰখনত মোট্টাই ৱালক ফেঞ্চিং পাৰ হোৱা দেখা গৈছে, পিছফালে সেয়া কনিষ্ঠ মাখনা

তদুপৰি লাণ্টানা কামাৰা নামৰ সোনকালে বাঢ়ি অহা এবিধ ফুল ধৰা গছ এতিয়া অৰণ্যত ৰোৱা হৈছে। “হছুৰ অঞ্চলৰ অৰণ্যৰ ৮৫/৯০ শতাংশ ভূমিত ই গজিছে।” ই গোটেই বছৰ ডাল-পাত মেলি থকা বৃক্ষ, ছাগলী আৰু গৰুৱে নাখায় তথা খুব সোনকালে ই বিয়পি পৰে আৰু ডাঙৰ হয়। “বান্দিপুৰ আৰু নাগাৰহোলতো এই কাম কৰা হৈছে। চাফাৰিৰ ৰাস্তাবোৰৰ পৰা লাণ্টানাবোৰ চাফা কৰা হৈছে, যাতে হাতীয়ে সেয়া খাবলৈ আহিলে দেখা পোৱা যাব পাৰে।”

লাণ্টানাৰ কাৰণে হাতীয়ে নিজৰ অঞ্চলৰ পৰা ওলাই আহে বুলি সঞ্জীৱ কুমাৰে কয়। তদুপৰি ৰাগি হৈছে ৰসাল, হাতীৰ বাবে লোভনীয় খাদ্য। “মই যদি হাতী হ’লোহেঁতেন, মইও খাবলৈ আহিলোহেঁতেন।” বিশেষকৈ মতা হাতীবিলাকে বাধ্য হৈ খেতি পথাৰ তহিলং কৰে। ২৫ৰ পৰা ৩৫ বছৰ বয়সটো সিহঁতৰ বৃদ্ধিৰ সময়। এই বয়সৰ হাতীয়ে বিপদলৈ কেৰেপ নকৰে।

কিন্তু মোট্টাই ৱাল তেনেকুৱা নহয়। তাৰ বয়স ভাটি দিছে আৰু নিজৰ সীমাবদ্ধতাৰ বিষয়ে জানে। তাৰ ৪৫ বছৰ পাৰ হৈছে আৰু ৫০ৰ কাষ চাপিছে। তেওঁ তাক খুব শান্ত মৰমলগা বুলি কয়। “মোট্টাই ৱালক মুস্ত অৱস্থাত এটা ভিডিঅ’ দেখিছো” (মুস্ত হৈছে মতা হাতীৰ এক জৈৱিক অৰু হৰমন বৃদ্ধিৰ লগত সম্পৰ্ক থকা অৱস্থা, ইয়াৰ দ্বাৰা এটা হাতীৰ স্বাভাৱিক আৰু স্বাস্থ্যৱান অৱস্থাত থকা বুলি বিবেচনা কৰা হয়। ইয়াৰ উপৰি এই অৱস্থা ২/৩ মাহ চলি থাকিলে ইহঁতে আক্ৰমণাত্মক হৈ উঠিব পাৰে।) “সাধাৰণতে সিহঁত হিংসাত্মক হ’ব পাৰে যদিও মোট্টাই ৱাল ধীৰ-শান্ত হৈ থাকে। সি বিভিন্ন বয়সৰ এপাল হাতীৰ মাজত থাকে আৰু শান্তভাৱে কাষত ৰৈ থাকে। সি পৃথিৱীখন দেখিছে।”

সঞ্জীৱে অনুমান কৰা মতে তাৰ উচ্চতা ৯.৫ ফুট আৰু ওজন সম্ভৱতঃ ৫ টন হ’ব। “তাৰ লগতে এটা থাকে, মাখানা, সিহঁত দুয়োটাই একেলগে আন ডেকা মতা হাতীক নিয়ন্ত্ৰণ কৰে।” তাৰ সন্তান আছে নেকি মই সুধি পেলালো। সঞ্জীৱে হাঁহি মাৰি ক’লে, “নিশ্চয়কৈ বহুত থাকিব লাগে।”

তাৰ স্বাস্থ্যৰ বৃদ্ধিৰ কাল পাৰ হৈ গৈছে যদি সি কিয় খেতি পথাৰবোৰ তহিলং কৰে? সঞ্জীৱ কুমাৰে মোট্টাই ৱালৰ পক্ষ লৈ কয় যে সি তাৰ স্বাস্থ্য অটুত ৰখাৰ প্ৰয়োজন আছে। “সি বাহিৰলৈ আহি ভাল ভাল খাদ্য খায় - ৰাগি, কঠাল, আম খোৱাৰ পিছত সি অৰণ্যলৈ উভতি যায়।” আন কিছুমান মতা হাতী আছে যিবিলাকে বন্ধাকবি, ফুলকবি, বিন আদি খাই ভাল পায়। কিন্ত এইবোৰ খাদ্য কীটনাশক দিয়া থাকে বুলি সঞ্জীৱে কয়।

“তিনিবছৰ আগতে সময় বৰ বেয়া আছিল আৰু বিলাহী আৰু বিনৰ খেতিত অত্যধিক বিনিয়োগ কৰি কৃষকসকল লোকচানৰ মুখামুখি হৈছিল। আৰু হাতীয়ে যদি এভাগ খায়, পাঁচভাগ নষ্ট কৰে।” অধিক সংখ্যক কৃষকে হাতীয়ে নোখোৱা শস্যৰ খেতি কৰিবলৈ ধৰিছে। মোট্টাই ৱাল আৰু তাৰ লগৰীয়াবিলাকে অঞ্চলটোৰ কৃষিৰ ধৰণে সলাই পেলাইছে।

A rare photo of Mottai Vaal, in the Melagiri hills
PHOTO • Nishant Srinivasaiah

মেলাগিৰি পৰ্বতাঞ্চলত মোট্টাই ৱালৰ এখন বিৰল আলোকচিত্ৰ

বছৰ বছৰ ধৰি হাতীয়ে হাবিৰ পৰা ওলাই আহি খেতি পথাৰ তহিলং কৰিছে। জাকে জাকে সিহঁত আহে, গাঁৱৰ ৰাগি খেতি পথাৰবোৰ উদং কৰে

*****

'আগতে আমি ক্ষতিপূৰণ পাইছিলো। এতিয়া তেওঁলোকে (কৰ্তৃপক্ষই) ফটো তোলে, আমি ক্ষতিপূৰণৰ টকা পোৱা নাই।'
গুমলাপুৰম গাঁৱৰ গংগানাপাল্লি চুবুৰীৰ কৃষক বিনোধাম্মা

মোট্টাই ৱালক একেবাৰে ওচৰৰ পৰা সকলৰ মাজৰ এজন হ’ল গোপী শংকৰাসুব্ৰমণি। এদিন নিচেই পুৱাতে নৱদৰ্শনমত জুপুৰীটোৰ দুৱাৰ খুলিলে, গোলাপাল্লিৰ পৰা যাবলৈ আধাঘণ্টা সময়ৰ প্ৰয়োজন হোৱা দূৰত্বত থকা এটা স্বেচ্ছাসেৱী সংগঠন, আমাক লৈ যোৱা গোপাকুমাৰ মেননৰ সৈতে আমি তাত আছিলো।

আমাৰ বন্ধু গোপীয়ে ওখন বিৰাটাকায় আৰু লাজুক হাতীটো চাবলৈ বিচাৰিছিল যদিও ততালিকে মোট্টাই ৱাল আঁতৰি গ”ল। পাহাৰৰ টিলাত থকা সুন্দৰ ঘৰ এটাৰ বাৰান্দাত বহি গোপীয়ে আমাক বহুতো কাহিনী ক’লে। কিছুমান ৰাগি সম্পৰ্কীয়, বাকীবোৰ হাতীৰ কাহিনী।

এৰ’স্পেচ ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰা গোপীয়ে প্ৰযুক্তি এৰি খাদ্যশস্যৰ খেতিত ধৰিলে। বৰ্তমান কেইবাবছৰ ধৰি গুমলাপুৰম প্ৰযুক্তি এৰি খাদ্যশস্যৰ খেতিত ধৰিলে। বৰ্তমান কেইবাবছৰ ধৰি গুমলাপুৰম গাঁৱৰ গংগানাহাল্লি চুবুৰীত নৱদৰ্শন ন্যাসে ঠিক কৰি দিয়া ১০০ একৰ ভূমিত তেওঁ থাকে আৰু খেতি কৰে। এই ন্যাসটোৱে স্থানীয় আৱাসী, আগমনকাৰী, কৰ্মশালা আদিৰ বৰঙনিৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে। “আমি ডাঙৰ পৰিকল্পনা নলও, আমাৰ ডাঙৰ বাজেট নাই, আমি ইয়াক সহজ আৰু সৰু কৰি ৰাখিব খোজো।” এজন পূৰ্বৰ সমাজকৰ্মী তেওঁলোকৰ খাদ্যশস্যৰ সমবায়ৰ লগত জৰিত হৈ প্ৰতিবেশী গাওঁবাসীক সাঙুৰি লয়। সৰু সৰু একোডোখৰ কৃষিভূমিৰ খেতিয়ে তেওঁলোকৰ বছৰটোৰ কেইমাহমান খাবলৈ হয় আৰু বাকী দিনবিলাক অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ বাধ্য হয়।

“বিশেষকৈ গংগানাহাল্লি গাঁৱৰ ৩০ টা পৰিয়ালক আমি মাটি দিছো আৰু মূল্য থকা খাদ্যশস্য খেতি কৰিবলৈ শিকাইছো, অৰণ্যলৈ যোৱাৰ অভ্যাস এৰুৱাইছো,” গোপীয়ে কয়। বৰ্তমান প্ৰাথমিক স্তৰত ঘৰত খোৱাৰ বাবে তেওঁলোকে ৰাগিৰ খেতি কৰে। মাত্ৰ উদবৃত্ত অংশ বিক্ৰী কৰে।

নৱদৰ্শনত থকা ১২ টা বছৰত ৰাগি খেতি কৰাৰ ক্ষেত্ৰত বৈশিষ্টমূলক পৰিৱৰ্তন চকুত পৰিছে। তেওঁ দেখিছে ৰাগিৰ স্থানীয় বীজৰ পৰা কম সময়ত পূৰঠ হোৱা উচ্চ ফলনজাত ৰাগিৰ বীজ, সাধাৰণতে ৪-৫ মাহ সময় প্ৰয়োজন হোৱাৰ পৰিৱৰ্তে ই ৩ মাহতে চপাবৰ হয়। ই যথেষ্ট ভাল বুলি তেওঁ কয় যে শুকান মাটিত হোৱা শস্য মাটিত বহুদিনলৈ থাকে: “ইয়াত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ উপাদান থাকে।” কিন্তু কম সময়ত হোৱা ৰাগিবিলাক বেছিদিন নাথাকে। তদুপৰি সাধাৰণতে মানুহে ৰাগিৰ এটা লাৰু খাই যদিও এইবিধ ৰাগি দুটা খায়। “এইটোৱে হৈছে ইয়াৰ পাৰ্থক্য।”

Gopi Sankarasubramani at Navadarshanam's community farm in Ganganahalli hamlet of Gumlapuram village.
PHOTO • M. Palani Kumar
A damaged part of the farm
PHOTO • M. Palani Kumar

বাওঁফালে: গুমলাপুৰমৰ গংগানাহাল্লি চুবুৰীৰ নৱদৰ্শনম সম্প্ৰদায়ৰ খেতিপথাৰত গোপী শংকৰাসুব্ৰমণি। সোঁফালে: খেতিৰ নষ্ট হোৱা এটা অংশ

কিন্তু কম সময়ত হোৱা বাবে মানুহে উচ্চ ফলনজাত ৰাগিৰ খেতি বেছিকৈ কৰিবলৈ ধৰিছে। তদুপৰি বজাৰত ৰাগিৰ দাম একে। “তদুপৰি খেতিয়কসকলে উৎপাদন আৰু বিক্ৰীৰ মূল্য ভাৰসাম্য ৰক্ষা কৰিব লাগিব,” গোপীয়ে কয়। “বহুতে যদি পহৰা দিয়ে - এজনে এটা চুকৰ পৰা আৰু আনজনে আনফালৰ পৰা চিঞৰিলে হাতী আঁতৰাই ৰাখিব পাৰি। সকলোৱে যদি কম সময়ত পূৰঠ হোৱা ৰাগিৰ খেতি কৰি চপাই আনে, তেন্তে হাতীয়ে পূৰঠ হ’বলৈ বাকী থকা দুই-এজন কৃষকৰ ৰাগি খাই শেষ কৰিব…”

বিহংগম কোলাহলে আমাৰ আলোচনাত কাব্যিক ৰস ঢালিছিল। সিহঁতে যেন সুহুৰি মাৰিছিল আৰু হাঁহিছিল আৰু গাইছিল অবুজ ভাষাৰ সুললিত গীত, সিহঁতেও যেন অৰণ্যৰ সংবাদৰ ভাগ ল’বলৈ মতলীয়া হৈছিল।

পালেং শাকৰ জোল আৰু ৰাগিৰে দুপৰীয়া আহাৰ খোৱাৰ পিছত আমাৰ হাতত মচমচীয়া বাদাম আৰু ৰাগিৰ সুগন্ধি লাৰু তুলি দিলে। বিনোধাম্মা আৰু বি. মঞ্জুলা, এই যি দুগৰাকী মহিলাই খাদ্য সামগ্ৰী প্ৰস্তুত কৰি দিছিল তেওঁলোকে কন্নড় ভাষাত কথা কৈছিল। (গোপী আৰু তেওঁৰ বন্ধুসকলে আমাৰ অনুবাদ কৰি দিছিল)। বৰষুণ আৰু হাতীৰ বাবে তেওঁলোকৰ অধিকাংশ ৰাগি নষ্ট হৈছিল বুলি কয়।

তেওঁলোকে আমাক কয় যে তেওঁলোকে সদায় ৰাগি খায় আৰু নিজৰ সন্তানকো খুৱায় - শিশুৱে ডাঙৰ হৈ ভাত খাব পৰা নোহোৱা পৰ্য্যন্ত শিশুক পাতলকৈ ৰাগিৰ লুথুৰি বনাই খুওৱা হয়। গোটেই বছৰ খাবলৈ তেওঁলোকে বস্তাত ভৰাই ৰাগি থৈ দিয়ে আৰু প্ৰয়োজন হ’লে উলিয়াই গুড়ি কৰি লয়। কিন্তু এইবছৰ তেওঁলোকে শস্য চপোৱা বৰ কঠিন হৈ পৰিছে।

নৱদৰ্শনৰ ওচৰৰ গংগানাহাল্লি চুবুৰীত দুয়োগৰাকী মহিলাৰ ঘৰ, তেওঁলোক দুয়ো দুপৰীয়াৰ আহাৰ খাই ঘৰলৈ আহিছিল। বিনোধাম্মাৰ ৪ একৰ আৰু মঞ্জুলাৰ ১.৫ একৰ পথাৰত তেওঁলোকে ৰাগি, ধান, দাইল আৰু সৰিয়হৰ খেতি কৰে। “আবতৰীয়া বৰষুণ হ’লে ৰাগিৰ গুটিবোৰৰ পৰা গছত থাকোতেই গজালি মেলে,” মঞ্জুলাই কয়। আৰু তেতিয়া শস্যবিলাক নষ্ট হয়।

ইয়াৰ পৰা হাত সাৰিবলৈ বিনোধাম্মাৰ পৰিয়ালে শস্যখিনি খৰতকীয়াকৈ চপাবলৈ সিদ্ধান্ত লয় আৰু মৰণা মাৰিবলৈ মেচিন ব্যৱহাৰ কৰে। তেওঁ হাতেৰে ইংগিত দি আমাৰ কথাবোৰ বুজাবলৈ চেষ্টা কৰিলে যাতে ভাষাৰ ব্যৱধানৰ মাজত ইংগিত সেতু হৈ পৰে।

হাতী আৰু মানুহৰ সংঘাতে সৃষ্টি কৰা তেওঁলোকৰ নৈৰাজ্য অনুবাদ নকৰাকৈ স্পষ্ট হৈ পৰিছে। “আগতে আমি ক্ষতিপূৰণ পাইছিলো। এতিয়া তেওঁলোকে (কৰ্তৃপক্ষই) ফটো তোলে, কিন্তু আমি পইছা নাপাওঁ।”

Manjula (left) and Vinodhamma from Ganganahalli say they lose much of their ragi to unseasonal rain and elephants
PHOTO • M. Palani Kumar
A rain-damaged ragi earhead
PHOTO • Aparna Karthikeyan

বাওঁফালে: গংগনহাল্লিৰ মঞ্জুলা (বাওঁফালে) আৰু বিনোধাম্মাই কয় যে তেওঁলোকে আবতৰীয়া বৰষুণ আৰু হাতীৰ কাৰণে ৰাগিৰ খেতিৰ অধিকাংশই হেৰুৱায়। সোঁফালে: বৰষুণে নষ্ট কৰা ৰাগিৰ আগ

এটা হাতীয়ে কিমান খায়? বহুত খায় বুলি গোপীয়ে কয়। এবাৰ দুটা হাতীয়ে দুৰাতিৰ ভিতৰত কমেও ১০ বস্তা ৰাগি খাই শেষ কৰিছিল যাৰ বজাৰ মূল্য আছিল ২০,০০০ টকা। “এবাৰ এটা হাতীয়ে এবাৰতে ২১ টা পকা কঠাল খাইছিল। আৰু লগতে ভালেমান বন্ধাকবিও খালে…”

খেতিয়কসকলে তেওঁলোকৰ শস্য ৰক্ষা কৰিবলৈ ৰাতি উজাগৰে কটায়। গোপীয়ে ৰোমন্থন কৰে যে ৰাগিৰ বতৰত ২ বছৰ তেওঁ ৰাতিৰ পিছত ৰাতি মাচান মানে টঙিঘৰত বহি কটাইছিল আৰু হাতী চাই আছিল। এইয়া জীৱন বৰ কঠিন, তেওঁ কয় আৰু পুৱা হ’লে সেই দিনটোৰ বাবে বাজীত বিজয়ী হোৱা যেন লাগে। নৱদৰ্শনমৰ ওচৰত থকা সংকীৰ্ণ পাহাৰীয়া পথৰ ইফালে-সিফালে আমি বহুতো টঙিঘৰ দেখিছিলো। কিছুমান পকী আৰু কিছুমান অস্থায়ীভাৱে নিৰ্মাণ কৰা। প্ৰায় সকলোবোৰ টঙিঘৰতে একোটা টিনৰ পাত্ৰ এডাল মাৰিৰে সংলগ্ন কৰি ৰছী লগাই থোৱা হয় - এইদৰে সকলোকে ঘণ্টা বজাই হাতী আহিছে বুলি জাননী দিয়া হয়।

আটাইতকৈ দুখজনক কথা হ’ল যে যিকোনো উপায়েৰে হাতীয়ে পথাৰত প্ৰৱেশ কৰি শস্য খায়। “কোনোবা এজনে দেখিলেও কেতিয়াবা হাতীৰ আগমনত বাধা দিব নোৱাৰি, আমি ফটকা ফুটাও, বিভিন্ন চেষ্টা কৰো, কিন্তু সি যি মন যায় তাকে কৰে,” গোপীয়ে কয়।

গংগানাহাল্লি অঞ্চলৰ এতিয়া বেলেগ ধৰণৰ সমস্যা হৈছে: বন বিভাগে হাতী আগমন ৰোধ কৰিবলৈ তৈয়াৰ কৰা বেৰা নৱদৰ্শনমত গৈ শেষ হৈছে। সেয়ে সেই বাটেৰেই হাতী খেতিপথাৰত সোমোৱাৰ বাট এটা সৃষ্টি কৰাৰ দৰে হৈছে। সিটো কাৰণতে আগতে যদি তেওঁলোকৰ পথাৰত বছৰত ২০ বাৰ পৰ্য্যন্ত হাতী সোমাইছিল, এতিয়া শস্য চপোৱাৰ সময়ত প্ৰতি নিশাই সোমায়।

“বেৰাৰ দুয়োফালৰ মানুহ উত্তেজিত হৈ থাকে। আপুনি এবাৰ আৰম্ভ কৰিলে বন্ধ কৰিব নোৱাৰে,” গোপীয়ে আঙুলি দেখুৱাই মূৰ জোকাৰি কয়।

A makeshift machan built atop a tree at Navadarshanam, to keep a lookout for elephants at night.
PHOTO • M. Palani Kumar
A bell-like contraption in the farm that can be rung from the machan; it serves as an early warning system when elephants raid at night
PHOTO • M. Palani Kumar

বাওঁফালে: নিশাৰ ভাগত হাতীৰ ওপৰত নজৰ ৰাখিবলৈ নৱদৰ্শনমত গছ এডালৰ ওপৰত নিৰ্মাণ কৰা টঙিঘৰ। সোঁফালে: টঙিঘৰৰ পৰা বজাব পৰা বেল এটা, নিশাৰ ভাগত হাতী আহিলে এইটো বজাই আগতীয়াকৈ সকলোকে জনাই সতৰ্ক কৰি দিয়া হয়

*****

'পত্নীয়ে মোক সঘনে চাব বিচাৰে'
ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰণৰ ন্যায়াধীশৰ পথাৰত হাতীৰ আক্ৰমণৰ পৰা শস্যৰ পহৰা দি থকা এজন ৬০ বছৰীয়া কৃষকে কোৱা তেওঁ শুনিছিল

বিভিন্ন কাৰণত হাতী-মানুহৰ সংঘাতৰ স্পৰ্শকাতৰ আৰু দীৰ্ঘস্থায়ী সমাধানৰ ব্যৱস্থা কৰা উচিত। প্ৰথমতে, হাতীবিলাক যিমান ডাঙৰ, এই সমস্যাও সিমানেই বৃহদাকাৰ। সমগ্ৰ বিশ্বৰে সাম্প্ৰতিক হাতী-মানুহৰ সংঘাত ব্যৱস্থাপনাৰ ৰণনীতি পৰ্য্যালোচনা কৰা ফ্ৰণ্টিয়াৰ ইন ইক’লজি এণ্ড ইভলিউশ্যনত প্ৰকাশিত এখন গৱেষণা পত্ৰত কোৱা হৈছে, “সমগ্ৰ বিশ্বৰ ১.২ বিলিয়ন লোক - যিসকলে দৈনিক ১.২৫ মাৰ্কি ডলাৰতকৈ কম উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰে, তেওঁলোকৰ বেছিভাগেই এছিয়া আৰু আফ্ৰিকাৰ হাতীৰ বিচৰণভূমিৰ দেশত থাকে।” এই প্ৰান্তীয় সম্প্ৰদায়সমূহে “ঠাই আৰু সম্পদৰ বাবে হাতীৰ দৰে আন প্ৰজাতিৰ লগত প্ৰতিযোগিতাত নামিবলৈ বাধ্য হৈছে।”

ভাৰতৰ ২২ খন ৰাজ্যত হাতীৰ সৈতে সংঘাত চলি আছে, বন্যপ্ৰাণীৰ অবৈতনিক ৱাৰ্ডেন সঞ্জীৱ কুমাৰে কয়। ঘাইকৈ তামিলনাডু, কৰ্ণাটক, কেৰালা, ওড়িশা, পশ্চিমবংগ, চত্তীশগড় আৰু অসমত সংঘাতৰ প্ৰকোপ বেছি।

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাজ্যসভাত দাখিল কৰা চৰকাৰী তথ্যই উদঙাইছে যে তিনি বছৰতকৈও কম সময়ত - ২০১৮ৰ এপ্ৰিলৰ পৰা ২০২০ৰ ডিচেম্বৰলৈকে ১,৪০১ জন মানুহ আৰু ৩০১ টা হাতীৰ সংঘাতৰ ফলত মৃত্যু হৈছে।

ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিয়াৰ পূৰ্ণ ইচ্ছা কাগজে-পত্ৰই দেখা যায়। বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে জাৰী কৰা ভাৰত চৰকাৰৰ ২০১৭ চনৰ এক নথিত প্ৰজেক্ট এলিফেণ্ট ডিভিজনৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত কোৱা হৈছে যে নিৰ্ধাৰিত শস্য অনিষ্টৰ ৬০ শতাংশ ক্ষতিপূৰণ দিয়া উচিত। লগতে কোৱা হৈছে যে “ক্ষতিপূৰণ যদি শস্যৰ মূল্যৰ ১০০ শতাংশৰ সমান হয়, তেন্তে কৃষকক তেওঁলোকৰ শস্য ৰক্ষা কৰাৰ বাবে কোনো ভাট্টা দিয়া নহ’ব।”

হছুৰত থকা বন্যপ্ৰাণী ৱাৰ্ডেন কাৰ্য্যালয়ত কৰ্মৰত ভাৰতীয় বন সেৱা বিষয়া আৰু বন বিভাগৰ সহকাৰী সংৰক্ষক কে. কাৰ্তিকেয়ানিয়ে মোক কয় যে ২০০ হেক্টৰৰো অধিক শস্য বছৰি হছুৰ বনাঞ্চল সংমণ্ডলত নষ্ট হয়। “নষ্ট হোৱা শস্যৰ বাবে ক্ষতিপূৰণ বিচাৰি জনোৱা ৮০০ৰ পৰা ১০০০ খন আবেদন বন বিভাগে পায়। বছৰি ৮০ লাখৰ পৰা ১ কোটি ক্ষতিপূৰণৰ টকা দিয়া হয়,” তেওঁ কয়। প্ৰতিজন নিহত ব্যক্তিৰ বাবে ৫ লাখকৈ দিয়া টকাৰ পৰিমাণো ইয়াত সামৰি লোৱা হৈছে - অঞ্চলটোত বছৰি কমেও ১৩ জন লোক হাতীৰ আক্ৰমণত নিহত হয়।

Tusker footprints on wet earth.
PHOTO • Aparna Karthikeyan
Elephant damaged bamboo plants in Navadarshanam
PHOTO • M. Palani Kumar

বাওঁফালে: কোমল মাটিত দঁতাল হাতীৰ খোজ। সোঁফালে: নৱদৰ্শনমত হাতীয়ে ভাঙি পেলোৱা বাঁহগছ

“এক একৰ মাটিৰ কাৰণে দিবলগীয়া সৰ্বোচ্চ ক্ষতিপূৰণৰ পৰিমাণ ২৫,০০০ টকা,” কাৰ্তিকেয়ানিয়ে কয়। “দুৰ্ভাগ্যজনকভাৱে উদ্যান শস্যৰ ক্ষেত্ৰত এই পৰিমাণৰ ক্ষতিপূৰণ পৰ্য্যাপ্ত নহয়, একোজন খেতিয়কৰ এক একৰ ভূমিত ৭০,০০০ টকাৰো অধিক ক্ষতি হয়।”

তদুপৰি ক্ষতিপূৰণ দাবী কৰিবলৈ কৃষকে কাগজ-পত্ৰ দাখিল কৰিব লাগে, কৃষি বা উদ্যান শস্য বিভাগে খেতিপথাৰ পৰিদৰ্শন কৰিব লাগিব (খেতি পৰিদৰ্শন কৰিবলগীয়া হ’লে), তাৰ পিছত গাঁৱৰ প্ৰশাসনীয় বিষয়া (ভি.এ.অ’.)য়ে পৰিদৰ্শন কৰি প্ৰমাণপত্ৰ দিব লাগিব, অৱশেষত বন বিভাগৰ ৰেঞ্জ অফিচাৰে ক্ষতিগ্ৰস্ত পথাৰৰ শস্য চাই ফটো তুলিব লাগিব। যদি দিবলগীয়া হয়, জিলা বন বিষয়া (ডি.এফ.অ’.)য়ে ক্ষতিপূৰণৰ আবণ্টন দিব।

নিৰুপায় কৃষকসকলে অপেক্ষা কৰিব লগা হয়। কেতিয়াবা ৩,০০০ টকাৰ পৰা ৫,০০০ টকা ক্ষতিপূৰণ ৰূপে পাবলৈ, কৃষকসকলে কেতিয়াবা তিনিটা কৃষিচক্ৰ অপেক্ষা কৰিবলগীয়া হয়। “চলমান পুঁজি ব্যৱহাৰ কৰি সোনকালে মীমাংসা হ’লে ভাল হয়,” কাৰ্তিকেয়ানিয়ে কয়।

এই সংঘাতৰ সমাধানে কেৱল মানুহৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষাই নহয়, তেওঁলোকৰ জীৱনৰ গুণগত মানো উন্নত কৰিব। লগতে ৰাজ্যিক বন বিভাগৰ সদিচ্ছা পুনৰ প্ৰতিপন্ন কৰিব, সঞ্জীৱ কুমাৰে কয়।  “বৰ্তমান হস্তী সংৰক্ষণৰ বোজা কৃষকসকলে ল’বলগীয়া হৈছে,” তেওঁ কয়।

কেইবামাহ ধৰি ৰাতিৰ পিছত ৰাতি ডকা-হকা দি পথাৰত প্ৰৱেশ কৰা হাতীৰ পৰা শস্য ৰক্ষা কৰিবলৈ পহৰা দিয়া সহজ কথা নহয়, সঞ্জীৱে কুমাৰে স্বীকাৰ কৰে। ইযাৰ বাবে কেইবাঘণ্টাকৈ কৃষকসকল পথাৰৰ পৰা লৰচৰ কৰিব নোৱাৰা হয়। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ এক সভাত খেতিয়ক এজনে ন্যায়াধীশক কোৱা কথা তেওঁৰ মনত পৰিছে, “পত্নীয়ে মোক সঘনে চাব বিচাৰে।” খেতিয়কজন বয়স তিনি কুৰিৰো বেছি, সঞ্জীৱে কয়, আৰু তেওঁ পত্নীয়ে স্বামীৰ আন কোনো মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি সন্দেহ কৰে।

কৃষকসকলৰ ওপৰত পৰা চাপ বন বিভাগৰ বাবে সমস্যালৈ ৰূপান্তৰ হৈছে। “বিভাগীয়ভাৱে তেওঁলোকে সমস্যাটো মানি লৈছে। তেওঁলোকে কাৰ্য্যালয় ভাঙি পেলাইছে। তেওঁলোকে পথ অৱৰোধ কৰিছে, বনকৰ্মীক দুৰ্ব্যৱহাৰ কৰিছে, ঠেলা-হেঁচা কৰিছে। এনেবোৰ ঘটনাই বন বিভাগক পিছ হুহকিবলৈ বাধ্য কৰাইছে আৰু নিৰাপত্তাৰ কৰ্তব্যৰ ক্ষতি হৈছে,” সঞ্জীৱ কুমাৰে কয়।

Anandaramu Reddy explaining the elephants’ path from the forest to his farm in Vadra Palayam hamlet
PHOTO • M. Palani Kumar

আনন্দৰামু ৰেড্ডীয়ে হাবিৰ পৰা ভদ্ৰ পালায়াম চুবুৰীত থকা তেওঁৰ খেতি পথাৰলৈ হাতী অহা বাটটো দেখুৱাইছে

হস্তী-মানৱ সংঘাতৰ আৰ্থিক ক্ষতি, পাৰিপাৰ্শ্বিক ক্ষতি আৰু আনকি মনঃতাত্বিক ক্ষতিও আছে। কল্পনা কৰক এনে এটা ব্যৱসায় আপুনি চলাই আছে যিটো ক্ষণিকতে তচনচ হৈ যাব পাৰে, য’ত আপোনাৰ দোষো নাই

এই সকলোবোৰৰ উপৰি হাতীবিলাকৰ জীৱনলৈ ভাবুকি আহি পৰিছে। এইটো খুব জ্বলন্ত সমস্যা হৈ পৰিছে, ২০১৭ৰ এক গণনা অনুসাৰে তামিলনাডুত হাতীৰ সংখ্যা ২৭৬১ টা হ’ব। ভাৰতৰ হাতীৰ মুঠ জনসংখ্যাৰ ই ১০ শতাংশ হ’ব, দেশৰ মুঠ হাতীৰ সংখ্যা ২৯,৯৬৪ টা।

প্ৰতিশোধ, বিদ্যুৎপৃষ্ঠ, পথ আৰু ৰেল দুৰ্ঘটনা আদিত বহুতো হাতীয়ে প্ৰাণ হেৰুৱাইছে। এফালৰ পৰা চালে দেখা যায় যে ই সমাধানহীন এক সমস্যা। সঞ্জীৱ আৰু আন কিছুসংখ্যক লোকে মূৰ্তিৰ সহায়ত সমাধানৰ এটা দিশ বিচাৰি পাইছে।

*****

'নিয়মমতে আমি বিদ্যুতৰ ওপৰত একেবাৰে নিৰ্ভৰ কৰিব নিবিচাৰো। সৌৰ শক্তিৰ ওপৰতো ভৰসা কৰিব নোৱাৰি। তাতে আকৌ হাতীয়ে বৈদ্যুতিক ফেঞ্চিং পাৰ হ’ব শিকিছে।'
কৃষ্ণগিৰি  আৰু ধৰ্মপুৰি জিলাৰ অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন এছ আৰ সঞ্জীৱ কুমাৰ

কৃষ্ণগিৰি জিলাৰ মেলাগিৰিৰ হাতীৰ ফেঞ্চিং নিৰ্মাণৰ ধাৰণা দক্ষিণ আফ্ৰিকাৰ এড্ড’ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহিছে, সঞ্জীৱ কুমাৰে কয়। “ৰমন সুকুমাৰ ‘ভাৰতৰ হস্তী মানৱ’য়ে মোক এই বিষয়ে কৈছিল। তাত তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰা ৰেললাইন আৰু এলিভেটৰৰৰ কেবল ব্যৱহাৰ কৰিছে। এবাৰ এই বেৰা স্থাপন কৰিব পাৰিলে, সংঘাতৰ অন্ত পৰিব,” এডড্’ উদ্যানৰ ধাৰণা সঞ্জীৱে অনুসৰণ কৰিছে।

হাতীক বনাঞ্চলৰ ভিতৰত আৰু কৃষি পথাৰৰ পৰা দূৰত ৰাখিবলৈ হছুৰ বন সংমণ্ডলে বহুতো প্ৰচেষ্টা চলাই গৈছে। কিন্তু সফল হোৱা নাই। তেওঁলোকে হাতী পাৰ হ’ব নোৱাৰা গড়খাৱৈ বনাইছে, বনাঞ্চলৰ চৌহদৰ সীমাৰ চাৰিওফালে থকা এয়া গভীৰ খাৱৈ। পৰম্পৰাগত সৌৰ বেৰা, কোঁকোৰা-কেঁকুৰি প্ৰতিবন্ধক, আনকি দক্ষিণ আফ্ৰিকাৰ পৰা কাঁইটীয়া গছো অনা হৈছে। একোৱে কামত অহা নাই।

হছুৰ বন সংমণ্ডললৈ যেতিয়া উপ বন সংৰক্ষক ৰূপে দীপক বিলগি (আই.এফ.এছ.)ক বদলি কৰি অনা হ’ল, তেতিয়া এক নতুন অধ্যায়ৰ আৰম্ভণি হয়। বিলগিয়ে এই ধাৰণাটোৰ প্ৰতি গুৰুত্ব দিয়ে। ইযাৰ বাবে পুঁজিও লাভ কৰিলে, জিলা উপায়ুক্তৰ সৈতে আলোচনাও কৰিলে আৰু “পৰীক্ষামূলকভাৱে এনে ধৰণৰ এখন বেৰা প্ৰথমতে আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হ’ল,” সঞ্জীৱে কয়।

A section of the Melagiri Elephant Fence, which is made of pre-cast, steel-reinforced concrete posts, and steel wire rope strands
PHOTO • M. Palani Kumar

তীখা-কংক্ৰিটেৰে নিৰ্মিত খুঁটা, তীখাৰ তাঁৰেৰে নিৰ্মিত মেলাগিৰিৰ হাতীক বাধা দিয়াৰ বাবে নিৰ্মিত ফেঞ্চিঙৰ এটা অংশ

আমোদজনক কথা এয়ে যে এটা হাতীৰ দেহত কিমান শক্তি আছে, সেই সম্পৰ্কে কোনো তথ্য নাই। বা কিমান ওজন এটা বা এজাক হাতীয়ে ঠেলি নিব পাৰিব, সেয়াও নাই। সেয়ে তেওঁলোকে মুধুমালাইত আৰ্হি স্বৰূপে এখন এনে বেৰা গঢ়ি তুলিলে আৰু পোহনীয়া হাতীৰ দ্বাৰা এইখন পৰীক্ষা কৰিলে। তাৰে মাজত আছিল দাঁত নথকা ৫ টন ওজনৰ এটা হাতী, বহুতো মানুহ মৰাৰ বাবে কুখ্যাত, পিছত বন বিভাগে তাক পুনৰ্বাসন দি বিভীষিকাৰ অন্ত পেলোৱা মূৰ্তী। এই বেৰাখনে হাতী-মানুহৰ সংঘাত নোহোৱা কৰিব পৰা সম্পৰ্কে পৰীক্ষা কৰাৰ দায়িত্ব তাক দিয়া হ’ল।

সঞ্জীৱে কয়, “তাৰ অতীত ইতিহাস আপুনি অনুমান কৰিব নোৱাৰিব, বৰ্তমান সি সুপ্ৰশিক্ষিত। এতিয়া সি একেবাৰে শান্ত আৰু ভদ্ৰ হৈ পৰিল।” বৰ্তমান মূৰ্তিয়ে অৱসৰ পালে - হাতীৰ অৱসৰৰ বয়স হৈছে ৫৫ বছৰ, মই জানিব পালো। সি এতিয়া বৰ আৰামকৈ থাকে, তাৰ থকা-খোৱাৰ সকলো ব্যৱস্থা কৰি দিয়া হৈছে, প্ৰয়োজনত সি শিবিৰতে থকা হস্তিনীৰ সৈতে সম্ভোগৰ ব্যৱস্থাও কৰা আছে। জংঘলত তাৰ দ্বাৰা একো কাম কৰোৱা নহয় বা কৰাবলৈ অনুমতি দিয়া নহয়, কিয়নো সেই সুযোগতে তাতকৈ সৰু ডেকা মতা হাতীয়ে তাৰ লগত প্ৰতিযোগিতাত নামিব পাৰে।

নিৰ্দিষ্ট পৰিস্থিতিত এটা হাতীয়ে সৰ্বাধিক ১৮০০ কিলোগ্ৰাম ওজন সৃষ্টি কৰিব পাৰে - মূৰ্তিৰ পৰা এইটো জানিব পৰা গ’ল। তেওঁলোকে তৈয়াৰ কৰা বেৰাৰ প্ৰথম দুই কিলোমিটাৰত মূৰ্তিৰ অভিজ্ঞতাৰ ভিত্তিক খুঁটাবিলাক তৈয়াৰ কৰা হ’ল। আনন্দৰ ঘৰৰ পৰা এই বেৰাৰ দূৰত্ব বেছি নহয়।

“এই প্ৰচেষ্টাৰ পৰা আমি বহুত কথা শিকিলো। মাত্ৰ এটা সপ্তাহতে মোট্টাই ৱালৰ সৈতে এই বেৰাৰ কাষত ঘূৰি ফুৰিছিল আৰু ভাঙি পেলালে। আমি পুনৰ আৰ্হি তৈয়াৰ কৰিব লাগিব, এতিয়া আগৰ আৰ্হিৰ তুলনাত ৩.৫ গুণ শক্তিশালী কৰা হৈছে। তাঁৰৰ ৰছীবিলাক ইতিমধ্যেই বহুত টান আৰু শক্তিশালী আৰু ১২ টন ওজনৰ বোজা সহ্য কৰিব পাৰে। এই ৰছীৰে একেলগে দুটা হাতী ওপৰলৈ তুলিব পৰা যাব।”

আনকেইটা আৰ্হিৰ তুলনাত তেওঁলোকে নিৰ্মাণ কৰা বেৰাৰ আৰ্হি সহজে ধ্বংস কৰিব পৰা নাযাব বুলি সঞ্জীৱে কয়। কংক্ৰিটৰ খুঁটাবোৰত তীখা ব্যৱহাৰ কৰা হৈছে আৰু তাত তীখাৰ তাঁৰৰ ৰছী ব্যৱহাৰ কৰা হৈছে। হাতীয়ে খুঁটা অথবা তাঁৰবিলাক ভাঙিব বা ছিঙিব নোৱাৰে। খুব বেছি সিহঁতে এই বেৰৰ ওপৰেৰে বগাব পাৰে। “এই বেৰা দিয়া ধাৰণাই হাতী-মানুহৰ সংঘাতৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট সুযোগ আমি পাইছো। হাতীৰ জাকে শস্যৰ পথাৰত সোমোৱা আৰু ওলাই যোৱাৰ দৃশ্যও কেমেৰাত ধৰি ৰখা হৈছে।” তেওঁলোকে কোৱা মতে এই বেৰা অধিক উন্নতভাৱে নিৰ্মাণ কৰা হৈছে। “মাজে-সময়ে হাতীৰ জাকটো বেৰাৰ কাষলৈ আহে আৰু আমাক বুজাই থৈ যায় এইখন আৰু অলপ মজবুতকৈ বনোৱাৰ প্ৰয়োজন আছে,” সঞ্জীৱে হাঁহে।

এনেকুৱা অবৈদ্যুতিক তীখাৰ বেৰাৰ ১ কি.মি. নিৰ্মাণ কৰোঁতে ৪০ৰ পৰা ৪৫ লাখ টকা খৰছ হয়। জিলা উপায়ুক্তই ব্যক্তিগত খণ্ডৰ সহায়ত আৰু লগতে ৰাজ্য চৰকাৰৰ তামিলনাডু উদ্ভাৱনী উদ্যোগ আঁচনিৰ অধীনত প্ৰথম ২ কি.মি.ৰ ব্যয় বহন কৰাৰ লগতে আন ১০ কি.মি. নিৰ্মাণৰ কাম কৰিব।

Anandaramu walking along the elephant fence and describing how it works
PHOTO • M. Palani Kumar

ফেঞ্চিংখনৰ কাষেৰে আনন্দৰামুয়ে খোজ দিছে, বুজাইছে কেনেকৈ ই কাম কৰে

বৰ্তমান ২৫ কি.মি. এনে বেৰা নিৰ্মাণ কৰা হৈছে, ইয়াৰে ১০ কি.মি.ত হাতী সৰকিব নোৱাৰাকৈ বিদ্যুৎ সংযোগ কৰা হৈছে (সৌৰশক্তি ব্যৱহাৰ কৰি)। বৈদ্যুতিক বিভৱ যথেষ্ট উচ্চ - ১০,০০০ ভল্ট আৰু ডাইৰেক্ট কাৰেণ্ট (একমুখী বিদ্যুৎ প্ৰৱাহ) ৰ ই সামান্য পৰিমাণ। “সাধাৰণতে স্পৰ্শ কৰিলেও ইয়াৰ ফলত হাতী নমৰে, বিদ্যুৎপৃষ্ঠ হৈ হাতী মৰে যেতিয়া বিদ্যুতৰ প্ৰৱাহ ২৩০ ডি.চি. কাৰেণ্ট সৰবৰাহ হয়, সাধাৰণতে আমাৰ ঘৰ বা পথাৰত এই বিদ্যুৎ প্ৰৱাহ হয়। ইয়াৰ হাতী সুৰক্ষিত, কিয়নো হাজাৰ হাজাৰ ঘৰত ব্যৱহাৰ কৰা বিদ্যুতৰ এটা সামান্য পৰিমাণ ইয়াত প্ৰৱাহ হয়। অন্যথা হাতীৰ মৃত্যু হ’লহেঁতেন।”

যেতিয়া ডি.চি. ভল্টেজ ৬০০০ ভল্টলৈ নামে, তেতিয়া এই বেৰাৰ ওপৰত গছ পেলাই ল’লে ইয়াৰ ওপৰেৰে হাতী অনায়াসে খোজকাঢ়ি যাব পাৰে। কিছুমান মতা হাতীৰ কৃষকৰ পথাৰত সোমাই শস্য খোৱাৰ লোভ খুব বেছি, সিহঁত সহজেই আহিব পাৰিব। “সিহঁতৰ মনত যি প্ৰতিক্ৰিয়া হৈছে, সেই সম্পৰ্কে বুজা বৰ কঠিন,” সঞ্জীৱে স্বীকাৰ কৰে।

“আমি সাধাৰণতে বিদ্যুতৰ ওপৰত একেবাৰে নিৰ্ভৰশীল হ’ব নিবিচাৰো,” তেওঁ কয়। লগতে হাতীয়ে বিদ্যুৎ প্ৰৱাহ হৈ থাকিলেও কেনেকৈ সৰকিব লাগে জনা হৈছে। সিহঁতে বিদ্যুৎ অপৰিবাহী আৰু পৰিবাহীৰ কথা জনা হৈছে। সিহঁতে এডাল গছ বা এটা ডাল বেৰাত পেলাই দি চায়। অথবা মতা হাতীয়ে তাৰ দাঁত লগাই চায়, কাৰণ দাঁতেৰে বিদ্যুৎ প্ৰৱাহ নহয়, তাৰপিছত বেৰা ভাঙে। “এটা হাতীয়ে গছৰ ডাল এটা আনি বেৰাত বিদ্যুৎ সৰবৰাহ হৈছে নে নাই পৰীক্ষা কৰি থকাৰ আলোকচিত্ৰ মোৰ লগত আছে,” সঞ্জীৱে হাঁহি কয়।

*****

'মেলাগিৰিত বেৰা দিয়াৰ কাৰণে হাতীবিলাক দক্ষিণলৈ যাব ধৰিলে। এইটো ভাল লক্ষণ, কিয়নো দক্ষিণাঞ্চলত বিস্তীৰ্ণ অৰণ্য আছে। এই অৰণ্যৰ পৰিসৰ নীলগিৰি পৰ্য্যন্ত বিয়পি আছে।'
কে কাৰ্তিকেয়ানি, ভাৰতীয় বন সেৱা বিষয়া

হাতী আৰু মানুহৰ সংঘাতৰ অৰ্থনৈতিক তথা পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকৰ সৈতে জৰিত আৰু ইয়াৰ এটা মনঃতাত্বিক দিশো আছে। ভাবি চাওক আপুনি এটা ব্যৱসায় আৰম্ভ কৰিছে আৰু হাতীয়ে ইয়াক যিকোনো এটা দিনতে ভাঙি-ছিঙি নিঃশেষ কৰি যাব, অথচ ইয়াত আপোনাৰ কোনো দোষ নাই। কৃষ্ণগিৰি জিলাত বসবাস কৰা আৰু খেতি কৰা কৃষকসকলৰ জীৱন বহু প্ৰজন্ম ধৰি এনেদৰে অতিবাহিত হৈছে।

স্থানীয় কৃষকৰ পথাৰত বলপূৰ্বক প্ৰৱেশ কৰি উৎপাদিত শস্যৰে পথাৰত বৰভোজ পতা হাতীয়ে জানিছে যে এতিয়া বহু দূৰলৈ যাব লাগিব, যোৱা ডেৰ দশকত এই দৃশ্য পৰিলক্ষিত হৈছে, সঞ্জীৱ কুমাৰে ব্যাখ্যা কৰে। “আগতে সংৰক্ষিত বনাঞ্চলৰ পৰা ১ ব বা ২ কি.মি. দূৰত্বলৈ যাত্ৰা কৰিলে হৈছিল, বৰ্তমান সিহঁতে ৭০/৮০ কি.মি. দূৰত্ব অতিক্ৰম কৰি অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ গৈ কেইবামাহো তাত থাকি উভতি আহে।” ব্যাপক হাৰত শস্য ধ্বংস হোৱা ঘটনা ঘটা হছুৰ এলেকাত থকা হাতীবিলাক নোদোকা; সিহঁত স্বাস্থ্যবান আৰু সিহঁতৰ বহুত পোৱালি আছে।

ডেকা হাতীবোৰে বিপদৰ আশংকালৈ ভ্ৰুক্ষেপ নকৰে। “সংৰক্ষিত বনাঞ্চলৰ বাহিৰত মৃত্যু হোৱা হাতীৰ তথ্য মই সংগ্ৰহ কৰিছো আৰু সেইবোৰ পৰ্য্যালোচনা কৰিছো। মৃত হাতীৰ ৬০ৰ পৰা ৭০ শতাংশ ডেকা মতা হাতী।”

Mango plantation damaged by elephants in Anandaramu’s field
PHOTO • Anandaramu Reddy
Ananda with more photographs showing crops ruined by elephant raids
PHOTO • Aparna Karthikeyan

বাওঁফালে: আনন্দৰামুৰ পথাৰত হাতীয়ে তহিলং কৰা আমৰ বাগান। সোঁফালে: হাতীয়ে তহিলং কৰা খেতিপথাৰৰ ফটোবোৰৰ সৈতে আনন্দ

এইকেইদিন হাতীৰ জাক বৰকৈ দেখা নাই বুলি আনন্দই কয়। মোট্টাই ৱাল, মাখনা আৰু গিৰীক দেখা পোৱা যায়। তেওঁ এতিয়াও হোৱাটচএপত যিকোনো সময়ত হাতী অহাৰ দৃশ্য মোলৈ প্ৰেৰণ কৰে। ভাঙি পৰা আমৰ গছৰ ডাল, বগৰাই পেলোৱা কলগছ, খাই পেলোৱা কল আৰু দ’ম দ’ম হাতীৰ গোবৰ। তেওঁ যেতিয়া কথাবোৰ কয়, কেতিয়াও ক্ষোভ প্ৰকাশ নকৰে।

“কাৰণ খং যদি উঠে, ইয়াৰ লক্ষ্য হৈ পৰে চৰকাৰ অথবা বন বিভাগ। তেওঁলোকে জানে ক্ষতিপূৰণ বহু পলমকৈ দিয়া হয় বা কেতিয়াও নিদিয়ে, সেয়ে তেওঁলোকে দাবী নকৰা হৈছে। সেইটোৱেই সমস্যা কাৰণ হাতী মানুহৰ সংঘাতৰ পৰিসৰ জানিবলৈ তথ্য পোৱা নাযায়।”

এই সংঘাতৰ অৱসান ঘটোৱাৰ একমাত্ৰ উপায় হ’ল হাতীক অৰণ্যৰ মাজত আৱদ্ধ কৰি ৰাখিব লাগিব। সমস্যাৰ তেতিয়াহে অন্ত পৰিব যেতিয়া হাতীৰ স্বাভাৱিক বাসস্থানবোৰ সুৰক্ষিত হ’ব। “এনেদৰে ৮০ শতাংশ সংঘাত সমাধান হ’ব। লাণ্টানাৰ পৰা হাত সৰাটোও গুৰুত্বপূৰ্ণ।”

বৰ্তমান ২৫ কিলোমিটাৰত হাতী আহিব নোৱাৰা বেৰা নিৰ্মাণ কৰা হৈছে। হাতী-মানুহ মুখামুখী হোৱাৰ এয়া হ’ল ২৫ শতাংশ বাউণ্ডেৰি। সংঘাত ৯৫ শতাংশ হ্ৰাস হৈছে। “মেলাগিৰি বেৰাৰ কাৰণে,” কাৰ্তিকেয়ানিয়ে কয়। “হাতীবিলাক দক্ষিণৰ ফালে গুছি গৈছে। এয়া ভাল লক্ষণ, তাত লেথেৰি নিচিগা বনাঞ্চল আছে। সত্যমংগলমলৈকে কেৱল বনাঞ্চল আৰু ই নিলগিৰি পৰ্য্যন্ত প্ৰসাৰিত। সেয়া সিহঁতৰ বাবে মংগলজনক।”

মেলাগিৰিৰ বেৰা বহুতো ঠাইৰ বাবে হাতী প্ৰৱেশৰ মূল প্ৰতিৰোধক হৈছে। “যিবোৰ অংশত সৌৰশক্তিৰ সহায়ত বিদ্যুৎ সংযোগ কৰা হৈছে, ই সিহঁতৰ বাবে মনঃতাত্বিক বাধা - ই সিহঁতৰ মনত ভয়ৰ সৃষ্টি কৰে আৰু সিহঁত আঁতৰি থাকে। কিন্তু হাতীবিলাক চতুৰ। মৌচাকৰ লেখীয়া বেৰা, বাঘৰ গোজৰণি বা এলাৰ্মৰ শব্দৰ পৰা সিহঁতে জানে যে যাব নালাগে।” মূলতঃ সঞ্জীৱ কুমাৰে কয়, সকলো হাতীকে সদায় আপুনি মূৰ্খ সজাই ৰাখিব নোৱাৰে।

হাতী সদায় এখোজ আগত থাকে। সিহঁতে মানুহক শিকাব যে কেনেকৈ ভিতৰত সোমাই থাকিব লাগে। সিহঁতে সিহঁতৰ বিচৰণৰ হিচাপ ধৰি ৰখা কেমেৰাবিলাক ভাঙি পেলাবলৈ আৰম্ভ কৰিছে। সঞ্জীৱ কুমাৰে কোৱা মতে, মোৰ স্ক্ৰীণত মই ছবিবোৰ চালো। বেৰাৰ আগত দুটা হাতী ৰৈ আছে, তাঁৰবিলাক পাৰ হোৱাৰ আৰু ৰাগিৰ পথাৰলৈ অহাৰ পৰিকল্পনা কৰিছে…

সহায় , আতিথ্য আৰু মূল্যৱান তথ্য-পাতিৰে এই ষ্ট’ৰি প্ৰস্তুতিত সহায় কৰা গোপাকুমাৰ মেননক লেখকে কৃতজ্ঞতা জনাইছে

আজীম প্ৰেমজী ইউনিভাৰ্ছিটিৰ ২০২০ৰ গৱেষণা অনুদান কাৰ্য্যসূচীৰ অধীনত এই গৱেষণামূলক অধ্যয়ন কৰা হৈছে

প্ৰচ্ছদ আলোকচিত্ৰ (মোট্টাই ৱাল): নিশান্ত শ্ৰীনিভাসাইয়াহ

অনুবাদ: পংকজ দাস

Aparna Karthikeyan

Aparna Karthikeyan is an independent journalist, author and Senior Fellow, PARI. Her non-fiction book 'Nine Rupees an Hour' documents the disappearing livelihoods of Tamil Nadu. She has written five books for children. Aparna lives in Chennai with her family and dogs.

Other stories by Aparna Karthikeyan
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das