সোঁহাতত এখন তৰোৱাল লৈ ঘোৰাৰ পিঠিত উঠি থকা সেয়া ঐতিহাসিক ৰাণী বেলু নছিয়াৰ। চেন্নাইত আয়োজিত তামিলনাডুৰ গণৰাজ্য দিৱসৰ সমাৰোহত সেই মহীয়সী নাৰীগৰাকীৰ সৰ্বত্ৰে চৰ্চা হৈছিল আৰু সকলোৱে পাৰেমানে ফটো তুলিছিল। প্ৰতীকপটত ভি. অ. চিদাম্বৰম পিল্লাই, সুব্ৰমণ্যম ভাৰতী আৰু মাৰুথু বন্ধুৰ দৰে তামিল মহৎ লোকৰ সৈতে একেটা শাৰীত সেইগৰাকী মহীয়সী নাৰীকো দেখা গৈছিল।

‘তামিলনাডুৰ স্বাধীনতা সংগ্ৰাম’ক প্ৰতিনিধিত্ব কৰা এই একেখন প্ৰতীকপটকে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা গণৰাজ্য দিৱসৰ পেৰেডত ‘বিশেষজ্ঞ’ কমিটিয়ে নাকচ কৰিলে। প্ৰধানমন্ত্ৰীগৰাকীলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম. কে. ষ্টেলিনে বিষয়টো বিবেচনাৰ বাবে আহ্বান জনাইছিল যদিও তাৰ কোনো সঁহাৰি পোৱা নগ’ল। সেয়ে ৰাজ্যখনৰ গণৰাজ্য দিৱসৰ পেৰেডত এই প্ৰতীকপট হৈ পৰিল চৰ্চাৰ বিষয়।

কেন্দ্ৰৰ ‘বিশেষজ্ঞ’ কমিটিখনে বিভিন্ন কথাৰ লগতে এইটো কথাও ক’লে যে প্ৰতীকপটৰ কিছুমান ব্যক্তিক “ৰাষ্ট্ৰীয় পৰ্য্যায়ত কোনোৱেও নাজানো।” অক্ষয় কৃষ্ণমূৰ্তীয়ে এই কথা কোনোপধ্যেও মানি নল’ব। তেওঁ ভাবে যে তেওঁ সেইসকল লোকৰ এজন, বেলু নছিয়াৰৰ সৈতে এক আত্মিক সম্পৰ্ক আছে। এইগৰাকী নছিয়াৰে বৃটিছৰ বিৰুদ্ধে যুঁজি শিৱাংগিনী (এতিয়া তামিলনাডুৰ এখন জিলা)ত ১৭৯৬লৈ আমৃত্যু শাসন কৰিছিল।

“একাদশ শ্ৰেণীত থাকোতে স্কুলৰ নাটকৰ প্ৰতিযোগিতাত বেলু নছিয়াৰৰ চৰিত্ৰ ৰূপায়ণ কৰাটোৱে মোৰ জীৱন সলনি কৰি দিছিল,” তেওঁ কয়।

“সেয়া কেৱল নাচ-গান নাছিল,” অক্ষয়াই কয়। সেই গীতবোৰত যেতিয়া ৰাণীক ‘বীৰমংগাই’ বুলি সম্বোধন কৰা হয়, সেই সাহস আৰু শক্তি তেওঁ নিজৰ গাত অনুভৱ কৰিছিল। প্ৰশিক্ষণপ্ৰাপ্ত ধ্ৰুপদী নৃত্যশিল্পী অক্ষয়াৰ মনত পৰে, আন্তঃস্কুল প্ৰতিযোগিতাৰ দিনা তেওঁৰ গা বেয়া আছিল। কিন্তু যিমানখিনি পাৰে তেওঁ কৰিছিল।

মঞ্চৰ পৰা নামিয়েই তেওঁ মূৰ্চা গৈছিল। হস্পিতাললৈ নি তেওঁক চেলাইন ড্ৰিপ দিবলগীয়া হৈছিল। “হাতত আইভি লাইন (বেজীৰ চিন) লৈ আমাৰ নাটখনে দ্বিতীয় পুৰস্কাৰ পাইছিল।” সেই দিনটোৱে তেওঁক নিজৰ সম্ভাৱনাৰ ওপৰত বিশ্বাস কৰিবলৈ শিকালে। তেওঁ ‘সাহসী হৈ পৰিল,’ দুচকীয়া আৰু চাৰিচকীয়া গাড়ী চলোৱা শিকিলে।

Tamil Nadu's tableau for the Republic Day parade, with Rani Velu Nachiyar (left), among others. The queen is an inspiration for Akshaya Krishnamoorthi
PHOTO • Shabbir Ahmed
Tamil Nadu's tableau for the Republic Day parade, with Rani Velu Nachiyar (left), among others. The queen is an inspiration for Akshaya Krishnamoorthi
PHOTO • Shabbir Ahmed

গণৰাজ্য দিৱসত তামিলনাডুৰ প্ৰতীকপটত আন মহৎ লোকৰ সৈতে ৰাণী বেলু নছিয়াৰ (বাওঁফালে)। সেই ৰাণীয়েই অক্ষয়া কৃষ্মমূৰ্তীৰ বাবে অনুপ্ৰেৰণাৰ স্ৰোত

অক্ষয়া তেওঁৰ পৰিয়ালটোৰ প্ৰথমগৰাকী স্নাতক। তেওঁ একেধাৰে এগৰাকী উদ্যোগী, উদ্ভাৱক আৰু মটিভেচনেল স্পিকাৰ।

এই সকলোখিনি ২১ বছৰ বয়সতে।

অক্ষয়াই মাক-দেউতাক, সৰু ভায়েক, খুৰীয়েক, এটা কুকুৰ আৰু ভালেকেইটা চৰাই (ভাটৌ চৰাই)ৰ লগত তামিলনাডুৰ ইৰোড জিলাৰ সত্যমংগলমৰ নিকটৱৰ্তী নিজৰ গৃহচহৰ আৰিয়াপ্পামপালায়ামত থাকে। ৰাজ্যখনৰ মানচিত্ৰত সৰু এটা বিন্দু এই চহৰ। বিজনেচ এডমিনিষ্ট্ৰেচনৰ স্নাতক এই কন্যাজনীয়ে এদিনাখন এই বিন্দুটোক দেশৰ কেন্দ্ৰবিন্দু কৰি তুলিব বিচাৰে।

কইম্বোটৰ, কৰুৰ আৰু তিৰুপ্পুৰকে ধৰি তামিলনাডুৰ এই সমগ্ৰ অঞ্চলটোত দুৰ্বল শ্ৰেণীৰ মাজত উদ্যমীতাৰ এক প্ৰশংসনীয় ইতিহাস আছে। সেয়ে দশম শ্ৰেণীৰ পিছত পঢ়া এৰা আৰু ভূমিহীন পৰিয়ালৰ সন্তান অক্ষয়া এই পুৰণি পৰম্পৰাৰ এক তৰুণ আদৰ্শ।

“মোৰ বয়স মোৰ শক্তিও আৰু মোৰ দুৰ্বলতাও,” পাৰিৰ সৈতে ২০২১ৰ অক্টোবৰত কথা পাতিতে অক্ষয়াই মিচিকিয়াই হাঁহি কয়। হালধি খেতিয়ক তিৰুমুৰ্তীৰ খেতিপথাৰ চাই অহাৰ পিছত তেওঁৰ শোৱনি কোঠাত বহি আমি চাহ আৰু বাজ্জি (পকৰি) খাই আছিলো। সেই বৈঠক আছিল স্মৰণীয়। নিজৰ ডাঙৰ ডাঙৰ সোণালী সপোনৰ বিষয়ে মিচিকিয়াই হাঁহি কথা কোৱা অক্ষয়াৰ মুখমণ্ডলৰ এটা অংশ তেওঁৰ চুটি চুটি চুলিবোৰে ঢাকি ধৰিছিল।

তেওঁৰ প্ৰিয় উক্তি এনেধৰণৰঃ “আজিৰ পৰাই কৰি যোৱা, নিজৰ সপোনটো জীয়াই যোৱা।” কলেজলৈ গৈ প্ৰেৰণাদায়ক বক্তা হিচাপে দিয়া বক্তব্যত এইষাৰ কথা তেওঁ সদায়ে কয়। এই কথাষাৰি তেওঁ নিজৰ জীৱন, ব্যৱসায়ত খটুৱাইছে। সুৰুকুপই ফুডচ্ নামে তেওঁ নিজৰ ব্ৰেণ্ড এটা খুলিছে। তামিল ভাষাত সুৰুকুপই মানে হৈছে সূতাৰ বেগ- ই পুৰণি জামানাৰ কথা মনত পেলাই দিয়াৰ লগতে মিত্যব্যয়িতা আৰু বহনক্ষমতাৰ কথা একেবাৰতে বুজায়।

কিবা এটা কৰাৰ হেপাহ অপ্ৰত্যাশিত নহয়। “কলেজত পঢ়া দিনবোৰত মই আৰু মোৰ বন্ধুবৰ্গ উলিয়িন উৰুবাম ট্ৰাষ্ট (অৰ্থ খনিকৰৰ বটালি)ত থাকিছিলো। আমাৰ দৰে সৰু চহৰৰ পৰা অহাসকলক জীৱনত আগবাঢ়ি যোৱাৰ বাবে সহায় কৰা ছাত্ৰ সংগঠনৰ এটাৰ দ্বাৰা এই ন্যাসটো চলে। ২০২৫ত ২০২৫ গৰাকী লিডাৰ সৃষ্টি কৰাৰ লক্ষ্য হাতত লৈছো,” খুবেই উচ্চাকাংক্ষা। কিন্তু সেই একেই উদ্যমী অক্ষয়াও।

Akshaya in Thiru Murthy's farm in Sathyamangalam. She repackages and resells the turmeric he grows
PHOTO • M. Palani Kumar

সত্যমংগলমৰ তিৰু মুৰ্তীৰ খেতিপথাৰত অক্ষয়া। তেওঁৰ খেতিৰ হালধি অক্ষয়াই পুনৰাই পেকিং কৰি বিক্ৰী কৰে

উদ্যমিতাৰ পথ বাচি ল’ব বুলি তেওঁ জানিছিল যদিও তেওঁ স্নাতক ডিগ্ৰী পোৱাৰ ঠিক আগেয়ে ২০২০ৰ মাৰ্চৰ ৰাষ্ট্ৰজোৰা লকডাউনে তেওঁৰ সম্ভাৱনা সীমিত কৰি তুলিলে। তেতিয়াই তেওঁ সত্যমংগলমৰ কাষৰ উপ্পুপল্লম নামে সৰু গাওঁখনৰ তিৰু মুৰ্তীক লগ পায়। তেওঁৰ দেউতাকৰ ঘৰুৱা সামগ্ৰী বিক্ৰী কৰা দোকানখনত তিৰু মুৰ্তী এজন গ্ৰাহক আছিল। “আপ্পাৰ (দেউতাকৰ) ৰেডিঅ’-কেছেটৰ দোকান এখন থকাৰ দিনধৰি তেওঁলোকে ইজনে আনজনক চিনি পাইছিল,” অক্ষয়াই মনত পেলায়।

তেওঁ খুৰা বুলি সম্বোধন কৰা তিৰুৱে হালধিৰ খেতিত নিজাকৈ মূল্য সংযোজন কৰি পোনপটীয়াকৈ গ্ৰাহকক বিক্ৰী কৰি এক লাভজনক ব্যৱসায় চলায়। অক্ষয়াই ভাবিলে যে তেওঁ নিজাকৈ সেয়া পুনৰাই পেকেজিং কৰি তেওঁৰ পণ্যসমূহ বিক্ৰী কৰিব পাৰে। তেওঁ সঁহাৰি উৎসাহজনক আছিলঃ “এদুথু পান্নুংগা” (লোৱা আৰু কৰা)। “খুৰা এই লৈ খুবেই ইতিবাচক আছিল,” অক্ষয়াই হাঁহি মাৰি কয়। এনেদৰেই সুৰুকুপই ফুডচৰ জন্ম হৈছিল।

তেওঁ নিজৰ কোম্পানীৰ পণ্য লৈ বিপণী দিয়া প্ৰথমখন প্ৰদৰ্শনীয়ে তেওঁক আশা দেখুৱাইছিল। টেন ফুড ‘২১ এক্সপ’ নামে সেয়া আছিল মাদুৰাইত ২০২১ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা এক বিশাল ইভেণ্ট। প্ৰায় দুহেজাৰ লোকে তেওঁৰ ষ্টল সাক্ষাৎ কৰিছিল। তেওঁলোকৰ ফিডবেকৰ পৰা আৰু পিছলৈ মাৰ্কেট ৰিচাৰ্ছ কৰি ব্ৰেণ্ডিং আৰু পেকেজিঙৰ গুৰুত্বৰ বিষয়ে শিকিছিল।

“আমাৰ ব্ৰেণ্ড নামটো গ্ৰাহকৰ মনত খুন্দিয়াইছিল, কিবা সম্পৰ্ক এটা অনুভৱ কৰিছিল,” অক্ষয়াই কয়। “তাৰোপৰি সেয়া আছিল অভিনৱ। তাৰ আগলৈকে হালধি কেৱল প্লাষ্টিকৰ পেকেটতে বিক্ৰী কৰা হৈছিল। কোনেও কাগজৰ পেকেটত সেয়া দেখা নাছিল, ৰছী লগোৱা পেকেটত!” তেওঁৰ সেই সৰল আইডিয়াটো এফএমচিজি নাইবা বুটিক অৰ্গেনিক ষ্ট’ৰবোৰেও ভবা নাছিল। তেওঁ সফলতা লাভ কৰে। তেওঁ আৰু আগবাঢ়ি যাব বিচাৰিছিল।

তেওঁৰ ব্যৱসায় বঢ়াবলৈ তেওঁ বিভিন্ন ব্যক্তি আৰু সংস্থাৰ পৰা পৰামৰ্শ বিচাৰিলে। তাৰে মাজৰ এগৰাকী হৈছে তেওঁৰ গুৰু পটান চুপাৰ ফুডচৰ ড. এম. নচ্চিমুট্টু আৰু শানমুংগা সুন্দৰম। মাদুৰাই এগ্ৰি বিজনেচ ইনকিউবেচন ফ’ৰাম (এমএবিআইএফ)য়ে তেওঁক ট্ৰেডমাৰ্ক আৰু এফএছএছএআই প্ৰমাণপত্ৰ পোৱা সহায় কৰিলে। অক্ষয়াই যেতিয়াই পাৰে আত্মসহায়ক বিষয়ক কিতাপ পঢ়ে। অলপতে পঢ়া কিতাপখন আছিলঃ এটিটিউড ইজ এভ্ৰিথিং

Akshaya's Surukupai Foods products on display in Akshaya Home Appliances, the store owned by her parents
PHOTO • M. Palani Kumar

অক্ষয়াৰ সুৰুকুপই ফুডচৰ পণ্য অক্ষয়া হোম এপ্লায়েন্সেচ বিপণিত ডিচপ্লে কৰি থোৱা আছে, বিপণিখন তেওঁৰ মাক-দেউতাকৰ

“কেনেকৈ ব্যৱসায় এটা আৰম্ভ কৰিব লাগে আৰু চলাব লাগে সেই বিষয়ে মোৰ বিবিএ পাঠ্যক্ৰমটোৱে মোক একো নিশিকালে,” তেওঁ কয়। শিক্ষা ব্যৱস্থাটোৰ প্ৰতি তেওঁৰ মৃদু অভিযোগ আছে। “কলেজত কিয় বেংকৰ লেনদেনৰ বিষয়ে শিকোৱা নহয়? বিবিএত কিয় বেংকত কেনেকৈ ঋণৰ বাবে আবেদন কৰিব লাগে শিকোৱা নহয়? বিভাগীয় মুৰব্বী আৰু শিক্ষকসকলৰ বাস্তৱ জগতখনৰ একো অভিজ্ঞতা নথকাটো কেনেকৈ হ’ব পাৰে?”

তেওঁ নিজেই সেই সীমাবদ্ধতাবোৰ দূৰ কৰাত লাগিছে। “মই শিকিবলগীয়া বহুকথাই আছে।”

সেই কাম ভালদৰে কৰিবলৈ তেওঁ কৰিবলগীয়া কামৰ তালিকা এখন নিতৌ প্ৰস্তুত কৰে। যিটো কাম শেষ কৰে সেইটো কাম তেওঁ তালিকাৰ পৰা কাটি দিয়ে। “যিটো বিষয় মই দিনটোত শেষ কৰিব নোৱাৰো সেইটো মই দ্বিতীয় দিনৰ বাবে ৰাখি থওঁ।” তেনে হ’লে তেওঁৰ মনত অপৰাধবোধ এটা থাকি যায়, তেওঁ আৰু বেছি পৰিশ্ৰম কৰে।

তেওঁৰ স্নাতকোত্তৰ ডিগ্ৰীৰ প্ৰথম তিনিটা চেমিষ্টাৰত তেওঁ কষ্টই ফল দিলে। তেওঁৰ পাঠ্যক্ৰমো বৰ মনোগ্ৰাহী। “মই দূৰশিক্ষণৰ যোগেদি ছ’চিয়েল ৱৰ্কৰ স্নাতকোত্তৰ ডিগ্ৰী কৰি আছো। প্ৰতিটো চেমিষ্টাৰৰ ফীজ ১০,০০০ টকা আৰু পৰীক্ষাৰ মাচুল ৫,০০০ টকা। আপ্পাই মোক আৰম্ভণিতে ৫,০০০ টকা দিছিল। বাকীখিনি মোৰ নিজৰ টকা,” গৌৰৱান্বিত হোৱাৰ সুৰেৰে তেওঁ বুজাই কয়। বাকীখিনি আহে তেওঁৰ ব্যৱসায়ত ১০,০০০ টকা বিনিয়োগ কৰি অহা ৪০,০০০ টকাৰ মুনাফাৰ পৰা।

তেওঁৰ গ্ৰাহকে তেওঁৰ পৰা পাইকাৰী হাৰত পণ্য কিনে। গ্ৰাহকৰ বাবে তেওঁ পণ্যবোৰ কাষ্টমাইজ কৰি দিয়ে। তেওঁৰ বেছিকৈ বিক্ৰী হোৱা সামগ্ৰীৰ ভিতৰত জৈৱ হালধিৰ পণ্যৰে ভৰা বিয়াৰ নিমন্ত্ৰণীৰ টোপোলা। তেওঁ ভাৱে যে তেঁৱেই এনে অফাৰ দিয়া প্ৰথমগৰাকী ব্যক্তি। “সেইখিনিৰ দাম মই ৫০ৰ পৰা ১০০ টকা কৰো। প্ৰতিটো গিফট্ হেম্পাৰত কাপোৰৰ মোনা আৰু সৰু মোনাৰ হালধি, ৫ গ্ৰামৰ বীজৰ পেকেট (থলুৱা বেঙেনা, বিলাহী, ভেণ্ডি, জলকীয়া আৰু লাইশাক) আৰু এখন ধন্যবাদ পত্ৰ।”

“মানুহে যেতিয়া তেওঁলোকৰ আত্মীয় আৰু বন্ধুবৰ্গক বিয়ালৈ মাতিবলৈ যায়, তেওঁলোকে নিমন্ত্ৰণী পত্ৰৰ লগতে উপহাৰৰ এই টোপোলাটো দিয়ে। এয়া মংগলময়, স্বাস্থ্যকৰ আৰু পৰিৱেশৰো অনুকূল,” অক্ষয়াই কয়। গ্ৰাহকক যেতিয়া ডাঙৰ মনোহাৰী উপহাৰৰ টোপোলা লাগে আৰু মূল্যও ভাল দিয়ে, তেতিয়া তেওঁ ধুনীয়া আইনাৰ বটলত ভৰাই হালধি পেক কৰে। তেওঁ এনে পেকিং কেইখনমান বিয়ালৈ পঠিয়াইছে আৰু মুখে মুখে চলি অহা প্ৰচাৰেৰে তেওঁ অৰ্ডাৰবোৰ পায়। “অন্তিমবাৰ তেওঁ ২০০ উপহাৰৰ টোপোলাৰ অৰ্ডাৰ পাইছিল, প্ৰতিটোতে ৪০০ টকাকৈ পাইছিল।”

Left: Akshaya with a surukupai, or drawstring pouch, made of cotton cloth. Right: The Surukupai Foods product range
PHOTO • M. Palani Kumar
Left: Akshaya with a surukupai, or drawstring pouch, made of cotton cloth. Right: The Surukupai Foods product range
PHOTO • M. Palani Kumar

বাওঁফালেঃ অক্ষয়াৰ হাতত কপাহী কাপোৰৰ এটা সুৰুকুপই (ৰছীলগা মোনা)। সোঁফালেঃ সুৰুকুপই ফুডচৰ পণ্যসমূহ

সত্যমংগলমলৈ যোৱাৰ কেইমাহমান পিছত অক্ষয়া আৰু মই ম’বাইলত মেচেজ কৰিলো। কল কৰি থকাৰ মাজতে তেওঁ ফোনটো লৰালৰিকৈ থ’লেঃ “বেংক মেনেজাৰে মাতিছে।” এঘণ্টা পিছত তেওঁ বুজাই ক’লে যে সেয়া পৰিদৰ্শনমূলক সাক্ষাৎ আছিল। তেওঁক ৰাজহুৱা খণ্ডৰ বেংক এটাই ১০ লাখ টকা ঋণ দিছে। তেওঁ নিজে সেইটোৰ কাৰণে আবেদন কৰিছিল, সকলো নথি-পত্ৰ যোগাৰ কৰিছিল আৰু ৯ টকা সুতত কোনো প্ৰতিভূতি (কোলেটাৰেল) নোহোৱাকৈ তেওঁ সেই ঋণ পাইছিল। হালধি গুড়ি কৰি স্বাস্থ্যসন্মতভাৱে সেয়া পেকিং কৰা মেচিন এটা বহুৱাবলৈ তেওঁ সেই ঋণ লৈছিল। তেওঁ সেই ব্যৱসায় বহলাব খোজে, যিমান পাৰে সোনকালে।

“মই এক টন হালধি গুড়িৰ অৰ্ডাৰ পাইছো। সেয়ে মই ব্যৱসায়ীৰ পৰা বজাৰৰ হালধি আনিছো,” তেওঁ কয়। মেচিনেৰীটো অলপ কৌশলী। “সম্পূৰ্ণ অটোমেটিক মেচিনৰ চেঞ্চৰৰ বিষয়ে আৰু পেপাৰ পুলিং আৰু ৰোল প্লেচ কৰাৰ বিষয়ে মই একো নাজানো। ভালদৰে নকৰিলে গোটেই বেটচটোৱে নষ্ট হৈ যাব।”

এনে বহু কথাই আছে, য’ত তেওঁৰ ভুল হৈ যাব পাৰে। কিন্তু তেওঁ ৰিস্ক ল’লেহে কিবা এটা কৰিব পাৰিব বুলি ভাবে। সেই মেচিনটোৰে, যিটো চলাবলৈ তেওঁক দুজন পাৰ্ট টাইম সহায়কৰ প্ৰয়োজন, সিটোৰে অদূৰ ভৱিষ্যতে মাহে ২ লাখ টকাৰ টাৰ্ণ অভাৰ লাভ কৰিব পাৰে। এনেদৰে তেওঁৰ কলেজৰ ডিগ্ৰীটোৱে দিবপৰা চাকৰিতকৈ বহু বেছি মুনাফা তেওঁ লাভ কৰিব পাৰিব বুলি তেওঁ ভাবে।

কিন্তু অক্ষয়াই এই ব্যক্তিগত লাভালাভৰ উপৰিও কিবা কৰিব পাৰিছে। তেওঁৰ এই প্ৰচেষ্টাই কৃষি ব্যৱসায় ব্যৱস্থাটো, যিটো সাধাৰণতে পুৰুষ নাইবা ক’ৰ্পৰেটে নিয়ন্ত্ৰণ কৰি আহিছে, সেয়া সলনি কৰিবলৈ চেষ্টা কৰিছে।

“য’ত হালধি খেতি কৰি থকা হৈছে, তাৰে কাষতেই হালধিৰ প্ৰচেছিং কৰি থকা হৈছে, এয়া এক ভাল খবৰ,” কৃষি জননীৰ (মুনাফা আদায়ী আৰু ৰিজেনেৰেটিভ এগ্ৰ’ইকলজিৰ বাবে কাম কৰা কাংগায়ামৰ সামাজিক প্ৰতিষ্ঠান) প্ৰতিস্থাপক আৰু চিইঅ’ উষা দেৱী ভেংকটেচালামে কয়। “তাৰোপৰি এগ্ৰি-প্ৰছেচিং কোম্পানীবোৰৰ আগভাগ লোৱা তৰুণ মহিলা বেছি নাই। শস্য চপোৱাৰ পিছৰ প্ৰক্ৰিয়াত মহিলাৰ ভূমিকা মেকানাইজেছন আৰু চেণ্ট্ৰেলাইজেছনৰ নামত নোহোৱা হৈছে।”

খাদ্যৰ যোগান শৃংখলৰ সমস্যাৰ বিষয়ে ব্যাখ্যা কৰি উষাই কয়, “এয়া প্ৰয়োজনতকৈ বেছি কেন্দ্ৰীয়কৰণ কৰি পেলোৱা হৈছে যিটো কাৰণত আমেৰিকাত উৎপাদিত আপেল পলিচ কৰিবলৈ দক্ষিণ আফ্ৰিকালৈ লৈ যোৱা হয় আৰু শেষত সেয়া বিক্ৰীৰ বাবে ভাৰতীয় বজাৰলৈ আহে। অতিমাৰীৰ পিছৰ পৃথিৱীত এই আৰ্হি নচলে। জলবায়ুৰ সংকটত এই পৰিবহনে কিমানখিনি অৰিহণা যোগাইছে সেয়া বিবেচনা কৰিলে বিষয়টো গুৰুতৰ হৈ পৰে।” উদাহৰণ স্বৰূপে বিদ্যুৎ আৰু ইন্ধনৰ কথাই ধৰকচোন।

The biodegradable sachets in which Akshaya sells turmeric under her Surukupai Foods brand. She says she learnt the importance of branding and packaging early in her entrepreneurial journey
PHOTO • Akshaya Krishnamoorthi
The biodegradable sachets in which Akshaya sells turmeric under her Surukupai Foods brand. She says she learnt the importance of branding and packaging early in her entrepreneurial journey
PHOTO • Akshaya Krishnamoorthi
The biodegradable sachets in which Akshaya sells turmeric under her Surukupai Foods brand. She says she learnt the importance of branding and packaging early in her entrepreneurial journey
PHOTO • Akshaya Krishnamoorthi

জৈৱ পচনীয় পেকেটত অক্ষয়াই সুৰুকুপই ফুডচ্ ব্ৰেণ্ডৰ হালধি বিক্ৰী কৰে। উদ্যমীতাৰ প্ৰাৰম্ভিক সময়খিনিত তেওঁ ব্ৰেণ্ডিং আৰু পেকেজিঙৰ গুৰুত্বৰ বিষয়ে শিকা বুলি তেওঁ কয়

অক্ষয়াৰ দীৰ্ঘম্যাদী পৰিকল্পনাই এই সকলো সমস্যা সমাধান নকৰিব পাৰে। কিন্তু সাধাৰণ চিন্তাৰ গণ্ডীৰ বাহিৰত চিন্তা কৰা অক্ষয়াৰ হালধিৰ চকলেট আৰু হালধিৰ চিপচ-য়ে পাৰম্পৰিক বজাৰখনত নিশ্চয়কৈ উদ্ভাৱনমূলক কিবা এটা কৰিব। অন্ততঃ স্থানীয়ভাৱে, যদিওবা তেওঁ এয়া বহু আগলৈ যাব পাৰে।

“মই ভাবো যে গ্ৰাহক ওলাব,” ই কিছুমান বিশেষ গ্ৰাহকৰ মাজতে সীমাবদ্ধ হৈ ৰ’ব নেকি বুলি মই সোধাত তেওঁ উত্তৰ দিয়ে। “মানুহে পেপচি আৰু ক’ক খায়। কিন্তু তেওঁলোকে নান্নাৰি চৰ্বত আৰু পনীৰ ছোডাও খাই ভাল পায়। হালধিৰ প্ৰডাক্ট,” তেওঁ মোক আত্মপ্ৰত্যয়েৰে কয়, “হালধিৰ পণ্যও এনেদৰেই জনপ্ৰিয় হৈ পৰিব আৰু ই স্বাস্থ্যৰ কাৰণেও ভাল।”

২০২৫ত গ্ৰামাঞ্চলৰ বজাৰত আহিবলগীয়া শ্ৰীবৃদ্ধিৰ ওপৰত তেওঁ নজৰ ৰাখিছে। “তাৰবাবে পণ্যবোৰ বহনক্ষম হ’ব লাগিব, কম পৰিমাণে উপলব্ধ হ’ব লাগিব। ডাঙৰ পেকেটৰ জৈৱ হালধিৰ পেকেটবোৰ মহঙা হৈ পৰিছে, ২৫০ গ্ৰামৰ পেকেটত ১৬৫ টকা লাগে। সেয়ে মই এয়া এবাৰ ব্যৱহাৰ কৰিবপৰা পেকেট হিচাপে প্ৰস্তুত কৰিছো।”

মাক-দেউতাকৰ দোকানৰ চেলফৰ পৰা তুলি আনি তেওঁ দেখুৱাইছে সুৰুকুপই পেকেট। ৬ গ্ৰাম হালধিৰ ফেচ পেকৰ ১২টা কাগজৰ পেকেট তেওঁ দাঙি ধৰিছে। “গ্ৰাহকে এই ছেটটো ১২০ টকাত কিনিব পাৰে নাইবা ১০ টকাত এটা পেকেট কিনিব পাৰে।” ডাঙৰ পেকেটবোৰ মোটা কপাহী কাপোৰেৰে প্ৰস্তুত কৰা। পেকেটবোৰ জৈৱ-পচনীয়, আৰ্দ্ৰতা ঠিকে ৰাখিব পৰা পাতল প্লাষ্টিকৰ তৰপেৰে নিৰ্মিত কাগজৰ পেকেট।

এয়া প্ৰস্তুত কৰা আটাইখিনি কাম তিৰু মুৰ্তীয়ে কৰে। বগাৰ ৰঙৰ লেবেল অক্ষয়াই লগাইছে। তেওঁ ইয়াৰ গুণসমূহ কৈ গৈছে। “এনে কৰিলে আৱৰ্জনা কমে আৰু গুড়িখিনি শুকাই নাযায়। আৰু দহ টকা দি গ্ৰাহকে এবাৰ ব্যৱহাৰ কৰি চাব পাৰে।” তেওঁ লেথাৰি নিচিগাকৈ কথা কৈ গৈছে। “মোৰ সদায়েই ইমান শক্তি থাকে,” তেওঁ হাঁহিছে।

তেওঁ মাক-দেউতাকৰ পৰাও সহায় পাইছে। তেওঁলোকৰ দুখন মজলীয়া দোকান আছে। তাতেই তেওঁৰ পণ্যবোৰ প্ৰথম বিক্ৰীৰ বাবে ৰাখে। অক্ষয়াই নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ পৰা ধৰি তেওঁৰ সিদ্ধান্ত আৰু কেৰিয়াৰ মাক-দেউতাকে সমৰ্থন কৰি আহিছে।

“I always have energy,” she says, laughing
PHOTO • M. Palani Kumar

'মোৰ সদায়েই ইমান শক্তি থাকে,' তেওঁ হাঁহি কয়

কেইবছৰ মান আগতে কুলদেৱতাৰ কাৰণে তেওঁ মুৰৰ চুলি খুৰাই দিছিল। বহুতেই ইয়াৰ বাবে কটুকথা শুনাইছিল। কিন্তু তেওঁৰ মাক-দেউতাক সদায় তেওঁৰ পক্ষত আছিল। “মোৰ গা সঘনে বেয়া হৈ থাকিছিল। মই কৰ্কট ৰোগীৰ কাৰণে চুলিখিনি দান দিয়াৰ কথা ভাবিছিলো, তেতিয়া নোৱাৰিলো। খুৰাই দিয়াত মই মনত সাহস পালো,” তেওঁ ক’লে। “মোৰ পৰিচয় মোৰ চুলিখিনিয়ে নিৰ্ধাৰণ নকৰে। মা-দেউতাই তেনেকৈও মোক ভাল পায়, সেই কথাত মই সুখী।”

তেওঁলোকে অক্ষয়াৰ সপোনৰ পক্ষত থিয় দিয়ে। তেওঁৰ বেটচৰ ৬০ গৰাকী সহপাঠীৰ প্ৰায়ভাগৰে বিয়া হৈছে। “লকডাউনৰ কাৰণে মাক-দেউতাকে ছোৱালীবোৰক বিয়া দি দায়িত্ব সামৰিছে। কিছুমানে কামলৈ যায়। বাকী কোনেও ব্যৱসায় আৰম্ভ কৰা নাই।”

উষা দেৱী ভেংকটচালামে ভাবে যে অক্ষয়াৰ সফলতাই সেই পৰম্পৰা সলনি কৰিব পাৰে। “ডাঙৰ কথা যে এই অঞ্চলত জন্ম পোৱা তৰুণ যুৱতী, যিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত নিজৰ পৰিচয় গঢ়িব বিচাৰে, তেওঁলোকে স্থানীয় পৰ্যায়ত প্ৰচেচিং ইউনিট স্থানীয়ভাৱে বহুওৱাৰ দিশে এটা খোজ আগুৱাইছে, এয়া সঁচাকৈয়ে অতিকৈ প্ৰেৰণাদায়ক কথা। ইয়াৰ পৰা আনে বিশেষকৈ তেওঁলোকৰ সমনীয়াবোৰে কিবা এটা শিকিব।”

অক্ষয়াই আগলৈ এমবিএ কৰিব বিচাৰে। “বহুতেই আগতে সেয়া কৰে আৰু ব্যৱসায় আৰম্ভ কৰে। মই ওলোটাকৈ কৰিছো।” এনে কৰিলে ভাল হ’ব বুলি তেওঁ বিশ্বাস কৰে। নিজৰ গৃহচহৰতে থাকি নিজৰ ব্ৰেণ্ডটো জাকতজিলিকা কৰিবলৈ তেওঁ চেষ্টা কৰি যাব বুলি তেওঁ সিদ্ধান্ত লৈছে। তেওঁৰ এটা ৱেবছাইট আছে। ইনষ্টাগ্ৰাম, লিংকড্ইনতো তেওঁ আছে। হেচটেগ লগাই (turmericlatteৰ দৰে হেচটেগ) ব্যৱহাৰ কৰি) তেওঁ ৰেচিপি তাত পোষ্ট কৰে আৰু এফপিঅ’ আৰু ৰপ্তানিকৰ্তাৰ সৈতে তেওঁৰ সংযুক্ত হ’ব বিচাৰে। তেওঁ কয়, “কৃষকে খেতিপথাৰত মনযোগ দিব পাৰে আৰু আমি বিক্ৰীৰ কামত লাগিব পাৰো।” কৃষি, বজাৰ আৰু ঘৰৰ মাজৰ ব্যৱধান এনেকৈয়ে নাইকিয়া হ’ব পাৰে।

“আজিকালি আপুনি কেনেকৈ কৈছে তাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে,” তেওঁ দৃঢ়তাৰে কয়। “গ্ৰাহকে মোৰ পেকেজিং কৰা বস্তু কিনি পিছত ৰছীৰ মোনাটো পইচা বচাবলৈ ব্যৱহাৰ কৰিলে তেওঁলোকে মোৰ ব্ৰেণ্ডটো মনত ৰাখিব আৰু আগলৈ কিনিব।” এনেকৈয়ে তামিলনাডুৰ হালধিয়ে এদিন সাত সাগৰ তেৰ নদী পাৰ কৰিব, দূৰ-দুৰণিলৈ বিয়পি পৰিব।

আজীম প্ৰেমজী ইউনিভাৰ্ছিটিৰ ২০২০ৰ গৱেষণা অনুদান কাৰ্য্যসূচীৰ অধীনত এই গৱেষণামূলক অধ্যয়ন কৰা হৈছে।

প্ৰচ্ছদ আলোকচিত্ৰ: এম পালানি কুমাৰ

অনুবাদ: পংকজ দাস

Aparna Karthikeyan

Aparna Karthikeyan is an independent journalist, author and Senior Fellow, PARI. Her non-fiction book 'Nine Rupees an Hour' documents the disappearing livelihoods of Tamil Nadu. She has written five books for children. Aparna lives in Chennai with her family and dogs.

Other stories by Aparna Karthikeyan
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das