মই যিদিনা গান্ধীনগৰ আৰু আলাগাপুৰি গাঁৱত উপস্থিত হৈছিলো, গাওঁদুখনৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছিল। মানুহৰ ভীৰ লাগি আছিল। দলিত লোকেৰে অধ্যুষিত গাওঁদুখনক ভাগ কৰিছিল এটা ৰাস্তাই। ৰাস্তাত পুলিচৰ গাড়ী, ইফালে-সিফালে পুলিচেৰে ভৰি আছিল। শিৱকাশী চহৰৰ কনিষ্কা ফায়াৰৱৰ্কছ্ কোম্পানীত জুই লাগি ১৪ জন শ্ৰমিকৰ মৃত্যুৰ বাতৰিয়ে গাঁৱৰ মানুহখিনিক জোকাৰি গৈছিল। কেৱল গান্ধীনগৰ গাঁৱতে ছজন মানুহ ঢুকাইছিল। আটাইকেইজনে আছিল দলিত।

প্ৰিয়জনক হেৰুৱাই মানুহে ৰাস্তাত হিয়াঢাকুৰি কান্দি আছিল। কিছুমানে বিৰুধুনগৰ জিলাৰ গাঁৱে-চহৰে থকা আত্মীয়-কুটুমক খবৰ দিয়াত ব্যস্ত আছিল।

কিছুসময়ৰ পিছতে ভীৰটো সমাধি শ্মশানশালিৰ দিশে আগবাঢ়িল। ময়ো তাতে যোগ দিলো। গোটেই গাওঁখনেই ২০২৩ৰ ১৭ অক্টোবৰত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা গাওঁখনৰ ছজন শ্ৰমিকক বিদায় দিবলৈ শ্মশানশালি অভিমুখে গতি কৰিছিল। অগ্নিদগ্ধ হোৱা শৱকেইটা মৰোণোত্তৰ পৰীক্ষাৰ বিচাৰি উলিয়াই নিওতে কিমান অসুবিধা হৈছিল, সেয়া বুজাই আছিল অগ্নিনিৰ্বাপক বাহিনীৰ দায়িত্বত থকা এজন লোকে।

ৰাতি ৮ বাজি ৩০ মিনিটমানত ছখন এম্বুলেন্স সমাধিস্থলত উপস্থিত হ’ল। গোটেই ভীৰটোৱে এম্বুলেন্স আগুৰি ৰাউচি জুৰি কান্দিবলৈ ধৰিলে। এক মুহূৰ্তৰ বাবে মই মোৰ কাম কি আছিল পাহৰি গ’লো। কেমেৰাটো উলিয়াব পৰা নাছিলো। ৰাতিৰ আন্ধাৰে মৰিশালিখন ঢাকি আছিল। উৰি থকা উঁইপৰুৱাই এটা লাইটক কেন্দ্ৰ কৰি এনেকৈ থূপ খাইছিল যেন সেয়া উঁইপৰুৱা নহয়, গাঁৱৰ মানুহখিনিহে।

শৱকেইটা উলিওৱাৰ লগে লগে মানুহবোৰে আঁতৰি দিলে। পোৰা যোৱা মাংসৰ গোন্ধ কোনেও সহ্য কৰিবপৰা নাছিল। দুই-এজনে আকৌ বমি কৰিছিল। ভীৰটো ততালিকে নাইকিয়া হৈছিল, শ্মশানখন অকলশৰীয়া হৈ ৰৈছিল।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে : শিৱকাশীত অগ্নিকাণ্ডত জ্বলি ছাঁই হৈ যোৱা কনিষ্কা ফায়াৰক্ৰেকাৰ ফেক্টৰিটো, য’ত ১৪ জন শ্ৰমিকে প্ৰাণ হেৰুৱাইছিল সোঁফালে : অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা শ্ৰমিক এম বালামুৰুগানৰ ঘৰত মানুহ গোট খাইছে

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: শ্মশান অভিমুখে খোজ দিছে আত্মীয়-কুটুম আৰু বন্ধুবৰ্গই। সোঁফালে: সাজ লাগিবৰ হৈছিল, শৱকেইটা আহি পোৱালৈ মানুহখিনিয়ে অপেক্ষা কৰিছে

১৪ বৰ্ষীয় ছাত্ৰী এম. সন্ধ্যাই এগৰাকী বৈজ্ঞানিক হোৱাৰ সপোন দেখিছিল। দুৰ্ঘটনাত মাক মনিশ্বৰীক হেৰুওৱাৰ পিছত তেওঁ এতিয়া নিজৰ সপোনবোৰ পুনৰাই দেখিবলগীয়া হৈছে। সন্ধ্যাৰ মাকে যোৱা আঠ বছৰ ধৰি ফেক্টৰিত কাম কৰি আহিছিল। জীয়েকৰ সপোন পুৰাবলৈ তেওঁ অভাৰটাইম কাম কৰিছিল। একমাত্ৰ অভিভাৱক হিচাপে তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছিল, এতিয়া সন্ধ্যাৰ চোৱা-চিতা কৰি থকা পাতি (আইতাক)য়ে কয়। “পাতিয়ে কিমানদিনলৈ মোৰ চোৱাচিতা কৰি থাকিব পাৰিব, সেয়া মই নাজানো। তেওঁৰ মধুমেহ ৰোগ আছে,” সন্ধ্যাই কয়।

পঞ্চবৰ্ণমে সেই মৰ্মন্তুদ ঘটনাটোত গিৰীয়েকক হেৰুৱাইছিল। “বাহিৰত চেম্পল হিচাপে ৰখা ফটকাত জুই লাগিছিল,” তেওঁ কয়। “দুৱাৰমুখতে থকা কাৰণে মই ওলাই আহিব পাৰিলো। কিন্তু ধোঁৱাৰ কাৰণে তেওঁ ওলাই আহিব নোৱাৰিলে।”

দুৰ্ঘটনাটোৰ পৰা পলাই হাত সাৰিলেও তেওঁৰ গাত দেখা দিয়া পানীজোলা আৰু আঁচোৰ মোক দেখুৱালে। “গ্ৰাহকে বেছি পৰিমাণৰ ফটকা কিনিবলৈ আহিলে চেম্পল চাব বিচাৰে। চেম্পল পৰীক্ষা কৰিবলৈ হ’লে তেওঁলোকে দোকানৰ পৰা অতিকমেও এক কিলোমিটাৰ দূৰ যাব লাগে। কিন্তু যিদিনা দুৰ্ঘটনাটো হৈছিল, সিদিনা তেওঁলোকে ফেক্টৰিৰ চৌহদতে চেম্পল পৰীক্ষা কৰিছিল। ফটকা ফুটাই চাওতে তাৰ ফিৰিঙতি চাৰিওফালে বিয়পি পৰিছিল আৰু মজিয়াতে তেওঁলোকে মুঠা মুঠা কৰি থকা ফটকাত গৈ লাগিছিল। গোটেই ৰুমটোত জুই লাগিবলৈ ছেকেণ্ডো নালাগিল। তাতে থকা ১৫ জন শ্ৰমিকৰ ১৩ জনৰ গাত জুই লাগিছিল। থাৰ্ড ডিগ্ৰী জুই লাগি কোনোমতে বাচি অহা তিনিজন শ্ৰমিক সেই সময়ত টয়লেটত আছিল। তাতে নাথাকিলে তেওঁলোকো নাবাচিলেহেঁতেন। তেওঁলোক ওলাই আহোতে তেওঁলোকৰ শাড়ীত জুই লাগিছিল,” তেওঁ মনত পেলায়।

পঞ্চবৰ্ণম আৰু তেওঁৰ গিৰীয়েক বালামুৰুগানৰ আয় তেওঁলোকে ঘণ্টা হিচাপত কৰা কামৰ ওপৰত নিৰ্ভৰ কৰে। কষ্টোপাৰ্জিত ধনখিনি তেওঁলোকে ছোৱালীজনী আৰু ল’ৰাটোৰ পঢ়া-শুনাৰ নামত খৰছ কৰিছে। ছোৱালীজনীয়ে বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰী পঢ়ি আছে আৰু ল’ৰাটোৱে আই.টি.আই. ডিপ্ল’মা কৰি আছে। গিৰীয়েক বালামুৰুগানৰ কথা সুঁৱৰি পঞ্চবৰ্ণমে কয়, “নিজৰ ল’ৰা-ছোৱালীকেইটাক পঢ়াবলৈ তেওঁ যিমানখিনি কৰিব লাগে, সিমানখিনি কৰাৰ বাবে তেওঁ সাজু আছিল।” তেওঁৰ জীয়েক ভৱানীয়ে কয়, “তেওঁ সদায়েই এটা বস্তুৰ ওপৰতে জোৰ দিছিল, সেয়া হৈছে শিক্ষা। তেওঁ যিমানখিনি কষ্ট পাইছিল, সিমানখিনি আমি পোৱাটো বিচৰা নাছিল।”

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

৮ বাজি ৩০ মিনিটত প্ৰথমখন এম্বুলেন্স (বাওঁফালে) শ্মশানত উপস্থিত হৈছে, তাৰপিছত আহিল আৰু পাঁচখন (সোঁফালে)

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে : মৃত শ্ৰমিককেইজনক তেওঁলোকক মেৰিয়াই অনা কাপোৰকেইখনৰ নম্বৰেৰেহে চিনিব পাৰি সোঁফালে : এম্বুলেন্সৰ পৰা শৱবোৰ নমাই থকা পৰিয়াল আৰু আত্মীয়-কুটুমে চাইছে

এতিয়া জুই লগা ঘটনা আৰু তাৰপিছৰ মেডিকেলৰ খৰছ বহন কৰাৰ পিছত পঞ্চবৰ্ণম আৰু পৰিয়ালটো ধাৰত পোত গৈছে। যকৃতৰ সমস্যাৰ বাবে তেওঁ এতিয়ালৈ পাঁচবাৰ শল্যচিকিৎসা কৰাবলগীয়া হৈছে। দৰৱৰ নামত তেওঁৰ মাহে ৫,০০০ টকা খৰছ হয়। “আমি আমাৰ ছোৱালীজনীৰ কলেজৰ ফীজখিনিও (২০,০০০) দিয়া নাই। আমি ভাবিছিলো আমাৰ দেৱালী বোনাচৰ পৰা পইছাখিনি দিম,” তেওঁ কয়। পঞ্চবৰ্ণমৰ বাবে স্বাস্থ্য পৰীক্ষাৰ পইচাও নাছিল। নিমখৰ স্তৰটো ঠিকে ৰাখিবলৈ তেওঁ টেবলেট খাই থাকিবলগীয়া হৈছে।

বালামুৰুগান আৰু পঞ্চবৰ্ণমৰ ডাঙৰজনী ছোৱালী ভৱানী। ১৮ বছৰীয়া ছোৱালীজনীয়ে এতিয়াও তাইৰ পিতৃৰ মৃত্যু সহজভাবে ল’বপৰা নাই। “তেওঁ আমাৰ বৰ যত্ন লৈছিল। ঘৰৰ কাম কৰিব নিদিছিল। ঘৰৰ সকলো দায়িত্ব তেওঁ নিজে লৈছিল। মাৰ অসুখীয়া হৈ থকাৰ বাবে তেওঁ ভাত-পানী ৰন্ধা আৰু সৰা-মচা কামবোৰ তেওঁ নিজেই কৰিছিল, আমাক কৰিবলৈ দিয়া নাছিল।” পৰিয়ালটোৱে তেওঁৰ ওপৰতে নিৰ্ভৰ কৰি চলিছিল আৰু এতিয়া তেওঁৰ অনুপস্থিতিত অথাই সাগৰত পৰিছে।

চৰকাৰে ৩ লাখ টকাৰ ক্ষতিপূৰণ দিছে। তেওঁলোকে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা চেকখন সংগ্ৰহ কৰিছে। ফেক্টৰিয়ে তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু তেওঁলোকে অক্টোবৰত ৬ লাখ টকা পাইছে। পঞ্চবৰ্ণমে বিশ্বাস কৰিছিল যে তেওঁ আৰু বালামুৰুগান দুয়ো ফটকা কোম্পানীটোৰ অতিকৈ বিশ্বাসভাজন কৰ্মী আছিল আৰু তাত কাম কৰা তেওঁলোকৰ ১২ বছৰ হৈছিল।

গান্ধীনগৰ গাঁৱৰ পুৰুষ-মহিলাই ঘাইকৈ কৃষিপথাৰ আৰু ফটকা কোম্পানীত শ্ৰমিক হিচাপে কাম কৰে। ফটকা কোম্পানীত কাম কৰিলে পথাৰত কাম কৰাতকৈ ভাল পইচা পায় বাবে পঞ্চবৰ্ণমৰ পৰিয়ালটোৱে সেই কামেই বাচি লৈছিল।

তেওঁলোকৰ ১৯ বৰ্ষীয় সন্তান পাণ্ডিয়াৰাজন ঘটনাস্থলীলৈ গৈছিল, সেই দৃশ্য দেখাৰ পিছৰে পৰা তেওঁ ভয়-শংকা আৰু শোকত স্তব্ধ হৈ পৰিছে। ঘটনাটোৱে তেওঁক জোকাৰি গৈছে, তেওঁৰ ভনীয়েকে কয়। “তেওঁ (দেউতাকে) সিদিনা শেষৰটো কল মোক কৰিছিল। দুপৰীয়াৰ আহাৰ খাইছো নে নাই, সেয়া সুধিবলৈ ফোন কৰিছিল। আধাঘণ্টা পিছত তেওঁৰ সহকৰ্মীৰ ফোন আহিছিল, ঘটনাটোৰ খবৰ দিছিল। সেই ঠাইলৈ উধাতু খাই গৈছিলো। কিন্তু তেওঁলোকে মোক ভিতৰত সোমাবলৈ নিদিলে। হস্পিতাল পাই জানিলো যে তেওঁ আৰু নাই,” পাণ্ডিয়াৰাজনে কয়।

“কেনেকৈ জীয়াই থাকিম, ভাবি পোৱা নাই। মায়ে যি কয়, সেয়াই কৰিবলৈ আমি মান্তি। তেওঁ যদি এতিয়া আমাক মৰি যাবলৈ কয়, আমি মৰি যাম। কিমানদিন আমাৰ আত্মীয়ই আমাক আশ্ৰয় আৰু পোহ-পাল দি থাকিব?” ভৱানীয়ে কয়।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে : শ্মশানত ম’বাইলৰ টৰ্চ জ্বলাই মানুহে শেষকৃত্যৰ বাবে ঠাই মুকলি কৰিছে সোঁফালে : আটাইকেইটা শৱ একেশাৰীতে দাহ কৰা হয়

PHOTO • M. Palani Kumar

ৰাতিৰ আকাশত চিতাৰ জুই , আত্মীয়-স্বজন আৰু বন্ধুবৰ্গই এৰি যোৱাৰ পিছত

অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাৰ সময়ত তামিল চেলভিৰ বয়স আছিল ৫৭ বছৰ। তেওঁ ২৩ বছৰ আগতে ফটকা ফেক্টৰিটোত কাম কৰিবলৈ লৈছিল আৰু আৰম্ভণিতে দিনে ২০০ টকা উপাৰ্জন কৰিছিল, পিছলৈ সেয়া ৪০০ টকা হৈছিল।

তেওঁৰ সৰুজন ল’ৰা টি ইশ্বৰনে কয়, “মোৰ দুবছৰ বয়সত মোৰ দেউতা ঢুকাইছিল। তেতিয়াৰে পৰা মায়ে মোক আৰু মোৰ দাদাক অকলে লালন-পালন কৰিছে।” তেওঁৰ দুই সন্তানেই স্নাতক ডিগ্ৰীধাৰী। “মই কম্পিউটাৰ চায়েন্স পঢ়িলো, দাদাই বি.এছ.চি. পাছ কৰিছে,” তেওঁ কয়।

তামিলচেলভিৰ ডাঙৰজন ল’ৰা এতিয়া এগৰাকী আৰক্ষী বিষয়া, তিৰুপুৰত কৰ্মৰত। “নিজৰ ল’ৰাটোৰ ভালৰ বাবে তেওঁ গোটেই জীৱনটো কাম কৰিলে, কিন্তু সন্তানে পোৱা সফলতাৰ সুখকণ ল’ব নাপালে,” তেওঁৰ আত্মীয়ই কয়।

সেই জুইৰ পৰা বাচি অহা কুৰুৱাম্মাই কয় যে ৰাসায়নিক সামগ্ৰী শুকোৱা, কাগজত মেৰিওৱা আৰু তাত বিস্ফোৰক ৰাসায়নিক ভৰোৱা আৰু শেষত সেয়া একেলগে বন্ধা কামটোৰ বাবে হাজিৰা দিনে ২৫০ টকা। তেওঁলোকৰ দৰমহা নিয়মিত হাৰত নাবাঢ়ে, তাৰ পৰিৱৰ্তে তেওঁলোকে বোনাচ পায়। ছুটি নোলোৱাকৈ ফেক্টৰিত কাম কৰিলে তেওঁলোকে ছমাহত ৫,০০০ টকা বোনাচ পায়।

এইখন গাঁৱৰ ভালেকেইগৰাকী মহিলাই ফটকা কোম্পানীৰ কাম কষ্টকৰ যদিও কৰিবলৈ বাধ্য হয়, নহ’লে ঘৰ নচলে। জুইয়ে পুৰি মৃত্যু ঘটা কুৰুৱাম্মালো এনে এগৰাকী মহিলা আছিল, তেওঁ গোটেই পৰিয়ালটোৰ দায়িত্ব মুৰপাতি লৈছিল। তেওঁৰ গিৰীয়েক চুব্বু কানিয়ে নলীনাদৰ কাম কৰি থাকোতে এনেকুৱাই এটা ঘটনাত চকুত আঘাত পাই আংশিকভাৱে দৃষ্টিশক্তি হেৰুৱাইছিল। তেওঁ এতিয়া আৰু দিনহাজিৰা কৰিব নোৱাৰে। সেয়ে কুৰুৱাম্মাল অকলেই গৈছিল। কিন্তু এতিয়া তিনিজনীয়া পৰিয়ালটো নিৰাশ্ৰয় হৈ পৰিছে। “মই চকুৰে ভালকৈ নেদেখিলেও তায়েই মোক বাট দেখুৱাইছিল,” চকুলো টুকি চুব্বু কানিয়ে কয়।

PHOTO • M. Palani Kumar

বালামুৰুগানে সংসাৰত তেওঁৰ পত্নী পঞ্চবৰ্ণম আৰু দুই সন্তান পাণ্ডিয়াৰাজন আৰু ভৱানীক এৰি গৈছে

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে : বালামুৰুগানে তেওঁৰ পৰিয়ালটোক ফুৰাবলৈ লৈ গৈছিল এইখন কন্যাকুমাৰীলৈ ফুৰিবলৈ যোৱা ফটো সোঁফালে : ভৱানীৰ ফোনত বালামুৰুগানৰ এখন ফটো

সেই ভয়ানক অগ্নিকাণ্ডৰ বলি হোৱা আন এগৰাকী মহিলা ইন্দ্ৰানী। তেওঁৰ আঠুৰ বিষ আছিল, ৩০ মিনিটতকৈ তেওঁ বেছি সময় ঠিয় দি থাকিব নোৱাৰিছিল। কিন্তু মৃগীৰোগত ভুগি থকা গিৰীয়েক আৰু ল’ৰা-ছোৱালীকেইটাৰ পোহপালৰ বাবে তেওঁ সেই কাম কৰি গৈছিল। তেওঁলোকৰ চাৰিজনীয়া পৰিয়ালটো এটা কোঠালীৰ ঘৰত থাকিছিল আৰু টকা ধাৰলৈ আনি তেওঁলোকে আন এটা কোঠা ভাৰাত লৈছিল।

“অহা চাৰিমাহত মই আৰু মায়ে মিলি আমাৰ ধাৰখিনি পৰিশোধ কৰাৰ কথা আছিল। আমাৰ বিয়াক লৈও তেওঁ চিন্তিত আছিল। মৃগীৰোগ থকা দেউতাক আৰু বেমাৰী মাক থকা ছোৱালীক কোনে বিয়া পাতিব বিচাৰিব?” ইন্দ্ৰাণীৰ জীয়েক কাৰ্তিশ্বৰীয়ে কয়। তেওঁ এইবছৰ চৰকাৰী চাকৰিৰ বাবে গ্ৰুপ ফ’ৰৰ পৰীক্ষা দিয়াৰ পৰিকল্পনা কৰিছে। “কোচ্চিং চেণ্টাৰৰ ফীজ দিয়াৰ আমাৰ সম্বল নাই,” তেওঁ কয়।

২০২৩ৰ ডিচেম্বৰত দেউতাক ঢুকোৱাটোও তেওঁলোকৰ বাবে আছিল আন এটা মৰ্মন্তুদ ঘটনা। খ্ৰীষ্টমাছৰ তৰা এটা লগাবলৈ গৈ তেওঁ পিচলি পৰিছিল। তেনেকৈ পৰি তেওঁ ঢুকাইচিল। এতিয়া পৰিয়ালৰ গোটেইটো দায়িত্বভাৰ কাৰ্তিশ্বৰীৰ ওপৰত আহি পৰিছে, ইফালে তেওঁৰ আকৌ গ্ৰুপ ফ’ৰৰ পৰীক্ষাও আছে।

কাষৰ গাঁৱৰ মহিলা কিছুমানে দিয়াশলাইৰ ফেক্টৰিত কাম কৰিছিল, যেনে গুৰুৱাম্মা। তেওঁলোকে ১১০ টা দিয়াশলাইৰ বাকচ কাটি পেকিং কৰি মাত্ৰ তিনি টকা পাইছিল। মহিলাসকলে বুজি পালে যে ইমান কম পইচা দি তেওঁলোকক শোষণ কৰা হৈছে আৰু সেয়ে তেওঁলোকে সকলোৱে লগ লাগি সেই কাম এৰি ফটকাৰ ফেক্টৰিৰ কামত সোমোৱাৰ সিদ্ধান্ত ল’লে।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে : মুনিশ্বৰীৰ সাপ্তাহিক মজুৰিৰ খাতাখন তেওঁৰ সাপ্তাহিক আয় কেতিয়াও ১ ,০০০ টকাৰ ওপৰত নাছিল সোঁফালে : তিৰুচেন্দুৰত সন্ধ্যাৰ সৈতে মুনিশ্বৰীয়ে তোলা এখন ফটো

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে : দুৰ্ঘটনাটোত ঢুকোৱা মাক মুনিশ্বৰীলৈ সন্ধ্যাই লিখা এখন চিঠি সোঁফালে : আইতাকৰ সৈতে সন্ধ্যা

এইখন গাঁৱত কৃষিকেই একমাত্ৰ জীৱিকা কৰি ল’ব নোৱাৰি। খৰাং আৰু দুৰ্ভিক্ষই খেতিৰ মাটিবোৰ কৃষিৰ অযোগ্য কৰি তুলিছে। কিছুমান এলেকাত ভূজলো নাই। মাটিৰ মালিকবোৰে ভাল মজুৰি নিদিয়ে। সেয়ে কুৰুৱাম্মাৰ দৰে মহিলাসকলে ফেক্টৰিত কাম কৰে আৰু ভেড়া আৰু গৰু-ছাগলী পোহে। কিন্তু খৰাঙৰ কাৰণে ঘাঁহনি নথকাত তেওঁলোক সমস্যাত পৰে।

কামৰ আন এটা বিকল্প হৈছে এমৰেগাৰ অধীনত থকা নিয়োগৰ সুবিধা। ৰাজ্যখনত এই আঁচনিক নুৰ নাল ভেল্লাই (১০০ দিনৰ কাম) বুলি কোৱা হয়। পত্নীক হেৰুওৱা টি মহেন্দ্ৰনে কয় যে চৰকাৰে ১০০ দিনৰ পৰিৱৰ্তে গোটেই ৩৬৫ দিনেই যদি কামৰ ব্যৱস্থা কৰি দিলেহেঁতেন, তেতিয়া গাঁৱৰ মহিলাসকলৰ সুবিধা হ’লহেঁতেন।

মহেন্দ্ৰনে কয় যে অঞ্চলটোৰ ফটকা কোম্পানীবোৰৰ সঠিক অনুজ্ঞাপত্ৰ নাই আৰু কয় যে এই ফেক্টৰিবোৰ নিৰীক্ষণ কৰা চৰকাৰী বিষয়াসকলে ছমাহতকৈ বেছিদিন ফেক্টৰি বন্ধ ৰাখিবলৈ নিৰ্দেশ দিবলৈ সাহস নকৰে। ফলত সাত মাহৰ মুৰত ফেক্টৰি পুনৰ খোলে। এয়াই প্ৰথম কাহিনী নহয়। ২০২৩ৰ অক্টোবৰত কৃষ্ণনগৰীত আঠজন দলিত শিশু একেধৰণৰ দুৰ্ঘটনাত ঢুকাইছিল। পঢ়ক: ‘ঘৰে-চোতালে মৰিশালিৰ স্তব্ধতা’

প্ৰয়াতৰ পৰিয়ালবৰ্গৰ শোক, ক্ষতি আৰু বৰ্তমানৰ যি ৰুঢ় বাস্তৱ - এই সকলো চাই এনে হৃদয় বিদাৰক ঘটনাৰ পৰিপ্ৰেক্ষিতত সামাজিক আৰু চৰকাৰী সমৰ্থনৰ তেওঁলোকক অতিকৈ প্ৰয়োজন। ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাহিনীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ কৰ্মপৰিৱেশ, সুৰক্ষামূলক ব্যৱস্থা আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থাৰ প্ৰতি চৰকাৰে নজৰ দিয়াটো অতীব প্ৰয়োজন। এয়া মনত ৰখা উচিত যে প্ৰতিটো কৰুণ ঘটনাৰ আঁৰত হেৰাই যোৱা সপোন, সংগ্ৰাম আৰু আপোনজনক হেৰুওৱাৰ শোক লুকাই থাকে।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা এছ কুৰুৱাম্মাল (বাওঁফালে)। তেওঁৰ গিৰীয়েক চুব্বু কানিয়ে চকুৰে ভালকৈ নেদেখে, কুৰুৱাম্মালেই অকলে ফেক্টৰিত কাম কৰি ঘৰখন চম্ভালি আছিল

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: দুৰ্ঘটনাটোত ইন্দ্ৰানীৰ মৃত্যু ঘটিছিল। এই ভিডিঅ’টো কৰিছিল তেওঁৰ জীয়ৰী কাৰ্তিশ্বৰীয়ে, বন্ধৰ দিনা তাই মাকৰ লগত ফেক্টৰিলৈ গৈছিল। সোঁফালে: স্বামী মুৰুগানাধামৰ একমাত্ৰ চোৱাচিতা কৰা মানুহগৰাকী আছিল তেওঁৰ পত্নী ইন্দ্ৰানী। ইন্দ্ৰানীৰ মৃত্যুৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। ২০২৩ৰ ডিচেম্বৰত তেওঁ চকী এখনৰ পৰা পিচলি পৰে আৰু মৃত্যু ঘটে

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: ইন্দ্ৰানীয়ে মৃত্যুৰ আগেয়ে পিন্ধা শাড়ীখন। সোঁফালে: ইন্দ্ৰানীয়ে বনোৱা সৰু কোঠাটোত কাৰ্তিশ্বৰী

PHOTO • M. Palani Kumar

এছ মুৰুগায়িও জুইৰ কবলত পৰিছিল, কিন্তু প্ৰাণ ৰক্ষা পৰিল

PHOTO • M. Palani Kumar

থাংগামালাইৰ স্বামীয়ে তেওঁৰ ফটো এখন বিচাৰি ফুৰিছে। দুৰ্ঘটনাটোত তেঁৱো প্ৰাণ হেৰুৱাইছিল

PHOTO • M. Palani Kumar

মুথুলক্ষ্মীৰ গিৰীয়েকে তেওঁলোকে একেলগে উঠা শেষৰখন ফটো হাতত লৈছে

PHOTO • M. Palani Kumar

‘মই ভাবো যে দুৰ্ঘটনাটোৰ এই ফটোষ্ট’ৰিয়ে কাৰ্তিশ্বৰীৰ জীৱনলৈ কিছু পোহৰ আনিব,’ আলোকচিত্ৰশিল্পী পালানি কুমাৰে কয়

অনুবাদ: পংকজ দাস

M. Palani Kumar

M. Palani Kumar is Staff Photographer at People's Archive of Rural India. He is interested in documenting the lives of working-class women and marginalised people. Palani has received the Amplify grant in 2021, and Samyak Drishti and Photo South Asia Grant in 2020. He received the first Dayanita Singh-PARI Documentary Photography Award in 2022. Palani was also the cinematographer of ‘Kakoos' (Toilet), a Tamil-language documentary exposing the practice of manual scavenging in Tamil Nadu.

Other stories by M. Palani Kumar
Editor : Rajasangeethan

Rajasangeethan is a Chennai based writer. He works with a leading Tamil news channel as a journalist.

Other stories by Rajasangeethan
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das