মাদুৰাইত থকা আমাৰ ঘৰৰ সন্মুখৰ লেম্পপোষ্টটোৰ লগত বহু স্মৃতি বিজড়িত কথোপকথন নিহিত হৈ আছে। এই ষ্ট্ৰীট লাইটৰ সৈতে মোৰ সম্পৰ্ক নিবিড়। স্কুলীয়া জীৱনৰ যৱনিকা পৰাৰ পিছৰ পৰা কেইবাবছৰলৈ আমাৰ ঘৰত বিজুলীবাতি নাছিল। পিছত ২০০৬ চনত আমাৰ ৮ বাই ৮ আকাৰৰ ঘৰটোত বিজুলী সংযোগ হ’ল। এটা মাত্ৰ কোঠা, আমাৰ পাঁচজনীয়া পৰিয়ালটো থাকো। এই অৱস্থাই মোক ষ্ট্ৰীটলাইটৰ সৈতে সম্পৰ্ক অধিক নিবিড় কৰি তুলিছিল।

বাল্যকালত আমি সঘনে ঘৰ সলাইছিলো, পিছত সৰু জুপুৰীৰ পৰা ডাঙৰ মাটিৰ ঘৰত থাকিব পৰা হ’লো। সেইয়াও ভাড়া ঘৰ, পিছত ২০ বাই ২০ ফুটৰ বৰ্তমান আমি থকা ঘৰটোলৈ আহিলো। মোৰ মা-দেউতাই বাৰ বছৰ ধৰি এচপৰা দুচপৰাকৈ ইটাৰে এই ঘৰটো তৈয়াৰ কৰিছিলো। অৱশ্যে তেওঁলোকে এজন ৰাজমিস্ত্ৰীক কামত লগাইছিল যদিও নিজেও কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এতিয়াও নিৰ্মাণৰ কাম শেষ নোহোৱা এই ঘৰটোলৈ অৱশেষত আমি আহিলো। আমাৰ আটাইকেইটা ঘৰ উক্ত লেম্পপোষ্টটোৰ পৰিধিৰ আশে-পাশে। ইয়াৰ পোহৰৰ পৰিধিৰ ভিতৰত থাকি মই পঢ়িছিলো চে গুৱেভাৰা, নেপ’লিয়ন, সুজাতা আৰু আন বহুতৰ গ্ৰন্থ।

আনকি এতিয়াও সেই ষ্ট্ৰীটলাইটৰ পোহৰৰ সাক্ষ্য মোৰ এই লেখাত বিদ্যমান।

*****

ক’ৰনাৰ ওচৰত মই কৃতজ্ঞ, কিয়নো বহুত দিনৰ পিছত মই মোৰ মাতৃৰ কাষত ভালেমান দিন ভাল সময় কটাবলৈ সক্ষম হ’লো। ২০১৩ চনত যেতিয়া মই প্ৰথম কেমেৰাটো কিনিলো, তাৰ পিছৰ পৰা ঘৰত খুব কম সময় কটাইছিলো। বিদ্যালয়ত থকাৰ সময়ৰে পৰা এক সুকীয়া মন গঢ়ি উঠিছিল আৰু কেমেৰাটো কিনাৰ পিছত মনটো একেবাৰে বেলেগ হৈ পৰিল। মহামাৰী আৰু ক’ভিড লকডাউনৰ সময়চোৱাত মই ঘৰত আম্মাৰ সৈতে থাকিবলৈ পালো। আগতে কেতিয়াও মই আম্মাৰ লগত ইমানদিন কটোৱা নাছিলো।

My mother and her friend Malar waiting for a bus to go to the Madurai Karimedu fish market.
PHOTO • M. Palani Kumar
Sometimes my father fetches pond fish on his bicycle for my mother to sell
PHOTO • M. Palani Kumar

বাওঁফালেঃ মোৰ আম্মা আৰু তেওঁৰ বন্ধু মালাৰে মাদুৰাইৰ কাৰিমেডু মাছৰ বজাৰলৈ যাবলৈ বুলি বাছৰ অপেক্ষা কৰিছে। সোঁফালেঃ কেতিয়াবা মোৰ দেউতাই পুখুৰীৰ মাছ ধৰি আনি চাইকেলত লৈ আহে, আম্মাই সেয়া বিক্ৰী কৰে

মোৰ আম্মা কেতিয়াও একে ঠাইতে বহি থকাৰ কথা মোৰ মনত নাই। তেওঁ সদায় ইটো-সিটো কামত ব্যস্ত থাকে। কিন্তু কেইবছৰমানৰ আগতে তেওঁৰ গাঁঠিৰ বিষ আৰম্ভ হোৱাৰ বাবে তেওঁৰ চলা-ফুৰা যথেষ্ট সীমিত কৰিবলগা হ’ল। এই পৰিৱৰ্তনৰ গভীৰ চাপ মোৰ ওপৰত পৰিছে। মই তেওঁক কেতিয়াও এই অৱস্থাত দেখা নাছিলো।

এনে অৱস্থাই তেওঁকো খুব বিৰক্ত কৰিছে। “এই বয়সত মোৰ এনে অৱস্থা হ’ল, মোৰ ল’ৰা-ছোৱালীকেইটাক কোনে চাব? কুমাৰ, মোৰ ভৰিকেইটা আকৌ ভাল হ’বলৈ দিয়া।” মোৰ আম্মাই যেতিয়া এইদৰে কয়, মই তেতিয়া অপৰাধবোধত ভোগো। মই জানো যে মই তেওঁৰ ভাল যত্ন ল’ব পৰা নাই।

আম্মাৰ বিষয়ে ক’বলগা বহুতো কথা আছে। মই আলোকচিত্ৰ শিল্পী হোৱা, মই কিছুমান মানুহক লগ পাবলৈ সক্ষম হোৱা, মোৰ সফলতাৰ আঁৰত মই মোৰ পিতৃ-মাতৃৰ হাড়ভঙা পৰিশ্ৰম দেখিবলৈ পাওঁ। বিশেষকৈ মোৰ এই জীৱনযাত্ৰাত মোৰ মাতৃৰ অৰিহণা বহুত বেছি আছিল।

পুৱা ৩ বজাত আম্মা সদায় শোৱাৰ পৰা উঠে আৰু মাছ বিক্ৰী কৰিবলৈ গুছি যায়। সেই কাহিলীপুৱাতে আম্মাই মোক জগাই দিয়ে আৰু পঢ়িবলৈ কয়। তেওঁৰ বাবে আছিল সেয়া কঠিন কাম। তেওঁ সেই কাম কৰি থকালৈকে মই ষ্ট্ৰীটলাইটৰ তলত বহো আৰু কিতাপ পঢ়া। আম্মা যেতিয়া বহুদূৰ পায়গৈ, মই ঘৰলৈ আহি শুই থাকো। মোৰ জীৱনৰ বহুতো ঘটনাৰ সাক্ষী এই ষ্ট্ৰীটলাইটটো।

My mother carrying a load of fish around the market to sell.
PHOTO • M. Palani Kumar
My mother selling fish by the roadside. Each time the government expands the road, she is forced to find a new vending place for herself
PHOTO • M. Palani Kumar

বাওঁফালেঃ মোৰ আম্মাই এপাচি মাছ বজাৰত বিক্ৰী কৰিবলৈ লৈ আহিছে। সোঁফালেঃ আম্মাই ৰাস্তাৰ কাষত মাছ বিক্ৰী কৰিছে। প্ৰতিবাৰে চৰকাৰে ৰাস্তা বহল কৰিলে তেওঁ মাছ বেচিবলৈ নতুন ঠাই বিচাৰিবলগীয়া হয়

আম্মাই তিনিবাৰ আত্মহননৰ চেষ্টা কৰিছিল। তিনিওবাৰ তেওঁৰ জীৱন ৰক্ষা পৰাটো উলাই কৰিবলগীয়া কথা নহয়।

এবাৰৰ এটা ঘটনাৰ বিষয়ে মই ক’ব বিচাৰিছো। মই যেতিয়া সৰু আছিলো, আম্মাই তেতিয়া চিপজৰী লোৱাৰ চেষ্টা কৰিছিল। সেই সময়তে মই খুব ডাঙৰকৈ কান্দি দিছিলো। মোৰ চিঞৰ শুনি কি হৈছে চাবলৈ কেইজনমান প্ৰতিবেশী দৌৰি আহিছিল। তেওঁলোকে মোৰ আম্মাক ওলমি থকা দেখিলে আৰু তেওঁক উদ্ধাৰ কৰিলে। কেইজনমানে ক’লে যে তেওঁক নমাই অনাৰ সময়ত তেওঁৰ জিভা ওলাই আহিছিল। আম্মাই এতিয়াও কয়, “তই নকন্দাহেঁতেন মোক বচাবলৈ কোনো নাহিলহেঁতেন।”

মোৰ নিজৰ আম্মাৰ দৰেই আন বহু মাতৃৰ কৰুণ গাথাৰ বিষয়ে মই শুনিছো যিয়ে আত্মহননৰ চেষ্টা কৰিছিল। নিজৰ সন্তানৰ স্বাৰ্থতে তেওঁলোকে মনোবল গোটাই এতিয়াও জীয়াই আছে। এই কৰুণ অতীতৰ কথা মনত পৰিলে আম্মাই এতিয়াও চকুলো টোকে।

এবাৰ তেওঁ ওচৰৰ এখন গাঁৱৰ ধান ৰুবলৈ গৈছিল। পথাৰৰ কাষৰ এজোপা গছত এখন কাপোৰ বান্ধি মোক তাতে থ’ব বিচাৰিছিলো আৰু ভাবিছিল সেই ঝুলনাখনতে সেই ঝুলনাখনতে শুই থাকিম। সেই সময়ত মোৰ দেউতা তালৈ আহিল আৰু মোৰ আম্মাক মাৰধৰ কৰাৰ লগতে মোক ওলমাই থোৱা কাপোৰখনৰ পৰা দূৰলৈ ফৰ্মূটি মাৰি দিলে। মই সেউজীয়া ধাননিৰ মাজ বোকাত চিটিকি পৰিলো আৰু মোৰ শ্বাস-প্ৰশ্বাস প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছিল।

আম্মাই বহু কষ্টৰে মোৰ চেতনা ঘূৰাই অনাৰ চেষ্টা কৰিছিল। কিন্তু পৰা নাছিল। আম্মাৰ সৰুভনী মানে মোৰ মাহীদেউৱে মোক ভৰিত ধৰি তলমূৰকৈ ওলমাই ধৰিলে আৰু পিঠিত চপৰিয়াই দিলে। মই ততালিকে উশাহ ঘুৰাই পালো আৰু কান্দিবলৈ ধৰিলো। আম্মাৰ যেতিয়া এই ঘটনাবোৰৰ কথা মনত পৰে তেওঁৰ শৰীৰৰ শিৰা-উপশিৰা যেন গোট মৰা যেন অনুভৱ কৰে। মই মৃত্যুৰ গহ্বৰৰ পৰা উভতি আহিছো বুলি আম্মাই কয়।

My mother spends sleepless nights going to the market to buy fish for the next day’s sale in an auto, and waiting there till early morning for fresh fish to arrive.
PHOTO • M. Palani Kumar
She doesn’t smile often. This is the only one rare and happy picture of my mother that I have.
PHOTO • M. Palani Kumar

বাওঁফালেঃ মাৰ টোপনি মাৰিবলৈ আজৰি নাই, ৰাতিয়েই বজাৰলৈ মাছ কিনিবলৈ অটো লৈ যায়, পুৱা সতেজ মাছ পোৱালৈ অপেক্ষা কৰে। সোঁফালেঃ তেওঁ সদায়ে নাহাঁহে। আম্মাই হাঁহি থকা ফটো এইখনেই, পাবলৈ টান

*****

মোৰ যেতিয়া দুবছৰ হৈছিল, আম্মাই পথাৰত কাম কৰাৰ পৰিৱৰ্তে মাছ বেচিবলৈ লয়। সেয়া তেওঁৰ উপাৰ্জনৰ প্ৰধান উপায় আছিল আৰু এতিয়াও চলি আছে। মই পৰিয়ালৰ উপাৰ্জনকাৰী সদস্য হোৱা মাত্ৰ এবছৰ হৈছে। ইয়াৰ আগলৈকে আম্মা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। আনকি গাঁঠিৰ বিষ আৰম্ভ হোৱাৰ পিছতো বিষৰ বড়ি খাই মূৰত মাছৰ পাচি লৈ মাছ বিক্ৰী কৰিবলৈ গৈছিল। তেওঁ সদায় কঠোৰ পৰিশ্ৰম কৰিছিল।

মোৰ আম্মাৰ নাম তিৰুমায়ী। গাঁৱৰ মানুহে তেওঁক কুপ্পি বুলি মাতে। গাঁৱৰ মানুহে মোক কুপ্পিৰ ল’ৰা বুলি কয়। ঘাঁহ-বন নিৰোৱা, ধান কটা, নলা-নৰ্দমা খন্দাৰ নিচিনা কামবিলাক তেওঁ বহুবছৰ ধৰি কৰিছিল। যেতিয়া মোৰ ককা-দেউতাই এটুকুৰা খেতিৰ মাটি ভাড়াত ল’লে, তেতিয়া আম্মাই নিজে সেই পথাৰত সাৰ দি খেতিৰ বাবে প্ৰস্তুত কৰি তুলিছিল। মোৰ আম্মাৰ নিচিনাকৈ ইমান পৰিশ্ৰম কৰা মই আন কাকো দেখা নাই। আইতাই প্ৰায়েই কৈছিল যে আম্মা আৰু কঠোৰ পৰিশ্ৰম এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। ইমান হাড়ভঙা পৰিশ্ৰম কেনেকৈ কৰিব পাৰে, ভাবিলে মই আচৰিত হওঁ।

মই লক্ষ্য কৰিছো যে সাধাৰণতে দিনমজুৰ আৰু কৃষি শ্ৰমিকসকলে বহুতো কাম কৰে, বিশেষকৈ মহিলাসকলে অধিক কাম কৰে। মোৰ আম্মাকে ধৰি সাতটা সন্তান আছিল – পাঁচগৰাকী ছোৱালী আৰু দুজন ল’ৰা। আম্মা আছিল আইতাৰ জ্যেষ্ঠ সন্তান। মোৰ ককাদেউতা আছিল সুৰাসক্ত – নিজৰ ঘৰ-দুৱাৰ বিক্ৰী কৰি সুৰাৰ বাবে ব্যয় কৰিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাছিল। আইতাই সকলো কাম কৰিছিল, জীৱিকাৰ ব্যৱস্থা আইতাই কৰিবলগা হৈছিল, সন্তানৰ বিয়াৰ দায়িত্বও আইতাৰ আৰু নাতি-নাতিনীহঁতৰ দায়িত্বও আইতাই বহন কৰিছিল।

আইতাৰ দৰে আম্মীয়েও কামৰ বাবে নিজক উৎসৰ্গা কৰিছিল। মাহীদেউৱে যেতিয়া তেওঁ ভালপোৱা ল’ৰাজনৰ সৈতে বিয়া হ’ব বিচাৰিছিল, আম্মাই সাহসেৰে আগুৱাই আহি বিয়াৰ আগভাগ লৈছিল। এবাৰ আমি যেতিয়া সেই জুপুৰি ঘৰটোত আছিলো, তাত জুই লাগিছিল। আম্মাই মোক, মোৰ সৰু ভাইটোক আৰু ভনীজনীক জুইৰ মাজৰ পৰা উলিয়াই আনি ৰক্ষা কৰিছিল। তেওঁ সদায় নিৰ্ভীক আছিল। একমাত্ৰ মাতৃয়ে তেওঁৰ সন্তানৰ কথা প্ৰথমতে ভাবে। আনকি নিজৰ জীৱন বিপন্ন কৰি হ’লেও সন্তানক ৰক্ষা কৰে।

Amma waits outside the fish market till early in the morning to make her purchase.
PHOTO • M. Palani Kumar
From my childhood days, we have always cooked on a firewood stove. An LPG connection came to us only in the last four years. Also, it is very hard now to collect firewood near where we live
PHOTO • M. Palani Kumar

বাওঁফালেঃ আম্মাই মাছ কিনিবলৈ বুলি মাছৰ বজাৰখনৰ বাহিৰত নিশা পোহৰ হোৱালৈ বাট চায়। সোঁফালেঃ ল’ৰালিৰে পৰা আমি সদায়েই খৰি ৰন্ধা ভাতেই খাই আহিছো, এলপিজি কানেক্সন পোৱা চাৰিবছৰহে হৈছে। এতিয়া আমি থকা ঠাইখিনিৰ ওচৰত খৰি পোৱাটো টান হৈ পৰিছে

খৰিৰ জুইত আম্মাই ঘৰৰ বাহিৰত পানিয়াৰাম (আটা-ময়দাৰে কৰা এবিধ মিঠা জুতি লগা খাদ্য) আহাৰ প্ৰস্তুত কৰিছিল। মানুহে চাই থাকে, ল’ৰা-ছোৱালীক তেওঁ খাবলৈ কয়। তেওঁ সদায় কয়, “সকলোৰে লগত ভগাই খাবি,” তাৰপিছত মই প্ৰথমতে প্ৰতিবেশীৰ ল’ৰা-ছোৱালীক দি লওঁ।

আনৰ বাবেও তেওঁৰ দায়বদ্ধতা বিভিন্ন ক্ষেত্ৰত দেখা গৈছিল। মই মটৰ চাইকেল চলাবলৈ ল’লেই আম্মাই কয়, “তই দুখ পালেও পাবি, কিন্তু আনক কষ্ট নিদিবি।”

আম্মাই খালে নে নাই, দেউতাই কেতিয়াও সোধা নাছিল। তেওঁলোক দুজন কেতিয়াও একেলগে চিনেমা চাবলৈ যোৱা নাছিল বা মন্দিৰলৈ যোৱা দেখা নাছিলো। তেওঁ সদায় কাম কৰিছিল। মোক প্ৰায়ে কৈছিল, “তই নথকা হ’লে মই কেতিয়াবাই মৰিলোহেঁতেন।”

মই কেমেৰা কিনাৰ পিছত যেতিয়া বাহিৰত ঘূৰি ফুৰোতে যিসকল মহিলাক লগ পাওঁ, তেওঁলোকে কয়, “কেৱল সন্তানৰ বাবে জীয়াই আছো।” আজি মই ৩০ বছৰ বয়সত ভালকৈ বুজিব পাৰিছো যে এয়া চৰম সত্য।

*****

যিবিলাক ঘৰত আম্মাই সাধাৰণতে মাছ বিক্ৰী কৰে, সেই ঘৰবিলাকত ল’ৰা-ছোৱালীয়ে বিভিন্ন কৃতিত্বৰ বাবে পোৱা মেডেল আদি সজাই থোৱা আম্মাই দেখিছিল। মোৰ আম্মাই আশা কৰিছিল তেওঁৰ সন্তানেও ঘৰলৈ কৃতিত্বৰ চিন কঢ়িয়াই আনিব। কিন্তু মই পৰীক্ষাৰ বহীত ইংৰাজীত অনুত্তীৰ্ণ হোৱা নম্বৰ তেওঁক দেখুৱাব লগা হৈছিল। সেইদিনা তেওঁ হতাশ হৈছিল আৰু মোক খং কৰিছিল। “মই বেচৰকাৰী বিদ্যালয়ত পঢ়াই মাচুল দিছো আৰু তই পাছ কৰিব নোৱাৰিলি,” তেওঁ কয়।

My mother waiting to buy pond fish.
PHOTO • M. Palani Kumar
Collecting her purchase in a large bag
PHOTO • M. Palani Kumar

আম্মাই পুখুৰীৰ মাছ কিনিবলৈ অপেক্ষা কৰিছে। সোঁফালেঃ ডাঙৰ বেগ মোনাত তেওঁ মাছখিনি লৈছে

তেওঁৰ সেই খং মই কোনোবা ক্ষেত্ৰত সফল হোৱাৰ আৰম্ভণি আছিল। সফলতাৰ প্ৰথম সূচনা হ’ল ফুটবলত। মই সঁচাকৈয়ে ভাল পোৱা বিদ্যালয়ৰ খেলুৱৈৰ দলত ভৰ্তি হ’বলৈ মই দুবছৰ ৰ’বলগা হ’ল। আৰু আমাৰ দলটোৱে প্ৰথমখেল খেলতে টুৰ্ণামেণ্ট এখনত কাপ জিকিছিলো। সেইদিনা মই ভীষণ গৰ্বেৰে ঘৰলৈ আহি আম্মাৰ হাতত বিজয় চিহ্ন সেই কাপটো তুলি দিছিলো।

ফুটবলেও মোৰ পঢ়াত সহায় কৰিলে। মই জৰিত হৈ পৰা ক্ৰীড়াৰ বাবে মই অভিযান্ত্ৰিক বিদ্যালয়ত আসন লাভ কৰি হাছুৰৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিলো। অৱশ্যে আলোকচিত্ৰৰ বাবে মই অভিযান্ত্ৰিক বৃত্তিৰ পৰা আঁতৰি আহিলো। কিন্তু সহজ কথাত ক’বলৈ গ’লে মই আহি যি হ’লো সেয়া কেৱল মোৰ আম্মাৰ বাবে সম্ভৱ হ’ল।

মই সৰু হৈ থাকোতে প্ৰায়ে আম্মাৰ লগত বজাৰলৈ গৈছিলো, কাৰণ বজাৰত আম্মাই মোক পাৰুতিপাল পানিয়াৰাম (কপাহৰ বীজৰ গাখীৰ আৰু গুৰেৰে তৈয়াৰী মিঠা সুস্বাদু খাদ্য) কিনি খুৱাইছিল।

বজাৰৰ পৰা সতেজ মাছ ক্ৰয় কৰিবলৈ পথৰ দাঁতিত ম’হৰ কামোৰ খাই কটোৱা উজাগৰি নিশাবিলাক আৰু পুৱা সোনকালে উঠি মাছ কিনিবলৈ যোৱাৰ কথাবোৰে মোক এতিয়াও আলোড়িত কৰে। কিন্তু এয়া স্বাভাৱিক যে ক্ৰয় কৰা সকলো মাছ ঘৰে ঘৰে বিক্ৰী কৰিব পাৰিলে আমি সামান্য লাভ নিজৰ বাবে পাম।

My father and mother selling fish at one of their old vending spots in 2008.
PHOTO • M. Palani Kumar
During the Covid-19 lockdown, we weren’t able to sell fish on the roadside but have now started again
PHOTO • M. Palani Kumar

বাওঁফালেঃ মোৰ দেউতা আৰু আম্মাই ২০০৮ত তেওঁলোকৰ পুৰণি মাছ বিক্ৰী কৰা ঠাইত তোলা ফটো সোঁফালেঃ ভিড - ১৯ৰ সময়ত ৰাস্তাত আমি মাছ বিক্ৰী কৰিবপৰা নাছিল কিন্তু এতিয়া আকৌ আৰম্ভ কৰিছো

মাদুৰাই কাৰিমেডু মাছ বজাৰৰ পৰা আম্মাই ৫ কিলোগ্ৰাম মাছ কিনিছিল। তাৰ লগতে বৰফৰ ওজন থাকিব। বৰফত থকা মাছৰ পাচি মূৰত লৈ আম্মাই মাদুৰাইৰ পথেৰে খোজ কাঢ়ি আহে. বৰফ গলাৰ লগে লগে ওজন কমিবলৈ ধৰে।

২৫ বছৰৰ পূৰ্বে যেতিয়া তেওঁ মাছ বিক্ৰী কৰা আৰম্ভ কৰিলে। দৈনিক তেওঁ ৫০ টকাৰ বেছি উপাৰ্জন কৰিব পৰা নাছিল। পিছলৈ দৈনিক ২০০-৩০০ টকা পৰ্যন্ত উপাৰ্জন কৰিছিল। পিছলৈ তেওঁ ঘৰে ঘৰে গৈ মাছ বিক্ৰী কৰা পোহাৰীৰ পৰিৱৰ্তে পথৰ দাঁতিত নিজাকৈ লোৱা দোকান ঘৰ এটাৰ পৰা মাছ বিক্ৰী কৰিবলৈ ল’লে। এতিয়া তেওঁৰ মাহেকীয়া উপাৰ্জন প্ৰায় ১২,০০০ টকা। অৱশ্যে মাহৰ ৩০ দিন তেওঁ মাছ বিক্ৰী কৰে।

মই যেতিয়া যথেষ্ট ডাঙৰ হ’লো, তেতিয়া জানিব পাৰিলো যে কাৰিমেডু বজাৰৰ পৰা মাছ কিনিবলৈ তেওঁ কমেও ১০০০ টকা খটুৱাবলগীয়া হয়, লাভ কিমান হ’ব সেয়া অনিশ্চিত। এতিয়া তেওঁ দৈনিক ১৫০০ টকা বিনিয়োগ কৰে আৰু সপ্তাহৰ শেষৰ ফালে ৫০০০ৰ পৰা ৬০০০ টকা বিনিয়োগ কৰে। কিন্তু আম্মাৰ খুব লাভ নহয়, কাৰণ তেওঁ অতি সৎ আৰু উদাৰ, ওজনৰ ক্ষেত্ৰত গ্ৰাহকক প্ৰৱঞ্চনা নকৰে।

কাৰিমেডু বজাৰত মাছ কিনিবৰ কাৰণে আম্মাই দৈনিক এজন মহাজনৰ পৰা টকা ঋণলৈ লয় আৰু সদায় পিছদিনা সেই টকা ঘুৰাই দিব লাগে। সপ্তাহৰ প্ৰতি কৰ্মদিনত যদি তেওঁ ১৫০০ টকাকৈ ঋণলৈ লয়, ২৪ ঘণ্টাৰ পিছত মহাজনক ১৬০০ টকা ঘুৰাই দিব লাগিব। ১০০ টকা সুদৰ বাবদ দিব লাগিব। সকলো লেন-দেন একে সপ্তাহতে মীমাংসা হ’ব লাগিব, ইয়াতে এটা কথা লুকাই থাকে যে এই হাৰত লোৱা সুদৰ বাৰ্ষিক হাৰ হয়গৈ ২৪০০ শতাংশ।

These are the earliest photos that I took of my mother in 2008, when she was working hard with my father to build our new house. This photo is special to me since my journey in photography journey began here
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

এয়া মই ২০০৮ত লোৱা মা আৰু দেউতাৰ ফটো। তেতিয়া দুয়ো ঘৰটো সজাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছিল। মোৰ ফটোগ্ৰাফিৰ আৰম্ভণি ইয়াতেই হৈছিল কাৰণে এই ফটোকেইখন মোৰ মনত সাঁচ বহুৱাই থৈছে

তেওঁ যদি সপ্তাহৰ শেষত মাছ কিনাৰ বাবে ৫০০০ টকাৰ ঋণ লয়, তেওঁ সোমবাৰে মহাজনক ৫২০০ টকা ঘূৰাই দিব লাগিব। কিবা কাৰণত সপ্তাহৰ কৰ্মদিন বা দেওবাৰৰ টকা এদিনৰ পিছত ঘূৰাই দিব নোৱাৰিলে সেই টকাৰ লগত আৰু ১০০ টকাৰ বোজা যোগ হ’ব। দেওবৰীয়া ঋণৰ হাৰ বাৰ্ষিক হিচাপত হ’লে ৭৩০ শতাংশ হ’ব।

মাছ বজাৰলৈ গৈ মই বিভিন্নজনৰ পৰা বিভিন্ন ধৰণৰ কাহিনী শুনিবলৈ পাইছিলো। কিছুমান কাহিনীয়ে মোক দুখ দিছিল। ফুটবল খেলি থাকোতে কিছুমান কাহিনী শুনিছিলো। এবাৰ দেউতাৰ লগত জলসিঞ্চনৰ নলাত মাছ ধৰিবলৈ যাওঁতে এটা কাহিনী শুনিছিলো। এই সকলোবোৰ ঘটনা মনৰ ভিতৰত স্তুপীকৃত হৈ আছিল আৰু মোক কেমেৰাৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। মোক আম্মাই খৰছ কৰিবলৈ দিয়া পইচাৰে মই চে গুৱেভাৰা, নেপ’লিয়ন আৰু সুজাতাৰ গ্ৰন্থ ক্ৰয় কৰিছিলো আৰু সেইবোৰে পথৰ দাঁতিৰ লাইটৰ খুঁটাৰ সৈতে মোৰ সম্পৰ্ক অধিক নিবিড় কৰি তুলিছিলো।

*****

এটা সময়ত মোৰ দেউতায়ো ভাল হোৱাৰ চেষ্টা কৰিলে আৰু উপাৰ্জন কৰাৰ চেষ্টা কৰিলে। বিভিন্ন ধৰণৰ দিন মজুৰৰ কাম কৰিবলৈ লয় আৰু কেইটামান ছাগলী পোহে। প্ৰথমতে তেওঁ সপ্তাহত ৫০০ টকা উপাৰ্জন কৰিছিল। তেতিয়া তেওঁ হোটেল-ৰেষ্টুৰেণ্টত কাম কৰিছিল। এতিয়া তেওঁ দিনে ২৫০ টকা উপাৰ্জন কৰে। ২০০৮ চনত মুখ্যমন্ত্ৰীৰ গৃহ বীমা আঁচনিৰ অধীনত মোৰ মা-দেউতাই ধন ঋণলৈ লৈ এতিয়া আমি থকা ঘৰটো বনাবলৈ আৰম্ভ কৰিছিল। তামিলনাডুৰ মাদুৰাইৰ উপকণ্ঠ অঞ্চলৰ এসময়ৰ গ্ৰামাঞ্চল জৱাহৰলালপুৰম এতিয়া চহৰ সম্প্ৰসাৰণৰ ফলত চহৰৰ উপকণ্ঠ অঞ্চল হৈ পৰিছে।

আমাৰ ঘৰটো তৈয়াৰ কৰিবলৈ মোৰ মা-দেউতাক সম্পূৰ্ণ বাৰ বছৰ সময় লাগিছিল। ইয়াৰ বাবে বহুতো প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল। দেউতাই অলপ অলপকৈ সঞ্চয় কৰিব ধৰিলে। কাপোৰ ৰং কৰা কাৰখানা, হোটেল, গৰু-ম’হ চৰোৱা বা যিকোনো কাম কৰিবলৈ ধৰিলে। মা-দেউতাৰ সঞ্চয়ৰ দ্বাৰা মোক আৰু আমাৰ সৰু ভাই-ভনী দুটাক স্কুলত পঢ়ালে আৰু অলপ অলপকৈ ঘৰটো বনোৱা কামো কৰিলে। ঘৰটোৰ বাবে দুয়ো বহুখিনি ত্যাগ-কষ্ট স্বীকাৰ কৰিলে, সেই ঘৰটো তেওঁলোকৰ ত্যাগৰ কৃতিত্ব।

The house into which my parents put their own hard labour came up right behind our old 8x8 foot house, where five of us lived till 2008.
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালেঃ আঠ বাই আঠৰ আমাৰ ঘৰটো, যিটোত মা-দেউতাৰ তেজ-পানী মিহলি হৈ আছে। তাতেই আমি পাঁচজন ২০০৮ৰ পৰা আছো। সোঁফালেঃ মোৰ মা আৰু আইতা (বাওঁফালে) আৰু খুৰীয়ে নতুন ঘৰটোৰ টেৰাকোট্টা টাইলৰ চালিখনৰ কাম কৰিছে, ঘৰটো সাজি থাকোতেই আমি সোমাইছিলো

আম্মাৰ যেতিয়া জৰায়ুৰ সমস্যা আৰম্ভ হ’বলৈ ধৰিলে, চৰকাৰী চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰিবলগীয়া হ’ল। ইয়াৰ বাবে ৩০,০০০ টকা আমি খৰছ কৰিলো। তেতিয়ালৈকে মই অভিযান্ত্ৰিক স্নাতক হোৱা নাছিলো আৰু আম্মাক আৰ্থিক সহায় কৰিব নোৱাৰিলো। আম্মাৰ বাবে নিয়োজিত নাৰ্ছগৰাকীয়ে আমাৰ আম্মাৰ ভালকৈ যত্ন লোৱা নাছিল। আমাৰ পৰিয়ালটোৱে ভাল চিকিৎসালয়ত আম্মাক ভৰ্তি কৰাৰ কথা ভবাৰ সময়ত মই তেওঁলোকক সহায় কৰিবপৰা পৰ্য্যায়ত নাছিলো। কিন্তু মই পাৰিত যোগ দিয়াৰ পিছৰে পৰা পৰিস্থিতি সলনি হ’বলৈ ধৰিলে।

পাৰিয়ে আনকি মোৰ ভাইটোক দৰকাৰ হোৱা এটা অস্ত্ৰোপচাৰৰ ব্যয়তো সহায় কৰিছিল। মই প্ৰতিমাহে পোৱা দৰমহাৰ টকাও আম্মাক দিব পৰা হ’লো। মই যেতিয়া বহুতো পুৰস্কাৰ পালো, যেনে বিকাতন বঁটা, ই মোৰ আম্মাৰ মনত আশাৰ সঞ্চাৰ কৰিলে যে অন্তত তেওঁৰ পুত্ৰই ভাল কিবা এটা কৰিছে। কিন্তু দেউতাই এতিয়াও মোক পিছলৈ টানে, তেওঁ কয়ঃ তই বঁটা আনিব পাৰিছ ঠিকেই, কিন্তু ঘৰত পইচা দিব পাৰিছ জানো?

তেওঁ ঠিকেই কৈছিল। ২০০৮তে যদিও মই আলোকচিত্ৰ ল’বলৈ আৰম্ভ কৰিছিলো, তাৰ কাৰণে মোৰ এজন খুৰা আৰু বন্ধুৰ ম’বাইল ফোন ধাৰলৈ ল’বলগীয়া হৈছিল। ২০১৪ৰ পৰা মই পৰিয়ালৰ পৰা টকা লোৱা বন্ধ কৰিছো। তেতিয়ালৈকে মই হোটেলত গাড়ী চাফা কৰা, বিবাহ বাহৰত আহাৰ পৰিৱেশন কৰা আদি কাম কৰি চলিছিলো।

আম্মাক অলপ সৰহকৈ দিব পৰা হ’বলৈ মোক ১০ বছৰ সময় লাগিল। যোৱা দশকটোত আমি বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ’লো। মোৰ ভনীজনীৰ অসুখ হ’ল। আম্মা আৰু ভনীজনীৰ প্ৰায়ে অসুখ হ’বলৈ ধৰাত হস্পিতালেই আমাৰ দ্বিতীয়খন ঘৰৰ দৰে হৈ পৰিল। আম্মাৰ জৰায়ুৰ সমস্যা জটিল হ’বলৈ ধৰিলে। এতিয়া সমস্যাবোৰ বহু পৰিমাণে শাম কাটিছে। মোৰ বিশ্বাস আম্মা আৰু দেউতাৰ বাবে মই কিবা কৰিব পাৰিম। আলোকচিত্ৰশিল্পী হিচাপে মই শ্ৰমিক শ্ৰেণীক কেন্দ্ৰ কৰি যিবিলাক প্ৰতিবেদন প্ৰস্তুত কৰি আহিছো, সেইবোৰ তেওঁলোকৰ জীৱন গাথা দেখি-শুনি অনুপ্ৰাণিত হৈ কৰা। তেওঁলোকৰ কঠোৰ কৰ্মসাধনা মোৰ পথৰ পাথেয়। লেম্পপ’ষ্টটো এতিয়াও মোৰ আলোকৰ উৎস।

PHOTO • M. Palani Kumar

আম্মাই তিনিবাৰ আত্মহননৰ চেষ্টা কৰিছিল। তিনিওবাৰ তেওঁৰ জীৱন ৰক্ষা পৰাটো উলাই কৰিবলগীয়া কথা নহয়


PHOTO • M. Palani Kumar

আম্মাই এঠাইত বহি থকা মই কেতিয়াও দেখা নাই। সদায়েই কিবা নহয় কিবা কৰি থাকে। কাম শেষ কৰি তেওঁ এলুমিনিয়ামৰ বাচনটো জান এটাত ধুইছে

PHOTO • M. Palani Kumar

আম্মাই সদায় খেতি কৰাৰ কথায়ে ভাবিছিল, কিন্তু নোৱাৰিলে। পিছলৈ তেওঁ মাছ বিক্ৰী কৰাত লাগিল যদিও খেতিৰ মন থাকি গ’ল। আমি ঘৰৰ পিছফালে দহডাল কলৰ গছ ৰুইছো। এডালো যদি ফুলে, তেওঁ মনত বৰ ফুৰ্ত্তি পায়, প্ৰাৰ্থনা আৰু মিঠা পোংগলেৰে সেয়া উদযাপন কৰে

PHOTO • M. Palani Kumar

এটা সময়ত দেউতাই ছাগলী পুহিবলৈ ল’লে। কোৱা নিষ্প্ৰয়োজন যে আম্মাইই ছাগলীৰ ঘৰটো চাফা কৰে


PHOTO • M. Palani Kumar

আম্মাই আশে-পাশে জীৱ-জন্তু, চৰাই-চিৰিকতি ৰাখি ভাল পায়। পাঁচ বছৰ বয়সতে তেওঁ ছাগলী পুহিবলৈ লৈছিল

PHOTO • M. Palani Kumar

আম্মাই চাইকেল বা মটৰ চাইকেল চলাবলৈ ভাল পালেহেঁতেন, কিন্তু চলাবলৈ নাজানে


PHOTO • M. Palani Kumar

সেয়া মই, মাছ বিক্ৰী কৰাত আম্মাক সহায় কৰিছো

PHOTO • M. Palani Kumar

মাৰ বাতবিষ থকা কাৰণে খোজ কাঢ়িবলৈ বৰ কষ্ট পায়। তথাপিও ৰান্ধিবলৈ বুলি খৰি যোগাৰ কৰে। কিন্তু আজিকালি খৰি পোৱাটো টান হৈ পৰিছে

PHOTO • M. Palani Kumar

বাতবিষৰ দৰৱৰ কাৰণে তেওঁ প্ৰতিমাহে চৰকাৰী হস্পিতাললৈ যায়। সেই টেবলেটবোৰৰ কাৰণেহে তেওঁ চলা-ফিৰা কৰিব পাৰে। যেতিয়াই তেওঁ কয়ঃ “মোৰ ভৰিকেইটা ভাল কৰি দে কুমাৰ,” মই অপৰাধবোধত ভোগো

PHOTO • M. Palani Kumar

মোৰ দেউতাৰ ১৫ বছৰ ধৰি বৃক্কৰ সমস্যা আছিল। কিন্তু অস্ত্ৰোপচাৰ কৰাবলৈ আমাৰ হাতত পইচা নাছিল। মই পাৰিত কাম পোৱাৰ পিছতহে আমি তেওঁৰ অস্ত্ৰোপচাৰৰ কাৰণে পইচা যোগাৰ কৰিব পাৰিলো

PHOTO • M. Palani Kumar

মোৰ দেউতাৰ ১৫ বছৰ ধৰি বৃক্কৰ সমস্যা আছিল। কিন্তু অস্ত্ৰোপচাৰ কৰাবলৈ আমাৰ হাতত পইচা নাছিল। মই পাৰিত কাম পোৱাৰ পিছতহে আমি তেওঁৰ অস্ত্ৰোপচাৰৰ কাৰণে পইচা যোগাৰ কৰিব পাৰিলো

PHOTO • M. Palani Kumar

মাছ বিক্ৰী কৰাৰ পাছত বাচনটো লৈ মা ঘৰলৈ উভতিছে। তেওঁক কেতিয়াবা আকাশ যেন লাগে। তেওঁ সকলোকে আদৰি লয়, সকলোৰে বাবে চিন্তা কৰে, কিন্তু নিজৰ কথা কেতিয়াও নাভাবে


অনুবাদ: পংকজ দাস

M. Palani Kumar

M. Palani Kumar is Staff Photographer at People's Archive of Rural India. He is interested in documenting the lives of working-class women and marginalised people. Palani has received the Amplify grant in 2021, and Samyak Drishti and Photo South Asia Grant in 2020. He received the first Dayanita Singh-PARI Documentary Photography Award in 2022. Palani was also the cinematographer of ‘Kakoos' (Toilet), a Tamil-language documentary exposing the practice of manual scavenging in Tamil Nadu.

Other stories by M. Palani Kumar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das