মই ভাগৰি পৰিছো। মোৰ দেহ আৰু মন দুয়োটাই গধুৰ হৈ পৰিছে। মোৰ চকুৰ পলক চৌপাশৰ নিপীড়িত লোকৰ মৃত্যুৰ শোকে গধুৰ কৰি পেলাইছে। ভালেকেইখন প্ৰতিবেদনৰ কাম আছে যদিও পেলাই থৈচো, আগবাঢ়িব পৰা নাই। হাত-ভৰি জঠৰ হৈ পৰে। এই প্ৰতিবেদন লিখিবলৈ আৰম্ভ কৰাৰ সময়তে চৰকাৰে চেন্নাইৰ অনাগাপুথুৰত দলিতসকলৰ ঘৰ ভাঙিছে। মই আৰু বেছি অসাৰ অনুভৱ কৰিছো।

২০২৩ৰ ৭ অক্টোবৰত তামিলনাডুৰ হছুৰত ফটকাৰ গুদামত জুই লাগি শ্ৰমিকৰ মৃত্যু হোৱাৰ কথা মই পাহৰিব পৰা নাই। এতিয়ালৈ ২২ জন লোকৰ মৃত্যুৰ কাহিনী মই লিখিছো। এই আঠজন ছাত্ৰ আছিল ১৭ৰ পৰা ২১ বছৰ বয়সৰ। ফটকা ৰখা গুদামত তেওঁলোকে কাম কৰিছিল। একেখন চহৰৰে ভাল বন্ধু আছিল আটাইকেইজন শিক্ষাৰ্থী।

ফটোগ্ৰাফী শিকিবলৈ আৰম্ভ কৰাৰ পৰাই ফটকাৰ কাৰখানা, গুদাম, দোকানত কাম কৰা শ্ৰমিকসকলৰ প্ৰতি মোৰ কৌতুহল আছিল। বহুদিন ধৰি চেষ্টা কৰি আহিছিলো যদিও অনুমতি পোৱা নাছলো। প্ৰতিবাৰেই মোক কোৱা হ’ল যে গুদামবোৰৰ পৰা কেতিয়াও অনুমতি পোৱা নাযায়। ফটো তোলাটো বাদেই, ভিতৰলৈ সোমোৱাটোও কঠিন আছিল।

দেৱালীত মা-দেউতাই কেতিয়াও মোক নতুন কাপোৰ কিম্বা ফটকা কিনি দিয়া নাছিল, দৰাচলতে সামৰ্থ্য নাছিল। মোৰ দেউতাৰ ভায়েকে আমাক নতুন কাপোৰ কিনি দিছিল৷ আমি সদায় দেৱালী উদযাপন কৰিবলৈ মামাহঁতৰ ঘৰলৈ গৈছিলো৷ মামাই আমাক ফটকা কিনি দিছিল আৰু খুৰাহঁতৰ ল’ৰা-ছোৱালীকে ধৰি সকলোৱে ফটকা ফুটাইছিলো।

ফটকা ফুটোৱাত ইমান আগ্ৰহো নাছিল অৱশ্যে। ডাঙৰ হৈ অহাৰ লগে লগে মই ফটকা ফুটোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিলো। দেৱালীকে ধৰি আন উৎসৱবোৰো পালন এৰিছিলো। হাতত কেমেৰা তুলি লোৱাৰ পিছতহে মই সৰ্বাহাৰাৰ জীৱনবোৰ জুকিয়াই চাবলৈ ধৰিলো।

ফটোগ্ৰাফীৰ যোগেদি মই বহু কথা শিকিলো। প্ৰতি বছৰে দেৱালীৰ সময়ত ফটকাৰ গুদামত অগ্নিকাণ্ড আৰু দুৰ্ঘটনা সংঘটিত হৈছিল। এনে এখন ঠাইত মই থাকিছিলো যে এই ঘটনাবোৰৰ প্ৰতি মই বেছি গুৰুত্ব দিয়া নাছিলো।

The eight children killed in an explosion in a firecracker shop belonged to Ammapettai village in Dharmapuri district. A week after the deaths, the village is silent and no one is celebrating Diwali
PHOTO • M. Palani Kumar

ফটকাৰ গুদামত হোৱা বিস্ফোৰণৰ ফলত মৃত্যু হোৱা আঠটা শিশু ধৰ্মপুৰি জিলাৰ আম্মাপেট্টাই গাঁৱৰ। এসপ্তাহ পিছত দেৱালী আহিল, কিন্তু কোনেও সেই উৎসৱ উদযাপন কৰিব নোৱাৰিলে, গাওঁখন নীৰৱ হৈ থাকিল

কিন্তু এইবছৰ (২০২৩ত) মই ভাবিলো যে এই দূৰ্ঘটনাবোৰ আমি নথিবদ্ধ কৰিব লাগে। তেতিয়াই তামিলনাডু আৰু কৰ্ণাটক সীমান্তৰ কৃষ্ণনগৰীত ফটকা বিস্ফোৰণত এখন গাঁৱৰ আঠোটাকৈ ল’ৰাই প্ৰাণ হেৰুওৱাৰ খবৰ মোৰ কাণত পৰে। সামাজিক মাধ্যমত মই এই খবৰটো পালো, এনে বহু খবৰ মই ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ পৰা পাওঁ। প্ৰতিবাদ, বিক্ষোভ আদিৰ খবৰো মই সামাজিক গণমাধ্যমৰ পৰাই পাওঁ।

তেনেদৰেই এই খবৰটোও মই পালো। সতীৰ্থ কেইজনমানক সোধা-পোছা কৰি জানিব পাৰিলো যে মৃতকৰ আটাইকেইজনেই একেখন চহৰৰ আৰু দেৱালীৰ বতৰত কাম কৰিবলৈ গৈছিল। এই কথাটোৱে মোক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। আমিও ঋতুভিত্তিক চাকৰিৰ বাবে যোৱা মানুহ। বিনায়ক চতুৰ্থীৰ সময়ত আমি অৰুগামপুল [কাউচ গ্ৰাছ] আৰু এৰুক্কাম পুল [মিল্ক বন)ৰ পৰা মালা বনাই বিক্ৰী কৰিছিলো। বিয়াৰ বতৰত আমি বিয়াঘৰত খাদ্য পৰিবেশনৰ কামো কৰিছিলো। পৰিয়ালৰ [আৰ্থিক] পৰিস্থিতিলৈ চাই ময়ো তেনেকৈ ঋতুভিত্তিক কাম কৰিবলগীয়া হৈছিল।

মোৰ দৰেই এনে ল’ৰাকেইজনমানে কামলৈ গৈ প্ৰাণ হেৰুওৱা ঘটনাটোৱে মোক শোকাহত কৰি পেলাইছিল।

মই এয়া লিখিবই লাগিব। মই তামিলনাডুৰ ধৰ্মপুৰি জিলাৰ আমুৰ তালুকৰ আম্মাপেট্টাইৰ পৰা আৰম্ভ কৰিলো। ধৰ্মপুৰি আৰু তিৰুবন্নমালাইৰ মাজেৰে বৈ যোৱা থেনপাম্মাই নদীৰ পাৰত অৱস্থিত এই গাওঁখন। নদীখন পাৰ হ’লেই সিফালে তিৰুবন্নমালাই জিলা।

গাওঁখন পাবলৈ তিনিখন বাছত সলাবলগীয়া হ’ল৷ বাছত যোৱা সময়খিনি পৰিস্থিতিৰ বিষয়ে জনা সতীৰ্থসকলৰ লগত কথা পাতি পাৰ কৰিলো। আমুৰৰ এজন সতীৰ্থই আম্মাপেট্টাইৰ বাছ আস্থানত আৰু কেইজনমান সতীৰ্থ ৰৈ থাকিব বুলি প্ৰতিশ্ৰুতি দি মোক বাছত উঠাই দিলে। বাছখন আম্মাপেট্টাইত সোমোৱাৰ লগে লগে দেখিলো চাৰিওফালে ঘেৰাও দি থোৱা আম্বেদকাৰৰ মূৰ্তিটো। তাকো নীৰৱতাই গ্ৰাস কৰিছে। গাঁওখনতো মৰিশালিৰ দৰেই নীৰৱতা বিৰাজমান। সেই নীৰৱতাই মোক চুই গ’ল, নোমবোৰ শিঁহৰি উঠিল। কোনো এখন ঘৰৰ পৰা হাঁচি-কাহ এটাও শুনিবলৈ নাই। যেন গোটেইখন অন্ধকাৰচ্ছন্ন।

এই কামটোলৈ বুলি ওলোৱাৰ পিছৰে পৰা মোৰ অকণো ভোক লগা নাছিল। আম্বেদকাৰৰ মূৰ্তিটোৰ কাষতে থকা দোকান এখনত মই বড়া দুটা খাই চাহ একাপত চুমুক দি সতীৰ্থৰ আগমনলৈ অপেক্ষা কৰিলো।

সতীৰ্থ আহিল আৰু মোক সন্তান হেৰুওৱা প্ৰথমঘৰ মানুহৰ ওচৰলৈ লৈ গ’ল। ঘৰটোৰ চালিখন এজবেষ্ট’ছ লগোৱা আছিল, বেৰৰ এটা ফাল প্লাষ্টাৰ কৰা আছিল।

V. Giri was 17 years old when he passed away. The youngest son, he took up work because he didn't get admission in college for a paramedical course as his marks were not high enough
PHOTO • M. Palani Kumar

মৃত্যুৰ সময়ত ভি. গিৰিৰ বয়স আছিল ১৭ বছৰ। কম নম্বৰৰ বাবে পেৰামেডিকেল পাঠ্যক্ৰম এটাত নামভৰ্তি কৰিব নোৱাৰাত তেওঁ সেই কামটোলৈ গৈছিল

আমি ভালেকেইবাৰ দৰ্জাত টুকুৰিয়ালো, তাৰ পিছত এগৰাকী মহিলা ওলাই আহিল। তেওঁ যে বহুদিন শোৱা নাই, সেয়া চালেই ধৰিব পাৰিব। সতীৰ্থজনে পৰিচয় কৰাই দিলে, তেওঁ ভি. চেলভি (৩৭), ফটকা বিস্ফোৰণত ঢুকোৱা ১৭ বৰ্ষীয় ভি. গিৰিৰ মাতৃ। তেওঁক জগাই মোৰ মনত অপৰাধবোধ জাগিল।

ঘৰৰ ভিতৰত সোমাই দেখো যে প্লাষ্টাৰ নকৰা বেৰত স্কুল ইউনিফৰ্মত ল’ৰা এজনৰ ফটোত মালা ওলমাই থোৱা আছে। এনে লাগিল যেন মই মোৰ ভাইটোক দেখিলো।

লকডাউনৰ পিছত মোৰ ভাইটোৱে ফটকাৰ দোকান এখনত কাম কৰিবলৈ গৈছিল। মই যাবলৈ বহুত মানা কৰিছিলো। কামত নাহিল। মায়ে সি ঘূৰি নহালৈকে চিন্তা কৰি থাকিছিল।

গিৰিৰ মাকে কথা ক’ব নোৱাৰিলে। মই ল’ৰাটোৰ কথা সোধাৰ লগে লগে তেওঁ ঘৰটোৰ চুক এটাত বহি কান্দিবলৈ ধৰিলে। সতীৰ্থজনে ক’লে যে আমি মৃতকৰ ভায়েকটোৰ সৈতে কথা পাতিব পাৰিম। আমি অপেক্ষা কৰিলো। গিৰিৰ দুই দদায়েকৰ ডাঙৰজন আহিল আৰু আমাক ঘটনাটোৰ বিষয়ে ক’বলৈ ধৰিলে।

“মোৰ নাম সুৰীয়া। বয়স ২০ বছৰ। মোৰ পিতৃৰ নাম বেদিয়াপ্পান। হৃদৰোগত আক্ৰান্ত হৈ পিতাই ঢুকোৱাৰ আঠ বছৰেই হ’ল।”

তেওঁ কথা কোৱাৰ পিছত মাকে সংকোচ ভাৱেৰে ভগা ভগা মাতেৰে ক’বলৈ ধৰিলে। “তাৰ মৃত্যুৰ পিছত জীৱনটো অচল হৈ পৰিছিল,” মাকে কয়। “ডাঙৰটো ল’ৰাই ১২ম মানৰ পঢ়া শেষ কৰি ঘৰলৈ দুপইচা পঠিয়াবলৈ বুলি কাম বিচাৰি বাহিৰলৈ গৈছিল। আমি লাহে লাহে ধাৰবোৰ শুজিব পাৰিছিলো, ভায়েকহঁতো ডাঙৰ হৈ আহিব ধৰিছিল। তাৰ বিয়া পতাৰ বাবে আগবাঢ়িছিলো আৰু বিয়াৰ তিনিমাহহে হৈছিল। ইমান কষ্টত ইহঁতক তুলিছো, পঢ়াইছো। এনে হ’ব বুলি আশা কৰা নাছিলো।”

“এবছৰ কলেজলৈ যাব নোৱাৰাত তেওঁ দুমাহৰ বাবে টেক্সটাইল দোকান এখনলৈ গ’ল আৰু দুমাহ ঘৰতে আছিল। লগৰবোৰ যোৱা কাৰণে সিয়ো ফটকাৰ দোকানলৈ গৈছিল আৰু এনেকৈয়ে তাক কালে খালে।”

Left: A photo from Giri's childhood placed within his late father Vediyappan's photo.
PHOTO • M. Palani Kumar
Right: His mother, V. Selvi couldn't speak. She sat in the corner of the house and started to cry when I asked her about Giri
PHOTO • M. Palani Kumar

বাওঁফালে: প্ৰয়াত পিতৃ বেদিয়াপ্পানৰ ফটোৰ কাষতে গিৰিৰ শৈশৱৰ ফটো এখন থোৱা আছে। সোঁফালে: তেওঁৰ মাতৃ ভি. চেলভিয়ে কথা ক’ব নোৱাৰিলে। গিৰিৰ কথা সোধোতে ঘৰৰ চুক এটাত বহি তেওঁ উচুপিবলৈ ধৰিলে

“এইটো চিজনত থাম্বি (সৰু ভাই)য়ে কেৱল কাপোৰৰ দোকানত কাম কৰিবলৈ যায়। এইবছৰেই সি এইটো কামলৈ (ফটকাৰ দোকান) গৈছিল। দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পাছ কৰি সি পেৰামেডিকেল ক’ৰ্ছৰ কাৰণে এপ্লাই কৰিছিল। কম নম্বৰ পোৱাৰ বাবে তাৰ দৰ্খাস্তখন নাকচ হৈছিল। তেতিয়াৰে পৰা সি কাপোৰৰ দোকানত কাম কৰিবলৈ যোৱা হ’ল। এবাৰ আদি (জুলাইৰ মাজভাগৰ পৰা আগষ্টৰ মাজভাগলৈ)ৰ সময়ত, যেতিয়া কাপোৰৰ দোকানত বিশেষ চেলচ আৰু ৰেহাই থাকে, সি ২৫,০০০ টকা পাইছিল। তাৰে ২০ হাজাৰ টকা দি সি ঘৰৰ ধাৰ এটা পৰিশোধ কৰিছিল।

“আঠ বছৰ আগতে পিতাই ঢুকাওতে আমি দুয়ো কাপোৰৰ দোকানলৈ গৈ যি পইচা উপাৰ্জন কৰিছিলো, তাৰে আমাৰ ধাৰবোৰ শুজিছিলো। ডাঙৰজন দাদাৰ বিয়াত আকৌ আমাৰ ৩০,০০০ টকাৰ ধাৰ লাগিল।

“সেয়ে আমি যি কামেই পাও, কৰিবলৈ ল’লো। আমাৰ বহুতেই কাম ভাল নহ’লে ঘৰলৈ গুছি আহে। ফটকা দোকানীজনে আমাৰ ইয়াৰে এজনক ক’লে যে দোকানত কাম অলপ আছে। এটা বেটচ্ প্ৰথমে গ’ল। ভাইটি দ্বিতীয় বেটচটোত গৈছিল।”

“কিন্তু কামলৈ যোৱা ল’ৰাবোৰৰ মাজত সমস্যা হৈছিল, সেয়ে মোৰ ভাইটি গিৰি উভতি আহি দাদাৰ লগত থাকিছিল। তেওঁ কামৰ সময়ত লগত আছিল আৰু ডাঙৰজন দাদাই মন্দিৰলৈ আহিছিল।”

“এইখিনি সময়তে ফটকাৰ দোকানৰ ল’ৰা এজনে মোৰ ভাইটিক ফোন কৰি কামলৈ আকৌ আহিবলৈ ক’লে। ভাইটিয়ে ২০২৩ৰ ৭ অক্টোবৰত পুনৰ কামলৈ গ’ল। সিদিনাই অঘটন ঘটিল।”

সি মাত্ৰ এদিন কাম কৰিছিলহে মাত্ৰ।

ভাইটিৰ জন্ম হৈছিল ২০০৬ৰ ৩ অক্টোবৰত। আমি তাৰ জন্মদিন উদযাপন কৰি উঠিছিলো মাত্ৰ। ৭ অক্টোবৰত ঘটনাটো ঘটিল।

কি ঘটিছিল আমাৰ ঘৰৰ কোনোৱে জনা নাছিল। ঘটনাটোৰ পৰা ৰক্ষা পৰা দুজন ল’ৰাই আমাক খবৰ দিছিলহি। আমি তেতিয়া খবৰা-খবৰি কৰি জানিব পাৰিলো যে আমাৰ গাঁৱৰ সাতজন ল’ৰা ঢুকাইছে। গাড়ী এখন ভাৰা কৰি আমি মৃতদেহ চিনাক্ত কৰিবলৈ গ’লো।

The photograph of another deceased, 19-year-old Akash, is garlanded and placed on a chair in front of the house. His father, M. Raja (right)
PHOTO • M. Palani Kumar

আন এজন মৃতক ১৯ বৰ্ষীয় আকাশৰ ফটো, ঘৰৰ সন্মুখত মালা পিন্ধাই থোৱা আছে। তেওঁৰ পিতৃ এম. ৰাজা ফটোখনৰ কাষত বহি আছে

গোচৰ তৰা হৈছিল। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী কে পি আন্বাঝাগান, এজন বিধায়ক, এজন সাংসদ আৰু বহুতেই আমাৰ ওচৰলৈ আহিছিল। জিলা উপায়ুক্তজনে তিনি লাখ টকাৰ চেক এখন দিছিল। তামিলনাডুৰ মুখ্যমন্ত্ৰী আহিব বুলি কৈছিল যদিও নাহিল।

আমাৰ কথা হৈছে ভুক্তভোগী প্ৰতিটো পৰিয়ালকে শৈক্ষিক অৰ্হতা অনুসৰি একোটাকৈ চৰকাৰী চাকৰি দিব লাগে।”

গিৰিৰ পৰিয়ালটোৱে আশা কৰে যে তেওঁৰ দুই পুত্ৰক চৰকাৰী চাকৰি দিয়া হ’ব। “আমি পেটে-ভাতে খাই থকা মানুহ। সিহঁতৰ কোনোবা এটাই চৰকাৰী চাকৰি পালে বৰ সকাহ পাম।”

মাকে কথা শেষ কৰাৰ পিছত গিৰিৰ ফটোখন চাব বিচাৰিলো৷ ভায়েকে দেউতাক ঢুকোৱা বুলি কৈ ফটো এখনলৈ আঙুলিয়াই দিলে। ফ্ৰেমটোৰ চুকত, ফটোখনত গিৰি আছিল। সেইখন তেওঁৰ একেবাৰে শিশু অৱস্থাৰ ধুনীয়া ফটো।

“কাৰুৰত যদি আমাৰ ছিপকোট (SIPCOT)ৰ দৰে কিবা এটা থকা বুলি জানিলোহেঁতেন, তেতিয়া আমাৰ ল’ৰাবোৰে কামৰ বাবে ইমান দূৰলৈ নগ’লহেঁতেন। সিহঁতক আটাইকে ব্ৰেইনৱাছ কৰা হৈছিল। সিহঁতক কোৱা হৈছিল যে কাম শেষ কৰি উভতি অহাৰ সময়ত নতুন ফোন এটা পাব। কোনেও গম পোৱা নাছিল যে গুদামত ফটকাবোৰ ফুটিছে। আঠজন ল’ৰাৰ আটাইকেইজনেই শ্বাসৰুদ্ধ হৈ মৃত্যুমুখত পৰে। আমি চালো আৰু দেখিলো যে ওলাই আহিবলৈ ৰাস্তাটো একেবাৰে ঠেক আছিল। সিহঁত আছিল অনভিজ্ঞ, প্ৰথমবাৰৰ বাবে তেনে দোকানত কাম কৰিছিল,” সতীৰ্থ বালাই কয়।

বালাই কথাখিনি কৈ থকাৰ সময়ত মোৰ নিজৰ ভাইটোলৈ মনত  পৰিছিল। ঠাইখন শোকাকূল হৈ পৰিছিল। মোৰ নিজকে শ্বাসৰুদ্ধ হৈ পৰা যেন লাগিছিল, বুকুখন কোচ খাই গৈছিল।

ভুক্তভোগী প্ৰতিটো পৰিয়ালেই ঘৰত প্ৰিয়জনৰ ফটো আঁৰি থৈছে। প্ৰতিখন ঘৰতেই মৰিশালিৰ নিস্তব্ধতা। মানুহ আহিছে আৰু গৈছে। ঘটনাটো ঘটাৰ এসপ্তাহ পাৰ হ’ল, কিন্তু মনৰ সন্তাপ গুছা নাই, চকুৰ পানীও মচ খোৱা নাই। আত্মীয়-স্বজনে পৰিয়ালবোৰক সংগ দিছে।

'This is the first time he was going to this kind of job,' says Akash's father.
PHOTO • M. Palani Kumar
A photo of Akash's mother (right) who passed away 12 years ago
PHOTO • M. Palani Kumar

এনে কামৰ বাবে তেওঁ প্ৰথমবাৰৰ বাবে গৈছিল ,’ আকাশৰ বিষয়ে এম ৰাজাই কয় তেওঁৰ মাতৃ ( সোঁফালে ) ১২ বছৰ আগতে ঢুকাইছিল

Raja says Akash was particularly fond of  Dr. B.R. Ambedkar. 'He had hung his [Ambedkar’s] portrait [near his bed] so that he would be the first image to see when he woke up'
PHOTO • M. Palani Kumar

আম্বেদকাৰ আকাশৰ প্ৰিয় আছিল , ৰাজাই কয় বিচনাৰ কাষত আম্বেদকাৰৰ ফটো ওলমাই থৈছিল যাতে পুৱা শুই উঠি প্ৰথমে তেওঁৰ ফটোখন দেখে

এই ঘটনাৰ চিকাৰ হোৱা আন এজন ১৯ বৰ্ষীয় আকাশৰ ফটোত মালা পিন্ধাই চকী এখনত থোৱা আছিল। দুটা কোঠালীৰ ঘৰটোত তেওঁৰ পিতৃ ফটোখনৰ কাষতে বহি আছিল। তেওঁলোকৰ ঘৰলৈ গৈ মই দেখিলো যে আন এখন চকীত আকাশৰ মাকৰ ফটো থোৱা আছে।

মই আকাশৰ পিতৃৰ সৈতে কথা পাতিব ধৰোতেই তেওঁ হুকহুকাই কান্দি উঠিল। তেওঁ মদ খাই আছিল। মোৰ লগত অহা সতীৰ্থজনে তেওঁক শান্ত কৰি কথা পাতিবলৈ যত্ন কৰিলে।

“মোৰ নাম এম ৰাজা (৪৭)। চাহৰ দোকানত গিলাচ ধোও। লগৰবোৰ যোৱা কাৰণে সিও ফটকাৰ দোকানলৈ গৈছিল। ভাল ল’ৰা আছিল, পঢ়াতো চোকা আছিল। কামলৈ যাওতে সি মোক ২০০ টকা দি মদ নাখাবলৈ কৈছিল। দহ দিনত ঘূৰি আহি মোৰ যত্ন ল’ব বুলি কৈ গৈছিল। প্ৰথমবাৰৰ বাবে এনে এটা কামৰ বাবে সি গৈছিল। কেতিয়াও তাক যাবলৈ মই কোৱা নাছিলো।”

আম্বেদকাৰ আকাশৰ বৰ প্ৰিয় আছিল, ৰাজাই কয়। “সি শেতেলীৰ কাষতে বেৰত আম্বেদকাৰৰ ফটো এখন ওলমাই থৈছিল যাতে পুৱা শুই উঠি প্ৰথমে তেওঁৰ ফটোখন দেখে। মোৰ ল’ৰাটোৰ সৈতে সেয়াহে ঘটিল। প্ৰথমতে সি কাপোৰৰ দোকান এখনত কাম কৰিবলৈ গৈছিল। এইবাৰ যে ফটকাৰ দোকানলৈ যাব, সেয়া মই জনা নাছিলো। সি দুবছৰৰ পিছত কলেজলৈ যাব এৰিছিল। কিন্তু কেতিয়াও সি কাম কৰাটো মই বিচৰা নাছিলো। চাহৰ দোকানত কাম কৰি মই দিনে ৪০০ টকা পাওঁ। মোৰ দুজনী কন্যা আৰু দুটা সন্তান আছে। মোৰ ল’ৰা-ছোৱালীকেইটাৰ কাৰণেই মই জীয়াই আছো। মানুহজনী ঢুকোৱা ১২ বছৰ হ’ল।”

Vedappan at 21 years old was the oldest of the young boys to die in the explosion. He was married just 21 days before his death
PHOTO • M. Palani Kumar

বেদাপ্পান (২১) ঢুকোৱা কেইজনৰ ভিতৰত আটাইতকৈ ডাঙৰজন। তেওঁ মৃত্য়ুৰ ২১ দিন আগেয়ে বিয়া কৰাইছিল

তাৰপিছত আমি ২১ বৰ্ষীয় বেদাপ্পানৰ ঘৰলৈ গ’লো। কোট পিন্ধা তেওঁৰ ফটো এখন আম্বেদকাৰৰ ফটোৰ কাষতে আঁৰি থোৱা আছে। ফটোখনত মালা পিন্ধোৱা আছে। মৃতকৰ আটাইকেইজনৰ ভিতৰত বয়সত ডাঙৰ আৰু বিয়া কৰোৱা তেঁৱেই আছিল। বিয়া হোৱাৰ ২১ দিন হৈছিল মাত্ৰ। তেওঁৰ পিতৃৰ বাদে কোনেও কথা পাতিবপৰা অৱস্থাত নাছিল। বেদাপ্পানৰ পত্নীয়ে স্বামীৰ মৃত্যুৰ পিছত পোৱা সাংঘাতিক মানসিক আঘাতৰ পৰা মুক্ত হ’ব পৰা নাই।

“আমাৰ ঘৰ ধৰ্মপুৰি জিলাৰ টি আম্মাপাট্টিত। পৰিয়ালটোত দুখীয়া। আমাৰ গাঁৱৰ পৰা কমেও সাতজন আৰু জিলাখনৰ পৰা ১০ জন গৈছিল। কামৰ অভাৱতে তেওঁলোক গৈছিল। তেওঁলোকে কাম কৰা দুই–তিনিদিন হৈছিলহে মাত্ৰ, তেনেতে এই ঘটনাটো ঘটিল।”

“এই ঘটনাৰ কাৰণ কৰ্ণাটক চৰকাৰে কিম্বা তামিলনাডু চৰকাৰ, কোনোৱে ঘোষণা কৰা নাই। মৃতকৰ প্ৰমাণপত্ৰখন পোৱাটোও টান হৈ পৰিছে। তামিলনাডু চৰকাৰে আমাক মৃতকৰ প্ৰমাণপত্ৰ, ক্ষতিপূৰণ আৰু আমাৰ শৈক্ষিক অৰ্হতাৰ ভিত্তিত একোটা চাকৰি দিয়া উচিত।”

Left: A photo of Kesavan (pink shirt) with his mother, Krishnaveni and elder brother.
PHOTO • M. Palani Kumar
Right: His mother didn't know he was working in the cracker shop when he died in the explosion
PHOTO • M. Palani Kumar

বাওঁফালে: মাতৃ কৃষ্ণবেণীৰ সৈতে কেশৱনৰ এখন ফটো (গুলপীয়া চোলা পিন্ধাজন)। সোঁফালে: তেওঁৰ মাকে জনা নাছিল ফটকাৰ দোকানত কাম কৰা তেওঁৰ ল’ৰাটোৰ বিস্ফোৰণত মৃত্যু হৈছে

Left: Kumari's son Munivel was 20 years old when he died in the explosion. His photo, like all the other deceased, is displayed outside their home.
PHOTO • M. Palani Kumar
Right: Illumparidhi's parents, Bhanu and Senthilkumar stand near their son's photo
PHOTO • M. Palani Kumar

বাওঁফালে: কুমাৰিৰ পুত্ৰ মুনুভেলৰ বিস্ফোৰণত মৃত্যুৰ সময়ত বয়স আছিল ২০ বছৰ। আন পৰিয়ালৰ দৰে তেওঁৰ ফটোখন ঘৰৰ বাহিৰত লগোৱা আছে। সোঁফালে: ইল্লামপাৰিধিৰি পিতৃ-মাতৃ ভানু আৰু সেন্থিলকুমাৰে পুত্ৰৰ ফটোৰ কাষত থিয় দিছে

কৃষ্ণবেণী হৈছে আৰ কেশৱনৰ মাক। ত্ৰিশ বৰ্ষীয় কৃষ্ণবেণীয়ে কয় যে তেওঁ নাজানিছিল যে ল’ৰাটো ফটকাৰ দোকানত কাম কৰিবলৈ গৈছে। “লগৰীয়াবোৰৰ লগত সি গুছি গৈছিল। এতিয়ালৈ চৰকাৰৰ পৰা একো শুনা নাই যদিও আশা কৰো যে চৰকাৰে আমাক চাকৰি এটা দিব।”

পয়ত্ৰিশ বৰ্ষীয় কুমাৰিয়ে পুত্ৰৰ মৃত্যুৰ দিনাখন সি পঠিওৱা চেলফিৰ বিষয়ে কয়। “দেৱালীত ঘৰখনত অকণমান পইচা আহক বুলিয়ে সিহঁতে ইমান ভয়ংকৰ কাম কৰিবলৈ যায়। যাতে নতুন কাপোৰ আৰু উপহাৰ কিনিব পাৰে। কাপোৰৰ দোকানত ৭০০-৮০০ পোৱা যায়, আনহাতে ফটকাৰ দোকানত ১,২০০ টকা দিয়ে।

“দুপৰীয়াৰ আহাৰ খাই থকাৰ সিহঁতৰ চেলফিৰ পিছতে সিহঁতৰ মৃতদেহ চাবলগীয়া হ’ল, ভাবকচোন কেনে লাগে?”

আমাৰ দৰে কোনো পৰিয়ালৰে এনে নহওঁক। ফটকাৰ দোকানত দূৰ্ঘটনা নঘটক। ঘটনা ঘটিলেও সিহঁতে দোকানৰ পৰা বাহিৰলৈ ওলাই অহাৰ ৰাস্তা থাকক। ওলাই অহাৰ সুব্যৱস্থা নাথাকিলে দোকানৰ অনুমতি দিয়া অনুচিত। আমাৰ পৰিয়ালকেইটাই এনে ঘটনাৰ বলি হোৱা শেষৰ পৰিয়াল হওঁক,” কুমাৰিয়ে কয়।

Left: A photo of T. Vijayaraghavan, Kesavan and Akash that they sent to their families by Whatsapp shortly before the accident took place.
PHOTO • M. Palani Kumar
Their charred bodies (right) were unrecognisable
PHOTO • M. Palani Kumar

বাওঁফালে : ঘটনাটো ঘটাৰ আগেয়ে পৰিয়াললৈ পঠিওৱা এখনত ফটোত টি . বিজয়ৰাঘৱন , কেশৱন আৰু আকাশ সোঁফালে : ‘ সিহঁতৰ দেহবোৰ এনেকৈ অগ্নিদগ্ধ হৈছিল যে চিনাক্ত কৰিবপৰা নগৈছিল ,’ বিজয়ৰাঘৱনৰ পিতৃয়ে কয়

Saritha shows a photo of Vijayaraghavan on her phone. She says all the memories of her son are in the photos in her phone
PHOTO • M. Palani Kumar
Saritha shows a photo of Vijayaraghavan on her phone. She says all the memories of her son are in the photos in her phone
PHOTO • M. Palani Kumar

সৰিতাই ফোনত বিজয়ৰাঘৱনৰ ফটো এখন দেখুৱাইছে। নিজৰ ফোনত থকা ফটোবোৰেই এতিয়া চাই থাকো বুলি তেওঁ কয়

১৮ বৰ্ষীয় টি. বিজয়ৰাঘৱনৰ ঘৰলৈ যাওতে মাক সুস্থ অৱস্থাত নাছিল, তেওঁক হস্পিতাললৈ নিয়া হৈছিল। তেওঁ ঘূৰি অহাৰ পিছত দেখিলো, তেওঁৰ অৱস্থা অতিকৈ বেয়া। তথাপিও তেওঁ আমাৰ সৈতে কথা পাতিলে আৰু বিজয়ৰাঘৱনৰ ভনীজনীয়ে আমাৰ বাটাৰমিল্ক খুৱালে।

“সি আমাক কৈ গৈছিল যে কাপোৰৰ দোকানলৈ যাব। কি কাৰণত সি ফটকাৰ দোকানলৈ গ’ল মই নাজানো। ছোৱালীজনীৰ স্বাস্থ্যৰ নামত পইচা খৰছ হৈ যোৱাৰ কাৰণে সি কলেজৰ মাচুলৰ বাবে আমাক হেঁচা দিব বিচৰা নাছিল, সেয়ে সি গৈছিল। চৰকাৰে আমাক কিবা কাম এটা দিলে আমি কৃতজ্ঞ হ’ম,” ৫৫ বৰ্ষীয় সৰিতাই কয়।

কেইগৰাকীমান সতীৰ্থ আৰু বিজয়ৰাঘৱনৰ পিতৃৰ সৈতে আমি সেই আঠজন ল’ৰাৰ শেষকৃত্য কৰা স্থানলৈ গ’লো। “সিহঁত এনেকৈ অগ্নিদগ্ধ হৈছিল যে চিনাক্ত কৰিব নোৱাৰি। একেলগে আটাইৰে সৎকাৰ কৰিছো,” বিজয়ৰাঘৱনৰ পিতৃয়ে কয়।

থেনপান্নাই নদীখন বৈ আছে, ভৱিষ্যতৰ প্ৰতিশ্ৰুতি আৰু প্ৰেমৰ পণ লোৱা সেই আঠোটাকৈ তৰুণৰ চিতাৰ ছাঁইখিনিৰ সাক্ষী হৈ নদীখন বৈ গৈছে।

ঘূৰি অহা বাটত মোৰ বুকুখন গধুৰ হৈ পৰিছিল।

দুটা দিন পিছত ৰাতিপুৱাই এটা খবৰ পালো, ফটকা নিৰ্মাণৰ ঘাটি শিৱাকাশীত দূৰ্ঘটনা ঘটি ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে।

All the eight boys were cremated together
PHOTO • M. Palani Kumar

আঠোজনকে একেলগে সৎকাৰ কৰা হৈছে

The Thenpannai river that flows between Dharmapuri and Thiruvannamalai districts of Tamil Nadu
PHOTO • M. Palani Kumar

ধৰ্মপুৰি আৰু তিৰুবান্নামালা জিলাৰ মাজেৰে বৈ যোৱা থেনপান্নাই নদীখন

অনুবাদ: পংকজ দাস

M. Palani Kumar

M. Palani Kumar is Staff Photographer at People's Archive of Rural India. He is interested in documenting the lives of working-class women and marginalised people. Palani has received the Amplify grant in 2021, and Samyak Drishti and Photo South Asia Grant in 2020. He received the first Dayanita Singh-PARI Documentary Photography Award in 2022. Palani was also the cinematographer of ‘Kakoos' (Toilet), a Tamil-language documentary exposing the practice of manual scavenging in Tamil Nadu.

Other stories by M. Palani Kumar
Editor : Kavitha Muralidharan

Kavitha Muralidharan is a Chennai-based independent journalist and translator. She was earlier the editor of 'India Today' (Tamil) and prior to that headed the reporting section of 'The Hindu' (Tamil). She is a PARI volunteer.

Other stories by Kavitha Muralidharan
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das