“শেষকৃত্যত আমাৰ পিতৃয়ে মৰ্যাদা নাপাব বুলি আমি উদ্বিগ্ন হৈছিলো।”

পঞ্চনাথন সুব্ৰমনিয়মৰ মৃত্যুৰ দুমাহৰ পিছতো তেওঁৰ পুত্ৰ এছ ৰমেশে দুখ প্ৰকাশ কৰেঃ “ক’ভিড-১৯ৰ লক্ষণ দেখাৰ পিছত আমি যেতিয়া তেওঁক ঠাঞ্জাভুৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰিছিলো, আমি কল্পনাও কৰা নাছিলো যে তেওঁক প্ৰাণহীন অৱস্থাত ঘূৰাই আনিব লাগিব।”

তদুপৰি ৬৮ বছৰীয়া সুব্ৰমনিয়মে ভাৰতীয় সেনা বাহিনীৰ কেৰাণী পদৰ পৰা কেইবছৰমান পূৰ্বে অবসৰ গ্ৰহণ কৰিছিল। তেওঁৰ তেনেকুৱা কোনো শাৰীৰিক সমস্যা নাছিল। সামৰিক বাহিনীত সেৱা আগবঢ়াবলৈ পাই তেওঁ নিজে গৌৰৱবোধ কৰে, “আৰু শাৰীৰিক সুস্থতা অটুত ৰাখিবলৈ যথেষ্ট যত্ন লৈছিল। তেওঁ সদায় খোজ কাঢ়িছিল আৰু খোৱা-বোৱাৰ ক্ষেত্ৰত অতি সতৰ্ক আছিল,” তামিলনাডুৰ কুম্বাকোনম চহৰৰ বাসিন্দা ৪০ বছৰীয়া ৰমেশে কয়। “চিকিৎসালয়ত যেতিয়া ভৰ্তি কৰা হৈছিল, আমি তেওঁ আৰোগ্য হ’ব বুলি ভাবিছিলো।”

১৪ আগস্তত যেতিয়া সুব্ৰমনিয়মৰ মৃত্যু হয়, তেতিয়া ৰমেশ আৰু তেওঁৰ পৰিয়াল অতি উৎকণ্ঠিত হৈ পৰিছিল- কেৱল তেওঁক হেৰুৱাবলগাৰ বাবেই নহয়। ৰাজ্যখনত ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ শেষকৃত্য যেনেকৈ ঘৃণিত হৈছিল, তেওঁলোকে সেয়া দেখিছিল আৰু সেয়ে ইয়াৰ পিছত কি কৰিব সেই লৈ বিবুদ্ধিত পৰিছিল। “বন্ধু আৰু আত্মীয়ৰ পৰা আমি অতি সামান্য সহায়-সমৰ্থন পাইছিলো। মই বুজিছিলো, কিয়নো ক’ৰণাৰ ফলত হোৱা মৃত্যু এক ব্যাপক উদ্বেগৰ কাৰণ।”

অবাঞ্চিতভাৱে ৰাজ্যখনৰ বেচৰকাৰী সংস্থা তামিলনাডু মুছলিম মুন্নেট্ৰা কাঝাগামে অতি কামত অহা সহায় আগবঢ়ালে। সুব্ৰমনিয়মৰ মৃত্যুৰ ঠিক পিছতে তামিলনাডুৰ মুছলিম মুন্নেট্ৰা কাঝাগাম (টিএমএমকে)ৰ ছয়জন সদস্য সহায় কৰিবলৈ আগবাঢ়ি আহিল। চিকিৎসালয়ত মৃতদেহ গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি তেওঁক মৰ্যাদা সহকাৰে তেওঁলোকৰ গৃহচহৰ কুম্বাকোনমত সমাধিস্থ (কিছুমান হিন্দু পৰিয়ালেও অন্ত্যোষ্টিক্ৰিয়াৰ পৰিৱৰ্তে সমাধিস্থ কৰে) কৰালৈকে সকলো কৰিছিল।

পৰিয়ালটোৰ বাবে এয়া আছিল ভাগ্যচক্ৰৰ অসাধাৰণ গতি। টিএমএমকে-ৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা তামিলনাডু আৰু পুডুচেৰীত সমাধিস্থ কৰা ১,১০০ জন লোকৰ মাজৰে এজন আছিল সুব্ৰমনিয়ম। মৃতকৰ জাত বা ধৰ্মৰ প্ৰতি চকু নিদিয়াকৈ তেওঁলোকে শেষকৃত্য সমাপন কৰিছিল। ধৰ্মীয় পৰম্পৰা আৰু পৰিয়ালৰ ইচ্ছাৰ লগত সংগতি ৰাখি তেওঁলোকে শেষকৃত্য সমাপন কৰিছিল। ক’ভিড-১৯ত মৃত বুলি নিশ্চিত হোৱাসকলৰ ক্ষেত্ৰত টিএমএমকে-য়ে ৮ ফুট গভীৰ গাত খান্দি সমাধিস্থ কৰাৰ স্থানীয় প্ৰশাসনৰ নিয়ম অনুসৰণ কৰিছিল।

Top left: Two volunteers place a body in their vehicle. Top right: TMMK volunteers stand beside their ambulance vans, readying for the day’s activity. And volunteers in full PPE stand in respect after unloading a body at a burial ground
PHOTO • Courtesy: TMMK

ওপৰত বাওঁফালেঃ দুজন স্বেচ্ছাসেৱকে এম্বুলেঞ্চত মৃতদেহ এটা উঠাইছে। সোঁফালেঃ টিএমএমকে স্বেচ্ছাসেৱকে দিনটোৰ বাবে সাজু হোৱা সময়ত। আনখনত মৃতদেহ এটা নমাই শেষকৃত্যৰ বাবে নিয়াৰ আগেয়ে পিপিই কিট পৰিহিত স্বেচ্ছাসেৱকসকলে শেষবাৰৰ বাবে শ্ৰদ্ধা নিবেদন কৰিছে

ভাইৰাছৰ আতংক আৰু তলাবন্ধৰ ফলত সৃষ্টি হোৱা বিশৃংখলাৰ বাবে সমাধিক্ষেত্ৰ বা শ্মশানত আগতে সহজতে পোৱা শ্ৰমিকসকল এতিয়া পাবলৈ নোহোৱা হ’ল। আনকি ভাড়ালৈ এম্বুলেঞ্চ বিচাৰি পোৱা কঠিন হৈ পৰিল। শোকাকূল পৰিয়ালবৰ্গই ইয়াৰ বাবে ব্যাপক কষ্ট ভোগ কৰাৰ লগতে নিন্দা আৰু হাৰাশাস্তিৰো সন্মুখীন হ’ল। ক’ভিড-১৯ত তামিলনাডুত ১৯ এপ্ৰিলত মৃত্যু হোৱা ৫৫ বছৰীয়া নিউৰ’ছাৰ্জন ডা. ছাইমন হাৰকিউলাছ প্ৰথমজন চিকিৎসক আৰু তেওঁৰ মৃত্যুৰ ঘটনা এক নিন্দিত অধ্যায়।

চেন্নাইৰ কিলপাউক অঞ্চলৰ কবৰস্থানৰ পৰা চিকিৎসকজনৰ পৰিয়ালক তাত গোটখোৱা প্ৰায় ১০০ জন মানুহে খেদি পঠিয়াইছিল। তাৰ পৰা ৬ কিলোমিটাৰ দূৰত থকা আন্নানগৰৰ ৱেলাগাডু কবৰস্থানলৈ চিকিৎসকজনৰ মৃতদেহ লৈ যোৱা হ’ল যদিও সেই স্থানত উন্মত্ত জনতাৰ এটা দলে এম্বুলেঞ্চখন, ইয়াৰ চালকজন, আৰু চাফাইকৰ্মীসকলক লাঠি আৰু শিলেৰে আক্ৰমণ কৰিলে। অৱশেষত ডা. ছাইদুলৰ বন্ধু ডা. প্ৰদীপ কুমাৰ আৰু আন দুজনে পিছদিনা পুৱা মনে মনে তেওঁক কবৰ দিলে। শেষকৃত্যত পৰিয়ালৰ এজনো সদস্য উপস্থিত থাকিব নোৱাৰিলে। তেওঁলোকক নিজৰ জীৱনৰ প্ৰতি অহা ভাবুকিয়ে আতংকগ্ৰস্ত কৰি তুলিছিল।

এনে অৱহেলিত পৰিস্থিতিত টিএমএমকেৰ হস্তক্ষেপে ১,১০০ জন মৃতকৰ পৰিয়ালৰ বাবে ভাবিব নোৱৰা আশীৰ্বাদস্বৰূপ হৈ পৰিছিল।

“চেন্নাইত থকা এজন আত্মীয়ই দিয়া নম্বৰটো লৈ টিএমএমকেলৈ ফোন কৰোতে মই অতিশয় উদ্বিগ্ন আৰু আশাহত হৈ আছিলো,” ৰমেশে কয়।

“আমি মাত্ৰ এখন এম্বুলেঞ্চ বিচাৰিছিলো, কিন্তু তেওঁলোকে সকলো দায়িত্ব বহন কৰিলে। আমাৰ মৃত পিতৃয়ে মৃত্যুৰ পিছত মৰ্যাদা নোপোৱাটো আমি বিচৰা নাছিলো। তেওঁ যথেষ্ট আত্মসন্মানবোধ থকা ব্যক্তি আছিল। সৌভাগ্যক্ৰমে টিএমএমকে-য়ে তেওঁৰ সেই আত্মমৰ্যাদা অটুত ৰাখিলে।”

আন ৰোগত মৃত্যু হোৱা প্ৰায় ১০০ জনকে ধৰি তাৎপৰ্যপূৰ্ণভাবে তেওঁলোকে শেষকৃত্য সমাপন কৰা ১,১০০ জন লোকৰ এজনৰ ক্ষেত্ৰতো একো খেলিমেলি হোৱা নাছিল।

“ছয় বছৰ ধৰি টিএমএমকে-ৰ স্বেচ্ছাসেৱীসকলৰ সৈতে জৰিত হৈ কাম কৰিবলৈ পাই মই নিজেই আচৰিত হওঁ।” কৰ্কট ৰোগ বিশেষজ্ঞ আৰু চেন্নাইৰ শ্ৰী বালাজী ডেণ্টেল কলেজ আৰু হাস্পতালৰ অধ্যাপক ডা. এন অৰবিন্দ বাবুয়ে কয়। তেওঁ কয়, তেওঁলোকৰ স্বেচ্ছাসেৱীয়ে ৰক্তদান কৰে আৰু কৰ্কটৰোগৰ অস্ত্ৰোপচাৰৰ বাবে ধন সংগ্ৰহ কৰে। চেন্নাইৰ আডাম্বাক্কাম অঞ্চলত বাস কৰা ডা. বাবুয়ে টিএমএমকে-ৰ এই দিশটোৰ কথা জানিবলৈ পাৰিছিল “যেতিয়া পৰিত্যক্ত বৃদ্ধ মহিলা এগৰাকীৰ মৃত্যু হৈছিল, সম্ভৱতঃ অনাহাৰত মৃত্যু হৈছিল।” ঘটনাটো ঘটিছিল তলাবন্ধৰ সময়ত এপ্ৰিল মাহত তেওঁৰ ঘৰৰ ওচৰতে।

“মই হতাশ হৈ পৰিছিলো আৰু ভাবিছিলো মহিলাগৰাকী সসন্মানে কবৰস্থ হ’ব লাগে।” টিএমএমকে-ৰ স্বেচ্ছাসেৱীসকলৰ প্ৰসংগ স্মৰণ কৰি ডা. বাবুয়ে কয়। তেওঁলোকে মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিলে, শেষকৃত্যৰ যোগাৰ কৰিলে আৰু মৃতকৰ মৃত্যুৰ প্ৰমাণপত্ৰ উলিওৱালৈকে তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিলে। এইটো গুৰুত্বপূৰ্ণ যে, “তেওঁলোকে নিশ্চিত কৰিলে যে মহিলাগৰাকীৰ মাৰাত্মক ক’ভিড-১৯ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই আৰু স্থানীয় আৰক্ষীৰ পৰা প্ৰমাণপত্ৰ উলিওৱাৰ ক্ষেত্ৰতো সহায় কৰি দিলে। এয়া খুবেই সজকাম”

PHOTO • Courtesy: TMMK

তেওঁলোকে শেষকৃত্যৰ বাবে যিকোনো সময়লৈ সাজু থাকে, এই দৃশ্য মাজনিশাৰ

ডা. বাবুয়ে জানিব পাৰিলে যে সংগঠনটোৱে পৰিত্যক্ত গৰাকীবিহীন মৃতলোকক যোৱা আঠ বছৰ ধৰি মৰ্যাদাসহকাৰে সৎকাৰ কৰি আহিছে। “বিষ্ময়াভিভূত হ’বলগীয়া কথা হ’ল যে মানুহজনৰ অতীত যিয়েই নহওঁক কিয়, তেওঁলোকে মৃত্যুৰ পিছত মানুহৰ মৰ্যাদা ৰক্ষাত গুৰুত্ব আৰোপ কৰে।”

“প্ৰথমতে আমি কেইজনমান ক’ভিড-১৯ত মৃত লোকক কবৰস্থ কৰিছিলো,” টিএমএমকে-ৰ ৰাজ্যিক সভাপতি আৰু প্ৰাক্তন বিধায়ক এম এইচ জৱাহিৰুল্লাহে কয়। “ডা. ছাইমনৰ মৃত্যু আৰু পৰিয়ালৰ ওপৰত হোৱা আক্ৰমণৰ আগলৈকে এইক্ষেত্ৰত আমাৰ পৰিকল্পিত পদক্ষেপ নাছিল। ক’ভিডত হোৱা মৃত্যুক সমাজে শংকা আৰু ঘৃণাৰ দৃষ্টিৰে চায়, সেয়ে এইক্ষেত্ৰত আমি কিবা কৰিব লাগিব বুলি ভাবিলো।”

শেষকৃত্য অনুষ্ঠান পৰিচালনা কৰিবলৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে “মৃত ব্যক্তিৰ যি ধৰ্মৰ, সেই ৰীতি-নীতি অনুসাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। কথা হ’ল স-সন্মানেৰে তেওঁৰ অন্তিম যাত্ৰা নিশ্চিত কৰা। তেওঁলোকৰ ধৰ্মীয় বিশ্বাসক সন্মান নজনালে ই জানো সম্ভৱ হ’ব?” জৱাহিৰুল্লাহে কয়।

টিএমএমকে-ৰ সদস্যসকল একেবাৰে সাধাৰণ মানুহ, তেওঁলোক ২২ ৰপৰা ৪০ বছৰৰ ভিতৰত। তেওঁলোক প্ৰচাৰমুখী নহয়। তেওঁলোক অতি সৰল প্ৰকৃতিৰ। ক’ভিড-১৯ ৰোগী আৰু মৃতকৰ লগত ব্যস্ত হৈ থকা স্বাস্থ্যকৰ্মীৰ প্ৰতি তেওঁলোকে ৰাজহুৱা মনযোগ আকৰ্ষণ কৰাৰ চেষ্টা কৰে। ৰাজ্যখনত এনেধৰণৰ স্বেচ্ছাসেৱী প্ৰায় ১০০০ জন আছে। চেন্নাইত থকা খলিল ৰহমানে কয়, টিএমএমকে-ৰ মেডিকেল শাখাৰ লগত জড়িতসকলৰ বেছিভাগ তেওঁৰ দৰে পথৰ ফেৰিৱালা বা সৰু দোকানী।

“আমাৰ বেছিভাগেই পেটে-ভাতে খাই জীয়াই থকা লোক। মাথো কেইজনমানৰ অৱস্থা অলপ ভাল।” ৰহমানে কয়।

বিভিন্নজনে তেওঁলোকে আগবঢ়োৱা সেৱাক সন্মান জনাইছে। “এজন বোধকৰো কেন্দ্ৰীয় মন্ত্ৰীৰ শেষকৃত্যৰ ভিডিঅ’ আপুনি চাইছেনে?” ইৰোডে জিলাৰ গোবিচেট্টিপালায়াম নগৰৰ জি ভি আধিয়ামানে কয়। “তেওঁ ৰাজনৈতিক প্ৰতিপক্ষ (ডিএমকে)ৰ আছিল যদিও যি ধৰণেৰে তেওঁৰ মৃতদেহ এটা গাঁতত পেলাই থোৱা হ’ল, তাৰ পিছত কোনোবা এজনে গাঁতটোলৈ নামি গৈ মৃতদেহটো ওলোটাই দিবলৈ চেষ্টা কৰিলে, ঘটনাটোৱে মোক আহত কৰিলে। ১৯৬০ৰ হিন্দী বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা ডিএমকে দলৰ প্ৰাক্তন বিধায়ক আধিয়ামানৰ ৮৬ বছৰ বয়সীয়া পিতৃ জি পি ভেংকিটুও ২৩ ছেপ্টেম্বৰত ক’ভিড-১৯ত সংক্ৰমিত হয়।”

‘মই এই মেডিকেল টিমত থকা আঠ বছৰ হ’ল। ক’ভিডৰ কাৰণে আমাৰ দায়িত্ব বাঢ়িল, কিন্তু মানুহে কৃতজ্ঞতা প্ৰকাশ কৰা দেখিলে আন একোৱেই নালাগে’

ভিডিঅ’ চাওকঃ এঘাৰশ মৃতদেহৰ লগতে বহু বদ্ধমূল ধাৰণাৰ সমাধি

সেইদিনা আন্তঃজিলা পৰিবহনৰ বাবে এম্বুলেঞ্চ নাই বুলি চৰকাৰী সেৱাৰ ফালৰ পৰা কোৱা পিছত তেওঁৰ পৰিয়ালটো সমস্যাত পৰিল। “মোৰ পিতৃ কইম্বটোৰৰ এখন চিকিৎসালয়ত আছিল আৰু আমি তেওঁক গোবিচেট্টিপালায়ামলৈ আনিব লাগে,” আধিয়ামানে কয়। “তাৰ পিছত ডিএমএমকে আগবাঢ়ি আহিল আৰু সকলো দায়িত্ব এটা পৰিয়ালৰ দৰে গ্ৰহণ কৰিলে।”

এক বিশদ প্ৰক্ৰিয়াৰে প্ৰতিটো শেষকৃত্য সমাপন কৰা হয়। শেষকৃত্য সমাপনৰ বাবে নিকট আত্মীয়ৰ সৈতে সহযোগিতা কৰিবলৈ চিকিৎসালয়ত লিখা-পঢ়াৰ কাম কৰাৰ পৰা আৰম্ভ কৰি সকলো কাম নিয়াৰিকৈ কৰিবলৈ স্বেচ্ছাসেৱীসকলে ৩-৪ ঘণ্টা সময় লয়। “আমাৰ নিজৰ প্ৰশাসনীয় সুবিধাৰ বাবে আমি তামিলনাডুক ৫৬ খন জিলাত ভগাই লওঁ (চৰকাৰী হিচাপ মতে ৰাজ্যখনত মুঠ জিলাৰ সংখ্যা ৩৮ খন), আমাৰ প্ৰতিখন জিলাত আমাৰ একোটা মেডিকেল গোট থাকে আৰু গোটটোৰ এজন সচিব থাকে। এনে প্ৰতিখন জিলাত ২-৩ টা গোট থাকে আৰু প্ৰতিটো গোটৰ ৬-৮ জন সদস্য থাকে,” খলিল ৰহমানে কয়।

“এয়া মানৱতাৰ প্ৰতি এক বৃহৎ সেৱা, এই দায়িত্ব বহন কৰোতে স্বেচ্ছাসেৱীসকলে প্ৰতিটো ঘটনাত মানিবলগীয়া ৰীতি-নীতি অতি সততাৰে অৱলম্বন কৰে।”  তিৰুপাট্টুৰ জিলাৰ আৰক্ষী অধীক্ষক পি বিজয়কুমাৰে কয়। “উদাহৰণ স্বৰূপে, ক’ভিড-১৯ত মৃত লোকৰ বাবে তেওঁলোকে কবৰৰ গাঁত ৮ ফুট গভীৰ কৰি খান্দে আৰু কবৰ দিয়াৰ সময়ত পিপিই ছ্যুট পৰিধান কৰে। আমাৰ জিলাখনত ১০০ৰো অধিক ক’ভিড-১৯ত মৃত্যু হৈছে আৰু ইয়াৰ ৪০ শতাংশৰ দায়িত্ব টিএমএমকে-য়ে লৈছে।” বিভিন্ন ধৰ্ম-সম্প্ৰদায়ৰ পৃথক অনুপাত স্পষ্ট নহয় যদিও হিন্দু-মুছলমান, খ্ৰীষ্টান আৰু আন ধৰ্মৰ ১,১০০ জন মৃত লোকৰ সৎকাৰ টিএমএমকে স্বেচ্ছাসেৱী সংগঠনে সম্পন্ন কৰিছে।

যিবোৰ এলেকাত তেওঁলোক সক্ৰিয়, তেনে ঠাইত স্বেচ্ছাসেৱীসকলৰ প্ৰচেষ্টাত ভাইৰাছ সম্পৰ্কে ৰাজহুৱা সজাগতা সৃষ্টি কৰা হৈছে আৰু আতংকৰ মাত্ৰা হ্ৰাস কৰা হৈছে।

“মৃতদেহে সংক্ৰমণ বিয়পায় বুলি থকা ধাৰণাৰ পৰা আতংকৰ সৃষ্টি হয়। মৃতদেহৰ পৰা ভাইৰাছৰ সংক্ৰমণ নহয়,” কলকাতাস্থিত আণৱিক জীৱবিদ্যা বিশেষজ্ঞ তথা শিক্ষক ডা. অনিৰ্বাণ মিত্ৰই কয়। “ই এক জৈৱ-ৰাসায়নিক ঘটনা যে মৃতদেহে নতুন ভাইৰাছ সৃষ্টি কৰিব নোৱাৰে, বিশেষকৈ চিকিৎসালায়ৰ পৰা মৃত্যুৰ ৪-৫ ঘণ্টাৰ পিছত উলিয়াই অনা মৃতদেহে ভাইৰাছ সৃষ্টি কৰিব নোৱাৰে। এনে মৃতদেহে শ্বাস-প্ৰশ্বাস ল’ব নোৱাৰে, মৃতদেহৰ নাক-মুখৰ পৰা ওলোৱা পানীৰ পৰা সংক্ৰমণৰ সম্ভাৱনা নাথাকে। যদি কোনো মৃতদেহৰ পৰা লালটি, কফ আৰু তেজৰ দৰে তৰল বস্তু ওলাই থাকে, তেনে মৃতদেহ ভাইৰাছৰ উৎস হ’ব পাৰে। তেনে মৃতদেহ সঠিক নিয়মমতে বিলম্ব নকৰাকৈ কবৰস্থ কৰা জৰুৰী।”

The volunteers lower a body into a pit eight feet deep, cover up the pit and pour a disinfectant powder across the grave
PHOTO • Courtesy: TMMK
The volunteers lower a body into a pit eight feet deep, cover up the pit and pour a disinfectant powder across the grave
PHOTO • Courtesy: TMMK
The volunteers lower a body into a pit eight feet deep, cover up the pit and pour a disinfectant powder across the grave
PHOTO • Courtesy: TMMK

আঠ ফুট দঁ গাতটোলৈ মৃতদেহ এটা নমোৱা সময়ত স্বেচ্ছাসেৱকসকল। গাঁতটো মাৰি পেলোৱাৰ পিছত সমাধিটোৰ চাৰিওফালে বীজাণুনাশক ছটিওৱা হৈছে

“আক্ৰান্ত লোকজনৰ যদি ঘৰত মৃত্যু হয়, তেতিয়া ঘৰখনত ভাইৰাছ সক্ৰিয় হৈ থাকিব পাৰে আৰু তেতিয়া ঘৰখন কঠোৰভাৱে কোৱাৰেণ্টাইন কৰিব লাগিব,” ডা. মিত্ৰই সকিয়াই দি কয়। “এনেধৰণ মৃতদেহ সৎকাৰ কৰাৰ বাবে অৰ্হতাসম্পন্ন আৰু আহিলা-পাতিৰে সুসজ্জিত কৰ্তৃপক্ষৰ লোকে দায়িত্ব ল’ব লাগিব।”

প্ৰশাসন আৰু কৰ্তৃপক্ষক চাপৰ পৰা উদ্ধাৰ কৰিবলৈ টিএমএমকে আগবাঢ়ি অহা দেখা গৈছে।

এনে শেষকৃত্যৰ বাবে কিমান খৰছ হয়? “১০০০ টকাৰ পৰা ১১,০০০ টকা পৰ্যন্ত খৰছ হয়, শেষকৃত্যৰ ৰীতি-নীতি, গাঁত খান্দিবলৈ ব্যৱহাৰ কৰা জেচিবি মেচিনৰ ভাড়া আদি খৰছৰ ওপৰত এয়া নিৰ্ভৰ কৰে,” ৰহমানে কয়। “ক’ভিডত মৃত্যু হোৱা যিসকলৰ পৰিয়ালে এই খৰছ বহন কৰিব পাৰে, তেনে ক্ষেত্ৰত আমি কেৱল গাৰে খাটি দিও। যদি পৰিয়ালটোৱে ব্যয় কৰিব নোৱাৰে, আমি আমাৰ মাজৰ পৰা টকা সংগ্ৰহ কৰো আৰু শেষকৃত্য সমাপন কৰো।” পিপিই ছ্যুটবিলাক স্থানীয় প্ৰশাসন অথবা আন কোনো দৰদীৰ পৰাও পোৱা হয়।

স্বেচ্ছাসেৱীসকলে জানে ক’ভিড মৃতদেহৰ ক্ষেত্ৰত অধিক পূৰ্ব-সতৰ্কতা আৱশ্যক। “গোটটোৰ সকলো সদস্যই পিপিই ছ্যুট পৰিধান কৰে আৰু গোটবিলাকে পাল পাতি এনে শেষকৃত্য় কৰে। এটা গোটে এবাৰত এনে মৃতদেহৰ এটা সৎকাৰ অনুষ্ঠান সমাপন কৰে। সৎকাৰ কাৰ্য শেষ হোৱাৰ পিছত স্বেচ্ছাসেৱীসকলে কিছুদিন কোৱাৰেণ্টাইনত থাকে, তাৰপিছত নিজৰ ঘৰলৈ যায়।” তেওঁলোকৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ৰোগ প্ৰতিৰোধক দিয়া হয় আৰু বাধ্যতামূলক স্বাস্থ্যপৰীক্ষা কৰা হয়, “স্পষ্ট কথা হ’ল যে কোনো এজন সদস্য যদি স্বাস্থ্যপৰীক্ষাত ক’ভিড-১৯ত সংক্ৰমিত বুলি প্ৰমাণিত হয়, তেওঁক এই কামৰ পৰা অব্যাহতি দিয়া হয়,” জৱাহিৰুল্লাাহে কয়।

স্থানীয় স্বাস্থ্যপৰিদৰ্শক বা চিকিৎসালয়ৰ পৰা গোটসমূহে সাধাৰণতে এনে বিপদগ্ৰস্ত পৰিয়ালৰ তথ্য বা খবৰ লাভ কৰে। ৰাণিপেট জিলা আৰাক্কোনাম ব্লকৰ বানাভৰম পঞ্চায়তৰ প্ৰাক্তন সভাপতি এন মণিয়ে এটা উদাহৰণ দাঙি ধৰেঃ “পুষ্পা আমাৰ গাঁৱৰ খ্ৰীষ্টান মহিলা, ক’ভিডত তেওঁৰ মৃত্যু হয় আৰু পৰিয়ালটোৱে শেষকৃত্য কৰিব নোৱাৰে। তেতিয়া স্বাস্থ্য পৰিদৰ্শকে মোক টিএমএমকে-ৰ কথা ক’লে। এঘণ্টামানৰ ভিতৰত স্বেচ্ছাসেৱকসকল আহি পালে আৰু সকলো দায়িত্ব গ্ৰহণ কৰিলে। তেওঁলোক সাহসী আৰু সজাগ।”

তদুপৰি ৰহমানে কয়, “তামিলনাডুৰ প্ৰতিখন থানাত আমাৰ ফোন নম্বৰ আছে। গতিকে পৰিত্যক্ত মৃতদেহৰ ক্ষেত্ৰত তেওঁলোকে আমাক খবৰ দিব পাৰে, তাৰ পিছৰ সকলো দায়িত্ব আমি ল’ম।”

The TMMK volunteers attend to Hindu, Muslim, and Christian funerals alike, conducting each according to the religious traditions of the family
PHOTO • Courtesy: TMMK
The TMMK volunteers attend to Hindu, Muslim, and Christian funerals alike, conducting each according to the religious traditions of the family
PHOTO • Courtesy: TMMK

টিএমএমকে স্বেচ্ছাসেৱকে হিন্দু-মুছলমান আৰু খ্ৰীষ্টান সকলোৰে নিজ নিজ পৰিয়ালৰ ধৰ্মীয় ৰীতি-নীতি অনুসাৰে সৎকাৰ কৰি আহিছে

টিএমএমকে-ৰ উপৰিও ছ’চিয়েল ডেমোক্ৰেটিক পাৰ্টি অৱ ইণ্ডিয়া আৰু পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (দুয়োটাই মুছলমান গোট)য়ে ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰৰ কাম কৰি আহিছে। পিএফআই-য়ে সমগ্ৰ ৰাজ্যতে ৩২১ টা আৰু এছডিপিআই-য়ে প্ৰায় ৬০০ টা সৎকাৰৰ দায়িত্ব পালন কৰিছে।

তেওঁলোকৰ এই সমগ্ৰ প্ৰচেষ্টাত ব্যক্তিগত বিপদৰ আশংকা আৰু ব্যয় জড়িত হৈ আছে। ৪১ বছৰ বয়সীয়া আব্দুল ৰহিম যোৱা মাৰ্চ মাহৰ পৰা প্ৰতিবেশী কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ কাৰাইক্কাল জিলাৰ ২৭ টা ক’ভিড সৎকাৰ গোটৰ ২৫ টাৰ সদস্য হৈ আছিল আৰু ইয়াৰ ফলত তেওঁ ছবছৰীয়া পুত্ৰক তেওঁৰ সংগলাভৰ পৰা বঞ্চিত কৰিবলগীয়া হৈছিল। “যোৱা আঠ বছৰ ধৰি মই মেডিকেল টিমৰ সদস্য হৈ আছো। ক’ভিডৰ বাবে আমাৰ কামৰ চাপ বাঢ়িল, কিন্তু মানুহে কৃতজ্ঞতা প্ৰকাশ কৰা দেখিলে আমাক আন একোৱেই নালাগে। এনেধৰণৰ প্ৰতিটো সৎকাৰত অংশ লোৱাৰ পিছত কমেও এসপ্তাহ মই পৰিয়ালৰ পৰা আঁতৰি থাকো। তেওঁলোক হতাশ হয়, কিন্তু মই তেওঁলোকৰ মংগলৰ বাবে এনেকৈ আঁতৰি থাকিবলগীয়া হয়।”

টিএমএমকে স্বেচ্ছাসেৱকসকে কিয় এই কাম কৰে?

জৱাহিৰুল্লাহৰ মতে এয়া ফৰ্দ কিফায়া , মানে বাধ্যতামূলক ব্যক্তিগত দায়বদ্ধতা। “ইছলাম ধৰ্মত অন্ত্যোষ্টিক্ৰিয়া সমাজৰ বাধ্যতামূলক দায়িত্ব। কোনো ব্যক্তি অথবা ব্যক্তিৰ সমষ্টিয়ে এই কাম কৰে মানে সমগ্ৰ সমাজে সামাজিক দায়িত্ব পূৰণ কৰা বজায়। এই কাম কৰিবলৈ যদি কোনো আগবাঢ়ি নাহে, তেন্তে প্ৰতিজন ব্যক্তি পাপী। জাতি-বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ শেষকৃত্য সমাপন কৰা আমাৰ দায়িত্ব বুলি আমি বিশ্বাস কৰো।”

১৯৯৫ত টিএমএমকে-ৰ জন্ম হোৱাৰ পৰা তেওঁলোকৰ স্বেচ্ছাসেৱীসকল মানৱীয় কামত জড়িত হৈ আহিছে। “তেওঁলোকে নিয়মীয়াকৈ ৰক্তদান কৰে আৰু আৱশ্যক অনুসৰি মানুহৰ বিনামূলীয়া এম্বুলেঞ্চ সেৱা আগবঢ়ায়। চুনামি আৰু চেন্নাইৰ কালান্তক বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়তো তেওঁলোক সক্ৰিয় হৈ আছিল।”

জৱাহিৰুল্লাহ মনিতানেয়া মাক্কাল কাৎচি নামৰ এটা ক্ষুদ্ৰ ৰাজনৈতিক দলৰো সভাপতিঃ “তামিল ব্যক্তি হিচাপে আমি এই কাম কৰো, আমি বিশ্বাস কৰো যে বিপদৰ সময়ত আন মানুহক সহায় কৰিব লাগে। তামিলনাডুৰ জনতাই আমাৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰিছে।” অলপ সময়ৰ বাবে স্তব্ধ হৈ থাকি তেওঁ পুনৰ কয়ঃ “অৱশ্যে আপুনি যদি এজন সংখ্যালঘূ হয়, তেন্তে আপোনাৰ বাবে এয়া অতিৰিক্তভাৱে জৰুৰী হৈ পৰে আৰু এই কামৰ দায়িত্ব গ্ৰহণ কৰিব লাগে।  কিন্তু আমাৰ উদ্দেশ্য হ’ল বিপদগ্ৰস্তক মাথো সেৱা কৰা।”

ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ স্বতন্ত্ৰ সাংবাদিকতা জলপানিৰে জনস্বাস্থ্য আৰু নাগৰিক অধিকাৰ বিষয়ত কবিথা সংবাদ প্ৰতিবেদন প্ৰস্তুত কৰে। ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই প্ৰতিবেদনত কোনো ধৰণৰ সম্পাদকীয় হস্তক্ষেপ কৰা নাই।

অনুবাদঃ পংকজ দাস

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Kavitha Muralidharan

Kavitha Muralidharan is a Chennai-based independent journalist and translator. She was earlier the editor of 'India Today' (Tamil) and prior to that headed the reporting section of 'The Hindu' (Tamil). She is a PARI volunteer.

Other stories by Kavitha Muralidharan