মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত শুই থকা অৱস্থাত অলপতে মধ্যপ্ৰদেশৰ ১৬ জন প্ৰব্ৰজনকাৰী শ্ৰমিকক এখন ৰেলে মহতিয়াই নিয়াৰ ফলত মৃত্যু ঘটে। মৃত শ্ৰমিকসকল ৰেল লাইনত কিয় শুই আছিল বুলিহে আমাৰ প্ৰথম প্ৰতিক্ৰিয়া হয়, কিন্তু তেওঁলোকক তেনেদৰে খোজকাঢ়ি যাবলৈ কোনে বাধ্য কৰিলে সেই সম্পৰ্কে কিয় প্ৰশ্ন কৰা নহয়, সেইবিষয়েনো এই ঘটনাই কি কয়?

ৰেলৰ তলত পৰি মৃত্যু ঘটা শ্ৰমিকসকলৰ নাম প্ৰকাশ কৰিবলৈ কিমানখন ইংৰাজী সংবাদপত্ৰই চেষ্টা কৰিছিল? পৰিচয় আৰু নাম অবিহনে সেই দুৰ্ভগীয়া শ্ৰমিকসকলৰ কথা কৈ থকা হৈছে। দৰিদ্ৰৰ প্ৰতি এয়ে আমাৰ মনোভাৱ। যদি এইটো বিমান দূৰ্ঘটনা হ’লহেঁতেন, তেন্তে তথ্য লাভ কৰিবলৈ আপুনি হেল্পলাইনৰ সুবিধা পালেহেঁতেন। যদি দূৰ্ঘটনাত ৩০০ জনৰো মৃত্যু ঘটিলহেঁতেন, তেওঁলোকৰ নাম সংবাদপত্ৰত প্ৰকাশ পালেহেঁতেন। কিন্তু ৮ জন গোণ্ড আদিবাসীকে ধৰি মধ্যপ্ৰদেশৰ ১৬ জন দুৰ্ভগীয়া শ্ৰমিকৰ কোনে খবৰ ৰাখে? ঘৰলৈ যোৱাৰ কাৰণে তেওঁলোকে ৰেলপথেৰে খোজকাঢ়ি এটা ৰেল ষ্টেচনলৈ আহিছিল আৰু ভাবিছিল সেই ষ্টেচনৰ পৰা ৰেলেৰে যাব। অতিশয় ক্লান্ত হৈ পৰা বাবে তেওঁলোক ৰেলপথতে শুই দিছিল আৰু সেই পথেৰে সম্ভৱতঃ কোনো ৰেল চলাচল কৰা নাছিল।

ভাৰতৰ দৰে এখন দেশত এই বৃহৎ কৰ্মশক্তি আছে, এইসকলৰ প্ৰতি চৰকাৰৰ বাৰ্তা সম্পৰ্কে আপুনি কি ভাৱে?

১৩০ কোটি জনসংখ্যাৰ এখন দেশৰ লোকসকলৰ জীৱন-জীৱিকা বন্ধ কৰিবলৈ মাত্ৰ চাৰিঘণ্টা সময় এজন প্ৰবাদপুৰুষ এম জি দেৱসাহায়মে কৈছিল, “এটা ক্ষুদ্ৰ পদাতিক বাহিনীক বৃহত অভিযান চলোৱাৰ দায়িত্ব দি চাৰি ঘণ্টাৰ ভিতৰত এখন জাননী জাৰি কৰা হ’ল।” প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ সৈতে আমি একমত হ’ব বা নহ’ব পাৰো, কিন্তু তেওঁলোকে যি যুক্তিযুক্ততা তুলি ধৰিছে, সেয়া সঠিকভাৱে বিবেচনীয়।

আপোনালোকে আতংকৰ সৃষ্টি কৰিছে। লাখ লাখ লোকক ৰাজপথলৈ আহিবলৈ দি সমগ্ৰ দেশক আপোনালোকেই সম্পূৰ্ণ বিশৃংখলাৰ মাজলৈ নিক্ষেপ কৰিছে। বন্ধ কৰি দিয়া বিবাহ ভৱন, বিদ্যালয়গৃহ, কলেজ চৌহদ আৰু সমূহীয়া কেন্দ্ৰসমূহ প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু গৃহহীনৰ বাবে আমি সহজে আশ্ৰয়গৃহলৈ ৰূপান্তৰ কৰিব পাৰিলোহেঁতেন। আমি বিদেশৰ পৰা উভতি অহা লোকৰ বাবে তাৰকাযুক্ত হোটেলক কোৱাৰেণ্টাইন কেন্দ্ৰ বুলি ঘোষণা কৰিলো।

প্ৰব্ৰজনকাৰীৰ বাবে যেতিয়া ৰেলৰ ব্যৱস্থা কৰা হ’ল, তেওঁলোকৰ পৰা সম্পূৰ্ণ ভাড়া লোৱা হ’ল। তাৰ পিছত শীত-তাপ নিয়ন্ত্ৰিত ৰাজধানী এক্সপ্ৰেছখনৰ ভাড়া ৪৫০০ টকা নিৰিখ ঠিক কৰা হ’ল। ইয়াতকৈয়ো শোচনীয় কথাটো হ’ল যে টিকট অনলাইন বুক কৰিব লাগিব। ধৰা হ’ল সিহঁতৰ সকলোৰে স্মাৰ্টফোন আছে। সিহঁতৰ কিছুসংখ্যকে সেই টিকট ক্ৰয় কৰিলে।

কৰ্ণাটকত মুখ্যমন্ত্ৰীয়ে নিৰ্মাণ সংস্থাৰ মালিকসকলক সাক্ষাৎ কৰাৰ পিছত ৰেলসমূহ বাতিল কৰিলে, মালিকসকলে ক’লে ক্ৰীতদাসবোৰ পলাইছে। আপুনি যি দেখিছে সেয়া হ’ল ক্ৰীতদাসৰ বিদ্ৰোহ আগতীয়াকৈ অৱদমন কৰা।

আমাৰ দৰিদ্ৰ লোকৰ প্ৰতি এক ধৰণৰ মনোভাৱ আৰু আন লোকৰ বাবে বেলেগ মনোভাৱ। আপুনি যেতিয়া অত্যাৱশ্যকীয় সেৱাৰ তালিকা প্ৰস্তুত কৰিব, দেখিব যে চিকিৎসকৰ দৰে এই দৰিদ্ৰ লোকসকলো অত্যাৱশ্যকীয়। অধিকাংশ নাৰ্ছৰ আৰ্থিক অৱস্থা ভাল নহয়, তেওঁলোকৰ উপৰি চাফাই কৰ্মচাৰী, আশাকৰ্মী, অংগনবাদী কৰ্মী, বিদ্যুৎ শ্ৰমিক, শক্তিখণ্ডৰ শ্ৰমিক, কাৰখানাৰ বনুৱাসকলৰ অৱস্থা বেয়া। হঠাতে আপোনালোকে যে সমাজৰ অভিজাতসকলে এইখন দেশৰ বাবে আৱশ্যকীয় নহয়।

PHOTO • M. Palani Kumar ,  Jyoti Patil ,  Pallavi Prasad ,  Yashashwini & Ekta

বহুদশক ধৰি প্ৰব্ৰজন হৈ আহিছে। তলাবন্ধৰ আগতেও তেওঁলোকৰ অৱস্থা ভয়াৱহ আছিল। সাধাৰণতে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ প্ৰতি আমি কৰি অহা ব্যৱহাৰক আপুনি কেনে দৃষ্টিভংগীৰে চায়?

বহু ধৰণৰ প্ৰব্ৰজনকাৰী আছে। প্ৰব্ৰজনৰ শ্ৰেণীবিভাজন আপুনি বুজিব লাগিব। মোৰ জন্ম চেন্নাইত হৈছিল। দিল্লীত মই উচ্চশিক্ষা লাভ কৰিছিলো। দিল্লীত চাৰি বছৰ আছিলো। তাৰ পিছত মই মুম্বাইলৈ প্ৰব্ৰজন কৰো আৰু ইয়াত ৩৬ বছৰ ধৰি আছো। প্ৰতিবাৰ স্থান সলনি কৰোতে মই লাভৱান হৈছিলো কাৰণ মই এক বিশেষ শ্ৰেণীৰ আৰু বৰ্ণৰ। মোৰ সামাজিক ভিত্তি আছে আৰু ব্যাপক নেটৱৰ্কো আছে।

কিছুমান দীৰ্ঘস্থায়ী প্ৰব্ৰজন আছে, কিছুমানে নিজৰ ‘ক’ স্থানৰ পৰা ‘খ’ স্থানলৈ প্ৰব্ৰজিত হ’ল আৰু ‘খ’ স্থানতে স্থায়ীভাৱে থাকিবলৈ লৈছে।

কিছুমান ঋতুকালীন প্ৰব্ৰজন আছে। উদাহৰণ স্বৰূপে মহাৰাষ্ট্ৰৰ কুঁহিয়াৰ খেতিয়কসকলে পাঁচ মাহৰ বাবে কৰ্ণাটকলৈ প্ৰব্ৰজন কৰে আৰু তাৰ পিছত নিজৰ গাঁৱলৈ উভতি আহে। প্ৰব্ৰজনৰ বতৰত কালাহান্দিৰ প্ৰব্ৰজনকাৰীসকল ৰাইপুৰলৈ যায় আৰু ৰিক্সা চলায়। একেদৰে উৰিষ্যাৰ কৰাপূতৰ পৰা কিছুমান প্ৰব্ৰজনকাৰী কেইমাহমানৰ কাৰণে অন্ধ্ৰপ্ৰদেশৰ বিজিয়ানগৰৰ ইটাভাটাত কাম কৰিবলৈ যায়।

আন আন প্ৰব্ৰজনকাৰীও আছে, আমি যিসকল লোকৰ বাবে উদ্বেগ প্ৰকাশ কৰো। তেওঁলোকক আমাৰ কিছুমানে মুক্ত প্ৰব্ৰজনকাৰী শ্ৰমিক বুলি কওঁ। মুক্ত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ লক্ষ্যস্থানৰ স্পষ্ট ধাৰণা নাথাকে। তেওঁলোক কোনো ঠিকাদাৰৰ লগত আহিব আৰু মুম্বাইৰ কোনো নিৰ্মাণক্ষেত্ৰত ৯০ দিন কাম কৰিব। এই কাম শেষ হোৱাৰ পিছত তেওঁলোকৰ কৰিবলৈ একো নাথাকে। ঠিকাদাৰে তাৰ পিছত মহাৰাষ্ট্ৰৰ আন কোনোবা ঠাইৰ কোনো এজন লোকৰ সৈতে যোগাযোগ কৰিব আৰু বাছেৰে শ্ৰমিকসকলক সেই ঠাইলৈ লৈ যাব। এনে প্ৰক্ৰিয়া অন্তহীনভাৱে চলি থাকে। সেয়া এক সম্পূৰ্ণ দুৰ্দশাময় জীৱন, অন্তহীনভাৱে নিৰাপত্তাহীন। তেনে লোকৰ সংখ্যা অগণন।

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ অৱস্থা কেতিয়াৰ পৰা শোচনীয় হ’বলৈ ধৰিলে?

প্ৰব্ৰজন আৰম্ভ হোৱা এক শতিকাৰো বেছি হ’ল। যোৱা ২৮ বছৰত প্ৰব্ৰজনৰ সমস্যাই বিস্ফোৰক ৰূপ ধাৰণ কৰিছে। ২০১১ৰ লোকপিয়লৰ পৰা দেখা যায় যে ২০০১ আৰু ২০১১ৰ মাজৰ সময়চোৱাত প্ৰব্ৰজনৰ সোঁত বৈছিল। এয়া আমাৰ স্বাধীনতাৰ ইতিহাসত সংঘটিত বৃহত্তম প্ৰব্ৰজন।

২০১১ৰ লোকপিয়লত উল্লেখ কৰা হৈছে যে ১৯২১ চনৰ পাছত প্ৰথমবাৰৰ বাবে গ্ৰাম্য ভাৰতৰ জনসংখ্যাৰ যোগ হোৱা লোকৰ সংখ্যাতকৈ নগৰী ভাৰতৰ জনসংখ্যাৰ অধিক লোকৰ সংখ্যা যোগ হৈছে। জনসংখ্যা বৃদ্ধিৰ হাৰ নগাৰাঞ্চলত যথেষ্ট কম, তথাপিও নগৰীয়া ভাৰতৰ জনসংখ্যাৰ লগত আপুনি যথেষ্ট সংখ্যক লোক যোগ হোৱা দেখিব।

২০১১ৰ জনগণনাৰ তথ্যৰ ওপৰত সম্পূৰ্ণৰূপে কেন্দ্ৰীভূত কৰা পেনেলৰ আলোচনা বা বিশেষজ্ঞৰ সাক্ষাৎকাৰ বিচাৰি চাব পাৰে। প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু গাঁৱৰ পৰা চহৰলৈ, গাঁৱৰ পৰা গাঁৱলৈ বা তেনে ধৰণৰ প্ৰব্ৰজন যি প্ৰৱলৰতাৰে ঘটিছে, সেই সম্পৰ্কে কিমানে আলোচনা কৰে?

PHOTO • Parth M.N.
PHOTO • Varsha Bhargavi

প্ৰব্ৰজনৰ মূল কাৰণ গ্ৰাম্য সংকটক বাদ দি প্ৰব্ৰজনকেন্দ্ৰীক সকলো আলোচনা অসম্পূৰ্ণ, নহয়নে?

আমি কৃষি ব্যৱস্থাক ভাঙি চুৰমাৰ কৰি পেলালো, কোটি কোটি মানুহৰ জীৱিকা আকস্মিকভাৱে বন্ধ হৈ পৰিল। একেদৰে গ্ৰামাঞ্চলৰ আন জীৱিকাৰ উৎসসমুহো মষিমূৰ কৰা হ’ল। কৃষিৰ পিছতে ব্যাপক হাৰত নিয়োজন ক্ষেত্ৰ আছিল হস্ততাঁত আৰু হস্তশিল্প উভয়ে। নাৱৰীয়া, মৎস্যজীৱি, তাল-খেজুৰ গছৰ ৰস উলিওৱা মানুহ- এই সকলোবিলাক এটাৰ পিছত এটাকৈ ভূলুণ্ঠিত কৰা হৈছে। তেওঁলোকৰ ওচৰত জীৱিকাৰ আন কি পথ খোলা আছে?

প্ৰব্ৰজনকাৰী শ্ৰমিকসকল যদি আকৌ চহৰাঞ্চললৈ ঘূৰি আহে, আমি নিশ্চয় আশ্চৰ্য প্ৰকাশ কৰিম। প্ৰথমতে কিয় তেওঁলোক চহৰাঞ্চললৈ আহিছিল?

মই ভাবো যে বুজন পৰিমাণৰ প্ৰব্ৰজনকাৰী শ্ৰমিক চহৰাঞ্চললৈ উভতি আহিব। সম্ভৱতঃ ইয়াৰ বাবে দীঘলীয়া সময় ল’ব। কিন্তু আমি বহু আগতেই সস্তীয়া শ্ৰমিকৰ সেনানী নিশ্চিত কৰিবলৈ গাঁৱত থকা তেওঁলোকৰ জীৱিকাৰ উৎসসমূহ ধ্বংস কৰি পেলালো।

ভালেমান ৰাজ্যৰ শ্ৰম আইনৰ প্ৰস্তাৱিত শিথিলকৰণ সম্পৰ্কে আপোনাৰ মতামত কি?

প্ৰথমতে অধ্যাদেশৰ জৰিয়তে সংবিধান আৰু বৰ্তমানৰ আইনখনক হেয় কৰা হৈছে। দ্বিতীয়তে অধ্যাদেশৰ দ্বাৰা বন্ধা শ্ৰমিকৰ চৰকাৰী চৰকাৰী ঘোষণা জাৰি কৰা হ’ল। তৃতীয়তে শ্ৰম ঘণ্টা নিৰূপণৰ মানক ১০০ বছৰ পশ্চাদগামী কৰিলে। আটাইতকৈ মৌলিক দিশটো হ’ল যে শ্ৰম সম্পৰ্কীয় বিশ্বৰ প্ৰতিখন অভিৱৰ্তনে এদিনত আঠ ঘণ্টা কাম কৰাৰ সময়ক সন্মান জনাই আহিছে।

গুজৰাট চৰকাৰৰ অধিসূচনালৈ মন কৰক। শ্ৰমিকক অতিৰিক্ত শ্ৰমঘণ্টাৰ পাৰিশ্ৰামিক দিয়া নহ’ব। অতিৰিক্ত শ্ৰমঘণ্টাৰ দৰে ৰাজস্থান চৰকাৰে পাৰিশ্ৰামিক দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু সপ্তাহত মাত্ৰ ২৪ ঘণ্টাৰ সীমিত পাৰিশ্ৰামিক দিব। শ্ৰমিকসকলে সপ্তাহত এদিনো ক্ষতি নকৰাকৈ ৬ দিন ১২ ঘণ্টাকৈ কাম কৰিব লাগিব।

কাৰখানা আইনৰ কৰ্তন আৰু ব্যতিক্ৰমৰ উল্লেখেৰে এই সকলো কাম কৰা হৈছে। কাৰখানা আইনত কোৱা হৈছে যে অতিৰিক্ত শ্ৰমঘণ্টাকে ধৰি এজন শ্ৰমিকক এসপ্তাহতে ৬০ ঘণ্টা কাম কৰিবলৈ ক’ব পাৰি। দৈনিক ১২ ঘণ্টাকৈ কৰিলে এসপ্তাহত ৭২ ঘণ্টা হ’ব।

অতি গুৰুত্বপূৰ্ণ এয়ে যে অতিৰিক্ত সময় কাম কৰিব নে নকৰে, সেই সম্পৰ্কে শ্ৰমিকসকল নিশ্চুপ। ধাৰণা কৰা হৈছে যে অধিক সময় শ্ৰম কৰিলে উৎপাদনশীলতা উৰ্ধমুখী হ’ব। কিন্তু ইতিহাসৰ বহুতো অধ্যয়নে দেখুৱাইছে যে ইয়াৰ ফল বিপৰীতমুখী হয়। বিগত শতিকাত বহুতো উদ্যোগ-কাৰখানাই ৮ ঘণ্টা কাম কৰাৰ বাবে শ্ৰমিকসকল ক্লান্ত আৰু শ্বাসৰুদ্ধ হোৱাৰ ফলত অতি বেয়াকৈ উৎপাদনশীলতা নিম্নগামী হোৱাৰ দিশটো তেওঁলোকৰ জৰীপে তুলি ধৰিছিল।

তৎসত্বেও ই মৌলিক মানৱ অধিকাৰৰ ওপৰত এক আক্ৰমণ। ই হৈছে শ্ৰমিকৰ দাসত্বকৰণ। ৰাজ্যসমূহে অপৰিহাৰ্য ৰূপত ঠিকাদাৰৰ ভূমিকা পালন কৰিছে, নিগম-নিকায়ৰ বাবে দালালে বন্ধা শ্ৰমিক সংগ্ৰহ কৰাত লাগিছে। দলিত, আদিবাসী আৰু মহিলাকে ধৰি সমাজৰ দুৰ্বলতম অংশৰ ই সৰ্বাধিক ক্ষতি যে কৰিব, সেই সম্পৰ্কে নিশ্চিত থাকক।

ভাৰতৰ ৯৩ শতাংশ শ্ৰমিকৰ কোনো দাবী বলবৎ কৰিবলৈ মাত মতাৰ অধিকাৰ নাই, কিয়নো তেওঁলোকে অনানুষ্ঠানিক খণ্ডত কাম কৰে। আপুনি ক’বলৈ চেষ্টা কৰিছে, “বাকী থকা সাত শতাংশৰ অধিকাৰ ধ্বংস কৰো আহক।” ৰাজ্যসমূহে যুক্তি দৰ্শাইছে যে শ্ৰম আইনৰ পৰিৱৰ্তন হ’লেহে বিনিয়োগকাৰী আহিব। য’ত ভাল আন্তঃগাথনি আছে, ভাল পৰিৱেশ আছে আৰু সাধাৰণভাৱে এখন সুস্থিৰ সমাজ আছে, তেনে ঠাইলৈ বিনিয়োগকাৰী আহে। যদি উত্তৰ প্ৰদেশ তেনে এখন ৰাজ্য হ’লহেঁতেন, তেন্তে সৰ্বাধিক সংখ্যক শ্ৰমিক ভাৰতৰ ভিন্ন প্ৰান্তলৈ প্ৰব্ৰজন কৰা ৰাজ্যত উত্তৰ প্ৰদেশ পৰিণত নহ’লহেঁতেন।

PHOTO • Guthi Himanth ,  Amrutha Kosuru ,  Sanket Jain ,  Purusottam Thakur

এনে পদক্ষেপৰ পৰিণতি কি হ’ব পাৰে?

বিগত তিনি বছৰত উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশে সকলো শ্ৰম আইনৰ প্ৰয়োগ বন্ধ ৰাখিছে, সাংবিধানিক আৰু আইনী জটিলতাৰ কাৰণে তিনি-চাৰিখনমান আইনত হাত দিয়া নাই। আপুনি কৈছে যে কেনেকুৱা যন্ত্ৰণাদায়ক অৱস্থাৰ শ্ৰমিকসকলে কাম কৰিবলগীয়া হয়, সেয়া কোনো কথা নহয়। আপোনালোকে মানুহৰ মনুষ্যত্ব বিলোপ কৰিছে আৰু কৈছে যে বায়ু চলাচল, শৌচাগাৰ আৰু জিৰণিৰ সুবিধা পোৱাৰ তেওঁলোক যোগ্য নহয়। মুখ্যমন্ত্ৰীসকলৰ দ্বাৰা গৃহীত এয়া এখন অধ্যাদেশ আৰু ইয়াৰ বাবে কোনো আইন প্ৰণয়নৰ প্ৰক্ৰিয়া গ্ৰহণ কৰা নাছিল।

অগ্ৰসৰ হ’বলৈ আমি কি কৰাৰ প্ৰয়োজন আছে?

আপুনি নিশ্চিতভাৱে দেশৰ শ্ৰমিকৰ অৱস্থাৰ উন্নতি ঘটাব লাগিব। আমাৰ সমাজত থকা বিয়াগোম অসমতাৰ বাবে বিশ্ব মহামাৰীয়ে তেওঁলোকক অধিক ক্ষতিগ্ৰস্ত কৰিছে। আমি অংশীদাৰ হৈ থকা বিশ্বৰ বহুকেইখন আন্তৰ্জাতিক শ্ৰমিক অভিৱৰ্তনৰ ঘোষণাক আমি উলংঘা কৰিছো।

বি আৰ আম্বেদকাৰে এনে পৰিস্থিতি স্পষ্টভাৱে দেখিছিল। ই কেৱল আমি আলোচনা কৰা চৰকাৰেই নহয় বুলি তেওঁ বুজিছিল। কেৱল বাণিজ্যৰ দয়াৰ পাত্ৰ হৈ থকা শ্ৰমিকসকলৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। শ্ৰমিকৰ বিষয়ে ভাবিবলৈ সহায়ক হোৱা, ইয়াৰ আধাৰ তৈয়াৰ কৰাৰ বাবে তেওঁ যি সুযোগ ৰাখিছিল, ৰাজ্য চৰকাৰসমূহে সেই বাট বন্ধ কৰি দিছে।

আমাৰ সকলো ৰাজ্য চৰকাৰৰ একোট শ্ৰম দপ্তৰ আছে। ইয়াৰ ভূমিকা কি হ’ব লাগিব?

শ্ৰমিকৰ অধিকাৰ ৰক্ষা কৰা ৰাজ্যৰ শ্ৰম বিভাগসমূহৰ ভূমিকা হ’ব লাগিছিল। আমাৰ এজন কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী আছে, বাণিজ্যিক গোষ্ঠীসমূহৰ আহ্বানৰ প্ৰতি মনযোগ দিবলৈ তেওঁ শ্ৰমিকসকলক আহ্বান জনাইছে। আপুনি কিহবাৰ পৰিৱৰ্তন বিচাৰিছে, তেন্তে আপুনি সামাজিক যোগাযোগৰ পৰিৱৰ্তন কৰিব লাগিব। বিশ্বৰ ভিতৰতে সৰ্বাধিক অসমতা থকা এখন সমাজৰ সমস্যাক যদি আপুনি গুৰুত্ব নিদিয়ে, তেন্তে আপুনি এই সমস্যাৰ কোনো সমাধান কৰিব নোৱাৰিব। অতি দ্ৰুতভাৱে এই পৰিস্থিতিৰ অধিক অৱনতি ঘটিব।

গৃহাভিমুখী অধিকাংশ শ্ৰমিকেই যুৱক আৰু ক্ষুব্ধ। আমি আগ্নেয়াগিৰিৰ ওপৰত বহি আছো নেকি?

আগ্নেয়াগিৰিৰ উদগীৰণ ঘটিছে। আমি এই উদগীৰণ চাবলৈ চেষ্টা কৰা নাই। চৰকাৰ, সংবাদ মাধ্যম, কাৰখানাৰ মালিক আৰু সমাজ হিচাপে আমাৰ ভণ্ডামি চাওক।

২৬ মাৰ্চৰ আগলৈকে আমি প্ৰব্ৰজনকাৰী শ্ৰমিক সম্পৰ্কে একো জনা নাছিলো। হঠাত আমি ৰাজপথত লাখ লাখ প্ৰব্ৰজনকাৰী শ্ৰমিক দেখিলো। আমি তেতিয়াহে গাত চিকুট পৰা অনুভৱ কৰিলো, কাৰণ আমাৰ কাম কৰা মানুহ নোহোৱা হ’ল। ২৬ মাৰ্চৰ আগলৈকে আমি এই ঘটনাক গৰিহণা দিয়া নাছিলো। আমি তেওঁলোকক সমান মানৱ অধিকাৰ থকা মানুহ বুলি তেওঁলোকৰ কথা ভবা নাছিলো। এক পুৰণি আপ্তবাক্য আছেঃ দৰিদ্ৰবোৰ যেতিয়া শিক্ষিত হ’ব, চহকীয়ে তেতিয়া দোলাভাৰী নাপাব। হঠাত আমি আমাৰ দোলাভাৰীবিলাক হেৰুৱালো।

PHOTO • Sudarshan Sakharkar
PHOTO • Sudarshan Sakharkar

প্ৰব্ৰজনৰ ফলত নিৰ্দিষ্টভাৱে মহিলা আৰু শিশুসকল কিমান ক্ষতিগ্ৰস্ত হৈছে?

বিশেষকৈ মহিলা আৰু শিশুৰ বাবে এয়া এক বিধ্বংসী অৱস্থা। যেতিয়া পৰিপুষ্টিৰ সংকোচন হয়, মহিলা আৰু কন্যা শিশুসকল আটাইতকৈ বেছি ক্ষতি হয়। স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ যিকোনো সময়ত অৱনতি ঘটিব পাৰে। একমাত্ৰ যদি এই বিষয়ে কোৱা হয়, উঠি অহা কন্যা শিশুসকল কিমান ধৰণেৰে ক্ষতিগ্ৰস্ত হয় সেয়া কেতিয়াও ভবা নহয়। দেশৰ বিদ্যালয়ত অধ্যয়নৰত কোটি কোটি কন্যাশিশুৱে বিনামূলীয় ছেনিটেৰি নেপকিন পোৱাৰ অধিকাৰ আছে- হঠাতে বিদ্যালয়সমূহ বন্ধ হৈ পৰিল। কোনো বিকল্প ব্যৱস্থা কৰা নহ’ল। সেয়ে দেশৰ কোটি কোটি কন্যা শিশুৱে পুনৰ অস্বাস্থ্যকৰ বিকল্প ব্যৱস্থালৈ ঘূৰি আহিবলগীয়া হ’ল।

ঘৰলৈ খোজ কাঢ়ি উভতি আহোতে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে মুখামুখী হোৱা পৰিস্থিতি সম্পৰ্কে কি ভাৱে?

প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে সততে দেখা গ’ল দীৰ্ঘদূৰত্ব খোজ কাঢ়ি অতিক্ৰম কৰিছিল। উদাহৰণ স্বৰূপে গুজৰাটৰ কাৰখানা বা মধ্যবিত্ত শ্ৰেণীৰ ঘৰত কাম কৰা ৰাজস্থানৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে খোজকাঢ়ি ঘৰলৈ উভতিছিল। এক ভিন্ন পৰিস্থিতিত তেওঁলোকে সেই কাম কৰিব লগা হৈছিল।

তেওঁলোকে ৪০ কিলোমিটাৰ খোজ কাঢ়ে, ধাবা বা চাহ দোকানত ৰয়, তাত কাম কৰে, তাৰ বিনিময়ত এসাজ আহাৰ খায়। পুৱা তেওঁলোকে ৰাওনা হয়। ইয়াৰ পিছত এটা বৃহৎ বাছ আস্থান। তাতো তেওঁলোকে একে কাম কৰিলে। সেইদৰে তেওঁলোকে উপাৰ্জন কৰি কৰি ঘৰলৈ উভতিছিল। সকলোবোৰ বন্ধ হৈ পৰাৰ ফলত, তেওঁলোকৰ খাবলৈ পানী আৰু আহাৰ নোহোৱা হ’ল। নিৰ্জলতা, ভোক, ডায়েৰিয়া আৰু আন ৰোগত তেওঁলোক আক্ৰান্ত হ’ল।

তেওঁলোকৰ অৱস্থাৰ উন্নতি সাধিবলৈ ভৱিষ্যতে আমি কি কৰিব লাগিব?

উন্নয়নৰ যি পথ বাছি লৈছো, সেই পথৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন আৰু সংযোগহীন হ’ব লাগিব। ইয়াৰ লগতে অসমতাৰ বিৰুদ্ধে সাৰ্বিক আক্ৰমণ চলাব লাগিব। বৈষম্যমূলক অৱস্থাৰ বাবে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ দুৰ্দশা হ’ল।

“সকলোৰে বাবে ন্যায়ঃ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক...”ৰ গুৰুত্ব উপলব্ধি কৰিব নোৱাৰিলে একো কৰিব নোৱাৰিব। এয়া আমাৰ সংবিধানত লিপিবদ্ধ হৈ আছে। এয়া দুৰ্ঘটনা নহয় যে সামাজিক আৰু অৰ্থনৈতিক অৱস্থাই ৰাজনীতিক আগুৱাই নিয়ে। মই ভাবো যিয়ে এই কথা লিখিছিল, তেওঁ এই সকল লোকৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছিল। আপোনাৰ সংবিধানে এই পথকে দেখুৱাইছে।

ভাৰতীয় ধনীক শ্ৰেণী আৰু চৰকাৰে ভাবে যে আমি আগৰ অৱস্থালৈ একেদৰে ঘূৰি যাব পাৰিম, সেই বিশ্বাসেই অবিশ্বাস্য নিপীড়ন-নিৰ্যাতন আৰু হিংসাৰ উন্মেষ ঘটাইছে।

বেটুপাতৰ ছবিঃ সত্যপ্ৰকাশ পাণ্ডে

২০২ৰ ১৩ মে’ত ফাৰ্ষ্টপোষ্টত এই সাক্ষাৎকাৰ প্ৰকাশিত হৈছিল।

অনুবাদঃ পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is a journalist and translator, based in Guwahati. He is the co-founder of newsnextone.com, an Assamese language news portal focused on news related to Assam.

Other stories by Pankaj Das