প্ৰথমতে দেউতাক, পিছদিনা মাকৰ জ্বৰ উঠিল। ক’ভিড-১৯ৰ দ্বিতীয় ঢৌ চলি থকাৰ মাজতে ২০২১ৰ মে’ত পুৰুষোত্তম মিছালৰ পিতৃ আৰু মাতৃৰ এজনৰ পিছত আনজনৰ জ্বৰ উঠিবলৈ ধৰিলে। “গাওঁখনৰ বহুলোকক পৰীক্ষা কৰাৰ পিছত ক’ভিডত সংক্ৰমিত হোৱাটো নিশ্চিত হৈছে। সেই সময়তে সকলোফালে আতংকৰ পৰিস্থিতি,” পুৰুষোত্তমৰ পত্নী বিজয়মালাই কয়।

মহাৰাষ্ট্ৰৰ বীড় জিলাৰ চৰকাৰী চিকিৎসালয়বিলাক ৰোগীৰে ভৰ্তি হৈ থকাৰ খবৰ পুৰষোত্তমে পঢ়িছিল। “তেওঁ জানিছিল যে তেওঁৰ পিতৃ-মাতৃক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিব লাগিব আৰু চিকিৎসা যথেষ্ট ব্যয়বহুল হ’ব।” বিজয়মালাই কয়। “এজন মানুহ যদি এসপ্তাহ চিকিৎসালয়ত থাকে, ইয়াৰ বাবদ লাখ টকা দিব লাগিব,” বিজয়মালাই কয়। পুৰুষোত্তমে এবছৰত উপাৰ্জন কৰাতকৈ বহু বেছি এই ৰাশি।

দৰিদ্ৰতা সত্ত্বেও এই পৰিস্থিতিত ধাৰ-ধুপাৰ নকৰাকৈ পৰিয়ালটো চলি থাকিবলৈ সক্ষম হৈছিল। চিকিৎসা ব্যয়ৰ বাবে ধাৰত পোত যাবলগীয়া কথাটোৱে ৪০ বছৰীয়া পুৰুষোত্তমক হতাশ কৰি তুলিছিল। ৰাজ্যখনৰ পাৰ্লি তালুকৰ হিৱাৰা গোৱৰ্দ্ধন গাঁৱৰ ১০ কি.মি. নিলগত ছিৰচালাত পুৰুষোত্তমে এখন চাহৰ দোকান চলাইছিল। ২০২০ৰ মাৰ্চত অতিমাৰী ক’ভিড আৰম্ভ হোৱাৰ পিছৰ পৰা চাহ দোকানখন প্ৰায়ে বন্ধ ৰাখিবলগীয়া হৈছিল।

মাতৃৰ জ্বৰ নিশা আৰম্ভ হোৱাৰ পিছত পুৰুষোত্তম বিচনাতে ইকাটি-সিকাটি কৰি থাকিবলৈ ধৰিলে। পুৱা প্ৰায় চাৰি বজাত তেওঁ পত্নীক ক’লে, “যদি ক’ভিড হৈছে?” তেওঁ ঘৰৰ টিনৰ চালিৰ ফালে চাই আছিল আৰু নিশা শোৱা নাছিল। ৩৭ বছৰীয়া পত্নী বিজয়মালাই মনত পেলাবলৈ চেষ্টা কৰিলে। বেছি চিন্তা কৰিব নালাগে বুলি যেতিয়া বিজয়মালাই স্বামীক ক’লে, “তেওঁ ‘চিন্তা কৰিব নালাগে’ বুলি কৈ মোক শুই থাকিবলৈ ক’লে।”

Left: A photo of the band in which Purushottam Misal (seen extreme left) played the trumpet. Right: Baburao Misal with his musical instruments at home
PHOTO • Parth M.N.
Left: A photo of the band in which Purushottam Misal (seen extreme left) played the trumpet. Right: Baburao Misal with his musical instruments at home
PHOTO • Parth M.N.

বাওঁফালেঃ পুৰুষোত্তমে ট্ৰাম্পেট বজাই থকা বেণ্ডৰ এখন ছবি (একেবাৰে বাওঁফালে)। সোঁফালেঃ বাদ্যযন্ত্ৰৰ সৈতে নিজৰ ঘৰত বাবুৰাও মিছাল

অলপ সময় পিছত পুৰুষোত্তম শুই উঠিল আৰু ঘৰৰ পৰা তেওঁৰ দোকানলৈ ৰাওনা হ’ল। ওচৰতে থকা এখন খালি চালিঘৰৰ চিলিঙত চিপজৰী লৈ পুৰুষোত্তমে নিজৰ জীৱন শেষ কৰিলে।

মহাৰাষ্ট্ৰৰ প্ৰান্তীয় দলিত বৰ্ণৰ মাতংগ সম্প্ৰদায়ৰ এই পৰিয়ালটোৰ নিজৰ নামত খেতিৰ মাটি নাই, সেয়ে চাহ-বিস্কুট বিক্ৰীয়েই পুৰুষোত্তমৰ উপাৰ্জনৰ মূল উৎস আছিল। বিয়া আদিত বাদ্যযন্ত্ৰ বজোৱা গাঁৱৰ এটা বেণ্ডৰ লগতো পুৰুষোত্তমে কাম কৰিছিল। সাতজনীয়া পৰিয়ালটো তেওঁৰ ওপৰতে নিৰ্ভৰশীল আছিল। “তেওঁ চাহ দোকানৰ পৰা মাহে ৫০০০-৮০০০ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিছিল,” বিজয়মালাই কয়। আনহাতে বেণ্ডৰ পৰা যি উপাৰ্জন হয় সেয়া ধৰিলে বছৰি প্ৰায় ডেৰ লাখ টকা উপাৰ্জন হৈছিল।

“মোৰ ল’ৰা ভাল বাদ্যযন্ত্ৰী আছিল,” বিষাদভৰা কণ্ঠৰে ৭০ বছৰীয়া মাতৃ গংগুবাঈয়ে কয়। পুৰুষোত্তমে ট্ৰাম্পেট বজাইছিল, মাজে-সময়ে কী-ব’ৰ্ড আৰু ড্ৰামো বজাইছিল। “মই তাক চেহনাই বজাবলৈও শিকাইছিলো,” ৭২ বছৰীয়া পিতৃ বাবুৰাৱে কয়। তেওঁ বাদ্যযন্ত্ৰ বজাবলৈ গাওঁখনৰ প্ৰায় ২৫-৩০ জন লোকক শিকাইছিল। গাঁৱত বাবুৰাৱক সকলোৱে ওস্তাদ বুলি জানে।

ক’ভিডৰ কাৰণে বেণ্ডটোৰ কাম নোহোৱা হ’ল। বিজয়মালাই কয়ঃ “মানুহে ক’ভিডৰ কাৰণে ভয় খাইছে, মানুহৰ হাতত এতিয়া চাহ একাপ কিনি খাবলৈ পইচা নাই, গতিকে বিয়াত বেণ্ডপাৰ্টি কেনেকৈ ভাড়াত আনিব।”

Left: Gangubai Misal says her son, Purushottam, was a good musician. Right: Vijaymala Misal remembers her husband getting into a panic when his parents fell ill
PHOTO • Parth M.N.
Left: Gangubai Misal says her son, Purushottam, was a good musician. Right: Vijaymala Misal remembers her husband getting into a panic when his parents fell ill
PHOTO • Parth M.N.

বাওঁফালেঃ গংগুবাঈ মিছালে কয় যে পুৰুষোত্তম ভাল বাদ্যযন্ত্ৰী আছিল। সোঁফালেঃ পিতৃ-মাতৃৰ অসুখ হোৱা বাবে পুৰুষোত্তম শংকাগ্ৰস্ত হোৱাৰ কথা বিজয়মালাই মনত পেলালে

মাৰ্কিন যুক্তৰাষ্ট্ৰস্থিত পিউ গৱেষণা কেন্দ্ৰৰ প্ৰতিবেদনত কোৱা হৈছেঃ “ভাৰতত যিসকল লোকক দৰিদ্ৰ বুলি ধৰা হয় (যিসকলৰ দৈনিক উপাৰ্জন দুই ডলাৰ অৰ্থাৎ ১৫০ টকা বা তাতোকৈ কম, তেনে দৰিদ্ৰ লোকৰ সংখ্যা ক’ভিডৰ ফলত সৃষ্টি হোৱা মন্দাৱস্থাৰ বাবে ৭৫ কোটিলৈ বৃদ্ধি পাইছে।” ভাৰতত দৰিদ্ৰতা বৃদ্ধি হোৱাৰ লগতে মধ্যবিত্ত শ্ৰেণীটো সংকুচিত হ’বলৈ ধৰিছে, ২০২০ চনত ৩.২ কোটিলৈ সংকুচিত হৈছে। এনে অৱস্থাই গোলকীয় দৰিদ্ৰতালৈ ভাৰতৰ ফালৰ পৰা ৬০ শতাংশ যোগ দিছে- এই তথ্য ২০২১ৰ মাৰ্চ প্ৰকাশিত প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

দীৰ্ঘদিন ধৰি চলি থকা খৰাং বতৰৰ বাবে এক দশকৰো অধিক কাল বীড় জিলাৰ মূলতঃ কৃষিনিৰ্ভৰ খেতিয়কসকল ঋণ আৰু বিপজ্জনক পৰিস্থিতিত জীয়াই থাকিবলগীয়া হৈছে আৰু এতিয়া মানুহৰ ক্ৰয়ক্ষমতা প্ৰায় নাইকিয়া হৈছে। তাতে আকৌ থৰক-বৰক গ্ৰাম্য অৰ্থনীতিত জীয়াই থকাৰ চেষ্টা কৰা লোকৰ ওপৰত ক’ভিড-১৯য়ে অতিৰিক্ত বোজাৰ সৃষ্টি কৰিলে।

পুৰুষোত্তমে পোনপটীয়াকৈ জীৱিকাৰ কাৰণে কৃষিৰ ওপৰত নিৰ্ভৰ নকৰিছিল যদিও তেওঁৰ সৰহসংখ্যক গ্ৰাহক কৃষক। কিন্তু তেওঁলোকৰ উপাৰ্জন বন্ধ হৈ পৰাত কৃষিভিত্তিক সমাজৰ সকলো ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিল। মুচি, মিস্ত্ৰী, নাপিত, কুমাৰ, চাহৰ দোকানী আৰু আন সকলো এনে পৰিস্থিতিৰ বলি হ’ল। এতিয়া জীৱিকাৰ তাড়নাত বহুতেই ইফালে-সিফালে ঘূৰি ফুৰিছে।

বীড় তালুকৰ কামখেৰা গাঁৱৰ দোকানখনত সপ্তাহটোৰ এটা কৰ্মদিনত নীৰৱে বহি ৫৫ বছৰ বয়সীয়া লক্ষ্মী ৱাঘমাৰেয়ে ক’ভিড আৰম্ভ হোৱাৰ আগৰ দিনবোৰৰ কথা মনত পেলালে। বিস্ময়েৰে তেওঁ ক’লে, “পৰিস্থিতিৰ ইমান অৱনতি ঘটিব বুলি আমি ভৱাই নাছিলো।”

Lakshmi and Nivrutti Waghmare make a variety of ropes, which they sell at their shop in Beed's Kamkheda village. They are waiting for the village bazaars to reopen
PHOTO • Parth M.N.
Lakshmi and Nivrutti Waghmare make a variety of ropes, which they sell at their shop in Beed's Kamkheda village. They are waiting for the village bazaars to reopen
PHOTO • Parth M.N.

বীড় তালুকৰ কামখেৰা গাঁৱত থকা দোকানখনত লক্ষ্মী আৰু নিৱৰুট্টি ৱাঘমাৰেয়ে ৰছী বিক্ৰী কৰেঃ গাঁৱৰ বজাৰবোৰ পুনৰ খোলালৈ তেওঁলোকে আশা পালি ৰৈছে

লক্ষ্মী আৰু তেওঁ ৫৫ বছৰীয়া স্বামী নিৱৰুট্টি ৱাঘমাৰেয়ে বিভিন্ন ধৰণৰ ৰছী তৈয়াৰ কৰে। এই নৱবুদ্ধ (আগতে তেওঁলোক দলিত সম্প্ৰদায়ৰ আছিল) দম্পত্তিৰ নিজা খেতিমাটি নাই, তেওঁলোক সম্পূৰ্ণৰূপে হস্তশিল্পৰ ওপৰত নিৰ্ভৰশীল, এইয়া তেওঁলোকৰ বংশগত বৃত্তি। অতিমাৰী আৰম্ভ হোৱাৰ আগলৈকে গাঁৱৰ সাপ্তাহিক বজাৰত তেওঁলোকে ৰছী বিক্ৰী কৰিছিল।

নিৱৰুট্টিয়ে কয়, “বজাৰত আপুনি প্ৰতিজনকে বিচাৰি পাব। প্ৰত্যেকেই নিজৰ কামত ব্যস্ত। বজাৰত পশুধনৰ বেচা-কিনা হয়, কৃষকে উৎপাদিত শাক-পাচলি বিক্ৰী কৰে, কুমাৰে মাটিৰ পাত্ৰ বিক্ৰী কৰে। আমি ৰছী বিক্ৰী কৰো। গৰু-ম’হ কিনাৰ পিছত কৃষকে সাধাৰণতে কিনি লোৱা পশুধন বান্ধিবলৈ ৰছী কিনে।”

ক’ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নোহোৱালৈকে বজাৰবিলাক আছিল গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ড, বিভিন্ন সামগ্ৰীৰ ব্যৱসায় ইয়াত সহজে হৈছিল। “আমি সপ্তাহত চাৰিখন বজাৰলৈ যাওঁ আৰু কমেও ২০ হাজাৰ টকাৰ ৰছী বিক্ৰী কৰো। আমাৰ চাৰিহাজাৰ টকা লাভ হয় (প্ৰতিখন বজাৰত গঢ়ে)। ক’ভিড আৰম্ভ হোৱাৰ পৰা আমি খুববেছি ৪০০ টকাৰ ৰছী এসপ্তাহত বিক্ৰী কৰো, গতিকে লাভৰ প্ৰশ্নই নুঠে,” লক্ষ্মীয়ে কয়। চলিত বছৰৰ এপ্ৰিলত তেওঁলোকে বজাৰলৈ ৰছী অনা-নিয়া কৰিবলৈ ব্যৱহাৰ কৰা টেম্প’খন ৫০ হাজাৰ টকাত বিক্ৰী কৰিলে। লক্ষ্মীয়ে কয়, “গাড়ীখন একেবাৰেই চোৱাচিতা কৰিব নোৱাৰা হৈ পৰিলো।”

ৰছী তৈয়াৰ কৰা কষ্টকৰ কামটোৰ বাবে দক্ষতাৰ প্ৰয়োজন। ক’ভিড আৰম্ভ হোৱাৰ আগতে এই কামৰ বাবে লক্ষ্মী আৰু নিৱৰুট্টিয়ে শ্ৰমিক নিয়োগ কৰিছিল। এতিয়া তেওঁলোকৰ নিজ পুত্ৰই মাহে ৩৫০০ টকাত নিৰ্মাণ সংস্থাৰ শ্ৰমিকৰ কাম কৰিবলগীয়া হৈছে “যাতে আমি জীয়াই থাকিব পাৰো, আমাৰ ঘৰত পৰি থকা ৰছীবিলাক পুৰণি হৈছে আৰু ৰং উৱলিব ধৰিছে,” লক্ষ্মীয়ে কয়।

Left: Lakshmi outside her house in Kamkheda. Right: Their unsold stock of ropes is deteriorating and almost going to waste
PHOTO • Parth M.N.
Left: Lakshmi outside her house in Kamkheda. Right: Their unsold stock of ropes is deteriorating and almost going to waste
PHOTO • Parth M.N.

বাওঁফালেঃ কামখেৰাত নিজৰ ঘৰৰ বাহিৰত লক্ষ্মী। সোঁফালেঃ তেওঁলোকৰ বিক্ৰী নোহোৱা ৰছীবিলাক ক্ৰমে বেয়া হ’বলৈ ধৰিছে আৰু পেলাই দিবলগীয়া হ’ব

কামখেৰাৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ পাড়ালচিংগি গাঁৱৰ কান্তাবাঈ ভুতৰমলেও বজাৰলৈ যাব নোৱাৰা হ’ল। ঘৰত তৈয়াৰ কৰা ঝাৰুবিলাক ক’ত বিক্ৰী কৰিব তেওঁ নাজানে। “মই সাধাৰণতে ঝাৰুবিলাক বজাৰলৈ লৈ যাওঁ আৰু গাঁৱে গাঁৱে ঘূৰি বিক্ৰী কৰো। বজাৰ খোলা নাই, লকডাউনৰ কাৰণে পুলিচে আমাক ঘৰৰ পৰা ওলাবলৈ নিদিয়ে। কোনোবা যদি ঘৰলৈ আহে, তেতিয়া দুই-এডাল ঝাৰু বিক্ৰী কৰো। কিন্তু ইয়াৰ পৰা কেইটা টকানো পাওঁ?” তেওঁ কয়।

অতিমাৰীৰ আগতে প্ৰতি সপ্তাহত কাণ্টাবাঈয়ে এডাল ঝাৰুত ৪০/৫০ টকাকৈ কমেও ১০০ ডাল ঝাৰু বিক্ৰী কৰিছিল। “এতিয়া মাজে-সময়ে এজন ব্যৱসায়ী ঝাৰু কিনিবলৈ আমাৰ গাঁৱলৈ আহে, এডালত ২০/৩০ টকা দিয়ে,” তেওঁ কয়। “আগতে যিমান বিক্ৰী কৰিছিলো তাৰ আধাখিনিও নাপাওঁ – এতিয়া প্ৰতিঘৰৰ অৱস্থা মোৰ নিচিনা, আমাৰ গাঁৱৰ ৩০/৪০ ঘৰে মোৰ নিচিনাকৈ ঝাৰু তৈয়াৰ কৰে।”

৬০ বছৰ বয়সীয়া কাণ্টাবাঈৰ বয়সৰ কাৰণে দৃষ্টিশক্তি কমিছে, কিন্তু উপাৰ্জন কৰিবলৈ ঝাৰু তৈয়াৰ কৰিবলৈ তেওঁ বাধ্য। “এতিয়া আনকি মই আপোনাক ভালকৈ মনিব পৰা নাই, মোৰ ল’ৰাদুটাই কাম নকৰে। গিৰীটোৱে ছাগলীকেইটামান পোহে, এইয়ে জীৱিকাৰ সম্বল। আমাৰ জীৱিকা মূলতঃ ঝাৰুৰ ওপৰত নিৰ্ভৰশীল,” কান্তাবাঈয়ে কয়।

চকুৰে ভালকৈ নেদেখাকৈ তেওঁ কেনেকৈ ঝাৰু তৈয়াৰ কৰে বুলি সোধোতে তেওঁ কয়, “মই গোটেই জীৱন এই কামকে কৰি আহিছো। মই অন্ধ হৈ গ’লেও এই কাম কৰিব পাৰিম।”

Kantabai Bhutadmal (in pink saree) binds brooms despite her weak eyesight. Her family depends on the income she earns from selling them
PHOTO • Parth M.N.

দুৰ্বল দৃষ্টিশক্তি সত্ত্বেও কান্তাবাঈ ভুতৰমলে (গুলপীয়া শাড়ী পৰিহিতা) ঝাৰু বান্ধিছে। ঝাৰু বিক্ৰীৰ পৰা হোৱা উপাৰ্জনেৰেই তেওঁৰ পৰিয়ালটো চলে

বান্ধি থোৱা ঝাৰুবিলাক বিক্ৰী কৰিবলৈ কান্তাবাঈয়ে বজাৰ খোলা দিনলৈ অপেক্ষা কৰিছে। বজাৰ খুলিলে, পুৰুষোত্তমৰ চাহৰ দোকানখন চলাবলৈ লোৱা বাবুৰাৱৰো অকণমান সহায় হ’ব। “বজাৰৰ পৰা ঘূৰি যোৱাৰ আগতে প্ৰায় সকলোৱে চাহ একাপ খায়। এতিয়া পৰিয়ালটো মই চাব লাগিব, সিহঁতৰ দায়িত্বৰ ভাৰ মোৰ ওপৰতে পৰিছে,” তেওঁ কয়।

পুৰুষোত্তম গ’লগৈ, কিন্তু তেওঁ আৰু বিজয়মালাৰ তিনি নাবালক সন্তান ক্ৰমে প্ৰিয়ংকা, বিনায়ক আৰু বৈষ্ণৱীক লৈ বাবুৰাও উদ্বিগ্ন। “প্ৰতিদিনে সিহঁতে দুবেলা দুসাজ খাবলৈ পোৱাটো আমি কেনেকৈ নিশ্চিত কৰো? সিহঁতক আমি কেনেকৈ পঢ়াম? পুৰুষোত্তম কিয় ইমান শংকিত হৈছিল?” বাবুৰাৱৰ হাতত উত্তৰ নাই।

পুৰুষোত্তমৰ মৃত্যুৰ এসপ্তাহৰ ভিতৰত বাবুৰাও আৰু গংগুবাঈৰ গা অকণমান ভাললৈ আহিল আৰু জ্বৰ কমিব ধৰিলে। তেওঁলোক হস্পিতাললৈ যাবলগীয়া হ’ব বুলি পুৰুষোত্তমে যি শংকা কৰিছিল, সেয়া আঁতৰিল। তথাপি নিৰাপদ বুলি নিশ্চিত হ’বলৈ বাবুৰাও আৰু গংগুবাঈয়ে ক’ভিড-১৯ পৰীক্ষা কৰি চালে, নিগেটিভ অহাত সকাহ পালে।

এই প্ৰতিবেদন সাংবাদিকজনলৈ পুলিটজাৰ চেণ্টাৰে আগবঢ়োৱা স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ অধীনত কৰা এলানি প্ৰতিবেদনৰ অংশ

অনুবাদ: পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das