বিজয়া ফাৰটাড়ে চাৰি বছৰ আগতেই মাতৃত্ব লাভ কৰিছিল। তেতিয়া তাইৰ বয়স মাত্ৰ ৩৪ বছৰ। "১৪ বছৰ বয়সত মোৰ বিয়া হৈছিল," মহাৰাষ্ট্ৰৰ বীড় জিলাৰ আৰৱি গাঁৱত থকা তাইৰ টিনপাতৰ চালি দিয়া ঘৰটোৰ সমুখত থকা শিল এটচাত বহি কয়। তাইৰ স্বামী বান্দুৰ বয়স ১৮ৰ বেছি হোৱা নাছিল। "মই মোৰ মা-দেউতাক কিছু বছৰৰ কাৰণে ৰ'বলৈ কৈছিলো, কিন্তু তেঁওলোকে কৈছিল যে সেয়াই সঠিক বয়স। মোৰ প্ৰায়বোৰ বান্ধৱীৰ সেই বয়সতে বিয়া হৈ গৈছে। সেয়ে ময়ো ভাবিলো যে এয়াই সঠিক সময় চাগে।' তাই কয়।

বিয়া হোৱাৰ এবছৰৰ ভিতৰতে বিজয়া মাক হ'ল। পাঁচ বছৰৰ ভিতৰত, যিসময়ত তাই কিশোৰাৱস্থাতে আছিল, তেতিয়াই তাই দুজনী ছোৱালী আৰু এটা ল'ৰাৰ মাক হ'ল। ছবছৰ আগতে তাইৰ জীয়ৰী স্বাতী, তেতিয়াৰ বয়স ১৩ বছৰ, বিয়া হৈ গ'ল। তাৰে চাৰি বছৰ পিছত ১৫ বছৰীয়া সৰু জীয়ৰী চিতলৰ পাল পৰিল। স্বাতীৰ এতিয়া চাৰি বছৰীয়া জী এজনী আছে। ইফালে চিতল এবছৰীয়া ল'ৰা সন্তান এটাৰ মাক।

ফাৰটাড়ে পৰিয়ালত হোৱাৰ দৰে বাল্য বিবাহ গ্ৰামীণ মহাৰাষ্ট্ৰত তেনেই সুলভ। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ ২০১৫-১৬ চনৰ ডেটা মতে ২০ ৰপৰা ২৪ বছৰ বয়সৰ থূপৰ মাজত প্ৰায় এক তৃতীয়াংশ ছোৱালীয়ে ১৮ বছৰ বয়স হোৱাৰ আগতেই বিয়া হৈ যায়। আকৌ গ্ৰামীণ মহাৰাষ্ট্ৰৰ ১৫ ৰপৰা ১৯ বছৰ বয়সৰ ১০.৪ শতাংশ মহিলাই সমীক্ষাৰ সময়ত মাতৃত্ব লাভ কৰিছিল বা মাতৃত্ব লাভ কৰাৰ পথত আছিল।

বাল্যবিবাহ ভাৰতত অবৈধ, ছোৱালীৰ বয়স ১৮ বছৰ আৰু ল'ৰাৰ বয়স ২১ বছৰ হ'ব লাগে। কিন্তু এনে বিবাহ বীড় জিলাৰ গাঁওবোৰত অতি বেছি য'ত খেতিৰ পৰা আয় কম আৰু প্ৰব্ৰজনেই একমাত্ৰ উপায়। বীড় জিলাত ২০ ৰপৰা ২৪ বছৰ বয়সৰ মহিলাৰ ৫১.৩ শতাংশই ১৮ বছৰ হোৱাৰ আগতেই বিয়া হৈছে। এয়া ২০১৫-১৬ চনৰ এনএফএইচএছৰ তথ্য। আকৌ ১৫ ৰপৰা ১৯ বছৰ বয়সৰ ছোৱালীৰ ১৮.২ শতাংশই সমীক্ষাৰ সময়ত মাতৃত্ব লাভ কৰিছিল নাইবা মাতৃত্ব লাভ কৰাৰ পথত আছিল।

প্ৰব্ৰজনৰ ফলতেই মাৰাঠৱাড়াত অপৈণত বয়সত বহুতে ছোৱালীক বিয়া দিবলৈ বাধ্য হয়। শস্য পকাৰ কালচোৱাত প্ৰায় ৩ লাখ কৃষক আৰু শ্ৰমিকে বীড় জিলা এৰে, এয়া ট্ৰেড ইউনিয়নে কৰা হিচাপ। তেঁওলোকে মূলতঃ দক্ষিণ মহাৰাষ্ট্ৰৰ কোলহাপুৰ, চাংগলি আৰু চাতাৰা জিলালৈ কামৰ সন্ধানত নাইবা কৰ্ণাটকৰ বেলগাম জিলালৈ কুঁহিয়াৰৰ গছ কাটিবলৈ ঢাপলি মেলে। (কুঁহিয়াৰ তলিলৈ দীঘলীয়া বাট চাওক।)

কৃষিৰ উৎপাদন ব্যয় আৰু আয়ৰ স্থবিৰতাৰ লগে লগে মাৰাঠৱাড়াৰ পৰা ঋতুগত প্ৰব্ৰজন বিগত বছৰবোৰত বাঢ়ি আহিছে। কৃষি ব্যয় আৰু মূল্য আয়োগৰ দ্বাৰা প্ৰকাশিত খাৰিফ শস্যৰ মূল্যৰ নীতি (২০১৭-১৮) শীৰ্ষক প্ৰতিবেদনত নগদী শস্য কপাহকে ধৰি প্ৰত্যেকবিধ খেতিৰ ক্ষেত্ৰত বিনিয়োগ আৰু আয়ৰ মাজত বৈসাদৃশ্য দেখা যায়। মহামাৰীৰ ৰূপ লোৱা জলসংকটে অঞ্চলটোৰ ক্ষুদ্ৰ খেতিয়কসকলক তেঁওলোকৰ আয়ৰ প্ৰাথমিক উৎস হিচাপে খেতি-বাতিৰ ওপৰত নিৰ্ভৰ নকৰিবলৈ বাধ্য কৰাইছে। ইয়াৰ ফলতো প্ৰব্ৰজনৰ হাৰ বাঢ়িছে।

যেতিয়া পৰিয়ালে কামৰ সন্ধানত প্ৰব্ৰজন কৰিবলগীয়া হয়, জীয়ৰীৰ চোৱাচিতা কৰাটো এক চিন্তাৰ বিষয় হৈ পৰে, আহমেদনগৰৰ শিক্ষাবিদ হেৰম্ভ কুলকাৰ্নিয়ে কয়। তেঁও বেচৰকাৰী সংস্থা এটাৰ সৈতে কাম কৰে। ''কন্যা সন্তানে কৈশোৰত প্ৰৱেশ কৰাৰ লগে লগে সন্তানৰ সুৰক্ষাৰ কথাই অভিভাৱকক চিন্তাত পেলায়", তেঁও কয়। সেয়ে তেঁওলোকে সোনকালেই বিয়া দি দিয়ে আৰু ভাৱে যে তেঁওলোকে নিজৰ দায়িত্ব পালন কৰিলে।

A woman in a field with a young girl
PHOTO • Parth M. N.

নাতিৰ সৈতে বিজয়া, চক্ৰ ভাঙি

বিজয়াৰ পিতৃ-মাতৃ বীড় জিলাৰ চিৰুৰ তালুকৰ চিৰাপুৰ গাঁৱৰ দুই একৰ মাটিত খেতি কৰে। তাই যেতিয়া শিশু আছিল তেঁওলোকে বছৰত পাঁচ মাহৰ বাবে কুঁহিয়াৰ কটা কাম কৰিবলৈ প্ৰব্ৰজন কৰিছিল (এতিয়াও কৰে)। সময় নবেম্বৰৰ পৰা মাৰ্চ মাহ। ''আমি কপাহৰ খেতি কৰিছিলো, কিন্তু মাটি তেনেই তাকৰ আছিল, আমি আয়ৰ অইন উৎসৰ সন্ধানত আছিলো।’’ এজনীও ভনীয়েক নথকা বিজয়াই কয়। ''প্ৰব্ৰজনকাৰী হিচাপে মোৰ সেই ধুসৰ স্মৃতি মনত আছে। মোৰ মা-দেউতাই পথাৰত কুঁহিয়াৰ কাটিবলৈ যায় আৰু মই সেই অস্থায়ী জুপুৰীটোত ৰৈ থাকো।’’ ( দুহেজাৰ ঘণ্টালৈ কুঁহিয়াৰ কটা চাওক )

বাল্য বিবাহ আইনবিৰোধী হোৱাৰ উপৰিও তাৰে অইন হানিকাৰক দিশো আছে। যেতিয়া ছোৱালী এগৰাকীয়ে প্ৰায় কিশোৰ অৱস্থাতে বিয়া হয়, বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। ভাৰতত প্ৰসূতিজনিত মৃত্যুৰ হাৰ কম বয়সীয়া মাতৃৰ ক্ষেত্ৰত অধিক বুলি বিভিন্ন অধ্যয়নে বাৰে বাৰে দোহাৰিছে। এনে পৰিস্থিতিত শিশুৰ ক্ষেত্ৰত পুষ্টিৰ পৰিমাণ কম হোৱাৰ উপৰিও মাতৃও নিজে কম বয়সীয়া আৰু শাৰীৰিকভাৱে নিশকতীয়া হৈ থাকে। গৰ্ভপাত, মৃত সন্তান প্ৰসৱ আৰু কম ওজনৰ শিশুৰ জন্মও অপৈণত বয়সত গৰ্ভৱতী হোৱাৰ সাম্ভাব্য ফল।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দ্বাৰা ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত প্ৰকাশিত ' ভাৰতত বাল্যবিবাহৰ এক পৰিসাংখ্যিকীয় বিশ্লেষণ শীৰ্ষক প্ৰতিবেদনখনত উল্লেখিত অনুযায়ী ১০ ৰপৰা ১৪ বছৰ বয়সৰ ভিতৰৰ ছোৱালীৰ ২০ ৰপৰা ২৪ বছৰ বয়সৰ মহিলাতকৈ গৰ্ভাৱস্থাৰ সময়ত আৰু সন্তান প্ৰসৱৰ সময়ত মৃত্যুৰ সম্ভাৱনা পাঁচগুণ বেছি। ১৫ ৰপৰা ১৯ বছৰ বয়সৰ ভিতৰৰ ছোৱালীৰ ক্ষেত্ৰত জ্যেষ্ঠ মহিলাতকৈ সন্তান প্ৰসৱ আৰু গৰ্ভাৱস্থাৰ সময়ত মৃত্যুৰ সম্ভাৱনা দুগুণ বেছি।

''এয়া সুপ্ৰতিষ্ঠিত তৰুণ মাতৃৰ ক্ষেত্ৰত অপৈণত অৱস্থাত বিবাহ আৰু গৰ্ভধাৰণৰ সৈতে অপুষ্টি আৰু অপৰিপুষ্টিৰ তাৎপৰ্যপূৰ্ণ যোগসুত্ৰ আছে’’ প্ৰতিবেদনত উল্লেখ। ''ইয়ে কেতবোৰ জটিলতা যেনে অপৈণত অৱস্থাত প্ৰসৱ, প্ৰসৱৰ জটিলতা, কম ওজনৰ শিশুৰ জন্ম আৰু মাতৃৰ মৃ্ত্যু’’ আদিত অৰিহণা যোগায়।

বহুতে আকৌ ঘৰুৱা হিংসা আৰু বাল্য বিবাহৰ মাজতো যোগসূত্ৰ দৰ্শাইছে। ''এগৰাকী কমবয়সীয়া কইনাই একো ক’বলগীয় নাথাকে, আৰু তাইক ইতিমধ্যেই সহনশীল হ’বলৈ কোৱা হেতুকে তাই নিজৰ সমৰ্থনত কথা ক’বলৈ সংকোচবোধ কৰে। তাৰোপৰি পৰিয়ালে সচেতনতাৰ অভাৱত কিম্বা সন্মান লাঘৱ হোৱাৰ ভয়ত অত্যাচাৰ-আতিশায্যৰ বিৰুদ্ধে কাচিৎহে অভিযোগ দিয়ে, পুণেৰ অধিবক্তা আৰু শিশু অধিকাৰ কৰ্মী ৰামা সাৰোদে কয়। তদুপৰি কম বয়সতে হোৱা মাতৃত্বই ছোৱালীৰ পঢ়া-শুনাৰ অন্ত পেলায় যিটোৰ জৰিয়তে তেঁওলোকে অৰ্থনৈতিক নিৰ্ভৰশীলতা বৃদ্ধি কৰে, সিটো এটা স্থায়ী চক্ৰত পৰিৱৰ্তিত হৈছে।’’

গ্ৰামীণ মহাৰাষ্ট্ৰৰ মাত্ৰ ৩২.৬ শতাংশ মহিলাইহে ১০ বছৰ বা ততোধিক সময়ৰ বাবে স্কুললৈ গৈছে আৰু বীড় জিলাত এই পৰিমাণ মাত্ৰ ৩১ শতাংশ, এনএফএইচএছৰ এই প্ৰতিবেদন।

বিজয়াই তাইৰ গাঁৱৰ স্কুলত মাত্ৰ দ্বিতীয়মানলৈকে পঢ়িছিল। ''মই ডাঙৰ হৈ অহাৰ লগে লগে মোৰ সুৰক্ষাৰ কথাটোক লৈ মোৰ পৰিয়াল চিন্তিত হৈ পৰিল। সিহতে মোৰ বাবে দৰা এজন চাই বিয়া পাতি দিলে, তাই কয়। তাইৰ নিজ গাঁৱৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰমান দুৰৈত তেঁওৰ স্বামী বান্দুৰ ঘৰ। তেঁও পৈত্ৰিক সূত্ৰে দুই একৰ মাটি পাইছিল, তাতে তেঁও কঁপাহৰ খেতি কৰে। ''গোটেই ঋতুটোত (প্ৰায় ৬ ৰ পৰা ৮ মাহ) আমি মাত্ৰ আঠ কুইণ্টলহে উৎপাদন কৰিব পাৰো, তাই কয়। তাৰ পৰা তেঁওলোকৰ ২২ হাজাৰ টকাৰ মুনাফা আহে। ''কিন্তু আমি কুঁহিয়াৰ কটা কাম কৰিলে, ঠিকাদাৰে আমাক ৫০ হাজাৰ টকাৰ আগধন দিয়ে। আমাৰ বাবে সেয়া ভালেখিনি টকা। যদিওবা তাৰ বাবে আমি পাঁচ মাহৰ বাবে হাড়ভঙা পৰিশ্ৰম কৰিবলগীয়া হয়।’’

হিয়াৰৰ ঠিকাদাৰে কেৱল দম্পত্তিহে কামত লয়, যেতিয়া এগৰাকী কম বয়সীয়া ছোৱালী আৰু ল’ৰাই বিয়া পাতে, সেই দম্পত্তিহাল পথাৰলৈ প্ৰব্ৰজনৰ বাবে সাজু হয়- এনেদৰে পৰিয়ালটোৰ বাবে উপাৰ্জনৰ বাট মুকলি হয়।

ভিডিঅ’ চাওকঃ বিজয়াই বাল্য বিবাহৰ বিষয়ে কথা পাতিব খোজে, যাতে পৰিয়ালবোৰে এই চক্ৰবেহুৰ পৰা ওলাই আহিব পাৰে

কিয়নো কুঁহিয়াৰৰ ঠিকাদাৰে কেৱল দম্পত্তিকহে কামত ৰাখে। যেতিয়া এগৰাকী কম বয়সীয়া ছোৱালীয়ে বিয়া হৈ যায়, সেই দম্পত্তিহাল পথাৰলৈ যাবলৈ সাজু হৈ পৰে আৰু পৰিয়ালৰ বাবে উপাৰ্জনৰ বাট মুকলি হয়। বিয়া হোৱাৰ পিছৰে পৰা প্ৰতিবছৰে কুঁহিয়াৰৰ খেতি চপোৱা কামৰ বাবে বিজয়া আৰু বান্দু ওলাই যায়। আমাৰ জীয়ৰীকেইজনী ডাঙৰ হলত, আমকো অভিভাৱকৰ দৰে একে চিন্তাই জুমুৰি দি ধৰিলে আৰু আমিও একেটা ভূলৰে পুনৰাবৃত্তি কৰিলোঁ, তাই ক’লে। ইমান কম আয়েৰে আমি আমাৰ ছোৱালীকেইজনীৰ পোহপাল কেনেদৰে দিম, সেয়ে বিয়া দি দিয়াতকৈ আন ভাল উপায় নাছিল।’’

তাৰ পিছত স্বাতীয়েও তেঁওৰ গিৰীয়েকৰ লগত পথাৰলৈ কুঁহিয়াৰ খেতিৰ কাম কৰিবলৈ ওলাই যোৱা হ’ল। কিন্তু এবাৰহে সিহতে কুঁহিয়াৰ খেতিত কাম কৰিব পাৰিলে। তেঁওৰ বিয়াৰ দুবছৰ পিছতেই বীড়ৰ পাটোড়া তালুকৰ নিজ গাঁও চিখালিত হোৱা মটৰ চাইকেল দুৰ্ঘটনা এটাত গিৰীয়েক কিশোৰে প্ৰাণ হেৰুৱায়। স্বাতী তেতিয়া সাত মাহ চলি আছে। তেঁও দ্যানেশ্বৰী নামে কন্যাসন্তান এটা জন্ম দিয়াৰ পিছতেই শহুৰৰ ঘৰে তাইৰ যতন ল’বলৈ অমান্তি হয়। সেয়ে স্বাতী তেঁওৰ মাকৰ ঘৰলৈ উভতি আহে।

পৰিয়ালক সহায় কৰাৰ উদ্দেশ্যে আৰৱিত শান্তিবন নামে বেচৰাকাৰী সন্থা চলোৱা দীপক নাগাৰগজে নাৰ্ছি প্ৰশিক্ষণ কাৰ্যসূচী এটাত স্বাতীক নামভৰ্তি কৰাবলৈ আৰ্থিক সাহায্য প্ৰদান কৰে। বিজয়া আৰু বান্দুই দ্বানেশ্বৰীক তুলি লয়। এতিয়া দম্পত্তিহালে দশম শ্ৰেণীত পঢি থকা ১৫ বছৰীয়া নিজৰ ল’ৰা ৰামেশ্বৰৰ সৈতে আৰৱিত শান্তিৱনে আৰম্ভ কৰা আবাসিক বিদ্যালয়খনত পঢ়ে।

ল’ৰা-ছোৱালীকেইটাৰ যত্ন লোৱাৰ বাবে বিজয়া আৰু বান্দুৱে এতিয়া শস্য চপোৱাৰ কালত প্ৰব্ৰজন নকৰে আৰু ওচৰে-পাজৰে যি কাম পায় সেয়া কৰে। বিজয়াৰ সৰুজনী জীয়ৰী শীতল বীড় চহৰত থাকে। তাতে চিতলৰ গিৰীয়েকে নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰে।

যোৱা ১৫ বছৰে্ নাগাৰগজে ভালেমান বাল্যবিবাহৰ ফলত ঘৰুৱা হিংসা অথবা বিয়াৰ পিছত পৰিত্যাগৰ ভুক্তভোগী হোৱা মহিলাক সহায় কৰি অহা বুলি কয়। ''বাল্যবিবাহৰ ঘটনা অনেক, কিন্তু পৰিয়ালৰ লোকে নিবিচৰালৈকে আমি একো কৰিব নোৱাৰোঁ, তেঁও কয়। আৰু এনে বিবাহ প্ৰায়ে গোপনে হয়।

ভালেমান স্থানীয় সংস্থাই গাঁৱৰ বিদ্যালয়বোৰ অস্থায়ী আবাসিক বিদ্যালয়লৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা চলাইছে যাতে প্ৰব্ৰজন কৰা অভিভাৱকে ল’ৰা-ছোৱালীক লগত লৈ যাবলগীয়া নহয়। কিন্তু আবাসিক বিদ্যালয় তেনেই কমসংখ্যক, তদুপৰি তেনে বিদ্যালয়ৰ অৱস্থা শোচনীয় আৰু অভিভাৱকে জীয়ৰীবোৰক এৰি থৈ যাবলৈ শংকাবোধ কৰে।

সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত 'সকলোৰে বাবে শিক্ষা’ শীৰ্ষক চৰকাৰী কাৰ্যসূচীত কাম কৰা পুণেৰ নুতান মগধে কোৱা মতে চৰকাৰে প্ৰতিমাহে হাংগামি বস্তিগ্ৰুহ যোজনা নামৰ এক সাময়িক হোষ্টেল পৰিকল্পনাৰ অধীনত প্ৰতিজন শিশুৰ বাবে ১,১৪৬ টকাৰ অৰ্থসাহায্য দিয়ে। চৰকাৰে শিশুটিৰ থকাৰ দায়িত্ব নলয়, কিন্তু টকাখিনি ৰা্জ্যিক সাহায্যপ্ৰাপ্ত স্কুলৰ সমিতিক দিয়া হয় যিয়ে ককা-আইতাকৰ লগত থকা শিশুৰ খাদ্য আৰু অনান্য ব্যয় বহন কৰে। (চাওকঃ 'গাঁৱৰ প্ৰায় আটাইবোৰেই ঘৰ এৰিছে’ )

আৰৱিত মই কথা পতা অভিভাৱকৰ শিক্ষা তেনেই কম আছিল আৰু বহুতৰে নাছিলেই। তেঁওলোকৰ কন্যা সন্তানবোৰে খুব কম বয়সতে পঢ়াশালি এৰিছিল। বিজয়াত বাদে তেঁওলোকৰ কোনোৱেই কেমেৰাৰ আগত কথা কোৱা নাছিল আৰু ফটো উঠাবলৈ দিয়া নাছিল। বোধকৰো তেঁওলোকে জানিছিল যে বাল্যবিবাহ অবৈধ। কিন্তু তেঁওলোকেও বিজয়াৰ দৰে একে দশাৰেই চিকাৰ হোৱাৰ কথা কৈছিল।

বিজয়াই বাল্য বিবাহৰ বিষয়ে কথা পাতিব খোজে, যাতে পৰিয়ালবোৰে এই চক্ৰবেহুৰ পৰা ওলাই আহিব পাৰে। ''ছোৱালীক পঢ়ুৱাবলৈ আমাৰ ধন নাই, কিন্তু একে সময়তে শিক্ষাৰ গুৰুত্ব বুজি পোৱাকৈ আমি সচেতন নহয়, কোলাত উমলি থকা দ্বানেশ্বৰীলৈ চাই বিজয়াই কয়। ''আমাৰ সৈতে যি হ’ল সেয়া তাইৰ লগত নহওক।’’

অনুবাদঃ পংকজ দাস

Parth M. N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M. N.
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das