বালাজী হাট্টাগালে এদিন কুঁহিয়াৰ কাটি আছিল। পিছদিনা তেওঁ নাছিল। এইখিনিয়ে তেওঁৰ পিতৃ-মাতৃয়ে জানে, আৰু অলপ জনাৰ ইচ্ছা তেওঁলোকৰ থাকি গ’ল। “অনিশ্চয়তাই আমাক মৰ্মাহত কৰিছে,” বালাজীৰ পিতৃ বাবাচাহেব হাট্টাগালে কয়। জুলাইৰ এটা আবেলি এচপৰা ক’লা ডাঁৱৰে বাবাচাহেবৰ এটা কোঠাৰ ইটাৰ ঘৰটো অন্ধকাৰ কৰি পেলালে, তেওঁৰ কণ্ঠত বিষাদ আৰু বেদনাকে সেই অন্ধকাৰে প্ৰতিকী ৰূপত ধৰা দিছে। তেওঁ কয়, “আমি মাথো জানিব বিচাৰো আমাৰ ল’ৰাটো জীয়াই আছে নে নাই।”

২০২০ৰ নৱেম্বৰত বাবাচাহেব আৰু তেওঁৰ পত্নী সংগীতাই শেষবাৰৰ বাবে তেওঁলোকৰ ২২ বছৰীয়া পুত্ৰক দেখিছিল। কৰ্ণাটকৰ বেলাগাভি (বা বেলগাম) জিলাৰ কুঁহিয়াৰ খেতিত কাম কৰিবলৈ বালাজীয়ে মহাৰাষ্ট্ৰৰ বীড় জিলাৰ কাৰিৱাড়াগাওঁ গাঁৱৰ ঘৰ এৰি গৈছিল।

পশ্চিম মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত কুঁহিয়াৰ কাটিবলৈ বছৰটোৰ প্ৰায় ছটা মাহ মাৰাঠৱাড়া অঞ্চলৰ পৰা প্ৰব্ৰজন কৰা লাখ লাখ শ্ৰমিকৰ ভিতৰত ২২ বছৰীয়া বালাজীও এজন। প্ৰতিবছৰে দেৱালী উৎসৱৰ পিছত নৱেম্বৰ মাহত শ্ৰমিকসকলে গাওঁ এৰি যায় আৰু মাৰ্চ বা এপ্ৰিলত ঘৰলৈ ঘূৰি আহে। কিন্তু এইবছৰ বালাজী ঘূৰি নাহিল।

মাক-দেউতাকে প্ৰায় দুই দশক ধৰি এই কাম কৰাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে কুঁহিয়াৰ কাটিবলৈ বালাজীয়ে ঘৰ এৰিছিল। বাবাচাহেবে কয়, “কুঁহিয়াৰ কাটিবলৈ মোৰ পত্নী আৰু মই কমেও ২০ বছৰ প্ৰব্ৰজিত হৈছিলো। কুঁহিয়াৰ কটাৰ বতৰত আমি দুয়োজনে ৬০ৰ পৰা ৭০ হাজাৰ টকা উপাৰ্জন কৰিছিলো। এয়া আমাৰ একমাত্ৰ নিশ্চিত উপাৰ্জন। আনকি স্বাভাৱিক দিনবোৰতো বীড় জিলাত দিনমজুৰৰ কাম পোৱাৰ নিশ্চয়তা নাথাকে, ক’ভিডৰ পিছত পৰিস্থিতিৰ অৱনতি ঘটিল।”

মহামাৰীৰ সময়ত খেতিপথাৰ আৰু নিৰ্মাণক্ষেত্ৰত দিনমজুৰিৰ কাম বিচাৰি পোৱা পৰিয়ালটোৰ বাবে কঠিন হৈ পৰিছিল। বাবাচাহেবে কয়, “২০২০ৰ মাৰ্চৰ পৰা নৱেম্বৰলৈ আমি কেতিয়াবা সামান্য পইচা উপাৰ্জন কৰিছিলো।” ক’ভিড-১৯ আৰম্ভ হোৱাৰ আগতে বীড় জিলাৰ ৱাড়ৱানি তালুকৰ নিজৰ গাঁৱলৈ উভতি অহাৰ পূৰ্বে বাবাচাহেবে সাধাৰণতে সপ্তাহত দুই-তিনিদিন কাম কৰি দৈনিক ৩০০ টকাকৈ উপাৰ্জন কৰিছিল।

যোৱা বছৰ নৱেম্বৰত যেতিয়া প্ৰব্ৰজনৰ সময় হ’ল, বাবাচাহেব আৰু সংগীতাই ঘৰতে থকাৰ সিদ্ধান্ত ল’লে, কিয়নো বৃদ্ধা মাতৃ খুব অসুস্থ আৰু সকলো সময়তে তেওঁক চোৱাচিতা কৰিব লাগে। বাবাচাহেবে কয়, “আমি ঘৰতে থাকিব বিচাৰিলো আৰু আমাৰ সলনি এইবাৰ আমাৰ ল’ৰাটো কুঁহিয়াৰ কাটিবলৈ গ’ল।”

Babasaheb (left) and Sangita Hattagale are waiting for their son who went missing after he migrated to work on a sugarcane farm in Belagavi
PHOTO • Parth M.N.
Babasaheb (left) and Sangita Hattagale are waiting for their son who went missing after he migrated to work on a sugarcane farm in Belagavi
PHOTO • Parth M.N.

বেলগাভিত কুঁহিয়াৰ কাটিবলৈ গৈ নিৰুদ্দেশ হোৱা পুত্ৰৰ অপেক্ষাত বাবাচাহেব (বাওঁফালে) আৰু সংগীতা হাট্টাগালে

২০২০ৰ মাৰ্চত দেশত বিয়পি পৰা ক’ভিড-১৯ প্ৰতিৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউন ঘোষণা কৰাৰ ফলত বাবাচাহেব আৰু সংগীতৰ দৰে লাখ লাখ প্ৰব্ৰজনকাৰীৰ জীৱন-জীৱিকা হঠাত স্তব্ধ হৈ পৰিল। বহুতে কাম হেৰুৱালে আৰু বহুতেই দিনমজুৰিৰ কাম নোপোৱা হ’ল। জুন মাহত লকডাউন প্ৰত্যাহাৰ কৰাৰ পিছতো উপাৰ্জন কৰাৰ বাবে শ্ৰমিকসকলৰ সংগ্ৰাম চলি থাকিল।

হাট্টাগালে পৰিয়ালৰ অৱস্থা দেশৰ কোটি কোটি দিনমজদুৰতকৈ বেলেগ নহয়। কুঁহিয়াৰ কটাৰ সময় অহাৰ লগে লগে ২০২০ত কৰ্মহীনতাই বালাজীক বীড় জিলাৰ নিজৰ ঘৰৰ পৰা প্ৰব্ৰজিত হ’বলৈ দুঃসাহসী কৰি তুলিছিল। ইয়াৰ আগলৈকে নিজৰ গাঁৱত বা গাঁৱৰ ওচৰে-পাজৰে তেওঁ কাম কৰিছিল।

কুঁহিয়াৰ কাটিবলৈ ঘৰৰ পৰা ৫৫০ কিলোমিটাৰ দূৰৰ বেলগাভিৰ বাছাপুৰ গাঁৱলৈ যাত্ৰা কৰিছিল নববিবাহিত বালাজী, তেওঁৰ পত্নী আৰু পত্নীৰ পিতৃ-মাতৃ। কান্দোনত ভাগি পৰা মাতৃ সংগীতাই ক’লে, “সি প্ৰতিদিনে আমালৈ ফোন কৰিছিল আৰু আমি কোনো চিন্তা কৰা নাছিলো।”

ডিচেম্বৰৰ এটা আবেলি সংগীতাই নিজ পুত্ৰলৈ ফোন কৰোতে পুত্ৰৰ পৰিৱৰ্তে শহুৰেকে ফোন ধৰিছিল। বালাজীৰ শহুৰেকে ক’লে যে সি ওলাই গৈছে। সংগীতাই কয়, “অলপ পিছত পুনৰ ফোন কৰোতে ফোনটো বন্ধ আছিল।”

একেৰাহে দুই-তিনিদিনলৈ বালাজীৰ ফোন বন্ধ হৈ থকাত বাবাচাহেব আৰু সংগীতা ভীষণ উদ্বিগ্ন হৈ পৰে। বালাজীৰ কি হৈছে জানিবলৈ বেলগাভিলৈ যাবলৈ বাবাচাহেব আৰু সংগীতাই থিৰাং কৰিলে। কিন্তু এই যাত্ৰাৰ বাবে তেওঁলোকৰ হাতত বেছি টকা নাই। তেওঁলোকে কোনোমতে পৰিয়ালটোৰ বাবে দুবেলা দুসাজ আহাৰ যোগাৰ কৰিছিল, পৰিয়ালটোত আছে ১৫ বছৰীয়া জীয়াৰী অলকা আৰু ১৩ বছৰীয়া কনিষ্ঠ পুত্ৰ তানাজী। পৰিয়ালটো মহাৰাষ্ট্ৰৰ দলিত সম্প্ৰদায়ৰ মাটংগ জাতিৰ অন্তৰ্ভূক্ত।

৩৬ শতাংশ হাৰত সুত দিবলৈ ৰাজী হৈ বাবাচাহেবে এজন মহাজনৰ পৰা নগদ ৩০ হাজাৰ টকা ঋণ লয়। তেওঁ মাথোন নিজৰ পুত্ৰক চাব বিচাৰিছিল।

Left: A photo of Balaji Hattagale. He was 22 when he left home in November 2020. Right: Babasaheb and Sangita at home in Kadiwadgaon village
PHOTO • Parth M.N.
Left: A photo of Balaji Hattagale. He was 22 when he left home in November 2020. Right: Babasaheb and Sangita at home in Kadiwadgaon village
PHOTO • Parth M.N.

বাওঁফালেঃ বালাজী হাট্টাগালেৰ এখন আলোকচিত্ৰ। ২০২০ৰ নৱেম্বৰত ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত তেওঁৰ বয়স আছিল ২২ বছৰ। সোঁফালেঃ কাড়িৱাড়গাওঁ গাঁৱত নিজৰ ঘৰত বাবাচাহেব আৰু সংগীতা

ভাড়া কৰা এখন গাড়ীত বাবাচাহেব আৰু সংগীতাই বেলাগাভিলৈ যাত্ৰা কৰিলে। “আমি যেতিয়া তাত গৈ পালো, তাৰ শহুৰৰ পৰিয়ালে আমাক বেয়া ব্যৱহাৰ কৰিলে। বালাজীৰ বিষয়ে আমি যেতিয়া সিহঁতক সুধিলো, সিহঁতে কোনো উত্তৰ নিদিলে,” বাবাচাহেবে কয়। নিজৰ পুত্ৰৰ অন্তৰ্ধানৰ আঁৰত ৰহস্যৰ গোন্ধ পাই স্থানীয় আৰক্ষী থানাত বালাজী নিৰুদ্দেশ হোৱা বুলি তেওঁলোকে এখন এজাহাৰ দাখিল কৰে। “আৰক্ষীয়ে ঘটনাটোৰ এতিয়াও তদন্ত কৰি আছে।”

বাবাচাহেবে কয় যে পুত্ৰ বালাজীক যদি ইমান দূৰলৈ যাবলৈ নিদিলেহেঁতেন, তেন্তে সি এতিয়াও তেওঁলোকৰ লগতে থাকিলেহেঁতেন। “কি কৰিব পাৰো? আমি প্ৰব্ৰজনকাৰী শ্ৰমিক। লকডাউনৰ পিছত ওচৰৰ গাওঁ আৰু চহৰাঞ্চল বন্ধ হৈ পৰাত আমি কৰ্মহীন হৈ পৰিলো। কুঁহিয়াৰ কটাৰ বাহিৰে আমাৰ ওচৰত বেলেগ কাম নাই। ওচৰতে যদি কাম পোৱাৰ নিশ্চয়তা থাকিলেহেঁতনে, মই মোৰ ল’ৰাক ঘৰৰ পৰা দূৰলৈ যাবলৈ নিদিলোহেঁতেন,” বাবাচাহেবে কয়।

দীৰ্ঘদিনীয়া কৃষি সংকট আৰু সাম্প্ৰতিক সময়ৰ জলবায়ু পৰিৱৰ্তনে জীৱিকাৰ সুযোগ সংকুচিত কৰাৰ ফলত বীড় জিলাৰ লোকসকল কাম বিচাৰি প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে। কুঁহিয়াৰ খেতিত কাম কৰিবলৈ যোৱাৰ উপৰি এই জিলাৰ বহুতো লোকে মুম্বাইৰ পুণে আৰু ঔৰংগাবাদৰ দৰে চহৰলৈ প্ৰব্ৰজন কৰি সেইবোৰ চহৰত বনুৱা, গাড়ীচালক, নিৰাপত্তাৰক্ষী তথা ঘৰুৱা কামত নিয়োজিত হৈছে।

যোৱাবছৰ লকডাউনৰ পিছত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে নিজৰ গাঁৱলৈ প্ৰত্যাৱৰ্তন কৰিছিল। লাখ লাখ শ্ৰমিকে দেশৰ বিভিন্ন অঞ্চলৰ কৰ্মস্থানৰ পৰা স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰা দেশে কেতিয়াও প্ৰত্যক্ষ কৰা নাছিল- মাথোন দুটা মাহত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ এই অবিশ্বাস্য প্ৰত্যাৱৰ্তনৰ যাত্ৰাই দেশবাসীক নতুন বাৰ্তা দিলে। শ কি হাজাৰ কিলোমিটাৰ দূৰৰ নিজৰ ঘৰলৈ খোজকাঢ়ি উভতি অহা প্ৰব্ৰজনকাৰী শ্ৰমিকসকল ভোক-পিয়াহ আৰু শ্বাসৰুদ্ধকৰ অৱস্থাৰে অকল্পনীয়ভাৱে ক্লান্ত হৈ পৰিছিল। উভটনি যাত্ৰাপথত অনাহাৰে, শ্বাসৰুদ্ধ হৈ আৰু আতংকত বহুতো প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু হ’ল। বিশাল শ্ৰমিক বাহিনী বহুদূৰলৈ প্ৰত্যাৱৰ্তনৰ ঘটনা সংবাদমাধ্যমে ব্যাপক হাৰত দেশবাসীক জনালে আৰু দেখুৱালে যদিও যোৱা ডেৰ বছৰত তেওঁলোকে কৰ্মহীনতাৰ ফলত অনাহাৰে আৰু অৰ্দ্ধাহাৰে থকাৰ খবৰৰ সামান্য অংশহে দৃষ্টিগোচৰ হ’ল।

পুণেৰ পৰা ২৫০ কিলোমিটাৰ দূৰৰ বীড় জিলাৰ ৰাজৌৰি ঘোড়কা গাঁৱত থকা নিজৰ ঘৰলৈ ৫০ বছৰীয়া সঞ্জীৱনী চালভেয়ে নিজৰ পৰিয়ালৰ সৈতে যোৱাবছৰৰ মে’ মাহত উভতি আহে। সঞ্জীৱনীয়ে কয়, “আমি এমাহ যেনেতেনে কটালো, কিন্তু দেখিলো যে পৰিস্থিতি ঠিক হ’বলৈ সময়ৰ প্ৰয়োজন হ’ব। সেই কাৰণে টেম্পো’ এখন ভাৰা কৰি উভতি আহিলো।” পুণেত মানুহৰ ঘৰত কাম কৰি সঞ্জীৱনীয়ে মাহে পাঁচ হাজাৰ টকা উপাৰ্জন কৰিছিল। তেওঁৰ দুই পুত্ৰ ক্ৰমে ৩০ বছৰীয়া অশোক, ২৬ বছৰীয়া অমৰ আৰু জীয়াৰী ৩৩ বছৰীয়া ভাগ্যশ্ৰীয়ে চহৰত দিনমজুৰী কৰে। দুই পুত্ৰ আৰু কন্যাৰ সৈতে সঞ্জীৱনী নিজৰ ঘৰলৈ ঘূৰি আহিল। তেতিয়াৰে পৰা নৱবৌদ্ধ (পূৰ্বৰ দলিত) সম্প্ৰদায়ৰ এই পৰিয়ালটোৱে কাম বিচাৰি হাহাকাৰ কৰি আছে।

ভাগ্যশ্ৰীয়ে অলপতে পুণেলৈ উভতি আহিছিল যদিও দুই ভ্ৰাতৃয়ে বীড় জিলাৰ নিজৰ ঘৰত থাকি গ’ল। ভ্ৰাতৃ অশোকে কয়, “আমি চহৰলৈ যাব বিচৰা নাই। ভাগ্যশ্ৰী পুণেলৈ যাবলগীয়া হ’ল কাৰণ তাইৰ ল’ৰাটো স্কুলত পঢ়ি আছে। কিন্তু তায়ো সহজে কাম বিচাৰি পোৱা নাই। চহৰত আগৰ দৰে অৱস্থা একেবাৰে নাই।”

Sanjeevani Salve and her son, Ashok (right), returned to Beed from Pune after the lockdown in March 2020
PHOTO • Parth M.N.

২০২০ৰ মাৰ্চত লকডাউনৰ পিছত পুণেৰ পৰা বীড় জিলাৰ নিজৰ ঘৰলৈ উভতি অহা সঞ্জীৱনী চালভে আৰু তেওঁ পুত্ৰ অশোক (সোঁফালে)

লকডাউনৰ সময়ত পুণেত ভোগা সমস্যাৰ স্মৃতিয়ে অশোকক এতিয়াও শংকিত কৰি তোলে। তেওঁ কয়, “ক’ভিডৰ যদি তৃতীয় ঢৌ আহে আৰু আমি যদি এই অৱস্থাত থাকিবলগা হয়, কি হ’ব? আমি নিজক নিজে চাব লাগিব, আমাৰ খাবলৈ আছে নে নাই কোনেও সোধা নাছিল। আমি মৰি যোৱাহেতেঁনো কোনেও ভ্ৰূক্ষেপ নকৰিলেহেঁতেন।”

গাঁৱত নিজৰ ওচৰ-চুবুৰীয়াৰ মাজত থাকি অশোকে যেন জীয়াই থকাৰ প্ৰতিশ্ৰুতি লাভ কৰিছে। “ইয়াত মই মানুহৰ ওপৰত ভৰসা কৰিব পাৰো। ইয়াত মুকলি ঠাই আছে। চহৰৰ সৰু কোঠাত আৱদ্ধ হৈ থাকি উশাহ নোপোৱা হওঁ।”

অশোক আৰু অমৰে বীড় জিলাৰ নিজৰ থকা ঠাইত নিজকে কাঠমিস্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে। অশোকে কয়, “সদায় কাম পোৱা নাযায়। কিন্তু গাঁৱত খৰছ যথেষ্ট কম। আমি যেনেতেনে চলি যাব পাৰো।” আকৌ যদি জৰুৰীকালীন অৱস্থা হয়, তেন্তে আমি অসুবিধাত পৰিম বুলি অশোকে কয়।

যোৱা কেইটামান মাহত ঘৰলৈ উভতি যোৱা বহুতো প্ৰব্ৰজনকাৰী শ্ৰমিক চহৰলৈ ঘূৰি আহিছে, কিন্তু এইসকলে খুব কম কাম পাইছে আৰু উপাৰ্জন আগতকৈ কমিছে। মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ আঁচনি (এমজিএনআৰইজিএছ)ৰ অধীনত ইছ্যু কৰা জবকাৰ্ডত নাম লিখোৱা মানুহৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধিয়ে বহুতো মানুহে কাম বিচাৰি ফুৰাটো প্ৰমাণ কৰিছে।

২০২০-২১ত এমজিএনৰেগাৰ অধীনত মহাৰাষ্ট্ৰত জবকাৰ্ডে ৮.৫৭ লাখ পৰিয়ালক সামৰি লৈছিল। এই সংখ্যা আছিল পৰিয়ালসমূহৰ বাবে যোৱাবছৰ ইছ্যু কৰা ২.৪৯ লাখ পৰিয়ালৰ তিনিগুণৰো অধিক।

যি কি নহওঁক, বছৰত এজন লোকক ১০০ দিন কাম দিয়াৰ নিশ্চয়তাৰ ক্ষেত্ৰত আনকি লকডাউনৰ পিছতো এই আঁচনি ব্যৰ্থ হৈছিল। ২০২০-২১ বিত্তীয় বৰ্ষত মহাৰাষ্ট্ৰত ১৮.৮৪ লাখ পৰিয়ালে কৰ্মনিয়োজন বিচাৰিছিল, কিন্তু এইসকলৰ মাত্ৰ ১.৩৬ লাখ পৰিয়ালে অৰ্থাত ৭ শতাংশই ১০০ দিন কাম পাবলৈ সক্ষম হৈছিল। বীড় জিলাতো চৰকাৰৰ গ্ৰাম্য নিয়োজন আঁচনিৰ অধীনত নিয়োজনৰ অভিলেখ একেই।

Sanjeevani at home in Rajuri Ghodka village
PHOTO • Parth M.N.

ৰাজৌৰি ঘোড়কা গাঁৱৰ নিজ ঘৰত সঞ্জীৱনী

যোৱা কেইটামান মাহত বহুতো শ্ৰমিকে পুনৰ চহৰলৈ ঘূৰি আহিছে, ইয়াৰ বিপৰীতে গাঁৱত থাকি যোৱাসকলে সীমিত কাম আৰু সীমিত উপাৰ্জনৰ মাজত নিজৰ জীৱিকা নিশ্চিত কৰিছে। এমজিএনৰেগাৰ অধীনত ইছ্যু কৰা জবকাৰ্ডৰ সংখ্যা উৰ্দ্ধমুখী হোৱাটোৱে প্ৰমাণ কৰে যে কৰ্মনিয়োজন সন্ধানী লোকৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে

নিজৰ ঘৰত জীৱিকাৰ সা-সুবিধাৰ অভাৱ আৰু চহৰত আৱদ্ধ হৈ পৰিবলগাৰ আশংকাৰ মাজত ওলমি থকা প্ৰব্ৰজনকাৰী শ্ৰমিকসকল মহামাৰীত দুগুণে ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকৰ অধিকাংশ ভূমিহীন সম্প্ৰদায়ৰ। বীড় তালুকৰ মহেশৱাড়ি গাঁৱত থকা জলঙাৰে আকাশ দেখা টিনৰ চালিঘৰৰ তলত বহি থকা ৪০ বছৰীয়া অৰ্চনা মানদোৱে কয়, “লকডাউনৰ এমাহৰ পিছত আমি উভতি আহিলো।” তেওঁৰ পৰিয়ালে নিশা প্ৰায় ২০০ কিলোমিটাৰ খোজকাঢ়ি আহি ঘৰ পাইছিল। “মটৰচাইকেল এখনত পাঁচজন উঠি অহা বিপদৰ কথা। কিন্তু আমি তাকে কৰিছিলো। লকডাউনৰ পিছত উপাৰ্জন নোহোৱা হ’ল আৰু আমাৰ জমা টকা শেষ হ’ল,” তেওঁ কয়।

তিনিটা সন্তান ক্ৰমে ১৮ বছৰীয়া অক্ষয়, ১৫ বছৰীয়া বিশাল আৰু ১২ বছৰীয়া মহেশক ধৰি তিনিটা সন্তানৰ সৈতে অৰ্চনা আৰু তেওঁ স্বামী চিন্তামণি ঔৰংগাবাদ চহৰত আছিল। চিন্তামণিয়ে ট্ৰাক চলাইছিল আৰু অৰ্চনাই ঘৰতে এম্ব্ৰ’ইডেৰিৰ কাম কৰিছিল। দুয়োজনে মাহে ১২ হাজাৰ টকা উপাৰ্জন কৰিছিল। অৰ্চনাই কয়, “আমি ঔৰংগাবাদত পাঁচ বছৰ আছিলো আৰু ইয়াৰ আগতে পুণেত দহ বছৰ আছিলো। চিন্তামণিয়ে সদায় ট্ৰাক চলাইছিল।”

মহেশৱাড়িত চিন্তামণিয়ে নিজকে বাহিৰা মানুহ বুলি ভাবিবলৈ ধৰিলে। “তেওঁ আগতে খেতিপথাৰত কাম কৰি পোৱা নাছিল। তেওঁ চেষ্টা কৰিলে যদিও ভালকৈ খেতিৰ কাম কৰিব নোৱাৰিলে। ময়ো খেতিপথাৰত মজুৰিৰ কাম বিচাৰিলো। কিন্তু বেছি কাম পোৱা নগৈছিল,” অৰ্চনাই কয়।

নিজৰ ঘৰতে আছে কিন্তু কৰ্মহীন হৈ পৰা চিন্তামণিৰ মানসিক উদ্বিগ্নতা দিনে দিনে বাঢ়ি যাবলৈ ধৰিলে। নিজৰ সন্তান আৰু সিহঁতৰ পঢ়া-শুনাক লৈ তেওঁ ভীষণ চিন্তিত হ’ল। “তেওঁ নিজকে অযোগ্য বুলি ভাবিবলৈ ধৰিলে। আমাৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয় হ’বলৈ ধৰিলে আৰু একো কৰিব নোৱাৰা হ’লো। তেওঁৰ আত্মসন্মানবোধ নোহোৱা হ’বলৈ ধৰিলে। তেওঁৰ হতাশা আৰম্ভ হ’ল,” অৰ্চনাই ক’লে।

যোৱাবছৰ জুলাই মাহৰ এদিন সন্ধিয়া অৰ্চনাই ঘৰলৈ উভতি আহি দেখে যে তেওঁলোকৰ টিনৰ মুধচৰ পৰা এডাল ৰছীত চিপজৰী লৈ তেওঁৰ স্বামী চিন্তামণি ওলমি আছে। এটা বছৰ পাৰ হ’ল, তেওঁ নিজেই জীৱিকা উপাৰ্জন কৰিবলৈ কঠোৰ সংগ্ৰাম কৰিছে। “পথাৰত কাম কৰি সপ্তাহত কোনোমতে মই ৮০০ টকা উপাৰ্জন কৰিব পাৰো, কিন্তু মই ঔৰংগাবাদলৈ ঘূৰি যোৱাৰ কথা ভাবিব নোৱাৰো। চহৰত মই অকলে ঘৰ চলাব নোৱাৰিম। কাষত যেতিয়া চিন্তামণি আছিল, তেতিয়া কোনো কথা নাছিল। গাঁৱত সহায়ৰ বাবে নিৰ্ভৰ কৰিবপৰা মানুহ অন্ততঃ আছে,” অৰ্চনাই কয়।

অৰ্চনা আৰু তেওঁৰ সন্তানকেইটাই জুপুৰী ঘৰটোৰ পৰা ওলাই আহিব বিচাৰে। “ঘৰটোৰ ভিতৰত সোমালে প্ৰতিবাৰতে মোৰ তেওঁলৈ মনত পৰে। সেইদিনা মই ঘৰলৈ উভতি আহি কি দেখিছিলো সেই কথা মই বাৰে বাৰে ভাবো,” অৰ্চনাই কয়।

Archana.Mandwe with her children, (from the left) Akshay, Vishal and Mahesh, in Mhasewadi village
PHOTO • Parth M.N.

মহেশৱাড়ি গাঁৱত তিনি সন্তান (বাওঁফালৰ পৰা) ক্ৰমে অক্ষয়, বিশাল আৰু মহেশৰ সৈতে অৰ্চনা মানদোৱে

কিন্তু এটা নতুন ঘৰ বিচৰাৰ কথা তেওঁ এতিয়াও ভাবিব নোৱাৰে। স্থানীয় চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰি দিয়া তেওঁৰ তিনি সন্তানৰ যদি পঢ়া-শুনা চলি থাকে, তেন্তে বিদ্যালয়ৰ মাচুল কেনেকৈ দিব ভাবি তেওঁ নিজে পাৰ নাপায়। “মই নিজেই নাজানো সিহঁতৰ স্কুলৰ মাচুল কেনেকৈ আদায় দিম,” তেওঁ কয়।

ল’ৰা তিনিটাৰ অনলাইন ক্লাচ কৰাৰ বাবে অৰ্চনাৰ ভ্ৰাতৃয়ে এটা স্মাৰ্টফোন কিনি আনিলে। “অনলাইন পাঠদান বুজিবলৈ অসুবিধা হয়,” অভিযন্তা হোৱাৰ আকাংক্ষা পুহি ৰখা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ অক্ষয়ে কয়। “আমাৰ অঞ্চলত বেছিভাগ সময় ম’বাইলৰ নেটৱৰ্ক নাথাকে। মই মোৰ বন্ধু এজনৰ ঘৰলৈ গৈ তেওঁৰ কিতাপ পঢ়ো,” অক্ষয়ে কয়।

পিতৃয়ে আত্মহত্যা কৰাৰ পিছত অক্ষয়ে দৃঢ়মনেৰে তেওঁৰ নিজৰ পঢ়া-শুনাত মনযোগ দিবলৈ ধৰিলে, বালাজী নিৰুদ্দেশ হোৱাৰ পিছত তানাজী হাট্টাগালে তেওঁলোকৰ লগত ঘনিষ্ঠ হ’বলৈ চেষ্টা কৰে। “মই মোৰ দাদাক হেৰুৱালো”, অধিক মন্তব্য কৰাৰ পৰা বিৰত থাকি তানাজীয়ে এনেদৰে কয়।

বালাজীক বিচাৰি উলিয়াবলৈ বাবাচাহেব আৰু সংগীতাই সকলো ধৰণৰ প্ৰচেষ্টা চলালে, কিন্তু তেওঁলোকৰ বাবে এই কাম ইমান সহজ নহয়। “আমি বীড় জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰিলো আৰু এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। আমাৰ হাতত অতি কম টকা থকা কাৰণে বেলগাম (বেলাগাভি)লৈ গৈ থকা সম্ভৱ নহয়,” বাবাচাহেবে কয়।

আনকি স্বাভাৱিক অৱস্থাতো নিপীড়িত সম্প্ৰদায় এটাৰ দৰিদ্ৰ পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰি তাৰ পৰা কিবা এটা হ’ব বুলি আশা কৰাটো কঠিন। গতিকে এতিয়া মহামাৰীয়ে এই কাম অধিক কঠিন কৰি তুলিছে। মহামাৰীৰ বাবে আন্তঃৰাজ্যিক যাতায়তৰ ওপৰত আৰোপ কৰা বাধা আৰু হাতত টকা নথকাৰ বাবে এই কাম কঠিন হৈ পৰিছে।

যোৱা ডিচেম্বৰত প্ৰথমবাৰৰ বাবে বাবাচাহেব আৰু সংগীতাই পুত্ৰ বালাজীক বিচাৰি প্ৰথমতে এবাৰ যোৱাৰ পিছত আকৌ গৈছিল। দ্বিতীয়বাৰ যাবলৈ তেওঁলোকে পোহনীয়া দহটা ভেড়াছাগলী ৬০ হাজাৰ টকাত বিক্ৰী কৰিলে। “আমি মুঠ ১৩০০ কিলোমিটাৰ অহা-যোৱা কৰিলো। সেই টকাৰ অলপমান হাতত আছে যদিও বেছিদিন নাথাকিব,” গাড়ীখনৰ অড’মিটাৰৰ পৰা বাবাচাহেবে তেওঁ অহা-যোৱা কৰা দুৰত্বৰ হিচাপ দিয়ে।

নৱেম্বৰত কুঁহিয়াৰ কটাৰ নতুন বতৰ আৰম্ভ হ’ব। মাতৃ খুব অসুস্থ যদিও বাবাচাহেবে পত্নী সংগীতক লগত লৈ কুঁহিয়াৰ কাটিবলৈ যোৱাৰ কথা ভাবিছে। পৰিয়ালটো জীয়াই থকাৰ কথা ভাবিলগা হৈছে, বাবাচাহেবে কয়, “আমি বাকী থকা সন্তানকেইটাক লালন-পালন কৰিব লাগিব।”

এই প্ৰতিবেদন সাংবাদিকজনলৈ পুলিটজাৰ চেণ্টাৰে আগবঢ়োৱা স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ অধীনত কৰা এলানি প্ৰতিবেদনৰ অংশ

অনুবাদ: পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das