ক’ভিডৰ চিকিৎসা চলি থকাৰ মাজতে পজিটিভ হোৱাৰ আঠ দিন পিছত হস্পিতালত ৰামলিং চনপ ঢুকাল। কিন্তু তেওঁৰ মৃত্যুৰ কাৰণ ভাইৰাছ নাছিল।

মৃত্যুৰ কেইঘণ্টামান আগতে ৰামলিঙে (৪০) তেওঁৰ পত্নী ৰাজুবাঈক হস্পিতালৰ পৰা ফোন কৰিছিল। “তেওঁৰ চিকিৎসাৰ নামত কিমান টকা খৰছ হৈছে সেয়া জানি তেওঁ চকুলো ৰখাব পৰা নাছিল,” তেওঁৰ ভতিজা ২৩ বছৰীয়া ৰবি মৰালে কয়। “তেওঁ ভাবিছিল যে হস্পিতালৰ বিল পৰিশোধ কৰিবলৈ তেওঁ নিজৰ দুই একৰ খেতিমাটি বিক্ৰী কৰিবলগা হ’ব।”

মহাৰাষ্ট্ৰৰ বীড় জিলাৰ দীপ হস্পিতালত ৰামলিং ১৩ মে’ৰ পৰা ভৰ্ত্তি হৈ আছিল, চিকিৎসাৰ বাবদ বিল হৈছিল ১.৬ লাখ টকা, ৰাজুবাঈৰ ভায়েক প্ৰমোদ মৰালে কয়। “আমি কোনোমতে দুটা কিস্তিত টকাখিনি পৰিশোধ কৰিলো, কিন্তু হস্পিতালৰ কৰ্তৃপক্ষই আৰু ২ লাখ টকা বিচাৰিছিল,” তেওঁ কয়। “তেওঁলোকে পৰিয়ালক ক’ব এৰি ৰোগীজনক টকা সাধিছিল। তেওঁক কোৱাৰ কি প্ৰয়োজন আছিল?”

হস্পিতালৰ যিমান বিল হৈছিল, সেয়া ৰামলিঙৰ পৰিয়ালটোৰ বাৰ্ষিক আয়ৰ প্ৰায় দুগুণ। সেই কথাই ৰামলিঙক আঘাত দিলে। ২১ মে’ৰ পুৱতি নিশা তেওঁ ক’ভিড ৱাৰ্ডৰ পৰা ওলাই আহি হস্পিতালৰ ক’ৰিডৰত চিপজৰী লয়।

ৰাজুবাঈয়ে (৩৫) তেওঁৰ হতাশ স্বামীক ২০ মে’ৰ দিনা ৰাতি বুজাই ক্ষান্ত কৰিবলৈ চেষ্টা কৰিছিল। মটৰ চাইকেলখন বিক্ৰী কৰিব পাৰি, পশ্চিম মহাৰাষ্ট্ৰৰ যিটো চেনীৰ কাৰখানাত তেওঁলোকে কাম কৰিছিল তাৰ পৰা ধাৰ ল’ব পাৰি বুলি তেওঁ বুজাইছিল। তেওঁ আৰোগ্য হোৱাটোৱেই তেওঁৰ বাবে সকলো আছিল, তেওঁ কয়। কিন্তু সেই টকা যে পৰিশোধ কৰিব পাৰিব, ৰামলিঙে চাগে ভাবিব পৰা নাছিল।

প্ৰতিবছৰে ৰামলিং আৰু ৰাজুবাঈয়ে বীড় জিলাৰ কাইজ তালুকৰ তেওঁলোকৰ চুবুৰীটোৰ পৰা পশ্চিম মহাৰাষ্ট্ৰৰ কুঁহিয়াৰৰ পথাৰত কাম কৰিবলৈ ওলাই যায়। নৱেম্বৰৰ পৰা এপ্ৰিললৈ ১৮০ দিনৰ কঠোৰ পৰিশ্ৰমৰ অন্তত দুয়ো মিলি ৬০,০০০ টকা উপাৰ্জন কৰে। তেওঁলোকৰ অনুপস্থিতিত ঘৰত ৮ৰ পৰা ১৬ বছৰীয়া তিনিটা সন্তানৰ দায়িত্ব ৰামলিঙৰ অকলশৰীয়া পিতৃয়ে লয়।

Ravi Morale says they took his uncle Ramling Sanap to a private hospital in Beed because there were no beds in the Civil Hospital
PHOTO • Parth M.N.

অসামৰিক হস্পিতালখনত বিচনা নথকাত খুড়াক ৰামলিং চনপক বীড়ৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল বুলি ৰবি মৰালে কয়

বীড় চহৰৰ পৰা ৫০ কিলোমিটাৰ দূৰৰ তেওঁলোকৰ চুবুৰী তাণ্ডালাচিৱাড়িত এটা সময়ত ৰামলিং আৰু ৰাজুবাঈয়ে তেওঁলোকৰ খেতিৰ মাটিখিনিত জোৱাৰ, বাজৰা আৰু ছয়াবিনৰ খেতি কৰিছিল। তাৰোপৰি ৰামলিঙে সপ্তাহত তিনিদিনমান ডাঙৰ পামবোৰত ট্ৰেক্টৰ চলাই দিনে ৩০০ টকা পাইছিল।

জোৰা-টাপলি মাৰি পৰিয়াল চলোৱা ৰামলিঙৰ বাবে অসুখ হওঁতে পোনে পোনে বীড়ৰ অসামৰিক হস্পিতালখনেই একমাত্ৰ উপায় আছিল। “কিন্তু তাত বিচনা নাছিল,‘ ৰবিয়ে কয়। “সেয়ে আমি তেওঁক ব্যক্তিগত হস্পিতাল এখনলৈ নিবলগাত পৰিল।”

দ্বিতীয় ঢৌৰ সময়ত ক’ৰনাভাইৰাছৰ দ্ৰুত প্ৰাদুৰ্ভাৱে গ্ৰাম্য ভাৰতৰ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ পুতৌলগা আন্তঃগাঁথনিৰ ছৱিখন প্ৰকট কৰি তুলিছে। উদাহৰণ স্বৰূপে বীড় জিলাত ২৬ লাখ জনসংখ্যাৰ বিপৰীতে মাত্ৰ দুখন ডাঙৰ হস্পিতাল আছে।

চৰকাৰী হস্পিতালবোৰ ক’ভিড ৰোগীৰে ভৰি পৰাত মানুহে টকাৰে নাটিলেও ব্যক্তিগত হস্পিতাললৈ যাবলগীয়া হৈছে।

বহুতৰ কাৰণে এবাৰ বেমাৰত পৰা মানে দীৰ্ঘদিনৰ বাবে ধাৰত পোত যোৱা।

“ভাৰতত দুখীয়া লোকৰ সংখ্যা (দুখীয়া মানে যাৰ আয় দিনে ২ ডলাৰতকৈ কম) ক’ভিড-১৯ মন্দাৱস্থাৰ ফলত বৃদ্ধি হৈ ৭ কোটি ৫০ লাখ হৈছে,” আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিউ ৰিছাৰ্ছ চেণ্টাৰৰ ২০২১ৰ মাৰ্চত প্ৰকাশ পোৱা এক প্ৰতিবেদনত এই তথ্য দাঙি ধৰা হৈছে। ইয়াৰ লগতে ভাৰতত মধ্যবিত্ত শ্ৰেণীৰ পৰা তললৈ নমা লোকৰ সংখ্যা ২০২০ত প্ৰায় ৩ কোটি ২০ লাখ বুলি ধাৰ্য্য কৰা হৈছে। ইয়ে বিশ্বৰ দাৰিদ্ৰ্যতাৰ বৰ্দ্ধিত পৰিসৰত ৬০ শতাংশ যোগ দিছে, প্ৰতিবেদনখনত এই কথা কোৱা হৈছে।

অতিমাৰীৰ প্ৰভাৱ বিশেষকৈ বীড় আৰু ওচমানাবাদ, মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া অঞ্চলৰ এই দুখন ওচৰা-উচৰি জিলাত দেখা গৈছে। ইতিমধ্যে দুয়োখন জিলাই জলবায়ু পৰিৱৰ্তন, জলসংকট আৰু কৃষি সংকটৰ সৈতে যুঁজি আহিছে, এতিয়া ভূতৰ ওপৰত দানহ পৰাদি ক’ভিড আহি পৰিছে। ২০২১ৰ ২০ জুনলৈ বীড় জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা ৯১,৬০০ আৰু মৃতকৰ সংখ্যা ২,৪৫০ হৈছে। আকৌ ওচমানাবাদত প্ৰায় ৬১,০০০ জন ক’ভিড আক্ৰান্ত হোৱাৰ বিপৰীতে ১,৫০০ৰো অধিক লোকৰ ক’ভিডত মৃত্যু হৈছে।

Left: A framed photo of Vinod Gangawane. Right: Suresh Gangawane fought the hospital's high charges when his brother was refused treatment under MJPJAY
PHOTO • Parth M.N.
Suvarna Gangawane (centre) with her children, Kalyani (right) and Samvidhan

বাওঁফালেঃ বিনোদ গংগাৱানেৰ এখন বন্ধোৱা ফটো। সোঁফালেঃ ল’ৰা-ছোৱালীহাল, কল্যাণী আৰু সম্বিধানৰ সৈতে সুৱৰ্ণা গংগা (মাজত)

অৱশ্যে কাগজে-পত্ৰই দেখিব যে দুখীয়াৰ প্ৰতিপালনত অকণো হীন-ডেঢ়ি হোৱা নাই।

মহাৰাষ্ট্ৰ চৰকাৰে ব্যক্তিগত খণ্ডৰ হস্পিতালবোৰৰ ক্ষেত্ৰত বিলৰ উৰ্দ্ধসীমা ধৰি দিছে যাতে কোনো ক’ভিড ৰোগীয়ে নিজৰ আটাইখিনি সঞ্চয় চিকিৎসাৰ নামত শেষ কৰিবলগীয়া নহয়। হস্পিতালে এদিনত জেনেৰেল ৱাৰ্ডৰ বিচনাৰ কাৰণে ৪,০০০ টকা, ইণ্টেনচিভ কেয়াৰ ইউনিট চমুকৈ আইচিইউৰ বিচনাৰ কাৰণে ৭,৫০০ টকা আৰু ভেণ্টিলেটৰসহ আইচিইউ বিচনাৰ কাৰণে ৯,০০০ টকাতকৈ বেছি বিল আদায় ল’ব নোৱাৰে।

ৰাজ্যখনৰ স্বাস্থ্যবীমাৰ ঘাই আঁচনি মহাত্মা জ্যোতিৰাও ফুলে জন আৰোগ্য যোজনা (MJPJAY)য়ে চিকিৎসাৰ ব্যয় বহন কৰে (২.৫ লাখ টকালৈ)। বছৰি ১ লাখ টকাতকৈ কম আয়ৰ পৰিয়াল আৰু বীড় আৰু ওচমানাবাদকে ধৰি ১৪ খন কৃষিবিধ্বস্ত জিলাৰ কৃষক পৰিয়াল এই আঁচনিৰ বাবে যোগ্য। MJPJAYৰ নেটৱৰ্কে ৰাজহুৱা আৰু ব্যক্তিগত মুঠ ৪৪৭ খন হস্পিতালক সামৰি লৈছে, আঁচনিৰ অধীনত ৰোগীলৈ নগদবিহীন চিকিৎসা আৰু শল্যচিকিৎসাৰ সেৱা আগবঢ়োৱা হয়।

কিন্তু এপ্ৰিলত ওচমানাবাদৰ চিৰায়ু হস্পিতালে ৪৮ বছৰ বয়সীয়া বিনোদ গংগাৱানেক MJPJAYৰ অধীনত চিকিৎসা কৰাত অমান্তি হ’ল। “সেয়া আছিল এপ্ৰিল মাহৰ প্ৰথমটো সপ্তাহ আৰু ওচমানাবাদত সংক্ৰমণৰ ঘটনা বাঢ়িছিল। হস্পিতালত বিচনা পোৱাটো টান হৈ পৰিছিল,” তেওঁৰ ভায়েক সুৰেশ গংগাৱান (৫০)য়ে কয়, তেৱেঁই বিনোদক ব্যক্তিগত হস্পিতাললৈ লৈ গৈছিল। “চিৰায়ু হস্পিতালত ডাক্তৰ এজনে ক’লে, ‘আমাৰ তাত আঁচনিখন নাই, গতিকে বিচনা লাগে নে নালাগে আমাক কওঁক।’ সেই সময়ত আমি ইমানেই শংকিত হৈ আছিলো যে একো নাভাবি তেতিয়াই চিকিৎসা আৰম্ভ কৰিবলৈ ক’লো।”

ওচমানাবাদৰ জিলা পৰিষদৰ চিকিৎসা বিভাগত কাম কৰা সুৰেশে যেতিয়া নিজাকৈ খবৰ কৰিলে, তেওঁ জানিব পাৰিলে যে হস্পিতালখন MJPJAY আঁচনিৰ অধীনত পৰে। “হস্পিতালৰ কৰ্তৃপক্ষৰ লগত তেওঁ কথাও পাতিলো, কিন্তু কৰ্তৃপক্ষই সুধিলে যে আঁচনিখন লাগিব নে মোৰ ভাইটোক,” তেওঁ কয়। “তেওঁলোকে ইয়াকো ক’লে যে বিলবোৰ নিয়মীয়াকৈ দি নাথাকিলে চিকিৎসা বন্ধ কৰি দিয়া হ’ব।”

Left: A framed photo of Vinod Gangawane. Right: Suresh Gangawane fought the hospital's high charges when his brother was refused treatment under MJPJAY
PHOTO • Parth M.N.

হস্পিতালখনে MJPJAYৰ অধীনত সুৰেশ গংগাৱানেৰ ভায়েকৰ চিকিৎসা কৰিবলৈ অমান্তি হোৱাৰ পিছত মোটা মোটা বিলৰ বিৰুদ্ধে গংগাৱানেয়ে মাত মাতিছিল

ওচমানাবাদ চহৰৰ উপকণ্ঠ অঞ্চলত চাৰি একৰ খেতিমাটি থকা গংগাৱানেৰ পৰিয়ালটোৱে বিনোদ হস্পিতালত থকাৰ ২০ টা দিনৰ দৰৱ, লেব টেষ্ট আৰু হস্পিতালৰ বিচনাৰ বাবদ মুঠ ৩.৫ লাখ টকা আদায় দিলে। ২৬ এপ্ৰিলৰ দিনা তেওঁ ঢুকোৱাত হস্পিতাল কৰ্তৃপক্ষই আৰু ২ লাখ টকাৰ দাবী জনালে, সুৰেশে কয়। তেওঁ সেই বিল আদায় দিয়াত অমান্তি হ’ল। হস্পিতালৰ কৰ্তৃপক্ষৰ সৈতে তেওঁৰ বাক-বিতণ্ডাও হ’ল। “মই ক’লো যে মই বডিটো নলও,” তেওঁ কয়। হস্পিতালে অধিক টকাৰ দাবী উঠাই লোৱালৈকে দিনটো বিনোদৰ শৱ হস্পিতালত পৰি থাকিল।

চিৰায়ু হস্পিতালৰ স্বত্বাধিকাৰী ডা. বীৰেন্দ্ৰ গাৱলিয়ে কয় যে সুৰেশে আধাৰ কাৰ্ড নিদিয়া বাবে বিনোদক উক্ত স্বাস্থ্য বীমা আঁচনিৰ অধীনত ভৰ্ত্তি কৰোৱা হোৱা নাছিল। কিন্তু সেয়া সঁচা নহয়, সুৰেশে কয়ঃ হস্পিতালখনে MJPJAY বিষয়ক একো কথাৰে উত্তৰ দিয়া নাছিল।

চিৰায়ুত থকা সুবিধাবোৰ মৌলিক, ডা. গাৱলিৱে কয়। “কিন্তু যেতিয়া সংক্ৰমণৰ ঘটনা বাঢ়িবলৈ ধৰে, তেতিয়া (জিলা) প্ৰশাসনে আমাক ক’ভিড ৰোগীক ভৰ্ত্তি কৰাবলৈ অনুৰোধ জনালে। মোক মৌখিকভাৱে তেওঁলোকৰ চোৱাচিতা কৰিবলৈ কোৱাৰ লগতে কিবা জটিলতাই দেখা দিলে আন হস্পিতাললৈ লৈ যাবলৈ কোৱা হ’ল,” তেওঁ কয়।

সেয়ে হস্পিতালত ভৰ্ত্তি কৰাৰ ১২-১৫ দিন পাছত যেতিয়া বিনোদৰ উশাহ লোৱাত জটিলতাই দেখা দিলে, ডা. গাৱলিয়ে তেওঁৰ পৰিয়ালটোক বিনোদক আন এখন হস্পিতাললৈ লৈ যাবলৈ পৰামৰ্শ দিলে। “তেওঁলোক অমান্তি হ’ল। আমি তেওঁক বচাবলৈ যিমানখিনি পাৰো কৰিলো। কিন্তু ২৫ এপ্ৰিলৰ দিনা হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত দ্বিতীয়দিনা তেওঁৰ মৃত্যু হ’ল।”

বিনোদক আন এখন হস্পিতাললৈ নিবলৈ হ’লে ওচমানাবাদ চহৰত আকৌ এবাৰ অক্সিজেনৰ সুবিধা থকা বেড বিচাৰি উলিয়াব লাগিব, সুৰেশে কয়। পৰিয়ালটো ইতিমধ্যে মানসিকভাৱে ভাগি পৰিছিল। বিনোদ আৰু সুৰেশৰ পিতৃ ৭৫ বছৰ বয়সীয়া ভিত্থাল গংগাৱানেৰ কেইদিনমান আগতে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হৈছে। কিন্তু পৰিয়ালৰ লোকে বিনোদক এই খবৰ দিয়া নাছিল। “তেওঁ ইতিমধ্যে ভয় খাই আছিল,” বিনোদৰ পত্নী সুৱৰ্ণা (৪০)য়ে কয়। “তেওঁৰ ৱাৰ্ডত ৰোগী ঢুকোৱা শুনিলেও তেওঁ উদ্বিগ্ন হৈ পৰিছিল।”

The Gangawane family at home in Osmanabad. From the left: Suvarna, Kalyani, Lilawati and Suresh with their relatives
PHOTO • Parth M.N.

ওচমানাবাদৰ ঘৰত গংগাৱানেৰ পৰিয়ালটো। বাওঁফালৰ পৰাঃ সুৱৰ্ণা, কল্যাণী, লীলাৱতী, সুৰেশ, সম্বিধান আৰু পৰিয়ালটোৰ এগৰাকী কুটুম

বিনোদে দেউতাকক চোৱাৰ কথা কৈ থাকিল, তেওঁৰ ১৫ বছৰীয়া জীয়াৰীয়ে কল্যাণীয়ে কয়। “কিন্তু আমি প্ৰতিবাৰেই অজুহাত দেখুৱাই থাকিলো। তেওঁ ঢুকোৱাৰ দুদিন আগত আমি আইতাক (বিনোদৰ মাতৃ লীলাৱতীক) হস্পিতাললৈ লৈ গ’লো যাতে তেওঁ মাকক চাব পাৰে।”

দেখা কৰিবৰ দিনা লীলাৱতীয়ে আনকি সেন্দুৰৰ ফোট এটাও ল’লে, যিটো হিন্দু বিধৱা মহিলাৰ বাবে নিষিদ্ধ। “তেওঁ সন্দেহ কৰাটো আমি বিচৰা নাছিলো,” কেইদিনমানৰ ভিতৰতে নিজৰ গিৰীয়েক আৰু পুত্ৰক হেৰুৱাই তেওঁ বিধ্বস্ত হৈ পৰিছিল।

পৰিয়ালটোৱে এতিয়া আৰ্থিক দুৰৱস্থাৰ পৰা উদ্ধাৰ পাবলৈ কষ্ট কৰিব লাগিব, গৃহিণী সুৱৰ্ণাই কয়। “হস্পিতালৰ বিল দিবলৈ বুলি মই গহণা-গাঁঠৰি বন্ধকত থ’লো, ঘৰৰ সঞ্চয় উদং হ’ল।” কল্যাণীয়ে ডাক্তৰ হ’ব খোজে, তেওঁ কয়। “তাইৰ সপোনবোৰ কেনেকৈ পূৰণ কৰিম? হস্পিতালখনে যদি আঁচনিৰ সুবিধা কৰি দিলেহেঁতেন, মোৰ ছোৱালীজনীৰ ভৱিষ্যত এনেকৈ অন্ধকাৰ হৈ নপৰিলহেঁতেন।”

১ এপ্ৰিলৰ পৰা ১২ মে’ৰ সময়চোৱাত ওচমানাবাদৰ ব্যক্তিগত হস্পিতালত MJPJAY আঁচনিৰ অধীনত মাত্ৰ ৮২ জন ৰোগীৰ চিকিৎসা কৰা হৈছিল, আঁচনিখনৰ জিলা সমন্বয়ক বিজয় ভুটেকাৰে কয়। বীড় জিলাৰ সমন্বয়ক অশোক গাইকোৱাডে কয় যে ১৭ এপ্ৰিলৰ পৰা ২৭ মে’ৰ সময়চোৱাত জিলাখনৰ ব্যক্তিগত খণ্ডৰ হস্পিতালবোৰত মুঠ ১৭৯ গৰাকী ৰোগীয়ে আঁচনিখনৰ সুবিধা লাভ কৰিছে। হস্পিতালত ভৰ্ত্তি হোৱা ৰোগীৰ সংখ্যা চাবলৈ গ’লে এয়া তেনেই সামান্য অংশ।

মানুহে যাতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ যাবলগীয়া নহয়, তাৰ বাবে ৰাজহুৱা স্বাস্থ্যসেৱা উন্নত আৰু সবলীকৃত কৰিবই লাগিব, বীড়ৰ আম্বেজোগাই চহৰৰ এটা গ্ৰামীণ বিকাশ সংস্থা মানৱলোকৰ সচিব অনিকেত লোহিয়াই কয়। “আমাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু গাঁৱৰ উপস্বাস্থ্য কেন্দ্ৰবোৰত কৰ্মচাৰী কম আৰু সেৱাও সীমিত। সেয়ে মানুহে ভাল স্বাস্থ্যসেৱা নাপায়,” তেওঁ কয়।

Ever since the outbreak of coronavirus in March 2020, the MJPJAY office in Mumbai has received 813 complaints from across Maharashtra – most of them against private hospitals. So far, 186 complaints have been resolved and the hospitals have returned a total of Rs. 15 lakhs to the patients
PHOTO • Parth M.N.

ৰাগিণী ফাড়কে আৰু মুকুন্দৰাজ

২০২০ৰ মাৰ্চত ক’ৰনাৰ তীব্ৰ প্ৰাদুৰ্ভাবৰ পিছৰে পৰা মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ পৰা MJPJAYৰ মুম্বাইস্থিত মুখ্য কাৰ্যালয়লৈ ৮১৩ টা অভিযোগ আহিছে। ইয়াৰে প্ৰায়ভাগেই ব্যক্তিগত হস্পিতালৰ বিৰুদ্ধে। এতিয়ালৈ ১৮৬ টা অভিযোগ নিষ্পত্তি কৰা হৈছে আৰু হস্পিতালবোৰে ৰোগীক মুঠ ১৫ লাখ টকা ওভতাই দিছে।

“আনকি ডাঙৰ ডাঙৰ ৰাজহুৱা হস্পিতালতো কৰ্মচাৰীৰ সংখ্যা কম আৰু ডাক্তৰ আৰু নাৰ্ছে ৰোগীক পৰ্যাপ্ত মনযোগ দিব নোৱাৰে,” লোহিয়াই কয়। “বহু সময়ত দেখা যায় যে মানুহে চৰকাৰী হস্পিতালৰ ওপৰত আস্থা নথকাৰ কাৰণেই খৰছ বহন কৰিব নোৱাৰিলেও ব্যক্তিগত হস্পিতাললৈ যায়।”

সেই কাৰণতে মে’ মাহত যেতিয়া ভিত্থাল ফাড়কে নৰিয়াত পৰে আৰু গাত ক’ভিডৰ লক্ষণে দেখা দিয়ে, তেতিয়া তেওঁ কাষৰ চৰকাৰী হস্পিতালত বিচনা বিচৰাৰ চিন্তা নকৰিলে। তেওঁৰ ভায়েক লক্ষ্মণৰ ক’ভিড নিউমনিয়া হৈ তাতে আছিল, দুদিন আগতে ঢুকাইছিল।

লক্ষ্মণৰ গাত ২০২১ৰ এপ্ৰিলৰ শেষৰটো সপ্তাহত ক’ভিডৰ লক্ষণে দেখা দিয়ে। তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত ভিত্থালে তেওঁক আম্বেজোগাইৰ স্বামী ৰামানন্দ তীৰ্থ গ্ৰামীণ মেডিকেল কলেজ (চমুকৈ SRTRMCA)ত ভৰ্ত্তি কৰায়, হস্পিতালখন তেওঁলোকৰ গৃহচহৰ পাৰ্লিৰ পৰা ২৫ কিলোমিটাৰ দূৰত অৱস্থিত। লক্ষ্মণ সেই হস্পিতালখনত মাত্ৰ দুদিন আছিল।

চৰকাৰী হস্পিতালত ভায়েকৰ মৃত্যুত শংকিত হৈ পৰা ভিত্থালৰ উশাহ ছুটি হৈ অহাত তেওঁ এখন ব্যক্তিগত খণ্ডৰ হস্পিতালত ভৰ্ত্তি হ’লগৈ। “হস্পিতালখনত (SRTRMCA) প্ৰতিদিনে অক্সিজেনৰ কাৰণে হাহাকাৰ লাগে। আপুনি চিঞৰি নাথাকিলে ডাক্তৰ আৰু নাৰ্ছে আপোনাক গুৰুত্ব নিদিয়ে। তেওঁলোকে একেটা সময়তে বহুকেইজন ৰোগীক চায়,” লক্ষ্মণৰ ২৮ বছৰ বয়সীয়া পত্নী ৰাগিণীয়ে কয়। “মানুহে এই ভাইৰাছৰ পৰা সন্ত্ৰস্ত আৰু সেয়ে ডাক্তৰ-নাৰ্ছৰ নিৰীক্ষণত থাকিব বিচাৰে। ডাক্তৰে তেওঁলোকক আশ্বস্ত কৰাটো বিচাৰে। সেয়ে ভিত্থালে টকাৰ কথা (চিকিসাৰ বাবে) নাভাবিলে।”

ভিত্থালে আৰোগ্যলাভ কৰিলে আৰু এসপ্তাহতে তেওঁক ডিচাৰ্জ কৰি দিয়া হ’ল, কিন্তু দুশ্চিন্তাৰ পৰা মুক্তি নাপালে।

হস্পিতালে তেওঁক ৪১,০০০ টকা বিল ভৰিবলৈ ক’লে। ইতিমধ্যে তেওঁ দৰৱৰ নামত ৫৬,০০০ টকা খৰছ কৰিছিল, সেয়া তেওঁ নাইবা লক্ষ্ণণে ২৮০ দিনত কৰা উপাৰ্জনৰ সমান। তেওঁ কিবা অকণ ৰেহাই দিবলৈ হস্পিতাল কৰ্তৃপক্ষক অনুৰোধ জনালে, কিন্তু একো ফল নধৰিলে। “বিল পৰিশোধ কৰিবলৈ আমি টকা ধাৰে ল’লো,” ৰাগিণীয়ে কয়।

Ragini Phadke with her children outside their one-room home in Parli. The autorickshaw is the family's only source of income
PHOTO • Parth M.N.

পাৰ্লিৰ এটা কোঠাৰ ঘৰৰ বাহিৰত সন্তান দুটিৰ সৈতে ৰাগিণী ফাড়কে। অটোৰিক্সাখনেই পৰিয়ালটোৰ আয়ৰ একমাত্ৰ উপায়

ভিত্থাল আৰু লক্ষ্ণণে পাৰ্লিত এখন অটোৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰিছিল। “লক্ষ্ণণে দিনৰ ভাগত চলায় আৰু নিশাৰ ভাগত ভিত্থালে চলাইছিল,” ৰাগিণীয়ে কয়। “তেওঁলোকে এদিনত প্ৰায় ৩০০-৩৫০ টকা উপাৰ্জন কৰিছিল। কিন্তু ২০২০ৰ মাৰ্চৰ লকডাউনৰ পিছৰ পৰা উপাৰ্জন তেনেই শূন্য হৈ পৰিছিল। কাচিৎহে কোনোবাই অটোৰিক্সা ভাড়া কৰিছিল।”

ৰাগিণী এগৰাকী গৃহিণী আৰু এম এ ডিগ্ৰীধাৰী যদিও ইফালে সাত বছৰীয়া কাৰ্তিকী আৰু আনফালে পানীকেঁচুৱা মুকুন্দৰাজক কেনেকৈ লালন-পালন কৰিব তাকে লৈ চিন্তিত হৈ পৰিছে। “লক্ষ্ণণৰ অনুপস্থিতিত সিহঁত দুটাক কেনেকৈ ডাঙৰ কৰিম ভাবি ভয় খাও। আমাৰ ধন-বিত নাই। আনকি তেওঁৰ শেষকৃত্যৰ বাবেও মই ধাৰ কৰিবলগীয়া হৈছিল।”

ভায়েকৰ অটোৰিক্সাখন পৰিয়ালটোৰ এটা কোঠাৰ ঘৰটোৰ কাষৰে গছ এডালৰ তলত পাৰ্ক কৰি থোৱা আছে। সেই ঘৰটোতে তেওঁলোক মাক-দেউতাকৰ লগত থাকে। সেইখনেই গোটেই পৰিয়ালটোৰ উপাৰ্জনৰ বাট, সিখন চলায়েই তেওঁলোকে ঋণ শুজিব লাগিব। কিন্তু আয়ৰ এতিয়া বাট মৰিছে আৰু পাৰ্লিৰ ঠেক গলিবোৰত অকাই-পকাই অটো চলাবলৈ পৰিয়ালৰটোত এজন চালক কমিছে।

এইখিনি সময়তে ওচমানাবাদৰ জিলা দণ্ডাধীশ কৌস্তুভ দিৱেগাৱাংকাৰে ব্যক্তিগত খণ্ডৰ হস্পিতালবোৰে অতিবেছি ধন আদায় লোৱাৰ সমস্যাটোৰ প্ৰতি নজৰ দিছে। তেওঁ ৯ মে’ৰ দিনা ওচমানাবাদৰ সহয়াদ্ৰি মাল্টিস্পেচিয়েলিটি হস্পিতাললৈ লিখা এক নটিচত আঙুলিয়াই দিছে যে কেৱল ১৯ জন ক’ভিড ৰোগীক ১ এপ্ৰিলৰ পৰা ৬ মে’লৈ MJPJAYৰ অধীনত চিকিৎসা কৰা হৈছে য’তনেকি হস্পিতালখনত সেইখিনি সময়ত ভৰ্ত্তি কৰা ৰোগীৰ সংখ্যা ৪৮৬ জন।

বিষয়টোৰ ওপৰত মন্তব্য কৰাৰ পৰা বিৰত থকা সহয়াদ্ৰী হস্পিতালৰ সঞ্চালক ডা. দিগ্বজ ডাপকে দেশমুখে মোক কয় যে তেওঁৰ আইনী দিশ চোৱা টিমটোৱে জিলা দণ্ডাধীশৰ নটিচখন বিবেচনা কৰিছে।

Pramod Morale
PHOTO • Parth M.N.

প্ৰমোদ মৰাল

২০২০ৰ ডিচেম্বৰত দিৱেগাৱাংকাৰে ছেনজে হস্পিতাল আৰু গৱেষণা কেন্দ্ৰক MJPJAYৰ তালিকাৰ পৰা আঁতোৰোৱা বাবে MJPJAY ৰূপায়ণৰ দায়িত্বত থকা ৰাজ্যিক স্বাস্থ্য প্ৰতিভূতি ছ’চাইটিলৈ এখন পত্ৰ লিখিছিল। তেওঁৰ পত্ৰখনৰ লগত ওচমানাবাদ চহৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত থকা ওমাৰ্গাস্থিত হস্পিতালখনৰ বিৰুদ্ধে ৰোগীৰ অভিযোগৰ এখন তালিকা গাঁথি দিয়া আছিল।

ছেনজে হস্পিতালৰ বিৰুদ্ধে অন্যতম ৰাজহুৱা অভিযোগ আছিল ভালেমান ৰোগীৰ ক্ষেত্ৰত এক ভুৱা আৰ্টাৰিয়েল ব্লাড গেছ টেষ্ট কৰোৱা। আকৌ এগৰাকী ৰোগীৰ ক্ষেত্ৰত ভেণ্টিলেটৰ বিচনাৰ নামত প্ৰৱঞ্চনা কৰি ধন আদায় কৰাৰো অভিযোগ উত্থাপিত হৈছিল।

জিলা দণ্ডাধীশৰ তৎপৰতাত হস্পিতালখন MJPJAY নেটৱৰ্কৰ পৰা বাদ পৰে। অৱশ্যে হস্পিতালখনৰ স্বত্বাধিকাৰী ডা. আৰ ডি ছেনজেয়ে কয় যে তেওঁ নিজেই দ্বিতীয় ঢৌৰ সময়ত পেনেলখনৰ পৰা ওলাই আহিছিল কিয়নো তেওঁৰ ভালেখিনি বয়স হৈছে। “মোৰ মধুমেহ ৰোগ আছে,” তেওঁৰ হস্পিতালখনৰ বিৰুদ্ধে থকা অভিযোগৰ কথা নজনাৰ ভাও জুৰি তেওঁ কয়।

ব্যক্তিগত হস্পিতালৰ স্বত্বাধিকাৰীসকলে কয় যে MJPJAY আৰ্থিকভাৱে বহনক্ষম আঁচনি নহয়। “প্ৰতিখন চলিত আঁচনি সময়ৰ লগে লগে সংশোধন হ’ব লাগে। কাৰ্যকৰী কৰাৰ আজি ন বছৰ হৈ যোৱাৰ পিছত সাহায্যৰ ব্যয় নিচেই কমকৈ বঢ়োৱা হৈছে যিটো প্ৰথম অৱস্থাত চৰকাৰে নিৰ্ধাৰণ কৰিছিল [২০১২ত],” নান্দেৰৰ এগৰাকী প্লাষ্টিক চাৰ্জন ডা. সঞ্জয় কদমে কয়। তেওঁ চিকিৎসালয় কল্যাণ ব’ৰ্ডৰ এগৰাকী সদস্য। সংস্থাটো ৰাজ্যৰ ব্যক্তিগত হস্পিতালসমূহৰ প্ৰতিনিধি সংস্থা হিচাপে অলপতে গঠন কৰা হৈছে। “আপুনি যদি ২০১২ৰ পৰা মূদ্ৰাস্ফীতিৰ হাৰ বিবেচনা কৰে, তেন্তে দেখিব যে MJPJAY সাহায্যৰ পৰিমাণ তেনেই কম, সাধাৰণতে কৰা চাৰ্জৰ এয়া আধাতকৈও কম,” তেওঁ বুজাই কয়।

তালিকাভুক্ত এখন হস্পিতালে MJPJAY আঁচনিখনৰ অধীনত চিকিৎসা কৰিবলৈ হস্পিতালৰ ২৫ শতাংশ বিচনা সংৰক্ষিত কৰি ৰাখিব লাগে। “যদি ২৫ শতাংশ কোটা শেষ হৈ যায়, তেন্তে হস্পিতালে সেই আঁচনিৰ অধীনত ৰোগীক ভৰ্ত্তি কৰাব নোৱাৰে।”

MJPJAY আঁচনিখনৰ মুখ্য কাৰ্যবাহী বিষয়া ডা. সুধাকৰ চিণ্ডেয়ে কয়, “ব্যক্তিগত হস্পিতালসমূহে অবৈধ কাৰ্য্যকলাপ আৰু অনিয়ম সংঘটিত কৰা ঘটনা ধৰা পৰিছে। আমি সেইবোৰৰ অনুসন্ধান কৰি আছো।”

২০২০ৰ মাৰ্চৰ পৰা ক’ৰনাভাইৰাছৰ প্ৰাদুৰ্ভাৱ বঢ়াৰ সময়ৰে পৰা মুম্বাইস্থিত MJPJAY কাৰ্য্যালয়ে সমগ্ৰ মহাৰাষ্ট্ৰৰ পৰা ৮১৩ টা অভিযোগ লাভ কৰিছে। এই অভিযোগসমূহৰ প্ৰায়ভাগেই ব্যক্তিগত হস্পিতালৰ বিৰুদ্ধে। ইয়াৰে ১৮৬ টা অভিযোগ নিষ্পত্তি কৰা হৈছে আৰু হস্পিতালে ৰোগীক মুঠ ১৫ লাখ টকা ওভতাই দিবলগীয়া হৈছে।

অবৈধ কাৰ্য্যকলাপত লিপ্ত হোৱা আৰু অতিবেছি মূল্য আদায় লোৱা হস্পিতালবোৰৰ আঁৰত প্ৰভাৱশালী লোকৰ হাত থাকে, মানৱলোকৰ লোহিয়াই এই কথা লক্ষ্য কৰিছে। “উক্ত কাৰণতে সাধাৰণ মানুহে তেনে হস্পিতালৰ বিৰুদ্ধে মাত মতাটো টান হৈ পৰে।”

কিন্তু ৰামলিং সিঙে আপোনঘাতী হোৱাৰ পিছত ক্ষুণ্ণ হৈ পৰা তেওঁৰ পৰিয়ালে দীপ হস্পিতালখনক জবাবদিহি হোৱাটো বিচাৰে। সেই দিনটোত কোনো ডাক্তৰ নাছিল। “কৰ্মচাৰীয়ে কৈছিল যে শৱটো পুলিচৰ হাত গতোৱা হৈছে,” ৰবিয়ে কয়।

Ramling Sanap's extended family outside the superintendent of police's office in Beed on May 21
PHOTO • Parth M.N.

২১ মে’ৰ দিনা বীড় চহৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ বাহিৰত অপেক্ষাৰত ৰামলিং চনপৰ ডাঙৰ পৰিয়ালটো

পৰিয়ালৰ লোকে পোনে পোনে আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়লৈ গৈ হস্পিতালখনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলে যে টকা সোধাৰ কাৰণে ৰামলিঙৰ মৃত্যুৰ হৈছে। সেইখিনি সময়ত ৱাৰ্ডটোত কোনো উপস্থিত নাছিল, এনেদৰে হস্পিতালখনৰ দায়িত্বহীনতাৰ বাবেই তেওঁ চৰম পন্থা বাচি ল’বলগীয়া হ’ল।

এক সংবাদমেলত দীপ হস্পিতালে কয় যে ৰামলিঙে এনে এটা স্থানলৈ গৈছিল য’ত ৱাৰ্ডৰ এচিষ্টেণ্টজনে তেওঁক দেখা পোৱা নাছিল। “হস্পিতালখনে বাৰম্বাৰ টকা সাধি থকাৰ অভিযোগ সঁচা নহয়। হস্পিতালখনে পৰিয়ালটোৰ পৰা মাত্ৰ ১০,০০০ টকা লৈছিল। তেওঁৰ আত্মহত্যা এক শোকাৱহ ঘটনা। তেওঁৰ মানসিক অৱস্থা আমি অনুধাৱন কৰিব নোৱাৰিলো,”

প্ৰমোদ মৰালে মানে যে হস্পিতালখনে তেওঁলোকক ১০,০০০ টকাৰ বিল দিছিল। “কিন্তু তেওঁলোকে আমাৰ পৰা ১.৬ লাখ টকা লৈছিল।”

ৰামলিঙৰ মন ভালেই আছিল, ৰাজুবাঈয়ে কয়। “মৃত্যুৰ এদিন কি দুদিন আগত তেওঁ ফোনত মোক কৈছিল যে তেওঁ কণী আৰু ছাগলীৰ মাংস খাইছে। ল’ৰা-ছোৱালীকেইটাৰ কথাও তেওঁ সুধিছিল।” তাৰপিছত তেওঁ বিলৰ কথা শুনিলে। শেষৰটো ফোনকলত তেওঁ মনৰ তীব্ৰ যন্ত্ৰণাৰ প্ৰকাশ পাইছিল।

“পুলিচে বিষয়টোৰ তদন্ত কৰিব বুলি কৈছে যদিও হস্পিতালখনৰ বিৰুদ্ধে এতিয়ালৈ একো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই,” প্ৰমোদে কয়। “এনে লাগে যেন দুখীয়াৰ চিকিৎসাৰ কোনো অধিকাৰেই নাই।”

অনুবাদ: পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das