দক্ষিন মুম্বাইৰ আজাদ ময়দানত সমবেত হোৱা কমেও ৪০০০০ হেজাৰ কৃষকে ৰাজ্যখনৰ বিধান মণ্ডলীৰ বিধান সভাগৃহত যোৱা ১২ মাৰ্চত চৌপাশৰ পৰা ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছিল৷  ৬ মাৰ্চত  মহাৰাষ্ট্ৰৰ নাচিকৰ পৰা আৰম্ভ কৰা লংমাৰ্চৰ এসপ্তাহৰ পিচত প্ৰতিবাদী কাৰ্যসূচীৰ চৰম পদক্ষেপ হিচাপে বিধানসভা ঘেৰাও কৰাৰ আঁচনি গ্ৰহন কৰা হৈছিল৷ কৃষক মৰ্চাই আৰম্ভ কৰা জংগী প্ৰতিবাদী কাৰ্যসূচীৰ গভীৰতা আৰু এই প্ৰতিবাদে লাভ কৰা সমৰ্থনৰ ব্যাপকতাই ৰাজ্য চৰকাৰক অশনী সংকেত দিলে আৰু সেয়ে ১২ মাৰ্চৰ বিয়লি প্ৰতিবাদী কৃষকৰ লগত আলোচনাত মিলিত হোৱাৰ প্ৰস্তাৱ আগবঢ়ালে৷

প্ৰখৰ ৰ’দ আৰু প্ৰচণ্ড গৰমত দুঃসহ পদযাত্ৰা কৰাৰ পিচত কৃষকসকল ক্লান্ত হৈ পৰিছিল (দ্ৰষ্টব্য-(দ্ৰষ্টব্য- কৃষিপাম আৰু অৰণ্যঃ মুম্বাই অভিমুখী লংমাৰ্চ আৰু লংমাৰ্চঃ পানী জলা ফুটা ভৰিঃ অদম্য স্পৃহা ), সংবাদ মাধ্যমৰ অগণন কেমেৰাই বহুতক বিৰক্ত কৰিছিল। তেওঁলোক অনিশ্চিত তথা উদ্বিগ্ন হৈ পৰিছিল। লংমাৰ্চৰ আহবায়ক অখিল ভাৰতীয় কিষান সভাৰ নেতৃবৃন্দ তথা ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ মাজত চাৰি ঘন্টা ধৰি চলি থকা আলোচনাৰ সময়ত বহুতো কৃষকে মোক ক’লে, 'দেখা যাওক কি হয়।' মন্ত্ৰালয়ত দুয়োপক্ষৰ প্ৰতিনিধিৰ মাজত আলোচনা চলি থকাৰ সময়ত দিনৰ ১২.৩০ ৰ পৰা আবেলি ৪.৩০ বজা পৰ্যন্ত কৃষকসকলে গভীৰ প্ৰত্যয়ৰে ধৈৰ্য্য ধৰি অপেক্ষা কৰি আছিল।

কিষান সভাৰ সাধাৰণ সম্পাদক অজিত নোৱালে, কিষান সভাৰ সভাপতি অশোক ধৱালে আৰু নাচিক জিলাৰ সুৰগানা তালুকৰ বিধান সভাৰ সদস্য,জে পি গোভিতে তেওঁলোকৰ দাবীসমুহ লৈ ছয়জনীয়া চৰকাৰী প্ৰতিনিধিৰে মিলিত হৈছিল।

PHOTO • Shrirang Swarge

মহাৰাষ্ট্ৰৰ কৃষকে তেওঁলোকৰ দীৰ্ঘদিনীয়া অসন্তুষ্টি চৰকাৰক শুনাবলৈ আৰু চৰকাৰে যাতে পদক্ষেপ গ্ৰহণ কৰে, সেই উদ্দেশ্যৰে নাচিকৰ পৰা মুম্বাইলৈ ১৮০ কিলোমিটাৰ পথ পদব্ৰজে অতিক্ৰম কৰিছিল।

ৰাজ্য চৰকাৰ প্ৰতিনিধি মণ্ডলীৰ ভিতৰত আছিল মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিচ, ৰাজহ, সাহায্য আৰু পুনৰ সংস্থাপন তথা গড়কপ্তানী বিভাগৰ মন্ত্ৰী চন্দ্ৰকান্ত পাটিল, কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী পাণ্ডুৰাং ফুন্দকৰ,জলসম্পদ বিভাগৰ মন্ত্ৰী বি সাৱাৰা তথা সমবায়, বজাৰ তথা বস্ত্ৰ উদ্যোগ বিভাগৰ মন্ত্ৰী সুভাষ দেশমুখ ৷ বন অধিকাৰ ইচ্ছ্যুটো চোৱাচিতা কৰা সমিতিখনত গড়কপ্তানী মন্ত্ৰী ইকনাথ সিন্দেকো অৰ্ন্তভুক্ত কৰা হৈছিল৷

কৃষক নেতা সকলে সাতটা গুৰুত্বপূৰ্ণ দাবী দাখিল কৰিলে৷ ব্যাপক পৰিসৰত সৰ্বস্তৰত কৃষিঋণ, মুকুব আৰু নদী সংযোগীকৰণ তথা বান্ধ নিৰ্মাণ প্ৰকল্পৰ বাবে মহাৰাষ্ট্ৰত কৃষকক উচ্ছেদ কৰা নহ’ব, আৰু লগতে নদীৰ পানী গুজৰাটক দিয়া নহ’ব বুলি সাতটা দাবীৰ এই দুটা দাবীত তাৎক্ষণিক আৰু নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ৰাজ্য চৰকাৰে কৃষক নেতাসকলক প্ৰতিশ্ৰুতি দিয়ে৷

কৃষি ঋণৰ পৰা ৰেহাই দিয়াৰ ক্ষেত্ৰত কৃষকৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি দুটা চৰ্তৰ সলনি কৰিবলৈ চৰকাৰে সন্মতি প্ৰকাশ কৰিলে ৷ '২০০১ ৰ পৰা ২০০৯ বৰ্ষৰ সময়চোৱা সামৰি ঋণ ৰেহাই আচঁনিৰ পৰিসৰ বৃদ্ধি কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি গ্ৰহন কৰিছো, কিয়নো ২০০৮ত ঘোষনা কৰা (এই সময়চোৱাত ক্ষতিগ্ৰস্ত হোৱা) ঋণ ৰেহাই আঁচনিৰ পৰা বহুতো কৃষক উপকৃত হোৱা নাছিল৷’ মুখ্যমন্ত্ৰী ফাড়নাভিচে সংবাদ মাধ্যমক এইদৰে অৱগত কৰে৷ ২০০৯ চনৰ আগৰ সময়ৰ কৃষিঋণৰ পৰা ৰেহাই দিবলৈ জনোৱা আবেদন চৰকাৰে অৰ্হতাহীন বুলি বিবেচনা কৰিছে৷ চৰকাৰে লগতে প্ৰতিশ্ৰুতি দিয়ে যে বেংকৰ হেচাঁত যিসকল কৃষকৰ শস্য ঋণক চৰ্তপ্ৰযোজ্য ঋণলৈ ৰূপান্তৰ কৰা হৈছিল (পুঁজি বিনিয়োগৰ বাবে ব্যৱহৃত উচ্চ সুতসম্পন্ন ঋণ), তেনে কৃষককো ঋণ ৰেহাই আঁচনিৰ অৰ্ন্তভুক্ত কৰাৰ প্ৰতিশ্ৰুতি চৰকাৰে দিছে৷

আন এটা সালসলনি এনে ধৰণৰ- একেটা পৰিয়ালৰ ঋণী সদস্যই পৃথক পৃথক ঋণৰ বাবে পৃথকে আবেদন জনাব পাৰিব, প্ৰতিটো পৰিয়ালৰ আবেদন সমূহ একেলগে দিয়াৰ অনুমতি প্ৰদান কৰা হ’ব, এই ক্ষেত্ৰত ঋণ ৰেহাইৰ নিৰ্ধাৰিত নিৰিখ যাতে একোটা পৰিয়ালে অতিক্ৰম কৰিব নোৱাৰে৷ চৰকাৰৰ লাভ লোকচানৰ হিচাপ নিৰ্ধাৰণ কৰাৰ পিচত চৰকাৰে এই পৰিবৰ্তন বিবেচনা কৰিব বুলি কয়৷

কৃষক নেতাসকলৰ ভাষণ শুনিবলৈ সমবেত হোৱা কৃষি সেনানীয়ে দক্ষিন মুম্বাইৰ আজাদ ময়দানক ৰক্তৰঞ্জিত জনসমুদ্ৰৰ ৰূপ দিলে

মহাৰাষ্ট্ৰৰ নদীৰ জলৰাশি গুজৰাটলৈ প্ৰবাহিত কৰাৰ বিৰুদ্ধে কৃষক সকলে জনোৱা দাবীত চৰকাৰে সন্মতি প্ৰকাশ কৰে আৰু নদী সংযোগীকৰন তথা বান্ধ নিৰ্মান প্ৰকল্পৰ বাবে কৃষকক উচ্ছেদ কৰি উদ্বাস্তুত পৰিণত কৰা নহ’ব৷ এই সংবাদদাতাক অৱগত কৰা সুৰগানা তালুকৰ বিধায়ক জে পি গোভিত আৰু কৃষক সভাৰ নেতা আলোক ধাৱালে কয় যে চককাৰে ভবিষ্যতে কেইবাখনো নদীৰ পৰা পানী উত্তোলন কৰাৰ পৰিকল্পনা কৰিছে (মহাৰাষ্ট্ৰৰ নাচিকৰ মাজেৰে প্ৰবাহিত গুজৰাটৰ নাৰ পাৰ নদী, গুজৰাটৰ দমন গংগাৰ উপনদী, বাঘাক ধৰি নাচিক আৰু পালঘৰৰ বেতৰনাৰ উপনদী পিঞ্জালৰ পানী চৰ উত্তোলন কৰিব)৷ সংশ্লিষ্ট নদী সমূহত বান নিৰ্মাণ কৰিলে পানী উত্তোলন কৰি এই জিলা সমূহক পানী যোগান ধৰা সম্ভৱ হ’ব৷ ধাৱালেই জনায় যে এনে প্ৰকল্প কাৰ্যকৰী কৰাত উচ্ছেদৰ সংখ্যা যথাসম্ভৱ হ্ৰাস কৰিবলৈ অথবা একেবাৰে নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতিও দিছে যে গুজৰাটলৈ মহাৰাষ্ট্ৰৰ জলসম্পদ প্ৰবাহিত কৰা নহব৷ ইতিমধ্যে এই আঁচনি চুড়ান্ত কৰাৰ বাবে কেন্দ্ৰৰ অনুমোদনলৈ মহাৰাষ্ট্ৰ চৰকাৰে অপেক্ষা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কৃষক নেতাসকলক জনায়৷

আদিবাসী কৃষকক বন অধিকাৰ আইনৰ অধীনত ভূমিৰ চৰ্ত প্ৰদান, স্বামীনাথন আয়োগৰ অনুমোদনাৱলীৰ প্ৰয়োগ, প্ৰস্তাৱিত মুম্বাই নাগপুৰ সমৃদ্ধি ঘাইপথ প্ৰকল্প কৃষকৰ মতামত সাপেক্ষে নিৰ্মাণৰ নিশ্চয়তা, পেঞ্চন আৰু আন সা-সুবিধা (ইন্দিৰা গান্ধী পেঞ্চন আঁচনি, শ্ৰাৱণ বাল যোজনা আৰু আন আন যোজনাৰ অধীনত) বৃদ্ধি কৰা, তথা পুৰণি কাৰ্ড আঁতৰাই নতুনকৈ ৰেচন কাৰ্ড প্ৰণয়ন কৰা আৰু যৌথ কাৰ্ড পৃথক কৰা, ২০১৭ ত শুঁৰপোকৰ আক্ৰমণ আৰু শিল বৰষুণত শস্য নষ্ট হোৱা ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিয়া আদি আন গুৰুত্বপূৰ্ণ দাবী সমূহ কিষান সভাৰ সদস্য আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰে গঠিত ছয়জনীয়া কমিটিয়ে বিবেচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে যোৱা ১২ মাৰ্চত কৃষক সকলক লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

‘কৃষক আৰু জনজাতি সকলে উত্থাপন কৰা অধিকাংশ দাবীৰ প্ৰতি আমি সন্মতি প্ৰদান কৰিছো৷ বনভূমি নিজৰ নামত নথিভুক্ত কৰা তেওঁলোকৰ প্ৰধান দাবী আছিল৷ এই বিষয়টো চোৱাচিতা কৰিবলৈ আমি এটা বিশেষ গোট গঠন কৰি দিছো আৰু ছয়মাহৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব৷’ মুখ্যমন্ত্ৰী ফাড়নবীচে এইদৰে সংবাদ মাধ্যমক জনায়৷

লংমাৰ্চত অংশগ্ৰহণ কৰা অধিকাংশ লোকেই নাচিক জিলাৰ আদিবাসী৷ থানে, আহমেদ নগৰ (জৰীপৰ নথিপত্ৰত আহমেদ নগৰ বুলি উল্লেখ আছে) আৰু আন আন জিলাৰ কৃষক তথা আদিবাসীয়েও ৬ মাৰ্চৰ পৰা আৰম্ভ হোৱা পদযাত্ৰাত যোগদান কৰিছিল৷ তেওঁলোকৰ প্ৰধান দাবী হ’লঃ ২০০৬ ৰ বন অধিকাৰ আইনৰ প্ৰযোগ, জন্ম-জন্মান্তৰ ধৰি বাদযুগ খেতি কৰি জীয়াই থকা নিজৰ ভূমিত তেওঁলোকৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চৰকাৰক দাবী জনোৱা৷ তেওঁলোকে খেতি কৰা আৰু বসবাস কৰা ভূমি আজিও ৰাজ্যিক বন বিভাগৰ ভূমি হৈ আছে৷
PHOTO • Binaifer Bharucha

প্ৰখৰ সুৰ্যৰ ৰ’দ মুৰ পাতি লৈ কৰা সপ্তাহজোৰা পদযাত্ৰাৰ শেষত অৱসাদগ্ৰস্ত কৃষকে চৰকাৰৰ লগত আলোচনাৰ যোগেদি সমস্যা সমাধানৰ বাট মুকলি হ’ব বুলি আশা পালি লৈছে

কৃষক সকলৰ আন এটা দাবী আছিল স্বামীনাথন আয়োগৰ অনুমোদনসমূহ প্ৰয়োগ কৰা, বিশেষকৈ উৎপাদন ব্যয়ৰ ৫০ শতাংশ ধৰি নূণ্যতম ন্যায়সংগত সমৰ্থিত মূল্য কৃষকক প্ৰদান কৰা৷ এই দাবীটো তালিকাভূক্ত কৰা বুলি গেভিটে কৃষক নেতা সকলক অৱগত কৰে৷ গেভিটে কয় যে তেওঁলোকে জানে যে ৰাজ্য চৰকাৰে এই ন্যুনতম কৃষি উৎপাদিত সামগ্ৰীৰ মূল্য বলবৎ কৰিব নোবাৰে, কেৱল কেন্দ্ৰীয় চৰকাৰে এই দাবী পূৰণ কৰিব পাৰে৷

কৃষকৰ মতামত অবিহনে সমৃদ্ধি ঘাইপথৰ দৰে প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহন কৰা ন’হব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছে৷ মহাৰাষ্ট্ৰৰ ১০ খন জিলাৰ ৩০টা তালুবাৰ ৩৫৪ খন গাঁৱৰ মাজেৰে প্ৰস্তাৱিত সমৃ্দ্ধি ঘাইপথটো নিৰ্মাণ কৰা হ’ব৷ ১২ মাৰ্চত চৰকাৰে কৃষক নেতাসকলক প্ৰতিশ্ৰুতি দিছে যে ভূমি এৰি দিবলৈ কৃষকসকলক বল প্ৰযোগ কৰা ন’হব৷

চাৰি ঘন্টা জোৰা আলোচনাৰ অন্তত চৰকাৰী পেনেলৰ তিনিজন মন্ত্ৰী ক্ৰমে ৰাজহমন্ত্ৰী চন্দ্ৰকান্ত পাটিল, গড় কাপ্টানি মন্ত্ৰী ইকনাথ সিন্দে আৰু নাচিকৰ প্ৰতিনিধি তথা জলসিঞ্চন মন্ত্ৰী গিৰীশ মহাজনে আজাদ ময়দানত কৃষকসকলৰ আগত ভাষণ দিয়ে৷

তাৰ পিছত, কৃষক নেতাসকল মঞ্চত উঠি ঘোষণা কৰে যে প্ৰতিবাদী কাৰ্যসূচী সামৰণি মৰা হৈছে, তেতিয়া কৃষক সকল গভীৰ প্ৰত্যয় আৰু মনোযোগেৰে সকলো কথা শুনি নিজৰ লাম-লাকুটি সামৰি নীৰৱে আজাদ মৈদান ত্যাগ কৰি ঘৰলৈ উভতি যাবলৈ সাজু হ’ল৷


অনুবাদঃ পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das