“মই যদি মৰি যাওঁ ঠিকে আছে, কিন্তু বিলবোৰ আমি পৰিশোধ কৰিব নোৱাৰিম,” মৃত্যুৰ দুদিন আগত হৰিচন্দ্ৰ ধাৱাৰেয়ে পত্নী জয়শ্ৰীক কৈছিল। ক’ভিড-১৯ত আক্ৰান্ত ৪৮ বছৰ বয়সীয়া সাংবাদিকজনৰ স্বাস্থ্যৰ চৰম অৱনতি ঘটিছিল আৰু তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল।

তেতিয়াও তেওঁৰ চিন্তা নিজৰ জীৱনটোক লৈ নাছিল, আছিল চিকিৎসালয়ত পৰিশোধ কৰিবলগীয়া বিলক লৈ। “তেওঁ মোৰ লগত কাজিয়া কৰিছিল আৰু কান্দোনত ভাগি পৰিছিল,” ৩৮ বছৰ বয়সীয়া জয়শ্ৰীয়ে কয়। “তেওঁ ঘৰলৈ যাবলৈ জোৰ কৰিছিল।”

২০২১ৰ মাৰ্চৰ শেষৰফালে যেতিয়া হৰিচন্দ্ৰ ক’ৰনাত আক্ৰান্ত হ’ল, সাংবাদিক হিচাপে তেওঁৰ ২০ বছৰীয়া অভিজ্ঞতা বিশেষ কামত নাহিল। বৰঞ্চ সেই কামে তেওঁক অধিক বিপদতহে পেলালে।

২০০১ৰ পৰা মহাৰাষ্ট্ৰৰ ওচমানাবাদ জিলাৰ বাতৰিৰ বিভিন্ন গোষ্ঠীৰ কাৰণে সংবাদদাতা হিচাপে কাম কৰি অহা হৰিচন্দ্ৰ মাৰাঠী দৈনিক কাকত ৰাজধৰ্মত কৰ্মৰত আছিল। “তেওঁ ক’ৰনাৰ দ্বিতীয় ঢৌৰ ওপৰত সংবাদ সংগ্ৰহ কৰি আছিল। তেওঁ সংবাদমেলবোৰত উপস্থিত আছিল আৰু প্ৰায়ে কাম সংক্ৰান্তত ফিল্ডত আছিল,” জয়শ্ৰীয়ে কয়। “তেওঁ বাহিৰলৈ গ’লে প্ৰতিবাৰেই আমি চিন্তাত পৰিছিলো। তেওঁ মধুমেহ ৰোগত ভূগি আছিল আৰু উচ্চ ৰক্তচাপো আছিল। কিন্তু নিজৰ কাম কৰিবই লাগিব বুলি তেওঁ কৈছিল।”

২২ মাৰ্চৰ দিনা ধাৱাৰেৰ গাত ক’ভিডৰ লক্ষণে দেখা দিয়ে, গাৰ বিষ আৰু জ্বৰ। “তেওঁৰ স্বাস্থ্য ভাললৈ নহাত আমি তেওঁক চহৰৰ অসামৰিক চিকিৎসালয়লৈ লৈ গ’লো,” জয়শ্ৰীয়ে কয়। পৰীক্ষা কৰোতে পজিটিভ অহাত তেওঁক ভৰ্ত্তি কৰোৱা হয়। “সুবিধাবোৰ ইমান ভাল নাছিল আৰু তেওঁৰ স্বাস্থ্য সিমান ভাললৈ অহা নাছিল,” জয়শ্ৰীয়ে কয়। সেয়ে ৩১ মাৰ্চৰ দিনা পৰিয়ালটোৱে তেওঁক ৬০ কিলোমিটাৰ দূৰৰ সোলাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱাৰ সিদ্ধান্ত ল’লে।

তাতে ছটা দিন কটোৱাৰ পিছত ৬ এপ্ৰিলৰ দিনা ধাৱাৰেৰ মৃত্যু হয়।

Jayashree Dhaware at her home store and beauty parlour (right). Her journalist husband, Harishchandra, died in April due to Covid
PHOTO • Parth M.N.
Jayashree Dhaware at her home store and beauty parlour (right). Her journalist husband, Harishchandra, died in April due to Covid
PHOTO • Parth M.N.

ঘৰতে থকা গুমটি আৰু বিউটি পাৰ্লাৰ ( সোঁফালে ) জয়শ্ৰী ধাৱাৰে তেওঁৰ সাংবাদিক স্বামী হৰিচন্দ্ৰ ক ভিড আক্ৰান্ত হৈ এপ্ৰিলত মৃত্যুমুখত পৰে

চিকিৎসালয়খনত ৪ লাখ টকাৰ বিল আহিল। মৃত্যুৰ সময়ত হৰিচন্দ্ৰৰ দৰমহা আছিল ৪০০০ টকা। তেওঁৰ মৃত্যুৰ পিছত জয়শ্ৰীয়ে ১ লাখ টকাত নিজৰ সোণ-গহণাখিনি বিক্ৰী কৰিলে। “আত্মীয়-কুটুমে কিছু টকা ধাৰে দিলে। ওচমানাবাদৰ সাংবাদিকসকলে কিছু অৰিহণা যোগালে (২০,০০০ টকা) আৰু ভালেখিনি সহায় কৰিলে,” তেওঁ কয়। “কিন্তু আমি পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজনক হেৰুৱালো আৰু মই নাজানো সেই ধাৰবোৰ কেনেকৈ শুজিম।”

হৰিচন্দ্ৰৰ বাৰ্ষিক আয় প্ৰায় ১ লাখ টকা আছিল। বিজ্ঞাপনৰ বাবে পোৱা ৪০ শতাংশ কমিচনকো দৰমহাৰ লগত ধৰা হৈছে। জয়শ্ৰীয়ে ঘৰতে বিস্কুট-চিপচ্ আৰু কণী আদি সামগ্ৰীৰে গুমটি এখন চলায়। “মোৰ লাভ বুলিবলৈ একোৱে নাথাকে,” তেওঁ কয়। তেওঁ বিউটি পাৰ্লাৰ এখনো চলাইছিল, কিন্তু যোৱা ডেৰ বছৰ ধৰি মহামাৰীৰ ফলত গ্ৰাহক নহা হ’ল।

ধাৱাৰে পৰিয়ালটো নৱ বৌদ্ধ ধৰ্মৰ। ১ লাখৰ তলৰ আয় থকা পৰিয়ালৰ বাবে থকা ৰাজ্যিক আঁচনি মহাত্মা জ্যোতিৰাও ফুলে জন আৰোগ্য যোজনা (এমজেপিজেএৱাই)ৰ অধীনত পৰিয়ালটোৱে স্বাস্থ্য বীমা (২.৫ লাখ টকা পৰ্য্যন্ত) পোৱাৰ যোগ্য। ৰাজ্য চৰকাৰৰ দ্বাৰা স্বীকৃত ১ লাখ টকাৰ কম উপাৰ্জনৰ সাংবাদিককো এই আঁচনিয়ে সামৰি লয়। আঁচনিখনৰ অধীনত চিকিৎসালয়ে ৰোগীৰ চিকিৎসা কৰে, কিন্তু বিল ৰাজ্য চৰকাৰে পৰিশোধ কৰে।

চিকিৎসালয়ে হৰিচন্দ্ৰক আঁচনিখনৰ আবেদনৰ বাবে অপেক্ষা সূচীত ৰাখিলে, জয়শ্ৰীয়ে কয়, তেওঁ নিজেও ক’ৰনাভাইৰাছৰ সংস্পৰ্শলৈ আহিছিল, আৰু ওচমানাবাদৰ অসামৰিক চিকিৎসালয়ত তিনিটা দিন কটাইছিল। “সেইখিনি সময়ত তেওঁৰ চিকিৎসা কৰাবলৈ আমি অনুৰোধ জনাইছিলো। কিন্তু দৰ্খাস্তখন আগবঢ়ালৈকে তেওঁ ঢুকাই থাকিল। মই ভাবো তেওঁলোকে ইচ্ছাকৃতভাৱে সেই কামত পলম কৰিছিল।” হৰিচন্দ্ৰ ঢুকোৱাৰ দিনা জয়শ্ৰীক ৰিলিজ দিয়া হয়।

সমগ্ৰ দেশজুৰি সাংবাদিকৰ সুৰক্ষা, বিশেষকৈ ফিল্ডত নিয়োজিত সংবাদদাতাসকলৰ সুৰক্ষাৰ কথা ফেব্ৰুৱাৰী মাহৰ পৰা চলা ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সময়ৰে পৰা উত্থাপিত হৈ আহিছে। কেন্দ্ৰ চৰকাৰে সাংবাদিকসকলক ফ্ৰণ্টলাইন কৰ্মী হিচাপে স্বীকৃতি দিয়া নাই যদিও ওড়িশা, তামিলনাডু, কৰ্ণাটক, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু বিহাৰ চৰকাৰে উক্ত পৰ্য্যায়ৰ কৰ্মী হিচাপে সাংবাদিকসকলক অন্তৰ্ভূক্ত কৰি অগ্ৰাধিকাৰ দি টীকাকৰণ কৰোৱাইছে।

কিন্তু মহাৰাষ্ট্ৰত, চৰকাৰলৈ কৰা আহ্বান, আনকি কেইজনমান কেবিনেট মন্ত্ৰীয়ে কৰা আবেদন আৰু প্ৰতিবাদ স্বত্ত্বেও মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে সাংবাদিকসকলক অগ্ৰাধিকাৰ শ্ৰেণীত অন্তৰ্ভূক্ত নকৰিলে।

TV journalist Santosh Jadhav rarely goes out now. His mother (right) died from getting infected when he had Covid last year
PHOTO • Parth M.N.
TV journalist Santosh Jadhav rarely goes out now. His mother (right) died from getting infected when he had Covid last year
PHOTO • Parth M.N.

টিভি সাংবাদিক সন্তোষ যাদৱে এতিয়া কাচিৎহে ওলাই যায় তেওঁৰ মাক ( সোঁফালে ) ভিড আক্ৰান্ত হৈ যোৱা বছৰ ঢুকাইছিল

মহাৰাষ্ট্ৰত প্ৰায় ৮,০০০ সংবাদকৰ্মী সদস্যৰে মাৰাঠী পত্ৰকাৰ পৰিষদ নামে ইউনিয়নটোৰ মুখ্য ন্যাসৰক্ষী এছ এম দেশমুখে কয়, “২০২০ৰ আগস্তৰ পৰা ২০২১ৰ মে’লৈ ১৩২ গৰাকী সাংবাদিকে প্ৰাণ হেৰুৱালে।” কিন্তু সেয়া সীমিত তালিকাহে, কম জনপ্ৰিয় বাতৰি প্ৰতিষ্ঠানত নিয়োজিত গ্ৰামীণ এলেকাৰ সাংবাদিকৰ নাম তাত নাথাকিবও পাৰে।

“গ্ৰামীণ এলেকাৰ পৰা কেতবোৰ তথ্য আমাৰ হাতত নপৰিব পাৰে,” দেশমুখে কয়। ৰাজ্যখনৰ এতিয়ালৈ প্ৰায় ৬,০০০ সাংবাদিক, তাৰে সকলোবোৰ ইউনিয়নটোৰ সদস্য নহয়, ক’ভিড-১৯ আক্ৰান্ত হৈছে, তেওঁ কয়। “পৰিস্থিতি এনে পৰ্য্যায় পাইছে যে তেওঁলোক নি্জে আৰোগ্য হ’লেও পৰিয়ালৰ সদস্যৰ মৃত্যু ঘটিছে।”

১১ মে’ৰ দিনা মহাৰাষ্ট্ৰৰ ৯০ জন সাংবাদিকে ভাগ লোৱা এখন অনলাইন বৈঠকত তেওঁলোকক ফ্ৰণ্টলাইন কৰ্মীৰ মৰ্য্যাদা দিয়াৰ দাবী তীব্ৰ কৰি তোলাৰ প্ৰস্তাৱ লোৱা হৈছিল। সৰু চহৰ আৰু গাঁৱলৈ ক’ভিড-১৯ বিয়পিবলৈ ধৰা এনে পৰিস্থিতিত গ্ৰামীণ এলেকাত সাংবাদিকৰ সুৰক্ষাৰ কথাটো গুৰুতৰ বিষয় হৈ পৰিছে, কিয়নো তেওঁলোকে ভালেমান দূৰ নোযোৱাকৈ ভাল স্বাস্থ্যসেৱাৰ সুবিধা নাপাবও পাৰে।

ভাৰতত ক’ভিড-১৯ জনিত কাৰণত মৃত্যু হোৱা সাংবাদিকৰ ওপৰত নতুন দিল্লীস্থিত ইনষ্টিউট অৱ পাৰচেপচন ষ্টাডিজে কৰা এক গৱেষণা অনুসৰি ২০২০ৰ ১ এপ্ৰিলৰ পৰা ২০২১ৰ ১২ মে’লৈ হোৱা ২১৯ টা মৃত্যুৰ ঘটনাৰ ১৩৮ টা মেট্ৰ’ এলেকাৰ বাহিৰৰ।

গ্ৰামাঞ্চলৰ সাংবাদিকে কম বেতনতে বেছি কাম কৰে, তাকো কোনো স্বীকৃতি অবিহনে। তেওঁলোকক সততে উপেক্ষা কৰি অহা হৈছে, ওচমানাবাদৰ ৩৭ বছৰ বয়সীয়া সাংবাদিক সন্তোষ যাদৱে কয়। “সাংবাদিকক চতুৰ্থ স্তম্ভ (গণতন্ত্ৰৰ) আৰু ক’ভিড যোদ্ধা বুলি মহিমামণ্ডিত কৰা হয়। সাংবাদিকতাক অত্যাৱশ্যকীয় সেৱা বুলিও ধৰা হয়। কিন্তু টীকাকৰণৰ বাবে আমি অগ্ৰাধিকাৰ নাপাওঁ,” মুম্বাইত মুখ্য কাৰ্যালয় থকা মাৰাঠী টেলিভিছন চেনেল এটাৰ সংবাদদাতা হিচাপে কাম কৰা যাদৱে কয়। “আমি সজাগতা সৃষ্টি কৰিব লাগে। আমি সঠিক তথ্য সম্প্ৰচাৰ কৰিব লাগে। আমি আন সমস্যাজৰ্জৰ মানুহৰ কণ্ঠ। কিন্তু আমাৰ সমস্যাৰ কথা কাচিৎহে কোনোবাই শুনিছে।”

যাদৱৰ দৰে সাংবাদিকৰ বাবে পৰিস্থিতি গুৰুগম্ভীৰ। “আপুনি যদি মুম্বাই বা দিল্লীত আছে, আপোনাৰ কথা শুনিব। কিন্ত এনে এক সময়ত বাতৰি কাকত আৰু নিউজ চেনেলে তেওঁলোকৰ গ্ৰামাঞ্চলৰ সংবাদদাতাসকলৰ সুৰক্ষাৰ বাবে কি কৰিছে? কিমানজন সম্পাদকে তেওঁলোকৰ সংবাদদাতাক আশ্বস্ত কৰিছে? অগ্ৰাধিকাৰৰ ভিত্তিত তেওঁলোকৰ টীকাকৰণৰ বাবে কিমানজনে প্ৰচাৰ চলাইছে?” তেওঁ প্ৰশ্ন কৰে। “গ্ৰামাঞ্চলৰ সংবাদদাতাই ভাল বেতন নাপায়েই। তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ সন্তানক কোনে চাব?”

Yash and Rushikesh have been unusually quiet after their father's death
PHOTO • Parth M.N.

পিতৃৰ মৃত্যুৰ পিছত পুত্ৰ যশ আৰু ৰুচিকেশ আচৰিত ধৰণে মৌন হৈ পৰিছে

সৰু চহৰ আৰু গাঁৱলৈ ক’ভিড-১৯ বিয়পিবলৈ ধৰা এনে পৰিস্থিতিত গ্ৰামীণ এলেকাত সাংবাদিকৰ সুৰক্ষাৰ কথাটো গুৰুতৰ বিষয় হৈ পৰিছে, কিয়নো তেওঁলোকে ভালেমান দূৰ নোযোৱাকৈ ভাল স্বাস্থ্যসেৱাৰ সুবিধা নাপাবও পাৰে

ধাৱাৰেৰ ১৮ বছৰ বয়সীয়া জীয়ৰী বিশাখা দ্বাদশ শ্ৰেণীত পঢ়ি আছে। তাই ডাক্তৰ হ’ব বিচাৰে, কিন্তু সেই আশা এতিয়া অনিশ্চয়তাই ঘেৰি ধৰিছে। “মই তাইৰ মাচুল বহন কৰিব নোৱাৰো,” বিশাখাই চাই থকা অৱস্থাতে মাক জয়শ্ৰীয়ে কয়।

মৃত্যুৰ চাৰিদিন আগতে কৰা ভিডিঅ’ কলত বিশাখাৰ (প্ৰচ্ছদ বেটুপাটত, চছমা পৰিহিতা) দেউতাকে তাইৰ সৈতে কথাৰ মহলা মৰা তাই মনত পেলালে। “২ এপ্ৰিলত তেওঁৰ জন্মদিন আছিল,” তাই কয়। “জন্মদিনৰ শুভেচ্ছা যাঁচিবলৈ মই তেওঁক ফোন কৰিছিলো। তেওঁ মোক পঢ়াত মন দিবলৈ কোৱাৰ লগতে তেওঁ কাষত নাই যদিও পঢ়াৰ পৰা নুঠিবলৈ মোক কৈছিল। যিমান পাৰো পঢ়়িবলৈ তেওঁ মোক কৈছিল।”

বিশাখাৰ পঢ়াৰ খৰছৰ মাজতে এনেদৰে চিকিৎসালয়ৰ বিল পৰিশোধ কৰিবলৈ লোৱা ধাৰবোৰৰ কথাই জয়শ্ৰীক চিন্তাত পেলাইছে। “মোৰ সম্পৰ্কীয়সকলে দয়া কৰিয়েই টকা ঘূৰাই নিবিচাৰে বাৰু, কিন্তু এই দুৰ্দিনত সকলোৱে টকাৰ অভাৱত ভূগিছে,” তেওঁ কয়। “মই ধাৰবোৰ পৰিশোধ কৰিব লাগিব, কিন্তু কেনেকৈ, মই নাজানো। মই নিজেই সকলো চাবলগীয়া হৈছে।”

মৃত্যুৰ পিছত টকা-পইছাৰ ফালৰ পৰা পৰিয়ালক আলাই-আথানি কৰাতকৈ ফিল্ডৰ পৰা আঁতৰি খকাটোৱে মংগল বুলি ওচমানাবাদৰ কিছুমান সাংবাদিকে ভাবে।

৬ আৰু ৪ বছৰীয়া এহাল সন্তান থকা যাদৱে ফেব্ৰুৱাৰীত আৰম্ভ হোৱা দ্বিতীয় ক’ভিড ঢৌৰ সময়ত বাহিৰলৈ যোৱা নাছিল। ২০২০ত প্ৰথমটো ঢৌৰ সময়ত ফিল্ডৰ পৰা সংবাদ প্ৰেৰণ কৰাৰ বাবে তেওঁ ডাঙৰ মূল্য পৰিশোধ কৰিবলগীয়া হৈছিল। “মোৰ কাৰণেই মোৰ মা ঢুকাল,” তেওঁ কয়। “১১ জুলাইৰ দিনা মোৰ পজিটিভ ওলাইছিল। মোৰপৰাই মাৰ গালৈ সংক্ৰমণ ঘটিছিল। আনকি তেওঁৰ শেষকৃত্যতো মই উপস্থিত থাকিব নোৱাৰিলো। এতিয়া ওলাই যাবলৈ মোৰ সাহ নহয়।” ওচমানাবাদৰ বিভিন্ন স্থানত থকা তেওঁৰ পৰিচিতিৰ যোগেদি তেওঁ ভিডিঅ’বোৰ পঠিয়ায়। “গুৰুত্বপূৰ্ণ কিবা সাক্ষাৎকাৰ থাকিলে, নাইবা কেমেৰাৰ সন্মুখত কিবা ক’বলগীয়া থাকিলেহে মই বাহিৰলৈ যাওঁ।”

কিন্তু দাদাচাহেব বেনে (৩৯) ঘটনাস্থলীৰ পৰাই সংবাদ পঠিওৱাটো পচন্দ কৰিছিল। বীড় জিলাৰ অস্তি তালুকৰ কাচাৰী গাঁৱৰ ছপা মাধ্যমৰ সাংবাদিকজনে জিলাখনৰ মাৰাঠী দৈনিক কাকত লোকাশাৰ বাবে কাম কৰিছিল। আনকি তেওঁ সংবাদ যুগুতোৱাৰ বাবে গৌণ উৎসৰ ওপৰতো নিৰ্ভৰ কৰিব বিচৰা নাছিল।

“তেওঁ চিকিৎসালয়, পৰীক্ষা কেন্দ্ৰ আৰু আন ঠাইবোৰলৈ নিজে গৈ পৰিস্থিতিৰ চৰজমিন প্ৰতিবেদন লিখিছিল,” তেওঁৰ পত্নী ৩৪ বছৰ বয়সীয়া মীনাই কয়। “নতুন ঢৌৰ প্ৰতিবেদন যুগুতাবলৈ গৈ তেওঁ মাৰ্চৰ শেষৰফালে সংক্ৰমিত হৈছিল।”

Meena Ban's husband, Dadasaheb, was infected while reporting about the second wave. Dilip Giri (right) says the family spent Rs. 1 lakh at the hospital
PHOTO • Parth M.N.
Meena Ban's husband, Dadasaheb, was infected while reporting about the second wave. Dilip Giri (right) says the family spent Rs. 1 lakh at the hospital
PHOTO • Parth M.N.

মীনা বেনৰ স্বামী , দাদাচাহেবে দ্বিতীয় ঢৌৰ প্ৰতিবেদন যুগুতাবলৈ যাওতে সংক্ৰমিত হৈছিল চিকিৎসালয়ত পৰিয়ালটোৱে ১ লাখ টকা খৰছ কৰা বুলি দিলীপ গিৰি ( সোঁফালে ) য়ে কয়

বেনৰ পৰিয়ালে তেওঁক কাচাৰীৰ পৰা ৬০ কিলোমিটাৰ দূৰৰ আহমেদনগৰৰ ব্যক্তিগত চিকিৎসালয়লৈ লৈ গ’ল। “কিন্তু তেওঁৰ স্বাস্থ্য ভাললৈ নাহিল,” মীনাই কয়। “তেওঁৰ অক্সিজেনৰ স্তৰ ৮০ লৈ নামিছিল। অৱস্থা অধিক বেয়ালৈ ঢাল খাইছিল।”

চাৰিদিন পিছত কোনো ধৰণৰ সহৰুগ্নতা নথকা বেনৰ ক’ভিড-১৯ত মৃত্যু হ’ল। “চিকিৎসালয়ৰ নামত আমাৰ এক লাখ টকা খৰছ হ’ল,” বেনৰ ভতিজা ৩৫ বছৰীয়া দিলীপ গিৰিয়ে কয়। “আমি বন্ধুবৰ্গ আৰু আত্মীয়ৰ পৰা ধাৰে অনা টকাৰে চিকিৎসালয়ৰ বিল পৰিশোধ কৰিলো। খুড়াই মাহে ৭০০০-৮০০০ টকাতকৈ বেছি পোৱা নাছিল। আমাৰ তেনেকৈ একো সঞ্চয়ো নাই।”

বেনেও এমজেপিজেএৱাইৰ অধীনত চিকিৎসা কৰাব পাৰিলেহেঁতেন, য’ত বীড়কে ধৰি ৰাজ্যখনৰ কৃষি সংকটৰ কবলত পৰা ১৪ খন জিলাৰ কৃষক পৰিয়ালক সামৰি লোৱা হৈছে। বেনৰ পৰিয়ালৰ পাঁচ একৰ খেতিমাটি আছে, সেইসূত্ৰে তেওঁ সেই আঁচনিৰ বাচনিত উঠে।

আহমেদনগৰত বেনৰ চিকিৎসা কৰোৱা চিকিৎসালয়খনে তেওঁক এমজেপিজেএৱাইৰ তালিকাভূক্ত কৰাত অমান্তি হ’ল। “আঁচনিখনৰ সুবিধা পাবলৈ হ’লে আন চিকিৎসালয়লৈ নিবলৈ তেওঁলোকে আমাক ক’লে,” মীনাই কয়। “আপুনি এখন ভাল চিকিৎসালয় বিচাৰি হাইৰান হ’বলগীয়া তেনে পৰিস্থিতিত পইছাৰ কথা আহি নপৰে, মানুহজনক বচোৱাৰ কথাই মনলৈ আহে। কিন্তু আমি মানুহজন কিম্বা পইছা কোনো এটাও নাপালো।”

ৰুচিকেশ আৰু যশ, ১৫ আৰু ১৪ বছৰীয়া- দুয়োজনৰ ভৱিষ্যত অনিশ্চয়তাত দোদুল্যমান। দেউতাকে দুয়োজনেই পঢ়ি-শুনি ডাক্তৰ হোৱাটো বিচাৰিছিল। “সিহঁত সাংবাদিক হোৱাটো তেওঁ বিচৰা নাছিল,” দিলীপে কয়। “এতিয়া সিহঁত দুটাৰ ভৱিষ্যত মাকৰ হাতত। খেতিয়েই তেওঁৰ একমাত্ৰ উপাৰ্জনৰ বাট। আমি কেৱল জোৱাৰ আৰু বাজৰাৰ খেতি কৰো। নগদী শস্যৰ খেতি নকৰো,” তেওঁ কয়।

দুই কিশোৰে ইজনে-সিজনৰ কাষত বহি আমাৰ কথোপকথন মনে মনে শুনিছে। “দেউতাকক হেৰুৱাই সিহঁত দুটা আচৰিত ধৰণে মৌন হৈ পৰিছে,” দিলীপে কয়। “সিহঁত ফূৰ্তিবাজ, দুয়োৰে দুষ্টামিৰ শেষ নাই। কিন্তু কিছুদিনৰ পৰা সিহঁতে দেউতাক য’লৈ গৈছে, তালৈ যাবলৈ মন যোৱা বুলি কৈ আছে।”

অনুবাদ: পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das