আমাৰ গৈ পাওতে পলম হৈছিল। “গণপতি বালা যাদৱ ইতিমধ্যে তেওঁৰ গাঁৱৰ পৰা দুবাৰ আহিল,” শিৰগাঁৱৰ আমাৰ সাংবাদিক বন্ধু সম্পত ম’ৰেয়ে কয়। “দুয়োবাৰে তেওঁ নিজ গাওঁ ৰামাপুৰলৈ উভতি গ’ল। আপোনালোক আহি পোৱা বুলি ক’লে তেওঁ তৃতীয়বাৰৰ বাবে ইয়ালৈ আহিব।” গাওঁ দুখনৰ মাজৰ দূৰত্ব পাঁচ কিলোমিটাৰ আৰু গণপতি যাদৱে চাইকেলেৰে প্ৰতিবাৰ সেই দূৰত্ব অতিক্ৰম কৰিছে। তৃতীয়বাৰ অহা মানে তেওঁৰ ৩০ কিলোমিটাৰ বাট চাইকেলেৰে সম্পূৰ্ণ হ’ব। তাকো মে’ মাহৰ ভৰ দুপৰীয়া, বোকাময় ৰাস্তা এটাত কুৰিৰো অধিক বছৰ পুৰণি চাইকেল এখন লৈ। তাতে আকৌ চাইকেল আৰোহীজনৰ বয়স ৯৭ বছৰ।

মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ কাড়েগাওঁ ব্লকৰ শিৰগাওঁ নামে গাওঁখনত, ম’ৰেৰ ককাকৰ ঘৰত আমি দুপৰীয়াৰ আহাৰৰ কাৰণে উপস্থিত হৈছিলো। তাত ভৰ দুপৰীয়াখন নিৰ্বিকাৰভাৱে গণপতি বালা যাদৱ চাইকেল চলাই আহি উপস্থিত হ’ল। এনেদৰে ৰ’দত চাইকেল চলাই আহিবলগীয়া হোৱাত মই ক্ষমা খোজাত তেওঁ অলপ আচৰিত হোৱাৰ দৰেই হ’ল। “ক্ষমা খুজিবলগীয়া কথা একেবাৰেই নহয়,” তেওঁ মৃদু সুৰত মিচিকিয়াই হাঁহি মাৰি ক’লে। “কালি সন্ধিয়া মই বিয়া এখন খাবলৈ বুলি ভিটালৈ গৈছিলো। তাকো মোৰ এই চাইকেলখনেৰে। তেনেকৈয়ে মোৰ চলে।” ৰামপুৰৰ পৰা ভিটালৈ অহা-যোৱাৰ বাট ৪০ কিলোমিটাৰ। সেইদিনা উষ্ণতাও আছিল তুলনামূলকভাৱে বেছি, ৪০ ডিগ্ৰী ছেলচিয়াছ।

“এবছৰ কি দুবছৰ আগতে তেওঁ পান্ধাৰপুৰলৈ ১৫০ কিলোমিটাৰ বাট চাইকেলেৰে অহা-যোৱা কৰিছিল,” সম্পত ম’ৰেয়ে কয়। “এতিয়া তেওঁ ইমানদূৰ বাট চাইকেল নচলায়।”

নিয়মীয়া কাম হিচাপে তেওঁ আছিল এজন পত্ৰবাহক। কিন্তু সাতাৰাৰ চেনৌলিত ১৯৪৩ৰ জুনত কৰা বিখ্যাত ৰেল ডকাইতিৰ দলটোৰ সৈতেও গণপতি বালা যাদৱ জড়িত আছিল

ভিডিঅ ’ চাওকঃ বিপ্লৱী হিচাপে নিজৰ ভূমিকাৰ কথা গণপতি যাদৱৰ মনত পৰে

গণপতি যাদৱ আছিল প্ৰতি চৰকাৰৰ সশস্ত্ৰ বাহিনী তুফান সেনাৰ সদস্য, এজন মুক্তিযুঁজাৰু। মহাৰাষ্ট্ৰৰ সাতাৰাৰ এইখন প্ৰতি চৰকাৰ বা অস্থায়ী, আত্মগোপনকাৰী চৰকাৰখনে বৃটিছ শাসনৰ পৰা নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল। প্ৰতি চৰকাৰৰ অধীনত প্ৰায় ৬০০ খন (তাতোকৈও বেছি হ’ব পাৰে) গাওঁ আছিল। তেওঁ বৃটিছ শাসনৰ বিৰুদ্ধে তুফান সেনাৰ বিদ্ৰোহত ভাগ লৈছিল। “মই ঘাইকৈ পত্ৰবাহকৰ কাম কৰিছিলো। হাবিত লুকাই থকা বিপ্লৱীলৈ বাৰ্তা আৰু খোৱাবস্তু নিছিলো,” তেওঁ কয়। পদব্ৰজে যাবলগীয়া তাৰে প্ৰায়ভাগ যাত্ৰাই আছিল বিপদসংকুল, পিছলৈ চাইকেল আহিল বাৰু।

গণপতি যাদৱ আগৰ দৰে এতিয়াও এজন সক্ৰিয় কৃষক। এইবাৰৰ ৰবি শস্যৰ বতৰত তেওঁ নিজৰ আধা একৰ মাটিত খেতি কৰি ৪৫ টন কুঁহিয়াৰ চপাইছে। আগতে তেওঁৰ ২০ একৰ মান মাটি আছিল। কিন্তু বহুদিন আগতে সন্তানকেইটাৰ মাজত ভাগ-বতৰা হ’ল। তেওঁ থকা ঘৰটোৰ কাষতে পুতেকহঁতে ধুনীয়া ঘৰ সাজিছে। কিন্তু গণপতি যাদৱ আৰু তেওঁৰ ৮৫ বছৰীয়া পত্নী বাৎসালাই এটা কোঠাৰ পুৰণি ঘৰটোতে থাকিবলৈ ভাল পায়। গৃহিণী বাৎসালাই নিজেই আহাৰ ৰান্ধে আৰু ঘৰখন চাফ-চিকুণকৈ ৰাখে। গণপতি যাদৱক আমি সাক্ষাৎ কৰোঁতে বাৎসালা গাঁৱত নাছিল।

গণপতি যাদৱ ইমানেই নিৰহংকাৰী স্বভাৱৰ যে তেওঁৰ ল’ৰাহঁতেও মুক্তিযুঁজাৰু হিচাপে তেওঁৰ ভূমিকাৰ কথা বহু পিছতহে জানিবলৈ পাইছিল। তেওঁৰ ডাঙৰজন ল’ৰা নিভ্ৰুট্টি খেতি পথাৰত কাম কৰিয়ে ডাঙৰ হৈছিল যদিও ১৩ বছৰ বয়সত সোণাৰীৰ কাম কৰিবলৈ ইৰোডলৈ যায় আৰু তাৰপিছত তামিলনাডুৰ কুইম্বটোৰ পায়গৈ। “তেওঁ যে মুক্তিযুঁজাৰু আছিল মই মুঠেই জনা নাছিলো,” তেওঁ কয়। “মোৰ দেউতা কিমান সাহসী আছিল জানানে বুলি জি ডি বাপু লাড়ে (প্ৰতি চৰকাৰৰ এগৰাকী কিংবদন্তি কাণ্ডাৰী) মোক সোধোতেহে মই জানিবলৈ পালো।” বাপু লাড় আছিল তেওঁৰ গুৰু তথা পথপ্ৰদৰ্শক, গণপতি যাদৱে কয়। “তেওঁৰ কইনাজনী গুৰুৱেই ঠিক কৰি দিছিল, বিয়াখনো পাতি দিছিল,” তেওঁ মনত পেলালে। “পিছলৈ মই তেওঁক শ্বেটকাৰি কামগাৰ পক্ষ (খেতিয়ক আৰু শ্ৰমিকৰ সৰ্বভাৰতীয় দল)ৰ কামত সহযোগ কৰিলো। তেওঁৰ দিনবোৰত মই সদায়ে তেওঁৰ সৈতে জৰিত হৈ আছিলো।”

“মই ৭ম মানত পঢ়ি থাকোতে মোৰ বন্ধুৰ দেউতাকে তেওঁৰ সাহসিকতাৰ কথা কৈছিল,” গণপতিৰ আনজন পুত্ৰ মহাদেউৱে কয়। “প্ৰথমতে মই ভাবিছিলো যে সেয়া একো ডাঙৰ কাম নাছিল। তেওঁ কোনো বৃটিছ সৈন্য বা আৰক্ষীক মৰা নাছিল। কিন্তু পিছলৈ তেওঁৰ ভূমিকাৰ তাৎপৰ্য্যৰ কথা বুজি পালো।”

Ganpati Bala Yadav and family
PHOTO • P. Sainath

ডাঙৰজন নাতি আৰু পৰিয়ালৰ আন সদস্যৰ সৈতে গণপতি যাদৱ লগত তেওঁৰ পুত্ৰত্ৰয়ক দেখা গৈছেঃ নিভ্ৰুট্টি (পিছফালে বাওঁহাতে), চন্দ্ৰকান্ত (সন্মুখৰ বাওঁফালে) আৰু মহাদেৱ (সন্মুখৰ সোঁফালে, চশমা পৰিহিত)

নিয়মীয়া কাম হিচাপে তেওঁ আছিল এজন পত্ৰবাহক। কিন্তু সাতাৰাৰ চেনৌলিত ১৯৪৩ৰ জুনত বাপু লাড় আৰু তুফান সেনাৰ প্ৰতিস্থাপক ‘কেপ্টেইন ভাউ’ৰ নেতৃত্বত হোৱা বিখ্যাত ৰেল ডকাইতিৰ দলটোৰ সৈতেও গণপতি বালা যাদৱ জড়িত আছিল।

“ৰেলত চলোৱা আক্ৰমণৰ চাৰিদিন আগত আমাক ৰেলপথত শিলবোৰ দম কৰি থ’ব লাগিব বুলি কোৱা হৈছিল।”

আক্ৰমণকাৰী দলটোৱে জানিছিল নে যে ৰেলগাড়ীখনত বৃটিছ (বম্বে প্ৰেছিডেন্সি)ৰ দৰমহাৰ টকা আছিল? “আমাৰ নেতৃবৰ্গই এই কথা জানিছিল। কাম কৰি থকা (ৰেলৱে বিভাগত আৰু চৰকাৰত) লোকেই তেওঁলোকক খবৰ দিছিল। আমি ৰেলগাড়ীখন লুটি থকা সময়ত এই কথা জানিবলৈ পাইছিলো।”

আক্ৰমণকাৰী দলটোত কিমানজন আছিল?

“সেই সময়ত কোনেনো গণি থাকিব? কেইমিনিটমানৰ ভিতৰতে আমি ৰেলপথত শিল দমাই পেলাইছিলো। ৰেলখন ৰওঁতে আমি ঘেৰি ধৰিছিলো। আমি ৰেলখন লুটি নিয়াৰ সময়ত ভিতৰত কোনোৱে লৰচৰ কৰা নাছিল, বাধা দিয়াৰ চেষ্টা কৰা নাছিল। অনুগ্ৰহ কৰি জানি থওঁক যে আমি টকাৰ কাৰণে নহয়, বৃটিছ শাসনক দুৰ্বল কৰিবলৈ এয়া কৰিছিলো।”

এনে সামৰিক অভিযানৰ উপৰিও গণপতি বালা যাদৱৰ পত্ৰবাহকৰ কামটোও জটিল আছিল। “মই আমাৰ লিডাৰসকলক খাদ্য দিবলৈ গৈছিলো (হাবিত আত্মগোপন কৰি থকা)। ৰাতিৰ ভাগত গৈছিলো। সাধাৰণতে লিডাৰজনৰ লগত ১০-২০ মান লোক থাকে। বৃটিছ প্ৰশাসনে এনে আত্মগোপনকাৰী যুঁজাৰু দেখিলেই গুলিয়াই মৰাৰ নিৰ্দেশ দি থৈছিল। আমি অকোৱা-পকোৱা দীঘলীয়া পথেৰে কাৰো চকুত নপৰাকৈ তেওঁলোক থকা ঠাইত উঠিছিলো। দেখিলে পুলিচে কিজানি আমাক থিতাতে গুলিয়াই মাৰি পেলালেহেঁতেন।”

Ganpati Bala Yadav on his cycle
PHOTO • P. Sainath

‘এবছৰ কি দুবছৰ আগতে তেওঁ প্ৰায় ১৫০ কিলোমিটাৰ বাট চাইকেল মাৰি পান্ধাৰপুৰলৈ গৈ ঘুৰি আহিছিল...’ এতিয়াও তেওঁ দিনে কেইবাকিলোমিটাৰ বাট চাইকেল চলায়

“পুলিচক খবৰ দিয়া মানুহক আমি গাঁৱতে শাস্তি দিছিলো,” গণপতি যাদৱে কয়। কেনেকৈ প্ৰতি চৰকাৰখনক মানুহে ‘পাত্ৰি চৰকাৰ’ বুলি ক’বলৈ ধৰিছিল, তাৰো ব্যাখ্যা গণপতিয়ে আগবঢ়ায়। মাৰাঠী ভাষাত পাত্ৰি মানে কাঠৰ লাঠি। “আমি পুলিচৰ চোৰাংচোৱাজনক ধৰা পেলোৱাৰ পিছত তেওঁ ঘৰটো নিশাৰ ভাগত ঘেৰি পেলাইছিলো। চোৰাংচোৱাজনৰ লগতে তেওঁৰ সহযোগীক আমি গাঁৱৰ বাহিৰলৈ লৈ গৈছিলো।”

“আমি চোৰাংচোৱাজনৰ ভৰিৰ সৰুগাঁঠিত ৰছীৰে বান্ধি তাৰ মাজত কাঠৰ মাৰি এডাল ভৰাই দিও। তাৰপিছত তেওঁক ওলোটাকৈ বান্ধি ওলমাই লৈ ভৰিৰ তলুৱাত লাঠিৰে কোবাও। দেহৰ আন কোনো অংশ আমি স্পৰ্শ নকৰিছিলো। কেৱল ভৰিৰ তলুৱাত আঘাত কৰিছিলো। কোব খোৱাৰ পিছত বহুদিনলৈ তেনে মানুহ খোজকাঢ়িব পৰা নাছিল।” সেয়া আছিল এক বিশেষ শাস্তি। সেয়ে চৰকাৰখনৰো আন এটা নাম পাত্ৰি চৰকাৰ হৈ পৰিছিল। “তাৰপিছত তেওঁৰ সহযোগীজনৰ কান্ধত তেওঁক উঠাই দি ঘৰলৈ পঠিয়াই দিছিলো।”

“আমি বেলাভাড়ে, নেৱাড়ি আৰু তাড়চাৰ আদি গাঁৱত শাস্তি দিছিলো। নানাচাহেব নামে এজন চোৰাংচোৱা তাড়চাৰ গাঁৱৰ এটা ডাঙৰ বঙলাত থাকিছিল। আমি ৰাতি সেই বঙলাত সোমাইছিলো। তাতে কিন্তু তিৰোতাবোৰকহে শুই থকা দেখিছিলো। তাৰ মাজতে চকুত পৰিল এগৰাকী তিৰোতা, চুক এটাত চাদৰ এখন মেৰিয়াই শুই আছে। তিৰোতাজনীয়ে অকলশৰে শুই থকা দেখি সন্দেহ হ’ল। পিছত বুজিবলৈ বাকী নাথাকিল যে সেইজনেই আমি বিচাৰি থকা চোৰাংচোৱাজন। তেওঁক তেনেকৈয়ে চাদৰ মেৰিয়াই থকা অৱস্থাতে আমি লৈ গৈছিলো।”

নানা পাটিল (অস্থায়ী চৰকাৰখনৰ মুখিয়াল) আৰু বাপু লাড় আছিল তেওঁৰ চকুত আদৰ্শ। “কি যে ওখ-পাখ নিৰ্ভীক পুৰুষ আছিল তেওঁ। হৃদয় উদ্বুদ্ধ কৰা ভাষণ দিছিল! তেওঁক ডাঙৰ ডাঙৰ মানুহবোৰে প্ৰায়ে আমন্ত্ৰণ জনাইছিল, কিন্তু তেওঁ সদায় সৰু সৰু মানুহৰ ঘৰলৈ গৈছিল। ডাঙৰ মানুহবোৰৰ কিছুমান আকৌ ব্ৰিটিছৰ এজেণ্ট আছিল।” আমাৰ লিডাৰে “চৰকাৰলৈ ভয় নকৰিবলৈ” আমাক কৈছিল। “আমি ঐক্যবদ্ধ হৈ বৃহৎ সংখ্যাত যুঁজ দিলে ব্ৰিটিছৰ শাসনৰ পৰা মুক্তি পাম” বুলি তেওঁলোকে আমাক কৈছিল। গণপতি যাদৱৰ লগতে এই গাওঁখনৰ ১০০-১৫০ লোকে তুফান সেনাত ভৰ্তি হৈছিল।

Ganpati Bala Yadav
PHOTO • P. Sainath
Vatsala Yadav
PHOTO • P. Sainath

গণপতি যাদৱ আৰু তেওঁৰ ৮৫ বছৰ বয়সীয়া পত্নি বাৎসালা তেওঁ এতিয়াও এগৰাকী সক্ৰিয় গৃহিণী , নিজেই ৰন্ধা-বঢ়া আৰু চাফাইৰ কাম কৰে দুয়োজনে সাধাৰণ ঘৰ এটাত থাকে

তেওঁ মহাত্মা গান্ধীৰ নামো শুনিছিল, যদিওবা “মই তেওঁক দেখা নাছিলো। এছ এল কিৰ্লোস্কাৰে (উদ্যোগপতি) জৱাহৰলাল নেহৰুক এই ঠাইলৈ মাতি আনোতে তেওঁক এবাৰ দেখিছিলো। ভগৎ সিঙৰ কথা আমি সকলোৱে শুনিছিলো।”

গণপতি বালা যাদৱৰ জন্ম এটা কৃষক পৰিয়ালত, তেওঁৰ এজনী ভনী আছিল। তেওঁ শৈশৱতে মাক-দেউতাকক হেৰুৱাইছিল আৰু সম্পৰ্কীয় লোকে ডাঙৰ-দীঘল কৰিছিল। “মই ২-৪ বছৰমান স্কুললৈ গৈছিলো যদিও পিছলৈ পঢ়া এৰি পথাৰত কাম কৰিবলৈ ল’লো।” বিয়াৰ পিছত তেওঁ জৰাজীৰ্ণ হৈ পৰা পিতৃগৃহলৈ উভতি খেতিৰ কামত ধৰিলে। আগজীৱনৰ কোনো ফটোগ্ৰাফ তেওঁৰ নাই আৰু ল’বলৈ সামৰ্থ্যও তেতিয়া নাছিল।

কিন্তু তথাপি তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল। এতিয়াও ৯৭ বছৰ বয়সত তেওঁ সমানেই পৰিশ্ৰম কৰে। “মই গুড় প্ৰস্তুত কৰা শিকিছিলো আৰু আমাৰ জিলাখনৰ বিভিন্ন ঠাইত বিক্ৰী কৰিছিলো। আমাৰ টকা-পইছাখিনি ল’ৰা-ছোৱালীহঁতৰ পঢ়া-শুনাত খৰছ কৰিছিলো। পঢ়া-শুনা সাং কৰি সিহঁত মুম্বাইলৈ গৈ উপাৰ্জন কৰাত লাগিল আৰু আমালৈও পইছা পঠিয়ায়। পিছলৈ মই গুড়ৰ ব্যৱসায় বন্ধ কৰি খেতিপথাৰত মনযোগ দিলো। এনেদৰেই আমাৰ খেতি নদন-বদন হৈ পৰিল।”

কিন্তু বৰ্তমান খেতিয়কসকল ধাৰৰ বোজাত ডুব যোৱা দেখি গণপতি যাদৱে মনোকষ্ট পায়। “আমি স্বৰাজ পালো ঠিকেই, কিন্তু আমি আশা কৰাৰ দৰে সেয়া বাস্তৱায়িত নহ’ল।” আগৰ চৰকাৰ বেয়া আছিল ঠিকেই, কিন্তু বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ তাতোকৈ বেয়া বুলি তেওঁ অনুভৱ কৰে। “সিহঁতে কি কৰিব একো নকয়,” তেওঁ কয়।

Ganpati Bala Yadav with his cycle outside a shop
PHOTO • P. Sainath

‘আমাৰ দিনত চাইকেল একেবাৰে নতুন বস্তু আছিল.’ গণপতি যাদৱে কয় এই নতুন মন ভুলোৱা প্ৰযুক্তিক লৈ গাঁৱত বৰকৈ আলোচনা হৈছিল

তুফান সেনাৰ বাৰ্তাবাহকৰ প্ৰায়বোৰ কাম খোজকাঢ়িয়েই গণপতিয়ে কৰিছিল যদিও “২০-২২ বছৰ বয়সত চাইকেল চলোৱা” তেওঁ শিকিছিল। পিছলৈ গোপন কামবোৰত তেওঁ চাইকেল ব্যৱহাৰ কৰিছিল। “আমাৰ দিনত চাইকেল একেবাৰে নতুন বস্তু আছিল।” মানুহৰ মন ভুলোৱা এই নতুন প্ৰযুক্তিক লৈ গাঁৱত বৰকৈ আলোচনা হৈছিল বুলি গণপতি যাদৱে কয়। “ভালেকেইবাৰ পৰাৰ পিছত মই চাইকেল চলাব পৰা হ’লো।”

বেলি ভাতি দিছিল আৰু ৯৭ বছৰ বয়সীয়া গণপতি যাদৱৰ দিনটো পুৱা ৫ বজাতে আৰম্ভ হৈছিল। কিন্তু আমাৰ সৈতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি কথা পাতি তেওঁ ভাল পাইছিল, ক্লান্তিৰ কোনো চিন তেওঁৰ মুখত ফুটি উঠা নাছিল। তেওঁৰ চাইকেলখন কিমান পুৰণি বুলি এবাৰ সোধাত তেওঁৰ অলপ খং উঠা যেন লাগিল। “এইখন? প্ৰায় ২৫ বছৰ হ’ল। আগৰখন ৫০ বছৰ পুৰণি আছিল, চোৰে নিলে,” তেওঁ দুখ মনেৰে কয়।

আমি এৰা-এৰি হোৱাৰ সময়ত তেওঁ মোৰ হাতদুখন জোৰকৈ খামোচ মাৰি ধৰি কিবা এটা দিম বুলি ক’লে। ক্ষন্তেক ৰ’বলৈ কৈ তেওঁ নিজৰ সৰু ঘৰটোলৈ সোমাই গ’ল। সৰু গিলাচ এটা লৈ পাত্ৰ এটাৰ পৰা কিবা অলপ তুলি আনিলে। তাৰপিছত ওলাই আহি মোৰ হাতত সতেজ গাখীৰ এগিলাচ দিলে। মই সেইখিনি খোৱাৰ পিছত তেওঁ মোৰ হাতদুখন আকৌ এবাৰ খামুচি ধৰিলে। তেওঁৰ চকুকেইটা চলচলীয়া হৈ পৰিল। মোৰো মনটো সেমেকিছিল। সেইখিনি সময়ত একো কথা কোৱাৰ প্ৰয়োজন হোৱা নাছিল। গণপতি যাদৱৰ ৰোমাঞ্চকৰ জীৱনৰ চমুকৈ হ’লেও অংশ হ’ব পৰাটো আমাৰ বাবে সৌভাগ্যৰ কথা আছিল, বিদায় বেলাত আমি সেইকথা জানিছিলো।

সম্পত ’ৰে, ভাৰত পাটিল, নমিতা ৱায়কাৰ আৰু সংযুক্তা শাস্ত্ৰীৰ সহায়ৰ বাবে অশেষ ধন্যবাদ

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das