পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া এতিয়া সাতবছৰীয়া হ’ল। আমি কেৱল অতিমাৰী আৰু লকডাউনৰ কঠিন সময়ৰ মাজেৰে পাৰ হৈ অহাই নহয়, এই সময়ছোৱাতে আমি আমাৰ আটাইতকৈ ভাল কামখিনি কৰিছো।

যোৱাবছৰ লকডাউনৰ ঘোষণাৰ আগদিনা ভাৰত চৰকাৰে সংবাদমাধ্যমক (ছপা আৰু বৈদ্যুতিন দুয়োটাকে) আৱশ্যকীয় আৰু অনিবাৰ্য্য বুলি ঘোষণা কৰে। এয়া এক ভাল পদক্ষেপ আছিল। ইয়াৰ আগতে ভাৰতীয় জনতাক সাংবাদিকতা আৰু সাংবাদিকৰ ইমান প্ৰয়োজন কেতিয়াও হোৱা নাছিল। জনতাৰ জীৱন আৰু জীৱিকাক লৈ কিমান যে কাহিনী কোৱাটো জৰুৰী হৈ পৰিছিল। কিন্তু এই দেশৰ বিয়োগাম মিডিয়া কোম্পানীবোৰে কি কৰিলে? দুইৰ পৰা আঢ়ৈ হাজাৰ সাংবাদিকক আৰু প্ৰায় দহ হাজাৰ সংবাদকৰ্মীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে।

তেনে পৰিস্থিতিত এই ডাঙৰ কাহিনীবোৰ তেওঁলোকে কেনেকৈ ক’ব পাৰিব? ইতিমধ্যেই মিডিয়া কোম্পানীবোৰে ভালৰো ভালজন সাংবাদিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। যিসকলক চাকৰিৰ পৰা উলিয়াই দিয়া নাছিল, তেওঁলোকৰো দৰমহা ৪০ৰ পৰা ৬০ শতাংশ কৰ্তন কৰে। সাংবাদিকৰ ভ্ৰমণত বাধা-নিষেধ জাপি দিয়ে। সেয়া তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নহয়, তেওঁলোকৰ পৰা হ’বপৰা খৰছ কম কৰাৰ বাবেহে কৰা হৈছিল। সেয়ে ২০২০ৰ ২৫ মাৰ্চৰ পিছৰ দুসপ্তাহলৈ ইটোৰ পিছত সিটো যিমানবোৰ প্ৰতিবেদন প্ৰকাশ পাইছিল, তাৰে সৰহভাগেই ডাঙৰ চহৰ-নগৰৰ ভিতৰতে সীমাবদ্ধ প্ৰতিবেদন।

২০২০ৰ এপ্ৰিলৰ পিছত পাৰিয়ে নিজৰ টিমটোত আৰু ১১ জনক নিযুক্তি দিলে আৰু কাৰো দৰমহাৰ এটকাও কৰ্তন নকৰিলে। ২০২০ৰ আগস্তত প্ৰায় সকলো কৰ্মচাৰীক পদোন্নতি দিয়া হ’ল আৰু দৰমহাও বাঢ়িল।

নিজৰ অন্য বিবিধ আৰু বিস্তৃত প্ৰতিবেদনৰ উপৰিও অতিমাৰীৰ প্ৰাদুৰ্ভাৱ বঢ়াৰ প্ৰথম পৰ্য্যায়ৰ পৰা পাৰিয়ে প্ৰায় ২৭০ খন সংবাদ (তাৰে প্ৰায়ভাগেই মাল্টিমিডিয়া) প্ৰতিবেদন আৰু প্ৰয়োজনীয় নথি প্ৰকাশ কৰিছে। এই সকলোবোৰৰ বিষয়বস্তু লকডাউনৰ সময়ত জীৱিকাৰ সংকট। এই প্ৰতিবেদনবোৰ আমালৈ আহিছিল ২৩ খন ৰাজ্যৰ পৰা আৰু এনেদৰে ভাৰতৰ সকলো গুৰুত্বপূৰ্ণ অঞ্চল আমি সামৰি ল’ব পাৰিছিলো। গ্ৰামাঞ্চললৈ ঘূৰি যোৱা শ্ৰমিকৰ লগতে সেই ক্ষেত্ৰসমূহৰ সৈতে জৰিত বিভিন্ন বিষয়ক লৈ আমি প্ৰতিবেদন প্ৰকাশ কৰিছিলো, তাকো লকডাউনৰ মাজত। যাতায়তৰ সকলো ব্যৱস্থা স্তব্ধ হৈ পৰা স্বত্ত্বেও শ শ কিলোমিটাৰ খোজকাঢ়ি সাংবাদিকে এই প্ৰতিবেদনবোৰ যুগুতাইছিল। এই প্ৰতিবেদনৰ তলত আপুনি ৬৫ জনৰো অধিক সাংবাদিকৰ নাম (বাইলাইন) পাব। অতিমাৰী অহাৰ আগৰ বহু বছৰৰ পৰা পাৰিয়ে প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে। তাৰবাবে ২০২০ৰ ২৫ মাৰ্চলৈ পাৰিয়ে অপেক্ষা কৰাৰ প্ৰয়োজন নাছিল।

আমাৰ পাঠকে জানেই, আৰু গম নোপোৱাসকলক জনাওঁ যে পাৰি কেৱল সাংবাদিকতাৰ মঞ্চই নহয়, ই এক জীৱন্ত আৰ্কাইভ। ভাৰতৰ লগতে যিকোনো গ্ৰামাঞ্চলৰ গ্ৰামীণ ভাৰতৰ লেখা, প্ৰতিবেদন, লোকসংগীত, গীত, আলোকচিত্ৰ আৰু চলচ্চিত্ৰৰ আটাইতকৈ ডাঙৰ আৰ্কাইভ এই পাৰি। পাৰিৰ সাংবাদিকতা হৈছে সাধাৰণ জনতাৰ প্ৰাত্যহিক জীৱনক লৈ কৰা সাংবাদিকতা, ৮৩ কোটি গ্ৰামীণ জনতাৰ কাহিনী আৰু অভিজ্ঞতা তেওঁলোকৰ মুখেৰে কোৱা।

PHOTO • Zishaan A Latif
PHOTO • Shraddha Agarwal

লকডাউনৰ সময়তে পাৰিয়ে কিছুমান বহুতেই ভাল কাম কৰিছে , মহিলাৰ প্ৰজনন স্বাস্থ্য (বাওঁফালে)ৰ ওপৰত চলি থকা পুৰস্কাৰপ্ৰাপ্ত প্ৰতিবেদনৰ শৃংখলাকে ধৰি এতিয়া প্ৰত্যাহাৰ কৰা কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদৰ বিশদ কাভাৰেজ ইয়াৰ ভিতৰত উল্লেখনীয়

প্ৰতিস্থাৰ দিনটোৰ পৰা ৮৩ মাহৰ ভিতৰত পাৰিয়ে ৪২ টা পুৰস্কাৰ পাইছে। মানে প্ৰতি ৫৯ দিনৰ মুৰে মুৰে একোটাকৈ পুৰস্কাৰ পাৰিয়ে লাভ কৰিছে। ইয়াৰে ১২ টা আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ। লকডাউনৰ সময়ত প্ৰকাশিত প্ৰতিবেদনৰ বাবে পাৰিয়ে মুঠ ১৬ টা পুৰস্কাৰ পাইছে। ২০২০ৰ এপ্ৰিলত ইউনাইটেড ষ্টেটচ্ লাইব্ৰেৰী অৱ কংগ্ৰেছে আমাক জনায় যে তেওঁলোকে নিজৰ আৰ্কাইভত পাৰিক অন্তৰ্ভূক্ত কৰিছে। তেওঁলোকে কৈছেঃ “আমি আপোনাৰ ৱেবছাইটক এই সংগ্ৰহ আৰু ঐতিহাসিক অভিলেখৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে স্থান দিছো।”

পাৰিয়ে ভাৰতৰ ১২ খন ৰাজ্যৰ মহিলাৰ প্ৰজনন স্বাস্থ্যৰ ওপৰত পুৰস্কাৰপ্ৰাপ্ত প্ৰতিবেদনৰ শৃংখলা প্ৰকাশ কৰিছে। বিশেষকৈ যিকেইখন ৰাজ্যত প্ৰজনন স্বাস্থ্যৰ ক্ষেত্ৰত মহিলাৰ অৱস্থা অতিকৈ শোচনীয়, সেইকেইখন ৰাজ্যক এই শৃংখলাত সামৰি লোৱা হৈছে। এই শৃংখলাত মুঠ ৩৭ টা ষ্ট’ৰিৰ ৩৩ টা অতিমাৰীৰ অহাৰ পাছত জাপি দিয়া লকডাউনৰ সময়ত প্ৰকাশিত। এই শৃংখলা সাংবাদিকতাৰ ক্ষেত্ৰখনৰ এনে প্ৰথমটো ৰাষ্ট্ৰজুৰি কৰা সমীক্ষাত্মক প্ৰয়াস য’ত গ্ৰামীণ ভাৰতৰ মহিলাৰ নিজৰ অনুভৱ-অভিজ্ঞতাৰ জৰিয়তে তেওঁলোকৰ প্ৰজনন স্বাস্থ্যবিষয়ক অধিকাৰৰ খতিয়ান দাঙি ধৰা হৈছে।

অতি কঠিন সময়ত কাম কৰি আমি দেখিছো যে আমাৰ পাঠকৰ সংখ্যা প্ৰায় ১৫০ শতাংশ আৰু আমাৰ সামাজিক মাধ্যম যেনে ইনষ্টাগ্ৰামৰ ফলোৱাৰৰ সংখ্যা ২০০ শতাংশ বাঢ়িছে। মন কৰিব যে পাৰিৰ এই প্ৰতিবেদন ইনষ্টাগ্ৰামত পঢ়ি বহুতেই প্ৰতিবেদনত উল্লেখিত ব্যক্তিক লাখৰ ঘাইত টকা পঠিয়াই সহায় কৰিছে।

ইয়াৰোপৰি আমি অলপতে চৰকাৰে প্ৰত্যাহাৰ কৰা কৃষি আইনকেইখনৰ বিৰুদ্ধে কৃষকৰ আন্দোলনৰ ওপৰত ২৫ গৰাকী সাংবাদিক আৰু আলোকচিত্ৰ শিল্পীৰ দ্বাৰা লিখিত ৬৫ খন বিস্তৃত প্ৰতিবেদনৰ লগতে দহখন গুৰুত্বপূৰ্ণ নথি প্ৰকাশ কৰিছো। এনেধৰণৰ প্ৰতিবেদন আপুনি “মূলধাৰাৰ মিডিয়া প্লেটফৰ্ম”ত নাপাব। এই প্ৰতিবেদনবোৰ কেৱল দিল্লীৰ সীমান্তৰ নহয়, বহুকেইখন ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা এনে ভালেমান প্ৰতিবেদন প্ৰকাশ কৰা হৈছে।

আমাৰ এই প্ৰতিবেদনবোৰৰ যোগেদি এই ঐতিহাসিক আন্দোলনত চামিল হোৱা কৃষকৰ ব্যক্তিগত জীৱনবোৰলৈ ভূমুকিয়াই চোৱা হৈছে, তেওঁলোকে কি বিচাৰিছে, দিল্লী সীমান্তলৈ আহি এনেদৰে প্ৰতিবাদ কৰিবলৈ কি কথাই তেওঁলোকক ইমান অনুপ্ৰেৰণা যোগাইছে, যিটো কাৰণত তেওঁলোকে ঘৰ-বাৰী, পৰিয়ালক এৰি এনেদৰে এবছৰ দূৰ হৈ থাকিবলগীয়া হৈছে। আমি লবি কৰি ফুৰা মানুহ আৰু উচ্চস্তৰীয় চিন্তাবিদৰ পৰিৱৰ্তে সাধাৰণ কৃষকৰ কণ্ঠ হৈ থিয় দিলো। পাৰিয়েই আছিল যিয়ে এই আন্দোলনক সমগ্ৰ বিশ্বৰ ভিতৰত বিগত কেইবাটাও বছৰত, তাকো এনে বিধ্বংসী অতিমাৰীৰ সময়ৰ আটাইতকৈ ডাঙৰ, শান্তিপূৰ্ণ, গণতান্ত্ৰিক প্ৰতিবাদ হিচাপে দাঙি ধৰিছে।

PHOTO • Vandana Bansal

পাৰিৰ ব্যাপক অনুবাদৰ কামে বিভিন্ন পৰিৱেশৰ পৰা অহা ছাত্ৰ -ছাত্ৰীৰ লগতে আমাৰ সকলো পাঠকে একেখন প্ৰতিবেদন বেলেগ বেলেগ ভাষাত পঢ়াৰ সুবিধা দিছে (বাওঁফালে) পাৰি এডুকেচন আৰম্ভ হোৱাৰ এটা বছৰ হৈছে মাত্ৰ , এই সময়ছোৱাতে পাৰি এডুকেচনে ৬৩ টা স্থানৰ ১৩৫ টা লেখা (সোঁফালে) এতিয়ালৈ প্ৰকাশ কৰিছে

২০১৪ৰ ডিচেম্বৰত ইংৰাজী ভাষাৰ মিডিয়া প্লেটফৰ্ম হিচাপে স্থাপিত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া (পাৰি) এতিয়া একে সময়তে ১৩ টা ভাষাত প্ৰকাশিত হয়। আন আন ভাষাতো উপলব্ধ কৰোৱাৰ পৰিকল্পনা চলি আছে। আমি সমতাত বিশ্বাস ৰাখো। সেয়ে যিকোনো ভাষাত লিখা প্ৰতিবেদন আমি ১৩ টাৰ আটাইকেইটা ভাষাতে প্ৰকাশ কৰো। আমি মনে-প্ৰাণে মানো যে ভাৰতীয় ভাষাই গ্ৰামীণ ভাৰতৰ আত্মা আৰু প্ৰতিটো ভাৰতীয় ভাষাই আপোনাৰ ভাষা । আমাৰ অনুবাদকৰ গোটটোত ডাক্তৰ, পদাৰ্থবিদ, ভাষাবিদ, কবি, গৃহিণী, শিক্ষক, শিল্পী, সাংবাদিক, লিখক, অভিযন্তা, ছাত্ৰ আৰু অধ্যাপক অন্তৰ্ভূক্ত। আটাইতকৈ প্ৰবীণগৰাকীৰ বয়স ৮৪ আৰু আটাইতকৈ তৰুণগৰাকীৰ বয়স ২২। কিছুমান ভাৰতৰ বাহিৰত থাকে। আন কিছুমানৰ আকৌ এই দেশৰে আওহতীয়া ঠাইত ঘৰ, যোগাযোগৰ সুবিধা তেনেই শোচনীয়।

পাৰি সকলোৱে পঢ়িব পাৰে। ইয়াৰ বাবে কোনো মাচুল দিব নালাগে। ইয়াত লেখা পঢ়িবৰ কাৰণে পইচা দিব নালাগে। আমাৰ ৱেবছাইটটোত বিজ্ঞাপন দিয়া নহয়। এনে বহু মিডিয়া প্লেটফৰ্ম আছে, যিবোৰে বিজ্ঞাপনৰ যোগেদি যুৱচামক অপ্ৰয়োজনীয় পণ্য ক্ৰয়ৰ বাবে প্ৰৰোচিত কৰে। সেই মিচিলত আমি কিয় যোগ দিওঁ? আমাৰ প্ৰায় ৬০ শতাংশ পাঠকৰ বয়স ৩৪তকৈ কম আৰু তাৰে আকৌ ৬০ শতাংশৰ বয়স ১৮ৰ পৰা ২৪ বছৰ। আমাৰ সৈতে কাম কৰা প্ৰায়ভাগ সাংবাদিক, লিখক আৰু আলোকচিত্ৰশিল্পীৰ বয়স ১৮ৰ পৰা ২৪ বছৰ।

আমাৰ নতুন শিতান, পাৰি এডুকেচন আৰম্ভ কৰাৰ এটা বছৰ পাৰ হৈছে। আমাৰ এক নিৰ্দিষ্ট লক্ষ্যৰ দিশে এই শিতান বেগাই অগ্ৰসৰ হৈছে, সেয়া হৈছে ভৱিষ্যতৰ পাঠ্যপুথি প্ৰস্তুত কৰা। প্ৰায় ৯৫ টা শিক্ষা প্ৰতিষ্ঠান আৰু শিক্ষাখণ্ডত কাম কৰি থকা ১৭ থকা সংগঠনে লগ লাগি পাৰিক এক পাঠ্যপুথিৰ ৰূপ দিয়া কামত লাগিছে আৰু পাৰিৰ যোগেদি গ্ৰাম্য ভাৰতৰ বিষয়ে শিকা আৰু বুজাৰ চেষ্টা কৰিছে। ইয়াৰে ৩৬ টা সংগঠনে আমাৰ সৈতে সহযোগিতাৰে পাৰিকেন্দ্ৰীক পাঠ্যক্ৰম প্ৰস্তুত কৰি আছে, যাতে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীয়ে পিছপৰা ছাত্ৰসমাজৰ সৈতে জৰিত হৈ কাম কৰিব পাৰে। পাৰি এডুকেচনে ৬৩ খন বেলেগ বেলেগ স্থানৰ ছাত্ৰসকলৰ দ্বাৰা লিখিত ১৩৫ খন প্ৰতিবেদন প্ৰকাশ কৰিছে। সেয়া কৃষি, শেষ হৈ আহিব ধৰা জীৱিকাৰ সম্বল, লিংগবিষয়ক সমস্যা আদি বিষয়ৰ ওপৰত আধাৰিত। ২০২১ৰ জানুৱাৰীৰ পৰা এই শিতানৰ অধীনত ১২০ খন ৱেবিনাৰ আৰু ভাৰতৰ ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ৰ লগতে গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহত কৰ্মশালাৰ আয়োজন কৰা হৈছে।

পাৰিৰ কাৰণে গ্ৰামাঞ্চল বুলিলে চহৰৰ পৰা দূৰণিবটীয়া অনাৱিল সুখ আৰু শান্তিৰে ভৰা কোনো ৰমন্যাসিক স্থান নহয়, ভাৰতীয় সংস্কৃতিক মহিমামণ্ডিত কৰা সংস্কৃতিৰ সমাহাৰ বুজোৱা শব্দ বুলিও পাৰিয়ে ইয়াক বিবেচনা নকৰে। এই শব্দটোৰ জৰিয়তে আমি কোনো পুৰণি জীৱনশৈলীক স্মৃতিৰ গৰ্ভৰ পৰা খান্দি উলিওৱাৰ চেষ্টাও নকৰো। জটিলতা আৰু বহিৰ্ভূক্তিকৰণৰ সংমিশ্ৰণেৰে গঢ়ি উঠা ভাৰতীয় গ্ৰামাঞ্চলৰ অন্বেষণ কৰাটোৱে পাৰিৰ যাত্ৰা। যি যাত্ৰাত পাৰিয়ে গ্ৰামাঞ্চলৰ সৌন্দৰ্য্য আৰু জলমল ছবিৰ সমানে সমানে কঠোৰ আৰু নিদাৰুণ দৃশ্য ফুটাই তুলিছে। পাৰি নিজেই আমি কাম কৰাবোৰৰ বাবে এক শিকনৰ বিষয়, সৰ্বসাধাৰণজনৰ পৰা আমি পোৱা জ্ঞান আৰু কৌশলক আমি সন্মান জনাওঁ। সিও এটা কাৰণ যে আমি আমাৰ সময়ৰ কেতবোৰ জটিল সমস্যাৰ মাজেৰে পাৰ হোৱা তেওঁলোকৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাবোৰেই আমাৰ প্ৰতিবেদনৰ কেন্দ্ৰীয় বিষয় হিচাপে বিবেচনা কৰি আহিছো।

PHOTO • Rahul M.
PHOTO • P. Sainath

পুৰস্কাৰপ্ৰাপ্ত আমাৰ জলবায়ু পৰিৱৰ্তনৰ ধাৰাবাহিক শৃংখলৰ যোগেদি (বাওঁফালে) এই বিষয়টোত সাধাৰণজনৰ জীৱনৰ অভিজ্ঞতাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ কথা কোৱা হৈছে, তাৰ লগতে আমি ভাৰতৰ অন্তিমকেইজন মুক্তিযুঁজাৰুৰ ওপৰত আধাৰিত শিতানো (সোঁফালে) চলাই আহিছো

আমাৰ দ্বাৰা জয়বায়ু পৰিৱৰ্তনৰ ওপৰত প্ৰকাশিত বিভিন্ন লেখাৰ শৃংখলা (পুৰস্কৃত) যুক্তৰাষ্ট্ৰৰ বিকাশ কাৰ্য্যসূচী (ইউএনডিপি)য়ে কিতাপ আকাৰে প্ৰকাশ কৰিব। এই শৃংখলা কৃষক, শ্ৰমিক, মাছুৱৈ, বনাঞ্চলৰ বাসিন্দা, সামূদ্ৰিক শৈৱালৰ উৎপাদক, অঘৰী গৰখীয়া, মৌমাখি পালক, কীট-পতংগ ধৰা লোকৰ অনুভৱ আৰু কথাৰ ওপৰত আধাৰিত। আকৌ জলবায়ু পৰিৱৰ্তনৰ দিশৰ পৰা স্পৰ্শকাতৰ পাহাৰ-পৰ্বতীয়া অঞ্চল, অৰণ্য, সমূদ্ৰ, উপকূলীয় অঞ্চল, নদীৰ অৱবাহিকা, প্ৰৱাল দ্বীপ, মৰুভূমি, শুষ্ক আৰু অৰ্দ্ধ-শুষ্ক মণ্ডলবোৰক কেন্দ্ৰ কৰি এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে।

সচৰাচৰ চলি অহা সাংবাদিকতাত ব্যৱহৃত দাতভঙা শব্দই পাঠকক বিকৰ্ষিতহে কৰে আৰু একধৰণৰ গতানুগতিক ধাৰা অনুসৰণ কৰি জলবায়ু পৰিৱৰ্তন মানেই এণ্টাৰকটিকাৰ হিমবাহ গলা, আমাজন অৰণ্য ধ্বংস হৈ অহা আৰু অষ্ট্ৰেলিয়াত জ্বলা বনজুই বুলিয়ে প্ৰকাশ কৰি আহিছে। তাতেই তেওঁলোকৰ জলবায়ু পৰিৱৰ্তনৰ কথা সীমাবদ্ধ। আনফালে আকৌ আন্তঃচৰকাৰী সন্মিলনত হোৱা চুক্তিবোৰ গুৰুত্বপূৰ্ণ যদিও জলবায়ু পৰিৱৰ্তনৰ আন্তঃচৰকাৰী পেনেল (আইপিচিচি)ৰ প্ৰতিবেদনবোৰ দুৰ্বোধ্য। পাৰিৰ সাংবাদিকে জলবায়ু পৰিৱৰ্তনৰ সমস্যাবোৰ নিজৰ পাঠকৰ সন্মুখত প্ৰতিবেদনৰ মাধ্যমেৰে দাঙি ধৰিছে, সেই প্ৰতিবেদনৰ কথাবোৰৰ মাজত সৰ্বসাধাৰণে নিজৰ প্ৰসংগ বিচাৰি পাইছে।

দেশখনে যিমানেই নিজৰ ৭৫তম স্বাধীনতা দিৱসৰ দিনটোলৈ আগবাঢ়িছে, সিমানেই আমি ভাৰতৰ অন্তিমকেইজন জীৱিত মুক্তিযুঁজাৰুৰ ওপৰত (লেখা, দৃশ্য-শ্ৰাব্যৰ মাধ্যমেৰে) নিয়মিতভাৱে লিখি আহিছো। অহা ৫ৰ পৰা ৭ বছৰত এই মুক্তিযুঁজাৰুৰ প্ৰজন্মটোৰ কোনো এজনেই জীয়াই নাথাকিব আৰু দেশৰ নৱপ্ৰজন্মই তেওঁলোকৰ কাহিনী তেওঁলোকৰ নিজৰ মুখেৰে শুনিবলৈ নাপাব। পাৰিৰ নিজৰ মঞ্চত তেওঁলোকৰ কথা শুনিব পাৰিব, চাব পাৰিব আৰু স্বাধীনতা সংগ্ৰাম আচলতে কেনে আছিল সেই কথা আৰু কাহিনীবোৰ তেওঁলোকৰ ভাষাত পঢ়িব পাৰিব।

আমি সীমিত সম্পদেৰে কাম কৰা নতুন মিডিয়া প্লেটফৰ্ম হ’লেও ভাৰতীয় সাংবাদিকতাৰ জগতখনত আমি আটাইতকৈ ডাঙৰ ফেল’শ্বিপ কাৰ্য্যসূচী চলাই আহিছো। আমি বিচাৰো যে ৯৫ টা (ভৌগলিক আৰু ঐতিহাসিক দিশৰ পৰা গুৰুত্বপূৰ্ণ) গ্ৰাম্য অঞ্চলৰ পৰা এজন লিখক ওলাই আহক যিয়ে সেই অঞ্চলৰ কাহিনীবোৰ লিখিব। আমি ফেল’শ্বিপ কাৰ্য্যসূচীৰ বাবে বাচি লোৱা ৩০ জনৰো অধিকাংশই মহিলা, তাৰে বেছিভাগেই সংখ্যলঘু আৰ ঐতিহাসিক ফালৰ পৰা আৰ্থ-সামাজিক দিশত বঞ্চিত সম্প্ৰদায়ৰ।

এই বছৰকেইটাত আমাৰ সৈতে ২৪০ গৰাকী ইণ্টাৰ্নে কাম কৰিছে, তাৰে ৮০ গৰাকী ইণ্টাৰ্ন পাৰি এডুকেচনৰ সৈতে জৰিত। বাকীসকলে পাৰিৰ সৈতে ২-৩ মাহৰ প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এই অন্যন্য সাংবাদিকতাৰ শিক্ষা লৈছে।

PHOTO • Supriti Singha

পাৰিত দৰিদ্ৰ মহিলাই লিখা আৰু গোৱা যিকোনো ভাষাৰ গানৰ ভাণ্ডাৰ গ্ৰাইণ্ডমিল গীতৰ প্ৰকল্প পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ (বাওঁফালে) ইয়াৰ উপৰিও পাৰিৰ ফেচেচ প্ৰকল্পই এই দেশখনৰ মুখাৱয়বৰ বৈচিত্ৰতাক ধৰি ৰখাৰ চেষ্টা কৰিছে (সোঁফালে)

ইয়াৰ উপৰি পাৰি বিবিধ কৃষ্টি-সংস্কৃতি, ভাষা, কলা শিল্প আদিৰ বিশাল ভাণ্ডাৰ। বিশ্বৰ কোনো ভাষাত ইমান বিশাল ৰূপত দৰিদ্ৰ মহিলাই লিখা আৰু গোৱা গানৰ সম্ভাৰ ক’তো নাই। সেয়াই হৈছে পাৰিৰ গ্ৰাইণ্ডমিল গীতৰ প্ৰকল্প । তাত গ্ৰামীণ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ কেইখনমান গাঁৱৰ মহিলাই গোৱা ১ লাখ ১০ হাজাৰ গীত আছে। সম্প্ৰতি এই গীতবোৰৰ ৬৯ হাজাৰ গীত একাণপতীয়াকৈ লাগি থকা আমাৰ অনুবাদকৰ গোটে ইংৰাজীলৈ অনুবাদ কৰিছে।

আমি লোকসংস্কৃতি, সংগীত, শিল্পী আৰু শিল্প, সৃষ্টিশীল লিখনী আৰু কবিতাক আমাৰ পাৰিৰ প্লেটফৰ্মত স্থান দি ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা অহা ষ্ট’ৰি আৰু ভিডিঅ’ৰ সংগ্ৰহ স্থাপন কৰিছো। বোধকৰো আমাৰ প্লেটফৰ্মখনেই একমাত্ৰ এনে এক স্থান, য’ত বিগত দুই-তিনিটা দশকৰ তোলা গ্ৰামীণ ভাৰতৰ ক’লা-বগা আলোকচিত্ৰৰ আৰ্কাইভ আছে। য’ত দহ হাজৰৰো অধিক কৰ্মৰত গ্ৰামীণ সৰ্বসাধাৰণজনৰ আলোকচিত্ৰ আছে। কিছুমান ছবিত অৱশ্যে তেওঁলোকক আৰাম কৰি থকাও দেখা পাব।

আমি আমাৰ ফেচেচ শিতানৰ কথা উল্লেখ কৰিব বিচাৰিম। এয়া দেশৰ বিভিন্ন স্থানৰ মানুহৰ মুখাৱয়বৰ বৈচিত্ৰতা সংগ্ৰহৰ এক প্ৰচেষ্টা। এই মুখাৱয়ববোৰ নেতা কিম্বা জনপ্ৰিয় লোকৰ নহৈ সাধাৰণ মানুহৰ মুখ। আমাৰ দেশৰ প্ৰতিখন জিলাৰ প্ৰতিটো ব্লকৰ আলোকচিত্ৰ পাৰিত প্ৰকাশ কৰাটো আমাৰ লক্ষ্য। এতিয়ালৈ আমাৰ ফেচেচ প্ৰকল্পৰ অধীনত ২২০ খন জিলা আৰু ৬২৯ টা ব্লকৰ পৰা ২৭৫৬ খন মুখ প্ৰকাশ পাইছে। এই আলোকচিত্ৰবোৰ স্নাতক ডিগ্ৰী পঢ়ি থকা ছাত্ৰকে ধৰি মুঠ ১৬৪ গৰাকী আলোকচিত্ৰ শিল্পীয়ে তুলিছে। যোৱা সাতটা বছৰত পাৰিয়ে নিজৰ প্লেটফৰ্মত মুঠ ৫৭৬ আলোকচিত্ৰশিল্পীক কাম কৰাৰ সুবিধা দিছে।

আমাৰ লাইব্ৰেৰীত থকা যিকোনো কিতাপ-পত্ৰ চাবলৈ আপুনি এটকাও দিব নালাগে। এয়া বিনামূলীয়া। কোনো দৰকাৰী প্ৰতিবেদন, নথি, আইন সম্পৰ্কীয় তথ্য-পাতি আৰু এতিয়া নতুনকৈ প্ৰকাশ নকৰা কিতাপ আপুনি পাৰিৰ গ্ৰন্থাগাৰত পাব। সেয়া আপুনি ডাউনলোড কৰিব পাৰে নাইবা প্ৰিণ্ট কৰি ল’ব পাৰে আৰু যথাবিধি প্ৰসংগ উল্লেখ কৰিব পাৰে। এই সকলোখিনি বিনামূলীয়া। এই গ্ৰন্থাগাৰৰ আন এক শিতান হৈছে স্বাস্থ্য আৰ্কাইভ । এয়া আমি অতিমাৰীৰ প্ৰথমটো বৰ্ষত আৰম্ভ কৰিছিলো। এতিয়া এই শিতানটোত ১৪০ টা স্বাস্থ্যসংক্ৰান্ত গুৰুত্বপূৰ্ণ প্ৰতিবেদন আৰু নথি-পত্ৰ আছে। ইয়াৰে কিছুমান কেইদশকমান পুৰণি, আকৌ আন কিছুমান শেহতীয়াকৈ প্ৰকাশিত আৰু ইলেকট্ৰনিক ফৰ্মেটত উপলব্ধ।

পাৰি, চৰকাৰী আৰু ব্যক্তিগত খণ্ড, দুয়োটাৰ পৰা মুক্ত। আমি কোনো বিজ্ঞাপন নলওঁ। এনেকৈ আমাৰ স্বতন্ত্ৰতা ৰক্ষা পৰে যদিও আমি আমাৰ পাঠকৰ সহায় আৰু আৰ্থিক অনুদানৰ ওপৰত নিৰ্ভৰশীল হৈ পৰো। এয়া কোনো ঝুমলা নহয়। আপুনি আমাক সহায় নকৰিলে আমি বিপদত পৰিম। সেয়ে অনুগ্ৰহ কৰি পাৰিলৈ আৰ্থিক সহায় আগবঢ়াওক। আমাৰ স্বতন্ত্ৰতা অটুত ৰখাত সহায় কৰক আৰু ভাল সাংবাদিকতাক এবাৰ সুযোগ দি চাওঁক।

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das