‘কেপ্টেইন ভাউ’ (ৰামচন্দ্ৰ শ্ৰীপতি লাড়)
মুক্তিযুঁজাৰু আৰু তুফান সেনাৰ সেনাধ্যক্ষ
২২ জুন, ১৯৯২ - ৫ ফ্ৰেব্ৰুৱাৰী, ২০২২

অৱশেষত তেওঁ নীৰৱে গ’লগৈ। যিখন দেশৰ কাৰণে তেওঁ যুঁজিছিল, সেইখন দেশে তেওঁক সন্মান যাঁচিবলৈ নহ’ল। কিন্তু ১৯৪০ৰ দশকত বিশ্বৰ সবাতোকৈ শক্তিশালী সাম্ৰাজ্যৰ বিৰুদ্ধে কমৰেড বন্ধুহঁতৰ সৈতে থিয় দিয়া এই ব্যতিক্ৰমী ব্যক্তিক জনা হাজাৰজনে গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিলে। ৰামচন্দ্ৰ শ্ৰীপতি লাড় আছিল ‘প্ৰতি চৰকাৰ’ৰ এক অভিন্ন ব্যক্তি। ১৯৪৩ত ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা নিজকে স্বাধীন বুলি ঘোষণা কৰা সাতাৰাৰ চৰকাৰখনক নেতৃত্ব দিছিল কিম্বদন্তি পুৰুষ নানা পাটিলে।

কিন্তু কেপ্টেইন ভাউ (তেওঁৰ গোপন নাম) আৰু তেওঁৰ কমৰেডসকল সিমানতে ক্ষান্ত নাথাকিল। ১৯৪৬লৈ তিনিটা বছৰ তেওঁলোকে ব্ৰিটিছ চৰকাৰক প্ৰতিৰোধ কৰি গ’ল আৰু ৬০০ খন গাঁৱত খোপনি পোতা তেওঁলোকে সমান্তৰালভাৱে চৰকাৰ চলাই গ’ল। এইজনা কেপ্টেইন ভাউৰ ৫ ফেব্ৰুৱাৰীত মৃত্যুৰ লগে লগে বৃটিছক প্ৰতিৰোধ কৰা এখন চৰকাৰৰ অৱসান ঘটিল।

Ramchandra Sripati Lad, or 'Captain Bhau,' as he appeared in a 1942 photograph and (right) 74 years later
PHOTO • P. Sainath

১৯৪২ৰ এখন আলোকচিত্ৰত ৰামচন্দ্ৰ শ্ৰীপতি লাড় ওৰফে কেপ্টেইন ভাউ আৰু সোঁফালে ৭৪ বছৰ পিছৰ তেওঁৰ আলোকচিত্ৰ

প্ৰতি চৰকাৰৰ আত্মগোপনকাৰী সশস্ত্ৰ সেনা ‘তুফান সেনা’ক নেতৃত্ব দিছিল কেপ্টেইন ভাউৱে (ভাউ মানে ককাইদেউ)। তেওঁৰ মনৰ হিৰো জি. ডি. বাপু লাড়ৰ লগ লাগি তেওঁলোকে ১৯৪৩ৰ ৭ জুনত মহাৰাষ্ট্ৰৰ ছেনৌলিত পুণে-মিৰাজ বিশেষ মালবাহী ৰেলগাড়ীখন আক্ৰমণ কৰিছিল, ৰেলখনত আছিল ব্ৰিটিছ প্ৰশাসনৰ বিষয়াসকলৰ বেতন। তেওঁলোকে লুটি নিয়া ধনখিনিৰ অধিকাংশ সেইবছৰ আকাল-অনাটনৰৰ চিকাৰ হোৱা খেতিয়ক আৰু শ্ৰমিকৰ মাজত বিলাই দিয়া হৈছিল।

বহুদশক বাগৰিল, এটা সময়ত তেওঁলোক পাহৰণিৰ গৰ্ভত লুকাই পৰিল। তেনে এক মুহূৰ্তত পাৰিয়ে কেপ্টেইন ভাউক পুনৰাই বিচাৰি উলিয়াই তেওঁৰ মুখে স্বাধীনতা সংগ্ৰামৰ কাহিনীবোৰ শুনিবলৈ ল’লে। তেতিয়াই তেওঁ স্বাধীনতা আৰু স্বতন্ত্ৰতাৰ মাজত পাৰ্থক্য আমাক বুজাই কয়। ভাৰতখন স্বাধীন। কিন্তু স্বতন্ত্ৰতা এতিয়াও মুষ্টিমেয়ৰ হাতত। আৰু “আজি যাৰ হাতত টকা, সিয়েই ৰজা...যাৰ হাতত শহা, সিয়েই চিকাৰী – এয়াই আমাৰ দেশত স্বতন্ত্ৰতাৰ অৱস্থা।”

ভিডিঅ চাওঁকঃ কেপ্টেইন ভাউ আৰু তুফান সেনা

ঘাইকৈ সিঞ্চিতা মাঝি, সংযুক্তা শাস্ত্ৰী আৰু শ্ৰেয়া কাত্যায়িনীৰ (অৰ্চনা ফাড়কেয়ে পৰিপাটিকৈ একেলগ কৰিছে) প্ৰচেষ্টাৰে আমি তেওঁৰ ওপৰত এখন চুটি ছবিও নিৰ্মাণ কৰিছিলো। খাঁটি মুক্তিযুঁজাৰু এজনক কেতিয়াও নেদেখা, কথা নপতা বা নুশুনা তৰুণচামে এইখন তথ্যচিত্ৰখন দেখি সন্মোহিত হৈ পৰে। কিছুমান কলেজত হোৱা প্ৰদৰ্শনীত এই তথ্যচিত্ৰখন চাই কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে চকুপানী টোকে। তেওঁলোকে বিশ্বাস কৰিবলৈ টান পায় যে এনে নিস্বাৰ্থ মানুহো এতিয়াও আছে, যিজনক তেওঁলোকে ইয়াৰ আগতে কেতিয়াও দেখা নাই।

তেওঁৰ নাতিল’ৰা দীপক লাড়লৈ ধন্যবাদ। তেওঁক মই প্ৰতিবছৰে কেপ্টেইন ভাউৰ জন্মদিন, ২২ জুনত ফোন কৰি শুভেচ্ছা জনাওঁ, তেওঁ গৌৰৱেৰে কয়ঃ “মই ৯৬ বছৰীয়া হ’লো...” ৯৭ বছৰীয়া, বা ৯৮ বছৰীয়া...

২০১৭ৰ জুলাইত সাতাৰা আৰু চাংলিৰ শেষৰকেইজন মুক্তিযুঁজাৰুসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে পতা সভাত মহাত্মা গান্ধীৰ নাতি আৰু পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল গোপাল গান্ধীক লগ পোৱাৰ কথা আছিল। মহাত্মা গান্ধীৰ নাতিক সাৱতি ধৰোঁতে এই মুক্তিযুঁজাৰু আৰু এসময়ৰ সশস্ত্ৰ বিপ্লৱীজনৰ চকুপানী ওলাইছিল। সেয়া আছিল তেওঁৰ জীৱনৰ আটাইতকৈ আৱেগিক মুহূৰ্তবোৰৰ এটা, তেওঁ কৈছিল।

২০১৮ৰ নৱেম্বৰত ১ লাখৰো অধিক কৃষকে সংসদৰ দিশে আগবঢ়াৰ সময়ত তেওঁ পাৰিৰ ভাৰত পাটিলৰ যোগেদি এটা ভিডিঅ’ বাৰ্তা পঠিয়াইছিল। “স্বাস্থ্যই লগ দিয়া হ’লে ময়ো আপোনালোকৰ সৈতে মিচিলত ভাগ ল’লোহেঁতেন,” বয়সে ৯৬ বছৰ বয়সীয়া সেই যোদ্ধাজনে কৃষকসকলক কৈছিল।

২০২১ৰ জুনত মোৰ মনত খেলালে যে মই তেওঁক আকৌ এবাৰ দেখা কৰা উচিত। এই অতিমাৰীৰ দিনবোৰ তেওঁ কেনেকৈ পাৰ কৰিছে সেয়া চাবলৈ মন গ’ল। মোৰ সহকৰ্মী মেধা কালেৰ সৈতে মই তেওঁক জন্মদিনৰ ওলগ যাঁচিবলৈ গ’লো। পাৰিৰ হৈ আমি তেওঁক জন্মদিনৰ উপহাৰ দিলো এটা নেহেৰু জেকেট (তেওঁ তেনে জেকেট বৰ ভাল পাইছিল), হাতেৰে সজা এডাল লাখুটি আৰু আমি তোলা তেওঁৰ ফটোৰ এটা এলবাম। ২০১৮ত লগ পোৱাৰ দৰে তেওঁৰ চেহেৰা নাছিল, মানুহজন শুকাই-খীণাই গৈছিল। পুৰণি যোদ্ধাজন দূৰ্বল হৈ পৰিছিল, অতিশয় অৱসন্ন হৈ পৰিছিল, কথা ক’ব পৰা নাছিল। কিন্তু উপহাৰকেইটা তেওঁ ভাল পাইছিল। চাংলিত চোকা ৰ’দ দিছিল যদিও জেকেটটো তেওঁ ততালিকে পিন্ধি লৈছিল। লাখুটিডাল তেওঁৰ আঠু দুটাৰ মাজত লৈ তেওঁৰ ফটোবোৰৰ মাজত সোমাই পৰিছিল।

তেতিয়াই আমি বুজিছিলো যে তেওঁ যোৱা সাতটা দশকে তেওঁৰ সৈতে ছাঁৰ দৰে লাগি থকা জীৱনসংগী কল্পনা লাড়ক এটা বছৰ আগতে তেওঁ হেৰুৱাইছিল। সেই ক্ষতি আছিল তেওঁৰ বাবে অপুৰণীয়। তেওঁ সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছিল। তেতিয়াই আমি বুজিছিলো যে তেওঁ জীৱনৰ বাটত থমকি ৰোৱালৈ বেছিদূৰ নাই।

Captain Bhau wearing the Nehru jacket and holding the hand stick gifted by PARI on his birthday in 2021.
PHOTO • Atul Ashok
Partners of over 70 years, Kalpana Lad and Captain Bhau seen here with a young relative. Kalpanatai passed away a couple of years ago
PHOTO • P. Sainath

বাওঁফালেঃ পাৰিয়ে ২০২১ত জন্মদিনৰ উপহাৰ হিচাপে দিয়া নেহেৰু জেকেট পিন্ধি হাতত লাখুটি লৈ কেপ্টেইন ভাউ সোঁফালেঃ ৭০ বছৰ কাল যুগ্মজীৱন কটোৱা কল্পনা লাড় আৰু কেপ্টেইন ভাউ , আত্মীয় এজনৰ সৈতে কল্পনাতাঈ কেইবছৰমান আগতে ঢুকাইছিল

দীপক লাড়ে মোক ফোনত কৈছিলঃ “যোৱাৰ পৰত তেওঁ সেই নেহেৰু জেকেটটো পিন্ধি আছিল।” লাখুটিডাল তেওঁৰ কাষতে আছিল। ভাউৰ কাৰণে চৰকাৰে ৰাজ্যিক মৰ্য্যাদাৰ অন্ত্যোষ্টিক্ৰিয়াৰ কথা দিছিল বুলি দীপকে কৈছিল যদিও বাস্তৱত একো তেনে নহ’ল। অৱশ্যে জনতাৰ কেপ্টেইনগৰাকীৰ অন্তিম যাত্ৰাত বহু মানুহ গোট খাইছিল।

জন্মলগ্নৰ পৰা এতিয়ালৈ ৮৫ টা মাহৰ এই যাত্ৰাত পাৰিয়ে ৪৪ টা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। কিন্তু কেপ্টেইন ভাউক লৈ নিৰ্মাণ কৰা ফিল্মখন তেওঁৰ গৃহচহৰ কুণ্ডলত দেখুওৱাৰ পিছত কেপ্টেইন ভাউৰ মুখৰ পৰা এইখিনি প্ৰশংসা শুনাটোৱে আমাৰ বাবে তাতোকৈ বেছি অৰ্থ বহন কৰে বুলি মই বিশ্বাস কৰো। দীপক লাড়ৰ হতুৱাই আমালৈ ২০১৭ত তেওঁ পঠিওৱা বাৰ্তাটো আছিল এনেধৰণৰঃ

“পি সাইনাথ আৰু পাৰিয়ে বিচাৰ-খোচাৰ কৰাৰ আগলৈকে প্ৰতি চৰকাৰৰ সমগ্ৰ ইতিহাস পাহৰণিৰ গৰ্ভত লুকাই আছিল। ইতিহাসৰ পাতৰ সেই সোণালী অধ্যায় উৱলি গৈছিল। আমি স্বাধীনতা আৰু স্বতন্ত্ৰতাৰ হকে যুঁজ দিছিলো, বছৰ বাগৰিছিল, আমাৰ অৰিহণা বিস্মৃতিৰ গৰাহত পৰিছিল। আমাক পাহৰি পেলোৱা হৈছিল। সাইনাথে যোৱাবছৰ মোৰ বিষযে ষ্টৰি এটা কৰিবলৈ আহে। ব্ৰিটিছৰ ৰেলগাড়ী আমি ছেনৌলিৰ যি স্থানত লুটিছিলো, সেই স্থানৰ একেবাৰে ৰেলৱে ট্ৰেকলৈ তেওঁ মোৰ লগত গৈছিল।”

“মোৰ লগতে মোক সংগ দিয়া মুক্তিযুঁজাৰু কমৰেডসকলক লৈ পি সাইনাথ আৰু পাৰিয়ে প্ৰস্তুত কৰা ফিল্ম আৰু লেখাই প্ৰতি চৰকাৰৰ সেই কাহিনী পুনৰাই সকলোৰে আগত দাঙি ধৰিলে, কেনেকৈ সেই চৰকাৰখনে জনতাৰ হকে যুঁজ দিছিল সেই সকলো তুলি ধৰিলে। এনেকৈয়ে তেওঁলোকে আমাৰ সন্মান আৰু গৌৰৱ পুনৰাই ঘূৰাই আনিলে। আমাক সামাজিকৰ চেতনাত পুনৰাই স্থাপিত কৰিলে। এয়া আছিল আমাৰ সঁচা কাহিনী।”

Left: Old photos of Toofan Sena and its leaders, Captain Bhau and Babruvahan Jadhav. Right: Captain Bhau with P. Sainath in Shenoli in 2016
PHOTO • P. Sainath
Left: Old photos of Toofan Sena and its leaders, Captain Bhau and Babruvahan Jadhav. Right: Captain Bhau with P. Sainath in Shenoli in 2016
PHOTO • Sinchita Maji

সোঁফালেঃ তুফান সেনা আৰু তাৰে নেতৃবৰ্গ , কেপ্টেইন ভাউ আৰু বব্ৰুবাহন যাদৱ সোঁফালেঃ ২০১৬ত পি . সাইনাথৰ সৈতে ছেনৌলিত কেপ্টেইন ভাউ

“সেই ফিল্মখন চাই মই খুবেই আৱেগিক হৈ পৰিছিলো। আগতে গাঁৱৰ নতুন চামে মোৰ বিষয়ে নাজানিছিল, মই কোন আছিলো বা মোৰ ভূমিকা কি আছিল সেইবিষয়ে তেওঁলোকৰ ধাৰণা শূন্য আছিল। কিন্তু এই ফিল্মখন চাই আৰু পাৰিত লেখা পঢ়াৰ পিছত নতুন প্ৰজন্মই মোক সন্মানৰ দৃষ্টিৰে চোৱা হ’ল, তেওঁলোকে জানিলে দেশখন স্বাধীন কৰাত মোৰ আৰু মোৰ কমৰেড বন্ধুসকলৰ কি ভূমিকা আছিল। মোৰ জীৱনৰ বিয়লি বেলাত আমাৰ সন্মান এইখনে ঘূৰাই আনিলে।”

তেওঁৰ প্ৰস্থানত দেশখনে নিজৰ স্বাধীনতাৰ পদাতিক সেনানীৰ এজন শ্ৰেষ্ঠ সৈন্য হেৰুৱালে, যিয়ে কোনো ব্যক্তিস্বাৰ্থলৈ ভ্ৰুক্ষেপ নকৰি জীৱনটো হেয়জ্ঞান কৰি সকলো বিপদ-বিঘিনি মূৰ পাতি লৈ মনে-প্ৰাণে দেশৰ স্বাধীনতাৰ হঁকে যুঁজ দিছিল।

প্ৰথমবাৰ সাক্ষাতৰ এটা বছৰৰো বেছি পাৰ হোৱাৰ পিছত ২০১৭ত সেই বৃদ্ধজনে কুণ্ডলৰ ধৰ্মঘট কৰা কৃষকৰ মিচিল এটাত মাৰ্চ কৰি থকা ফটো ভাৰত পাটিলে মোলৈ পঠিয়াইছিল। দ্বিতীয়বাৰ কেপ্টেইন ভাউক লগ পাওঁতে মই সুধিছিলো, সেই ৰ’দখনত তেওঁ তাত কি কৰি আছিল? এইবাৰ তেওঁ কিহৰ বাবে যুঁজিছিল? স্বাধীনতা সংগ্ৰামৰ কথা মনত পেলাই তেওঁ কয়ঃ

“তেতিয়াও সেয়া কৃষক আৰু শ্ৰমিকৰ যুঁজ আছিল সাইনাথ। এতিয়াও এয়া কৃষক আৰু শ্ৰমিকৰে যুঁজ।”

এইকেইটা ষ্টৰিও পঢ়িব পাৰে: কেপ্টেইন ভাউ আৰু তুফান সেনা আৰু প্ৰতি চৰকাৰৰ অন্তিম জয়ধ্বনি

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das