যোৱা সপ্তাহত আবেলিৰ বেলিটোৰ সৈতে গণপতি বাল যাদৱৰ জীৱনৰ চকাও মাৰ গ’ল। স্বাধীনতা সংগ্ৰামী আৰু বিপ্লৱীৰ বাৰ্তা কঢ়িয়াই নিয়া সেই গোপন বাৰ্তাবাহকজনে শতায়ু গৰকিছিল আৰু ১০১ বছৰ বয়স চুইছিল, দিনে ৫ৰ পৰা ২০ কিলোমিটাৰ পৰ্যন্ত তেওঁৰ পুৰণি চাইকেলখন চলাই ফুৰা মানুহজন কেইদিনমানৰ অসুস্থতাৰ কাৰণে চাইকেল চলোৱা বাটৰে কেঁকুৰি এটাত চিৰদিনৰ বাবে নেদেখা হৈ থাকিল।

২০১৮ত আমি তেওঁক লগ পাওতে তেওঁৰ বয়স আছিল ৯৭ বছৰ। তেওঁ তেতিয়া আমাক বিচাৰি ৩০ কিলোমিটাৰ চাইকেল চলাই আহিছিল। আমি মানে আমাৰ পাৰি (PARI) দলটোৰ পলম হৈছিল, কিন্তু আমি তেওঁৰ জীৱনৰ ৰোমাঞ্চকৰ কাহিনী শুনিবলৈ অতিশয় উৎসুক হৈ আছিলো। সেয়া আছিল মে’ মাহৰ মাজভাগৰ এটা দিন। তেওঁ তেনে এটা দিনত কেবাঘণ্টা ধৰি ৰাস্তাতে আছিল আৰু সংগ্ৰাহলয়ত ৰাখিবলগীয়া যেন লগা তেওঁৰ চাইকেলখনে তেওঁক আমনি দিয়া নাছিল যেন অনুমান কৰিছিলো। এতিয়া সেই মানুহজন নাই, কিন্তু তেওঁৰ কাহিনীয়ে সময়বালিত খোজৰ চিন ৰাখি গৈছেঃ গণপতি যাদৱৰ মনোমুগ্ধকৰ জীৱনৰ চাইকেল

১৯২০ত জন্ম লাভ কৰা গণপতি বাল যাদৱ তুফান সেনানীৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ১৯৪৩ত বৃটিছ শাসনৰ পৰা স্বাধীনতা ঘোষণা কৰি সশস্ত্ৰে মুৰ দাঙি উঠা সাতাৰা অঞ্চলৰ প্ৰতি চৰকাৰ - এখন আত্মগোপনকাৰী আৰু অস্থায়ী চৰকাৰৰ সশস্ত্ৰ বাহিনী আছিল এই তুফান সেনানী। বৃটিছৰ বিৰুদ্ধে হোৱা কাৰ্যসূচীবোৰত তেওঁ অংশগ্ৰহণ কৰিছিল। জি ডি বাপু লাড় আৰু কেপ্টেইন ভাউৰ নেতৃত্বত ১৯৪৩ৰ জুন মাহত সাতাৰা জিলাৰ চিন’লিত হোৱা বিখ্যাত ৰেল ডকাইতিৰ বিপ্লৱী দলটোৰ মাজৰ এজন আছিল এই ‘গণপা দাদা’।

তেওঁ আমাক কয়ঃ বহুবছৰলৈ “মই আমাৰ সেনাৰ গোটবোৰৰ (হাবিত লুকাই থকা)ৰ বাবে খাদ্য সৰবৰাহ কৰিছিলো। ৰাতিৰ ভাগত তেওঁলোকৰ ওচৰলৈ গৈছিলো। সেনাৰ গোটৰ নায়কৰ সৈতে ১০-২০ জন মান সেনা থাকে।” তেওঁৰ পম খেদিলে বৃটিছে তেওঁৰ লগতে সেই ২০ জনৰ আটাইকেইজনকে মাৰি পেলালেহেঁতেন। সেই সময়ত যাদৱে চাইকেলেৰে তেওঁলোকৰ বাবে খাদ্য সৰবৰাহকাৰীৰ কাম কৰিছিল। বিপ্লৱী গোটসমূহৰ মাজত গুৰুত্বপূৰ্ণ বাৰ্তাও তেওঁ সৰবৰাহ কৰিছিল।

The day we met him in 2018 – he was then 97 – he had cycled close to 30 kilometres in search of the PARI team
PHOTO • P. Sainath
The day we met him in 2018 – he was then 97 – he had cycled close to 30 kilometres in search of the PARI team
PHOTO • P. Sainath

২০১৮ত তেওঁক লগ পাওতে তেওঁৰ বয়স আছিল ৯৭ বছৰ - পাৰি দলটোৰ সন্ধানত তেওঁ প্ৰায় ৩০ কিলোমিটাৰ বাট চাইকেল চাইকেল চলাই আহিছিল

মই তেওঁৰ চাইকেলখনৰ কথা নাপাহৰো। সেই চকা থকা মেচিনটোলৈ মই একেথৰে চাই আছিলো। কণীবেপাৰী, পাৱৱালা, ধোবা আৰু আন ডেলিভাৰী সেৱাৰ মানুহে গাঁৱত আনকি চহৰত এতিয়াও তেনে চাইকেল ব্যৱহাৰ কৰে। কথা-বতৰাৰ মাজতে তেওঁক এবাৰ অসন্তুষ্টিৰ ভাৱ প্ৰকাশ কৰা দেখা পালো। সেই চাইকেলখনৰ কথা ওলাওতে তেওঁ ক’লে যে সেইখন “মাত্ৰ” এটা শতিকাৰ চাৰিভাগৰ এভাগহে পুৰণি। তেওঁৰ আগৰ অতিকৈ প্ৰিয় চাইকেলখন কোনোবাই চুৰ কৰিলে, সেইখন তেওঁ প্ৰায় ৫৫ বছৰ ব্যৱহাৰ কৰিছিল। সেইখন বোধকৰো কোনোবা প্ৰাচীন বস্তু-বাহিনীৰ বেপাৰীয়ে মনে মনে হস্তগত কৰিলে, এনে এটা ভাৱ মোৰ মনলৈ আহিল।

আমাৰ বন্ধু, সাংবাদিক সম্পত ম’ৰেয়ে আমাক গণপতি যাদৱৰ সৈতে পৰিচয় কৰাই দিছিল। মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ চিৰগাঁৱত থকা তেওঁৰ আজোককাৰ ঘৰত গণপতি যাদৱক আমি প্ৰথমবাৰ লগ পাইছিলো। তাৰপিছত আমি ৫ কিলোমিটাৰ দূৰত থকা তেওঁৰ নিজ গাওঁ ৰামপুৰলৈ ৰাওনা হ’লো য’ত আমি ঘণ্টাৰ পিছত ঘণ্টাধৰি কথা পাতিলো। ৯৭ বছৰ বয়সত তেওঁ এনেদৰে চাইকেল চলোৱাটো আমাৰ বাবে কিয় ইমান আচৰিত হ’বলগীয়া কথা সেয়া তেওঁ বুজি নাপালে, কিন্তু আৰু আধা কিলোমিটাৰ বাট তেওঁ আমাৰ অনুৰোধত চাইকেল চলালে, যিটো সময়ত আমাৰ পাৰি সদস্য সংকেত জৈন আৰু আমাৰ ভিডিঅ’ এডিটৰ সংকেত জৈনে তেওঁৰ দিনচৰ্য্যা ভালদৰে ৰেকৰ্ড কৰিবলৈ চেষ্টা অব্যাহত ৰাখিলে। তেওঁ দৈনিক চাইকেল চলাই যোৱা বোকাময় ৰাস্তাটোত উবুৰি হৈ পৰি সংকেত জৈনে কেমেৰা ধৰিলে। আনফালে সিঞ্চিতা মাঝিয়ে স্কুটি এখনৰ পিছফালে ওলোটাকৈ বহি লৈ কেমেৰা ধৰিলে। গণপা দাদাই চাইকেল চলাই গ’ল, স্কুটিখন তাৰে আগে আগে গৈ থাকিল, যাতে গণপা দাদাই সেই বাটেৰে সদায় অহা-যোৱা কৰা দৃশ্য কেমেৰাৰে ধৰি ৰাখিব পাৰে।

পাৰিৰ ভাৰত পাটিল আৰু নমিতা ৱাইকাৰে সেই সাক্ষাৎকাৰটোত বিচক্ষণতাৰে অনুবাদকৰ কাম কৰিলে, তাৰে প্ৰতিটো মুহূৰ্ত মোৰ বাবে অবিস্মৰণীয়।

সম্পতে মোক কয় যে তাৰ পাছৰ দুবছৰত প্ৰতিবাৰেই তেওঁ যেতিয়া সেই বৃদ্ধ ভদ্ৰলোকজনৰ ওচৰলৈ যায়, তেওঁ কয় যে মই আৰু পাৰি দলটোৱে “মোক বিখ্যাত পেলালে। মই একোকে নাছিলো, স্বাধীনতা আন্দোলনৰ এজন সামান্য বাৰ্তাবাহকহে আছিলো। কিন্তু তেওঁলোকে মোৰ ভূমিকাক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি ইমান সন্মান যাঁচিলে।” এই প্ৰতিবেদনখনৰ ফলত তেওঁৰ গাওঁখনৰ লগতে অঞ্চলটোত তেওঁৰ এক পৰিচয় গঢ় লৈ উঠিছিল, আৰু এয়া তেওঁৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কথা আছিল। তেওঁ এই লৈ অভিভূত হৈ পৰিছিল।

When it was time to part, Dada (Ganpati Bal Yadav) knew only from the body language that this man is now going. Dada was overcome with emotion
PHOTO • P. Sainath
When it was time to part, Dada (Ganpati Bal Yadav) knew only from the body language that this man is now going. Dada was overcome with emotion
PHOTO • Sanket Jain

বিদায় বেলাত দাদা ( গণপতি বাল যাদৱ ) দেহৰ অংগী - ভংগীৰ পৰাই আমি যাবলৈ ওলোৱাৰ কথা বুজি পাইছিল তেওঁ আৱেগবিহ্বল হৈ পৰিছিল

এই বিনম্ৰতা এনে এক গুণ, যিটো মই ভাৰতৰ ভালেকেইজন অন্তিম জীৱিত স্বাধীনতা সংগ্ৰামীৰ মাজত দেখা পাইছিলো। সেয়া আছিল এনে এটা পৰ্যায়, য’ত তেওঁলোকে জানিছিল যে তেওঁলোকৰ পৃথিৱী আৰু সময়ৰ তুলনা পাবলৈ নাই। আকৌ আন এক পৰ্যায়ত তেওঁলোকে কয় যে সেয়া আছিল তেওঁলোকৰ কৰ্তব্য, কোনোধৰণৰ পুৰস্কাৰ পোৱাৰ আশা নকৰাকৈ তেওঁলোকে যি কৰিব লাগিছিল, তাকেই কৰিছিল। গণপা দাদাৰ দৰে বহুতেই ১৯৭২ত তেওঁলোকক ভাৰত চৰকাৰে দিয়া পেঞ্চন গ্ৰহণ কৰা নাছিল।

মই আমাৰ সকলো পাঠক আৰু আনসকলে সঘনে ভাৰতৰ অন্তিমকেইজন জীৱিত স্বাধীনতা সংগ্ৰামী ৰ বাবে ৰখা বিশেষ স্পেচ সাক্ষাৎ কৰাৰ আশা কৰিলো। পাঁচ বছৰত তেওঁলোকৰ কোনো এজনো এই পৃথিৱীত নাথাকিব। এই দেশক বৃটিছ ঔপনিৱেশকতাবাদৰ হাতোৰাৰ পৰা উদ্ধাৰ কৰি স্বাধীনতা অনা এইসকল লোকক দেখা পোৱা, কথা পতা বা শুনাৰ সুযোগ উত্তৰ পুৰুষে কেতিয়াও নাপাব।

এতিয়া তেওঁ নাই। তড়িৎ গতিত হেৰাই যাবলৈ ধৰা ভাৰতৰ সোণালী প্ৰজন্মৰ মুষ্টিমেয় কেইজনৰ মাজৰ এজনে এই পৃথিৱীৰ পৰা মেলানি মাগিলে। তেওঁ আমাক তেওঁৰ জীৱন কাহিনী কোৱাৰ কাৰণে বাচি লোৱাৰ বাবে আমি গৌৰৱবোধ কৰো। আমি তেওঁৰ মৃত্যুত শোকাৰ্ত, কিন্তু তেওঁৰ জীৱনটো এক উৎসৱ। ১০০ বছৰ বয়সতো খেতিৰ সৈতে সক্ৰিয়ভাৱে জড়িত তেওঁ এজন খেতিয়ক। মই যাবলৈ ওলাইছিলো, পৰিয়ালৰ ডাঙৰ চৌহদটোত থকা এটা কোঠালীৰ ঘৰটোৰ গৰাকীজনে মোক কিবা এটা নিজহাতে দিবলৈ ইচ্ছা কৰিছিল। সেয়া আছিল একাপ সতেজ গাখীৰ। সেইখিনি সময়ত আমি দুয়োজন সঁচাকৈয়ে আৱেগিক হৈ পৰিছিলো।

সেই মুহূৰ্তটো সম্পততকৈ আন কোনোৱে ভালদৰে বৰ্ণাব পৰা নাছিল। পিছত সম্পতে লিখিছিল, “সাইনাথ ছাৰে ইংৰাজীত কথা পাতিছিল, আনহাতে গণপা দাদাই মাৰাঠীত। কিন্তু বিদায় বেলাত ইংৰাজী বুজি নোপোৱা দাদাই দেহৰ অংগী-ভংগীৰ পৰাই বুজি পাইছিল যে মানুহজনৰ যাবৰ সময় হৈছে। দাদা আৱেগবিহ্বল হৈ পৰিছিল। তেওঁ থিয় হৈ ছাৰৰ হাতদুখন নিজ হাতেৰে টানকৈ ধৰি ৰাখিছিল। দাদাৰ চকুকেইটা চলচলীয়া হৈ পৰিছিল। ছাৰেও দাদাৰ হাতদুখন বহুসময়লৈ ধৰি আছিল, আৰু সেই সময়ত তেওঁলোক দুয়োজনে কথা কৈছিল, কিন্তু তাৰ বাবে কোনো ভাষাৰ প্ৰয়োজন হোৱা নাছিল।”

অনুবাদ - পংকজ দাস

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath