html যেতিয়া লীলাবাঈয়ে খেতি কৰে
PHOTO • P. Sainath

‘মইহে খেতিয়ক, তেওঁ খেতি নকৰে। তেওঁ কেৱল গৰুবোৰৰ পিছত লাগি সময় নষ্ট কৰে, তেওঁ গৰুবোৰ খুব ভাল পায় (গৰু কেইজনীয়ে যদি সামান্য পৰিমাণৰ গাখীৰ দিয়ে, তেতিয়াও)। পুৰুষ মানুহবোৰে গাওঁখনত ঘূৰি ফুৰে, পথাৰত মহিলাবোৰে কাম কৰে।’ আশান্না টোটাৱাড়, য়াভাটমালৰ এজন কিংবদন্তি যেন খেতিয়কৰ বিষয়ে কৈ গৈছে লীলাবাঈয়ে। তেওঁ প্ৰবাদপুৰুষৰ দৰে, য়াভাটমালত যেতিয়া খেতি একেবাৰে বিপৰ্যস্ত হৈ পৰে, তেনেকুৱা বছৰবোৰতো কপাহ আৰু ছয়াবিনৰ উৎপাদনৰ ক্ষেত্ৰত এই মানুহজনে অভিলেখ গঢ়িবলৈ সক্ষম হয়। আশান্না এজন ভদ্ৰ, অভিজ্ঞ মানুহ। বিগত ৫০ বছৰ ধৰি তেওঁ বিদৰ্ভ অঞ্চলৰ খেতিবাতি অতি নিবিড়ভাবে পৰ্যবেক্ষণ কৰি আহিছে। সেইজন মানুহেই লীলাবাঈৰ স্বামী। মহাৰাষ্ট্ৰৰ য়াভাটমাল জিলাৰ এখন ডাঙৰ কপাহৰ বজাৰ পাণ্ডাৰকৌড়া নগৰৰ লগতে লাগি থকা প্ৰিম্প্ৰি গাঁৱত এইহাল দম্পত্তিয়ে বাস কৰে।

স্বামীৰ প্ৰতি লীলাবাঈৰ অসীম সন্মান আৰু চেনেহ। তেওঁৰ আনুষ্ঠানিক শিক্ষা অলপমান যদিও নিজৰ অভিজ্ঞাৰে তেওঁ দক্ষতা অৰ্জন কৰাৰ উপৰি প্ৰশিক্ষিত হৈ পৰিছে। খেতি সম্পৰ্কত তেওঁ যি বিশ্বাস কৰে, সেই কথাকে কৈছে। বিশেষকৈ প্ৰকৃততে কোনে খেতি কৰে, এই প্ৰসংগ উত্থাপিত হ’ল। ‘মহিলাই কৰে, আৰু মহিলাই খেতিৰ কাম ভালকৈ কৰে,’ তেওঁ কয়

কেইবাদশক ধৰি এডোখৰ কৃষিভূমিত যথেষ্ট সফলতাৰে খেতিৰ কাম কৰাৰ জ্ঞান সঁচাকৈয়ে প্ৰশংসনীয়। খেতি কৰা আৰু টকা-পইছাৰ ক্ষেত্ৰত তেঁৱেই সিদ্ধান্ত গ্ৰহণ কৰে। 

ললিতা আনন্দৰাও গান্ধেৱাৰৰ ঘৰত আমি লীলাবাঈক লগ পাইছিলো। মহাৰাষ্ট্ৰৰ কৃষকৰ শংকাজনক আত্মহননৰ তালিকাত আৰু এটা নাম অন্তৰ্ভূক্ত কৰি চলিত বৰ্ষৰ ২০ মে’ত ললিতাৰ স্বামী নামদেৱে আত্মহত্যা কৰিছিল। (ৰাষ্ট্ৰীয় অপৰাধ লেখন ব্যুৰ’ৰ মতে যোৱা বছৰত ৩,৭৮৬ জনৰ কম নহ’ব)। গান্ধেৱাৰৰ ঘৰত আশান্নাও আছিল। 

নামদেৱে কিহৰ বাবে আত্মহত্যা কৰিবলগা হ’ল বুলি ললিতাৰ লগত কথা পাতি থাকোতেই আমি প্ৰবাদপ্ৰতীম খেতিয়ক আশান্নাৰ সৈতেও কথা পাতিলো। অন্ধকাৰ ঘৰটোৰ প্ৰায় কাষৰ কোঠাটোৰ মজিয়াতে লীলাবাঈ বহি আছিল, সেয়ে আমি তেওঁক দেখাও নাপালো। কিন্তু তেওঁ আমাৰ অজ্ঞতাক আওকাণ কৰি আন্ধাৰ মজিয়াখনৰ পৰাই আমাৰ কথাবোৰ শুনি গৈছিল। 

পথাৰখনত

খেতিপথাৰত আমি অধিক বাস্তৱধৰ্মী ৰুচিসম্পন্ন দৃষ্টিভংগী লৈ নামিবই লাগিব। কৃষিকাৰ্যৰ বিনিয়োগ আৰু উৎপাদিত শস্যৰ উচিত মূল্যৰ অভাৱ- ইবোৰেই আমাক মাৰিছে।’

পিছত নিজৰ ঘৰত লীলাবাঈয়ে আমাক তেওঁৰ নিজৰ কথা ক’লে। 

‘আমি খেতি আৰম্ভ কৰা দিনত ১০ হাজাৰ টকাত ৪০ একৰ খেতিৰ মাটি কিছুমান ঠাইত ক্ৰয় কৰা সম্ভৱ আছিল। এতিয়া ৪০ হাজাৰ টকা দিলেও ক’তো এক একৰ মাটি পোৱা নাযাব।’

‘খেতিত আমি এতিয়া যিবোৰ বস্তু ব্যৱহাৰ কৰো, এইবোৰে সাংঘাতিক সমস্যাৰ সৃষ্টি কৰে। অপতৃণনাশকৰ কথাকে ধৰক। ইয়াৰ দ্বাৰা ঘাঁহ-বন নিয়ন্ত্ৰিত নহয়, বৰঞ্চৰ ই শস্য আৰু মাটিৰ ক্ষতি কৰিছে। ইবোৰ ৰাসায়নিক সামগ্ৰীয়ে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে। আমি কৃষিভূমিক হত্যা কৰিছো।’

‘দহ বছৰৰ আগতে আমি অতি কম পৰিমানৰ কীটনাশক ব্যৱহাৰ কৰিছিলো। এতিয়া শস্যৰ ফলন বেছি হ’বলৈ ধৰিলে, লাভ হ্ৰাস পাবলৈ ধৰিলে।’

‘হয়তো আমি ব্যৱহাৰ কৰি থকা কিছুমান সামগ্ৰী সলনি কৰিব লাগিব, নহ’লে আমি কৃষিৰ পতন মাতি অনা হ’ব।’ 

PHOTO • P. Sainath

১৯৬৫ত বিবাহ পাশত আবদ্ধ হোৱাৰ সময়ত তেওঁলোক শিশুৱেই আছিল। তেওঁলোকৰ পৰিয়ালৰ লগত সম্পৰ্ক থকা তেওঁ আছিল এজন গৃহহীন অনাথ আৰু লীলাবাঈৰ ককা-আইতাই তেওঁকেই লীলাবাঈৰ স্বামী হিচাপে বিচাৰিলে। তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ আগতেই লীলাবাঈয়ে চতুৰ্থ শ্ৰেণীৰ পৰা পঢ়া বাদ দিলে। এতিয়া লীলাবাঈৰ বয়স ৬৩ আৰু তেওঁৰ বয়স ৬৭ বছৰ হ’ল, দুয়োজন বৃদ্ধ হৈ অহা সম্পৰ্কে তেওঁ ভাৱে। কোন বেছি বুঢা বা বুঢ়ী হৈছে সেই লৈ দুয়োজনেই নিশ্চিত নহয়। কাৰণ সেই দিনত কোনেও লিখিত কাগজ-পত্ৰ ৰখা নাছিল। তেওঁলোকৰ নিজৰ নামত এক ইঞ্চি মাটিও নাছিল। বিয়াৰ পিছত লীলাবাঈৰ জীৱনলৈ পৰিৱৰ্তন আহিল। উপাৰ্জন কৰিবলৈ আৰু খুব ভাল খেতি কৰিবলৈ লীলাবাঈয়ে পথাৰত কঠোৰ পৰিশ্ৰম কৰিবলৈ ধৰিলে। 

অপৰ্যাপ্ত স্বীকৃতি 

সাধাৰণতে সমাজত পুৰুষক খেতিয়ক বুলি কোৱা হয় আৰু ‘পৰিয়ালৰ মুৰব্বী’ ৰূপে স্বীকৃতি দিয়া হয়। তেনেদৰেই অনিবাৰ্যভাৱে সুনাম আশান্নাই লাভ কৰে (আৰু এতিয়াও সেয়ে হৈ আছে)। দেশৰ প্ৰায়বোৰ অঞ্চলতে মহিলা খেতিয়কৰ ক্ষেত্ৰত যি হয়, লীলাবাঈকো ‘খেতিয়কৰ পত্নিৰূপে’ চোৱা হয় আৰু নিজৰ অধিকাৰেৰে তেওঁ খেতিয়ক নহয়। আন ঠাইৰ দৰে এই অঞ্চলতো খেতিৰ সমস্ত কাম মহিলাসকলেই কৰে, কিন্তু তেওঁলোকৰ এই বিশাল অৰিহনাৰ সামান্য স্বীকৃতি লাভ কৰে। এই অঞ্চলত আশান্না কৃষিৰ সফলতাৰ প্ৰতীক। কিন্তু এই সফলতাৰ আঁৰৰ মূল স্থপতি হ’ল লীলাবাঈ। তেওঁ লাভ কৰা সুনাম এই স্বীকৃতি লীলাবাঈক দিব। এই ক্ষেত্ৰত লীলাবাঈৰ কোনো বিভ্ৰান্তি বা দ্বিধা নাই। 

‘মই সদায়েই খেতিয়ক আছিলো। বহুদিন ধৰি আশান্নাই পেট্ৰল পাম্পত মাহে ৭০ টকা দৰমহাত কাম কৰিছিল। (লীলাবাঈৰ কথাৰ প্ৰতি সন্মতি প্ৰকাশ কৰি আশান্নাই কয়, তেওঁ ১৫ বছৰৰ আগতে সেই কাম এৰি দিলে। তেতিয়াৰে পৰা তেওঁৰ পত্নীয়ে এই লহপহীয়া শস্যভৰা পথাৰ গঢ়ি তুলিলে।’ 

‘মই কৰা সকলো কামৰ পৰা ধন সঞ্চয় কৰি প্ৰথমতে একৰত ১০০০ টকাকৈ চাৰি একৰ কৃষিভূমি ক্ৰয় কৰিলো। তেতিয়া আছিল ১৯৬৯ চন।’

মাটিখিনি এনেয়ে ক্ৰয় কৰা নাই, লীলাবাঈয়ে নিজে কপাহ খেতি কৰিবপৰা ক’লা কপাহৰ খেতিৰ মাটি নিজে পচন্দ কৰি ক্ৰয় কৰিছিল।

‘সেই চাৰি একৰ মাটিৰ মূল্য এতিয়া ৫০ লাখ টকা হ’ব। (এই কৃষিভূমি ঘাইপথৰ একেবাৰে কাষত, সেয়ে ইয়াৰ মূল্য বেছি।) তাৰ পিছত ১৯৭১ত মই নিজে চাই-চিতি ৯ হাজাৰ টকাত ২০ একৰ মাটি ক্ৰয় কৰিলো।’ 

ইয়াৰ পিছত ১৯৭৩ত লীলাবাঈয়ে ২৫ হাজাৰ টকাত ১৫ একৰ মাটি ক্ৰয় কৰিলে। পিছত অৰ্থাৎ ১৯৮৫ত ৩৫ হাজাৰ টকাত আৰু চাৰি একৰ মাটি ক্ৰয় কৰিলে। একেবাৰে শেষত ১৯৯১ত ৭০ হাজাৰ টকাত আন ১০ একৰ মাটি ক্ৰয় কৰা হ’ল।

‘ৰাস্তাৰ কাষৰ কেই একৰমান মাটি ময়ো বিক্ৰি কৰিলো। এতিয়া আমাৰ ৪০ একৰ মাটি আছে।’

আমাৰ নিজৰ খেতি পথাৰত উৎপন্ন শস্যকে আমি খাওঁ। এক একৰ মাটিত ধানৰ খেতি কৰো। দুই একৰ মাটিত ঘেঁহু আৰু ১০ একৰ মাটিত জোৱাৰৰ খেতি কৰো। (এই অঞ্চলত ১০ একৰ মাটিত জোৱাৰৰ খেতি কৰাটো বিৰল ঘটনা)। বাকী থকা মাটিখিনি সমানে দুভাগ কৰি এভাগত কপাহ আৰু এভাগত ছয়াবিনৰ খেতি কৰো।’ পথাৰত ক’ত কি খেতি কৰিব, সেই সিদ্ধান্ত লীলাবাঈয়ে লয়। কেতিয়া খেতি কৰিব সেয়াও লীলাবাঈৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰায় সকলো দিনতে সৰহ সময় লীলাবাঈয়ে  পথাৰতে কাম কৰি কটায়। প্ৰতি একৰ মাটিত ১০ কুইণ্টলকৈ কপাহ আৰু ছয়াবিন উৎপাদন কৰিবলৈ বহুত কিবা কৰিবলগীয়া হয়। এই অঞ্চলৰ গড় উৎপাদন অতি কম। 

লীলাবাঈয়ে এটা ধুনীয়া ঘৰ সাজি লৈছে। ঘৰটোৰ চাৰিওফালে অতি যত্নৰে ভড়ালৰ ঠাই ৰখা হৈছে। সেয়ে লীলাবাঈয়ে আনৰ তুলনাত অতি নিৰাপদে বহুত দিনলৈ উৎপাদিত কপাহ ৰাখিব পাৰে আৰু বণিয়াৰ পৰা যেতিয়া বেছি দাম পাব, তেতিয়া বজাৰলৈ লৈ যাব। ২০১২ৰ শেষৰফালে এই অঞ্চলৰ বেছিভাগ কৃষকে যেতিয়া কুইণ্টলত ৩,৮০০ টকাকৈ তেওঁলোকৰ নিজৰ উৎপাদিত কপাহ বিক্ৰি কৰিছিল, লীলাবাঈৰ পৰিয়ালে এই বছৰৰ ফেব্ৰুৱাৰীলৈকে নিজৰ কপাহ জমা কৰি থৈ দিছিল। তেওঁলোকে প্ৰতি কুইণ্টলত ৪২০০ টকাকৈ বিক্ৰি কৰিলে।

‘আমাৰ মুঠ গৰু-ম’হৰ সংখ্যা ১৪ টা। ইয়াৰে ৬ টা বলদ গৰু, ৫ জনী গাইগৰু আৰু তিনিটা ম’হ।’ 

‘আশান্নাই এইবোৰৰ লালন-পালন কৰে,’ স্বামীৰ ফালে দেখুৱাই লীলাবাঈয়ে হাঁহিলে। ‘তেওঁ সঁচাকৈয়ে গৰু-ম’হ ভাল পায় (সিহঁতৰ পৰা বিশেষ লাভ নহ’লেও)। আমি ডাক্তৰৰ ওচৰলৈ বেছিকৈ গৈ থাকিব নালাগে, কাৰণ আমি ঘৰৰ গাখীৰ খাও, তদুপৰি আমি নিজে খেতি কৰা শস্যৰ আহাৰ খাওঁ।’ 

কিন্তু কৃষিৰ ক্ষেত্ৰতঃ ‘কিবা এটা হ’ব লাগিব। এতিয়া কৰি থকাৰ দৰে খেতি কৰি থাকিলে নহ’ব। খেতিৰ বাবে হোৱা খৰছ কোনেও বহন কৰিব নোৱাৰা হৈছে। কৃষিত ব্যয় সস্তা হ’ব লাগিব। আমাৰ কপাহ আৰু ছয়াবিনৰ বাবদ আমি ভাল দাম পাব লাগিব। যদি এই অৱস্থাৰ সালসলনি নহয়, তেন্তে আমি সকলোৱে ‘নামদেউ গান্ধেৱাৰ’ৰ বাটেই বুলিব লাগিব।’

এই নিৱন্ধটো মূলতে ‘দ্য হিন্দু’ত প্ৰকাশ পাইছিল। লিংকটো হৈছেঃ http://www.thehindu.com/opinion/columns/sainath/when-leelabai-runs-the-farm/article4921390.ece 

অনুবাদঃ পংকজ দাস

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at pankajdas400@gmail.com.

P. Sainath
psainath@gmail.com

P. Sainath is Founder Editor of the People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath