সেয়া কোনদিনাৰ ঘটনা লক্ষীমাৰ মনত নাই। কিন্তু সেই ৰাতিটো তেওঁ পাহৰিব নোৱাৰে। “গমধানৰ খেতিখন আঠুমান ওখ হৈছিল” যেতিয়া তেওঁৰ জল ভঙা যায় আৰু তেওঁৰ প্ৰসৱ বেদনা আৰম্ভ হয়। “সেয়া চাগে ডিচেম্বৰ বা জানুৱাৰী মাহ আছিল (২০১৮-১৯),” তেওঁ কয়।

তেওঁৰ পৰিয়ালে বৰাগাওঁ ব্লকৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোলৈ টেম্পো এখন ভাড়া কৰিলে। স্বাস্থ্যকেন্দ্ৰটো উত্তৰ প্ৰদেশৰ বাৰানসী জিলাৰ তেওঁলোকৰ গাওঁ অশ্বৰিৰ পৰা প্ৰায় ছয় কিলোমিটাৰমান দূৰত আছিল। “আমি স্বাস্থ্যকেন্দ্ৰটো পাওঁ মানে মই বিষত তত পোৱা নাছিলো,” লক্ষীমাই (৩০) মনত পেলায়। তেওঁৰ আন তিনি সন্তান ৫ৰ পৰা ১১ বছৰ বয়সৰ ৰেণু, ৰাজু আৰু ৰেশম ঘৰতে আছিল। “হস্পিতালৰ মানুহে মোক ভৰ্ত্তি নকৰিলে। মই গৰ্ভৱতী নাছিলো, বেমাৰ হোৱা কাৰণে পেট ফুলা বুলি তেওঁ ক’লে।”

লক্ষীমাৰ শাহুৱেক হিৰামণিয়ে তাইক ভৰ্তি কৰাবলৈ কাকূতি-মিনতি কৰিলে, কিন্তু স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মচাৰীয়ে নামানিলে। শেষত হিৰামণিয়ে ক’লে যে তেওঁ লক্ষীমাৰ তাতেই প্ৰসৱ কৰাত সহায় কৰিব। “মোক আন ক’ৰবাত লৈ যাবলৈ মোৰ স্বামীয়ে অটো এখন বিচাৰি আছিল,” লক্ষীমাই কয়। “কিন্তু তেতিয়া মই ইমানেই দুৰ্বল হৈ পৰিছিল যে লৰচৰ কৰিব নোৱাৰা হৈ পৰিছিলো। স্বাস্থ্যকেন্দ্ৰটোৰ বাহিৰত গছ এডালৰ তলত মই বহি পৰিছিলো।”

হিৰামণি (৬০)য়ে লক্ষীমাৰ কাষত বহিল আৰু হাতত ধৰি লৈ দীঘল দীঘলকৈ উশাহ ল’বলৈ ক’লে। আধাঘণ্টা পিছত মাজনিশা তেওঁ সন্তান জন্ম প্ৰসৱ কৰিলে। সেই ঘোৰ অন্ধকাৰ আৰু হাড় কঁপোৱা জাৰৰ সেই নিশাটো লক্ষীমাই নাপাহৰে।

Lakshima with her infant son Amar, and daughters Resham (in red) and Renu. She remembers the pain of losing a child three years ago, when the staff of a primary health centre refused to admit her
PHOTO • Parth M.N.

নৱজাতক পুত্ৰ অমৰ আৰু জীয়াৰী ৰেশম আৰু ৰেণুৰ সৈতে লক্ষীমা। তিনি বছৰ আগতে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি নকৰোৱাৰ কাৰণে নিজৰ সন্তান হেৰুওৱাৰ সন্তাপ এতিয়াও মাৰ যোৱা নাই

সন্তানটো নাবাচিল। লক্ষীমা অৱশ হৈ পৰিছিল, কি হৈছিল বুজিবলৈ তেওঁৰ গাত শক্তি নাছিল। “স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মচাৰীয়ে মোক ভিতৰলৈ নি পিছদিনা ডিচাৰ্জ দিলে,” সেইৰাতি তেওঁ ভাগৰত কেনেদৰে লেবেজান হৈ পৰিছিল মনত পেলায়। “মোক যেতিয়া সহায়ৰ প্ৰয়োজন হৈছিল, তেতিয়াই তেওঁলোকে সহায় কৰাহেঁতেন মোৰ সন্তানটো বাচিলহেঁতেন।”

লক্ষীমা মুছাহাৰ সম্প্ৰদায়ৰ। উত্তৰ প্ৰদেশৰ আটাইতকৈ উপান্ত আৰু দৰিদ্ৰ দলিত সম্প্ৰদায় মুছাহাৰসকলে তীব্ৰ সামাজিক বৈষম্যৰ সন্মুখীন হয়। “আমাৰ দৰে মানুহ হস্পিতাললৈ গ’লে কোনেও আমাক ভাল আচৰণ নকৰে,” তেওঁ কয়।

সেই নিশা পোৱা-নোপোৱা চিকিৎসা তেওঁৰ বাবে নতুন কথা নাছিল, সেই বৈষম্যৰ বলি তেওঁ অকলেই নাছিল।

অশ্বৰিৰ পৰা কেই কিলোমিটাৰমান দূৰৰ দল্লিপুৰৰ মুছাহাৰ বস্তিৰ ৩৬ বছৰীয়া নিৰ্মলাই কয় তেওঁ কেনে ভেদভাৱৰ সন্মুখীন হৈছিল। “আমি যেতিয়া হস্পিতাললৈ যাওঁ, তেওঁলোকে আমাক ভৰ্তি কৰাবলৈ টান পায়,” তেওঁ কয়। “কৰ্মচাৰীয়ে আমাক বিনা কাৰণত পইছা বিচাৰে। আমাক হস্পিতালত ভৰ্তি নকৰাবলৈ যেনেকৈ পাৰে তেনেকৈ নিৰুৎসাহ কৰিবলৈ চেষ্টা কৰে। নামভৰ্তি কৰালেও আমাক মজিয়াত থাকিবলৈ দিয়ে। আনলৈ তেওঁলোকে চকী আনে আৰু সন্মান সহকাৰে কথা পাতে।”

মুছাহাৰ মহিলাসকলে সেয়ে হস্পিতাললৈ যাবলৈ সংকোচবোধ কৰে, বাৰানসীৰ মানৱ অধিকাৰৰ পিপলচ্ ভিজিলেঞ্চ কমিটিৰ সমাজকৰ্মী ৪২ বৰ্ষীয় মঙলা ৰাজভৰে কয়। “হস্পিতাললৈ যাবলৈ আমি তেওঁলোকক সৈমান কৰাবলগীয়া হয়। সিহঁতৰ বহুতেই ঘৰতেই প্ৰসৱ কৰাটো বিচাৰে,” তেওঁ কয়।

Mangla Rajbhar, an activist in Baragaon block, has been trying to convince Musahar women to seek medical help in hospitals
PHOTO • Parth M.N.

বৰাগাঁৱৰ সমাজকৰ্মী মঙলা ৰাজভৰে মুছাহাৰ মহিলাক চৰকাৰী চিকিৎসা সাহায্য বিচাৰিবলৈ সৈমান কৰায়

এনএফএইছএছ-৫ অনুযায়ী উত্তৰ প্ৰদেশৰ অনুসূচিত জাতিৰ প্ৰায় ৮১ শতাংশই চৰকাৰী হস্পিতালত প্ৰসৱ কৰাটো পছন্দ কৰে, এই হাৰ গোটেই ৰাজ্যখনৰ হাৰতকৈ ২.৪ শতাংশ কম। অনুসূচিত জাতিৰ মাজত নৱজাতকৰ মৃত্যুৰ হাৰ বেছি হোৱাৰ ইয়ো হয়তো এটা কাৰণ

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ অনুযায়ী উত্তৰ প্ৰদেশৰ অনুসূচিত জাতিৰ প্ৰায় ৮১ শতাংশই চৰকাৰী হস্পিতালত প্ৰসৱ কৰাটো পছন্দ কৰে, এই হাৰ গোটেই ৰাজ্যখনৰ হাৰতকৈ ২.৪ শতাংশ কম। অনুসূচিত জাতিৰ মাজত নৱজাতকৰ প্ৰথম ২৮ টা দিনত হোৱা মৃত্যুৰ হাৰ (নৱজাতকৰ মৃত্যুৰ হাৰ) বেছি হোৱাৰ ইয়ো হয়তো এটা কাৰণ। ৰাজ্যখনত এই হাৰ ৩৫.৭ হোৱাৰ বিপৰীতে অনুসূচিত জাতিৰ মাজত এই হাৰ ৪১.৬ শতাংশ।

২০২২ৰ জানুৱাৰীত ৰাজভৰে পৰিচালনা কৰা এক সমীক্ষাত মুছাহাৰসকলৰ সাতটা বস্তিৰ ৬৪ শতাংশ সন্তান প্ৰসৱৰ ৩৫ শতাংশ ঘৰত হৈছিল।

২০২০ত যেতিয়া পুত্ৰ কিৰণৰ জন্ম হয়, লক্ষীমাইও তাকেই কৰিছিল। “আগতে কি হৈছিল মই পাহৰা নাছিলো। তালৈ (স্বাস্থ্যকেন্দ্ৰটোলৈ) ঘুৰি যোৱাৰ কোনো প্ৰশ্নই নুঠে,” তেওঁ কয়। “সেয়ে মই আশাকৰ্মীগৰাকীক ৫০০ টকা দিলো। তেওঁ আমাৰ ঘৰলৈ আহি মোক প্ৰসৱত সহায় কৰি দিলে। তেওঁ নিজেও এগৰাকী দলিত।”

তেওঁৰ দৰে বহুতেই ৰাজ্যখনত হস্পিতালত বা স্বাস্থ্যসেৱাৰ বৃত্তিধাৰীৰ দ্বাৰা বৈষম্যৰ সন্মুখীন হৈছে। ২০২১ৰ নৱেম্বৰত অক্সফাম ইণ্ডিয়াই ৰোগীৰ অধিকাৰৰ ওপৰত কৰা এক দ্ৰুত সমীক্ষাত প্ৰকাশ পাইছিল যে সমীক্ষাটোলৈ সঁহাৰি দিয়া উত্তৰ প্ৰদেশৰ ৪৭২ জনৰ ৫২.৪৪ শতাংশই শোচনীয় আৰ্থিক অৱস্থাৰ কাৰণে বৈষম্যৰ চিকাৰ হৈছে। ১৪.৩৪ শতাংশই তেওঁলোকৰ ধৰ্মৰ কাৰণে বৈষম্যমূলক আচৰণৰ সন্মুখীন হোৱা বুলি কোৱাৰ বিপৰীতে ১৮.৬৮ শতাংশই জাতিৰ কাৰণে তেনে বৈষম্যৰ চিকাৰ হোৱা বুলি কয়।

এই পক্ষপাতিত্বৰ দীৰ্ঘম্যাদী পৰিণাম দেখা গৈছে, বিশেষকৈ এনে এখন ৰাজ্য সেৱা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত য’ত ২০.৭ শতাংশ লোক অনুসূচিত জাতিৰ আৰু ১৯.৩ শতাংশ লোক মুছলমান ধৰ্মালম্বী (২০১১ৰ লোকপিয়ল অনুযায়ী)।

সেয়ে উত্তৰ প্ৰদেশত ক’ভিড-১৯ বিয়পি পৰাৰ সময়ত বহুতেই ক’ৰনাভাইৰাছৰ কাৰণে টেষ্ট কৰোৱা নাছিল। “আমাৰ বহুতৰেই যোৱাবছৰ গা বেয়া হৈছিল কিন্তু আমি ঘৰতে থাকিছিলো,” নিৰ্মলাই ২০২১ৰ দ্বিতীয় ঢৌৰ কথা মনত পেলাই কয়। “ভাইৰাছে আমাক ইতিমধ্যে ভয় খুৱাই থৈছিল, তাতে আকৌ অপমান পোৱাটো কোনে বিচাৰে?”

Salimun at home in Amdhha Charanpur village. She says she has faced humiliating experiences while visiting health facilities
PHOTO • Parth M.N.

আমদহা চাৰণপুৰ গাঁৱৰ নিজ ঘৰত সলিমুন। হস্পিতাললৈ গৈ তেওঁ অপমান পাই থৈছে বুলি কয়

কিন্তু চান্দৌলি জিলাৰ আমদহা চৰণপুৰ গাঁৱৰ সলিমুন (৫৫) ২০২১ৰ মাৰ্চ যেতিয়া নৰিয়াত পৰে, ঘৰত থাকিব নোৱাৰিলে। “মোৰ টাইফইড হৈছিল,” তেওঁ কয়। “কিন্তু মই যেতিয়া লেবলৈ (পেথ’লজি) গ’লো, মানুহজনে তেজ উলিয়াবলৈ লওতে বেজীটো সুমুৱাই দিয়াৰ সময়ত যিমান পাৰে সিমান দূৰত থকাৰ চেষ্টা কৰিলে। তেও হাতদুখন দূৰৰ পৰা আগবঢ়াই দিছিল। তেওঁৰ দৰে যে মই বহুত দেখিছো, মই কৈ দিছিলো।”

এচিষ্টেণ্টগৰাকীৰ আচৰণ সলিমুনৰ বাবে নতুন নাছিল। “ইয়াৰ কাৰণ আছিল তবলিগি জামাতৰ ঘটনা, কাৰণ মই মুছলমান আছিলো,” ২০২০ৰ মাৰ্চৰ ঘটনাটোৰ প্ৰসংগ টানি তেওঁ কয়। সেই সময়ত ধৰ্মীয় গোটটোৰ লোকসকল দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত গোট খাইছিল। পিছলৈ মাৰ্কাজৰ শ শ লোক ক’ভিড-১৯ পজিটিভ হৈছিল আৰু গোটেই বিল্ডিংটো হটস্পট হিচাপে ঘোষণা কৰা হৈছিল। তাৰপিছত এনে এটা কুপ্ৰচাৰ চলিল যে মুছলমানসকলে ভাইৰাছবিধ বিয়পাইছে। এই কাৰণতে উত্তৰ প্ৰদেশকে ধৰি সমগ্ৰ দেশৰ মুছলমানসকল অপমানিত হ’বলগীয়া হৈছিল।

৪৩ বৰ্ষীয় সামাজিক কৰ্মী নিতু সিঙে কয় যে এনে পক্ষপাততুষ্ট আচৰণ ৰোধ কৰাৰ কাৰণে তেওঁ নিজে স্বাস্থ্যকেন্দ্ৰবোৰ সাক্ষা কৰে। “যাতে তেওঁ যোৱা বুলি গম পাই হস্পিতালৰ কৰ্মচাৰীয়ে ৰোগীৰ সৈতে জাতি-ধৰ্ম নিৰ্বিশেষে চিকিসা কৰে,” তেওঁ কয়। “নহ’লে অবাধ হাৰত পক্ষপাত চলে,” সহযোগ নামৰ বেচৰকাৰী সংস্থা এটাৰ সৈতে জৰিত সিঙে কয়। নৌগড় ব্লকত তেওঁ মহিলাৰ স্বাস্থ্যৰ সৈতে জৰিত সমস্যাৰ ওপৰত তেওঁ কাম কৰে, তাতেই এই আমদহা চৰণপুৰ গাওঁখন পৰে।

সলিমুনে এনে আৰু অভিজ্ঞতাৰ কথা কয়। তেওঁৰ বোৱাৰী ছামছুনিচা (২২)য়ে ২০২১ৰ ফেব্ৰুৱাৰীত সন্তান প্ৰসৱৰ সময়ত জটিলতাই দেখা দিছিল। “ৰক্তক্ষৰণ বন্ধ হোৱা নাছিল। তাই দুৰ্বল হৈ পৰিছিল,” সলিমুনে কয়। “সেয়া স্বাস্থ্যকেন্দ্ৰটোৰ ষ্টাফ নাৰ্ছগৰাকীয়ে নৌগড় চহৰৰ সামূহিক স্বাস্থ্য কেন্দ্ৰটোলৈ লৈ যাবলৈ কয়।”

নৌগড় সামূহিক স্বাস্থ্যকেন্দ্ৰটোত অগজিলেৰি নাৰ্ছ মিডৱাইফগৰাকীয়ে ছামছুনিচাৰ স্বাস্থ্যৰ খতিয়ান লওতে তাইৰ চিলাই চিগিলে। “মই বিষতে চিঞৰিলো,” ছামছুনিচাই কয়। “তাই মোক চৰিয়াবলৈ হাত দাঙিছিল যদিও মোৰ শাহু আয়ে থাপ মাৰি ধৰি এএনএমগৰাকীক ৰখালে।”

সামূহিক স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মচাৰীয়ে তেওঁৰ চিকিৎসা কৰাবলৈ অমান্তি হ’ল আৰু আন হস্পিতাল বিচাৰি ল’বলৈ পৰিয়ালটোক কয়। “সেয়ে আমি নৌগড়ৰ ব্যক্তিগত হস্পিতাল এখনলৈ যাও,” সলিমুনে কয়। “মই তাইক লৈ চিন্তিত হৈ পৰিছিলো। তাইৰ ৰক্তক্ষৰণ বন্ধ হোৱা নাছিল আৰু তাই সন্তান জন্ম দিয়াৰ পিছত এটা সম্পূৰ্ণ দিন তাইৰ চিকিৎসা কৰাব পৰা নাছিল।”

Neetu Singh, an activist in Naugarh block, says that discrimination is rampant in hospitals
PHOTO • Parth M.N.

নৌগঢ় ব্লকৰ নীতু সিং নামৰ সমাজকৰ্মীগৰাকীয়ে কয় যে হস্পিতালত অবাধ বৈষম্য চলে

পৰিয়ালটোৱে একেটা দিনত দাইল আৰু পাচলি দুয়োবিধ খাবলৈ এৰিলে। 'চাউল আৰু ৰুটিৰো একেই কথা,' সলিমুনে কয়। 'তাৰে কোনো এবিধহে খোৱা হয়। ইয়াত সকলোৰে সেই একেই অৱস্থা। বহুতেই চলি থাকিবলৈ টকা ধাৰে ল’বলগীয়া অৱস্থা'

শেষত দ্বিতীয়দিনা এখন ব্যক্তিগত হস্পিতালে তেওঁক ভৰ্তি কৰালে। “তাৰে কিছুমান কৰ্মচাৰী মুছলমান আছিল। তেওঁলোকে আমাক নিশ্চিতি দিলে আৰু কেইদিনমানৰ কাৰণে ডাক্তৰে তেওঁৰ চিকিৎসা কৰালে,” সলিমুনে কয়।

এসপ্তাহৰ পিছত যেতিয়া ছামছুনিচাক ডিচাৰ্জ দিয়া হয়, তেওঁৰ মেডিকেল বিল ৩৫,০০০ টকা হৈ পৰে। “আমি ১৬ হাজাৰ টকাত আমাৰ ছাগলীকেইটামান বিক্ৰী কৰিলো,” সলিমুনে কয়। “লৰালৰিকৈ বিক্ৰী নকৰাহেঁতেন আমি অতিকমেও ৩০,০০০ টকা পালোহেঁতেন। মোৰ ল’ৰা ফাৰুকৰ হাতত অকণমান নগদ ধন আছিল, বাকীখিনি খৰছ তেনেকৈ যোগাৰ হ’ল।”

ছামছুনিচাৰ স্বামী ২৫ বছৰ বয়সীয়া ফাৰুকে পাঞ্জাৱত শ্ৰমিক হিচাপে কাম কৰে। তেওঁৰ তিনিজন সৰুভাই আছে। তেওঁলোকে কোনোমতে জোৰা মাৰি চলে আৰু ঘৰলৈ অকণমান পইছা পঠিয়ায়। “তেওঁ গুফৰানৰ সৈতে (সন্তানটো) সময় কটাবলৈ আজৰি নাপায়,” ছামছুনিচাই কয়। “কিন্তু আমি কৰিম কি? ইয়াত একো কাম নাই।”

“মোৰ ল’ৰাকেইটাই উপাৰ্জনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছে,” সলিমুনে কয়। নৌগড়ত বিলাহী আৰু জলকীয়াৰ খেতি হয় যদিও ফাৰুক আৰু তেওঁৰ ভায়েকহঁতৰ দৰে ভূমিহীন কৃষকে দিনটো কষ্ট কৰি মাত্ৰ ১০০ টকা হাজিৰা পায়। “ইয়াৰ লগতে তেওঁলোকক আধাকিলোমান বিলাহী বা জলকীয়াও সপ্তাহত দুবাৰমান দিয়ে। এইখিনিৰে একোৱে নহয়,” সলিমুনে কয়। পাঞ্জাৱত ফাৰুকে এদিনৰ হাজিৰা ৪০০ টকা পায়, কিন্তু সপ্তাহত ৩-৪ দিনতকৈ বেছি কাম নাপায়। “ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পিছত আমি একেবাৰেই চলিব নোৱাৰা হৈ পৰিলো। খাবলৈ একোৱেই নাছিল।”

পৰিয়ালটোৱে একেটা দিনত দাইল আৰু পাচলি দুয়োবিধ খাবলৈ এৰিলে। “চাউল আৰু ৰুটিৰো একেই কথা,” সলিমুনে কয়। “তাৰে কোনো এবিধহে খোৱা হয়। ইয়াত সকলোৰে সেই একেই অৱস্থা। বহুতেই চলি থাকিবলৈ টকা ধাৰে ল’বলগীয়া অৱস্থা।”

Salimun with Gufran, her grandson
PHOTO • Parth M.N.
Shamsunisa cooking in the house. She says her husband, Farooq, could not spend much time with the baby
PHOTO • Parth M.N.

বাওঁফালেঃ নাতিয়েক গুফৰানৰ সৈতে সলিমুন। সোঁফালেঃ ছামছুনিচাই ঘৰত ভাত ৰান্ধিছে। তেওঁ কয় যে তেওঁৰ স্বামী ফাৰুকে গুফৰানৰ সৈতে বেছি সময় কটাব নাপায়

উত্তৰ প্ৰদেশ নখন জিলাৰ গাওঁবোৰত অতিমাৰীৰ প্ৰথম তিনিটা মাহত মানুহৰ ঋণ ৮৩ শতাংশ বাঢ়িছিল (২০২০ৰ এপ্ৰিলৰ পৰা জুনৰ তথ্য)। কালেক্ট নামে তৃণমূল পৰ্য্যায়ৰ সংস্থাৰ সন্মিলিত প্ৰচেষ্টাত হোৱা এক সমীক্ষাৰ যোগেদি এই ডেটা সংগ্ৰহ কৰা হৈছে। ২০২০ৰ জুলাই-ছেপ্টেম্বৰ আৰু অক্টোবৰ-ডিচেম্বৰত ঋণৰ পৰিমাণ ক্ৰমে ৮৭ আৰু ৮০ শতাংশ আছিল।

এনে আৰ্থিক দুৰৱস্থাৰ বাবেই ২০২১ৰ ডিচেম্বৰৰ শেষ সপ্তাহত লক্ষীমাই তেওঁৰ সৰুটো সন্তান জন্ম দিয়াৰ ১৫ দিন পিছতেই ইটাৰ ভাতিত কাম কৰিবলগীয়া হয়। “আমাৰ অৱস্থা দেখি আমাক কিছু অতিৰিক্ত টকা মালিকে দিব বুলি আশা কৰিছো,” কোলাৰ কেঁচুৱাটো নিচুকাই তেওঁ কয়। নিজৰ গাঁৱৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰৰ দেৱচন্দপুৰত থকা ইটাৰ ভাতিত কাম কৰি তেওঁ আৰু তেওঁৰ স্বামী (৩২) সঞ্জয়ে গাইপতি ৩৫০ টকা পায়।

এইবাৰ গৰ্ভধাৰণৰ সময়ত মংগলা ৰাজভৰে লক্ষীমাক ঘৰত প্ৰসৱ নকৰাৰ পৰামৰ্শ দিয়ে। “তাইক সৈমান কৰোৱাটো সহজ কাম নহয়। তাত তাইৰ দোষ নাই,” ৰাজভৰে কয়। “কিন্তু শেষত তাই মান্তি হ’ল।”

লক্ষীমা আৰু হিৰামণি এইবাৰ ভালদৰে সাজু। লক্ষীমাক নামভৰ্তি কৰাত প্ৰথমে কৰ্মচাৰীয়ে হেঁহো-নেহো কৰিছিল। কিন্তু ৰাজভৰক ফোন কৰাৰ ভাবুকি দিয়াত ভৰ্তি কৰালে। লক্ষীমাই সেই একেখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সন্তান জন্ম দিলে যিখনৰ পৰা কেইমিটাৰমান দূৰত্বত তেওঁ তিনিবছৰ আগতে নিজৰ সদ্যজাত সন্তানটোক হেৰুৱাইছিল। শেষত সেই কেইমিটাৰমানৰ ব্যৱধানেই পৰিৱৰ্তনৰ বাট কাটিলে।

পাৰ্থ এম এন - য়ে ঠাকুৰ ফেমিলী ফাউণ্ডেছনৰ পৰা পোৱা এক স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ সহায়ত জনস্বাস্থ্য আৰু নাগৰিক অধিকাৰ বিষয়ত ৰিপ ৰ্টিং কৰে ঠাকুৰ ফেমিলী ফাউণ্ডেছনে এই প্ৰতিবেদনৰ বিষয়বস্তু বা সম্পাদকীয় বিষয়ত কোনো হস্তক্ষেপ কৰা নাই

অনুবাদ : পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das