তেওঁ কথা কওঁতে খোকোজা লাগিছে, শোকে খুন্দা মাৰি ধৰিছে। কিন্তু দীঘল উশাহ এটা লৈ তেওঁ চেষ্টা কৰিছে। মাতটো থোকাথুকি হৈছে। তেওঁ মূৰ তল কৰিছে আৰু থুঁতৰিটো লৰিছে। যোৱা এটা বছৰ ধৰি অনিতাই সাহসেৰে পৰিস্থিতিৰ মুখামুখি হৈছে। কিন্তু তেওঁৰ গিৰীয়েকৰ স্মৃতিয়ে তেওঁক বাৰে বাৰে আৱেগিক কৰি তোলে। “আমাৰ বৰ সুখী পৰিয়াল আছিল,” অনিতাই (৩৩) কয়। “মোৰ দেউতা এগৰাকী এংকৰ আছিল।”

অনিতাৰ স্বামী ৪২ বৰ্ষীয় জইকৰ্ণ সিং উত্তৰ প্ৰদেশৰ বুলন্দচহৰ চহৰৰ পৰা ২০ কিলোমিটাৰ দূৰৰ লখাৱতী গাঁৱৰ এগৰাকী প্ৰাথমিক শিক্ষক আছিল। ২০২১ৰ এপ্ৰিলৰ প্ৰথম সপ্তাহত তেওঁৰ গাত ক’ভিড-১৯ৰ লক্ষণে দেখা দিয়ে। “তেওঁৰ কাহ হৈ আছিল, গাত জ্বৰো আছিল,” চহৰখনৰ তেওঁৰ ঘৰত আমি তেওঁক লগ পাঁওতে অনিতাই আমাক কৈছিল। “দ্বিতীয় ঢৌ তীব্ৰ হৈ অহা স্বত্ত্বেও শিক্ষকসকলক স্কুললৈ যাবলৈ নিৰ্দেশ দিয়া হৈছিল। তেনেকুৱা এটা দিনতে বোধকৰো তেওঁৰ গাত ক’ভিড লাগিল।”

২০২১ৰ ২০ এপ্ৰিলত জইকৰ্ণ ক’ৰনাভাইৰাছ পজিটিভ হৈ পৰে। উশাহ লোৱাত কষ্ট পাই ফোঁপাই থকা জইকৰ্ণৰ বাবে চহৰখনৰ কোনো এখন হস্পিতালতে অক্সিজেন নাছিল। “ভালেকেইখন হস্পিতালত মই কাকূতি-মিনতি কৰিলো, সকলোৱে কেৱল নাই বুলি কৈ সামৰিলে,” অনিতাই মনত পেলায়। “তেওঁৰ স্বাস্থ্যৰ তীব্ৰ অৱনতি ঘটাত আমি অ’ত-তত ফোন কৰিছিলো। কিন্তু কাৰোৰে পৰা সহায় নাপালো। ঘৰতে তেওঁৰ চিকিৎসা কৰাবলগীয়া হ’ল।”

স্থানীয় ডাক্তৰ এজনে তেওঁৰ জ্বৰ আৰু কাহৰ চিকিৎসা কৰালে। অনিতাৰ আত্মীয়ই কোনোমতে অক্সিজেন চিলিণ্ডাৰ এটাৰ ব্যৱস্থা কৰালে। “কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়াও আমি নাজানিছিলো। আমি নিজে সেয়া শিকি ল’বলগীয়া হৈছিল,” তেওঁ কয়। “তেতিয়াও আমি হস্পিতাল বেডৰ সন্ধান কৰি আছিলো।”

অতিমাৰীয়ে ভাৰতৰ ইতিমধ্যে শোচনীয় জনস্বাস্থ্যৰ আন্তঃগাঁথনিৰ ফোপোলা স্বৰূপটো, বিশেষকৈ গ্ৰামাঞ্চল আৰু সৰু চহৰত উদঙাই দিলে। কেৱল স্বাস্থ্যখণ্ডটোত দেশৰ ৰাজহুৱা ব্যয় জিডিপিৰ (২০১৫-১৬ত) ১.০২ শতাংশ, সেয়ে মানুহৰ কাৰণে ভৰসাৰ বাবে বেছি একো নাথাকে। ৰাষ্ট্ৰীয় স্বাস্থ্যৰ ৰূপৰেখা ২০১৭ অনুসৰি দেশখনত ১০,১৮৯ গৰাকী ব্যক্তিৰ বিপৰীতে এজন চৰকাৰী এলোপেথিক ডাক্তৰ আছে আৰু প্ৰতি ৯০,৩৪৩ গৰাকী ব্যক্তিৰ বিপৰীতে এখন চৰকাৰী হস্পিতাল আছে।

PHOTO • Parth M.N.

বুলন্দচহৰ চহৰৰ নিজ ঘৰত অনিতা সিং। ২০২১ত স্বামী ঢুকোৱা পিছত তেওঁৰ বৰ সাহসেৰে সকলো পৰিস্থিতিৰ মুখামুখি হৈ আহিছে

যোৱাবছৰ জুলাইত অক্সফামৰ দ্বাৰা প্ৰকাশিত ইনেকুৱেলিটি ৰিপ’ৰ্ট ২০২১: ইণ্ডিয়াজ হেলথকেয়াৰ ষ্টৰিত কোৱা হৈছে যে দেশত ২০২০ত প্ৰতি ১০,০০০ লোকৰ বিপৰীতে ৫ খন হস্পিতাল আৰু ৮.৬ জন ডাক্তৰ আছে। আকৌ গ্ৰাম্য ভাৰত, য’ত দেশৰ ৭০ শতাংশ জনতাই বাস কৰে, হস্পিতাল বেডৰ ৪০ শতাংশহে আছে।

জইকৰ্ণৰ মৃত্যুৰ লগতে অনিতাৰ হস্পিতাল বেডৰ সন্ধানৰ অন্ত পৰে। ২০২১ৰ ২৬ এপ্ৰিলত অক্সিজেন নাপাই তেওঁৰ মৃত্যু ঘটে। দুদিন পাছত তেওঁ নিৰ্বাচনী ডিউটিলৈ যাবলগীয়া আছিল। অতিমাৰী চৰম পৰ্য্যায়ত থকা স্বত্ত্বেও ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল।

উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ (২০২১ৰ ১৫ৰ পৰা ২৯ এপ্ৰিললৈ) ডিউটি কৰা আনসকলে তাৰ সাংঘাতিক মূল্য পৰিশোধ কৰিবলগীয়া হ’ল। মে’ মাহৰ মাজভাগলৈ ১,৬২১ স্কুল শিক্ষকে ক’ভিড-১৯ বা ‘ক’ভিডৰ সদৃশ’ লক্ষণত প্ৰাণ হেৰুৱালে।

ৰাজ্য চৰকাৰে তেনে প্ৰতিটো পৰিয়াললৈ ৩০ লাখকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। কিন্তু অনিতাই সেই ক্ষতিপূৰণ নাপালে কিয়নো জয়কৰ্ণ ডিউটিলৈ যোৱাৰ দুদিন আগত ঢুকাইছিল। “এয়া অন্যায়,” অনিতাই কৈ কান্দোনত ভাগি পৰে। “তেওঁ এগৰাকী সৎ চৰকাৰী কৰ্মচাৰী আছিল। তাৰ আমি এই প্ৰতিদান পালো। মোৰ ল’ৰা-ছোৱালীকেইটা মই কেনেকৈ পোহপাল দিম? সিহঁতৰ ভাল কিবা এটা হোৱাটো বিচাৰো। কিন্তু পইছা নহ’লে একো কৰিব নোৱাৰিম।”

জইকৰ্ণৰ মাহিলী দৰমহা আছিল ৭০,০০০ টকা। তেঁৱেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। তেওঁৰ মৃত্যুৰ পিছত অনিতাই বুলন্দচহৰ চহৰৰ প্ৰাথমিক বিদ্যালয় এখনত অনুকম্পামূলক নিযুক্তি লাভ কৰিলে। “মোৰ দৰমহা ২০,০০০ টকা,” তেওঁ কয়। জইকৰ্ণৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ জীয়াৰী অঞ্জলী (৭) আৰু ভাস্কৰ (১০) স্কুললৈ যোৱা নাই। “ঘৰ চলাবলৈ মই বহু কষ্ট কৰিবলগীয়া হৈছে।”

PHOTO • Parth M.N.

অনিতাই সংস্থাপন পালে যদিও তেওঁৰ গিৰীয়েকৰ দৰমহাৰ তুলনাত সেয়া তেনেই নগণ্য। “ঘৰ চলাবলৈ বৰ কষ্ট হয়,” তেওঁ কয়

ইনেকুৱেলিটি কিলচ্ শীৰ্ষক ২০২২ৰ জানুৱাৰীত প্ৰকাশিত অক্সফাম ইণ্টাৰনেচনেলৰ প্ৰতিবেদন অনুসৰি অতিমাৰীৰ আৰম্ভণিৰ দিনবোৰত ৮০ শতাংশ ভাৰতীয় পৰিয়ালৰ আয় কমি আহিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিউ ৰিচাৰ্ছ চেণ্টাৰে ২০২১ৰ মাৰ্চত প্ৰকাশিত এক অধ্যয়নৰ তথ্য অনুসৰি ২০২০ত ভাৰতত মধ্যবিত্তৰ সংখ্যা ৩.২ কোটি হ্ৰাস পায়, আকৌ দৰিদ্ৰ (দিনে দুই ডলাৰতকৈ কম আয় থকা) লোকৰ সংখ্যা ৭.৫ কোটি বৃদ্ধি পায় বুলি প্ৰকাশ পাইছে।

২০২০ৰ মাৰ্চত আচম্বিত ক’ভিড-১৯ লকডাউনৰ পৰিপ্ৰেক্ষিতত মানুহে কাম হেৰুৱালে আৰু স্বাস্থ্য ব্যৱস্থাৰ দূৰ্বল আন্তঃগাঁথনিৰ ফলত দেশজুৰি পৰিয়ালবোৰৰ ক্ৰয় ক্ষমতা সাংঘাতিক ধৰণে কমি আহিল। যেতিয়া চৰকাৰী হস্পিতালবোৰ ক’ভিড-১৯ ৰোগীৰে ভৰি পৰিল, বহুতো পৰিয়ালে বহন কৰিব নোৱাৰা স্বত্ত্বেও ব্যক্তিগত হস্পিতাললৈ যাবলগীয়া হ’ল।

ৰেখা দেৱীৰ পৰিয়ালটোও তাৰে মাজৰে এটা। ২০২১ৰ এপ্ৰিলত তেওঁৰ ভাই-বোৱাৰী সৰিতা (২৪)ক বাৰানসীৰ বাৰানসী হিন্দু বিশ্ববিদ্যালয়ত ভৰ্ত্তি কৰোৱা হয়। কিন্তু তাত ভাল চিকিৎসা নোপোৱাত ৰেখাই তাৰ পৰা ডিচাৰ্জ লৈ আহে। “মোৰ আশে-পাশে মানুহবোৰ ঢুকাইছিল,” তেন্দুৱা গাঁৱৰ চান্দৌলি জিলাৰ নিজৰ জুপুৰীটোৰ বাহিৰত বহি থকা ৩৬ বৰ্ষীয় ৰেখাই কয়। “সৰিতাৰ ক’ভিড হোৱা নাছিল। কিন্তু তেওঁৰ পেটৰ বিষ কমা নাছিল। হস্পিতালত ৰোগীৰ সংখ্যা বহুত হোৱা কাৰণে তেওঁৰ প্ৰতি কোনো ডাক্তৰে গুৰুত্ব দিয়া নাছিল। কি হৈ আছে একো নজনাকৈ তেওঁ মাত্ৰ বিচনাত পৰি আছিল।”

বিএইছইউ চৰকাৰী হস্পিতালখনলৈ নিয়াৰ এসপ্তাহ আগৰ পৰাই সৰিতাৰ গা বেয়া আছিল। তেওঁৰ স্বামী গৌতমে (২৬) প্ৰথমে তেওঁলোক থকা চহৰ সোণভদ্ৰৰ এখন ব্য়ক্তিগত হস্পিতাললৈ তেওঁক লৈ যায়। চান্দৌলিৰ নৌগড় ব্লকৰ তেন্দুৱাৰ পৰা সেইখন ৩০ কিলোমিটাৰ দূৰত। “সেইখন হস্পিতালে তেওঁক এদিনৰ কাৰণে ভৰ্ত্তি কৰালে, ১২ হাজাৰ টকা ফীজ ল’লে আৰু তেওঁক আগলৈ আন চিকিৎসালয়লৈ নিয়াৰ প্ৰয়োজন আছে বুলি ক’লে.” ৰেখাই কয়। “গৌতমে সেয়া নকৰিলে। হস্পিতাল কৰ্তৃপক্ষই ক’লে যে তেওঁ যিকোনো সময়তে ঢুকাব পাৰে। সেই কথাত ভয় খাই তেওঁ মোৰ ওচৰলৈ আনিলে। আমি ততালিকে তেওঁক বিএইছইউলৈ লৈ গ’লো।”

PHOTO • Parth M.N.

ৰেখাই তেওঁৰ ভাই-বোৱাৰীৰ চিকিৎসাৰ নামত ইমানখিনি খৰছ হ’ব বুলি ভবা নাছিল। 'চিকিৎসাৰ বিল লাখৰ ওপৰত হ’ল'

বাৰানসী হস্পিতালখন তেন্দুৱাৰ পৰা ৯০ কিলোমিটাৰ দূৰত। গৌতম আৰু ৰেখাই ৬,৫০০ টকা দি এখন গাড়ী ভাৰা কৰিলে। তেওঁলোকে বিএইছইউৰ পৰা সৰিতাক ডিচাৰ্জ কৰাৰ পিছত তেওঁক চকিয়া চহৰলৈ লৈ যায়, সেয়া বাৰনসী আৰু নৌগড় ব্লকৰ মাজত অৱস্থিত। সেই যাত্ৰাত তেওঁলোকৰ ৩,৫০০ টকা খৰছ হ’ল। “চকিয়াত এখন ব্যক্তিগত খণ্ডৰ হস্পিতালে তেওঁক ভৰ্ত্তি কৰাই এসপ্তাহ চিকিৎসা কৰালে আৰু তেওঁ আৰোগ্য লাভ কৰিলে,” ‘পেটৰ বিষ’ৰ বাদে সেয়া কি আছিল তেওঁলোকে এতিয়াও নাজানিলে। “কিন্তু তেওঁৰ চিকিৎসাৰ নামত লাখ টকা খৰছ হ’ল।”

ৰেখা আৰু তেওঁৰ আত্মীয়সকল জাটভ সম্প্ৰদায়ৰ। এয়া উত্তৰ প্ৰদেশৰ অনুসূচিত জাতি। তেওঁৰ দিনে ২০০ টকা হাজিৰাত কৃষি শ্ৰমিক হিচাপে কাম কৰে। গৌতমে শিলভদ্ৰৰ এটা শিলৰ খনিত কাম কৰে। তেওঁ দিনে ২৫০ টকা পায়। “লকডাউন (২০২০ৰ মাৰ্চ)ৰ পিছত তেওঁ কাম নোপোৱাই হ’ল,” ৰেখাই কয়। “আমাৰ বহুকেইমাহলৈ একো আয় নাছিল।” পৰিস্থিতি ইমানেই বেয়া আছিল যে তেওঁ লুকাই-চুৰকৈ লকডাউনৰ সময়তো নিয়ম ভাঙি খনিত কাম কৰিছিল। “চৰকাৰ আৰু বেচৰাকাৰী সংস্থাবোৰে দিয়া বিনামূলীয়া ৰেচন পোৱা কাৰণেহে আমি কোনোমতে চলিব পাৰিলো। সৰিতাৰ বেমাৰত যে ইমান টকা যাব আমি ভবা নাছিলো।”

২০২১ৰ নৱেম্বৰত অক্সফাম ইণ্ডিয়াই প্ৰকাশ কৰা চিকিউৰিং ৰাইটচ্ অৱ পেচেণ্টচ্ ইন ইণ্ডিয়া শীৰ্ষক এক সমীক্ষাত্মক প্ৰতিবেদনত প্ৰাপ্ত তথ্য মতে উত্তৰ প্ৰদেশৰ ৪৭২ গৰাকী সঁহাৰিদাতাৰ ৬১.৪৭ গৰাকীক চিকিৎসাৰ আনুমানিক ব্যয়ৰ তথ্য দিয়া হোৱা নাছিল। দেশখনৰ ৩,৮৯০ গৰাকী সঁহাৰিদাতাৰ ৫৮ শতাংশৰ অভিজ্ঞতা একেধৰণৰ। এয়া ৰোগীৰ অধিকাৰৰ উলংঘন। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিৰ্ধাৰণ কৰি দিয়া ৰোগীৰ অধিকাৰৰ ১৭ দফীয়া চনদ অনুসৰি ৰোগী আৰু তেওঁৰ যত্ন লওঁতাজনে “হস্পিতালে আগবঢ়োৱা প্ৰতিটো সেৱাৰ বাবদ পৰিশোধ কৰিবলগীয়া নিৰিখৰ বিষয়ে জনাৰ অধিকাৰ আছে।”

সৰিতাৰ চিকিৎসাৰ ব্যয় বহন কৰিবলৈ ৰেখাই তেওঁৰ দুই একৰ খেতিমাটিৰ এক তৃতীয়াংশ আৰু অকণমান আ-অলংকাৰ বন্ধকত থ’বলগীয়া হ’ল। “সুদখোৰজনে আমাক ১০ টকা সুতত ধাৰে দিছে,” তেওঁ কয়। “সেয়ে আমি এতিয়া কেৱল সুতখিনিহে পৰিশোধ কৰি আহিছো, মূল টকা (৫০ হাজাৰ)খিনি একেই আছে। ধাৰ কেতিয়া শুজিব পাৰিম ভাবি ওৰ নাপাওঁ।”

PHOTO • Parth M.N.

চান্দৌলি জিলাৰ তেন্দুৱা গাঁৱৰ নিজৰ খেতিপথাৰত ৰেখা। ব্যক্তিগত হস্পিতালৰ বিল দিবলৈ তেওঁ মাটি বন্ধকত থ’বলগীয়া হ’ল

অতিমাৰীৰ প্ৰথম তিনিটা মাহত (২০২০ৰ এপ্ৰিলৰ পৰা জুনলৈ)উত্তৰ প্ৰদেশৰ বহু গাঁৱত ঋণৰ হাৰ ৮৩ শতাংশ বৃদ্ধি পালে। তৃণমূল পৰ্য্যায়ৰ সংস্থাৰ সন্মিলিত প্ৰচেষ্টাত কালেক্টৰ যোগেদি কৰা সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে।  উল্লখ্য যে ২০২০ৰ জুলাই-ছেপ্টেম্বৰ আৰু অক্টোবৰ-ডিচেম্বৰত ঋণৰ হাৰ ক্ৰমে ৮৭ আৰু ৮০ শতাংশ আছিল।

মুস্তাকিন শ্বেইখৰ (৬৫) কপাল তাতোকৈ বেয়া আছিল।

গাজিপুৰ জিলাৰ জালালবাদ গাঁৱৰ এক একৰতকৈও কম খেতিমাটিৰ ক্ষুদ্ৰ খেতিয়ক মুস্তাকিনৰ ২০২০ৰ মাৰ্চৰ ক’ভিড-১৯ আৰম্ভ হোৱাৰ কেইদিনমান আগতে ষ্ট্ৰোক হৈ পক্ষাঘাত হয়। তেওঁৰ বাওঁফালটো দূৰ্বল হৈ পৰে আৰু তেওঁ লেঙেৰিয়াও খোজ কাঢ়িবলগীয়াত পৰে। “মই লাখুটি লৈ ফুৰিব লাগে। কিন্তু মই বাওঁহাতেৰে সেইডাল ভালকৈ ধৰিব নোৱাৰো,” তেওঁ কয়।

খেতিপথাৰত কাম কৰিব নোৱাৰা হৈ পৰা মুস্তাকিনে এতিয়া শ্ৰমিক হিচাপেও কামৰ আশা কৰিব নোৱাৰে। “জ্যেষ্ঠ নাগৰিক হিচাপে চৰকাৰৰ পৰা পোৱা ১০০০ টকাৰ বৃদ্ধ পেঞ্চনৰ ওপৰতে মই নিৰ্ভৰশীল হৈ পৰিলো,” মুস্কাকিনে কয়। “মোৰ এনেকুৱা অৱস্থা যে কাৰো পৰা ধাৰে লৈ মই পৰিশোধ কৰিব নোৱাৰিম বাবেই মই কাৰো পৰা পইছাও ধাৰে নোপোৱা হ’লো।” পইছা অহাৰ আন একো বাট নাছিল। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ২০২০ মতে উত্তৰ প্ৰদেশৰ গ্ৰামাঞ্চলৰ ৯৯.৫ শতাংশ লোক কোনো স্বাস্থ্য বীমাৰ নামত বা স্বাস্থ্যৰ নামত হোৱা ব্যয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ সুবিধা নাপায়।

সেয়ে মুস্তাকিনৰ ৫৫ বছৰীয়া পত্নীৰো যেতিয়া ষ্ট্ৰোক হয়, সেয়া ব্ৰেইন ষ্ট্ৰোক বুলি তেওঁ অনুমান কৰিছিল যদিও চিকিৎসাৰ বাবে বিশেষ একো কৰিব নোৱাৰিলে। “তেওঁৰ ষ্ট্ৰোক হয় আৰু পৰি যায়। তেওঁৰ ৰাজহাড়ত দুখ পায়,” তেওঁ কয়। সেয়া আছিল ২০২০ৰ এপ্ৰিল, সমগ্ৰ দেশত ক’ভিড-১৯ বিয়পিব ধৰিছিল। “মই তেওঁক আজমগড়ৰ এখন চৰকাৰী হস্পিতাললৈ লৈ গ’লো, কিন্তু সেই গোটেইখন ক’ভিড কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হৈছিল।”

PHOTO • Parth M.N.

গাজিপুৰ জিলাৰ নিজ গাঁৱত মুস্তাকিন শ্বেইখ। ষ্ট্ৰোক হোৱাৰ পিছৰে পৰা তেওঁ সম্পূৰ্ণৰূপে ৰাজ্যিক পেঞ্চনৰ ওপৰতে তেওঁ নিৰ্ভৰ কৰিবলগীয়া হৈছে

আজমগড় হস্পিতালখন ৩০ কিলোমিটাৰ দূৰত। ব্যক্তিগত বাহন এখন লৈ তালৈ যাবলৈ তেওঁৰ ৩,০০০ টকা খৰছ হৈছিল। “গাজিপুৰ হস্পিতালখনত একো সুবিধা নথকা কাৰণে আমি বাৰানসীলৈ যাবলগীয়া হ’লহেঁতেন,” তেওঁ কয়। “তালৈ (বাৰানসী) যাবলৈ যাতায়তৰ নামত আৰু টকা লাগিলহেঁতেন। মোৰ হাতত টকা নাছিল। ব্যক্তিগত হস্পিতালৰ কথা মই বন্ধুবৰ্গক সুধিছিলো, কিন্তু বুজি পালো যে তেনে হস্পিতালৰ বিল মই বহন কৰিব নোৱাৰিম।”

মুস্তাকিনে ছাইৰুনক তেওঁলোকৰ গাওঁ জাখানিয়া ব্লকলৈ লৈ আহে আৰু তেওঁৰ স্থানীয়ভাৱে চিকিৎসা কৰাবলৈ সিদ্ধান্ত লয়। “তেনে কৰাই ভাল হ’ব বুলি তেঁৱো মোক কৈছিল,” তেওঁ কয়। “গাঁৱৰ মোনা লোৱা ডাক্তৰে তেওঁক দৰৱ-পাতি দিছিল।”

মানুহে মোনা লোৱা ডাক্তৰৰ ওপৰত নিৰ্ভৰ কৰি চলে, গাঁৱৰ তেনে ডাক্তৰেই চৰকাৰী ডাক্তৰতকৈ বেছি কাম কৰে। “তেনে ডাক্তৰে আমাৰ সন্মানেৰে চিকিৎসা কৰে আৰু আমাৰ প্ৰশ্নৰ উত্তৰ দিয়ে,” মুস্তাকিনে কয়। “ডাক্তৰে আমাৰ ওচৰলৈ আহিবলৈ সংকোচ কৰা দিনবোৰত তেওঁলোকেই আমাক চাইছে।” কিন্তু মোনা লোৱা মানে প্ৰশিক্ষণবিহীন বৃত্তিধাৰী।

উচিত চিকিৎসাৰ অভাৱত ২০২০ৰ অক্টোবৰত, ষ্ট্ৰোক হোৱাৰ ছমাহ পিছত তেওঁলোকৰ এটা কোঠাৰ ঘৰটোত ছাইৰুণৰ মৃত্যু ঘটে। মুস্তাকিনে নিজকে সান্তনা দিব জানে। “হস্পিতালত মৃত্যু হোৱাসকলে এক ভীষণ বিশৃংখল পৰিৱেশত ঢুকাইছে,” তেওঁ কয়। “মোৰ পত্নীয়ে তাতকৈ শান্তিত এই পৃথিৱী এৰিছে।”

পাৰ্থ এম এন-য়ে ঠাকুৰ ফেমিলী ফাউণ্ডেছনৰ পৰা পোৱা এক স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ সহায়ত জনস্বাস্থ্য আৰু নাগৰিক অধিকাৰ বিষয়ত ৰিপ’ৰ্টিং কৰে। ঠাকুৰ ফেমিলী ফাউণ্ডেছনে এই প্ৰতিবেদনৰ বিষয়বস্তু বা সম্পাদকীয় বিষয়ত কোনো হস্তক্ষেপ কৰা নাই।

অনুবাদ: পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das