ভৰ্ত্তি হোৱা মাৰুতি ভানখন যাবলৈ সাজু হৈছিল। কৃষকসকলে গাড়ীখনত খালী ঠাই বুলিবলৈ একোৱে এৰা নাছিল, কিছুমানে আকৌ ইজনে আনজনৰ কোলাত বহিছিল। সিহঁতৰ মোনাবোৰ আৰু খোজকঢ়া লাঠিবোৰ আসনৰ পিছফালে থৈছিল।

কিন্তু মন কৰিবলগীয়া যে মঙল ঘাড়গেৰ কাষত এখন আসন চকুত পৰাকৈ খালী হৈ আছিল। তেওঁ আসনখন সংৰক্ষণ কৰি ৰাখিছিল, কাকো বহিবলৈ দিয়া নাছিল। তেনেতে মীৰাবাই লাঙ্গেয়ে ভানখনলৈ খোজকাঢ়ি আহি সেই খালী আসনখনত বহি তাইৰ শাড়ীখন ঠিক কৰি লয় আৰু মঙলে তাইৰ কান্ধত হাত থয়। দুৱাৰ বন্ধ হয় আৰু মঙলে চালকক কয়, “ব’লা যাওঁ।”

৫৩ বছৰীয়া মঙল আৰু ৬৫ বছৰীয়া মীৰাবাই দুয়োজনেই নাচিকৰ দিন্দোৰী তালুকৰ চিণ্ডৱাড় গাঁৱৰ বাসিন্দা। একে গাঁৱত সিহঁতে দশক দশক ধৰি একেলগে থাকিলেও যোৱা কিছু বছৰৰ পৰাহে সিহঁতৰ মাজত সম্পৰ্ক দৃঢ় হৈছে। “আমি গাঁৱত কাম আৰু ঘৰখনক লৈ ব্যস্ত,” মঙলে কয়। “প্ৰতিবাদৰ সময়ত আমি কথা পতাৰ বেছি সময় পাওঁ।”

২০১৮ চনৰ মাৰ্চত নাচিকৰ পৰা মুম্বাইলৈ হোৱা কৃষকৰ দীঘলীয়া সমদলত দুয়ো একেলগ হৈছিল। ২০১৮ চনৰ নৱেম্বৰত দিল্লীত হোৱা কিষাণ মুক্তি মৰ্চাত তেওঁলোকে একেলগে ভাগ লৈছিল। এতিয়া তেওঁলোক নাচিকৰ পৰা দিল্লীলৈ যোৱা এক গাড়ীৰ সমদলত লগ লাগিছে। কিহৰ বাবে তেওঁ এই প্ৰতিবাদত অংশ লৈছে বুলি সোধাত মঙলে কয়, “আমাৰ পেটৰ বাবে।”

এইবছৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া তিনিখন কৃষি আইনৰ বিৰুদ্ধে দহ হাজাৰ কৃষকে দেশৰ ৰাজধানীৰ লগতে বিভিন্ন ঠাইত প্ৰতিবাদ কৰি আছে। প্ৰায় ১৪০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি দিল্লীৰ জাঠালৈ যোৱাৰ বাবে যোৱা ২১ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ পৰা অহা প্ৰায় ২০০০ জন কৃষক তেওঁলোকৰ সমৰ্থন আৰু একাত্মবোধ জ্ঞাপন কৰিবলৈ নাচিকত সমবেত হৈছিল। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী)ৰ সদৌ ভাৰত কৃষক সভাৰ দ্বাৰা তেওঁলোক সংগঠিত হৈছিল।

উৎসাহী প্ৰতিবাদকাৰী দলৰ মাজত মঙল আৰু মীৰাবাইও আছে।

Mangal in front, Mirabai behind: the last few years of participating together in protests have cemented their bond
PHOTO • Parth M. N.

মঙল সন্মুখত আৰু পিছফালে মীৰাবাইঃ বহু বছৰ ধৰি একেলগে আন্দোলনত ভাগ লৈ সিহঁতৰ বন্ধুত্ব গভীৰ হৈছিল

ধূসৰ বগা ৰঙৰ শাৰী, ওৰণিৰে মূৰ ঢাক খাই থকা মঙলৰ মুখত আত্মবিশ্বাস ভাৱ এটা লাগি আছিল। ২১ ডিচেম্বৰত জাঠা আৰম্ভ হ’বলগীয়া নাচিকৰ পথাৰখনত সোমায়েই তেওঁ যিখন টেম্পোত শিবিৰ পাতি ৰাস্তাত ৰাতি কটাব, সেইখনলৈ বাট চাইছে। মীৰাবাইয়ে উৎসুকতা প্ৰকাশ কৰে। মঙলে কয়, “মই আশা পালি ৰৈছো।” “এইখন এখন সম্পূৰ্ণ কৃষক বিৰোধী চৰকাৰ। আমি কৃষকসকলক দিল্লীৰ সীমান্তৰ পৰা অহাৰ বাবে প্ৰংশসা কৰিছো আৰু আমি আমাৰ সমৰ্থন আগবঢ়াব বিচাৰো।”

মঙলৰ পৰিয়ালে দুই বিঘা মাটিত ধান, ঘেঁহু আৰু পিয়াঁজৰ খেতি কৰে কিন্তু তেওঁ  কৃষি শ্ৰমিক হিচাপে কাম কৰি দৈনিক মজুৰি হিচাপে পোৱা ২৫০ টকাই তেওঁৰ উপাৰ্জনৰ প্ৰাথমিক উৎস। যেতিয়া তেওঁ এসপ্তাহ ধৰি চলি থকা প্ৰতিবাদত অংশ লোৱাৰ সিদ্ধান্ত লৈছে, তেওঁৰ মাহিলী উপাৰ্জনৰ এক-চতুৰ্থাংশ হেৰুৱাব। “আমি বহলকৈ চোৱাৰ প্ৰয়োজন আছে,” তেওঁ কয়। “এই প্ৰতিবাদবোৰ সমগ্ৰ কৃষক ৰাইজৰ বাবে।”

গাড়ীবোৰ এখনৰ পিছত আনখন আহি আছে, খেলপথাৰত ১০ মিনিটৰ আমাৰ কথা পতাৰ মাজতে মীৰাবাইয়ে মঙলক বিচাৰি আহিছে। তেওঁ তাইলৈ হাত বাউলি দি মাতিছে আৰু কৈছে যে আমাৰ কথোপকথন শেষ হ’ল। মীৰাবাই মঙলক মঞ্চৰ কাষলৈ লৈ যাব বিচাৰিছে য’ত কৃষকসকলে ভাষণ দি আছে। মঙলে তাৰ পৰিৱৰ্তে মীৰাবাইক আমাৰ কথোপথোনত ভাগ লোৱাৰ বাবে কয়। মীৰাবাই তুলনামূলকভাবে লাজকুৰীয়া, কিন্তু সিহঁতে আৰু অন্য কৃষকসকলে কিয় প্ৰতিবাদ কৰি আছে আৰু কৃষি আইনবোৰৰ পৰিণাম কি হ’ব পাৰে সেই বিষয়ে দুয়োগৰাকী মহিলা কৃষকে  ভালদৰে জানে।

“আমাৰ উৎপাদিত শস্য ঘাইকৈ আমাৰ নিজৰ পৰিয়ালৰ বাবে,” মঙলে কয়। “আমি পিয়াঁজ আৰু ধান বাণীৰ বজাৰত বিক্ৰী কৰো। নাচিক জিলাৰ বাণী নগৰত থকা বজাৰখন সিহঁতৰ গাঁৱৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত। তাতে কৃষিজাত সামগ্ৰী ব্যক্তিগত ব্যৱসায়ীৰ দ্বাৰা নিলামৰ জৰিয়তে বিক্ৰী কৰা হয়। খেতিয়কসকলে কেতিয়াবা ন্যূনতম সমৰ্থিত মূল্য পায়, কেতিয়াবা নাপায়। “আমি ন্যূনতম সমৰ্থিত মূল্য আৰু এখন নিৰ্ধাৰিত বজাৰৰ প্ৰয়োজনীয়তা বুজি পাওঁ,” মঙলে কয়। “এই নতুন কৃষি আইন কাৰ্যকৰী হ'লে নূন্যতম সমৰ্থন মূল্য হেৰুৱাব লাগিব। এয়া দুখৰ কথা যে আমি আমাৰ মৌলিক অধিকাৰখিনিৰ বাবে সদায় প্ৰতিবাদ কৰিব লাগে।”

Mangal (right) is more outspoken, Mirabai (middle) is relatively shy, but both women farmers know exactly why they and the other farmers are protesting, and what the fallouts of the farm laws could be
PHOTO • Parth M. N.

মঙল (সোঁফালে) বেছি স্পষ্টবাদী। মীৰাবাই (মাজত) তুলনামূলকভাৱে লাজকুৰীয়া, কিন্তু তেওঁলোকৰ লগতে অন্য কৃষকসকলে কিয় আন্দোলন কৰিছে আৰু এই কৃষি আইনৰ পৰিণতি কি হ'ব পাৰে দুয়োগৰাকী মহিলা কৃষকে ভালদৰে জানে

২০১৮ চনৰ মাৰ্চত কৃষকৰ দীঘলীয়া সমদলত যেতিয়া কৃষকসকল - তেওঁলোকৰ বেছিভাগে আদিবাসী সম্প্ৰদায়ৰ - তেওঁলোকৰ নামত মাটিৰ পট্টা দিয়াৰ মূল দাবীত মুম্বাইৰ পৰা নাচিকলৈ সাতদিন ধৰি ১৮০ কিলোমিটাৰ বাট তেওঁলোকে খোজকাঢ়ি আহিছিল। এইধৰণৰ সমাবেশৰ পিছত আমাৰ প্ৰতিবাদৰ কিছু তীব্ৰতা আহিছে, মীৰাবাইয়ে কয়, তেওঁ ঘাইকৈ ১.৫ একৰ মাটিত ধানৰ খেতি কৰে।

“কিন্তু এয়া অসহ্যকৰ আছিল। মোৰ মনত আছে মোৰ পিঠিখনত তীব্ৰ বিষ উঠিছিল। তথাপি আমি সফল হৈছিলো। মোৰ বয়সৰ ফালে চাই মঙলতকৈ মোৰ বাবে সেয়া বেছি কষ্টকৰ আছিল।”

২০১৮ চনৰ সেই দীঘলীয়া যাত্ৰাপথত মীৰাবাই আৰু মঙলে পৰস্পৰৰ খবৰ ৰাখিছিল। “তেওঁৰ ভাগৰ লাগিলে মই তেওঁৰ বাবে ৰৈ দিছিলো। আকৌ মই খোজকাঢ়িব নোৱাৰিলে তেওঁ মোৰ বাবে অপেক্ষা কৰিছিল,” মঙলে কয়। “কঠিন সময় এনেদৰেই পাৰ কৰিব লাগে। আমাৰ নিচিনা মানুহে চৰকাৰক জগাবলৈ এসপ্তাহ ধৰি খালী ভৰিৰে খোজকাঢ়ি আহিছো।”

এতিয়া মোডী চৰকাৰক জগাই তুলিবলৈ তেওঁলোক আকৌ দিল্লীলৈ আহিছে। “চৰকাৰে আইনকেইখন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত আমি দিল্লীত থাকিবলৈ সাজু,” মঙলে কয়। “আমি বহুত গৰম কাপোৰ আনিছো। দিল্লীলৈ মোৰ এয়া প্ৰথমবাৰ অহা নহয়।”

১৯৯০ চনৰ প্ৰথমভাগত মঙলে ৰাজধানীলৈ গৈছিল। “নানাচাহেব মালুসাৰেৰ লগত গৈছিলো”, তেওঁ কয়। মালুসাৰে নাচিক আৰু মহাৰাষ্ট্ৰৰ কৃষক সভাৰ গুৰুত্বপূৰ্ণ নেতা। প্ৰায় ৩০ বছৰ পিছতো কৃষকসকলৰ দাবীবোৰ একে আছিল। মঙল আৰু মীৰাবাই দয়োগৰাকী অনুসূচীত জনজাতিৰ অৰ্ন্তগত কোলি মহাদেৱ সম্প্ৰদায়ৰ আৰু বন বিভাগৰ অধীনত থকা মাটিত দশক ধৰি খেতি কৰি আছে। ২০০৬ৰ বন সুৰক্ষা আইন অনুসৰি এই মাটিৰ মালিকীস্বত্ব যে তেওঁলোকৰ নিজৰ, এই কথা উল্লেখ কৰি তেওঁলোকে কয়, “আইন আছে যদিও মাটিৰ পট্টা নিজৰ নামত নাই।”

Since Mirabai is older, Mangal seems to be more protective of her. From holding a seat for her, to going to the washroom with her, they are inseparable
PHOTO • Parth M. N.

মীৰাবাই বয়সত ডাঙৰ হোৱাৰ বাবে মঙলে তেওঁক বেছিকৈ নিৰাপদে ৰাখিব খোজা যেন দেখা যায়। তেওঁৰ বাবে আসন ৰাখি থয়, গা ধুবলৈও তেওঁৰ সৈতে যায়, তেওঁলোক অবিচ্ছেদ্য

অন্য প্ৰতিবাদকাৰীসকলৰ দৰে তেওঁলোকেও চুক্তিবদ্ধ কৃষি ব্যৱস্থাক সামৰি লোৱা নতুন কৃষি আইনক লৈ শংকিত। বহুতে ইয়াৰ সমালোচনা কৰিছে আৰু সাধাৰণ কৃষকসকল কোনো বৃহৎ কৰ্পোৰেটৰ সৈতে চুক্তিবদ্ধ হৈ নিজৰ মাটিতে তেওঁলোক চুক্তিবদ্ধ শ্ৰমিকলৈ পৰিণত হোৱাৰ আশংকা আছে। “আমি বহু দশক ধৰি আমাৰ মাটিৰ বাবে যুঁজি আছো,” মঙলে কয়। “নিজৰ মাটিৰ মালিকীস্বত্বৰ গুৰুত্বৰ কথা আমি বুজি পাওঁ। আমি গোটেই জীৱন ইয়াৰ বাবে যুঁজি আহিছো। আমি অলপ সফলতা পাইছো। কিন্তু এই প্ৰক্ৰিয়াত আমাৰ একেধৰণৰ সমস্যাৰ জৰিয়তে আমি বন্ধুত্ব গঢ়িছো।”

তেওঁলোকৰ মাজৰ বন্ধুত্ব বেছি গভীৰ হৈছিল। মীৰাবাই আৰু মঙলে এজনে আনজনৰ অভ্যাসৰ বিষয়ে জানে। মঙলে তেওঁক বেছিকৈ সুৰক্ষিত কৰি ৰাখে। তেওঁৰ বাবে আসন ৰাখি থয়, বাথৰুমলৈ তেওঁৰ সৈতে যায়, তেওঁলোক অবিচ্ছেদ্য। যেতিয়া জাঠাৰ উদ্যোক্তাসকলে প্ৰতিবাদকাৰীসলকৰ মাজত কল বিতৰণ কৰিছিল, মঙলে মীৰাবাইৰ বাবে এটা বেছিকৈ আনিছিল।

সাক্ষাৎকাৰৰ শেষত মই মঙলৰ ফোন নম্বৰ বিচাৰিছিলো। তেতিয়া মই মীৰাবাইৰ ফালে ঘুৰিছিলো। “আপোনাক ইয়াৰ প্ৰয়োজন নহ’ব,” মঙলে লাহেকৈ কয়। “আপুনি মোৰ নম্বৰেত তেওঁক যোগাযোগ কৰিব পাৰিব।”

পুনশ্চঃ এই গৰাকী সাংবাদিকে মঙল আৰু মীৰাবাইক ২১ আৰু ২২ ডিচেম্বৰত লগ পাইছিল। ২৩ ডিচেম্বৰৰ পুৱা তেওঁলোক দুজনে জাঠাৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিল। যেতিয়া মই তেওঁলোকক ২৪ ডিচেম্বৰত ফোন কৰিছিলো, মঙলে কৈছিল, “আমি ঠাণ্ডা সহ্য কৰিব পৰা নাছিলো যাৰ বাবে মধ্য প্ৰদেশ সীমান্তৰ পৰা উভতি অহাৰ সিদ্ধান্ত লৈছিলো।" টেম্পোৰ যাত্ৰাত মুকলি থকা সন্মুখৰফালৰ পৰা অহা  ফিৰফিৰিয়া ঠাণ্ডা বতাহ সহ্য কৰা কঠিন হৈ পৰে। সিহঁতৰ স্বাস্থ্যক লৈ হেতালি নেখেলি শীতৰ ওচৰত পৰাভূত হৈ সিহঁতৰ গাওঁ শিণ্ডৱাড়লৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছিল। "মীৰাবাইয়ে বিশেষকৈ ঠাণ্ডা অনুভৱ কৰিছিল। মইও ঠাণ্ডা পাইছিলো,” মঙলে কয়। নাচিকত সমবেত হোৱা ২০০০ কৃষকৰ প্ৰায় ১০০০ কৃষকে মধ্য প্ৰদেশৰ সীমান্ত অতিক্ৰম কৰি দেশৰ ৰাজধানী চহৰলৈ যাত্ৰা অব্যাহত ৰাখিছে।

অনুবাদ - ভৱেশ মেধি

Parth M. N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M. N.
Translator : Bhabesh Medhi

Bhabesh Medhi is a journalist based in Guwahati. He is recipient two times of Reach Media Fellowship under which he has been reporting on health issues. He is also recipient two times of Unicef Media Fellowship under which he has been reporting on child issues He can be reached at [email protected]

Other stories by Bhabesh Medhi