ৰাস্তাৰ কাষৰ ধাবাত থকা কৃষকসকলক বাঁহীৰ সুৰ এটাই চুই গৈছিল। ২২ ডিচেম্বৰৰ শীতৰ পুৱা নাচিক চহৰৰ পৰা ৬৫ কিলোমিটাৰ দুৰৈত থকা চান্দবাড় নগৰত তেওঁলোকে চাহৰ বাবে অপেক্ষা কৰি আছিল। কিছুমানে আধা টোপনিত আছিল আৰু আন কিছুমানে পুৱাৰ আহাৰৰ বাবে পাওঁ প্ৰস্তুত কৰি আছিল। কিন্তু কোলহাপুৰ জিলাৰ জামভলী গাঁৱৰ ৭৩ বছৰীয়া নাৰায়ন গাইকোৱাডে বাঁহী বজায় আছিল। ঘৰৰ পৰা তেওঁ ৫০০ কিলোমিটাৰ দূৰৈত আছিল যদিও পুৱাৰ দৈনন্দিন  কামবোৰ কৰি আছিল। “মানুহে কয় যে দিল্লীৰ এই প্ৰতিবাদ পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকৰ মাজতে সীমাবদ্ধ," তেওঁ কয়। “আমি এই বিষয়টো ৰাষ্ট্ৰীয় বিষয় হিচাপে দাঙি ধৰিব বিচাৰো।”

২১ ডিচেম্বৰত নাচিকৰ পৰা যাত্ৰা আৰম্ভ কৰা দিল্লীলৈ গাড়ীৰ সমদলত অংশ ল’বলৈ অহা ২০০০ কৃষক, কৃষি শ্ৰমিক আৰু প্ৰতিবাদকাৰীসকলৰ দলত গাইকোৱাডো এজন আছিল। কিন্তু গাইকোৱাডৰ যাত্ৰা এদিন আগতে আৰম্ভ হৈছিল। “আমি সাতজনে ২০ ডিচেম্বৰৰ ৰাতি টেম্পোৰে আহি নাচিকত উপস্থিত হৈছিলো। এইখিনি পাবলৈ আমাক ১৩ ঘন্টা সময় লাগিছিল," তেওঁ কয়। "বয়সৰ লগে লগে ৰাস্তাৰে যাত্ৰা কৰা কঠিন হৈ পৰিছে। কিন্তু মই আহিবলৈ সিদ্ধান্ত লৈছিলো কাৰণ মই ভগত সিঙৰ ভাৰতৰ ধাৰণাত বিশ্বাস কৰো। বিল্পৱ নোহোৱাকৈ কৃষকৰ সমস্যা কেতিয়াও সমাধান নহয়।”

পাঞ্জাৱ হাৰিয়ানাৰ লাখ লাখ কৃষক মূলতঃ সাহসেৰে আৰক্ষীৰ কন্দুৱা গেছ, লাঠিচালনা, শীত আৰু বৰষুণক নেওচি দিল্লী সীমান্তত প্ৰতিবাদ কৰি আছে। তেওঁলোকে তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি আছে যি তিনিখন প্ৰথমে কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ ২০ জুনত অধ্যাদেশ হিচাপে জাৰি কৰিছিল আৰু ১৪ ছেপ্টেম্বৰত সদনত উত্থাপন কৰাৰ পিছত সেই মাহৰ ২০ তাৰিখে আইনত পৰিণত হৈছিল।

কৃষকসকলে বিৰোধীতা কৰা আইনবোৰ ক্ৰমে- কৃষিপণ্য ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ)আইন, ২০২০ ; শস্যৰ (সবলীকৰণ আৰু সংৰক্ষণ) মূল্যৰ আৰু কৃষি সেৱা আইন, ২০২০ৰ আৰু অত্যাৱশ্যকীয় পণ্য(সংশোধন) আইন, ২০২০ৰ নিশ্চয়তাৰ চুক্তি। ইয়াৰ উপৰিও এই আইনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে সমালোচিত হৈছে।

Left: Narayan Gaikwad came from Kolhapur to join the march. Right: Kalebai More joined the jatha in Umarane
PHOTO • Shraddha Agarwal
Left: Narayan Gaikwad came from Kolhapur to join the march. Right: Kalebai More joined the jatha in Umarane
PHOTO • Parth M.N.

বাওঁফালেঃ নাৰায়ন গাইকোৱাডে কোলহাপুৰৰ পৰা সমদলত ভাগ ল’বলৈ আহিছিল। সোফালেঃ কালেবাইও উমাৰানে জাঠাত ভাগ ল’বলৈ আহিছিল

সদৌ ভাৰত কৃষক সভা(এ আই কে এছ)ৰ দ্বাৰা সংগঠিত মহাৰাষ্ট্ৰৰ ২০ খন জিলাৰ পৰা অহা কৃষকসকলে সিহঁতৰ সমৰ্থন আগবঢ়াই উত্তৰ অংশৰ লগত যোগ দিয়াৰ সিদ্ধান্ত লৈছিল।

প্ৰায় ৫০ খন ট্ৰাক, টেম্পো আৰু চাৰিচকীয়া বাহনেৰে আহি নাচিকৰ গ’ল্ফ ক্লাৱৰ পথাৰত সম্মিলিত হোৱা কৃষকসকলৰ উদ্দেশ্যে ২১ ডিচেম্বৰৰ আবেলি এ আই কে এছৰ নেতাসকলে ভাষণ দিছিল। ইয়াৰ পিছতে বিশাল সমদলটো ১৪০০ কিলোমিটাৰলৈ আগুৱাই আহিছিল। চান্দবাড়ে প্ৰথমে ৰৈছিল, কৃষকসকলে তাত এখন

ছেকেণ্ডাৰী স্কুলত ৰাতি শিৱিৰ পাতিছিল। তেওঁলোকে একুৰা জুইৰ উম লৈ ৰাতিৰ আহাৰত খিচিৰি খাই আছিল। তাৰ পিছত তেওঁলোকে চুৱেটাৰ পিন্ধি কম্বল উৰি শুবলৈ গৈছিল।

গাইকোৱাডে এই যাত্ৰাত চাৰিখন আলোৱান লৈ আহিছিল। “আমি জীপত ভ্ৰমণ কৰি আছো আৰু বতাহে কোবাই আছে,” পুৱাৰ উপমা খাই তেওঁ মোক কৈছিল। আমি ডেওলা তালুকৰ উমৰানে গাঁৱত আছিলো, তাতে জাঠা ৰৈছিল। চান্দবাড়ৰ পৰা ২০ কিলোমিটাৰ আঁতৰত পুৱাৰ আহাৰ খাবলৈ জাঠাটো ৰৈছিল।

গাইকোৱাডৰ নিজৰ বুলিবলৈ গাঁৱত তিনি কঠা মাটি আছে, য’ত তেওঁ কুঁহিয়াৰৰ খেতি কৰে। তেওঁৰ দুটা ম’হ আৰু তিনিজনী গাইও আছে। “কৃষি আইনসমূহৰ এখনে এ পি এম চি এছ(কৃষি উপাদন বিপণন কমিটী)ক প্ৰৱঞ্চনা কৰিব আৰু চৰকাৰৰ মতে এইখনে কৃষিক্ষেত্ৰত বেছিকৈ ব্যক্তিগতখণ্ডক প্ৰাধান্য দিয়াব। দুগ্ধক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ আধিক্য আছে। তথাপি আমি একো লাভ নাপাও। ব্যক্তিগত কোম্পানীবোৰে অকল তেওঁলোকৰ নিজৰ লাভত গুৰুত্ব দিয়ে,” তেওঁ কয়।

গাইকোৱাডে পুৱাৰ আহাৰ খাই থকা সময়ত ৬৫ বছৰীয়া কৃষিশ্ৰমিক কালেবাইয়ে ব্যাকুল হৈ এখন আসন বিচাৰি আছিল। তেওঁ উমৰানেত জাঠাত যোগ দিছিল। “সকলোবোৰ টেম্পো ভৰ্তি আছিল,” তাই মোক চিন্তান্বিত হৈ কৈছিল। “তেওঁলোকে মোৰ বাবে এটা খালী ঠাই দিব পৰা নাই। মই সঁচাকৈ দিল্লীলৈ যাব বিচাৰো।”

Top left: Left: The vehicles assembled at Golf Club Ground in Nashik. Top right: Farmers travelled in open-back tempos in the cold weather. Bottom: The group had dinner in Chandvad. They lit bonfires to keep themselves warm at night
PHOTO • Parth M.N.

ওপৰৰ বাওঁফালেঃ বাহনবোৰ নাচিকৰ গ’ল্ফ ক্লাবৰ পথাৰত সমবেত হৈছিল। ওপৰৰ সোঁফালেঃ দলটোয়ে চান্দৱাড়ত নিশাৰ আহাৰ গ্ৰহণ কৰিছিল। নিশা শৰীৰ গৰমকৈ ৰাখিবৰ বাবে জুই জ্বলাইছিল।

নাচিকৰ দিণ্ডোৰি তালুকৰ ছিন্দবাড় গাৱঁৰ পৰা গুলপীয়া ৰঙৰ শাৰী পৰিহিতা কালেবাইয়ে গাড়ীবোৰ ইখন এৰি সিখন চাই ঘুৰি আছিল। তেওঁ অনুৰোধ কৰিছিল, কাৰণ দৰ্শাইছিল আৰু আনকি চালকসকলক খং কৰিছিল। অৱশেষত কোনোবাই তেওঁক এখন টেম্পোত ঠাই দিছিল আৰু তেওঁৰ খঙত ৰঙা পৰা মুখখনত এক সন্তুষ্টিৰ ভাৱ দেখা গৈছিল। তেওঁ শাৰীখন ঠিক কৰি টেম্পোত উঠিছিল। তেওঁৰ মুখত লগে লগে এক শিশুসুলভ হাঁহি বিৰিঙি উঠিছিল।

“মই দৈনিক ২০০ টকা মজুৰী পোৱা এগৰাকী কৃষিশ্ৰমিক,” তেওঁ মোক কৈছিল। “মই জাঠাত অংশগ্ৰহণ কৰাৰ বাবে ইয়াৰ এক অংশ দিব বিচাৰো।” আন কৃষকৰ পথাৰত নিয়োগৰ বাবে নিৰ্ভৰ কৰা কালেবাইয়ে কৈছিল যে যেতিয়া কৃষকসকলে তেওঁলোকৰ উৎপাদনৰ পৰা আয় কৰিব নোৱাৰিলে এয়া আগলৈ কঠিন হৈ পৰে। উপাৰ্জন নাইকিয়া হ’লে তেওঁলোকে আমাৰ নিচিনা শ্ৰমিকক কাম দিব নোৱাৰে,” তেওঁ কৈছিল। “বিদ্যুতৰ মাচুল বাঢ়িলে যদি সিহঁতৰ উপাদন ব্যয় বাঢ়ি যায়, তেতিয়া আমাৰ কাম হ্ৰাস পাই আহে।”

কালেবাই কোলি মহাদেৱ আদিবাসী জনজাতিৰ লোক। তেওঁ চিন্দবাড়ত বন বিভাগৰ অধীনত থকা দুই একৰ মাটিত খেতি কৰি জীয়াই থকা সাধাৰণ কৃষক। নাচিকৰ আদিবাসী এলেকাত থকা তাইৰ দৰে কৃষকে তেওঁলোকৰ মাটিৰ অধিকাৰৰ বাবে যুঁজি সামান্য সফলতা লাভ কৰিছে।

জাঠাৰ যোগেদি অহা এ আই কে এছৰ সভাপতি অশোক ধাৱালে কয় যে সমগ্ৰ ভাৰতৰ বনাঞ্চলত বাস কৰা আদিবাসীসকলৰ বৃহৎ ক’ৰ্পোৰেট গোষ্ঠীৰ সৈতে অভিজ্ঞতা বেয়া। “এই আইন তিনিখনে ক’ৰ্পোৰেটলৈ ব্যক্তিগতকৰণৰ বাবে দলিচা পাৰি দিছে, আদিবাসীসকলে সেয়াই প্ৰতিৰোধ কৰিব বিচাৰিছে,” তেওঁ কয়। “তেওঁলোকৰ বহুতে জাঠাত অংশ লোৱাৰ ইয়েই অন্যতম কাৰণ”।

The farmers rested near the gurudwara in Kota after a meal
PHOTO • Parth M.N.

কৃষকসকলে খাদ্য গ্ৰহণৰ পিছত কোটাৰ গুৰুদ্বাৰাৰ ওচৰত জিৰণি লৈছিল।

২২ ডিচেম্বৰত জাঠাই ১৫০ কিলোমিটাৰ সামৰি লৈছিল আৰু মধ্যপ্ৰদেশ সীমান্তৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দুৰৈৰ ধুলে জিলাৰ সিৰপুৰ নগৰত যাত্ৰা ৰৈছিল। দিনৰ ভাগত ঘাম ওলাই আহে আৰু যাত্ৰা কিছু আগবাঢ়ে। শীত অসহনীয় হৈছিল আৰু দলটোৰ একাংশই উভতি যোৱাৰ সিদ্ধান্ত লৈছিল। গাইকোৱাডৰ পিঠিৰ বিষত ভুগি আছিল। মই দিল্লীলৈ যাত্ৰা কৰিব নোৱাৰিম, তেওঁ মোক পিছদিনা পুৱা কৈছিল। ২-৩ দিনতকৈ কামৰ পৰা বেছিদিন আঁতৰি থাকিব নোৱাৰাৰ বাবে একাংশ উভতি আহিছিল।

২৩ ডিচেম্বৰ - জাঠাৰ তৃতীয় দিন - প্ৰায় ১,০০০ মানুহ দিল্লী আগবাঢ়িছিল।

জাঠাটো চহৰ-নগৰ পাৰ হৈ দীঘলীয়া যাত্ৰালৈ আগবাঢ়িছিল। গাড়ীৰ সমদলটো ভাৰতৰ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ অৰ্ন্তগত এ আই কে এছৰ দ্বাৰা সংগঠিত কৰা হৈছিল যদিও অন্য ৰাজনৈতিক দলৰ ভিতৰত শিৱসেনা আৰু কংগ্ৰেছে সংহতি প্ৰকাশ কৰিছিল। সমাজকৰ্মীসকলো জাঠাত অংশগ্ৰহণ কৰিছিল।

মধ্যপ্ৰদেশৰ বাৰৱানী জিলাৰ সিন্ধৱা চহৰৰ সমাজকৰ্মী মেধা পাটকাৰে কৃষকসকলক সংগ দিছিল। তেওঁ কিছুদূৰ সমদলটোক নেতৃত্ব দিছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শ্লোগান জুৰিছিল।

কিন্তু মধ্য প্ৰদেশত পৰিকল্পনাতকৈ বেছি সময় অভ্যৰ্থনা কৰা হৈছিল। জাঠা মাত্ৰ ৰাজস্থানৰ কোটাৰ পৰা প্ৰায় ৩২০ কিলোমিটাৰ আঁতৰত - ইণ্ডোৰৰ উপকণ্ঠ এলেকাত নিশা ১০ বজাত আহি পাইছিল, য’ত সমদলটো সেই নিশাই আহি পাইছিল।

বহু বিচাৰ-বিবেচনাৰ পিছত দলটোয়ে ৰাজস্থানৰ পিনে গৈ থকাৰ সিদ্ধান্ত লৈছিল। গাড়ী নিশাৰ ঠাণ্ডাৰ মাজেৰে গৈ ২৪ ডিচেম্বৰৰ পুৱা ৭ বজাত কোটা পাইছিল।

কিন্তু কৃষকসকলে খোলা টেম্পোত ঠাণ্ডা বতাহৰ মাজত নিশাটো আছিল। আহমদনগৰ জিলাৰ ছিণ্ডোৰি গাঁৱৰ ৫৭ বছৰীয়া মথুৰা বাৰডে কৈছিল যে তেওঁ তিনি তৰপৰ কাপোৰ পৰিধান কৰাৰ পিছতো ঠাণ্ডাত শিল হৈ পৰিছিল। “মোৰ পিন্ধিবলৈ বেছি কাপোৰ নাছিল। মই মোৰ কাণ ঢাকি লৈছিলো আৰু কেনেবাকৈ নিশাটো পাৰ কৰিছিলো,” তেওঁ কৈছিল, পুৱাৰ ভাগতে এটা গুৰুদ্বাৰাৰ (সমূহীয়া ৰান্ধনীশাল) ৰান্ধনীশালত খাদ্য গ্ৰহণ কৰিছিলো। চহৰৰ শিখ সম্প্ৰদায়ৰ লোকসকলে কৃষকসকলক আপ্যায়ন কৰিছিল আৰু তেওঁলোকক ৰুটি, দাইল আৰু খিচিৰি আগবঢ়াইছিল। অৱশ ভ্ৰমণকাৰী দলটোৱে তেতিয়া গুৰুদ্বাৰাৰ ওচৰত ৰ’দ লৈ জিৰণি লৈছিল।

Left: Farm leaders walked up to the barricades upon arriving in Shahjahanpur. Right: A policeman quickly takes a photo
PHOTO • Parth M.N.
Left: Farm leaders walked up to the barricades upon arriving in Shahjahanpur. Right: A policeman quickly takes a photo
PHOTO • Parth M.N.

বাওঁফালেঃ কৃষক নেতাসকলে খোজকাঢ়ি গৈ ছাহজাহানপুৰৰ বেৰিকেডৰ ওচৰ পাইছিল। সোফালেঃ এগৰাকী আৰক্ষীয়ে দৌৰাদৌৰিকৈ এটা ফটো উঠাইছিল।

গাড়ীৰ সমদলটোৱে ২৪ ডিচেম্বৰত ২৫০ কিলোমিটাৰ অতিক্ৰম কৰিছিল আৰু নিশাৰ বাবে জয়পুৰত ৰৈছিল।

অৱশেষত জাঠাটো ২৫ ডিচেম্বৰৰ দিনৰ ১২.৩০ বজাত ৰাজস্থান আৰু হাৰিয়ানাৰ সীমান্ত ছাহজাহানপুৰ উপস্থিত হৈছিল। জাঠাটো আহি পোৱাৰ পিছত প্ৰতিবাদস্থলীৰ পৰিৱেশ উদ্ভাসিত হৈ উঠিছিল। ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত (এন এইচ ৪৮) প্ৰায় দুই সপ্তাহ ধৰি বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ দলটোয়ে কৃষকসকলক আদৰণি জনাইছিল।

কৃষক নেতাসকলে তেওঁলোকৰ বাহনৰ পৰা নামিছিল আৰু হাৰিয়ানাৰ চৰকাৰে স্থাপন কৰা বেৰিকেডৰ ওচৰলৈ শেষ কিলোমিটাৰ বাট খোজকাঢ়ি গৈছিল। বেৰিকেডৰ কাষত থকা একাংশ আৰক্ষী কৃষকসকলৰে সন্তান আছিল বুলি তেওঁলোকে মোক কৈছিল। সিহঁতৰ মাজৰে এজনে ম’বাইল ফোন উলিয়াইছিল আৰু আগবাঢ়ি অহা কৃষকসকলৰ খৰধৰকৈ ফটো তুলিছিল, তাৰ পিছত সেয়া আকৌ তেওঁৰ পকেটত ভৰাইছিল।

কৃষক নেতাসকলে গোটেই সন্ধিয়া প্ৰতিবাদস্থলীত ভাষণ দিছিল। সন্ধিয়া যেতিয়া শীত নামি আহিছিল, মহাৰাষ্ট্ৰৰ কৃষকসকলে ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথতত বেছিকৈ তম্বু সাজু কৰিছিল। দিল্লীলৈ যাবলৈ সাহস আৰু দৃঢ়তাৰ প্ৰয়োজন। কিন্তু তেওঁলোকৰ সংগ্ৰাম আৰম্ভ হৈছেহে মাত্ৰ।

প্ৰচ্ছদ আলোকচিত্ৰ: শ্ৰদ্ধা আগৰৱাল

অনুবাদ - ভৱেশ মেধি

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Bhabesh Medhi

Bhabesh Medhi is a journalist based in Guwahati. He is recipient two times of Reach Media Fellowship under which he has been reporting on health issues. He is also recipient two times of Unicef Media Fellowship under which he has been reporting on child issues He can be reached at [email protected]

Other stories by Bhabesh Medhi