প্ৰকাশ ভগতে এটা ডাঙৰ এলুমিনিয়ামৰ থালীৰ ওচৰত হাউলি এখন হেতাৰে আলু-মটৰৰ তৰকাৰীখন ৰান্ধি আছিল। তেওঁৰ নিজৰ দেহৰ ওজন বাওঁ ভৰিখনৰ ওপৰত এৰি দিছিল আৰু এডাল বাঁহৰ লাখুটিৰে ভাৰসাম্য ৰক্ষা কৰি সোঁ ভৰিখন বতাহত এৰি দিছিল।

“মই দহ বছৰ বয়সৰ পৰা এনেদৰে লাখুটিৰ সহায়ত খোজকাঢ়ি আহিছো,’’ ৫২ বছৰীয়া ভগতে কয়। “মই শৈশৱৰ পৰা এখন ভৰি ওলমাই খোজকাঢ়ি আহিছো। মোৰ মা-দেউতাই কয় মোৰ হেনো এডাল নাড়ী কোঁচ খাই আছিল।”

এই অক্ষমতাই ভগতৰ সিদ্ধান্তত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ পানভেল তালুকৰ অন্তৰ্গত তেওঁৰ গাওঁ পাৰগাঁৱৰ বহুতে যেতিয়া দিল্লীলৈ যোৱা গাড়ীৰ জাঠাত ভাগ লোৱাৰ সিদ্ধান্ত লৈছিল, তেওঁ তাত অংশ লোৱাৰ বাবে দুনাইবাৰ ভাবিবলগা হোৱা নাছিল। “মই এটা উদ্দেশ্যৰ লৈয়ে ইয়ালৈ আহিছো,” আঞ্জাখনৰ চাকি চাই তেওঁ কয়।

কেন্দ্ৰীয় চৰকাৰে এই বছৰ ছেপ্টেম্বৰত জাপি দিয়া তিনিখন কৃষি আইনৰ বিৰুদ্ধে ৰাজধানী চহৰৰ সীমান্তৰ লগতে তিনিখন ভিন ভিন ঠাইত দহ হাজাৰ কৃষকে প্ৰতিবাদ কৰি আছিল। প্ৰতিবাদকাৰী কৃষকসকলে তেওঁলোকৰ সমৰ্থন আৰু সহযোগিতা প্ৰকাশ কৰি মহাৰাষ্ট্ৰৰ প্ৰায় ২০০০ কৃষকে ২১ ডিচেম্বৰত দিল্লীলৈ প্ৰায় ১৪০০ কিলোমিটাৰ দূৰত্ত্বৰ জাঠাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে নাচিকত গোট খাইছিল।

পাৰগাঁৱৰ পৰা ৩৯ জনে তাত অংশগ্ৰহণৰ বাবে সিদ্ধান্ত লৈছিল। “এই দেশৰ কৃষকসকলক সদায় প্ৰৱঞ্চিত হৈ আহিছে। তেওঁলোকৰ বহু সংখ্যকে তেওঁলোকৰ উৎপাদনৰ নায্য মূল্য পোৱা উচিত। এইবোৰ আইনে তেওঁলোকৰ ঋণৰ বোজা বঢ়াব। কৃষকসকল বৃহৎ কোম্পানীৰ হাতোৰাত সোমাই পৰিব যিয়ে তেওঁলোকক শোষণ কৰিব। এই কৃষি আইনে এই মূহূৰ্তত পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলৰ ক্ষতি কৰিছে আৰু এই প্ৰতিবাদ মূলতঃ তেওঁলোকৰ দ্বাৰা পৰিচালিত হৈছে। কিন্তু এয়া নহয় যে দেশৰ আন কৃষকসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ নপৰিব।

Bhagat and his colleagues get to work
PHOTO • Shraddha Agarwal
The bus is stacked with onions, potatoes and rice, among other items. When activists leading the march stop, Bhagat and his colleagues get to work
PHOTO • Shraddha Agarwal

আন সামগ্ৰীৰ লগতে বাছখন পিয়াঁজ আৰু চাউলেৰে দ’মাই থোৱা আছে। সমদলটো যেতিয়া ৰৈছে, ভগত আৰু তেওঁৰ লগৰীয়াসকলে কাম আৰম্ভ কৰিছে

ভগত এজন মাছমৰীয়া। “কৃষকসকলক সমৰ্থন কৰিবলৈ মই কিয় কৃষক হ’ব লাগে?” সি সোধে। “কৃষিয়ে যে গ্ৰাম্য অৰ্থনীতিক আগবঢ়ায় নি আছে সেয়া বহু মানুহে নাজানে।কৃষকসকলে যদি সংগ্ৰাম কৰিবলগীয়া হয়, মোৰ মাছ কোনো কিনিব?”

ভগতে কেঁকোৰা আৰু মিছামাছ ধৰে আৰু সেইবোৰ পানভেল বজাৰত বিক্ৰী কৰি মাহিলী ৫০০০ টকা উৰ্পাজন কৰে। “মোৰ ডাঙৰ স্বয়ংক্ৰিয় নাওঁ নাই,” তেওঁ কয়। “মই হাতেৰে কৌশল প্ৰয়োগ কৰি মাছ মাৰো। আন মাছমৰীয়াসকলে থিয় হৈ টোপ দলিয়াই দিয়ে। মই মোৰ সমস্যাৰ বাবে ভাৰসাম্য ৰাখিব নোৱাৰো। সেয়ে মই বহি মাছ মাৰো।“

মাছমৰীয়া হ’লেও ভগতে ছাগলীৰ মাংস ৰান্ধি বেছি ভাল পায়। “গাউঠি ধৰণে (গাঁৱলীয়া ৰন্ধন শৈলীৰে),” তেওঁ স্পষ্ট কৰি দিয়ে। “মই ৰান্ধি ভালপাওঁ,” তেওঁ কয়। “মই মোৰ গাঁৱৰ বিয়াবোৰত বিভিন্ন ধৰণৰ ব্যঞ্জন ৰান্ধো। মই তাৰ বাবে টকা নলওঁ। মই সেয়া মৰমতে কৰি দিও। যদি কোনোবাই গাঁৱৰ বাহিৰৰ উৎসৱ অথবা অনুষ্ঠানত ৰন্ধাৰ বাবে মোক বিচাৰে, মই তেওঁলোকক মাথো মোৰ অহা-যোৱাৰ ব্যৱস্থাটো কৰি দিবলৈ কওঁ। সেয়ে যেতিয়া গাঁৱৰ মানুহে এই সমদলত যোগ দিয়াৰ বাবে সিদ্ধান্ত লৈছিল, মই ৰন্ধা-বঢ়াৰ দায়িত্ব লৈছিলো।” এই প্ৰতিবাদী সমদলৰ সময়ছোৱাত তেওঁ ৪০ গৰাকী মানুহৰ বাবে ৰন্ধা-বঢ়া কৰি আছে।

পাৰগাঁৱৰ বাসিন্দাসকলে ভাৰতৰ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ অন্তৰ্গত সদৌ ভাৰত কৃষক সভাৰ দ্বাৰা সংগঠিত জাঠাত ভাগ লোৱাৰ বাবে এখন বাছ ভাৰা কৰি আহিছিল। টেম্পো আৰু চাৰিচকীয়া বাহনবোৰৰ মাজত সুমথিৰা ৰঙৰ বাছখন ৰৈ আছে। বাছখন ছয় কিলোগ্ৰাম পিয়াঁজ, ১০ কিলোগ্ৰাম আলু, পাঁচ কিলোগ্ৰাম বিলাহী আৰু ৫০ কিলোগ্ৰাম চাউলেৰে ভৰ্তি আছিল। সমদলটোক নেতৃত্ব দিয়া কাৰ্যকৰ্তাসকলৰ সমদলটো ৰৈ দিলে, ভগত আৰু তেওঁৰ দুজন সতীৰ্থই কাম আৰম্ভ কৰে।

Bhagat cutting onion
PHOTO • Shraddha Agarwal
Bhagat cooking for the farmer brothers
PHOTO • Shraddha Agarwal

‘মই সদায় ৰান্ধি ভাল পাওঁ....সেইবাবে গাঁৱৰ মানুহবোৰে সমদলত ভাগ লোৱাৰ পৰিকল্পনা কৰোঁতে মই তেওঁলোকৰ বাবে ৰন্ধা-বঢ়াৰ বাবে আগবাঢ়িছিলো।‘

ভগতে তেওঁৰ লাখুটিডাল হাতেৰে ধৰি বাছৰ ভড়ালটোৰ ফালে আগবাঢ়ি যায়। তেওঁৰ এজন সতীৰ্থই এটা গধুৰ গেছ চিলিণ্ডাৰকে ধৰি আহাৰ ৰন্ধাৰ বাবে আৱশ্যকীয় খাদ্য-সামগ্ৰীবোৰ উলিয়াই আনে। মালেগাঁও নগৰত ২২ ডিচেম্বৰত গধুলি দুপৰীয়াৰ আহাৰত ভাতৰ লগত আলু-মটৰ আছিল। “আমৰ তিনিদিনৰ জোখাৰে সামগ্ৰী মজুত আছে,” বাছৰ কাষত এখন বিছনা চাদৰ পাৰি ভগতে আমাক কয়। “আমাৰ মাজৰ বহুতে মধ্যপ্ৰদেশৰ সীমান্তৰ পৰা ঘৰমূৱা হ’ব। কিছুমান দিল্লীলৈ যাব। আমি বেছিদিনৰ বাবে কামৰ পৰা আঁতৰি থাকিব নোৱাৰো।”

তেওঁৰ গাওঁ পাৰগাঁৱৰ বেছিভাগ আৱাসী কোলি সম্প্ৰদায়ৰ আৰু মাছ মাৰি জীবিকা নিৰ্বাহ কৰে। “আমি মাহত ১৫ দিন সাগৰলৈ যাও। আমি কম সোঁতত মাছ মাৰিব নোৱাৰো,” ভগতে কয়। “এই সপ্তাহৰ শুক্ৰবাৰ আৰু শনিবাৰে তেওঁ প্ৰবল সোঁত হোৱাৰ বাবে পাৰগাঁৱলৈ ঘুৰি আহিব বিচাৰিছে। আমি কামৰ ঘাটি কৰিব নোৱাৰো,” তেওঁ কয়। “আমি তলাবন্ধ সময়ছোৱাৰ পৰা বহুত অসুবিধা ভুগি আহিছো। আমি আমাৰ সুৰক্ষাৰ বাবে মাছ মৰা বন্ধ কৰিছিলো। আমি কৰ’না ভাইৰাছত আক্ৰান্ত নহ’বলৈ বিচাৰিছিলো। আৰক্ষীয়েও আমাক বজাৰত বেচা-কিনা কৰাৰ অনুমতি দিয়া নাছিল। আমি এতিয়া লাহে লাহে আমাৰ ভৰিৰে উভতিব ধৰিছো। আমি আৰু ঘাটি কৰিব নোৱাৰো।”

প্ৰাৰম্ভিক তলাবন্ধৰ সময়ছোৱাত পাৰগাঁৱৰ আৱাসীসকলে তেওঁলোকৰ গাঁওখনত প্ৰৱেশ বন্ধ কৰি দিছিল। “ৰাজ্যত কিছু প্ৰতিবন্ধকতা শিথিল কৰাৰ পিছতো আমি মুকলি কৰা নাছিলো,” ভগতে কয়। “ভাইৰাছৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে গাঁৱত তেওঁলোকৰ কোনো আত্মীয় প্ৰৱেশ কৰা নাছিল।”

লকডাউনৰ সময়ত যিখন গাঁৱে প্ৰৱেশৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছিল, তেনে এখন গাঁৱৰ পৰা কৃষককে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৩৯ জন লোকে সমদলত অংশগ্রহণ কৰিছিল। ভগতে কয়, "কৃষকসকলক সমৰ্থন কৰাৰ ক্ষেত্রত দুনাইবাৰ ভাবিব নালাগে।”

লেখা : পাৰ্থ এম এন। আলোকচিত্ৰ : শ্ৰদ্ধা আগৰৱাল

অনুবাদ - ভৱেশ মেধি

Parth M. N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M. N.
Shraddha Agarwal

Shraddha Agarwal is a Reporter and Content Editor at the People’s Archive of Rural India.

Other stories by Shraddha Agarwal
Translator : Bhabesh Medhi

Bhabesh Medhi is a journalist based in Guwahati. He is recipient two times of Reach Media Fellowship under which he has been reporting on health issues. He is also recipient two times of Unicef Media Fellowship under which he has been reporting on child issues He can be reached at [email protected]

Other stories by Bhabesh Medhi