গৰু হোৱা হ’লে, বছৰৰ এইখিনি সময়ত গোটেইবোৰ বিলাহী খাব পাৰি। বিনামূল্যে। অৱশ্যে বছৰটোৰ আন সময়ছোৱাত ছাগলী হ’লে বেছি সুবিধা।

এই ফল বা পাচলি বিধ (এনচাইক্ল’পিডীয়া ব্ৰিটেনিকাৰ মতে বিলাহী এবিধ ফল, যিটো পুষ্টিবিদসকলে পাচলি বুলি বিবেচনা কৰে)ৰ দাম একেবাৰে কমি গ’লে, অনন্তপুৰৰ বিলাহী বজাৰৰ কাষৰীয়া এই পথাৰখনে বিলাহীৰ ডাষ্টবিন হৈ পৰে। কাষৰীয়া গাঁওবোৰৰ পৰা খেতিৰ উৎপাদিত সামগ্ৰীবোৰ লৈ অহা খেতিয়কসকলে সাধাৰণতে তেওঁলোকৰ বিক্ৰী নোহোৱা বিলাহীবোৰ ইয়াতেই দলিয়াই থৈ যায়। এই ঠাইখন প্ৰায়ে ছাগলীৰে ভৰি থাকে। ‘কিন্তু বৰষুণৰ দিনত ছাগলীয়ে বিলাহী খালে সিহঁতৰ ‘ফ্লু’ ৰোগ হয়,’ এই কথা পি কাদিৰাপ্পাই জনায়। তেওঁ এজন ছাগলীপালক, যিয়ে বুক্কাৰায়াসমূদ্ৰম গাঁৱৰ পৰা এই চহৰখনলৈ তেওঁৰ ছাগলীবোৰ লৈ আহে। গাওঁখন অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাতে আৰু ইয়াৰ পৰা পাঁচ কিলোমিটাৰো দূৰ নহয়।

ইয়াৰ পৰা এটা কথা ওলাই পৰে যে ছাগলীৰ শৰীৰটোৰ গঠন গৰুতকৈ বেছি লেহুকা হ’ব পাৰে আৰু আনকি সিহঁত ‘ফ্লু’ৰ বাহকো হ’ব পাৰে। যোৱা কেইদিনমান ধৰি অনন্তপুৰত বৰষুণ দি আছে, সেয়েহে ছাগলীবোৰক সিহঁতৰ প্ৰিয় ফলবিধ খাবলৈ দিয়া হোৱা নাই। তথাপি সিহঁতে ঘাঁহ-বন চোবাই তাৰ কাষতে চৰি আছে, মাজে মাজে হয়তো সিহঁতৰ ডাঙৰ শত্ৰুসকলৰ ফালে একোটা ঈৰ্ষাপূৰ্ণ চাৱনি দিছে। জন্তুবোৰে খাবলৈ পোৱা এই ভোজনৰ বাবে এই পশুপালকসকলে সাধাৰণতে খেতিয়কসকলক একো মূল্য পৰিশোধ নকৰে। কাৰণ মাজে মাজে হাজাৰ হাজাৰ বিলাহী প্ৰতিদিনেই দলিয়াই পেলাই দিয়া হয়।

অনন্তপুৰ বজাৰত সাধাৰণতে বিলাহীৰ দৰ কিলোত ২০ টকাৰ পৰা ৩০ টকালৈ উঠা-নমা হৈ থাকে। চহৰৰ ৰিলায়েন্স মাৰ্কেটত সেইবোৰ কম দামত পোৱা যায়। মাৰ্টৰ এজন কৰ্মচাৰীয়ে ক’লে, ‘আমি এবাৰ কিলোত মাত্ৰ ১২ টকামানতে বেচিছিলোঁ। মাৰ্টৰ বিষয়ে এজন পাচলি বিক্ৰেতাই ক’লে, ‘তেওঁলোকৰ নিজা যোগানকাৰী আছে, কিন্তু আমি মহলৰ পৰা কিনো আৰু দিনটোৰ শেষত বেয়া হৈ যোৱাবোৰ পেলাই থৈ যাবলগীয়া হয়।’

This field near the Anantapur tomato market yard serves as a dumping ground when prices dip
PHOTO • Rahul M.

বিলাহীৰ দাম কমি আহিলে বজাৰৰ কাষৰ এই পথাৰখনেই বিলাহীৰ ডাষ্টবিন হৈ পৰে

তথাপি, সেইবোৰ দামতে ক্ৰেতাই বজাৰত বিলাহী কিনে। খেতিয়কসকলে একেবাৰে পানীৰ দৰ পায় – বিলাহীৰ প্ৰজাতি আৰু বজাৰ আহি পোৱাৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি কিলোত ৬ টকাৰ পৰা খুব বেছি ২০ টকা দৰ নিৰ্ধাৰণ হয়। ভাল দাম পোৱাৰ দিন তেনেই কম আৰু এনে দৰ মাত্ৰ এদিন বা দুদিনতকৈ বেছি নাথাকে। খেতিয়কসকলৰ সৈতে কিমান ওচৰ বা দূৰৈৰ সম্পৰ্ক তাৰ ওপৰত ভিত্তি কৰি বিক্ৰেতাসকলে তেওঁলোকৰ উৎপাদিত পণ্যৰ ৰিস্ক লয়। আটাইতকৈ বেছি ৰিস্ক অৱশ্যেই খেতিয়কৰ। আটাইতকৈ কম ৰিস্ক থাকে অঞ্চলটোৰ পৰা বিলাহী সংগ্ৰহ কৰা কৰ্প’ৰেট শৃংখলবোৰৰ।

এবাৰ এজন পাইকাৰী বেপাৰীয়ে বিলাহীৰ দাম কমা সময়ত ৬০০ টকাত এক ট্ৰাক ভৰ্তি বিলাহী কিনিছিল আৰু বজাৰখনৰ কাষতেই সেইবোৰ বিক্ৰী কৰিছিল। ’১০ টকাত যিমান পাৰে সিমান লৈ যাওক’- তেওঁৰ খুচুৰা বেপাৰীবোৰে চিঞৰি চিঞৰি গ্ৰাহক মাতিছিল। সেইটো আছিল সৰু মোনা লোৱা গ্ৰাহকৰ বাবে। ২০ টকা দিলে আপুনি ডাঙৰ মোনা ভৰাই ল’ব পাৰিব। মোৰ বিশ্বাস, সেইদিনা তেওঁৰ বেপাৰ ভাল হৈছিল।

মই ফটোখন লোৱাৰ দিনা অনন্তপুৰ চহৰৰ খুচুৰা বেপাৰীবোৰে কিলোত ২০-২৫ টকা দৰত বিলাহী কিনিছিল। ৰিলাযেন্স মাৰ্টে ১৯ টকাত দৰ নিৰ্ধাৰণ কৰিছিল। এই ঠাইৰ দোকানৰ আলমাৰীৰ চেলফবোৰত নেচলে’ আৰু হিন্দুস্থান লিভাৰৰ দৰে বহুজাতিক কোম্পানীয়ে তৈয়াৰ কৰা বিলাহীৰ ছচ ভৰায় থয়, যিবোৰ বোধকৰো অনন্তপুৰৰ বিলাহীৰ পৰা উৎপাদিত সামগ্ৰীৰ আটাইতকৈ বেছি লাভখোৰ বিক্ৰেতা। এই ছচবোৰ বোধকৰো বিশেষ অৰ্থনৈতিক এলেকা (এছ ই জেদ)ত উৎপাদন কৰা হৈছে (যিবোৰৰ বাবে বহুতো চৰকাৰী সুবিধা পোৱা যায়)।

বিলাহী খেতিয়কসকলে ক্ষেত্ৰ পৰ্যায়তে সাহায্য বৰ ভাল পালেহেঁতেন, কিন্তু নাপায়। আনহাতে দৰ কমিলে ৰসাল সুস্বাদু বিলাহীবোৰ পেট ভৰাই খাবলৈ পোৱা গৰুবোৰৰে ছাগৈ বৰ মজা হয়।

অনুবাদ: ৰুবী বৰুৱা দাস

Rahul M.

Rahul M. is an independent journalist based in Andhra Pradesh, and a 2017 PARI Fellow.

Other stories by Rahul M.
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

Other stories by Rubee Barooah Das