মোৰ শেহতীয়া গ্ৰন্থ ‘দা লাষ্ট হিৰ’জ ত বৰ্ণিত সম্ভৱতঃ জীৱিত মুক্তি যুজাৰু সকলৰ ভিতৰত আটাইতকৈ বয়োজ্যেষ্ঠ থেলু মাহাতোৰ যোৱা বৃহস্পতি বাৰে পশ্চিম বংগৰ পুৰুলিয়া জিলাৰ পিৰ্ৰা গাৱঁত থকা নিজা বাসগৃহত মৃত্যু হয়। গ্ৰন্থখন প্ৰকাশ হোৱাৰ পিচত তাত উল্লেখ থকাসকলৰ ভিতৰত প্ৰথম তেওঁৰে মৃত্যু হৈছে। ১৯৪২ চনত পুৰুলিয়াৰ ১২খন আৰক্ষী থানাত হোৱা ঐতিহাসিক প্ৰতিবাদী সমদলত ভাগ লোৱা তেওঁ আছিল শেষজন জীৱিত ব্যক্তি। থেলুৰ বয়স ১০৩ ৰ পৰা ১০৫ বছৰমানৰ ভিতৰত হ’ব।

তেওঁৰ মৃত্যুৰ পিচত সংগ্ৰাম কৰি ভাৰতক স্বাধীন ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰাত সহায় কৰা সোণালী প্ৰজন্মক আমাৰ মাজৰ পৰা হেৰুৱাই পেলোৱাৰ দিশে আমি আৰু এখোজ আগুৱাই গলোঁ। অহা পাঁচ বা ছয় বছৰত এই দেশখনৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা আৰু এজনো মানুহ জীয়াই নাথাকিব। ভাৰতৰ নৱতম প্ৰজন্মই স্বাধীনতা সংগ্ৰামীসকলক আৰু দেখিবলৈ নাপাব, কেতিয়াও তেওঁলোকক কথা ক’বলৈ বা তেওঁলোকৰ কথা শুনিবলৈ নাপাব। তেওঁলোক কোন, কি বিচাৰি সংগ্ৰাম কৰিছিল – আৰু কিয় স্বাধীনতা বিচাৰিছিল সেয়া প্ৰত্যক্ষভাৱে কাকো কোৱা নহ’ব।

কিন্তু থেলু মাহাতো আৰু তেওঁৰ জীৱন সংগী লক্ষী মাহাতো তেওঁলোকৰ কাহিনীবোৰ ক’বৰ বাবে আছিল অতিশয় আগ্ৰহী। তেওঁলোকৰ প্ৰৱল ইচ্ছা আছিল এই কথালৈ - যুৱ তথা নৱতম প্ৰজন্মই জনা উচিত যে তেওঁলোকে নিজ দেশৰ বাবে থিয় দিছিল আৰু তাৰ বাবে তেওঁলোকে গৌৰৱ অনুভৱ কৰে। থেলুৱে তেওঁৰ নিজৰ কাহিনী আৰু ক’ব নোৱাৰিব। অনাগত ৫-৬ বছৰত তেওঁৰ প্ৰজন্মৰ বাকী জীৱিত থকা সকলেও তেওঁলোকৰ কাহিনী আৰু ক’ব নোৱাৰা হ’ব।

যুৱ ভাৰতীয়সকলৰ ভৱিষ্যতৰ বাবে এয়া যে কিমান ডাঙৰ ক্ষতি! আৰু আমাৰ বৰ্তমানৰ প্ৰজন্মৰ বাবে ইতিমধ্যেই কিমান যে ক্ষতিসাধন হৈছে, যিয়ে থেলুহঁতৰ কথা, তেওঁলোকৰ ত্যাগৰ কথা অথবা আমাৰ নিজৰ কাহিনীৰ আকাৰ দিবলৈ হ’লে তেওঁলোকৰ কাহিনীবোৰ কিয় গুৰুত্বপূৰ্ণ খুব কমেই জানে বা জানিবলৈ ইচ্ছুক নহয়।

বিশেষকৈ এনে এক সময়ত যেতিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কথা পুনৰ্লিখনতকৈ মনেৰে গঢ়ি, আৱিষ্কাৰ কৰি বলপূৰ্বক কথা আৰোপহে কৰা হয়। ৰাজহুৱা বাকধাৰাত, মন কৰিবলগীয়াকৈ বেছ সংখ্যক মাধ্যমৰ বিষয়বস্তুত, আৰু ভয়াবহ ভাৱে আমাৰ বিদ্যালয়ৰ পাঠ্যপুথিৰ পৰা মোহনদাস কৰমচান্দ গান্ধীৰ হত্যা সংক্ৰান্ত কথাৰ দৰে মূলসত্যবোৰ লাহে লাহে মচি পেলোৱা হৈছে।

Thelu Mahato's home in Pirra village of Puruliya district, West Bengal where he passed away on April 6, 2023. Thelu never called himself a Gandhian but lived like one for over a century, in simplicity, even austerity.
PHOTO • P. Sainath
PHOTO • P. Sainath

পশ্চিম বংগৰ পুৰুলিয়া জিলাৰ পিৰ্ৰা গাৱঁত থকা থেলু মাহাতোৰ বাসগৃহটি য’ত ২০২৩ চনৰ ৬ এপ্ৰিলত তেওঁৰ মৃত্যু হয়। থেলুৱে কেতিয়াও নিজকে গান্ধীবাদী বুলি কোৱা নাছিল কিন্তু তেনেকুৱা এটা জীৱনেই জীয়াই আছিল এটা শতিকাতকৈয়ো অধিক কাল সৰলতা, আৰু দৃঢ়তাৰে। সোঁফালেঃ থেলু মাহাতো আৰু তেওঁৰ জীৱনজোৰা সহযোদ্ধা লক্ষী মাহাতো তেওঁলোকৰ কাহিনীবোৰ ক’বৰ বাবে আছিল অতিশয় আগ্ৰহী

থেলু মাহাতোৱে কেতিয়াও নিজকে গান্ধীবাদী বুলি অভিহিত কৰা নাই যদিও কিন্তু তেনেকুৱা এটা জীৱনেই জীয়াই আছিল – এটা শতিকাতকৈয়ো অধিক কাল সৰলতা, আৰু কঠোৰতাৰে। তেওঁ আছিল ১৯৪২ চনৰ ছেপ্টেম্বৰৰ ২৯ আৰু ৩০ তাৰিখে পুৰুলিয়াৰ ১২ খন আৰক্ষী থানালৈ সমদল কৰি যোৱা সকলৰ মাজৰ এজন। তেওঁ নিজকে বিষম পৰিস্থিতিত বাধ্য নোহোৱা পৰ্য্যন্ত অথবা নিৰীহ মানুহ আৰু আত্মসুৰক্ষা অবিহনে কোনো ক্ষেত্ৰতে হিংসাৰ পথ নোলোৱা এজন বামপন্থী বিপ্লৱী বুলি গণ্য কৰিছিল।

‘কিন্তু আপুনিতো আৰক্ষী থানাৰ আক্ৰমণত অংশ গ্ৰহণ কৰিছিল য’ত যথেষ্ট হিংসাৰ উদ্ৰেক হৈছিল? ২০২২ চনত পিৰ্ৰা গাৱঁৰ তেওঁৰ ঘৰলৈ যাওঁতে মই তেওঁক সুধিছিলোঁ। তেওঁ প্ৰতিবাদ জনাই কৈছিল, হিংসা আহিছিল ব্ৰিটিছৰ ফালৰ পৰা। আৰক্ষী থানাত ভাৰতীয় পতাকা উৰুৱাবলৈ যোৱা “জনতাৰ ওপৰত সিহঁতৰ আৰক্ষীয়ে জধে-মধে গুলী চলাইছিল...।” “নিজৰ বন্ধু, পৰিয়াল, সহযোদ্ধাক চকুৰ আগতে আৰক্ষীয়ে গুলীয়ালে মানুহে অৱশ্যেই প্ৰতিশোধ ল’ব।”

থেলু মাহাতো আৰু তেওঁৰ জীৱনযোৰা সহযোদ্ধা লক্ষী মাহাতোৰ সৈতে হোৱা আমাৰ কথা-বতৰাই তেওঁলোকৰ প্ৰজন্ম ভাৱাদৰ্শ আৰু প্ৰভাৱৰ প্ৰতি কি পৰিমাণে মুক্ত আছিল অথচ সেই ভিন ভিন প্ৰভাৱ সমূহদ্বাৰা গঢ় লোৱা চৰিত্ৰ কিমান জটিল আছিল সেই কথা আমাক বোধগম্য কৰাত সহায় কৰিছিল। গভীৰ আৱেগ আৰু ৰাজনৈতিক ভাৱে থেলু আছিল আৰু লক্ষী এতিয়াও কট্টৰ বাওঁপন্থী; নৈতিক আদৰ্শ আৰু জীৱনশৈলীৰে গান্ধীবাদী। প্ৰতিশ্ৰুতি আৰু বিশ্বাসেৰে বাওঁপন্থী, ব্যক্তিত্বৰে গান্ধীবাদী। বহু দশক জুৰি দুয়ো আছিল কমিউনিষ্ট দলৰ সদস্য।

তেওঁলোকে সদায় বাস কৰি অহা ঠাইখনৰ আঞ্চলিক পৰ্য্যায়ত তেওঁলোকৰ নেতা আছিল – নেতাজী সুভাস চন্দ্ৰ বসু - যিটো অৱশ্যম্ভাৱী। থেলু আৰু লক্ষীৰ বাবে তেৱেঁই আছিল পৃথিৱী। কিন্তু. গান্ধী আছিল এক সুউচ্চ ব্যক্তিত্ব, সুগভীৰ অনুপ্ৰেৰণাৰ উৎস যাক তেওঁলোকে দূৰৈৰ পৰাও বিচৰা নাছিল। ৰবিনহুদৰ দস্যুৰ সদৃশ তেওঁলোকৰ স্থানীয় নেতাসকলৰ ভিতৰত তিনিজন আছিল – বিপিন, ডিগম্বৰ আৰু পিতাম্বৰ চৰ্দাৰ। তেওঁলোক আছিল এনে লোক যি হ’ব পাৰে ভয়ংকৰ হিংস্ৰ, লগতে তেওঁলোক কিন্তু এনেকুৱাও যাৰ ওচৰলৈ সামন্তীয় ভূ-স্বামী আৰু আন পদলেহনকাৰীৰ বিৰুদ্ধে ন্যায় বিচাৰি যাব পাৰিছিল বহু সৰু সৰু লোক। ইতিহাসবিদ এৰিক হবছবামে তেনেলোকৰ কথা এনেদৰে বৰ্ণনা কৰিছিল যে, হিংস্ৰ হোৱাৰ সময়ত “সমান্তৰাল ভাৱে অৰ্থনৈতিক আৰু সামাজিক ৰাজনৈতিক আদেশকো প্ৰত্যাহবান জনায়।”

PHOTO • P. Sainath
PHOTO • P. Sainath

থেলু আৰু লক্ষীয়ে তেওঁলোকৰ প্ৰজন্ম ভাৱাদৰ্শ আৰু প্ৰভাৱৰ প্ৰতি কি পৰিমাণে মুক্ত আছিল সেয়া আমাক দেখুৱাই দিলে। অহিংসাৰ শপত লোৱা থেলুৱে নিজকে এজন বামপন্থী বিপ্লৱী বুলি গণ্য কৰিছিল

থেলু আৰু লক্ষীয়ে এই তৰপবোৰৰ মাজত কোনো বিৰোধ দেখা নাছিল। এনে দস্যুলোককেইজনৰ প্ৰতি তেওঁলোকৰ মনোভাৱ আছিল শ্ৰদ্ধা আৰু বিতশ্ৰদ্ধাৰ এক আচৰিত সংমিশ্ৰণ। তেওঁলোকে মানুহ কেইজনক শ্ৰদ্ধা কৰিছিল কিন্তু তেওঁলোকৰ হিংস্ৰ পদ চিহ্ন অনুসৰণ কৰা নাছিল। লগতে, গান্ধীবাদী জীৱন যাপন কৰা স্বাধীন বাওঁপন্থী হিচাপে - স্বাধীনতাৰ কেইবা দশকো পিচলৈকে বিভিন্ন স্থানত ৰাজনৈতিক ভাৱে আৰু অন্য সংগ্ৰামসমূহৰ লগতো সক্ৰিয় আছিল।

থেলু মাহাতো কুৰ্মী আছিল – জংগলমহলৰ বিদ্ৰোহী অঞ্চলৰ বহু সংগ্ৰামত লিপ্ত এক সমাজ। কুৰ্মীসকলক বৃটিছে শাস্তি বিহি ১৯৩১ চনত তেওঁলোকৰ জনজাতীয় পৰিচয় কাঢ়ি নিছিল। অনাগত সময়ত আদিবাসী পৰিচয় ঘূৰাই অনা তেওঁলোকৰ মহৎ উদ্দেশ্য হৈ ৰয় আৰু থেলুৰ মৃত্যুৰ দিনা জংগলমহলত সেই দাবীত চলি থকা আন্দোলনটি এক নতুন পৰ্য্যায়ৰ ক্ৰিয়াশীলতাৰে চিহ্নিত হয়।

থেলুৱে কেতিয়াও মুক্তি যুঁজাৰুৰ পেঞ্চন অথবা স্বাধীনতা সংগ্ৰামত তেওঁৰ অংশগ্ৰহণৰ বাবে কোনো স্বীকৃতি পোৱা নাছিল। আমি তেওঁক শেষৰ বাৰ লগ পাওঁতে তেওঁ মাহে এহেজাৰ টকীয়া বৃদ্ধ পেঞ্চনৰ ওপৰত ভৰসা কৰি জীয়াই আছিল। টিনৰ চালৰ এটা কোঠলীৰ উৱঁলি পৰা ঘৰ। ঘৰটোৰ পৰা নাতি দূৰৈত আছিল তেওঁ নিজ হাতেৰে সাজি লোৱা এটা কুৱাঁ যিটোক লৈ তেওঁ গৌৰৱ কৰিছিল আৰু তাৰ কাষত থিয় দি তেওঁৰ এখন ফটো লোৱাটো বিচাৰিছিল।

থেলুৱে খন্দা কুঁৱাটো এতিয়াও আছে। যিটো কুৱাঁৰ তলিত গভীৰৰ পৰা গভীৰতৰলৈ ক্ৰমে ডুবি গৈ থাকে ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজ দিয়াসকলৰ সোৱঁৰণবোৰ।

পি সাইনাথৰ দা লাষ্ট হিৰ’জঃ ফুট ছ’লজাৰ্ছ অফ ইণ্ডিয়ান ফ্ৰিদম, পেংগুইন, নৱেম্বৰ ২০২২ - এই গ্ৰন্থখনত থেলু, লক্ষী আৰু ১৪ জন আন মুক্তি যুঁজাৰুৰ কথা সম্পূৰ্ণৰূপে পঢ়িব পাৰিব।

তেওঁলোকৰ ফটো এলবাম আৰু ভিডিঅ’ পিপলছ আৰ্কাইভ অফ ৰুৰেল ইণ্ডিয়া ফ্ৰিদম ফাইটাৰ্ছ গেলৰীত চাওক।

এই প্ৰৱন্ধটো প্ৰথমে ‘দা ৱায়াৰ’ত প্ৰকাশ হৈছিল।

অনুবাদ: ৰুবী বৰুৱা দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

Other stories by Rubee Barooah Das