টোকা বহীখন জপাই থৈ কাণ দুখনকে ভালকৈ পাতিলোঁ, লগতে মেলি দিলোঁ মোৰ মনৰ দুৱাৰ। মই তেতিয়া দিল্লীৰ এদল যৌনকৰ্মীৰ সাক্ষাৎকাৰ লৈ আছিলোঁ আৰু তেওঁলোকে কোৱা কথাবোৰ মোৰ ক’লা পকাবন্ধা ডায়েৰীখনত টুকি গৈছিলোঁ। যদিও সেয়া অতিমাৰীৰ সময় আছিল আৰু আমি নিৰাপদে থাকিব খুজিছিলোঁ, এসময়ত আমি পিন্ধি থকা মুখাবোৰ খুলি পেলালোঁ। তেওঁলোকে খুলিছিল জীৱনৰ পুংখানুপুংখ কথাবোৰ ক’বলৈ , আৰু মই খুলিছিলোঁ তেওঁলোকক এই কথাৰ বিশ্বাস জন্মাবলৈ – যে তেওঁলোকে উদঙাই দিয়া সত্যবোৰৰ প্ৰতি মই সংবেদনশীল।

লিখি যোৱাটোৱে যিদৰে এক সাঁকোৰ সৃষ্টি কৰিছিল, একেদৰে সি আনিছিল এক ব্যৱধানো।

আমাৰ বাৰ্তালাপ শেষ হোৱাৰ পিচত বৈঠক আয়োজন কৰি দিয়া সমন্বয়কজনে তেওঁলোকৰে এগৰাকীক তাই থকা ঠাইলৈ আগুৱাই দিবগৈ পাৰিম নেকি মোক সুধিলে। মানুহজনীক মোৰ সৈতে চিনাকী কৰাই দি তেওঁ ক’লে, ‘আপোনাৰ উভতি যোৱাৰ বাটতে পৰিব।’ ইংৰাজী ভাষাত তাইৰ নামটোৰ অৰ্থ হ’ল সীমা। আমি ইজনীয়ে সিজনীলৈ চাই হাঁহিলো। মই কথা পাতি থকা মহিলাৰ দলটোৰ মাজত তাই নাছিল। কিন্তু আমি গাড়ীখনত বহাৰ পিচত আমাৰ নিজ নিজ পৰিচয়ৰ প্ৰাসংগিকতাৰ দেওনা পাৰ হৈ কথাত বুৰ গ’লোঁ। সম্ভাব্য গ্ৰাহকে বুকিং কৰাৰ আগেয়ে কেনেকৈ যৌনকৰ্মীগৰাকীৰ মুখখন চাব বিচাৰে আৰু বৰ্তমান যুগৰ প্ৰযুক্তিয়ে সেইটোক কি ধৰণে সহায় কৰে তাই মোক সেই বিষয়ে ক’লে। মই তাইৰ পেছাটোৰ একান্ত গোপনীয় কথা কিছুমানো সুধি পেলালোঁ। তাই মোক গোটেইবোৰ খুলি কৈ গ’ল। আমি প্ৰেমৰ বিষয়ে কথা পাতিলোঁ। মই গাড়ীখনৰ গতি ইতিমধ্যেই কমাই দিছিলোঁ। তাইৰ চকুযুৰি যে ইমান ধুনীয়া আছিল। মোৰ হৃদয়খন মোচৰ খাই গ’ল।

মোৰ হাতদুখন ষ্টিয়াৰিং হুইলৰ ওপৰত আছিল। এইখিনি সময়ত মই একো লিখি থকা নাই। মোক তাই তাইৰ পুৰণি প্ৰেমিকৰ ফটোবোৰ দেখুৱালে, এতিয়াও তাই সেইবোৰ মোবাইলত ৰাখি থৈছে! এই গোটেইবোৰ কাহিনী মই লিখাটোত সামৰাটো সম্ভৱ নহ’ব - মোৰ ভাৱ হ’ল, তেনে কৰিলে মই প্ৰকাশ কৰিব পৰা কথাৰ সীমাৰেখাডাল পাৰ হৈ যাব লাগিব আৰু হয়তো সেইবোৰ অপৰিশীলিতও হ’ব। সেই বাবেই মই এয়াই লিখিলোঁ…

কবিতাটোৰ শালিনী সিঙে কৰা পাঠ শুনক

কাজল বোলোৱা চকুযুৰি

চকু চাট মৰা বন্ধ কোঠাৰ বহু নিলগত
ক’লা আৰু বগাৰ মাজত আবদ্ধ ঘোপা দৃষ্টিৰ বহু আঁতৰত
লাজ অথবা ভয়ৰ শব্দবোৰ এৰি
চিকমিকোৱা উকা কাগজৰ বাহিৰত
বিয়পি পৰিব পৰা চিয়াহীৰেও নহয়…
সুপ্ৰশস্ত এই মুকলি বাটটোত
তুমি মোক বাট দেখুৱাই নিলা
বৰণবোৰ নঙঠা হৈ পৰা তোমাৰ পৃথিৱীখনলৈ, সযতনে।

এজনী ষোড়শী গাভৰু বিধৱা হোৱাৰ অৰ্থ কি,
কেনেকুৱা হ’ব পাৰে এজন সৈনিকক ভালপোৱা,
কিয়েই বা অৰ্থ এজন প্ৰেমিক থকাৰ যি দিয়ে
মাথোঁ মিছা আশা
নিৰাপদ পৃথিৱীখন বহু যোজন দূৰৈত থৈ
শৰীৰৰ দায়ত সপোনবোৰ বেছা
আৰু টকাৰ কাৰণে শৰীৰৰেই বেহা
কেনেকুৱা লাগে কাৰোবাৰ ডিজিটেল পছন্দৰ বোজাত
জীয়াই জীয়াই পোত খাই মৰিবলৈ
আৰু প্ৰতিটো দিনেই কাৰোবাৰ সৈতে মিছা ৰোমাঞ্চ কৰি
জীয়াই থাকিবলৈ।
তুমি কোৱাঁ, "মোৰ এমা-ডিমাকেইটাক খুৱাব লাগে।"

মাৰ যাবলৈ ধৰা বেলিটো
তোমাৰ সোণালী নাকফুলিটোত পৰি তিৰবিৰাই উঠিছে
আৰু সেই কাজল বোলোৱা চকুযুৰি জলমলাই উঠিছে,
যি কেতিয়াবা এসময়ত মুখৰ হৈছিল গীতেৰে!
সস্তীয়া ক’ল্ড ক্ৰীম সানি, এক বিধস্ত শৰীৰত
বাসনা জগোৱাৰ চেষ্টা চলে
ধূলিবোৰ উৰি থাকে, নিশাটো নামি আহে
ই মাথোঁ আন এটা দিন
প্ৰেমবিহীন শ্ৰমৰ।

অনুবাদ: ৰুবী বৰুৱা দাস

Shalini Singh

Shalini Singh is a founding trustee of the CounterMedia Trust that publishes PARI. A journalist based in Delhi, she writes on environment, gender and culture, and was a Nieman fellow for journalism at Harvard University, 2017-2018.

Other stories by Shalini Singh
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

Other stories by Rubee Barooah Das