PHOTO • Sapana Jaiswal

বাৰিষা আৰু খেতিৰ দিনত, মেহবুবনগৰৰ মানুহবোৰে তেওঁলোকৰ ঘৰুৱা জিলাখনৰ ভিতৰতে বা ওচৰে-পাজৰে কৃষি শ্ৰমিক হিচাপে কাম কৰে। কিন্তু খেতিৰ বতৰ শেষ হ’লে, বা যেতিয়া খেতি ভালকৈ নহয়, তেতিয়া নিৰ্মাণ ক্ষেত্ৰবোৰত কাম বিচাৰি তেওঁলোকে নগৰখনলৈ প্ৰব্ৰজন কৰে

PHOTO • Sapana Jaiswal

তেওঁলোকে নিজৰ ঘৰ আৰু গাওঁ এৰি নতুন অচিনাকী চহৰ এখনলৈ আহে

PHOTO • Sapana Jaiswal

নিৰ্মাণৰ কাম শেষ নোহোৱালৈকে নগণ্য সুবিধাৰে টি আৰু প্লাষ্টিকেৰে সজা বাটৰ কাষৰ জুপুৰীবোৰ মুম্বাইত তেওঁলোকৰ অস্থায়ী ঘৰ হৈ পৰে

PHOTO • Sapana Jaiswal

সিহঁতে কৰা কামবোৰৰ ভিতৰত আছে গাঁত খন্দা, ড্ৰিল কৰা, আৱৰ্জনা আঁতৰোৱা আৰু ৩০ ফুট পৰ্যন্ত মাটিৰ তললৈ নামি গৈ গাঁত পৰিষ্কাৰ কৰা। সেই সকলোবোৰ কাম কোনো বীমা বা দূৰ্ঘটনা বীমা নথকাকৈয়ে কৰা হয়

PHOTO • Sapana Jaiswal

শ্ৰমিকসকলে এই কামবোৰ দৈনিক ৩০০ টকা বা তাতোকৈ কম টকাৰ বাবে কৰে। তেলেগু ভাষাত কথা কোৱা এজন মুকাদম বা ছুপাৰভাইজাৰে তেওঁলোকক হাজিৰাখিনি দিয়ে আৰু চহৰখনৰ নিৰ্মাণ ক্ষেত্ৰসমূহত তেওঁলোকৰ বাবে কাম বিচাৰি দিয়াত মধ্যভোগী হিচাপে কাম কৰে

PHOTO • Sapana Jaiswal

এই ক্ষেত্ৰসমূহত কষ্টসাধ্য শ্ৰম কৰি থকা মাইকী মানু হখি নিয়ে কৰ্মক্ষেত্ৰত সঘনাই সন্মুখীন হোৱা যৌন নিৰ্যাতনৰ কথা কয়

PHOTO • Sapana Jaiswal

মাইকী মানুহখিনি কণ কণ শিশুহঁতক ঘৰত অকলে এৰি থৈ আহিব নোৱাৰে বাবে সিহঁতক লগত লৈ আহিবলৈ বাধ্য। বিপদসংকূল চিমেন্টৰ বস্তা আৰু লোহাৰ দ’ম শিশুহঁতৰ খেল পথাৰ। মাজে-সময়ে কামৰ ঠাইত বা ফ্লাই অ’ভাৰবোৰৰ তলত গাড়ী থোৱা ঠাইত বাটৰ কুকুৰ এটা বা দুটা সিহঁতৰ খেলৰ লগ হয়। ধূলি-মাকতিৰ মাজত খেলি ভাগৰি পৰিলে ৰাস্তাৰ কাষতেই সিহঁত শুই পৰে

PHOTO • Sapana Jaiswal

অস্থায়ী বাসস্থানবোৰত শ্ৰমিকসকলক খাবলৈ পৰিষ্কাৰ পানী, শৌচাগাৰ বা বিজুলীৰ সুবিধা দিয়া নহয়

PHOTO • Sapana Jaiswal

তথাপি, তেওঁলোকে যিখিনি পইছা উপাৰ্জন কৰিব সেয়া ঘৰত থকাতকৈ বেছি হ’ব, সেয়ে ই তেওঁলোকক চহৰখনলৈ হাত বাউল দিয়ে

অনুবাদ: ৰুবী বৰুৱা দাস

Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

Other stories by Rubee Barooah Das