ভৰিৰ তলত সেউজীয়া ঘাঁহনি, ওপৰত মুকলি আকাশ, চাৰিও দিশে সেউজীয়া গছ-গছনি, আৰু হাবিৰ মাজেদি বৈ যোৱা এটা শান্ত নিজৰা – এয়া গ্ৰাম্য মহাৰাষ্ট্ৰৰ যি কোনো ঠাইৰ পৰিৱেশ।

পিচে ৰ’ব – গীতাৰ ইয়াৰ সৈতে যোগ দিবলগীয়া আৰু কিবা এটা আছে। নিজৰাটোলৈ আঙুলিয়াই তেওঁ ক’লেঃ “আমি মাইকী মানুহখিনি বাওঁফালে যাওঁ, আৰু মতা মানুহবোৰ সোঁফালে যায়।” মলত্যাগ কৰিবলৈ যোৱাৰ সময়ত তেওঁলোকৰ বস্তিত থকা মানুহখিনিয়ে সেই ব্যৱস্থা মতেই চলে।

চল্লিশ বছৰ বয়সীয়া গীতাই ক’লে, “বৰষুণ দিলে ছাতিৰে সৈতে আমি আঁঠুৱনী পানীত বহিব লাগে। [মোৰ] মাহেকীয়া হোৱাৰ সময়ত কি অৱস্থা হয় কি ক’ম!

পুণে জিলাৰ শ্বিৰুৰ তহচিলৰ কুৰুলি গাৱঁৰ দাঁতিত থকা ৫০ ঘৰ মানুহেৰে তেওঁলোকৰ বস্তিটোত ভীল আৰু পাৰ্ধী লোকে বসবাস কৰে।মহাৰাষ্ট্ৰ্ৰ্ত অনুসূচীত জনজাতি হিচাপে শ্ৰেণীভুক্ত কৰা উক্ত দুই সমাজৰ মানুহখিনি ৰাজ্যখনৰ আটাইতকৈ দুখীয়া আৰু প্ৰান্তীয়সকলৰ ভিতৰত পৰে।

ভীল জনজাতিৰ মহিলা গীতাই মুকলিত মলত্যাগ কৰিবলৈ যোৱাৰ অসুবিধাৰ কথা প্ৰগল্ভতাৰে ব্যক্ত কৰি কয়। ‘‘আমি মলত্যাগৰ বাবে বহা জাগাবোৰত ঘাঁহে খোঁচে, ম’হে কামোৰে… তাৰোপৰি সাপে খোঁটাৰ ভয় সদায়েই থাকে।

বস্তিটোৰ মানুহে প্ৰতিটো পদতে প্ৰত্যাহবানৰ সন্মুখীন হ’ব লাগে – বিশেষকৈ মহিলাখিনিয়ে, যিয়ে হাবিলৈ যোৱাৰ পথত অত্যাচাৰ-আক্ৰমণৰ আশংকাত ভীতিগ্ৰস্ত হৈ থাকে।

The stream where residents of the Bhil and Pardhi vasti near Kuruli village go to relieve themselves.
PHOTO • Jyoti Shinoli
The tree that was planted by Vithabai
PHOTO • Jyoti Shinoli

বাওঁফালেঃ সেই নিজৰাটো য’ত কুৰুলি গাৱঁৰ দাঁতিৰ ভীল আৰু পাৰ্ধী বস্তিৰ বাসিন্দাসকলে মলত্যাগ কৰিবলৈ যায়। সোঁফালেঃ ভিঠাবায়ে ৰোৱা গছজোপা

আন এগৰাকী ভীল যুৱতী ২২ বছৰ বয়সীয়া স্বাতীয়ে ক’লে, “আমি ৰাতিপুৱা চাৰি বজাতে দল বান্ধি যাওঁ, কিন্তু কোনোবাই কিবা কৰিবলৈ আহিবও পাৰে বুলি সচকিত হৈ থাকোঁ।

গাৱঁৰ পৰা দুই কিলোমিটাৰ দূৰৈত থকা সিহঁতৰ বস্তিটো কুৰুলি গাওঁ পঞ্চায়ৰ ভিতৰত পৰে। কিন্তু স্থানীয় প্ৰশাসনক বহু কাকুতি-মিনতি আৰু অনুৰোধ কৰাৰ পিচতো বস্তিটোত বিদ্যুৎ, খোৱা পানী আৰু শৌচাগাৰ উপলব্ধ নহয়। “তেওঁলোকে [পঞ্চায়ত] আমাৰ সমস্যাবোৰলৈ কেতিয়াও কাণষাৰ নিদিয়ে।” ষাঠিৰোৰ্দ্ধ বয়সৰ ভিঠাবায়ে ক’লে।

এই একাষৰীয়া বস্তিটোৰ সুবিধাবঞ্চিত মানুহখিনি ৰাজ্যখনত থকা ৩৯% অনুসূচীত জনজাতিৰ অন্তৰ্গত যাৰ বাবে শৌচাগাৰ উপলব্ধ নহয়। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ২০৯১-২১ ( এন এফ এইছ এছ -৫ ) অনুসৰি গ্ৰাম্য মহাৰাষ্ট্ৰৰ ২৩% ঘৰতে “কোনো অনাময় ব্যৱস্থাৰ ব্যৱহাৰ নাই; তেওঁলোকে মুকলি ঠাই নাইবা পথাৰ ব্যৱহাৰ কৰে।”

কিন্তু স্বচ্ছ ভাৰত মিছনে (গ্ৰামীণ) নাটকীয়ভাৱে ঘোষণা কৰিছে যে, ‘‘১০০% গ্ৰাম্য অনাময় ব্যৱস্থা সাঙুৰি লোৱাৰ অসম্ভৱ যেন লগা লক্ষ্যত এছ বি এম(জি)উপনীত হৈছে আৰু প্ৰথম পৰ্য্যায়ৰ (১ম পৰ্য্যায়) অভিযান কালত (২০১৪-১৯) সময় আৱদ্ধ পদ্ধতিৰে ভাৰতক মুকলিত মলত্যাগ শূন্য দেশলৈ ৰূপান্তৰিত কৰিছে।

কুৰুলিৰ দাঁতিকাষৰীয়া বস্তিটোত জীৱনৰ দীৰ্ঘতম সময় কটোৱা ভিঠাবায়ে আমাক গছ এজোপা দেখুৱাই ক’লে, “এই গছজোপা মই ৰুইছিলোঁ। এতিয়া তোমালোকে মোৰ বয়স গণনা কৰি চোৱাঁ। আৰু হিচাপ কৰা কিমান বছৰ মই মলত্যাগৰ বাবে সৌ তালৈ (হাবিলৈ) গৈ আছোঁ।”

অনুবাদ: ৰুবী বৰুৱা দাস

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Editor : Vinutha Mallya

Vinutha Mallya is a journalist and editor. She was formerly Editorial Chief at People's Archive of Rural India.

Other stories by Vinutha Mallya
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

Other stories by Rubee Barooah Das