“ঘাৰ’ যাৱ’ ৰজ্জ্ কে, কাম হৌগা গজ্জ কে (পেট পূৰাই যেতিয়া ঘৰৰ পৰা ওলাবা, তেহে হ’ব সহজে কাম সমাধা)।”

বিলাৱল সিঙৰ বাবে শ্বাহজাহানপুৰত প্ৰতিবাদী কৃষকৰ বাবে লংগৰ চলোৱাৰ সেয়াই হ’ল সৰল যুক্তি। “এই চৰকাৰখন লঘোণীয়া প্ৰতিবাদকাৰীৰ সৈতে মোকাবিলাত অভ্যস্ত,” তেওঁ পাঞ্জাবী ভাষাতে কৈ গ’ল। “চাওঁচোন ভৰা পেটৰ প্ৰতিবাদকাৰীৰ সৈতে তেওঁলোকে কিদৰে মোকাবিলা কৰে।”

দিল্লীৰ পৰা প্ৰায় ১২০ কি.মি. দক্ষিণে ৰাজস্থান-হাৰিয়ানা সীমাৰ শ্বাহজাহানপুৰত শিৱিৰ পাতি থকা হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ মাজৰ ৩২ বছৰীয়া বিলাৱল আৰু তেওঁৰ সম্পৰ্কীয় ভাই ৩০ বছৰীয়া ৰছৱিন্দৰ সিং ৰাজস্থানৰ গংগানগৰ জিলাৰ ৪১ নং আৰ বি গাৱঁৰ দুজন কৃষক।

দিল্লী আৰু তাৰ কাষৰীয়া আন বহু ঠাইৰ মাজৰ এইখিনিয়েই এনে এক ঠাই য’ত প্ৰধানতঃ হাৰিয়ানা, পাঞ্জাৱ আৰু ৰাজস্থানৰ লাখ লাখ কৃষক আৰু অগণন কৃষি সংগঠনে কেন্দ্ৰীয় চৰকাৰে এই বছৰ ছেপ্টেম্বৰ মাহত জাপি দিয়া তিনিখন কৃষি আইন বাতিলৰ দাবীত যোৱা ২৬ নৱেম্বৰৰ পৰা প্ৰতিবাদী ধৰ্ণাত বহিছে।

২০২০ চনৰ ৫ জুনত পোনতে আইনকেইখন অধ্যাদেশ হিচাপে অনুমোদিত হয়, তাৰ পিচত ছেপ্টেম্বৰৰ ১৪ তাৰিখে সংসদত কৃষি বিধেয়ক হিচাপে উপস্থাপন কৰা হয় আৰু সেই মাহৰে ২০ তাৰিখে বৰ্তমানৰ চৰকাৰে ততাতৈয়াকৈ তাক আইনত পৰিণত কৰে। কৃষকসকলে এই আইন কেইখন তেওঁলোকৰ জীৱিকাৰ বাবে সৰ্বনাশী বুলি বিবেচনা কৰিছে কিয়নো আইন কেইখনে কৃষক আৰু কৃষি উৎপাদনৰ ক্ষেত্ৰখন বৃহৎ বণিকগোষ্ঠীৰ বাবে অধিক সুচল কৰি তুলিব আৰু আনকি বণিক গোষ্ঠীবোৰক কৃষকতকৈ অধিক ক্ষমতাশালী কৰি তুলিব। আইনকেইখনে ন্যূনতম সমৰ্থন মূল্যকে ধৰি কৃষিজাত উৎপাদন বাণিজ্য কমিটি, ৰাজ্যিক ক্ৰয় আৰু কৃষকৰ বাবে থকা অন্যান্য প্ৰধান সমৰ্থনৰ প্ৰণালীসমূহো দূৰ্বল কৰি তুলিব।

Bilawal Singh (left) and his cousin Rashwinder run a langar at the Shajahanpur site: 'We have enough supplies coming in. We can stay here till the 2024 elections'
PHOTO • Parth M. N.
Bilawal Singh (left) and his cousin Rashwinder run a langar at the Shajahanpur site: 'We have enough supplies coming in. We can stay here till the 2024 elections'
PHOTO • Parth M. N.

বিলাৱল সিং (বাওঁফালে) আৰু তেওঁৰ সম্বন্ধীয় ভায়েক ৰছৱিন্দৰে শ্বাহজাহানপুৰ প্ৰতিবাদস্থলীত লংগৰ চলায় ‘আমাৰ খাদ্যবস্তুৰ অভাৱ নাই আমি ইয়াত ২০২৪ চনৰ নিৰ্বাচনলৈকে থাকিব পাৰিম

কৃষকসকলে বিৰোধীতা কৰা আইনকেইখন হৈছেঃ কৃষকৰ উৎপাদনৰ ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সুচলকৰণ) আইন , ২০২০ ; কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষিতকৰণ) মূল্য নিশ্চিতকৰণ আৰু কৃষিপাম সেৱাৰ চুক্তি আইন , ২০২০ ; আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন , ২০২০ ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদ ভিত্তিহীন কৰি তুলি এই আইনকেইখনে প্ৰতিজন ভাৰতীয় নাগৰিকৰ আইনী সাহায্যৰ বাট বন্ধ কৰিব বুলিও আইনকেইখন সমালোচিত হৈছে।

“আমি ইয়াত ডিচেম্বৰৰ তৃতীয় সপ্তাহৰ পৰা লংগৰ চলাই আছো,” তেওঁলোকে দিনটোৰ বাবে তৈয়াৰ কৰা কাঢ়ি আৰু পুৰিৰে উপচি থকা বৃহদাকাৰৰ বাচনবোৰৰ কাষতে বহি বিলাৱলে ক’লে। ইয়াৰ আগতে আমি টিক্ৰি ব’ৰ্ডাৰ (পশ্চিম দিল্লীৰ)ত আছিলো।

শ্বাহজাহানপুৰত অধিক মানুহৰ প্ৰয়োজন আছে বুলি বুজিব পাৰি বিলাৱল আৰু ৰছৱিন্দৰ তালৈ গুচি আহিল। টিক্ৰি আৰু সিংহু বৰ বিশাল প্ৰতিবাদস্থলী, সেই অনুপাতে তাত গোটখোৱা প্ৰতিবাদকাৰীসকলৰ বাবে ৰচদ-পাতিও বেছি লাগে।

বৰ্তমান শ্বাহজাহানপুৰত পাঁচটা লংগৰ চলি আছে, তাৰে অধিক সংখ্যকেই আন প্ৰতিবাদস্থলীৰ পৰা ইয়ালৈ উঠি আহিছে। “খেতি আমাৰ ধৰ্ম,’’ বিলাৱলে কয়। “আমি মানুহক খুৱাই ভাল পাওঁ। কৃষক আৰু গুৰুদ্বাৰাবোৰে কেঁচা সামগ্ৰী দান দি আহিছে (আহাৰ ৰান্ধিবৰ বাবে)। আমাৰ যথেষ্ট পৰিমাণৰ যোগান আহি আছে। আমি ই্য়াত ২০২৪ চনৰ নিৰ্বাচনলৈকে থাকিব পাৰিম।”

মূলতঃ ঘেহুঁ, ধান, সৰিয়হ, বুট আৰু কপাহৰ খেতি কৰা গাইপতি ৪০ একৰকৈ মাটিৰ মালিক এই সম্বন্ধীয়া ভাই দুজনে কৃষি আইনকেইখন কঠোৰভাৱে সমালোচনা কৰে। তেওঁলোকে আইনকেইখন কেৱল পঢ়িয়েই কৈছে এনে নহয়, তেওঁলোকে অভিজ্ঞতাৰ পৰাও কৈছে। বিতৰ্কিত আইনকেইখনৰ এখনে চুক্তিভিত্তিক কৃষি সামৰি লৈছে যিয়ে চুক্তিবদ্ধ হোৱা বৃহৎ বণি্য়া গোষ্ঠীৰ স্বাৰ্থ ৰক্ষা কৰে, য’ত কৃষকৰ বাবে আইনী সাহায্য বিচাৰিবলৈ কোনো পথ ৰখা নাই। বিলাৱলে এই বিষয়ে দুই-এটা কথা জানে।

One of the new laws covers contract farming and protects large corporations, leaving no redressal for farmers. Bilawal has already had this experience
PHOTO • Parth M. N.
One of the new laws covers contract farming and protects large corporations, leaving no redressal for farmers. Bilawal has already had this experience
PHOTO • Parth M. N.

নতুন আইনকেইখনৰ এখনে চুক্তিভিত্তিক কৃষি সামৰি লৈছে যিয়ে চুক্তিবদ্ধ বৃহৎ বণি্য়া গোষ্ঠীৰ স্বাৰ্থ ৰক্ষা কৰে , য’ত কৃষকৰ বাবে আইনী সাহায্য বিচাৰিবলৈ কোনো পথ ৰখা নাই বিলাৱলে ইতিমধ্যে এই অভিজ্ঞতা পাইছে

২০১৯ৰ নৱেম্বৰত তেওঁ পেপছিক’ৰ সৈতে বাৰ্লি খেতি কৰিবলৈ চুক্তিবদ্ধ হৈছিল আৰু কোম্পানীটোৰ পৰা শস্যৰ বাবে বীজো কিনিছিল। “তেওঁলোকে মোৰ পৰা প্ৰতি কুইণ্টলত ১,৫২৫ টকাকৈ কিনিব বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু মই যেতিয়া খেতি কৰিলো (২০২০ চনৰ এপ্ৰিলৰ সময়ত), তেওঁলোকে শস্যখিনিৰ গুণগত মান ভাল নহয় বুলি কয়, আকৌ আৰু অলপ নমুনা লাগিব বুলি কয় – এনেদৰে ইটো-সিটো কথা কৈ মোক দুমাহ দৌৰালে।”

বিলাৱলৰ বিশ্বাস যে লকডাউনে কোম্পানীটোক মজুত কৰা বাৰ্লিৰ পৰিমাণ হ্ৰাস কৰিবলৈ বাধ্য কৰিছিল, কি্য়নো পানীয়ৰ চাহিদা হ্ৰাস হৈছিল। “সেই কাৰণে পেপছিক’ই কথা নাৰাখিলে,” তেওঁ কয়। ২০২০ চনৰ জুন মাহত প্ৰতি কুইণ্টলত ১,১০০ টকাকৈ পদমপুৰ মাণ্ডি (তেওঁৰ গাওঁখন যি তহছিলৰ ভিতৰত পৰে)ৰ মুকলি বজাৰত বিলাৱলে সেইখিনি বেচিবলগী্য়া হ’ল।

২৫০ কুইণ্টল বাৰ্লি, যিখিনি তেওঁ হিচাপত কমাই ধৰিও প্ৰতি কুইণ্টলত ৪১৫ টকা খৰছ কৰি উৎপাদন কৰিছিল, সেইখিনি বিক্ৰী কৰি বিলাৱলে এক লাখতকৈও অধিক টকা লোকচান ভৰিবলগী্যা হ’ল। তেওঁ কয় যে, “তাত ক্ষতিপূৰণৰ কোনো ধৰণৰ একো ব্যৱস্থাই নাই।” এই বিলখনে [নতুন আইনখনে] ব্যৱস্থাটো অধিক শোচনীয় কৰিছে।

ইতিহাস সাক্ষ্য দি ৰছৱিন্দৰে কয় যে ১৯১৭ চনত বিহাৰৰ চম্পাৰণৰ নীল খেতিয়কসকলৰ বাবে মহাত্মা গান্ধী আৰু চৰ্দাৰ পেটেলে যেতিয়া যুঁজ দিছিল, তেওঁলোকেও একধৰণে চুক্তিবদ্ধ কৃষি উৎপাদনৰ বিৰোধিতা কৰিছিল। “মোদী্যে তেওঁৰ ভাষণত তেওঁলোক দুয়োজনৰে উদ্ধৃতি দি থাকে,” তেওঁ লগতে কয়। ,

ৰছৱিন্দৰে আন কিছুমান শিক্ষাৰ কথাও কয়। “ব্যক্তিগতকৰণৰ পিচত শিক্ষা বা স্বাস্থ্যখণ্ডৰ কি অৱস্থা হ’ল?” তেওঁৰ প্ৰশ্ন। “এতিয়া চৰকাৰী বিদ্যালয় আৰু চিকিৎসালয়বোৰৰ অৱস্থা ভয়াবহ। গৃহমন্ত্ৰীৰ বেমাৰ হ’লে, তেৱোঁ ব্যক্তিগত চিকিৎসালয়লৈহে যায়। কৃষি ব্যক্তিগতকৰণ কৰি এতিয়া ৰাষ্ট্ৰই নিজৰ দায়বদ্ধতাৰ পৰা পলাই ফুৰিছে।”

Gurudeep Singh (in white turban), says, 'MSP [minimum support price] is very important for us. Without it, we are finished'
PHOTO • Parth M. N.
Gurudeep Singh (in white turban), says, 'MSP [minimum support price] is very important for us. Without it, we are finished'
PHOTO • Parth M. N.

গুৰুদীপ সিঙে (বগা পাগুৰি পৰিহিত) কয়, “এম এছ পি [ন্যূনতম সমৰ্থন মূল্য] আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ ইয়াৰ অবিহনে আমি নিঃশেষ হৈ যাম

তেওঁ ক’ব খোজা কথাখিনি বহলাই ৰছৱিন্দৰে বলিভিয়াৰ পানীৰ সংকটৰ উদাহৰণ দিলে, য’ত পানী ব্যক্তিগতকৰণ কৰাৰ ফলত ১৯৯৯-২০০০ চনত দেশখনত পানীৰ বাবে বিদ্ৰোহ হৈছিল। “ব্যক্তিগতকৰণ সমাধান নহয়,” তেওঁ কয়। বৰ্তমানৰ চৰকাৰখনে কৈ আহিছে যে কৃষকসকলক ভুলকৈ পৰিচালিত কৰা হৈছে। কিন্তু আমি ভালদৰেই জানো। আপুনি যদি অজ্ঞ হৈ থাকে, এই পৃথিৱীখনে আপোনাক গ্ৰাস কৰি পেলাব।”

নতুন আইনকেইখনক লৈ কৃষকসকলৰ উদ্বিগ্নতা আৰু ক্ৰোধ থকা স্বত্তেও শ্বাহজাহানপুৰৰ প্ৰতিবাদস্থলীত ৰছৱিন্দৰ আৰু বিলাৱলৰ লংগৰৰ কাষত তেওঁলোকৰ সহযোগিতাৰ অনুভৱেৰে চালিত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজমান। কেইজনমান কৃষকে ডাঙৰকৈ পাঞ্জাবী গান লগাই ট্ৰেক্টৰ চলাইছে। আন কেইজনমানে আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিষয়ক ব্যংগ গান গাইছে, নাচিছে। কিন্তু বিলাৱলে আঙুলিয়াই দি কয়, “আমি আমাৰ সমস্যাবোৰ দূৰ কৰিবলৈহে নাচ-গান কৰোঁ। ইয়াত কৃষকসকল এখন যুঁজত অৱতীৰ্ণ।” ৰছৱিন্দৰে যোগ দি কয় যে এই যুঁজখনত “প্ৰতিবাদকাৰীসকল দিনক দিনে বেছিহে দৃঢ়মনা হৈ পৰিছে।”

ভাই-ককাইহালৰ লংগৰৰ পৰা প্ৰায় আধা কিলোমিটাৰমান দূৰৈত ৫৪ বছৰ বয়সীয়া গুৰুদীপ সিঙে ডাঙৰ টাৱা এখনত ৰুটি সেকি আছে। ইয়ালৈ অহাৰ আগতে তেৱোঁ টিক্ৰিত এটা লংগৰ চলাইছিল। পাঞ্জাৱৰ ফিৰোজপুৰ জিলাৰ মামড’ট তহছিলৰ আলফুকী গাৱঁত তেওঁৰ ৪০ একৰ মাটি আছে। তেওঁ কয় যে এই নতুন আইন তিনিখন কৃষকৰ বাবে “মৃত্যুৰ হুকুমনামা।” “মই চাউল আৰু ঘেহুঁ খেতি কৰোঁ, এম এছ পি [ন্যূনতম সমৰ্থন মূল্য] আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেইটো নাথাকিলে আমি শেষ,” তেওঁ কয় ।   .

আন্দোলন আৰম্ভ হোৱাৰ দিনাৰ পৰাই গুৰুদীপ ঘৰৰ পৰা আঁতৰত আছে। তেওঁ কয়, “মই নৱেম্বৰৰ ২৬ তাৰিখে ওলাইছোঁ, মোৰ পৰিবাৰ আৰু ল’ৰা-ছোৱালীহঁতক লগ নোপোৱা এমাহতকৈয়ো বেছি হ’ল। সিহঁতে ভিডিঅ’ কল কৰি মোৰ সৈতে কথা পাতে আৰু মোক ঘৰলৈ উভতি যাবলৈ খাটনি ধৰে।”

যি নহওক, গুৰুদীপ কিন্তু লাগি থাকিবলৈ দৃঢ়প্ৰতিজ্ঞ। আইনকেইখন বাতিল নকৰালৈকে তেওঁ নাযায়। “মই সিহঁতক [পৰিয়ালৰ সদস্য] মালা এডাল কিনিবলৈ কৈছোঁ। আইনকেইখন বাতিল কৰে যদি, মই ঘৰলৈ উভতি যাওঁতে মোক সেই মালাডালেৰে স্বাগতম জনাব। যদি মই ইয়াত মৰোঁ, সেইডাল মোৰ ফটোত লগাব,” তেওঁ কয়।

অনুবাদ: ৰুবী বৰুৱা দাস

Parth M. N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M. N.
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

Other stories by Rubee Barooah Das