বেলি ওলোৱাৰ আগতেই তেওঁলোক শোৱাপাটিৰ পৰা উঠে আৰু গোটেই দিনতো কাম কৰি যায়। ঘৰত, খেতি পথাৰত, পৰিয়ালৰ ল’ৰা-ছোৱালী আৰু মতা মানুহকেইটাৰ আলপৈচান ধৰা, পোহনীয়া জন্তুকেইটা চোৱা আদি নানানটা কাম তেওঁলোকে কৰে। খাদ্যশস্য আৰু দানাৰে ভৰ্তি গধুৰ মোনা পিঠিত লৈ তেওঁলোকে হিমালয়ৰ পাথৰেৰে ভৰা ওখ-চাপৰ পাহাৰীয়া বাটবোৰত অহা-যোৱা কৰে। এয়াই হিমাচলৰ পাহাৰীয়া নাৰী।

দেৱালীৰ দুদিন আগত সুভদ্ৰা ঠাকুৰে (তলৰ ফটোৰ সোঁফালে) তেওঁলোকৰ পাকঘৰটো ৰ্ং কৰায়। ৰবৰৰ হাতমোজা পিন্ধি নীলা বেৰাবোৰত তেওঁ বগা ৰং সানি দিয়ে। ৰন্ধা-বঢ়া তেতিয়ালৈ হৈ গৈছে আৰু ঠাইকণো তেওঁ চিকুনাই থৈছে। দিনৰ ১১:৩০ মান বজাত তেওঁ অলপ সময়ৰ কাৰণে বাহিৰলৈ ওলাই আহে। হাতেৰে চকুত অকণমান আঁৰ দি ৰ’দত খেলি থকা নাতিয়েকলৈ হাঁহি এটি মাৰি তেওঁ চাই থাকে। নাতিয়েকে তালৈ ফুৰিব আহিছে। গৰমৰ দিনত তেওঁ গোটেই দিনটো নিজৰ পথাৰত কাম কৰে। কিন্তু এতিয়া শীত আৰু তাৰ লগতে অকণমান জিৰণিও তেওঁ পাইছে।

PHOTO • Aparna Karthikeyan
PHOTO • Aparna Karthikeyan

সুভদ্ৰা আৰু তেওঁৰ বোৱাৰীয়েক উৰ্মিলে পিতাংলি গাঁৱৰ ঘৰৰ পৰা মাছোব্ৰা (হিমাচল প্ৰদেশ)ৰ ওচৰৰ হেলনীয়া ঠাইত থকা পথাৰলৈ ঠেক আৰু শিলনিৰে ভৰা দুৰ্গম বাট এটাৰে খোজ কাঢ়ি যায়। বাটছোৱা ওখোৰা-মোখোৰা, ক’ৰবাত অলপ সমান, ক’ৰবাত থিয়। হাবিয়নিৰ মাজেৰে ডেৰ কিলোমিটৰ বাট ওপৰলৈ উঠি যাব লাগে।

মহিলাসকলে অলপমান খোৱা বস্তু লৈ ৰাতিপুৱা সোনকালেই পথাৰলৈ ওলাই যায়। লগতে এটা মজবুত পাচি নিয়ে যিটোত আবেলি ঘূৰি আহোতে দিনতো গোটোৱা শস্য ভৰাই আনে। দিনটোৰ শেষত দহ কেজিমান শস্য ৰছীৰে বান্ধি পিঠিত বা মূৰত বোজা কৰি তেওঁলোক ঘৰলৈ উভতে।

PHOTO • Aparna Karthikeyan
PHOTO • Aparna Karthikeyan

প্ৰায়বোৰ পাহাৰীয়া মানুহৰ কেইটামান হ’লেও গৰু-ম’হ আছে। আগতে দেশী পাহাৰীয়া গৰু ৰাখিছিল। সিবোৰ সাধাৰণতে সৰু আৰু খুৰাৰ খোপনি ভাল কাৰণে এনে পৰিৱেশত মিলি থাকিবপৰা। কিন্তু তাৰ পিছত উন্নত জাতৰ জাৰ্চি গৰু অহাৰে পৰা এতিয়া সকলোৱে জাৰ্চি গৰুৱে দেখিব। জাৰ্চি গৰুবোৰক বহুত দানা দিব লাগে, কিন্তু পাহাৰীয়া গৰুতকৈ বহুত বেছি গাখীৰো দিয়ে। গোহালি চাফা কৰা, গাখীৰ খীৰোৱা আৰু গৰুৰ খেৰ আদি গোটোৱা কামবোৰো মহিলাইয়ে কৰিব লাগে।

হিমাচলৰ পাহাৰবোৰ সচাকৈ বৰ মনোমোহা। কিন্তু বগাবলৈও সমানেই কষ্টকৰ। স্থানীয় মহিলাসকলে খোজ কাঢ়িলে লাগে যেন ই বৰ সহজ। সিহঁতে উজ্জল ছেলোৱাৰ কামিজ অৰু স্কাৰ্ফ পিন্ধি অলপ কুজা হৈ কষ্টৰে পাহাৰ বগাই বগাই ঘাঁহ আৰু খাদ্যবস্তু গোটাই আহি থকা শীতৰ বাবে জমা কৰে। ঘাঁহবোৰ তাৰ পাছত ৰদত শুকুৱাই মুকলিকৈ জমা কৰে। দেখিলে লাগিব যেন ১০ ফুট ওখ আৰু মোটা এটা ঘাঁহৰ পাহাৰহে।

PHOTO • Aparna Karthikeyan
PHOTO • Aparna Karthikeyan
PHOTO • Aparna Karthikeyan
PHOTO • Aparna Karthikeyan

খেতি পথাৰৰ পৰা পোৱা শস্যবোৰেই মানুহবোৰে খায়। বজৰা, ৰাজমাহ আৰু গোমধানবোৰ ৰ’দত শুকুৱায় আৰু কিছুমান খুন্দি গুড়ি কৰে। শীতত বন্ধাকবি আৰু ফুলকবিৰে পথাৰ সেউজীয়া হৈ থাকে। কিন্তু আপেলৰ গছবোৰ খালি হৈ থাকে আৰু শেষৰ নাচপতি কেইটা সৰি পৰি গেলি যায়।

বসন্তকালত পাহাৰত থকা ডাঙৰ ডাঙৰ খটখটীৰ দৰে পথাৰবোৰত সুভদ্ৰাৰ গিৰিয়েকে পাহাৰীয়া বলধেৰে হাল মাৰে। তেওঁৰ ল’ৰাটো স্পণ্ডিলাইটিছৰ সমস্যাত ভূগি আছে, সেয়ে সি আজিকালি ড্ৰাইভাৰ আৰু পৰ্যটক অনা-নিয়া কাম কৰে।

খেতিৰ দুটা চক্ৰ পাৰ হৈ যোৱাৰ পিছত সুভদ্ৰাৰ দৰে মাটি থকা মানুহবোৰে কিছু পইছা গোটায় আৰু শীতৰ বাবেও খাদ্যবস্তু যোগাৰ কৰি লয়, কিয়নো নমতা আলহীৰ দৰে লাহে লাহে তুষাৰপাত হয় আৰু সেয়া বেছ কেইসপ্তাহ মান থাকে। মহিলাসকলে যেতিয়াই পাৰে চৌকাৰ কাৰণে খৰিৰ যোগাৰ কৰি লয়। হাবিৰ পৰা তেওঁলোকে পাইন গছৰ গুটি গোটায় আৰু সেইবোৰ জ্বলাই উম লয়।

শীতৰ দিনত বেছিভাগ কাম ঘৰৰ ভিতৰতেই হয়। মাইকী মানুহবোৰে ঊণ গোঠে আৰু লগতে ৰন্ধা-বঢ়া কৰা, ঘৰখন চাফ-চিকুণ কৰি ৰখা আৰু ল’ৰা-ছোৱালীৰ আলপৈচান ধৰা আদি কাম কৰে। পাহাৰত থকা মহিলাৰ কাৰণে জিৰণি এটা শব্দহে মাত্ৰ। তেওঁলোকে পিঠিত কঢ়িয়াই নিয়া পাচিটোৱেহে বোধহয় বেছি সময় জিৰণি পায়।

PHOTO • Aparna Karthikeyan

অনুবাদ: চিত্ৰাণী সোনোৱাল

Aparna Karthikeyan

Aparna Karthikeyan is an independent journalist, author and Senior Fellow, PARI. Her non-fiction book 'Nine Rupees an Hour' documents the disappearing livelihoods of Tamil Nadu. She has written five books for children. Aparna lives in Chennai with her family and dogs.

Other stories by Aparna Karthikeyan
Translator : Chitrani Sonowal

A doctorate from North-Eastern Hill University (NEHU) of Shillong, Meghalaya, Chitrani Sonowal is an independent researcher. She can be reached at [email protected]

Other stories by Chitrani Sonowal