এতিয়া ঘেঁহু খেতিত পানী দিয়াৰ সময়৷ এই গুৰুত্বপূৰ্ণ সময়ছোৱাত সবাৰন সিং পথাৰলৈ নগ’লে নহয়৷ সেয়ে তেওঁ ডিচেম্বৰৰ প্ৰথম সপ্তাহত হাৰিয়ানা-দিল্লীৰ সীমান্ত সিংঘুৰ পৰা পাঞ্জাৱৰ নিজৰ গাঁৱলৈ ঘূৰি গ’ল৷

কিন্তু তেওঁ প্ৰতিবাদথলী একেবাৰে এৰি যোৱা নাই৷ এই প্ৰতিবাদথলীত তেওঁ যোৱা নৱেম্বৰৰ ২৬ তাৰিখৰ পৰাই স্থিতপ্ৰজ্ঞৰ দৰে আছিল৷ কেইদিনমানৰ পাছত সবাৰন সিঙে নিজৰ ১২ একৰ খেতিত পানী দি সিংঘুৰ পৰা ২৫০ কিমি আঁতৰৰ খান্ত গাঁৱৰ পৰা পুনৰ প্ৰতিবাদথলীলৈ ঘূৰি আহিল৷ “এইদৰে গাঁৱলৈ অহা-যোৱা কেৱল ময়েই কৰা নাই৷’’ ৭০ বছৰীয়া কৃষকজনে ক’লে৷ তেওঁ আৰু ক’লে “প্ৰতিবাদথলীত থকা বহু কৃষকে নিজৰ গাওঁ আৰু প্ৰতিবাদথলীলৈ নিয়মিত অহা-যোৱা কৰি আছে৷’’

কৃষকসক’লে উলিওৱা এই অহা-যোৱাৰ ব্যৱস্থাটোৱে সিংঘুত কৃষকৰ সংখ্যাও কমিব নিদিযে. লগতে তেওঁলোকৰ শস্যও নষ্ট নোহোৱাটো নিশ্চিত কৰে৷

নৱেম্বৰ-ডিচেম্বৰৰ সময়ছোৱাৰ কথা উল্লেখ কৰি সবাৰনে কয়, “এই সময়খিনিতে আমি ঘেঁহু খেতি আৰম্ভ কৰো৷ যেতিয়া মই সিংঘুত নাছিলো মোৰ গাঁৱৰ দুজনমান বন্ধু আহি মোৰ সলনি ইয়াত আছিল৷’’

বহু প্ৰতিবাদকাৰীয়ে এইদৰে অহা-যোৱা কৰা প্ৰক্ৰিয়াটো চলাই আছে৷ সবাৰন এজন প্ৰাক্তন সেনা জোৱান৷ “আমাৰ কেইবাজনৰো চাৰিচকীয়া বাহন আছে৷ গাঁৱলৈ অহা-যোৱাত সেয়ে আমাৰ সুবিধা হৈছে৷ গাড়ীবোৰ কিন্তু কেতিয়াও খালীকৈ অহা-যোৱা নকৰে৷ যদি চাৰিজন মানুহক গাঁৱলৈ লৈ গৈছে, গাড়ীখন ঘূৰি আহোতে আন চাৰিজনক লৈ আহে’’৷

'The cars keep going back and forth from here to our villages. If four people are dropped there, four others come back in the same car', says Sabaran Singh
PHOTO • Parth M.N.
'The cars keep going back and forth from here to our villages. If four people are dropped there, four others come back in the same car', says Sabaran Singh
PHOTO • Parth M.N.

‘আমাৰ গাঁৱৰ পৰা সৰু চাৰিচকীয়া বাহনবোৰ অহা-যোৱা কৰি থাকে। চাৰিজন মানুহ গাঁৱলৈ গ’লে আন চাৰিজন একেখন চাৰিচকীয়াতে ঘূৰি ইয়ালৈ আহে’

দেশৰ ৰাজধানীৰ ওচৰে-পাজৰে থকা বহুতো প্ৰতিবাদথলীৰে এখন, সিংঘুলৈ তেওঁলোক এইদৰে উভতি আহে য’ত নৱেম্বৰৰ ২৬ তাৰিখৰ পৰা হাজাৰ হাজাৰ কৃষকে ২০২০ চনৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে সংসদৰ গৃহীত কৰি কৃষকৰ ওপৰত জাপি দিয়া নতুন কৃষি আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে৷

হাৰিয়ানাৰ সীমান্তত উত্তৰ দিল্লীৰ বহিঃভাগত থকা সিংঘুত আটাইতকৈ ডাঙৰ প্ৰতিবাদটো হৈছে য’ত প্ৰায় ৩০,০০০ কৃষকে অৱস্থান কৰিছেহি৷ আইনখন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ চলাই যাবলৈ দৃঢ় প্ৰতিজ্ঞ৷

ডিচেম্বৰৰ প্ৰথম ভাগত সবাৰন সিং যেতিয়া ফাতেহগড় চাহিব জিলাৰ খমানন তেহচিলৰ অন্তৰ্গত নিজৰ গাঁৱত আছিল, তেতিয়া তেওঁ এখন বিয়া খাই বেংকৰ কিছু লেঠা মাৰিলে আৰু নতুন কাপোৰ এজাপ লৈ ঘূৰি আহিল৷ তেওঁ ট্ৰাকত থকা এখন গাদীৰ তলত জাপি লোৱা খেৰৰ জাপটোলৈ দেখুৱাই কৈছিল “আমাৰ ইয়াত সকলো সুবিধা আছে৷ ঠাণ্ডাত আমাক ই উম দিয়ে। লগতে বিজুলী-পানীৰ সুবিধা আৰু কম্বলো আছে৷ গা-ধোৱা ঘৰৰো কোনো সমস্যা নাই৷ অহা ছমাহলৈ খাব পৰাকৈ ৰেচনো আছে৷’’

সবাৰনে ঘেঁহু আৰু ধানৰ খেতি কৰে৷ তেওঁ আইনখনক লৈ অসন্তুষ্টিৰ মুল কাৰণটো হ’ল যে এই আইনখনে ৰাজ্য নিয়ন্ত্ৰিত মাণ্ডিবোৰ নোহোৱা কৰিব য’ৰপৰা চৰকাৰে নুন্যতম সমৰ্থন মুল্য (এমএছপি)ত খেতিয়কৰ পৰা শস্য ক্ৰয় কৰে৷ পাঞ্জাৱ-হাৰিয়ানাত ধান আৰু ঘেহুঁৰ ক্ৰয় ব্যৱস্থাটো দেশৰ অন্য যিকোনো ৰাজ্যতকৈ বেছি ভাল আৰু সেয়েহে এই অঞ্চলটোৰ কৃষকসক’লে মুলতঃ আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে৷ সবাৰন সিঙে ক’লে, “ব্যক্তিগত কোম্পানীবোৰ সোমোৱাৰ লগে লগে কৃষিত তেওঁলোকৰে একচেতিয়া আধিপত্য হ’ব। কৃষকৰ সমস্যাবোৰ তাত গৌণ হৈ পৰিব আৰু এই আইনৰ জৰিয়তে ডাঙৰ কোম্পানীবোৰৰ শ্ৰুতলিপিয়েই আইন হৈ পৰিব।’’

Left: Hardeep Kaur (second from left) says, 'We will go back  for a while when he [an employee looking after their farmland] needs us there. We will be replaced by someone here for that duration'. Right: Entire families at Singhu are engaged in this rotation
PHOTO • Parth M.N.
Left: Hardeep Kaur (second from left) says, 'We will go back  for a while when he [an employee looking after their farmland] needs us there. We will be replaced by someone here for that duration'. Right: Entire families at Singhu are engaged in this rotation
PHOTO • Parth M.N.

বাওঁফালেঃ হৰদীপ কৌৰে (বাওঁফালৰ পৰা দ্বিতীয়জন) কয়, ‘তাতে তেওঁক (তেওঁলোকৰ খেতিৰ কাম চাই থকা কৰ্মচাৰীজন) আমাৰ প্ৰয়োজন হ ’লে আমি কেইদিনমানৰ বাবে ঘৰলৈ উভতিম। ইয়াতে সেইখিনি সময়ত আমাৰ ঠাই আন কোনোবাই ল’ব। ’ সোঁফালেঃ এনেদৰে সিংঘুৰ প্ৰতিবাদত সাল-সলনি কৰি গোটেই পৰিয়ালটোৱে ভাগ লৈছে

এই আইনকেইখন প্ৰথমে ২০২০ চনৰ ৫ জুনত অধ্যাদেশ হিচাপে জাৰী কৰা হৈছিল। ১৪ ছেপ্তেম্বৰত সংসদত বিধেয়ক হিচাপে উত্থাপন কৰা হয় আৰু লৰালৰিকৈ একে মাহৰ ২০ তাৰিখে আইনত পৰিণত কৰা হয়৷ কৃষকে এই আইনকেইখনক তেওঁলোকৰ জীৱিকাৰ ধ্বংসকাৰী হিচাপে দেখে৷ এই আইনৰ জৰিয়েতে বৃহৎ উদ্যোগপতিসকলৰ দ্বাৰা কৃষি আৰু কৃষকৰ ওপৰত অধিক ক্ষমতা প্ৰয়োগৰ বাটো সুগম কৰে৷ আইনকেইখনে কৃষকৰ ওচৰত ইতিমধ্যেই থকা প্ৰধান সুবিধাসমূহ যেনে ন্যূনতম সমৰ্থন মুল্য (এমএচপি), কৃষিজাত সামগ্ৰী বিপণন কমিটি (এপিএমচি) বা ৰাজ্যই শস্য আহৰণৰ ব্যৱস্থা ইত্যাদি ব্যৱস্থাবোৰকো নস্যাৎ কৰে৷

কৃষকসক’লে বিৰোধিতা কৰা আইনকেইখন হৈছেঃ কৃষকৰ উৎপাদনৰ ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সুচলকৰণ) আইন, ২০২০ ; কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষিতকৰণ) মূল্য নিশ্চিতকৰণ আৰু কৃষিপাম সেৱাৰ চুক্তি আইন, ২০২০ ; আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন)আইন, ২০২০ । ইয়াৰ উপৰিও এই আইনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে সমালোচিত হৈছে।

“এইখন ডকাইতৰ চৰকাৰ’’ সবাৰন সিঙে ক’লে৷ তেওঁ আৰু ক’লে “অনাগত দিনত আৰু বহু বেছি খেতিয়কে আমাৰ লগত যোগ দিবহি৷ প্ৰতিবাদ আৰু ডাঙৰ হ’ব৷’’

শেহতীয়াকৈ, ডিচেম্বৰৰ তৃতীয় সপ্তাহত সিংঘুৰ প্ৰতিবাদথলীত যোগ দিছেহি ৬২ বছৰীয়া হৰদীপ কৌৰে৷ উত্তৰ ভাৰতৰ হাড় কঁপোৱা জাৰত তিনিগৰাকী অন্য বন্ধুৰ লগত খাট এখনত বহি কৌৰে কয়, “মোৰ ল’ৰা-ছোৱালীকেইটাই এই প্ৰতিবাদত মোক যোগ দিবলৈ কৈছে৷’’

কৌৰ আহিছে প্ৰায় ৩০০ কিমি দুৰৰ লুধিয়ানাৰ জাগৰণ টেহচিলৰ চক্কৰ গাঁৱৰ পৰা৷ তেওঁৰ লৰা-ছোৱালী দুটা থাকে অষ্ট্ৰেলিয়াত৷ ছোৱালীজনী নাৰ্ছ আৰু ল’ৰাটোৱে ফেক্টৰিত কাম কৰে৷ “সিহঁতে প্ৰতিবাদৰ বাতৰিবিলাক মন দি চায়৷ সিহঁতেই আমাক ইয়ালৈ আহিবলৈ উৎসাহ দিছে৷ আমি ইয়ালৈ অহাৰ সিদ্ধান্ত লোৱাৰ পিছত ক’ৰনালৈ ভয় নলগা হ’ল৷’’

প্ৰতিবাদথলীত থকা পোষ্টাৰবিলাকে কয. নৰেন্দ্ৰ মোদী ক’ভিড-১৯তকৈও ডাঙৰ ভাইৰাছ৷

PHOTO • Parth M.N.

প্ৰতিবাদৰ মাজতো গাঁৱত খেতিৰ কাম চলাই নিয়া আৰু সহায় আগবঢ়াই অহাসকলক সিংঘুত দেখা নাপাব পাৰে, কিন্তু তেওঁলোকো প্ৰতিবাদী, ছমছেৰ সিঙে (ওপৰত বাওঁফালে মাজত) কয়

কৌৰ আৰু তেওঁৰ গিৰিয়েক জৰা সিং যেতিয়া প্ৰতিবাদথলীত থাকে, তেওঁলোকৰ এজন কৰ্মচাৰীযে তেওঁলোকৰ ১২ একৰ ভূমিত কৰা ধান আৰু ঘেঁহুৰ খেতি চোৱা-চিতা কৰে৷ “যেতিয়াই আমাক তাৰ প্ৰয়োজন হ’ব, কেইদিনমানৰ কাৰণে আমি গাঁৱলৈ যাম৷ আমি নথকা সময়খিনিত আমাৰ ঠাইত অন্য কোনোবা আহিব৷ গাড়ী এখন ভাড়া কৰি গাঁৱলৈ যাম আৰু সেই গাড়ীতে গাঁৱৰ পৰা অন্য কোনোবা আহিব৷’’

যিসকল কৃষকে গাড়ী ভাড়া কৰি যাবলৈ সক্ষম নহয. তেওঁলোকে বাছেৰেই অহা-যোৱা কৰিছে৷ খেতিয়কে প্ৰতিবাদথলীলৈ তেওঁলোকৰ ট্ৰেক্টৰৰ ট্ৰলীবোৰো লৈ আহিছে আৰু সেইবোৰ ক’লৈকো নাযায়, ৩৬ বছৰীয়া ছমছেৰ সিঙে ক’লে৷ ছমছেৰ সিং উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ শিৱপুৰী গাঁৱৰ এজন কুঁহিয়াৰ খেতিয়ক। নিজৰ চাৰি একৰ ভূমিত তেওঁ কুঁহিয়াৰ খেতি কৰে৷ “আমি যে এতিয়াও যুদ্ধক্ষেত্ৰ এৰি যোৱা নাই, এই ট্ৰেক্টৰবোৰে চিন৷ তেওঁলোক এতিয়াও সিংঘুতে আছে,’’ ছমছেৰ সিঙে কয়৷

ছমছেৰ সিংঘুত থাকোতেই তেওঁৰ গাঁৱত ইতিমধ্যে কুঁহিয়াৰ কটা কাম আৰম্ভ হৈছে৷ “মই আৰু দুদিনমান ইয়াত থাকিম৷ মই ঘৰলৈ গ’লে মোৰ ভাইটিয়ে মোৰ ঠাই লবহি৷ এতিয়া সি কুঁহিয়াৰ কাটি আছে৷ খেতি-বাতি কাৰোৰে কাৰণে ৰৈ নাথাকে৷ কামবোৰতো চলি থাকিব লাগিব৷’’

প্ৰতিবাদৰ মাজতো গাঁৱত খেতিৰ কাম চলাই নিয়া আৰু সহায় আগবঢ়াই অহাসকলক সিংঘুত দেখা নাপাব পাৰে, কিন্তু তেওঁলোকো প্ৰতিবাদী, ছমছেৰ সিঙে কথাটো আঙুলিয়াই দি কয়। “এই প্ৰতিবাদৰ অংশ হ’বলৈ বহু মানুহে নিজৰ ঘৰ-বাৰী এৰি ইয়াত আছেহি৷ কিন্তু সকলোৰে পৰিয়াল ডাঙৰ নহয় বা সহায় কৰিব পৰাকৈ আন মানুহ নাই৷ সেয়ে গাঁৱত থকা মানুহবোৰে এতিয়া দুগুণ কাম কৰিবলগা হৈছে৷ নিজৰ লগতে সিংঘু বা অন্য প্ৰতিবাদথলীত থকা কৃষকৰ মাটিতো তেওঁলোকেই খেতি কৰি দিছে৷ সেয়ে গাঁৱত থাকি যোৱা মানুহবোৰো এই প্ৰতিবাদৰ অংশ৷ মাত্ৰ তেওঁলোকৰ কায়াটোহে ইয়াত নাই৷ ’’

অনুবাদ: চিত্ৰানী সোনোৱাল

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Chitrani Sonowal

A doctorate from North-Eastern Hill University (NEHU) of Shillong, Meghalaya, Chitrani Sonowal is an independent researcher. She can be reached at [email protected]

Other stories by Chitrani Sonowal