“এইটোৰ দাম ৩৫০ টকা। আৰু দাম-দৰ নকৰিব, কৰ’নাৰ কাৰণে একোয়ে উপাৰ্জন নাই”, দাম-দৰ কৰি থকা গ্ৰাহকজনক প্ৰ্কাশ ককৰেয়ে ক’লে। তেওঁ মতা ভেড়া পোৱালী এটা মাটিতে পাতি লোৱা পাল্লাত তুলি ল’লে। “তিনি কিলো”, কিলোৱে প্ৰতি ২০০ টকাকৈ দিব বুলি লাগি থকা গ্ৰাহক দুজনক উদ্দেশ্য কৰি ককৰেই কলে। “বৰ কম দামতে দিছো, কাৰণ মোক পইছাৰ দৰকাৰ,” প্ৰকাশে ভেড়াটোক তাৰ নতুন মালিকৰ হাতত গতাই দি ক’লে।

“আমিনো আৰু কি কৰিব পাৰো, হ’ব আৰু যাব দিয়া,” জুন মাহৰ শেষৰ সপ্তাহত সেইদিনা আবেলি মই যেতিয়া তেওঁৰ পৰিয়ালক ৱাড়া তালুকৰ দেশাইপাৰা নামৰ সৰু ঠাইখনৰ মুকলি পথাৰত লগ পাইছিলো, তেওঁ মোক এনেকৈ কৈছিল। ক’ভিড-১৯ৰ কাৰণে হোৱা তলাবন্ধৰ তেতিয়া তিনি মাহ হৈছিল।

ধনগৰ গোষ্ঠীৰ সকলো অঘৰী পশুপালক, প্ৰকাশৰ পৰিয়ালটোৰ লগতে আৰু ছয়টা পৰিয়ালে মহাৰাষ্ট্ৰৰ পালঘৰৰ সেই পথাৰখনত দুটা দিনৰ বাবে বাহৰ পাতিছিল। কেইগৰাকীমান মহিলাই  সৰু পোৱালীবোৰ ৰাখিবৰ বাবে নাইলনৰ আঁঠুৱা তৰিছিল। শস্যৰে ভৰ্তি বস্তা, এলুমিনিয়ামৰ বাচন, প্লাষ্টিকৰ বাল্টি আৰু অন্যান্য বস্তু পথাৰখনত সিঁচৰতি হৈ পৰি আছিল। কেইটামান সৰু ল’ৰা ছোৱালীয়ে ভেড়া পোৱালীৰ লগত খেলি আছিল।

প্ৰকাশে যিদৰে পোৱালী এটা দৰদাম কৰি বিক্ৰী কৰিলে ঠিক তেনেকৈয়ে ভেড়া, ছাগলী আৰু পোৱালীবোৰ বেচাটোয়ে ধনগৰৰ এই গোটটোৰ জীৱিকা আৰ্জনৰ মূল উপায়। এই সাতটা পৰিয়ালৰ ৫০০ টা জন্তু আছে তাৰে ভিতৰত ২০ টা ঘোঁৰাও আছে।

তেওঁলোকে ভেড়া পোহে আৰু সেয়া বেচি পইছা বা শস্য লয়। তেওঁলোকে ছাগলীবোৰ সাধাৰণতে ঘৰতে গাখীৰ খাবলৈ আৰু সময়ে সময়ে মাংস বেপাৰীক বেচিবৰ বাবে ৰাখে।

মাজে-সময়ে পথাৰৰ গৰাকীয়ে জন্তুবোৰক পথাৰত চৰিব দি সিহঁতৰ গোবৰ লয় আৰু বিনিময়ত পৰিয়ালকেইটাক কেইদিনমানৰ বাবে থাকিব দিয়াৰ লগতে খোৱা বস্তু আৰু পানীও দিয়ে।

“আমি কেৱল মেন্ধা (মতা ভেড়া) বেচো আৰু মাইকীবোৰ ৰাখি থওঁ”, অঘৰী ভেড়াপালক গোটতোৰ মুখিয়াল ৫৫ বছৰীয়া প্ৰকাশে ক’লে। খেতিয়কবোৰে তেওঁলোকৰ মাটিবোৰ চৰণীয়া পথাৰ কৰিবৰ বাবে আমাৰ পৰা ভেড়া কিনে। ভেড়াৰ গোবৰে মাটি সাৰুৱা কৰি তোলে।

In June, Prakash’s family – including his daughter Manisha, and grandchildren (left) – and others from this group of Dhangars had halted in Maharashtra's Vada taluka
PHOTO • Shraddha Agarwal
In June, Prakash’s family – including his daughter Manisha, and grandchildren (left) – and others from this group of Dhangars had halted in Maharashtra's Vada taluka
PHOTO • Shraddha Agarwal

জুন মাহত প্ৰকাশৰ পৰিয়ালটো তেওঁৰ জীয়েক মনিষা আৰু নাতিয়েক(বাওঁহাতে)ৰ লগতে ধনগৰৰ গোটতোৰ আন সকলে মহাৰাষ্ট্ৰৰ ৱাড়া তালুকত জিৰণি লৈছিল

ধনগৰ গোষ্ঠীৰ এই সাতটা পৰিয়ালক মহাৰাষ্ট্ৰত অঘৰী জনজাতিৰ তালিকাত ৰখা হৈছে আৰু নৱেম্বৰৰ পৰা খাৰিফ শস্য কটাৰ পাছতে তেওঁলোকৰ যাত্ৰাৰম্ভ হয়। (মহাৰাষ্ট্ৰৰ উপৰিও ভাৰতৰ প্ৰধানকৈ বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ওড়িশা আৰু পশ্চিমবংগত প্ৰায় ৩৬ লাখ ধনগৰীয়া লোক আছে।)

সাতটা পৰিয়ালৰ মোটামুটিকৈ ৪০ জন মানুহ - এবাৰ ওলাই অহাৰ পাছত প্ৰ্ত্যেকখন গাঁৱত  কেতিয়াবা এমাহলৈকে থাকে। গাঁৱত তেওঁলোকে ২-৩ দিনৰ মুৰত ইখন পথাৰৰ পৰা সিখন পথাৰলৈ যায়। থাকিবলৈ টাৰ্প’লিনেৰে তম্বু তৰি লয়। গাঁৱৰ পৰা আঁতৰত ৰাস্তাত থকাৰ সময়ত সাধাৰণতে তেওঁলোকে থাকিবলৈ হাবিতলীয়া অঞ্চলহে বাছি লয়।

প্ৰকাশ আৰু তেওঁৰ লগৰ মানুহখিনি মূলতঃ আহমেদনগৰ জিলাৰ ধৱলপূৰি গাঁৱৰ হয়। নাচিক জিলাত তেওঁলোকৰ ৰাজ্যজুৰি চলা বছৰেকীয়া যাত্ৰাৰ অন্ত পৰেগৈ, আৰু তাতেই তেওঁলোকে বিভিন্ন গাঁৱৰ শুকান পথাৰত জুপুৰি সাজি বাৰিষাৰ মাহকেইটা কটায়।

কিন্তু মাৰ্চৰ ২৫ তৰিখৰ পৰা আৰম্ভ হোৱা তলাবন্ধৰ কাৰণে তেওঁলোকৰ সাধাৰণতে যাত্ৰাপথ কঠিন হৈ পৰে। “আমি দৈনিক ৩০ কিলোমিটাৰ খোজ কাঢ়ো, কিন্তু তলাবন্ধৰ বাবে মানুহে আমাক তেওঁলোকৰ পথাৰত থাকিবলৈ নিদিয়া হ’ল,“ প্ৰকাশে কৈছিল।

তলাবন্ধ শেষ হোৱাৰ অপেক্ষাত ৱাড়া তালুক পোৱাৰ আগেয়ে মানুহবোৰে ৪০ দিনৰ কাৰণে ৱাড়াৰ চাৰিওকাষে ৫৫ কিলোমিটাৰ দূৰত থকা পালঘৰৰ বনগাঁৱৰ এখন পথাৰত বাহৰ পাতে। জুন মাহলৈ যেতিয়া চলা-ফুৰা কৰিবলৈ সুবিধা হ’ল, তেওঁলোকে পুনৰ যাত্ৰাৰম্ভ কৰিলে। “পুলিচেও যাতে একো দিগদাৰ নিদিয়ে, তাৰবাবে জন্তুবোৰ লৈ আমি গৈ থাকিবলগীয়া হৈছিল,” প্ৰ্কাশে ক’লে, “মানুহবোৰেও আমি গাওঁ এৰি যোৱাটোয়ে বিচাৰে”।

Selling lambs, sheep and goats is the main source of sustenance for the Dhangar families, headed by Prakash (right image) – with his wife Jayshree (left) and niece Zai
PHOTO • Shraddha Agarwal
Selling lambs, sheep and goats is the main source of sustenance for the Dhangar families, headed by Prakash (right image) – with his wife Jayshree (left) and niece Zai
PHOTO • Shraddha Agarwal

ধনগৰ সম্প্ৰদায়ৰ এই গোটটোৰ ভেঁড়া, ভেঁড়াৰ পোৱালী আৰু ছাগলী বিক্ৰীয়েই উপাৰ্জনৰ ঘাই উৎস – গোটটোক নেতৃত্ব দিয়া প্ৰকাশৰ (সোঁফালৰ ফটোত) সৈতে পত্নী জয়শ্ৰী (বাওঁফালে) আৰু ভতিজা ঝাই

এপ্ৰিলত এবাৰ বনগাঁৱৰ কিছুমান মানুহে তাৰ পৰিয়ালটোৰ উপৰত খং কৰি চিঞৰা ঘটনা এটা তাৰ মনলৈ আহিল। “তেওঁলোকৰ মাটিত এনেদৰে থাকিব আহি আমি তেওঁলোকৰ জীৱনলৈ ভাবুকি আনিছো বুলি কৈছিল আৰু আমাক ঘৰতে থাকিবলৈ কৈছিল। কিন্তু আমি সদায় এনেকৈয়ে জীয়াই আহিছো। মোৰ দেউতা, ককা, আমি সকলোৱে আমাৰ জন্তুবোৰৰ লগতেই সদায় ঘূৰি ফুৰিছো। আমি কেতিয়াও একে জেগাতে থাকি পোৱা নাই। আমাৰ ঘৰতে থাকিবলৈ নিজা ঘৰ নাই।”

যিকি নহওঁক, তলাবন্ধই তেওঁলোকক এখন স্থায়ী ঘৰৰ কথা ভাবিবলৈ বাধ্য কৰিলে। “এইটোৱে আমাক বৰ আহুকালত পেলালে”, প্ৰকাশে আকৌ ক’লে, “এখন ঘৰ থকা হ’লে কথাবোৰ সহজ হ’লহেতেন।”

তলাবন্ধৰ সময়ছোৱাত ধনগৰৰ পৰিয়ালবোৰে যাতায়তৰ একো সুবিধা নথকাৰ উপৰিও আন আন কথাতো যুঁজিবলগা হৈছিল। জীৱ-জন্তু পালি জীয়াই থকাসকলৰ কাৰণে চিকিৎসাৰ সুবিধা এনেও সহজলভ্য নহয় কাৰণ তেওঁলোকে এঠাইৰ পৰা আন এঠাইলৈ গৈ থাকে নাইবা ভিতৰুৱা ঠাইত থাকে। প্ৰকাশ ককৰেই কলে যে “জুন মাহৰ মাজভাগত, মোৰ ভাইৰ ছোৱালী আৰু তাইৰ কেঁচুৱাটো আমি হেৰুৱাইছো। তাই সেই সময়ত গৰ্ভৱতীও আছিল।”

সুমন ককৰেই ওচৰৰ নল এটাৰ পৰা পানী আনিব যাওতে তাইক সাপে কামুৰিছিল। দলটোৰ কেইজনমানে তাইক বিচাৰি পাইছিল। তেওঁলোকে অট’ৰিক্সা নাপাই ব্যক্তিগত গাড়ী এখনকে ভাড়ালৈ মাতে। ক’ভিডৰ ৰোগী বেছিকৈ থকাৰ কাৰণে পালঘৰ হাস্পতালে তাইক ভৰ্তি কৰিবলৈ মান্তি নহয়। “কেইবাঘণ্টা তাইক এখন হাস্পতলৰ পৰা আনখনলৈ নিওঁতেই পাৰ হৈ গৈছিল, কিন্তু আমাক কোনো এখনেই ভৰ্তি কৰোৱা নাছিল। ৰাতিলৈ প্ৰায় ১০০ কিলোমিটাৰ দূৰৈত থকা উলহাসনগৰলৈ তাইক লৈ যাওঁ, কিন্তু আদবাটতে তাই ঢুকাই থাকিল। সেই ঠাইৰ হাস্পতালে কিন্তু তাৰ দুদিনৰ পিছতহে আমাক তাইৰ মৃতদেহ উভতাই দিছিল,” প্ৰকাশে আমাক জনাইছিল।

“মোৰ তিনি আৰু চাৰি বছৰীয়া ল’ৰা দুটাই বাৰে বাৰে সোধে সিহঁতৰ মাক ক’ত গ’ল বুলি,” সুমনৰ ৩০ বছৰীয়া গিৰিয়েক সন্তোষে কৈছিল। “সিহঁতকনো মই কি ক’ম? মোৰ আহিবলগীয়া সন্তানৰ লগতে মানুহজনীও মৰি গ’ল। সিহঁতক কেনেকৈ এয়া বুজাম?”

'We will take care of ourselves, but our sheep need fodder and water', says Zai Kokre (left and centre), with her aunt Jagan, her son (centre) and others from her family
PHOTO • Shraddha Agarwal
'We will take care of ourselves, but our sheep need fodder and water', says Zai Kokre (left and centre), with her aunt Jagan, her son (centre) and others from her family
PHOTO • Shraddha Agarwal
'We will take care of ourselves, but our sheep need fodder and water', says Zai Kokre (left and centre), with her aunt Jagan, her son (centre) and others from her family
PHOTO • Shraddha Agarwal

'আমি বাৰু নিজৰ যতন ল’ব পাৰিম কিন্তু আমাৰ ভেড়াবোৰক দানা আৰু পানীৰ দৰকাৰ,' ঝাই ককৰেই কয় (বাওঁফালে আৰু মাজত); লগত পেহীয়েক, তেওঁৰ পুতেক (মাজত) আৰু পৰিয়ালৰ আন সদস্যসকল

মহামাৰীৰ সময়ত ল’ব লগা সাৱধানতাৰ কথা এইসকল লোকে জানে কিন্তু হাবিতলীয়া ঠাইত মোবাইল ফোনৰ দুৰ্বল সংযোগৰ বাবে বাতৰি আৰু অন্যান্য খবৰবোৰ সদায় সময়মতে নাপায়। “আমি ৰেডিঅ’ শুনো,” ঝাই ককৰেই মোক ক’লে। “তেওঁলোকে আমাক হাত ধুব আৰু মুখত মাস্ক লগাব কৈছে। আমি গাওঁলৈ গ’লে ওৰণিৰে মুখ ঢাকি যাওঁ।”

সেইদিনাখন পালঘৰত বাহৰ পাতোতে প্ৰকাশৰ ভতিজী ২৩ বৰ্ষীয়া ঝায়ে শিলৰ ওপৰত পাতি লোৱা চৌকা এটাত কাঠ খৰিৰ জুই ধৰি জোঁৱাৰ ভাখৰি বনাই আছিল। তাইৰ এবছৰীয়া ল’ৰা দানেশ ওচৰতে খেলি আছিল। “আমি দিনটোত এবাৰ খাইও থাকিব পাৰিম, কিন্তু যেনে তেনে আমাৰ ভেড়াবোৰ চাবা,” বনগাঁৱৰ মানুহবোৰে ধনগৰসকলক তাৰ পৰা যাবলৈ কোৱা ঘটনাটোৰ সম্পৰ্কত তাই এনেদৰে কয়। “আমাৰ ভেড়াবোৰ থাকিব পৰাকৈ যদি এটুকুৰা ঠাই দিয়া, তেন্তে আমিও তাতেই থাকিব পাৰিম। লাগিলে সেই ঠাই হাবিয়েই হওক। আমি বাৰু নিজৰ যতন ল’ব পাৰিম কিন্তু আমাৰ ভেড়াবোৰক দানা আৰু পানীৰ দৰকাৰ।”

তলাবন্ধৰ আগেয়ে এই সাতটা পৰিয়ালে একেলগে ৫ বা ৬ টা ভেড়া এসপ্তাহত বেচিব পাৰিছিল যদিও আজিকালি কেতিয়াবা এটাহে বিক্ৰি হয় - প্ৰকাশে লগতে জনায় যে কেতিয়াবা ধনী খেতিয়কে একেলগে কেইবটাও জন্তু কিনি লয়। মাহটোৱে প্ৰতি সাধৰণতে ১৫ টা মান ছাগলীও বেচা হয় আৰু বিক্ৰি কৰি পোৱা পইছা আৰু খৰচবোৰ লগে-ভাগে হিচাপ কৰা হয়। “আমি এটা পৰিয়াল হিচাপে একেলগে থাকো,” প্ৰকাশে ক’লে।

তলাবন্ধৰ সময়ত বিক্ৰী একেবাৰে কমি গ’ল। সেয়া কিমান কমিল প্ৰকাশে ঠিককৈ মনত পেলাব নোৱৰিলে। ৫০ টকীয়া চাউল ৯০ টকা, ৩০ টকীয়া আটা ৬০ টকা হৈছিলগৈ তথাপি সিহঁতৰ সাঁচতীয়া টকাৰে কোনোমতে চলি থাকিল।

“ইয়াৰ (ভাড়াৰ) চব দোকানেই আমাক লুটি আছে” - ঝাই কলে। সিহঁতে আমাক খোৱাবস্তু বহুত বেছি দামত বিক্ৰী কৰে। পিছৰ ঠাইখন পোৱলৈকে আমি খোৱা বস্তু বচাই ৰাখিব লাগিব, সেয়ে আজিকালি আমি দিনত এবাৰহে খাওঁ।

পৰিয়ালকেইটাই চৰকাৰৰ পৰাও ৰেচন পাইছিল বুলি আমাক জনালে। “আহমেদনগৰ কৰ্তৃপক্ষৰ পৰা সাতটা পৰিয়াল মিলি মাহে ২০ কেজিহে চাউল পাও”- প্ৰকাশে ক’লে। আপুনিয়েই কওকচোন ২০ কেজি চাউল ইমানখিনি মানুহৰ কাৰণে যথেষ্টনে? আমাৰ গাঁৱত (ধাৱলপুৰী- য’লৈ পৰিয়ালবোৰ কেতিয়াবাহে যায়) আমি চৰকাৰী ৰেচনৰ দোকানৰ পৰা কম দামতে ৰেচন কিনিব পাৰো, কিন্তু অন্য ঠাইত সম্পূৰ্ণ দাম দিহে বস্তু কিনিব পাৰো।

While travelling, this group – which includes Gangadhar (left) and Ratan Kurhade – carries enough rations on their horses to last nearly a month
PHOTO • Shraddha Agarwal
While travelling, this group – which includes Gangadhar (left) and Ratan Kurhade – carries enough rations on their horses to last nearly a month
PHOTO • Shraddha Agarwal

যাত্ৰাকালত এই গোটটোৱে কমেও এমাহ জোৰাকৈ ৰেচন-পাতি তেওঁলোকৰ ঘোঁৰাৰ পিঠিতে বোজাই কৰি নিয়ে; গোটটোৰ সদস্য গংগাধৰ (বাওঁফালে) আৰু ৰতন কুৰহাৰে

যাত্ৰাৰ সময়ত সাধাৰণতে দলটোৱে ঘোঁৰাৰ পিঠিত এমাহমান খাব পৰাকৈ ৰেচন লৈ যায়। “কেতিয়াবা জংঘলত থাকোতেই তেল সোনকালে শেষ হয় বা কেতিয়াবা চাউল ১৫ দিনতে শেষ হয়। তেতিয়া আমি পুনৰ ওচৰৰ গাঁৱলৈ ঘূৰি গৈ বস্তু কিনি আনো”- প্ৰকাশে ক’লে।

“কভিড-১৯ৰ কাৰণে মোৰ লৰা-ছোৱালীকেইটাও আমাৰ লগতে আহিছে। সিহঁত আচলতে স্কুল যাব আৰু পঢ়ি থাকিব লাগিছিল” – ৩০ বছৰীয়া প্ৰকাশৰ ভনীয়েক জগান ককৰেই ক’লে। সাধাৰণতে সৰু সৰু ল’ৰা-ছোৱালীবোৰহে মাক-দেউলাকৰ লগত এনেকৈ আহে। ৬-৮ বছৰীয়া হলে সিহঁতে ধবালপুৰীৰ আবাসিক স্কুলতে (আশ্ৰমশালা) থাকি পঢ়ে। গৰমৰ বন্ধতহে ডাঙৰ লৰা-ছোৱলীবোৰ এই যাত্ৰাত চামিল হয়। “মোৰ ল’ৰাই এতিয়া ভেড়া কেনেকৈ চাব লাগে শিকি আছে”- জগানে ক’লে। “আৰুনো মই কি কৰিব পাৰো? কৰ’নাৰ কাৰণে আশ্ৰমশালা বন্ধ হোৱাত আমি তাক লৈ আহিবলগা হৈছে।”

জগানৰ দুটা ল’ৰা চানি আৰু প্ৰসাদ ধাৱলপুৰীত নৱম আৰু সপ্তম শ্ৰেণীত পঢ়ে, ৬ বছৰীয়া তৃপ্তি এতিয়ালৈ স্কুল যোৱা নাই আৰু সিহঁতৰ বস্তুবোৰ ঘোঁৰাৰ পিঠিত উঠোৱাত সহায় কৰে। “আমি নিবিচাৰো আমাৰ ল’ৰা-ছোৱালীয়েও আমাৰ দৰে কোনো ঠিকনা, আশ্ৰয় নোহোৱাকৈ ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰক”- জগানে আকৌ কলে। ঘূৰি ফুৰাটো কষ্টকৰ, কিন্তু আমি এই জন্তুবোৰাৰ বাবেই কৰিব লগা হয়।”

জুন মাহৰ শেষৰফালে যেতিয়া মই তেওঁলোকক লগ পাইছিলো, তেওঁলোক পালঘৰৰ পৰা যাবলৈ ওলাইছিল। “এই বৰষুণত আমাৰ ভেড়াবোৰ বাচি নাথাকিব। ইয়াৰ মাটি বৰ আলতীয়া আৰু ভেড়াবোৰক বেমাৰী কৰি পেলায়”- প্ৰকাশে কলে। “সেয়ে আমি নাচিকলৈ ঘূৰি যাব লাগিব, তাত বৰষুণ কম।”

শেহতীয়াকৈ মই যেতিয়া জীৱ-জন্তু পালন কৰি চলা এই মানুহখিনিৰ লগত ফোনত কথা পাতিছিলো, তেওঁলোক তেতিয়া নাচিক জিলাৰ চিন্নাৰ তালুকাত আছিল- প্ৰজন্ম ধৰি সেই একেই পথ আৰু ছন্দত তেওঁলোকেও অহা-যোৱা কৰি আছে।

অনুবাদ: চিত্ৰাণী সোনোৱাল

Shraddha Agarwal

Shraddha Agarwal is a Reporter and Content Editor at the People’s Archive of Rural India.

Other stories by Shraddha Agarwal
Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Chitrani Sonowal

A doctorate from North-Eastern Hill University (NEHU) of Shillong, Meghalaya, Chitrani Sonowal is an independent researcher. She can be reached at [email protected]

Other stories by Chitrani Sonowal