“২০ ফুট দ আছিল সেই নৰ্দমাটো। প্ৰথমে পৰেশ সোমাল। তেওঁ দুই-তিনি পাচি আৱৰ্জনা উলিয়াই আনিলে। অলপ সময় বহি তেওঁ আকৌ সোমাই গ’ল। তললৈ সোমাই যাওঁতে তেওঁ বিকট চিঞৰ এটা মাৰিলে।”

“কি হৈছে সেয়া আমি জনা নাছিলো, সেয়ে গলচিং ভাই সোমাই গ’ল। কিন্ত তাৰপিছত ভিতৰৰ পৰা মাত-বোল একো নাহিল। তাৰপিছত সোমাল অনিপ ভাই। এতিয়া ভিতৰত থকা তিনিজন মানুহৰ কোনোৱেই মাত দিয়া নাছিল। সেয়ে তেওঁলোকে মোৰ গাত ৰছী বান্ধি ভিতৰলৈ যাব দিলে। মোক কাৰোবাৰ হাতত ধৰিবলৈ কৈছিল। এবাৰ হাতখন ধৰাৰ পিছত মোক তেওঁলোকে ওপৰলৈ টানিবলৈ যত্ন কৰিলে, তেতিয়াই মই অচেতন হৈ পৰো,” উশাহ নসলোৱাকৈ ভৱেশে কয়।

ভৱেশক লগ পোৱাৰ সময়ত তেওঁ ভায়েকক চকুৰ সন্মুখতে হেৰুওৱা এসপ্তাহ হৈছিল মাত্ৰ। আৰু দুজন শ্ৰমিক দুৰ্ঘটনাটোত ঢুকাইছিল। সেই মৰ্মন্তুদ ঘটনাৰ কথা মনত পেলোৱাত তেওঁক পুনৰাই শোকে খুন্দা মাৰি ধৰিলে। তেওঁৰ মাতত দুখ আৰু হতাশা মিহলি হৈ থকাৰ অনুমান সহজেই কৰিব পাৰি।

ঘটনাটোত গুজৰাটৰ দহোড় জিলাৰ খৰ্ছানা গাঁৱৰ ২০ বছৰীয়া ভৱেশ কাটাৰা যে বাচিল, তেওঁক ‘ভাগ্যৱান’ বুলিব লাগিব। ভাৰুচ জিলাৰ দহেজ গাঁও পঞ্চায়তৰ এটা বিষাক্ত নৰ্দমা চাফা কৰি থকাৰ সময়তে পাঁচজন আদিবাসীৰ জীয়াই থকা দুজনৰ মাজত তেঁৱো এজন। প্ৰাণ ৰক্ষা পৰা আনজন হৈছে দহোদৰ বালেণ্ডিয়া - পেঠাপুৰৰ জিগনেশ পাৰমাৰ (১৮)।

তেওঁলোকৰ সৈতে একেলগে কাম কৰি আছিল জিগনেশৰ গাঁৱৰে ২০ বছৰীয়া অনিপ পাৰমাৰ; দহোদৰ দন্তগড়-চাকালিয়াৰ ২৫ বছৰীয়া গলচিং মুনিয়া আৰু ভৱেশৰ গাঁৱৰ পৰেশ কাটাৰা (২৪)য়ে। নলাত শ্বাসৰুদ্ধ হৈ এই তিনিজনৰ মৃত্যু হয়। [ইয়াত উল্লেখ কৰা বয়সবোৰ তেওঁলোকৰ আধাৰ কাৰ্ডৰ পৰা লোৱা হৈছে আৰু ইয়াক অনিশ্চিত আনুমানিক হিচাপে ধৰিব লাগিব। এয়া প্ৰায়ে অধৈৰ্য্য নিম্নবৰ্গৰ কৰ্মচাৰীয়ে ইচ্ছাকৃতভাৱে নিৰ্ধাৰণ কৰি দিয়ে]।

PHOTO • Umesh Solanki

ভৱেশ কাটাৰাইও একেটা নৰ্দমাৰে চাফাইৰ কাম কৰি আছিল, তেওঁৰ চকুৰ আগতে তেওঁৰ ভায়েক পৰেশে প্ৰাণ হেৰুৱাইছিল

PHOTO • Umesh Solanki

নৰ্দমাটোৰ গাতে লাগি থকা দ্বিতীয়টো চেম্বাৰত সোমোৱা জিগনেশ পাৰমাৰ আছিল দ্বিতীয়জন ভাগ্যৱান ব্যক্তি, যিজন সিদিনা বাচিছিল। সেয়া আছিল তেওঁৰ কামৰ প্ৰথমটো দিন

কিন্তু প্ৰায় ৩২৫ৰ পৰা ৩৩০ কিলোমিটাৰ দূৰৰ গাঁৱৰ সেই পাঁচজন আদিবাসীয়ে কি কৰি আছিল, দহেজৰ নলা চাফা কৰি আছিল? ইয়াৰে দুজনে আন এখন গাঁও পঞ্চায়তত মাহিলী পইচাৰ বিনিময়ত কাম কৰি আছিল, আনকেইজনৰ পৰিয়ালে নাজানে তেওঁলোকে কি ধৰণৰ কাম কৰে। আটাইকেইজনেই ভীল আদিবাসী সম্প্ৰদায়ৰ অতি প্ৰান্তীয় শ্ৰেণীৰ লোক।

২০২৩ চনৰ ৪ এপ্ৰিলত সেই ঘটনাটো ঘটে। সেইদিনা নৰ্দমাটোৰ কাষৰ চেম্বাৰত কাম কৰি থকা জিগনেশে মনত পেলাইছে, “ভিতৰত এজন আছিল। “উশাহত তেওঁ বিষাক্ত গেছ সেৱন কৰিছিল আৰু অসহায় হৈ পৰিছিল। যেতিয়া আন এজনে [গলচিং] সেইজনক বচাবলৈ সোমাই গ’ল, তেতিয়া তেওঁকো বিষাক্ত গেছে আৱৰি পেলালে। তেওঁ তলত পৰি গ’ল। দুয়োকে বচাবলৈ অনিপ সোমাই গ’ল, কিন্তু ভিতৰত তীব্ৰ বিষাক্ত গেছে তেওঁকো অচেতন কৰি পেলালে আৰু তেওঁ ঢলি পৰিল।

জিগনেশে কয়, “আমি তেওঁক বচাবলৈ চিঞৰি থাকিলোঁ। “তেতিয়াই গাঁৱৰ মানুহ আহিল। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক ফোন কৰিলে। ভৱেশক ভিতৰলৈ পঠিয়াওঁতে তেঁৱো গেছৰ কবলত পৰি অচেতন হৈ পৰিছিল। টানি উলিওৱাৰ সময়ত তেওঁলোকে প্ৰথমে ভৱেশক থানালৈ লৈ গ’ল। এবাৰ তেওঁৰ চেতনা অহাত পুলিচে তেওঁক চিকিৎসালয়লৈ লৈ গ’ল।”

চেতনা অহাৰ পিছতহে কিয় তেওঁক হস্পিতাললৈ নিয়া হৈছিল, কিয় তেতিয়ালৈ অপেক্ষা কৰি থকা হৈছিল, দুয়োজনৰে হাতত কোনো উত্তৰ নাই। অৱশ্যে ভৱেশৰ প্ৰাণ ৰক্ষা পৰিল।

*****

বিয়াৰ আগতেও অনিপে দহেজত কাম কৰি আহিছিল। ২০১৯ চনত তেওঁলোকৰ বিয়াৰ লগে লগে তেওঁৰ পত্নী ৰমিলা বেনে তাত তেওঁৰ সৈতে কামত সোমায়। “তেওঁ ৰাতিপুৱা ১১ বজাত দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত অকলে গৈছিল, আৰু তালাতি চাহেব বা সৰপঞ্চে যি কাম কৰিবলৈ ক’ব সেই কাম কৰিছিল,” অনিপৰ মৃত্যুৰ সময়ত তেওঁ কিয় নাছিল সেই কথা বুজাই ৰমিলা বেনে কয়।

PHOTO • Umesh Solanki

প্ৰয়াত অনিপ পাৰমাৰৰ পত্নী ৰমিলা বেন পাৰমাৰে পেটত এতিয়া পাঁচমহীয়া সন্তান লৈ ক’লৈ যাব, কি কৰিব, একো উৱাদিহ পোৱা নাই

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

বাওঁফালে: অনিপৰ মাতৃ বাসালি বেন পাৰমাৰ। সোঁফালে: অনিপৰ পিতৃ ঝালু ভাই পাৰমাৰ। তেওঁলোকে কি কাম কৰে তাক লৈ কোনো এজন সম্পৰ্কীয়ৰ ধাৰণা নাছিল

তেওঁ কয়, “আগতে আমি একেলগে নলা চাফা কৰিছিলো। “মোৰ বিয়াৰ পিছত চাৰি মাহ আমি নলাৰ কাম কৰিলোঁ। তাৰ পিছত তেওঁলোকে আমাক ‘ট্ৰেক্টৰৰ কাম’ কৰিবলৈ ক’লে। আমি ট্ৰেক্টৰখন লৈ গাঁওখন ঘূৰি ফুৰিছিলো আৰু মানুহে নিজৰ জাবৰবোৰ ট্ৰলীত ভৰাইছিল। আৱৰ্জনাবোৰ পৃথক কৰিছিলো। দহেজত আমি ডাঙৰ ডাঙৰ নলাবোৰো চাফা কৰিছো। ডাঙৰ ডাঙৰ নলা থকা ব্যক্তিগত খণ্ডৰ বোৰ চিনি পায়নে? বাল্টি এটাত ৰছী বান্ধি আৱৰ্জনাবোৰ উলিয়াই অনা কাম কৰিছিলো,’- তেওঁ বুজাই দিয়ে।

ৰমিলা বেনে কয়, “এদিনৰ কামৰ বাবদ তেওঁলোকে ৪০০ টকা দিছিল। “সেই দিনবোৰত মইও ৪০০ টকাকৈ পাইছিলো। প্ৰায় চাৰিমাহৰ পিছত তেওঁলোকে আমাক মাহিলী হিচাপত ধন দিবলৈ ধৰিলে। প্ৰথমে ন হাজাৰ, তাৰ পিছত বাৰ, তাৰ পিছত শেষত পোন্ধৰ হাজাৰ টকা।” অনিপ আৰু গলচিঙে কেইবছৰমান দহেজ গাঁও পঞ্চায়তৰ বাবে মাহেকীয়া ভিত্তিত কাম কৰি আছিল। পঞ্চায়তেও তেওঁলোকক থাকিবলৈ এটা কোঠা দিছিল।

তেওঁলোকক সৈতে নিযুক্তিৰ পূৰ্বে কিবা চুক্তি স্বাক্ষৰ কৰা হৈছিলনে?

তেওঁলোকৰ আত্মীয়সকল এই লৈ নিশ্চিত নহয়। মৃত্যু হোৱা শ্ৰমিকসকলক নাগৰিক সংস্থাসমূহৰ অধীনত থকা ব্যক্তিগত ঠিকাদাৰে নিযুক্তি দিছিল নেকি তেওঁলোকৰ কোনোৱেই ক’ব নোৱাৰে। নতুবা তেওঁলোকে পঞ্চায়তৰ সৈতে ঠিকাভিত্তিক ব্যৱস্থাত – অস্থায়ী হওক বা স্থায়ী হওক, আছিল নেকি সেয়াও নাজানে।

তেওঁৰ পিতৃ ঝালু ভাইয়ে কয়, “কাগজত লেটাৰহেড থকা কিবা এটা আছিল নিশ্চয় কিন্তু সেইটো নিশ্চয় অনিপৰ পকেটত আছে। আৰু কামটোত নতুনকৈ সোমোৱা, কোনোমতে প্ৰাণ ৰক্ষা পৰা শ্ৰমিক দুজন ভৱেশ আৰু জিগনেশৰ কথা কি ক’ব? “কোনো স্বাক্ষৰ বা চিঠি নাছিল। আমাক মাতিছিল আৰু আমি গৈছিলো,’- ভৱেশে কয়।

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

বাওঁফালে: প্ৰয়াত পৰেশৰ মাতৃ স্বপ্না বেন কাটাৰা। সোঁফালে: জিগনেশ আৰু তেওঁৰ মাতৃ কালি বেন পাৰমাৰ

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

বাওঁফালে: অনিপৰ শোকাকূল সম্পৰ্কীয়। সোঁফালে: প্ৰয়াত অনিপৰ পিতৃ ঝালু ভাই পাৰমাৰ, ‘পঞ্চায়তৰ কাম মানে আমি মৰা গাহৰিৰ শৱ এটাও পেলাব লাগিব যদি তেওঁলোকে কয়’

ভৱেশে তাত কাম কৰা দহদিন হৈছিল, যেতিয়া এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। জিগনেশ আৰু পৰেশক সেইদিনা কামলৈ মাতি অনা হৈছিল। সেয়া তেওঁলোকৰ কামৰ প্ৰথমটো দিন আছিল। আৰু তেওঁলোকে কি কাম কৰে, সেই বিষয়ে তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্যৰ কোনো ধাৰণা নাছিল।

পৰেশৰ মাতৃ ৫১ বছৰীয়া স্বপ্না বেনে কথাৰ মাজতে চকুলো টুকিছে: “পঞ্চায়তত কিছু কাম আছে বুলি কৈ পৰেশ ঘৰৰ পৰা ওলাই গ’ল, আৰু তেওঁলোকে তেওঁক তাত [দহেজলৈ] মাতিছিল। তেওঁৰ ভায়েক [ভৱেশ] ইতিমধ্যে দহ দিন আগতে তাত আছিল। গলচিং ভাইয়ে তাক ফোন কৰিছিল। দিনটোত ৫০০ টকা পায় এই কথা ভৱেশ আৰু পৰেশ দুয়োজনে কৈছিল। দুয়োৰে কোনোৱেই আমাক কোৱা নাছিল যে তেওঁলোকে নলা চাফা কৰিব লাগিব। কিমান দিন লাগিব আমি কেনেকৈ জানিম? আমি কেনেকৈ জানিম যে তেওঁলোকে তাত কি কাম কৰিব?” তেওঁ প্ৰশ্ন কৰে।

গলচিং মুনিয়াৰ ঘৰত ২৬ বছৰীয়া কণিতা বেনৰো স্বামীৰ কামৰ বিষয়ে কোনো ধাৰণা নাছিল। তেওঁ কয়, “মই ঘৰৰ পৰা ওলাই নাযাওঁ। ‘‘ ‘পঞ্চায়তত কাম কৰিবলৈ যাম’ বুলি কৈ গুচি গৈছিল। আগতে কি কৰিছিল তেওঁ কেতিয়াও কোৱা নাছিল। সাত বছৰ হ’ল চাগে তেওঁ এই কামটো কৰি আছিল। ঘৰলৈ উভতি অহাৰ সময়তো তেওঁ মোৰ লগত কেতিয়াও এই বিষয়ে কথা পতা নাছিল।” - তেওঁ কয়।

পাঁচটা পৰিয়ালৰ এজনো সদস্যই তেওঁলোকৰ পুত্ৰ, স্বামী, ভাতৃ, ভতিজা-ভতিজীয়ে কৰা কামৰ বিষয়ে কোনো ধাৰণা নাছিল, মাথোঁ পঞ্চায়তৰ লগত কাম কৰিছিল, সেয়া জানিছিল। ঝালু ভাইয়ে অনিপৰ মৃত্যুৰ পিছতহে গম পালে যে তেওঁৰ পুত্ৰই কি কাম কৰিছিল। তেওঁ অনুভৱ কৰে যে তেওঁলোকৰ ধনৰ অত্যন্ত প্ৰয়োজনে তেওঁলোকক এনে কামলৈ ঠেলি দিছিল। “পনছায়তনু কম এটলে ভূন্দ উথাৱৱনু কেহ তো ভূদ উথাৱভু পড়য়। (পঞ্চায়তৰ কাম মানে আমি গাহৰিৰ শৱো পেলাব লাগিব যদিহে তেওঁলোকে আমাক সেইটোৱেই কৰিবলৈ কয়),” ঝালু ভাইয়ে কয়। “যদি তেওঁলোকে আমাক নলাটো চাফা কৰিবলৈ কয়, তেন্তে আমি চাফা কৰিব লাগিব। নহ’লে তেওঁলোকে আমাক চাকৰিৰ পৰা উলিয়াই দিব। থাকিবলৈ নিদিয়ে৷ ঘৰলৈ উভতিবলৈ ক’ব..”

মৃত্যু হোৱাসকলে, বা নতুনকৈ এই কামত যোৱাসকলে জানিছিলনে কামটোত কেনে ৰিস্ক জড়িত? ভৱেশ আৰু জিগনেশে কয় যে তেওঁলোকে জানিছিল। ভৱেশে কয়, “গলচিং ভাইয়ে মোক কৈছিল যে তেওঁলোকে আপোনাক দিনটোত ৫০০ টকা দিব। নলা চাফা কা কাম অলপ থাকিব, তেওঁ কৈছিল।” জিগনেশে এই কথা নিশ্চিত কৰি লগতে কয় যে “অনিপে মোক ফোন কৰিছিল। মই গ’লোঁ, আৰু তেওঁলোকে মোক ৰাতিপুৱা পোনে পোনে কামত লগাই দিলে।”

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

বাওঁফালে: গলচিং ভাই মুনিয়াৰ পত্নী কণিতা বেনৰ পাঁচজনী ছোৱালী চোৱা-চিতাৰ দায়িত্ব আহি পৰিছে। সোঁফালে: শোকগীত পৰিৱেশনৰ পিছত গলচিঙৰ ভনীজনী শোকাহত হৈ পৰিছে

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

বাওঁফালে: গলচিঙৰ পিতৃ বাৰসিং ভাই মুনিয়া। সোঁফালে: গলচিঙৰ মাতৃ বদুৰি বেন মুনিয়া

জিগনেশৰ বাহিৰে কোনো এজনেও মধ্যবিদ্যালয়ৰ ওপৰত পঢ়া নাছিল। জিগনেশে গুজৰাটীত স্নাতক প্ৰথম বৰ্ষত পঢ়ি আছে – এক্সটাৰ্নেল ছাত্ৰ হিচাপে। কিন্তু নলাৰ ভিতৰলৈ সোমাই যোৱাটোৱেই দৰিদ্ৰতাৰ পৰা ওলাই অহাৰ বাবে তেওঁলোকৰ হাত থকা একমাত্ৰ উপায়। পেট পুহিবলৈ আৰু ল’ৰা-ছোৱালীৰ পঢ়া-শুনা কৰাবলৈ সেয়াই আছিল একমাত্ৰ উপায়।

*****

চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগ (এন.চি.এছ.কে.)ৰ ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি ১৯৯৩ চনৰ পৰা ২০২২ চনৰ ভিতৰত গুজৰাটত নলা চাফাইৰ বিপজ্জনক কামত নিয়োজিত হৈ ১৫৩ জন লোকৰ মৃত্যু হৈছে। তামিলনাডুৰ পিছতে এয়া দ্বিতীয় সৰ্বাধিক মৃত্যু, যিটো তামিলনাডুত একেছোৱা সময়তে ২২০ জনৰ মৃত্যু হোৱা বুলি প্ৰতিবেদনত কোৱা হৈছে।

কিন্তু মৃত্যুৰ প্ৰকৃত সংখ্যা, আনকি চেপ্টিক টেংক আৰু নলা পৰিষ্কাৰ কৰাত নিয়োজিত লোকৰ সংখ্যাৰ প্ৰামাণিক তথ্য সঠিক নহয়। কিন্তু গুজৰাটৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰীয়ে ৰাজ্যিক বিধানসভাক ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত মুঠ ১১ জন অনাময় কৰ্মীৰ মৃত্যুৰ কথা অৱগত কৰে – ২০২১ চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ জানুৱাৰী মাহৰ ভিতৰত সাতটা আৰু ২০২২ চনৰ জানুৱাৰীৰ পৰা ২০২৩ চনৰ জানুৱাৰী মাহৰ ভিতৰত আৰু চাৰিজন।

যোৱা দুমাহত ৰাজ্যখনত আঠজন অনাময় কৰ্মীৰ মৃত্যুৰ খবৰ যোগ কৰিলে মুঠ সংখ্যা বৃদ্ধি পাব। তাৰ ভিতৰত মাৰ্চ মাহত ৰাজকোটত দুটা, দহেজত এপ্ৰিল মাহত তিনিটা (এই ষ্ট’ৰিটোত যি প্ৰতিবেদন যুগুতোৱা হৈছে)। আৰু সেই মাহতে আৰু দুটা ঢোলকা আৰু এটা থৰাদত এটা।

তেওঁলোকক কিবা সুৰক্ষা সামগ্ৰী দিয়া হৈছিলনে?

অনিপৰ ২১ বছৰীয়া পত্নী ৰমিলা বেনে ভাৰুচ থানাত দাখিল কৰা এজাহাৰত ইয়াৰ উত্তৰ আছে - “সৰপঞ্চ জয়দীপসিং ৰাণা আৰু উপ-সৰপঞ্চৰ স্বামী মহেশ ভাই গোহিলে জানিছিল যে মোৰ স্বামী আৰু তেওঁৰ লগত থকা আনসকলে কোনো সুৰক্ষা আহিলা ব্যৱহাৰ নকৰাকৈ ২০ ফুট দ দুৰ্গন্ধময় নলাৰ ভিতৰত সোমালে তেওঁলোকৰ মৃত্যু হ’ব পাৰে। তথাপিও তেওঁলোকক কোনো সুৰক্ষা সামগ্ৰীৰ ব্যৱস্থা কৰা হোৱা নাছিল।” [ডেপুটি সৰপঞ্চ এগৰাকী মহিলা। আৰু ৰক্ষণশীল সমাজত প্ৰায়ে যিটো হয়, তেওঁৰ নামত ক্ষমতা প্ৰয়োগ কৰাজন তেওঁৰ স্বামীয়েই আছিল]।

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

বাওঁফালে: ‘মোৰ চাৰিটা ভাই আৰু ছজনী ভনী আছে। মোৰ মাৰ ঘৰলৈ মই কেনেকৈ গুছি যাম?’ অনিপৰ পত্নী ৰমিলা বেন পাৰমাৰে প্ৰশ্ন কৰে। সোঁফালে: প্ৰয়াত গলচিং ভাইৰ এখন ফটো

পূৰ্বৰ নিয়োগ হাতেকৰা চাফাইকৰ্ম আৰু শুষ্ক শৌচাগাৰ নিৰ্মাণ (নিষেধাজ্ঞা) আইন, ১৯৯৩ ৰ পিছত সংবৰ্দ্ধিত ৰূপত হাতেকৰা চাফাই কৰ্ম আৰু ইয়াৰ পুনৰ্বাসন নিষেধাজ্ঞা আইন, ২০১৩ জাৰী হোৱাৰ পিছৰে পৰা মানুহে নলা আৰু চেপ্টিক টেংক পৰিষ্কাৰ কৰাটো নিষিদ্ধ। কেৱল এয়া কেৱল কাগজে-পত্ৰইহে আছে। কাৰণ একেখন আইনেই “বিপজ্জনক চাফাইকৰ্ম”ৰ কথা কয়, আৰু তেওঁলোকৰ সুৰক্ষা সামগ্ৰীৰ অধিকাৰৰ কথা কয়। য’ত নিয়োগকৰ্তাই শ্ৰমিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এনে সামগ্ৰী আৰু অন্যান্য চাফাই সঁজুলি যোগান ধৰাৰ দায়িত্ব পালন নকৰে, তেনে ক্ষেত্ৰত সেয়া আইন অনুসৰি জামিনহীন অপৰাধত পৰিণত হয়।

ৰমিলা বেনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দহেজ গাঁও পঞ্চায়তৰ সৰপঞ্চ আৰু উপ-সৰপঞ্চৰ স্বামীক গ্ৰেপ্তাৰ কৰে আৰু দুয়োজনে শীঘ্ৰে জামিনৰ বাবে আবেদন জনায়। মৃতকৰ পৰিয়ালে তেওঁলোকৰ আবেদনৰ ফলাফলৰ বিষয়ে একো নাজানে।

*****

“আগল পাচল কই নাথ। আ পঞ্চ ছোকৰা সে। কই নাথ পাল পোচ কৰনাৰা মাৰে,” মানসিকভাৱে বিধ্বস্ত হৈ পৰা গলচিঙৰ পত্নী কণিতা বেনক কয় (“মোৰ আগে-পিছে কোনো নাই। এই পাঁচটা ল’ৰা-ছোৱালী আছে। আগতে আমাক খোৱা-বোৱাৰ যত্ন তেওঁ লৈছিল, ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰো যত্ন লৈছিল। এতিয়া সেয়া কৰিবলৈ কোনো নাই”)। স্বামীৰ মৃত্যুৰ পিছত তেওঁ শহুৰেক আৰু পাঁচগৰাকী কন্যাৰ লগত থাকে; আটাইতকৈ ডাঙৰ কিনালৰ বয়স ৯ বছৰ আৰু সৰু ছাৰাৰ বয়স প্ৰায় এবছৰ। গলচিঙৰ ৫৪ বছৰীয়া মাতৃ বাবুড়ি বেনে কয়, ‘মোৰ চাৰিজন পুত্ৰ আছিল, দুজন চুৰাটত থাকে। তেওঁলোকে কেতিয়াও আমাৰ ওচৰলৈ নাহে। ডাঙৰজন বেলেগে থাকে। তেওঁ আমাক কিয় খুৱাব? আমি আগতে আমাৰ সৰুজন, গলচিঙৰ লগত থাকিছিলো। এতিয়া তেওঁ নাই। এতিয়া আমাৰ বাবে কোন আছে?” তেওঁ প্ৰশ্ন কৰে।

২১ বছৰ বয়সত বিধৱা আৰু গৰ্ভত এটা কেঁচুৱা থকা ৰমিলা বেন সমানেই দিকহীন হৈছে। “এতিয়া মই কেনেকৈ জীয়াই থাকো? আমাক খুৱাব কোনে? পৰিয়ালত মানুহ আছে, কিন্তু কিমান দিনলৈ আমি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব পাৰিম?” তাই পাঁচজন দেৱৰ, এগৰাকী ননদ আৰু অনিপৰ মাক-দেউতাকৰ কথা কৈছে।

“এতিয়া এই শিশুটিৰ কি হ’ব? আমাৰ যত্ন কোনে ল’ব? মই এই অকলশৰীয়া মহিলাগৰাকী গুজৰাটত ক’লৈ যাম?” তেওঁ ৰাজস্থানৰ যদিও উভতি যাব নোৱাৰে। “মোৰ দেউতাৰ বয়স হৈছে, একো নোৱাৰে। খেতিও কৰিব নোৱাৰে। মাটি নাই বুলিবই পাৰি, মোৰ পৰিয়ালটোও ডাঙৰ। মোৰ চাৰিজন ভাই আৰু ছজনী ভনী আছে। মই কেনেকৈ মা-দেউতাৰ ওচৰলৈ উভতি যাম?” কথা কওঁতে তেওঁৰ চকু চকুপানীৰে ভৰি পৰিছে। পেটত ছমহীয়া সন্তান।

“অনিপে মোৰ বাবে কিতাপ আনিছিল” দহ বছৰীয়া ভনীয়েক জাগ্ৰুতিয়ে ক’বলৈ আৰম্ভ কৰে। কিন্তু তাইৰ মাতটো উচুপনিত হেৰাই যায়।

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

বাওঁফালে: ঘৰৰ বাহিৰত অনিপৰ ফটো। সোঁফালে: অনিপৰ শেষকৃত্যৰ বাবে সমাধিৰ কাষত পৰিয়ালবৰ্গ

PHOTO • Umesh Solanki
PHOTO • Umesh Solanki

বাওঁফালে: স্বপ্না বেন, ভৱেশৰ পুত্ৰ ধ্ৰুৱিত, আৰু ভৱেশ আৰু পৰেশৰ ভনী ভাৱনা বেন। সোঁফালে: প্ৰয়াত পৰেশৰ ফটোখনৰ কাষত স্বপ্না বেন কাটাৰাই চোতালত বাগৰি আছে

ভৱেশ আৰু পৰেশে খুব সৰুতে দেউতাকক হেৰুৱাইছিল। তেওঁলোকৰ পৰিয়ালটোত এতিয়া আন তিনিজন ভাতৃ, দুগৰাকী ভনীয়েক, এগৰাকী মাক আৰু এগৰাকী কণমানি ভনীয়েকে আছে। এতিয়া ১৬ বছৰীয়া ভনীয়েক ভাৱনাই কয়, ‘পৰেশে মোক বৰম মৰম কৰিছিল। মোৰ ভাইটিয়ে মোক কৈছিল যে মই দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হ’লে মোক নিজাববীয়াকৈ পঢ়িবলৈ দিব। তেওঁ মোক এটা ফোন কিনি দিব বুলিও কৈছিল,” এইবাৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা ভাৱনাই কয়।

গলচিং, পৰেশ আৰু অনিপৰ পৰিয়ালে ৰাজ্য চৰকাৰৰ পৰা ১০ লাখ টকা ক্ষতিপূৰণ লাভ কৰিছে। কিন্তু বহু সদস্য থকা বৃহৎ পৰিয়ালকেইটাই আয় কৰা ঘাই মানুহ হেৰুৱাইছে। তাতোকৈ ডাঙৰ কথা, চেকবোৰ নিশ্চয় বিধৱাসকলৰ নামত আহিছে – কিন্তু মহিলাসকলে পইচা অহাৰ বিষয়ে একো নাজানিছিল। কেৱল পুৰুষেহে জানিছিল।

প্ৰকৃতিৰ সৈতে মিলিজুলি জীয়াই থকা আদিবাসী সম্প্ৰদায়ৰ লোকে কেনেকৈ এনে এটাত কামত সোমাই জীৱন হেৰুৱালে? খেতিৰ বাবে তেওঁলোকৰ মাটি নাছিল নেকি? জীৱিকাৰ আন কোনো সুযোগ-সুবিধা তেওঁলোকক হাতত নাছিল নেকি?

অনিপৰ মোটা বাপা (বৰদেউতাক)য়ে বুজাইছে, “আমাৰ পৰিয়ালত আমাৰ মাটিবোৰ সৰু সৰু ভাগ হৈ আছে। “মোৰ পৰিয়ালত আমাৰ হয়তো দহ একৰ মাটি আছে, কিন্তু ৩০০ মানুহে তাৰ পৰা পেট পুহিব লাগিব। সেয়া কেনেকৈ সম্ভৱ হ’ব পাৰে? শ্ৰমিক হিচাপে কাম বিচাৰি যাবই লাগিব। আমাৰ মাটিয়ে হয়তো আমাক জীয়াই থাকিবলৈ লগাখিনি ঠিকেই দিব, কিন্তু বিক্ৰী কৰিবলৈ দিব নোৱাৰে।”

এনে কাম কৰি সমাজত বদনাম হোৱা নাযায়নে?

“আচলতে কালিমা বুলি একো নাই। কিন্তু এতিয়া যিহেতু এনে এক ঘটনা ঘটি গ’ল, আমি আৰু এই কাম কৰা উচিত নহয় বুলি মনলৈ ভাৱ এটা আহিছে,” বৰদেউতাকে কয়।

“কিন্তু জীয়াই থকা যায় কেনেকৈ…?”


এই প্ৰতিবেদন প্ৰতিবেদকজনে মূলতঃ গুজৰাটী ভাষাত লিখিছিল আৰু ইংৰাজীলৈ অনুবাদ কৰিছে প্ৰতিষ্ঠা পাণ্ড্যাই।

অনুবাদ: পংকজ দাস

Umesh Solanki

Umesh Solanki is an Ahmedabad-based photographer, documentary filmmaker and writer, with a master’s in Journalism. He loves a nomadic existence. He has three published collections of poetry, one novel-in-verse, a novel and a collection of creative non-fiction to his credit.

Other stories by Umesh Solanki
Editor : Pratishtha Pandya

Pratishtha Pandya is a poet and a translator who works across Gujarati and English. She also writes and translates for PARI.

Other stories by Pratishtha Pandya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das