শান্তিলাল, শান্তু, তিন্যো: নাম তিনিটা, মানুহ একেজনেই। কিন্তু আমি চাগে চতুৰ্থ নামটোৰে কাহিনীটো আৰম্ভ কৰিম। সবৰকান্তা জিলাৰ বাদালি গাঁৱৰ তেওঁলোকৰ নিজ কথিত ভাষাত তেওঁৰ নামটো শন্তু হ’ব। সেয়ে তেওঁক সেই নামেৰেই মাতো আহক।

শন্তু এক ব্যতিক্ৰমী চৰিত্ৰ। প্ৰখ্যাত, অসাধাৰণ বা অনন্য বুলি কোৱা নাই। নৈতিকতাৰ ফালৰ পৰা অলৰ-অচৰ, দৰিদ্ৰ, নিষ্পেষিত বা দলিত - সেয়ে তেওঁৰ বিশৃংখল হৈ পৰা জীৱনটো কষ্টসহিষ্ণুতাৰ এক কাহিনী। সকলো সময়তে শন্তু যেন অস্তিত্ববিহীন। আন সময়ত তেওঁ কেতিয়াবা সাধাৰণ এজন মানুহৰ শাৰীত পৰেগৈ।

তেওঁ তেনেকুৱা ছজনীয়া পৰিয়াল এটাত ডাঙৰ হৈছিল। এটা ডাঙৰ ভাই, দুজনী ভনী (এজনী তেওঁতকৈ সৰু)। ডাল-দৰিদ্ৰ জীৱন। বাঢ়ি অহা ল’ৰা-ছোৱালীকেইটাৰ প্ৰয়োজনো বাঢ়িছিল, কিন্তু সদায়ে তাক দ’মাই ৰাখিবলগীয়া হৈছিল। মাক-দেউতাক আৰু ডাঙৰকেইজনে কোনোমতে দুবেলা দুমুঠি যোগাৰ কৰিছিল। দেউতাকে বয়-বস্তু কঢ়িওৱা গাড়ী এখন চলাইছিল যদিও কোনো অতিৰিক্ত যাত্ৰী কঢ়িওনা নাছিল, সেয়ে অতিৰিক্ত পইচাও নাছিল। মাকে কৰিছিল দিনহাজিৰা। কেতিয়াবা কাম পাইছিল, কেতিয়াবা নাপাইছিল। ভাগ্য ভাল যে দেউতাকে মদ নাখাইছিল, সেয়ে দৰিদ্ৰ হ’লেও ঘৰখন শান্তিত চলিছিল, সেয়া আছিল এক আশীৰ্বাদ। কিন্তু শন্তুৱে সেই কথা বুজোতে অলপ পলম হৈছিল।

বাদালিৰ শাৰদা হাইস্কুলত শন্তু তেতিয়া ৯ম মানত পঢ়ি আছিল। গাঁৱত চাৰ্কাছ পাৰ্টি আহিছিল। কিন্তু টিকট আছিল মহঙা। অৱশ্যে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক পাঁচ টকাতে টিকট দিয়া হৈছিল। শন্তুৱে স্কুল যাবলৈকে পইচা নাছিল। “থিয় হ,” শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল। “পইচা কিয় অনা নাই, বাচা?” শিক্ষয়িত্ৰীগৰাকীক অলপ মৰমীয়াল যেন লাগিছিল। “বাইদেউ, মোৰ দেউতাৰ অসুখ। মায়েও কপাহৰ পইচা পোৱা নাই,” শন্তুৱে এইবুলি কৈ উচুপিব ধৰিলে।

পিছদিনা তেওঁৰ সহপাঠী কুসুম পাঠানে তেওঁক দহটকা দি ‘ৰমজানৰ আশীৰ্বাদ লৈছিল।’ পিছদিনা তাই সুধিছিল, “মই দিয়া পইচাখিনিৰে কি কৰিলা?” শন্তুৱে মিছা নামাতিলে। “পাঁচ টকা দি চাৰ্কাছ চালো, বাকীখিনি ঘৰত দিলো।” সি ক’লে। কুসুম, ৰমজান, শন্তু আৰু চাৰ্কাছ - এখন নিমাখিত পৃথিৱী।

তেওঁ তেতিয়া একাদশ শ্ৰেণীত। তেওঁলোকৰ ঘৰটো প্লাষ্টাৰ নকৰাকৈ ইটা-চিমেণ্টেৰে নতুনকৈ বনাবলগীয়া আছিল। সেয়া তেওঁলোকৰ সাধ্যৰ ভিতৰত নাছিল। এজন মাত্ৰ মিস্ত্ৰী তেওঁলোকে মাতিছিল, বাকীখিনি কাম নিজেই কৰিছিল। এই কামত বহুত সময় পাৰ হৈছিল আৰু চূড়ান্ত পৰীক্ষা কাষ চাপিছিল। তেওঁৰ উপস্থিতিৰ হাৰ কম আছিল। প্ৰধান শিক্ষকক কাবৌ-কাকূতি কৰাৰ পিছত শন্তুক পৰীক্ষা দিবলৈ অনুমতি দিয়া হৈছিল।

তেওঁ দ্বাদশ শ্ৰেণীলৈ উন্নীত হ’ল আৰু ভালকৈ পঢ়াৰ পণ ল’লে। শন্তুৱে কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়িছিল মাত্ৰ, মাকৰ টান অসুখ আৰম্ভ হ’ল। তেওঁৰ অসুখ নকমিল, শন্তুৰ চূড়ান্ত পৰীক্ষাৰ আগে আগে মাক ঢুকাল। ১৮ বছৰীয়া শন্তুৰ বাবে সেই ক্ষতি আৰু দুখ আছিল অভাৱনীয়। পৰীক্ষা অহাৰ কথা তেওঁ অনুভৱ কৰিছিল, কিন্তু তেওঁ যিমানেই কষ্ট নকৰক, মন বহাব পৰা নাছিল। তেওঁ ৬৫ শতাংশ নম্বৰ পালে। শন্তুৱে আগলৈ আৰু নপঢ়াৰ সিদ্ধান্ত ল’লে।

শন্তুৱে পঢ়ি ভাল পাইছিল। সেয়ে তেওঁ ৰাজহুৱা গ্ৰন্থাগাৰলৈ গৈ কিতাপ ঘৰলৈ লৈ আহিছিল। তেওঁৰ আগ্ৰহ দেখি বন্ধু এজনে বাদালি আৰ্টছ কলেজত বুৰঞ্জী বিষয়ত স্নাতক ডিগ্ৰী পঢ়িবলৈ তেওঁক পতিয়ন নিয়ালে। “তুমি বহুত ভাল ভাল কিতাপ পঢ়িবলৈ পাবা,” তেওঁ ক’লে। শন্তুৱে কলেজত নামভৰ্তি কৰিলে, কিন্তু কলেজৰ লাইব্ৰেৰীৰ পৰা কিতাপ অনা-নিয়াত বাদে তেওঁ আন একো নকৰিলে। দিনটোৰ বাকীখিনি সময়ত তেওঁ কপাহৰ সূতাৰ কাম কৰিলে। সন্ধিয়া তেওঁ কিতাপখিনি পঢ়ে আৰু ইফাল-সিফাল অলপ ঘুৰেও। স্নাতক প্ৰথম বৰ্ষৰ পৰীক্ষাত তেওঁ ৬৩ শতাংশ নম্বৰ পালে।

অধ্যাপকসকলে তেওঁৰ পৰীক্ষাৰ ফলাফল দেখি কলেজলৈ নিয়মিত আহিবলৈ অনুৰোধ জনালে। শন্তুৱেও অধ্যয়নৰ জীৱনটো ভাল পাবলৈ ধৰিলে। কলেজৰ সেয়া তেওঁৰ তৃতীয় বৰ্ষ আছিল। বাদালি আৰ্টছ কলেজে সুদক্ষ পঢ়ুৱৈজনক মেধাৰ এখন প্ৰমাণপত্ৰ দিয়াৰ বিবেচনা কৰিলে। শন্তুৱে সেই স্বীকৃতি পালে। “লাইব্ৰেৰীৰ পৰা কিতাপ আনি পঢ়াৰ কেতিয়া তুমি সময় পোৱা শন্তু?” আচৰিত হৈ অধ্যাপক এজনে তেওঁক সুধিছিল। ২০০৩ত শন্তুৱে স্নাতক ডিগ্ৰী লাভ কৰিলে, ৬৬ শতাংশ নম্বৰ।

PHOTO • Shantilal Parmar
PHOTO • Shantilal Parmar

ঘৰটোৰ একেবাৰে ওপৰ মহলাত ফটোখনৰ সোঁফালে শন্তু এতিয়া থাকে শন্তু একাদশ শ্ৰেণীত থাকোতে পৰিয়ালটোৱে ইটা আৰু চিমেণ্টেৰে ঘৰটো বনাইছিল প্লাষ্টাৰ বহুত পিছত কৰা হৈছে

তেওঁ ওচৰৰে মেহচানা জিলাৰ চৰকাৰী কলেজ এখনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে বিষ্ণাগৰলৈ গ’ল, তাত হোষ্টেলত থাকিল। থাকিবলৈ কোঠা এটা পাবলৈ তেওঁ চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভ কৰিবলগীয়া হৈছিল। তেওঁ বি.এ. পাঠ্যক্ৰমত সেইখিনি নম্বৰ পাইছিল। কিন্তু শন্তুৱে পৰৱৰ্তী বছৰত সিমান নম্বৰ নাপালে, আচৰিত ধৰণে কম নম্বৰ পালে, চূড়ান্ত বৰ্ষত তেওঁ ৫৯ শতাংশ নম্বৰহে পালে।

তেওঁ বিষ্ণাগৰ আৰু বাদালিৰ মাজত ডেৰ ঘণ্টাৰ বাট অহা-যোৱা কৰিবলৈ ল’লে। সেইবছৰ, দেৱালীৰ পিছত দেউতাকৰ হাতত কাম নাছিল। বেংকৰ পৰা ঋণ লৈ লোৱা টেম্পোখনৰ কিস্তিৰ কথা বাদেই, খাবলৈ জোৰাকৈও পইচা নাছিল। তেওঁৰ ডাঙৰ ভাই ৰাজুৱে দৰ্জীৰ কাম কৰি ঘৰখন কোনোমতে পোহাৰ চেষ্টা কৰিছিল। শন্তুৱে তেওঁ ভায়েকৰ পৰা পইচা ল’বলৈ দ্বিধাবোধ কৰা হ’ল। তেওঁ কলেজত অনিয়মীয়া হৈ পৰিল।

তেওঁ বজাৰৰ কাম এটা বিচাৰি ল’লে, কপাহ বেগত ভৰাই সেয়া ট্ৰাকত লোড কৰা। দিনে তেনেকৈ তেওঁ ১০০ৰ পৰা ২০০ টকা পোৱা হ’ল। সেইবাৰ মাৰ্চত কলেজত তেওঁৰ উপস্থিতি আকৌ কম হ’ল আৰু তেওঁ পৰীক্ষা দিব অনুমতি নোপোৱা হ’ল। কেইগৰাকীমান বন্ধুৱে হস্তক্ষেপ কৰিলে আৰু তেওঁ পৰীক্ষা দিলে, স্নাতকোত্তৰ পৰীক্ষাত তেওঁ ৫৮.৩৮ শতাংশ নম্বৰ পালে। শন্তৱে এম.ফিল কৰাৰ মন কৰিছিল, কিন্তু সেয়া কৰিবলৈ তেওঁৰ হাতত সিমান পইচা নাছিল।

দীঘলীয়া সময়ৰ বিৰতিৰ শেষত শন্তুৱে প্ৰপত্ৰ পুৰণ কৰিলে আৰু বিষ্ণাগৰৰ এখন বি.এড কলেজত নামভৰ্তি কৰিলে। ৰাজুভাইয়ে ৩ টকা সুতৰ হাৰত ৭ হাজাৰ টকা তেওঁৰ বাবে ল’লে। তাৰে ৩৫০০ টকা নামভৰ্তিত গ’ল। বাকী ২৫০০ টকা বাধ্যতামূলক বিষয়  কম্পিউটাৰত গ’ল। শন্তুৰ হাতত তেওঁৰ খৰছ-পাতিৰ বাবে থাকিল ১,০০০ টকা। তেওঁ এয়া তৃতীয় বছৰৰ বাবে বিষ্ণাগৰলৈ পঢ়াৰ বাবে অহা-যোৱা কৰিছিল।

সকলো সময়তে তেওঁৰ মনত পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ কথাই কষ্ট দিছিল। পঢ়া-শুনা সিমানতে সামৰিব খোজাৰ কথাও তেওঁ ভালেকেইবাৰ কৈছিল। “এই আৰ্থিক অনাটনৰ মাজতে তুমি জীয়াই থাকিবলৈ শিকা,” ডাঙৰ ভায়েকে উত্তৰ দিছিল। “ঘৰৰ কথা চিন্তা নকৰি পঢ়াত মনযোগ দিয়া। বছৰটো পাৰ হৈ যাব। ইশ্বৰে কৰিলে তুমি বি.এড কৰাৰ পিছত কামো পাবা।” ভায়েকৰ কথাই শন্তুৰ মনত আশা জগাইছিল, তেওঁৰ অধ্যয়নৰ লেহেমীয়া চকা ঘূৰিছিল।

শীতকাল পৰিল, তেওঁ দেউতাকো নৰিয়াত পৰিল। গোটেই উপাৰ্জন বেমাৰৰ নামত শেষ হ’ল। শন্তুক এই কথাই আমনি কৰিছিল যে তেওঁৰ পঢ়াৰ গোটেই খৰছ ৰাজুভাইয়ে অকলে যোগাৰ কৰিছিল। বি.এডে তেওঁক শিকাইছিল যে শিক্ষা আৰু ব্যয় এই দুটা ভাই-ভাই। ইটো অবিহনে সিটো সম্ভৱ নহয়। ইণ্টাৰ্ণশ্বিপ আৰু সৰ্বশিক্ষা অভিযান (প্ৰাথমিক শিক্ষাৰ ৰাষ্ট্ৰীয় কাৰ্য্যসূচী)ৰ বাবে কাম কৰা মানে বিষ্ণাগৰৰ পৰা ১০ দিনৰ বাবে বোকাৰবাড়া আৰু ভাণ্ডু গাঁৱলৈ যাবলগীয়া হৈছিল। বোকাৰবাড়া প্ৰাথমিক বিদ্যালয়ে থকাৰ ব্যৱস্থা কৰিব লাগিছিল, কিন্তু থকাৰ বাবে নিজাকৈ পইচা ভৰিবলগীয়া হোৱাত শন্তু বিপদত পৰিল। তেওঁ ৰাজুভাইৰ পৰা পইচা বিচাৰিব খোজা নাছিল। সেয়ে তেওঁ কলেজৰ প্ৰশাসনীয় কাৰ্যালয়ত কাম কৰা মহেন্দ্ৰ সিং ঠাকৰৰ পৰা ৩০০ টকা ধাৰে ল’লে।

“আমি গাঁৱৰ পূজাৰীজনক সুধিলো। তেওঁ ক’লে যে তেওঁ আমাৰ বাবে ৰান্ধিব পাৰিব, কিন্তু প্ৰতি প্লেটত ২৫ টকাকৈ দিব লাগিব। আমি পূজাৰীৰ ঘৰতে চাৰিদিন খালো। মই সপ্তাহত দুদিন ব্ৰত ৰাখি ৫০ টকা বচাইছিলো,” শন্তুৱে কয়। তাৰপিছত তেওঁ আৰু পাঁচটা দিন ওচৰৰ ভাণ্ডু গাঁৱত কটাবলগীয়া হ’ল। তাত তেওঁলোকে থকাৰ ব্যৱস্থা কৰিব নোৱাৰিলে। সেয়ে তেওঁলোকে বোকাৰবাড়াৰ পৰা অহা-যোৱা কৰিবলগীয়া হ’ল। তাত অহা আৰু যোৱা কৰোঁতে প্ৰতিবাৰ ১০ টকাকৈ অতিৰিক্ত ভৰিবলগীয়া হ’ল। শন্তুৱে আৰু দুশ টকা মহেন্দ্ৰ সিংহৰ পৰা ধাৰে ল’লে।

ভাণ্ডুৰ আভিযান্ত্ৰিক কলেজত খাদ্যৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু তাতো প্ৰতি প্লেটত ২৫ টকা আছিল। শন্তুৱে আৰু দুটা দিন উপবাস ৰাখিলে। বন্ধুবৰ্গই ভাল নাপালে। “শন্তুলাল,” তাৰে মাজৰে এজনে ক’লে, “আমি পাঁচদিনৰ বাবে এডভাঞ্চ দিছো। কেৱল তুমি খাই উঠি পইচা দিয়া। আমি খাই উঠি যোৱাৰ পিছত কোনো আমাৰ পৰা পইচা নিবিচাৰে। তুমিও আমাৰ সৈতে একেলগে খাই উঠি যোৱা কৰা!” শন্তুৱে তাকেই কৰিলে। “মই সিহঁতৰ কথা শুনিলো আৰু পইচা নিদিয়াকৈ কেইদিনমান খালো,” শন্তুৱে কয়।

তেওঁ সেয়া কৰি ভাল পোৱা নাছিল, সেয়ে তেওঁ ইতিমধ্যে ধাৰ থকা স্বত্ত্বেও অধ্যাপক এইছ.কে. পাটেলৰ পৰা ৫০০ টকা আনিলে। “বৃত্তিৰ পইচা পালে সেয়া উভতাই দিম,” তেওঁ কৈছিল। প্ৰতিদিনে খৰছ বাঢ়ি গৈছিল। ভাণ্ডুত আনকি তেওঁলোকক স্কুলীয়া শিক্ষকক ৰিফ্ৰেছমেণ্টৰ নামত পইচা খৰছ কৰিবলৈ কোৱা হৈছিল।

এইছ.কে. পাটেলে এদিন তেওঁক ষ্টাফৰুমলৈ মাতি পঠিয়ালে। “তোমাৰ দেউতাৰ টান অসুখ,” তেওঁ শন্তুৰ হাতত ১০০ টকীয়া এখন দি ক’লে, “যোৱা যোৱা, সোনকালে যোৱা।” ঘৰত “সকলোৱে মোৰ ববাে ৰৈ আছিল,” শন্তুৱে কয়। “সিহঁতে মোক তেওঁৰ মুখখন দেখুৱালে আৰু শেষকৃত্যৰ বাবে আগবাঢ়িল।” এক ডাঙৰ সংকট আগত ৰৈ আছিল। দ্বাদশ দিনা এক পৰ্ব পাতিব লাগে। সেই পৰ্বৰ নামত তেওঁলোকৰ অতিকমেও ৪০ হাজাৰ টকাৰ খৰছ।

PHOTO • Shantilal Parmar
PHOTO • Shantilal Parmar

সেই ৰাস্তা আৰু ঘৰবোৰ শন্তুৱে ভালকৈ জানে, একেবাৰে শেষত থকা সেই ঘৰটোও জানে, স্কুললৈ আৰু পিছলৈ কলেজলৈ বুলি বাদালিৰ পৰা বিষ্ণাগৰ বা বিজয়ানগৰ যোৱা সময়ত তেওঁ সদায় সেই বাটেৰে পাৰ হৈছিল

মাক ঢুকোৱা সময়ত তেওঁলোকে সেই কৰ্ম পাতিব পৰা নাছিল। কিন্তু এইবাৰ এনেকৈ মানুহে নেৰিব। ৰাইজক মতা হ’ল। বাদালিৰ কিছুমান বয়োজ্যেষ্ঠ লোকে ৰেহাই দিব বিচাৰিলে। “ল’ৰাকেইটা সৰু হৈ আছে, এটাই এতিয়াও পঢ়ি আছে, আনকেইটাই ঘৰৰ খৰছৰ বোজা বহন কৰি আছে। গোটেই দায়িত্ব এজনৰ ওপৰতেই ন্যস্ত থকা হেতুকে তেওঁলোকে এই কৰ্মভাগৰ ব্যয় বহন কৰিব নোৱাৰিব,” তেওঁলোকে ক’লে। এনেদৰেই পৰিয়ালৰ এক ডাঙৰ আৰ্থিক দুৰ্যোগৰ পৰা পৰিয়ালটো বাচিল।

শন্তুৱে ৭৬ শতাংশ নম্বৰ লৈ বি.এড. পৰীক্ষাত উত্তীৰ্ণ হ’ল আৰু কাম বিচাৰিলে। এইখিনি সময়ত বাৰিষাৰ কাৰণে ৰাজুভাইয়ে কাম নোপোৱা হ’ল। “চাকৰিৰ আশা এৰি মই খেতিপথাৰত কাম কৰিবলৈ ল’লো,” শন্তুৱে কয়। নতুনকৈ খোলা চেলফ-ফাইনেন্সড বি.এড. কলেজবোৰ খুলিছিল, কিন্তু শিক্ষকতাৰ বাবে প্ৰাৰ্থীৰ অতি বেছি মেধা লাগিছিল। তেওঁ আন প্ৰাৰ্থীৰ লগত টিকিব নোৱাৰিলে। তাৰোপৰি নিয়োগত হোৱা অনিয়ম আছেই। এই সকলো কথাই শন্তুক চিন্তিত কৰি তুলিছিল।

কিছুসময় এনেকৈ পাৰ হ’ল, তেওঁ নিজৰ কেৰিয়াৰৰ ট্ৰেক সলাই কম্পিউটাৰৰ শিক্ষাৰে কিবা কৰিব পাৰি নেকি চেষ্টা কৰি চালে। সবৰকান্তা জিলাৰ বিজয়নগৰৰ পিজিডিচিএ টেকনিকেল কলেজত এবছৰীয়া ডিপ্ল’মাৰ বাবে আবেদন কৰিলে। তেওঁৰ নাম মেৰিট লিষ্টত আহিল। কিন্তু নামভৰ্তি কৰিবলৈ তেওঁৰ হাতত পইচা নাছিল।

তেওঁ বাদালিৰ পৰা দুই কিলোমিটাৰ দূৰৰ কোথিকাম্পাৰ চিন্তন মেহতাক লগ পালে। মেহতাই কলেজৰ ন্যাসৰক্ষকসকলৰ সৈতে কথা পাতি বৃত্তি দিয়াই শন্তুক নামভৰ্তি কৰাৰ সুবিধা কৰি দিলে। দ্বিতীয় দিনা শন্তু বিজয়ানগৰলৈ গ’ল। কলেজৰ কাৰ্য্যালয়ৰ কেৰাণীজনে তেওঁ এডমিচন নামানিলে। “আমিহে ইয়াত প্ৰশাসনীয় দিশটো চাও,” তেওঁ শন্তুক ক’লে। একেৰাহে তিনিদিনৰ বাবে মাচুল নিদিয়াত শন্তুৰ নাম মেৰিট লিষ্টৰ পৰা আঁতৰিল।

শন্তুৱে আশা নেৰিলে। তেওঁ সেই কেৰাণীজনৰ পৰা জানিব পাৰিলে যে কলেজখনে অতিৰিক্ত আসনৰ বাবে আবেদন কৰিছে।  অতিৰিক্ত আসনৰ অনুমোদন নোপোৱালৈকে তেওঁ পাঠগ্ৰহণ কৰাৰ বাবে অনুমতি বিচাৰি আবেদন জনালে। তেওঁৰ এডমিচন তেতিয়াও নিশ্চিত হোৱা নাছিল, তথাপিত তেওঁ দিনে ৫০ টকা খৰছ কৰি বাদালিৰ পৰা বিজয়নগৰলৈ অহা-যোৱা কৰিবলৈ ল’লে। বন্ধুবৰ্গই সহায় কৰিলে। তাৰে মাজৰ এজন, শশীকান্তই তেওঁক বাছৰ পাছ উলিয়াবলৈ ২৫০ টকা দিলে। বাৰম্বাৰ অনুৰোধ কৰাৰ পিছত অফিছৰ কেৰাণীজনে ৰাজহুৱা যাতায়তৰ পাছখনত মোহৰ লগালে। পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ আশাত শন্তুৱে ডেৰমাহ ধৰি অহা-যোৱা কৰি থাকিল। কিন্তু কলেজখনক নতুনকৈ আসনৰ অনুমোদন দিয়া নহ’ল। তেওঁ যিদিনা গম পালে, সিদিনাৰ পৰা কলেজলৈ যোৱা এৰিলে।

শন্তুৱে আকৌ কৃষিশ্ৰমিক হিচাপে কামত ধৰিলে। মোৰাদ গাঁৱত এমাহ কাম কৰাৰ পিছত তেওঁ বাদালি গাঁৱৰ ৰেপদিমাতা মন্দিৰৰ কাষৰ ৰাস্তাত থকা ৰাজুভাইৰ সৰু দোকানখনত চিলাই-কটাইৰ কাম আৰম্ভ কৰিলে। পূৰ্ণিমাৰ তিনিদিন আগত, শন্তুৱে শশীকান্তৰ ঘৰলৈ গ’ল। “ভালেমান ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীত কি পঢ়াইছে বুজিব নোৱাৰি আধাতে পিজিডিচিএ এৰিছে। শ্ৰেণীত শিক্ষাৰ্থীৰ নাটনি হৈছে, তুমি কিজানি সুযোগটো পাই যোৱা,” শশীকান্তই খবৰ দিলে।

পিছদিনা বিজয়নগৰত শন্তুৱে সেই কেৰাণীজনক আকৌ লগ কৰিলে। মানুহজনে মাচুলখিনি বিচাৰিলে। ৰাজুভাইৰ লগত কাম কৰি উপাৰ্জন কৰা ১০০০ টকা শন্তুৱে তেওঁক দিলে। “দেৱালীৰ সময়লৈকে বাকী থকা ৫,২০০ টকাৰ কিবা এটা ব্যৱস্থা কৰিম,” তেওঁ তেনেকৈ কৈ এডমিচন পালে।

নামভৰ্তিৰ পোন্ধৰ দিন হৈছিলহে, প্ৰথম ইণ্টাৰনেল পৰীক্ষা আহি পৰিল। শন্তুৱে পাছ কৰিব নোৱাৰিলে। তেওঁ অনুশীলনৰেই সময় পোৱা নাছিল। শিক্ষকসকলে ক’লে যে তেওঁ ইমান পলমকৈ পাঠ্যক্ৰমত নাম লগাইছে, পইচাখিনি পানীত পৰিব। শন্তুৱে পৰীক্ষাটো পাছ কৰিব নোৱাৰিব বুলি তেওঁলোকে ৰায় দিলে। কিন্তু শন্তু জানো আশা এৰি দিয়া মানুহ? বাদালিৰ হিমাংশু ভাৱসাৰ আৰু গজেন্দ্ৰ সোলাংকি আৰু ইডাৰৰ শশীকান্ত পাৰমাৰে তেওঁক খতি হোৱা পাঠবোৰ পঢ়ুৱালে। প্ৰথম ষাণ্মাষিকত তেওঁ ৫০ শতাংশ নম্বৰ পালে। তেওঁক নেতিবাচক পৰামৰ্শ দিয়া শিক্ষকসকলেও সেয়া দেখি তবধ মানিলে।

PHOTO • Labani Jangi

শন্তু অনুত্তীৰ্ণ হৈছিল সঁচা, তেওঁ আচলতে শিকিবলৈ সুযোগ পোৱা নাছিল। শিক্ষকসকলে ক’লে যে তেওঁ নিজৰ পইচা অথলে নিয়াইছে। পৰীক্ষা পাছ কৰাটো তেওঁৰ পক্ষে সম্ভৱ নহ’ব। কিন্তু শন্তুৱে আশা এৰি নিদিলে

পৰৱৰ্ত্তী ষাণ্মাসিকৰ মাচুল আছিল ৯,৩০০ টকা। শন্তুৰ ইতিমধ্যে আগৰ ষাণ্মাসিকৰ ৫,২০০ টকা বাকী আছিলেই। এনেকৈ দিবলগীয়া পইচা হৈছিল ১৪,৫০০ টকা। শন্তুৰ সাধ্যৰ বাহিৰত। কাকূতি-মিনতি কৰি, আনৰ ফৰমাইচ লৈ তেওঁ দ্বিতীয় ষাণ্মাসিকৰ চূড়ান্ত পৰীক্ষালৈ কোনোমতে আগবাঢ়িল। কিন্তু এতিয়া মাচুল দিবই লাগিব। পৰীক্ষাত নহ’লে বহিব কেনেকৈ? শন্তু ৰৈ গ’ল। আগলৈ বাট নেদেখা হ’ল। এটাই আশা শেষত তেওঁ দেখা পালে – বৃত্তিৰ।

তেওঁ কেৰাণীজনক লগ কৰিলে। বৃত্তিৰ পইচা আহিলে তাৰ পৰা মাচুলখিনি কাটি লোৱাৰ বাবে অনুৰোধ জনালে। কেৰাণীজনে শেষত মানিলে, কিন্তু এটা চৰ্ত ৰাখিলে। শন্তুৱে দেনা বেংকৰ বিজয়নগৰ শাখাত এটা খাতা খুলিব লাগিব আৰু জামিন জমা হিচাপে উকা চেক এখনত স্বাক্ষৰ কৰিব লাগিব। শন্তুৰ হাতত নতুন খাতা খুলিব পৰাকৈ ৫০০ টকা নাছিল।

বেংক অৱ বৰোদাত তেওঁৰ খাতা নাছিল,কিন্তু ৭০০ টকা জমা আছিল। সেইটো বেংকে তেওঁক চেকবুক নিদিলে। চিনাকি ৰমেশভাই সোলাংকিক তেওঁ কথাখিনি খুলি ক’লে। সোলাংকিয়ে শন্তুৰ কথা জানি তেওঁক দেনা বেংকত তেওঁৰ নিজৰ নামত থকা খাতাৰ এখন চেকপাত স্বাক্ষৰ কৰি দিলে। শন্তুৱে সেই চেকখন কলেজত জমা কৰিলে। তেতিয়াহে তেওঁক পৰীক্ষাৰ বাবে অনুমতি দিয়া হ’ল।

হেমচন্দ্ৰচাৰ্য্য ইউনিভাৰ্চিটি অৱ নৰ্থ গুজৰাটৰ পৰা তেওঁ চূড়ান্ত পৰীক্ষাত ৫৮ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হ’ল। কিন্তু এতিয়ালৈ মাৰ্কশ্বীট নাপালে।

শন্তুৱে চাকৰিৰ বাবে আবেদন কৰিলে, কল লেটাৰ অহাৰ পিছত কিজানি মাৰ্কশ্বীটখন আহেই। কিন্তু নাহিল যি নাহিলেই। বৃত্তিৰ অনুমোদন হৈ মাচুলখিনি নিদিয়ালৈ তেওঁৰ মাৰ্কশ্বীটখন উইথহেল্ড কৰি ৰখা হৈছিল। মাৰ্কশ্বীটখন নথকা বাবে শন্তু সাক্ষাৎকাৰলৈ নগ’ল, সেইখন তাত লাগতিয়াল নথিৰ ভিতৰত আছিল।

তেওঁ মাহে ২,৫০০ টকাত সবৰকান্তাৰ ইডাৰৰ নতুনকৈ আৰম্ভ হোৱা এখন আই.টি.আই. কলেজত পঢ়াবলৈ ল’লে। তাতো চৰ্ত দিয়া হ’ল যে এমাহৰ ভিতৰত তেওঁ নিজৰ মাৰ্কশ্বীটখন দাখিল কৰিব। কিন্তু এমাহ হৈ গ’ল, মাৰ্কশ্বীট নাহিল। সমাজ কল্যাণ বিভাগৰ দপ্তৰত খবৰ কৰি তেওঁ জানিব পাৰিলে যে বৃত্তিৰ পইচা ইতিমধ্যে কলেজলৈ স্থানান্তৰ কৰা হৈছে। শন্তুৱে বিজয়নগৰলৈ গৈ কেৰাণীজনৰ সৈতে কথা পাতিলে। কেৰাণীজনে ক’লে যে অনুদান পোৱা গৈছে যদিও কলেজ কৰ্তৃপক্ষই সেয়া অনুমোদন দিয়াৰ পিছতহে সেয়া কৰ্তন কৰিব পৰা যাব। তাৰ পিছতহে তেওঁ মাৰ্কশ্বীটখন পাব।

শন্তুৱে ৰমেশভাইয়ে স্বাক্ষৰ কৰা চেকখন বিচাৰি কেৰাণীজনক অনুৰোধ জনাইছিল। “চেকখন পাবা,” এনেয়ে ভাবলেশহীন ভংগীৰে কেৰাণীজনে কৈছিল আৰু তেওঁক পুনৰাই নাহিবলৈ কৈছিল। “ফোন কৰি মোক তোমাৰ একাউণ্ট নম্বৰটো ক’বা,” তেওঁ উত্তৰ দিছিল। শন্তুৱে এদিন দেৱালী আৰু নৱবৰ্ষৰ মাজত কেৰাণীজনক ফোনো কৰিছিল। “কোনটো বেংকত একাউণ্ট থকা বুলি কৈছিলা?” কেৰাণীজনে সুধিছিল। “বৰোদা বেংক,” শন্তুৱে উত্তৰ দিছিল। “প্ৰথমে ডেনা বেংকত তুমি খাতা এটা খুলিব লাগিব,” কেৰাণীজনে উত্তৰ দিছিল।

শেষত শন্তুৱে সৰ্ব শিক্ষা অভিযানত কাম এটা পালে ২০২১ৰ জুনৰ পৰা সবৰকান্তা জিলাৰ বি .আৰ.চি. ভৱন খেৰব্ৰহ্মত ১১ মহীয়া ঠিকাভিত্তিক চাকৰিত তেওঁ এতিয়া নিয়োজিত এতিয়া তেওঁ ডেটা এণ্ট্ৰি অপাৰেটৰ ও কাৰ্য্যালয় সহায়ক হিচাপে ১০ ,৫০০ টকা দৰমহাত কাম কৰি আছে

এই ষ্ট ’ৰিটো লিখকৰ গুজৰাটী ভাষাৰ মাটি শীৰ্ষক অকাল্পনিক সংগ্ৰহৰ পৰা লোৱা হৈছে

অনুবাদ: পংকজ দাস

Umesh Solanki

Umesh Solanki is an Ahmedabad-based photographer, documentary filmmaker and writer, with a master’s in Journalism. He loves a nomadic existence. He has three published collections of poetry, one novel-in-verse, a novel and a collection of creative non-fiction to his credit.

Other stories by Umesh Solanki
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das