গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম , অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে

হাটে-বজাৰে...

নিজতকৈ তিনিগুণ দীঘল বাঁহবোৰ মহিলাসকলেই ইয়ালৈ লৈ আহিছে। ঝাৰখণ্ডৰ গড্ডাৰ এই সাপ্তাহিক গাঁৱলীয়া বজাৰখনলৈ প্ৰতিগৰাকী মহিলাই এডাল বা ততোধিক বাঁহ লৈ আহিছে। কিছুমানে কান্ধত অথবা মূৰত বাঁহবোৰৰ ভাৰসাম্য ৰাখি ১২ কিলোমিটাৰ পৰ্য্যন্ত বাট বাই আহিছে। ইয়ালৈ অনাৰ আগতে তেওঁলোকে সেই বাঁহবোৰ হাবিৰ পৰা কাটি মোকলাই আনোতেও কেবাঘণ্টা সময় পৰিশ্ৰম কৰিছে।

এই সকলোখিনি কৰাৰ পিছত দিনটোৰ শেষত ২০ টকা উপাৰ্জন কৰিব পাৰিলে ভাগ্য ভাল বুলিয়ে ক’ব লাগিব। গড্ডাৰ বাদে আন বজাৰলৈ গ’লে হয়তো ইয়াতকৈও কম টকা পোৱা যাব। কিছুমান মহিলাই মূৰৰ ওপৰত হাবিৰ পৰা সংগ্ৰহ কৰা পাতৰ ওখ ওখ দম কঢ়িয়াই আনিছে। সেয়া তেওঁলোকে কেৱল সংগ্ৰহেই নহয়, পাতবোৰ একেলগে সীয়া কামো কৰিছে। তেওঁলোকে তাৰ পৰাই খাই পেলাই দিব পৰা বৰ বঢ়িয়া খোৱাপাত সী উলিয়াইছে। “চাহৰ দোকান, হোটেল আৰু কেণ্টিনবোৰে সেয়া এশ কৰি পাত সংগ্ৰহ কৰে। মহিলাসকলে হয়তো ১৫-২০ টকা পাব। পিছলৈ ৰেলৱে ষ্টেশ্যনত আপুনি এনে পাতত কিবা খালে এয়া ক’ৰপৰা কেনেকৈ আহিল সেয়া জানিব।”

ভিডিঅ ’টো চাওঁকঃ ‘ক’ৰবালৈ যাব লাগিলে আপুনি ১৫-২০ কিলোমিটাৰ খোজকাঢ়িব লাগিব, পাহাৰ বগাব লাগিব, নামিব লাগিব’

ঘৰৰ সকলো কাম-বন অটাই ইমান দূৰ বাট বাই এই মহিলাসকল এই বজাৰখনত উপস্থিত হৈছে। বজাৰ বহাৰ দিনা তেওঁলোকৰ মনবোৰ উচপিচাই থাকে। বজাৰখন সপ্তাহত এদিন বহে। সেয়ে সপ্তাহটোৰ বাকীকেইটা দিন পৰিয়াল চলাবলৈ এই দিনটোতে সৰু-সুৰা যি বস্তু আছে বিক্ৰী কৰি দুপইচা গোটাব লাগিব। তেওঁলোকৰ আন চিন্তাও আছে। গাঁৱৰ সিটো মূৰত থকা সুদখোৰবোৰে কেতিয়াবা আহি দাবি-হুমকি দি কম পইচাতে তেওঁলোকৰ বস্তু কিনি নিয়াৰ চেষ্টা কৰে। কেতিয়াবা তেনেকৈয়ে কষ্টৰে গোটোৱা বস্তু এৰি দিব লগা হয়।

কিছুমানে আকৌ তেওঁলোকৰ বস্তু কেৱল সুদখোৰজনকেই দিবলগীয়া হয়, চুক্তিত বন্ধা থাকে। তেওঁলোকক বেপাৰীৰ দোকানৰ আগত থিয় দি থাকিবলগীয়া হয়। ওড়িশাৰ ৰায়গড়াৰ এই আদিবাসী মহিলাগৰাকীৰ সেয়াই হৈছে, যিজন বেপাৰীৰ তাত বিক্ৰী কৰিব লাগিব, তালৈ তেওঁ অপেক্ষা কৰিছে। তাতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁ ৰ’বলগীয়া হ’ব পাৰে। গাঁৱৰ বাহিৰত একে আদিবাসী মহিলাৰ দলবোৰ বজাৰখনলৈ বুলি আহি আছে। তেওঁলোকৰ বহুতেই বেপাৰীক টকা দিবলৈ আছে, সেয়ে বস্তুৰ দৰদাম কৰাৰ অধিকাৰ তেওঁলোকৰ নাই বুলিব পাৰি।

PHOTO • P. Sainath
PHOTO • P. Sainath
PHOTO • P. Sainath

তাতে আকৌ মহিলা বিক্ৰেতাই সকলোতে দাবি-হুমকি, যৌন আতিশয্যৰো মুখামুখি হ’বলগীয়া হয়। হাৰাশাস্তি কৰোঁতাৰ তালিকাত কেৱল আৰক্ষীয়েই নহয়, বনৰক্ষীৰো নাম আছে।

ওড়িশাৰ মলকানগিৰিৰ বোন্দা মহিলাসকলৰ বাবে বজাৰৰ দিনটো ভাল নহয়। কিন্তু হতাশাৰ মাজতো তেওঁলোকে সেই গধুৰ বাকচবোৰ বাছৰ ওপৰলৈ নিপুণভাৱে তুলি দিছে। তেওঁলোকৰ গাঁৱৰ ঘৰৰ পৰা বাছ আস্থানবোৰলৈ ভালেখিনি দূৰ, সেইখিনি বাট তেওঁলোকে বাকচবোৰ নিজে দাঙি নিব লাগিব।

মূৰত বাঁহৰ বোজা আৰু কোলাত কেঁচুৱা লৈ ঝাৰখণ্ডৰ পালামৌ গাঁৱৰ মহিলা এগৰাকী বজাৰখনৰ দিশে আগবাঢ়িছে। লগত খাবলৈও কিবা টোপোলা বান্ধি আনিছে। কাষে কাষে তেওঁৰ আন এটা সন্তানো আছে।

PHOTO • P. Sainath
PHOTO • P. Sainath

ক্ষুদ্ৰ উৎপাদক বা বিক্ৰেতা হিচাপে কাম কৰি দেশৰ কোটি কোটি মহিলাই কৰা আয় ব্যক্তি পৰ্য্যায়ত তেনেই ক্ষুদ্ৰ। কঠোৰ পৰিশ্ৰম আৰু সততাৰে কৰা এই আয়েই কিন্তু তেওঁলোকৰ পৰিয়ালবোৰ চলি থকাৰ বাবে অত্যন্ত জৰুৰী।

বিজয়নগৰমৰ গাঁৱৰ বজাৰ এখনত মুৰ্গী কাটি বিক্ৰী কৰি থকা যুৱতীগৰাকীৰ বয়স খুব বেছি ১৩ হ’ব। একেখন বজাৰতে তেওঁৰ চুবুৰীয়াই পাচলি বিক্ৰী কৰিছে। তেওঁলোকৰ সমবয়সীয়া যুৱকবোৰে স্কুলত পঢ়িবলৈ যোৱাৰ সুযোগ পায়। বজাৰত সৰু-সুৰা বস্তু বিক্ৰী কৰাৰ উপৰিও এই যুৱতীসকলেই ঘৰত গৈও আকৌ ‘মহিলাৰ কাম-বন’বোৰ কৰিবলগীয়া হয়।

PHOTO • P. Sainath
PHOTO • P. Sainath

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das