গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম , অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে

আগবাঢ়ি গৈ থাকা

চাইকেল চলোৱা শিকিবলৈ তেওঁ ভালৰো ভালখন শাড়ী পিন্ধি আহিছে। এয়া তামিলনাডুৰ পুৰুক্কোট্টাইৰ চাইকেল প্ৰশিক্ষণ কেন্দ্ৰ এটাৰ দৃশ্য। দুচকীয়া দেখি তেওঁলোকৰ চকু জলমল কৰিছে। তেওঁৰ জিলাখনৰ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ প্ৰায় ৪,০০০ মহিলাই তেওঁলোকৰ অঞ্চলৰ খনিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আহিছে য’ত এসময়ত তেওঁলোকে শ্ৰমিক হিচাপে কাম কৰিছিল। তেওঁলোকৰ সংগঠিত সংগ্ৰাম আৰু ৰাজনৈতিক চেতনাসমৃদ্ধ সাক্ষৰতা আন্দোলনে পুৰুক্কোট্টাইক এক নতুন ৰূপ দিছে।

সম্পদৰ মালিকানাস্বত্ত্ব আৰু নিয়ন্ত্ৰণ সদায়েই ঘাই কথা হৈ আহিছে। এই মৌলিক অধিকাৰবোৰ বাদ দি দেশৰ কোটি কোটি গ্ৰামীণ মহিলাৰ অৱস্থাৰ উন্নতি অসম্ভৱ।

মধ্য প্ৰদেশৰ ঝাবুৱা গাঁৱৰ পঞ্চায়তখনৰ আটাইবোৰেই মহিলা। সঁচা যে স্থানীয় প্ৰশাসনত সক্ৰিয় অংশগ্ৰহণৰ ফলত তেওঁলোকৰ অৱস্থাৰ উন্নতি হৈছে আৰু তেওঁলোকে আত্মমৰ্য্যাদাও লাভ কৰিছে। কিন্তু নিজৰ গাঁৱতে তেওঁলোকৰ অধিকাৰৰ কোনো স্বীকৃতি নাই। তেওঁলোকৰ নিজৰ মালিকানাস্বত্ত্ব বা নিয়ন্ত্ৰণ বুলিবলৈ তেনেই সীমিত। ভাবি চাওক যদি দলিত মহিলা এগৰাকী পঞ্চায়তৰ সভাপতি হয় আৰু উপসভাপতিগৰাকী তেওঁৰ মাটিৰ মালিক। সেই উপ-সভাপতিয়ে জ্যেষ্ঠ বুলি তেওঁৰ কথা শুনিবনে? নে তেওঁ মালিকে শ্ৰমিকক কৰা আচৰণ তাতো দেখুৱাব? নে পুৰুষ হিচাপে মহিলাৰ ওপৰত নিয়ন্ত্ৰণ দেখুৱাব? পঞ্চায়তৰ মহিলা সভাপতি আৰু সদস্যক প্ৰায়েই বিবস্ত্ৰ কৰি অসন্মান কৰা, মাৰ-পিট কৰা, ধৰ্ষণ, অপহৰণ কৰা হয় আৰু ভুৱা গোচৰ জাপি দিয়া হয়। তৎস্বত্ত্বেও পঞ্চায়তৰ সদস্য বা সভাপতি হিচাপে মহিলাই অবিশ্বাস্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই সামন্তবাদী প্ৰথা বিলুপ্ত হ’লে তেওঁলোকে আৰু কি কি যে অৰ্জন কৰিব নোৱাৰিব!

ভিডিঅ’ চাওঁকঃ ‘সৰু ছোৱালীজনীয়ে এনেকৈ মোলৈ চকু টোৱাই চালে, খঙত যেন চকুৰেই ভষ্ম কৰিব,’ পি. সাইনাথ

এক ব্যাপক পৰিৱৰ্তনৰ সময়তে পুৰুক্কোট্টাইত সাক্ষৰতা অভিযান আৰম্ভ হয়। নানা বৈপ্লৱিক ঘটনাৱলীৰ ফলত খনিৰ নিয়ন্ত্ৰণ তেওঁলোকে লাভ কৰিছে য’ত তেওঁলোকে আগতে ঠিকাভিত্তিক শ্ৰম কৰিছিল। তেওঁলোকৰ এই নিয়ন্ত্ৰণ বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে যদিও তেওঁলোকে নিজৰ অধিকাৰৰ হঁকে যুঁজিবলৈ শিকিছে।

গ্ৰামাঞ্চলৰ লাখ লাখ দৰিদ্ৰজনৰ দৰে মহিলাৰ বাবেও ভূমি সংস্কাৰ জৰুৰী হৈ পৰিছে। তাৰ লগতে তেওঁলোকৰ বাবে মাটি, পানী আৰু অৰণ্যৰ অধিকাৰৰ স্বীকৃতি আৰু তাৰ কাৰ্য্যতঃ ৰূপায়ণৰ প্ৰয়োজন। পুনৰ্বিতৰণ কৰা মাটিৰ ক্ষেত্ৰত তেওঁলোকৰ নিজা যুটীয়া পট্টা তেওঁলোকক প্ৰয়োজন। আৰু সকলো মাটিৰে সমান অধিকাৰ। গাঁৱৰ সাৰ্বজনীন মাটিত দৰিদ্ৰ জনতাৰ অধিকাৰ সাব্যস্তকৰণ আৰু সাৰ্বজনীন সম্পদৰ বিক্ৰী বন্ধ হোৱা অতিশয় আৱশ্যক।

এই অধিকাৰসমূহৰ আইনী ৰূপ নাই হেতুকে নতুন আইন প্ৰণয়ন কৰাৰ আৱশ্যকতা আছে। আৰু য’ত আইন আছে, তাক বলবৎ কৰা দৰকাৰ। সম্পদৰ ন্যায়সংগত পুনৰ আবণ্টনৰ সমানে সমানে আন বহু বিষয়ৰ সংজ্ঞা নতুনকৈ ভবাৰ প্ৰয়োজন আছে। যেনে ধৰক ‘দক্ষ’ আৰু ‘অদক্ষ’ শ্ৰম বা ‘কষ্টসাধ্য’ আৰু ‘সহজসাধ্য’ শ্ৰমৰ গতানুগতিক ধাৰণা আদি। ন্যূনতম মজুৰি নিৰ্ধাৰণ কমিটিত মহিলা আৰু কৃষিশ্ৰমিকৰ প্ৰতিনিধিত্ব অত্যাৱশ্যকীয়।

PHOTO • P. Sainath
PHOTO • P. Sainath

এই সকলো বাস্তৱায়নৰ হেতু প্ৰয়োজন এক গণ আন্দোলন। ৰাজনৈতিক প্ৰক্ৰিয়াত এক সংগঠিত জনমত আৰু কাৰ্য্যসূচী সম্বলিত হস্তক্ষেপৰ প্ৰয়োজন। গ্ৰামীণ ভাৰতৰ মহিলাসকলৰ সমস্যাবোৰ যে প্ৰকৃতপক্ষে ভাৰতৰ দৰিদ্ৰ জনতাৰ সংগ্ৰামৰেই অংশ, এই কথাৰো স্বীকৃতিৰ আৱশ্যকতা আছে।

আঙুলিত ধৰি কৰা জনহিতাৰ্থমূলক উন্নয়নে কেতিয়াও জনগণৰ অধিকাৰ দিব নোৱাৰে, সৰ্বাতোপ্ৰকাৰে সবলীকৰণ কৰিব নোৱাৰে। আন দৰিদ্ৰজনৰ দৰে গ্ৰামীণ মহিলাকো আনৰ বদ্যানতাৰ প্ৰয়োজন নাই। তেওঁলোকৰ অধিকাৰৰ বলবৎকৰণৰ প্ৰয়োজন। সেই লক্ষ্যই আগত লৈ অসংখ্য মহিলাই নিৰন্তৰ সংগ্ৰাম কৰি গৈছে।

PHOTO • P. Sainath
PHOTO • P. Sainath

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das