"দুই যোগ দুই – কিমান? প্ৰতীক, তোমাৰ মনত আছেনে যোগ কেনেদৰে কৰে?"

প্ৰতীক ৰাউটৰ শিক্ষক মোহন তালেকাৰে শ্লেট এখনত লিখা সংখ্যাবোৰ দেখুৱাই ১৪ বছৰীয়া কিশোৰজনক সোধে যে সি সেই সংখ্যাবোৰ চিনি পাইছে নে নাই? পিছত বহাজনে একেথৰে ফলিখনলৈ চাই থাকে; তাৰ মুখত সেই সংখ্যাবোৰ চিনি পোৱাৰ কোনো ভাৱ-লেশ নাই।

এয়া ২০২২ চনৰ ১৫ জুন, আৰু আমি মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাৰ কৰমালা তালুকৰ প্ৰতীকৰ বিদ্যালয়, জ্ঞানপ্ৰবোধন মতিমন্দ নিৱাসী বিদ্যালয়ত উপস্থিত আছোঁ, বিদ্যালয়খনলৈ কিশোৰজনে দুবছৰৰ ব্যৱধানৰ পিছত উভতি আহিছে। সুদীৰ্ঘ দুটা বছৰ।

"প্ৰতীকে সংখ্যাবোৰ মনত পেলাব পৰা নাই। মহামাৰীৰ পূৰ্বে সি যোগ অংক কৰিব পাৰিছিল আৰু মাৰাঠী আৰু ইংৰাজী বৰ্ণমালাখন লিখিব পাৰিছিল," তাৰ শিক্ষকে এইদৰে কয়। "আমি এতিয়া আৰম্ভণিৰ পৰাই তাক সকলো শিকাব লাগিব।"

২০২০ চনৰ অক্টোবৰ মাহত, যেতিয়া এই প্ৰতিবেদকজনে আহমদনগৰ জিলাৰ ৰাশিন গাঁওনিবাসী প্ৰতীকক সাক্ষাৎ কৰিছিল, তেতিয়াৰ ১৪ বছৰীয়া প্ৰতীকে বৰ্ণমালাৰ কেইটামান আখৰ লিখিবলৈ সক্ষম হৈছিল। অৱশ্যে ২০২০ চনৰ ডিচেম্বৰ মাহলৈ তেওঁ লিখা বন্ধ কৰি দিছিল।

প্ৰতীকে ২০১৮ চনত বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিছিল। পৰৱৰ্তী দুবছৰত, ধাৰাবাহিক অনুশীলনৰ সৈতে সি সংখ্যা আৰু শব্দ পঢ়িবলৈ লিখিবলৈ শিকিছিল। ২০২০ চনৰ মাৰ্চ মাহলৈ তাৰ পঢ়া-শুনা কিছু উন্নত হোৱাৰ সময়তে ক’ভিড-১৯ মহামাৰীয়ে দেখা দিছিল ৷ প্ৰতীক আছিল ২৫ জন বৌদ্ধিকভাৱে অক্ষম শিক্ষাৰ্থীৰ ভিতৰত এজন- আটাইকেইজনৰ বয়স আছিল ৬ ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰত। সিহঁতৰ আৱাসিক বিদ্যালয় দুবছৰৰ বাবে বন্ধ থকাৰ বাবে প্ৰত্যেককে ঘৰলৈ ঘূৰাই পঠিওৱা হৈছিল।

Prateek Raut on the porch of his home in Rashin village and writing in a notebook, in October 2020. He is learning the alphabet and numbers from the beginning at his school now
PHOTO • Jyoti Shinoli
Prateek Raut on the porch of his home in Rashin village and writing in a notebook, in October 2020. He is learning the alphabet and numbers from the beginning at his school now
PHOTO • Jyoti Shinoli

প্ৰতীক ৰাউতে অক্টোবৰ 2020-ত ৰাশিন গাঁৱৰ নিজৰ ঘৰৰ বাৰাণ্ডাত এখন টোকাবহীত লিখাৰ অভ্যাস কৰিছিল এতিয়া সি বিদ্যালয়ত আৰম্ভণিৰে পৰা বৰ্ণমালা আৰু সংখ্যা শিকি আছে

"এই শিক্ষাৰ্থীসকলৰ কমেও দুটা পৰ্যায়ৰ প্ৰগতি হ্ৰাস পাইছে। এতিয়া প্ৰতিটো শিশুৱে এক পৃথক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে," বিদ্যালয়খনৰ কাৰ্যসূচী সমন্বয়ক ৰোহিত বাগড়েয়ে এইদৰে কয়। থানেস্থিত বেচৰকাৰী সংগঠন শ্ৰমিক মহিলা মণ্ডলৰ দ্বাৰা পৰিচালিত এই বিদ্যালয়খনে ইয়াৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া শিক্ষা আৰু ব’ৰ্ডিঙৰ সুবিধা প্ৰদান কৰে।

মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰতীকৰ বিদ্যালয়ৰ লগতে আন কেইবাখনো বিদ্যালয় বন্ধ হোৱাৰ লগে লগে শিক্ষাৰ্থীসকলৰ শিক্ষা যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা তেওঁলোকে নিৰ্দেশনা লাভ কৰে। সামাজিক ন্যায় আৰু বিশেষ সহায় বিভাগলৈ প্ৰতিবন্ধী ব্যক্তিৰ বাবে আয়ুক্তৰ পৰা প্ৰকাশিত ১০ জুন, ২০২০ তাৰিখে দিয়া এখন পত্ৰত কোৱা হৈছে: "নেচনেল ইনষ্টিটিউট ফৰ দি এমপাৱাৰমেণ্ট অব্ পাৰ্চনছ উইথ ইনটেলেকচুৱেল ডিচেবিলিটিজ, খাৰঘৰ, নৱী মুম্বাই, জিলা থানেৰ ৱেবছাইটত উপলব্ধ শিক্ষামূলক সামগ্ৰী ব্যৱহাৰ কৰি শিশুসকলক তেওঁলোকৰ পিতৃ-মাতৃৰ জৰিয়তে বিশেষ শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু লগতে অভিভাৱকসকলক শিক্ষামূলক সামগ্ৰীৰ যোগানৰ ব্যৱস্থা কৰিব লাগে।"

অধিকাংশ স্কুলীয়া শিশুৰ বাবে অনলাইন শিক্ষা এক প্ৰত্যাহ্বান হৈ উঠাৰ সময়তে বৌদ্ধিকভাৱে অক্ষম শিশুসকলৰ ক্ষেত্ৰত ই অধিক বাধাৰ সৃষ্টি কৰিছে। গ্ৰামীণ ভাৰতৰ (ভাৰতৰ ৫০০,০০০ তকৈ অধিক বৌদ্ধিকভাৱে অক্ষম শিশুৰ) ৫-১৯ বছৰ বয়সৰ  প্ৰায় ৪০০,০০০ বৌদ্ধিকভাৱে অক্ষম শিশুৰ ভিতৰত মাত্ৰ ১৮৫,০৮৬ জনে কোনো শিক্ষানুষ্ঠানত অংশগ্ৰহণ কৰিছে (লোকপিয়ল ২০১১ অনুসৰি)।

নিৰ্দেশনা অনুসৰি জ্ঞানপ্ৰবোধন বিদ্যালয়ে প্ৰতীকৰ পিতৃ-মাতৃলৈ শিক্ষণ সামগ্ৰী প্ৰেৰণ কৰিছিল, য’ত আছিল বৰ্ণমালা, সংখ্যা আৰু বস্তুৰ সৈতে এখন চাৰ্ট; কবিতা আৰু গীতৰ সৈতে সম্পৰ্কিত ব্যায়াম; আৰু অন্যান্য শিক্ষণ সহায়ক সামগ্ৰী। কৰ্মচাৰীসকলে প্ৰতীকৰ পিতৃ-মাতৃৰ সৈতে ফোনত কথা পাতি তেওঁলোকে যাতে শিক্ষণ সামগ্ৰীসমূহ ব্যৱহাৰ কৰে, সেয়া নিশ্চিত কৰিছিল৷

Left: Prateek with his mother, Sharada, in their kitchen.
PHOTO • Jyoti Shinoli
Right: Prateek and Rohit Bagade, programme coordinator at Dnyanprabodhan Matimand Niwasi Vidyalaya
PHOTO • Jyoti Shinoli

বাওঁফালে : প্ৰতীক মাক শাৰদাৰ সৈতে তেওঁলোকৰ পাকঘৰত সোঁফালে : প্ৰতীক আৰু ৰোহিত বাগড়ে, জ্ঞানপ্ৰবোধন মতিমন্দ নিৱাসী বিদ্যালয়ৰ কাৰ্যসূচী সমন্বয়ক

"পিতৃ-মাতৃয়ে শিশুৰ সৈতে বহিব লাগে [শিক্ষণ সামগ্ৰী ব্যৱহাৰত সহায় কৰিবলৈ], কিন্তু শিশুটোৰ বাবে ঘৰতে থকাৰ বাবে তেওঁলোকৰ দৈনন্দিন মজুৰি প্ৰভাৱিত হয়," বাগড়েয়ে এইবুলি মন্তব্য কৰে। প্ৰতীককে ধৰি আন সকলো ২৫ জন শিক্ষাৰ্থীৰ অভিভাৱক হৈছে ইটা ভাটা শ্ৰমিক, কৃষি শ্ৰমিক বা উপান্ত কৃষক।

প্ৰতীকৰ পিতৃ-মাতৃ, শাৰদা আৰু দত্তাত্ৰেয় ৰাউতে তেওঁলোকৰ পৰিয়ালৰ খাদ্যৰ বাবে খাৰিফ ঋতুত (জুনৰ পৰা নৱেম্বৰ) জোৱাৰ আৰু বাজৰাৰ খেতি কৰে। শাৰদাই কয়, "নৱেম্বৰৰ পৰা মে’ মাহলৈকে আমি মাহটোৰ ২০-২৫ দিন আনৰ পথাৰত কাম কৰোঁ।" তেওঁলোকৰ মুঠ মাহিলী উপাৰ্জন ৬,০০০ টকাৰ অধিক নহয়। কোনো পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক সহায় কৰিবলৈ ঘৰত বহাৰ অৰ্থ হ’ল তেওঁলোকৰ ইতিমধ্যেই প্ৰভাৱিত বিত্তীয় অৱস্থাৰ থৰক-বৰক হোৱা।

বাগড়েয়ে কয়, "গতিকে প্ৰতীক আৰু আন শিশুসকল নিষ্ক্ৰিয় হৈ বহি থকাৰ বাহিৰে আন কোনো বিকল্প নাই।" "বিদ্যালয়ত থকাৰ সময়ত দৈনন্দিন কাৰ্যকলাপ আৰু খেলবোৰে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তুলিছিল, তেওঁলোকৰ খং আৰু আক্ৰোশ নিয়ন্ত্ৰণ কৰিছিল। [কিন্তু] এনে কাৰ্যকলাপ অনলাইনত পৰিচালনা কৰাটো কঠিন কিয়নো শিশুসকলক ব্যক্তিগত মনোযোগৰ প্ৰয়োজন।"

বিদ্যালয়ত চাৰিজন শিক্ষকে তেওঁলোকক ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ৪:৩০ বজালৈ, সোমবাৰৰ পৰা শুকুৰবাৰলৈ (আৰু শনিবাৰে কেইটামান ঘণ্টাৰ বাবে) শিক্ষা প্ৰদান কৰিছিল। তেওঁলোকক বাক থেৰাপী, শাৰীৰিক ব্যায়াম, স্ব-যত্ন, কাগজৰ শিল্প, ভাষাৰ দক্ষতা, শব্দভাণ্ডাৰ, সংখ্যা, কলা আৰু অন্যান্য কাৰ্যকলাপৰ প্ৰশিক্ষণ দিছিল। বিদ্যালয় বন্ধ হোৱাত শিশুসকলৰ জীৱনৰ পৰা সেই সকলোবোৰ আঁতৰি গৈছিল।

Vaibhav Petkar and his mother, Sulakshana, who is seen cooking in the kitchen of their one-room house
PHOTO • Jyoti Shinoli
This is the last year of school for 18-year-old Vaibhav
PHOTO • Jyoti Shinoli

বাওঁফালে: বৈভৱ পেটকাৰ আৰু তেওঁৰ মাক সুলক্ষণা, তেওঁলোকৰ এটা কোঠালীৰ ঘৰৰ পাকঘৰত ৰন্ধা-বঢ়া কৰা দেখা গৈছে। সোঁফালে: এয়া হৈছে ১৮ বছৰীয়া বৈভৱৰ বাবে বিদ্যালয়ৰ অন্তিমটো বছৰ

এতিয়া দুবছৰৰ বিৰতিৰ পিছত বিদ্যালয়লৈ উভতি আহি শিশুসকলে পুৰণি ৰুটিনত খাপ খাবলৈ অসুবিধা পাইছে। বাগড়েয়ে কয়, "আমি দৈনন্দিন অভ্যাস, যোগাযোগ আৰু মনোযোগৰ সামগ্ৰিক হ্ৰাস প্ৰত্যক্ষ কৰিছো।" "কিছুমান শিশু আক্ৰমণাত্মক, অধৈৰ্য্য আৰু হিংসাত্মক হৈ পৰিছে কিয়নো সিহঁতৰ ৰুটিন পুনৰ হঠাতে সলনি হৈছে। সিহঁতে পৰিৱৰ্তনখিনি বুজিব নোৱাৰে।"

অৱশ্যে প্ৰতীকৰ শিক্ষাৰ ক্ষতিপূৰণৰ বাবে এতিয়াও কিছু বছৰ আছে যদিও ১৮ বছৰীয়া বৈভৱ পেটকাৰৰ বাবে বিদ্যালয়ৰ এয়া অন্তিমটো বৰ্ষ। প্ৰতিবন্ধী ব্যক্তি (সমান সুযোগ, অধিকাৰ সুৰক্ষা আৰু সম্পূৰ্ণ অংশগ্ৰহণ) আইন, ১৯৯৫-ত কোৱা হৈছে যে 'প্ৰতিজন দিব্যাংগ শিশুৱে ওঠৰ বছৰ বয়স নোহোৱালৈকে উপযুক্ত পৰিৱেশত বিনামূলীয়া শিক্ষা লাভ কৰিব পাৰে।'

বাগড়েয়ে কয়, "ইয়াৰ পিছত তেওঁলোকে সাধাৰণতে ঘৰতে থাকে কিয়নো তেওঁলোকৰ পৰিয়ালৰ বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খৰছ বহন কৰাৰ সামৰ্থ্য নাই।"

ন বছৰ বয়সত 'গুৰুতৰ মানসিক বিকাৰ' চিহ্নিত হোৱা বৈভৱে কথা ক'ব নোৱাৰে আৰু নিয়মীয়া ঔষধৰ প্ৰয়োজন হোৱা মৃগীৰোগৰ আক্ৰমণত ভুগিব ধৰে। "৭-৮ বছৰ বয়সত প্ৰাক-হস্তক্ষেপ আৰু বিশেষ স্কুলীয়া শিক্ষাই শিশুটোৰ বিকাশ, নতুন দক্ষতা প্ৰাপ্ত কৰাৰ ক্ষমতা, দৈনন্দিন জীৱনৰ কাৰ্যকলাপ আৰু আচৰণ নিয়ন্ত্ৰণ শক্তিশালী কৰে," উত্তৰ-মধ্য মুম্বাইৰ চিয়ানৰ লোকমান্য তিলক মিউনিচিপাল জেনেৰেল হস্পিতালৰ অধ্যাপক আৰু শিশু ৰোগ বিশেষজ্ঞ, বিকাশজনিত বিকাৰ বিশেষজ্ঞ ডাঃ মনা গাজৰেয়ে এইদৰে ব্যাখ্যা কৰে।

Left: Vaibhav with his schoolteacher, Mohan Talekar.
PHOTO • Jyoti Shinoli
With his family: (from left) sister Pratiksha, brother Prateek, Vaibhav, father Shivaji, and mother Sulakshana
PHOTO • Jyoti Shinoli

বাওঁফালে: স্কুল শিক্ষক মোহন তালেকাৰৰ সৈতে বৈভৱ। সোঁফালে: বৈভৱৰ পৰিয়ালৰ সৈতে: (বাওঁফালৰ পৰা) ভগ্নী প্ৰতীক্ষা, ভাতৃ প্ৰতীক, বৈভৱ, পিতৃ শিৱাজী, আৰু মাতৃ সুলক্ষণা

২০১৭ চনত বৈভৱে ১৩ বছৰ বয়সত স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল। প্ৰায় তিনি বছৰৰ অনুশীলন আৰু প্ৰশিক্ষণৰ সৈতে সি স্ব-যত্নৰ অভ্যাস, উন্নত আচৰণ নিয়ন্ত্ৰণ, আৰু ৰং আদিৰ দৰে কিছুমান দক্ষতা আহৰণ কৰিছিল। বাগড়েয়ে কয়, "বৃত্তিগত চিকিৎসাৰ দ্বাৰা সি যথেষ্ট উন্নতি কৰিছিল।" "সি ছবি আঁকিছিল, যথেষ্ট খুব ইণ্টাৰেক্টিভো আছিল। সি আন ল'ৰা-ছোৱালীৰ পূৰ্বে সাজু হৈ উঠিলহেঁতেন," তেওঁ এইদৰে মনত পেলায়। যেতিয়া বৈভৱক ২০২০ চনৰ মাৰ্চ মাহত ঘৰলৈ ঘূৰাই পঠিওৱা হৈছিল, তাৰ আচৰণত আক্ৰমণাত্মক প্ৰৱণতা নাছিল।

বৈভৱৰ পিতৃ-মাতৃ শিৱাজী আৰু সুলক্ষণাই তাৰ ককা-আইতাৰ মালিকানাধীন দুই একৰ মাটিত গোটেই বছৰটো কাম কৰে। তেওঁলোকে খাৰিফ ঋতুত মাকৈ, জোৱাৰ আৰু কেতিয়াবা পিয়াঁজৰ খেতি কৰে। ডিচেম্বৰৰ পৰা মে’ লৈ ৰবি ঋতুত, তেওঁলোকে কৃষি শ্ৰমিক হিচাপে কাম কৰে। ফলস্বৰূপে আহমদনগৰ জিলাৰ কাৰ্জাত তালুকৰ এখন গাওঁ কোৰেগাঁওত থকা তেওঁলোকৰ এটা কোঠালীৰ ঘৰত অকলে থকা বৈভৱৰ ওচৰত বহি থাকিবলৈ সময় নহয়গৈ।

"দুবছৰৰ বাবে বিদ্যালয়খন বন্ধ হোৱাৰ লগে লগে সি আক্ৰমণাত্মক, জেদী আৰু নিদ্ৰাহীন হৈ পৰিছে। চাৰিওফালে থকা লোকসকলক দেখি তাৰ অস্থিৰতা পুনৰ বৃদ্ধি পাইছে," বাগড়েয়ে কয়। "সি আৰু ৰং চিনাক্ত কৰিবলৈ সক্ষম নহয়।" ঘৰত থকাৰ দুবছৰ, এটা ডামী স্মাৰ্টফোনৰ সৈতে খেলা বৈভৱৰ বাবে যথেষ্ট বিফলতাৰ বৰ্ষ আছিল।

জ্ঞানপ্ৰবোধন মতিমন্দ নিৱাসী বিদ্যালয়ৰ শিক্ষকসকলে এটা কথাত সন্মত যে তেওঁলোকে এতিয়া সকলোবোৰ পুনৰ শিকোৱা আৰম্ভ কৰিবলগীয়া হ’ব পাৰে। বাগড়েয়ে কয়, "এতিয়া আমি শিশুসকলক বিদ্যালয়ৰ পৰিৱেশ আৰু ৰুটিনৰ সৈতে স্বাচ্ছন্দ্য কৰি তোলাত অগ্ৰাধিকাৰ দিছো।"

প্ৰতীক আৰু বৈভৱে মহামাৰীৰ পূৰ্বে তেওঁলোকে আহৰণ কৰা দক্ষতা আৰু জ্ঞান পুনৰ আহৰণ কৰিব লাগিব। মহামাৰী আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকক ঘৰলৈ প্ৰেৰণ কৰা হৈছিল, ক’ভিড-১৯-ৰ সৈতে সহাৱস্থান কৰাটো তেওঁলোকৰ নতুন শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ হ'ব।

Left: Rohit Bagade says children are finding it difficult to readjust to their old routine after the two-year break.
PHOTO • Jyoti Shinoli
Right: Dnyanprabodhan Matimand Niwasi Vidyalaya, in Karmala taluka of Maharashtra’s Solapur district, where Bagade is the programme coordinator
PHOTO • Jyoti Shinoli

বাওঁফালে: ৰোহিত বাগড়েয়ে কয় যে শিশুসকলে দুবছৰৰ বিৰতিৰ পিছত তেওঁলোকৰ পুৰণি ৰুটিনৰ সৈতে খাপ খাবলৈ অসুবিধা পাইছে। সোঁফালে: মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাৰ কৰমালা তালুকত থকা জ্ঞানপ্ৰবোধন মতিমন্দ নিৱাসী বিদ্যালয়, য'ত বাগড়ে এগৰাকী কাৰ্যসূচী সমন্বয়ক

ৰাজ্যিক স্বাস্থ্য বিভাগৰ মতে, ২০২২ চনৰ ১৫ জুনত মহাৰাষ্ট্ৰত ৪,০২৪ জন নতুন ক’ৰোনা ভাইৰাছ ৰোগীৰ নাম নথিভুক্ত কৰা হৈছে, যি পূৰ্বৰ দিনৰ তুলনাত ৩৬ শতাংশ বৃদ্ধি দেখুৱাইছে। মহাৰাষ্ট্ৰত ক’ভিডৰ ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত শিশুসকলক ভাইৰাছৰ পৰা সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ।

"আমাৰ আটাইবোৰ কৰ্মচাৰীৰ সম্পূৰ্ণৰূপে টীকাকৰণ কৰা হৈছে। আমাৰ সহায়ক আৰু শিক্ষকসকলৰ বাবে মাস্ক আৰু পিপিই কিট আছে কিয়নো আমাৰ শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিব লাগিব," বাগড়েয়ে কয়। "মাস্কবোৰৰ বাবে শিশুসকলৰ সৈতে যোগাযোগ স্থাপন কঠিন হৈছে কিয়নো সিহঁতে মুখৰ অভিব্যক্তিৰ দ্বাৰাহে ভালদৰে বুজি পায়।" শিশুসকলক তেওঁলোকে কিয় মাস্ক পিন্ধিব লাগে, ইয়াক কিদৰে পিন্ধে আৰু সিহঁতে ইয়াক কিয় স্পৰ্শ কৰিব নালাগে, এয়া শিকোৱাটো এক প্ৰত্যাহ্বান হ'ব, তেওঁ লগতে কয়।

"যেতিয়া বৌদ্ধিকভাৱে অক্ষম শিশুসকলক নতুন কিবা শিকোৱাৰ কথা আহে, আমি প্ৰতিটো কাৰ্য্য পদক্ষেপ অনুসৰি, অতি ধৈৰ্য্য সহকাৰে আৰু বাৰে বাৰে প্ৰদৰ্শন কৰোঁ যাতে সিহঁতে সহজে মনত ৰাখিব পাৰে," ডাঃ গাজৰেয়ে এইদৰে ব্যাখ্যা কৰে। ।

বিদ্যালয়লৈ উভতি অহাৰ পিছত জ্ঞানপ্ৰবোধন মতিমন্দ নিৱাসী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে শিকা প্ৰথম শিক্ষাটো আছিল হাত ধোৱা।

খাইলা... খাইলা... জেৱান... [খাব লাগে... খাব লাগে... খাদ্য]," বৈভৱে খাদ্য বিচাৰি পুনৰাবৃত্তি কৰি থাকে। বাগড়েয়ে কয়, "আমাৰ অধিকাংশ শিশুৰ বাবে হাত ধোৱাৰ অৰ্থ হ’ল এয়া আহাৰ গ্ৰহণৰ সময়।" "গতিকে, আমি তেওঁলোকক সঘনাই হাত ধোৱাৰ অৰ্থ কি সেয়া বুজাব লাগিব [ক’ভিডৰ সময়ত]।"

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Editor : Sangeeta Menon

Sangeeta Menon is a Mumbai-based writer, editor and communications consultant.

Other stories by Sangeeta Menon
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder