"এদিন মই অলিম্পিকত ভাৰতৰ হৈ পদক জয় কৰিব বিচাৰো," ক্ৰীড়া একাডেমিৰ কাষেৰে পাৰ হৈ যোৱা পকী পথত এটা দীঘলীয়া দৌৰৰ কচৰৎ ড্ৰিল সম্পূৰ্ণ কৰাৰ পিছত চুটি চুটি উশাহ টানি তেওঁ এইদৰে কয়। তেওঁৰ ভাগৰুৱা আৰু আঘাতপ্ৰাপ্ত খালী ভৰিদুখনে চাৰি ঘণ্টাৰ কষ্টকৰ প্ৰশিক্ষণৰ পিছত অৱশেষত মাটিত জিৰণি লৈছে।

এই তেৰ বৰ্ষীয়া দীৰ্ঘ দূৰত্বৰ দৌৰবিদগৰাকীয়ে আধুনিক যুগৰ কোনো ফেডত খালী ভৰিৰে খোজ কাঢ়ি পোৱা নাই । তেওঁ কয়, "মই এনেদৰে দৌৰাৰ কাৰণ হ’ল মোৰ মা-দেউতা দামী দৌৰা জোতা কিনিবলৈ অসমৰ্থ।"

বৰ্ষা কদম হৈছে বিষ্ণু আৰু দেৱশালাৰ কন্যা ৷ বৰ্ষাৰ পিতৃ-মাতৃ খৰাংপ্ৰৱণ মাৰাঠৱাড়াৰ ৰাজ্যখনৰ আটাইতকৈ দৰিদ্ৰ জিলাবোৰৰ ভিতৰত অন্যতম পাৰভানিৰ কৃষি শ্ৰমিক। তেওঁৰ পৰিয়ালটো মাতংগ সম্প্ৰদায়ৰ, যাক মহাৰাষ্ট্ৰত অনুসূচীত জাতি হিচাপে তালিকাভুক্ত কৰা হৈছে।

"মই দৌৰি ভাল পাওঁ," এইখিনি কওঁতে তেওঁৰ চকুহাল জিলিকি উঠে। "২০২১ চনত পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ বুলদানা আৰ্বান ফৰেষ্ট মাৰাথন আছিল মোৰ প্ৰথম দৌৰ। যেতিয়া মই দ্বিতীয় স্থান লাভ কৰিছিলো আৰু মোৰ প্ৰথম পদকটোও জয় কৰিছিলো, অত্যন্ত মধুৰ অনুভৱ হৈছিল তেতিয়া। মই অধিক প্ৰতিযোগিতা জয় কৰিব বিচাৰো," দৃঢ় প্ৰতিজ্ঞ কিশোৰীগৰাকীয়ে এইদৰে কয়।

পিতৃ-মাতৃয়ে তেওঁৰ আঠ বছৰ হওঁতেই সেই আবেগক চিনাক্ত কৰিছিল। "মোৰ মামা [মাকৰ ককায়েক] পাৰাজী গায়কোৱাড় এজন ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ আছিল। তেওঁ এতিয়া সেনাবাহিনীত কৰ্মৰত। তেওঁক দেখি মইও দৌৰিবলৈ আৰম্ভ কৰিছিলো," তেওঁ লগতে কয়। ২০১৯ চনত তেওঁ আন্তঃবিদ্যালয় ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত চাৰি কিলোমিটাৰ ক্ৰছ-কাণ্ট্ৰীত দ্বিতীয় স্থান লাভ কৰিছিল আৰু, "ই মোক দৌৰিবলৈ অধিক আত্মবিশ্বাস প্ৰদান কৰিছিল।"

arsha Kadam practicing on the tar road outside her village. This road used was her regular practice track before she joined the academy.
PHOTO • Jyoti Shinoli
Right: Varsha and her younger brother Shivam along with their parents Vishnu and Devshala
PHOTO • Jyoti Shinoli

বাওঁফালে : বৰ্ষা কদমে তেওঁৰ গাঁৱৰ বাহিৰত থকা পকী পথত অনুশীলন কৰি আছে তেওঁ একাডেমিত যোগদান কৰাৰ পূৰ্বে এই পথতো তেওঁৰ নিয়মীয়া অনুশীলনৰ ট্ৰেক আছিল সোঁফালে : বৰ্ষা আৰু তেওঁৰ সৰু ভায়েক শিৱমৰ সৈতে তেওঁলোকৰ পিতৃ - মাতৃ বিষ্ণু আৰু দেৱশালা

২০২০ চনৰ মাৰ্চত হোৱা মহামাৰীৰ ফলত বিদ্যালয়সমূহ বন্ধ হৈ পৰিছিল। "মোৰ মা-দেউতাৰ ওচৰত অনলাইন শ্ৰেণীৰ বাবে ফোন [স্মাৰ্টফোন] নাই," বৰ্ষাই এইদৰে কয় ৷ সেই সময়খিনি তেওঁ দৌৰিবলৈ ব্যৱহাৰ কৰিছিল – ৰাতিপুৱা দুঘণ্টা আৰু সন্ধিয়া দুঘণ্টা।

২০২০ চনৰ অক্টোবৰ মাহত, ১৩ বছৰ বয়সত, তেওঁ মহাৰাষ্ট্ৰৰ পাৰভানি জিলাৰ পিম্পলগাঁও থম্বৰে গাঁৱৰ উপকণ্ঠত অৱস্থিত শ্ৰী সমৰ্থ এথলেটিকছ ক্ৰীড়া আৱাসিক একাডেমিত যোগদান কৰে।

উপান্ত সম্প্ৰদায়ৰ আন ১৩ গৰাকী খেলুৱৈ আছে, তাৰে আঠজন ল'ৰা আৰু পাঁচজনী ছোৱালী – যিয়ে ইয়াত প্ৰশিক্ষণ লাভ কৰে। কিছুমান ৰাজ্যখনৰ বিশেষভাৱে উপান্ত জনজাতীয় গোটৰ (পিভিটিজি) পৰা আহিছে। তেওঁলোকৰ পিতৃ-মাতৃয়ে মাৰাঠৱাড়া অঞ্চলত কৃষক, কুঁহিয়াৰ কটা, কৃষি কৰ্মী আৰু প্ৰব্ৰজনকাৰী মজুৰী শ্ৰমিক হিচাপে কাম কৰে, এই অঞ্চল উৎকট খৰাঙৰ বাবে অধিক জনাজাত।

ইয়াত প্ৰশিক্ষণ লাভ কৰি এই যুৱক-যুৱতীসকলে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৌৰবিদ হিচাপে লক্ষ্যত উপনীত হৈছে আৰু কিছুমানে আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্বও কৰিছে।

তাৰকা খেলুৱৈসকলে বছৰজুৰি একাডেমিত থাকে আৰু ৩৯ কিলোমিটাৰ দূৰৈত পাৰভানিৰ বিদ্যালয়/মহাবিদ্যালয়ত অধ্যয়ন কৰে। তেওঁলোকে কেৱল বিৰতিৰ সময়ত ঘৰলৈ উভতি আহে। "তেওঁলোকৰ কেইজনমানে ৰাতিপুৱা বিদ্যালয়লৈ যায় আৰু আন কিছুমানে আবেলি যায়। সেয়েহে, আমি সেই অনুসৰি অনুশীলনৰ সময়সূচী নিৰ্ধাৰণ কৰোঁ," প্ৰতিষ্ঠাপক ৰবি ৰাছকাটলাই এইদৰে কয়।

ৰবিয়ে কয়, "ইয়াত শিশুসকলৰ মাজত বিভিন্ন ক্ৰীড়াৰ যথেষ্ট সম্ভাৱনা আছে যদিও পৰিয়ালবোৰে দুবেলাৰ আহাৰৰ বাবে সংগ্ৰাম কৰি থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বাবে ইয়াক বৃত্তি হিচাপে অনুসৰণ কৰাটো কঠিন হৈ পৰিছে।" তেওঁ ২০১৬ চনত একাডেমি আৰম্ভ কৰাৰ আগতে জিলা পৰিষদৰ বিদ্যালয়সমূহত ক্ৰীড়া অনুশীলন কৰাইছিল। প্ৰশিক্ষণ, আহাৰ আৰু জোতাৰ বাবে সদায় পৃষ্ঠপোষকৰ সন্ধানত থকা ৪৯ বছৰীয়া প্ৰশিক্ষকগৰাকীয়ে কয়, "মই এনে [গ্ৰামীণ] শিশুসকলক অতি কম বয়সৰ পৰাই বিনামূলীয়াকৈ সৰ্বোত্তম প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লৈছিলো।"

Left: Five female athletes share a small tin room with three beds in the Shri Samarth Athletics Sports Residential Academy.
PHOTO • Jyoti Shinoli
Right: Eight male athletes share another room
PHOTO • Jyoti Shinoli

বাওঁফালে: পাঁচগৰাকী মহিলা খেলুৱৈয়ে শ্ৰী সমৰ্থ এথলেটিকছ ক্ৰীড়া আৱাসিক একাডেমিত তিনিখন বিচনাযুক্ত এটা সৰু টিনৰ কোঠাত থাকে। সোঁফালে: আঠজন পুৰুষ খেলুৱৈয়ে আন এটা কোঠাত একেলগে থাকে

The tin structure of the academy stands in the middle of fields, adjacent to the Beed bypass road. Athletes from marginalised communities reside, study, and train here
PHOTO • Jyoti Shinoli

এই একাডেমি হৈছে এটা অস্থায়ী নীলা ৰঙৰ টিনৰ গাঁথনি, ই বীড় বাইপাছ পথৰ নিকটৱৰ্তী পথাৰৰ মাজত অৱস্থিত । উপান্ত খেলুৱৈসকলে ইয়াত বাস কৰে, অধ্যয়ন কৰে আৰু প্ৰশিক্ষণ লাভ কৰে

এই একাডেমি হৈছে এটা অস্থায়ী নীলা ৰঙৰ টিনৰ গাঁথনি, ই বীড় বাইপাছ পথৰ নিকটৱৰ্তী পথাৰৰ মাজত অৱস্থিত । ই পাৰভানিৰ খেলুৱৈ জ্যোতি গাভাটেৰ পিতৃ শংকৰাওৰ ডেৰ একৰ মাটিত অৱস্থিত । তেওঁ ৰাজ্যিক পৰিবহণ কাৰ্যালয়ত পিয়ন হিচাপে কাম কৰিছিল; জ্যোতিৰ মাকে ৰান্ধনী হিচাপে কাম কৰে।

"আমি টিনৰ চালি থকা এটা ঘৰত বাস কৰিছিলো। মই কিছু টকা বিনিয়োগ কৰি এটা নিজৰ এমহলীয়া ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলো। মোৰ ভাতৃ [মহাৰাষ্ট্ৰৰ আৰক্ষী কনিষ্টবল]য়েও আগৰ তুলনাত অধিক উপাৰ্জন কৰিবলৈ ধৰিছে," দৌৰৰ নামত নিজৰ জীৱন উৎসৰ্গা কৰা জ্যোতিয়ে এইদৰে কয় । তেওঁ ভাবিছিল যে পৰিয়ালটোৱে তেওঁৰ ক্ৰীড়া একাডেমিৰ বাবে 'ৰবিচাৰ'ক তেওঁলোকৰ কৃষিভূমি আগবঢ়াব পাৰে আৰু এইক্ষেত্ৰত তেওঁ পিতৃ-মাতৃ আৰু ভায়েকৰ পৰা সহায় লাভ কৰিছিল। "এয়া এক পাৰস্পৰিক বুজাবুজি", তেওঁ এইদৰে কয় ৷

একাডেমিত, টিনৰ বেৰবোৰে স্থানটো দুটা কোঠাত বিভক্ত কৰিছে, প্ৰতিটোৰ আকাৰ প্ৰায় ১৫ বাই ২০ ফুট। এটা ছোৱালীৰ বাবে আৰু তেওঁলোকৰ পাঁচগৰাকীয়ে একাডেমিৰ দাতাৰ পৰা লাভ কৰা তিনিখন বিচনা ভাগ-বতৰা কৰে । আনটো কোঠা ল'ৰাৰ বাবে আৰু তেওঁলোকৰ বাবে কংক্ৰিটৰ মজিয়াত তুলীবোৰ শাৰী-শাৰীকৈ মেলি থোৱা আছে।

দুয়োটা কোঠাতে এটা টিউব লাইট আৰু এখনকৈ ফেন আছে; বিদ্যুতৰ সৰবৰাহ প্ৰায় নাথাকেই। এই অঞ্চলত গ্ৰীষ্মকালৰ তাপমাত্ৰা ৪২ ডিগ্ৰীলৈ বৃদ্ধি আৰু শীতকালত এই তাপমাত্ৰা ১৪ ডিগ্ৰীলৈ হ্ৰাস পায়।

মহাৰাষ্ট্ৰৰ ৰাজ্যিক ক্ৰীড়া নীতি, ২০১২ অনুসৰি খেলুৱৈসকলৰ প্ৰদৰ্শন উন্নত কৰাৰ বাবে ৰাজ্যখনে ক্ৰীড়া প্ৰাংগন, একাডেমি, শিবিৰ আৰু ক্ৰীড়া সঁজুলি প্ৰদান কৰাটো বাধ্যতামূলক কৰা হৈছে।

কিন্তু ৰবিয়ে আঙুলিয়াই দি কয়, "দহ বছৰৰ নীতি কেৱল কাগজতে আৱদ্ধ হৈ আছে ৷ তৃণমূল পৰ্যায়ত প্ৰকৃততে একো ৰূপায়ণ হোৱা নাই। চৰকাৰে এনে প্ৰতিভাক স্বীকৃতি দিয়াত ব্যৰ্থ হৈছে। ক্ৰীড়া বিষয়াসকল এইক্ষেত্ৰত যথেষ্ট উদাসীন।"

আনকি ২০১৭ চনত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক জেনেৰেলৰ দ্বাৰা দাখিল কৰা এক অডিট প্ৰতিবেদনত স্বীকাৰ কৰা হৈছে যে তালুকা স্তৰৰ পৰা ৰাজ্যিক পৰ্যায়ত ক্ৰীড়া আন্তঃগাঁথনি বিকাশৰ ক্ৰীড়া নীতি লক্ষ্যত উপনীত হোৱাৰ পৰা শত যোজন দূৰৈত আছে ।

Left: Boys showing the only strength training equipments that are available to them at the academy.
PHOTO • Jyoti Shinoli
Right: Many athletes cannot afford shoes and run the races barefoot. 'I bought my first pair in 2019. When I started, I had no shoes, but when I earned some prize money by winning marathons, I got these,' says Chhagan
PHOTO • Jyoti Shinoli

বাওঁফালে: ল’ৰাবোৰে একাডেমিত উপলব্ধ একমাত্ৰ শক্তি প্ৰশিক্ষণ সঁজুলিসমূহ দেখুৱাইছে ৷ সোঁফালে: বহুতো খেলুৱৈয়ে জোতা ক্ৰয় কৰিব নোৱাৰে আৰু খালী ভৰিৰে দৌৰে। '২০১৯ চনত মই প্ৰথমযোৰ জোতা কিনিছিলো ৷ যেতিয়া মই দৌৰিবলৈ আৰম্ভ কৰিছিলো, মোৰ জোতা নাছিল, কিন্তু মই মাৰাথন জিকি পুৰষ্কাৰৰ কিছু ধন ব্যয় কৰি জোতা ক্ৰয় কৰিছিলো,' ছগনে কয়

Athletes practicing on the Beed bypass road. 'This road is not that busy but while running we still have to be careful of vehicles passing by,' says coach Ravi
PHOTO • Jyoti Shinoli

বীড় বাইপাছ পথত অনুশীলন কৰা খেলুৱৈসকল। 'এই পথটো ইমান ব্যস্ত নহয় যদিও দৌৰাৰ সময়ত আমি পাৰ হৈ যোৱা বাহনবোৰৰ প্ৰতি সাৱধান হ'ব লাগে,' প্ৰশিক্ষক ৰবিয়ে কয়

ৰবিয়ে কয় যে তেওঁ ব্যক্তিগত প্ৰশিক্ষণৰ জৰিয়তে একাডেমিৰ দৈনন্দিন ব্যয় পৰিচালনা কৰে। "মোৰ বহুতো শিক্ষাৰ্থী যি এতিয়া অভিজাত মাৰাথন দৌৰবিদ হিচাপে পৰিগণিত হৈছে, তেওঁলোকে নিজৰ পুৰষ্কাৰৰ ধন দান কৰে।"

সীমিত আৰ্থিক সম্পদ আৰু সুবিধা স্বত্বেও একাডেমিয়ে খেলুৱৈসকলৰ বাবে পুষ্টিকৰ আহাৰৰ নিশ্চিত কৰে। সপ্তাহত তিনিৰ পৰা চাৰিবাৰ মুৰ্গী বা মাছ খাবলৈ দিয়া হয়। বাকী দিনকেইটাত সেউজীয়া শাক-পাচলি, কল, জৱাৰী , বজৰী ভাকৰি , গজালি ওলোৱা মাহ যেনে মাটকী , মুগ , চানা , কণী আদি দিয়া হয়।

খেলুৱৈসকলে নিচেই পুৱাই ৬ বজাৰ পৰা পকী পথত অনুশীলন আৰম্ভ কৰে আৰু ৰাতিপুৱা ১০ বজাত অনুশীলন শেষ কৰে। সন্ধিয়া ৫ বজাৰ পিছত তেওঁলোকে একেটা পথত স্পীড ৱৰ্কৰ পুনৰ অনুশীলন কৰে। "এই পথটো ইমান ব্যস্ত নহয় যদিও দৌৰাৰ সময়ত আমি পাৰ হৈ যোৱা বাহনবোৰৰ প্ৰতি সাৱধান হ'ব লাগে। মই তেওঁলোকৰ সুৰক্ষাৰ বাবে যথেষ্ট সাৱধানতা অৱলম্বন কৰো," তেওঁলোকৰ প্ৰশিক্ষকে এইদৰে ব্যাখ্যা কৰে। "স্পীড ৱৰ্কৰ অৰ্থ হৈছে নিম্নতম সময়ত সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰা। যেনে ২ মিনিট ৩০ ছেকেণ্ডত এক কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব।"

বৰ্ষাৰ পিতৃ-মাতৃয়ে সেই দিনটোৰ বাবে অধীৰ অপেক্ষাৰত যিদিনা তেওঁলোকৰ খেলুৱৈ ছোৱালীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলীট হোৱাৰ সপোন দিঠক হ'ব। তাই ২০২১ চনৰ পৰা সমগ্ৰ মহাৰাষ্ট্ৰত কেইবাটাও মাৰাথনত অংশগ্ৰহণ কৰি আহিছে। "আমি বিচাৰো যে তাই দৌৰত উৎকৃষ্ট হওক। আমি তাইক সম্পূৰ্ণ সমৰ্থন দিছো। তাই আমাক আৰু দেশক গৌৰৱান্বিত কৰিব," তেওঁৰ মাতৃয়ে আনন্দেৰে কয়। "আমি সঁচাকৈয়ে তাইক প্ৰতিযোগিতাত দৌৰি থকাটো বিচাৰো। মই আচৰিত হওঁ যে তাই এয়া কেনেদৰে কৰে," তেওঁৰ স্বামী বিষ্ণুয়ে কয়।

২০০৯ চনত বিবাহ পাশত আৱদ্ধ হোৱাৰ সময়ত দম্পতীহালে নিয়মীয়াকৈ প্ৰব্ৰজন কৰিছিল। যেতিয়া তেওঁলোকৰ ডাঙৰ সন্তান বৰ্ষা তিনি বছৰীয়া হৈছিল, বৰ্ষাৰ মাক-দেউতাকে মজুৰিৰ কাম- কুঁহিয়াৰ কটা কামৰ সন্ধানত গাঁৱৰ পৰা প্ৰব্ৰজন কৰিছিল। পৰিয়ালটো শিবিৰত থাকিছিল আৰু সদায় প্ৰব্ৰজিত কৰিছিল। দেৱশালাই সেই কথা সোঁৱৰণ কৰি কয়, "ট্ৰাকত নিৰন্তৰ ভ্ৰমণে বৰ্ষাক অসুস্থ কৰি তুলিলেহেঁতেন, সেয়েহে আমি প্ৰব্ৰজন কৰা বন্ধ কৰি দিছিলো।" ইয়াৰ পৰিৱৰ্তে তেওঁলোকে গাওঁৰ চৌদিশে কাম বিচাৰিবলৈ আৰম্ভ কৰিছিল য'ত, "মহিলাসকলে দিনে ১০০ টকা আৰু পুৰুষে ২০০ টকাকৈ পায়," বিষ্ণুৱে এইদৰে কয় ৷ তেওঁও বছৰত ছমাহৰ বাবে চহৰলৈ প্ৰব্ৰজন কৰে। "মই পুনেৰ নাছিকলৈ যাওঁ আৰু নিৰাপত্তাৰক্ষী হিচাপে বা নিৰ্মাণ স্থানত কাম কৰো বা কেতিয়াবা মই নাৰ্চাৰীত কাম কৰো।" বিষ্ণুৱে ৫ৰ পৰা ৬মাহত ২০,০০০ ৰ পৰা ৩০,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। দেৱশালা ঘৰতে থাকে আৰু নিশ্চিত কৰে যাতে তেওঁলোকৰ সন্তানে বিদ্যালয় এৰিবলগীয়া নহয়।

বৰ্ষাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ সৰ্বোত্তম প্ৰচেষ্টা স্বত্বেও বৰ্ষাৰ বাবে এযোৰ সঠিক জোতা ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু যুৱ খেলুৱৈগৰাকীয়ে এইদৰে কয়, "মই মোৰ গতি আৰু দৌৰাৰ কৌশলৰ ওপৰত অধিক গুৰুত্ব দিবলৈ চেষ্টা কৰো।"

Devshala’s eyes fills with tears as her daughter Varsha is ready to go back to the academy after her holidays.
PHOTO • Jyoti Shinoli
Varsha with her father. 'We would really like to see her running in competitions. I wonder how she does it,' he says
PHOTO • Jyoti Shinoli

বাওঁফালে: ছোৱালী বৰ্ষা বিৰতিৰ পিছত একাডেমিলৈ উভতি যাবলৈ সাজু হোৱাত দেৱশালাৰ চকু সেমেকি উঠিছে। সোঁফালে: পিতৃৰ সৈতে বৰষা। 'আমি তাইক  প্রতিযোগিতাত দৌৰাটো বিচাৰো। আমি আচৰিত হওঁ তাই সেয়া কি দৰে কৰে,' তেওঁ কয়

*****

ছগন বম্বলে এজন মাৰাথন দৌৰবিদ যিয়ে এযোৰ জোতা ক্ৰয় কৰাৰ পূৰ্বে  প্ৰথমটো মাৰাথন দৌৰ জয় কৰিবলৈ অপেক্ষা কৰিবলগীয়া হৈছিল। "মই ২০১৯ চনত মোৰ প্ৰথম জোতাযোৰ কিনিছিলো। যেতিয়া মই দৌৰ আৰম্ভ কৰিছিলো, মোৰ জোতা নাছিল, কিন্তু যেতিয়া মই মাৰাথনত জয় লাভ কৰি পুৰষ্কাৰৰ কিছু ধন ব্যয় কৰি জোতা এযোৰ কিনিলো," তেওঁ আমাক পিন্ধি থকা জোতাযোৰ দেখুৱাই কয়।

২২ বছৰীয়া এই যুৱকজন আন্ধ জনজাতিৰ এজন কৃষি শ্ৰমিকৰ পুত্ৰ আৰু তেওঁৰ পৰিয়াল হিংগোলি জিলাৰ খাম্বালা গাঁৱত বাস কৰে।

এতিয়া তেওঁৰ ওচৰত এযোৰ জোতা আছে, কিন্তু মোজা এযোৰ ক্ৰয় কৰিবলৈও তেওঁ অক্ষম, তেওঁ কঠিন পথ জীৰ্ণ ভৰিৰ তলুৱাৰে অনুভৱ কৰিব পাৰে। "নিশ্চিতভাৱেই ই বেদনাদায়ক। ছিন্থেটিক ট্ৰেক আৰু এযোৰ ভাল জোতা, দুয়োটাই সুৰক্ষা আৰু আৰাম প্ৰদান কৰিব," তেওঁ এই প্ৰতিবেদকক এইবুলি অৱগত কৰে। "আমি খোজ কাঢ়িবলৈ, দৌৰিবলৈ, খেলিবলৈ, পাহাৰ বগাবলৈ, আমাৰ পিতৃ-মাতৃৰ সৈতে খেতিপথাৰত কাম কৰিবলৈ চেণ্ডেল অবিহনে কাম কৰাৰ অভ্যাস আছে। সেয়েহে এইটো ইমান এটা ডাঙৰ কথা নহয়", ভৰিৰ কটা আঘাত পৰিষ্কাৰ কৰি তেওঁ কৈ যায়।

ছগনৰ পিতৃ-মাতৃ, মাৰুতি আৰু ভাগীৰতাৰ কোনো নিজা ভূমি নাই আৰু কৃষি শ্ৰমিকৰ মজুৰিৰ ওপৰত নিৰ্ভৰশীল। "কেতিয়াবা আমি কোনো কৃষিভূমিত কাম কৰো, কেতিয়াবা কৃষকৰ গৰু চৰাবলৈ লৈ যাওঁ। যিয়েই কাম পাওঁ তাকেই কৰো," মাৰুতিয়ে কয়। তেওঁলোকে একত্ৰিতভাৱে দিনে ২৫০ টকাকৈ উপাৰ্জন কৰে। আৰু প্ৰতিমাহে কেৱল ১০-১৫ দিনৰ বাবেহে কাম কৰিবলৈ পায়।

তেওঁলোকৰ দৌৰবিদ পুত্ৰ ছগনে পৰিয়ালৰ ভৰণ-পোষণৰ বাবে চহৰ, তালুকা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সৰু-ডাঙৰ মাৰাথনত অংশগ্ৰহণ কৰে। "প্ৰথম তিনিজন বিজয়ীয়ে পুৰষ্কাৰৰ ধন লাভ কৰে। কেতিয়াবা ১০,০০০ টকা, কেতিয়াবা ১৫,০০০ টকা," তেওঁ কয়। "মই বছৰত ৮ ৰ পৰা ১০ টা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাও। প্ৰত্যেকটোতে জয় লাভ কৰাটো কঠিন। ২০২২ চনত মই দুটাত জয় লাভ কৰিছিলো আৰু আন তিনিটাত ৰানাৰ-আপ হৈছিলো। মই তেতিয়া প্ৰায় ৪২,০০০ টকা উপাৰ্জন কৰিছিলো।"

Left: 22-year-old marathon runner Chhagan Bomble from Andh tribe in Maharashra
PHOTO • Jyoti Shinoli
Right: Chhagan’s house in Khambala village in Hingoli district. His parents depend on their earnings from agriculture labour to survive
PHOTO • Jyoti Shinoli

বাওঁফালেঃ মহাৰাষ্ট্ৰৰ আন্ধ জনজাতিৰ ২২ বছৰীয়া মাৰাথন দৌৰবিদ ছগন বম্বল সোঁফালেঃ হিংগোলি জিলাৰ খাম্বালা গাঁৱত ছগনৰ ঘৰ। তেওঁৰ পিতৃ-মাতৃয়ে জীৱিকাৰ বাবে কৃষি শ্ৰমিকৰ কাম কৰে

ছগনৰ খাম্বালা গাঁৱৰ ঘৰৰ কোঠাটো পদক আৰু ট্ৰফীৰে ভৰি আছে। তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ পদক আৰু প্ৰমাণপত্ৰক লৈ  গৌৰৱ কৰে। "আমি অনাৰী [নিৰক্ষৰ] লোক। মোৰ পুত্ৰই জীৱনত দৌৰি কিবা এটা কৰিব," ৬০ বৰ্ষীয় মাৰুতিয়ে কয়। "এয়া সোণতকৈও অধিক মূল্যৱান," ছগনৰ ৫৬ বছৰীয়া মাতৃ ভাগীৰতাই তেওঁলোকৰ সৰু মাটিৰ ঘৰটোৰ মজিয়াত মেলি দায়া পদক আৰু প্ৰমাণপত্ৰবোৰলৈ আঙুলিয়াই মিচিকিয়াই হাঁহিলে।

ছগনে কয়, "মই ডাঙৰ খেলৰ বাবে প্ৰস্তুতি চলাই আছো। মই এজন অলিম্পিয়ান হ'ব বিচাৰো।"  তেওঁৰ কণ্ঠত দৃঢ় সংকল্পৰ ফুটি উঠে। কিন্তু তেওঁ প্ৰতিকূলতাবোৰো জানে। "আমাক অতি কমেও মৌলিক ক্ৰীড়া সুবিধাৰ প্ৰয়োজন। দৌৰবিদসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ নম্বৰ হৈছে নিম্নতম সময়ত সৰ্বাধিক দূৰত্ব। আৰু মাটি বা পকী পথৰ সময় ছিন্থেটিক ট্ৰেকত প্ৰয়োজন হোৱা সময়তকৈ পৃথক। ইয়াৰ ফলস্বৰূপে, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৌৰ প্ৰতিযোগিতা বা অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱাটো কঠিন হৈ পৰে," তেওঁ এইদৰে ব্যাখ্যা কৰে।

পাৰভানিৰ যুৱ খেলুৱৈসকলে শক্তি প্ৰশিক্ষণৰ সঁজুলি হিচাপে এডাল ৰডৰ সৈতে দুটা ডাম্বেল আৰু চাৰিখন পিভিচি জিম প্লেটত কচৰৎ কৰে। "পাৰভানি বা মাৰাঠৱাড়া, ক’তো এটাও ৰাজ্যিক একাডেমি নাই," ৰবিয়ে এইদৰে কয়।

প্ৰতিশ্ৰুতি আৰু পলিচীৰ কথা বহুত শুনিছো। ২০১২ চনৰ ৰাজ্যিক ক্ৰীড়া নীতি এতিয়া ২০ বছৰ পুৰণি হ’ল, এই নীতিয়ে তালুকা পৰ্যায়ত ক্ৰীড়া আন্তঃগাঁথনিৰ প্ৰতিশ্ৰুতি দিছিল। খেলো ইণ্ডিয়াৰ ঠিক পিছতে মহাৰাষ্ট্ৰ চৰকাৰে প্ৰতিখন জিলাত একোটাকৈ ৩৬ টা খেলো ইণ্ডিয়া কেন্দ্ৰ খোলাৰ বাবে ৩.৬ কোটি টকাৰ অনুমোদন লাভ কৰিছিল।

Left: Chhagan participates in big and small marathons at city, taluka, state and country level. His prize money supports the family. Pointing at his trophies his mother Bhagirata says, 'this is more precious than any gold.'
PHOTO • Jyoti Shinoli
Right: Chhagan with his elder brother Balu (pink shirt) on the left and Chhagan's mother Bhagirata and father Maruti on the right
PHOTO • Jyoti Shinoli

বাওঁফালে: ছগনে চহৰ, তালুকা, ৰাজ্যিক আৰু ৰাষ্ট্ৰ পৰ্যায়ত সৰু-ডাঙৰ মাৰাথনত অংশগ্ৰহণ কৰে। তেওঁৰ পুৰষ্কাৰৰ ধনে পৰিয়ালটোক উপকৃত কৰে। ট্ৰফীবোৰলৈ আঙুলিয়াই তেওঁৰ মাক ভাগীৰতাই কয়, 'এয়া সোণতকৈও অধিক মূল্যৱান।' সোঁফালে: বাওঁফালে ডাঙৰ ভায়েক বালু আৰু ছগন আৰু বাওঁফালে ছগনৰ মাক ভাগীৰতা আৰু দেউতাক মাৰুতি

২০২৩ চনৰ জানুৱাৰীত মহাৰাষ্ট্ৰ ৰাজ্যিক অলিম্পিক গেমছৰ শুভাৰম্ভৰ সময়ত মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ ঘোষণা অনুসৰি ভাৰতৰ 'ক্ৰীড়া শক্তিক্ষেত্ৰ' - মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ১২২ টা নতুন ক্ৰীড়া প্ৰাংগন আছে ৷

জিলা ক্ৰীড়া বিষয়া নৰেন্দ্ৰ পাৱাৰে টেলিফোনযোগে জনায়, "আমি এখন একাডেমি নিৰ্মাণৰ বাবে ঠাই বিচাৰি আছো। আৰু তালুকা পৰ্যায়ৰ ক্ৰীড়া প্ৰাংগন নিৰ্মাণৰ কাম চলি আছে।"

একাডেমিৰ খেলুৱৈসকলে কি বিশ্বাস কৰিব সেয়া নাজানে। "এইটো দুখজনক যে ৰাজনীতিবিদ, আনকি নাগৰিকসকলেও অলিম্পিকত পদক জিকাৰ সময়ত আমাক স্বীকৃতি দিয়ে," ছগনে কয়। "কিন্তু তেতিয়ালৈকে আমি অদৃশ্য হৈ থাকোঁ; মৌলিক ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে আমাৰ সংগ্ৰাম কোনেও নেদেখে। যেতিয়া মই আমাৰ অলিম্পিয়ান মল্লযোদ্ধাসকলক ন্যায়ৰ বাবে যুঁজি থকা আৰু সমৰ্থনৰ পৰিৱৰ্তে নিৰ্মম আচৰণ কৰা দেখিছিলো, তেতিয়া মই এইটো অধিক অনুভৱ কৰিছিলো।

"কিন্তু খেলুৱৈসকল যুঁজাৰু প্ৰবৃত্তিৰ। ছিন্থেটিক ট্ৰেকৰ বাবেই হওক বা অপৰাধৰ বিৰুদ্ধে ন্যায়ৰ বাবেই হওক, আমি আমাৰ শেষ নিশ্বাস পৰ্যন্ত যুঁজ দিম," তেওঁ হাঁহি এটা মাৰি কয়।

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder