সম্পাদকৰ টোকা:

এই গীত (আৰু ভিডিঅ') প্ৰসিদ্ধ ইটালী গণ প্ৰতিবাদী গীত বেলা চাওঁ (সুন্দৰ বিদায়)ৰ এক সুন্দৰ পাঞ্জাৱী ৰূপান্তৰণ। মূল ইটালীৰ গীতটোৰ উৎপত্তি ১৯ শতিকাৰ অন্তত উত্তৰ ইটালীৰ পো উপত্যকাৰ মহিলা কৃষকসকলৰ মাজত হৈছিল। বহু বছৰ পিছত, ইটালীৰ ফেচীবাদবিৰোধী বিদ্ৰোহী সদস্যসকলে গীতৰ কথাৰ সালসলনি কৰে আৰু এই গীতটো মুছোলিনীৰ একনায়কত্ত্ববাদৰ বিৰুদ্ধে ব্যৱহাৰ কৰে। তেতিয়াৰ পৰা এই গীত বিভিন্ন সংস্কৰণত ফেচীবাদৰ বিৰুদ্ধে স্বাধীনতা আৰু প্ৰতিৰোধৰ প্ৰশস্তি বন্দনা হিচাপে সমগ্ৰ বিশ্বতে গোৱা হয়।

পাঞ্জাৱী ভাষাত গীতটো লিখি উলিওৱা পূজন ছাহিলে নিজেই গীতটো সুন্দৰকৈ গাইছে। এই মনোমোহা ভিডিঅ'টো কাৰৱা এ মোহব্বতৰ মিডিয়া দলটোৰ দ্বাৰা বহুত সুন্দৰকৈ চিত্ৰিত, সংকলিত আৰু নিৰ্মাণ কৰা হৈছে। হৰ্ষ মন্দৰৰ নেতৃত্বত আৰম্ভ হোৱা কাৰৱা এ মোহব্বত অভিযান ভাৰতৰ সংবিধানৰ সংহতি, সমতা, স্বাধীনতা আৰু ন্যায়ৰ সাৰ্বভৌম্য মূল্যবোধৰ ওপৰত সমৰ্পিত।

শেহতীয়া সপ্তাহত দিল্লী-হাৰিয়ানা, পাঞ্জাৱকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ব্যাপক ৰূপত প্ৰতিবাদ চলি আছে। কৃষকসকলক গভীৰভাৱে ক্ষতি কৰা, ৰাজ্য চৰকাৰৰ বিষয়বস্তু যদিও কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ছেপ্টেম্বৰত সংসদত গৃহীত তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে এই প্ৰতিবাদ। তলত দেখুওৱা ভিডিঅ' আৰু গীতে কৃষকসকলৰ দৰেই এই আইনকেইখন বাতিলৰ দাবী জনাইছে।

ভিডিঅ’ চাওঁক(কাৰৱা এ মোহব্বতৰ অনুমতি সাপেক্ষে পুনৰ প্ৰকাশিত)

অনুবাদ - ভৱেশ মেধি

Translator : Bhabesh Medhi

Bhabesh Medhi is a journalist based in Guwahati. He is recipient two times of Reach Media Fellowship under which he has been reporting on health issues. He is also recipient two times of Unicef Media Fellowship under which he has been reporting on child issues He can be reached at [email protected]

Other stories by Bhabesh Medhi