ন বছৰীয়া চন্দ্ৰিকা বেহৰা স্কুললৈ যোৱা দুটা বছৰ হৈছে। বাৰাবাংকি গাঁৱৰ ১৯ গৰাকী শিক্ষাৰ্থীৰ মাজৰ এগৰাকী চন্দ্ৰিকা। সিহঁত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চমমানৰ ভিতৰত পঢ়ি থাকিব লাগে যদিও ২০২০ৰ পৰা সিহঁত কোনোৱে নিয়মীয়াকৈ স্কুললৈ যোৱা নাই। তাইৰ মাকে পঠিওৱা নাই, তাই কয়।

২০০৭ত বাৰাবাংকিৰ নিজাকৈ এখন স্কুল আছিল। কিন্তু ২০২০ত সেই স্কুলখন ওড়িশা চৰকাৰে বন্ধ কৰি দিয়ে। চন্দ্ৰিকাৰ দৰে গাওঁখনৰ প্ৰাথমিক স্কুলত পঢ়া শিক্ষাৰ্থীৰ সৰহভাগেই চাওতাল আৰু মুণ্ডা আদিবাসী, সকলোকে তাৰ পৰা ৩.৫ কিলোমিটাৰ দূৰৰ জামুপচী গাঁৱত থকা স্কুলত নাম লগাবলৈ কোৱা হয়।

“সৰু ল’ৰা-ছোৱালীয়ে ইমানদূৰ বাট খোজকাঢ়িব নোৱাৰে। ইমান দূৰ বাট যাওতে সিহঁতৰ মাজতে কাজিয়া লাগে,” চন্দ্ৰিকাৰ মাক মামী বেহৰাই কয়। “আমি দৰিদ্ৰ শ্ৰমিক। স্কুললৈ সদায় ইহঁতক কেনেকৈ অনা-নিয়া কৰিম? চৰকাৰে আমাৰ গাঁৱৰ নিজা স্কুলখন আকৌ খুলি দিব লাগে,” তেওঁ কয়।

তেতিয়ালৈ তেওঁৰ সৰুজনী ছোৱালীৰ দৰে ৬ৰ পৰা ১০ বছৰীয়া শিশুবোৰে নপঢ়াকৈয়ে থাকিব লাগিব, তেওঁ অসহায় হৈ মূৰ জোকাৰে। ত্ৰিশোৰ্ধ মামীয়ে এই লৈও ভয় কৰে যে জাজপুৰ জিলাৰ দানাগাড়ী গাঁৱৰ হাবিত সোপাধৰাও থাকিব পাৰে।

তেওঁৰ ল’ৰা যোগীৰ বাবে মামীয়ে পুৰণি বাইচাইকেল এখনৰ ব্যৱস্থা কৰি দিছে। যোগীয়ে তাৰ পৰা ৬ কিলোমিটাৰ দূৰৰ এখন স্কুলত ৯ম মানত পঢ়ি আছে। সৰুজনী চন্দ্ৰিকা ঘৰতে থাকিবলগীয়া হৈছে।

“আমাৰ প্ৰজন্মটোৱে দেহাই লগ নেৰালৈকে কাম কৰিছিল, খোজ কাঢ়িছিল আৰু পাহাৰ বগাইছিল। সেই একেখিনিয়ে আমাৰ ল’ৰা-ছোৱালীয়ে কৰাটো আমি বিচৰা উচিতনে?” মামীয়ে প্ৰশ্ন কৰে।

After the school in their village, Barabanki shut down, Mami (standing in a saree) kept her nine-year-old daughter, Chandrika Behera (left) at home as the new school is in another village, 3.5 km away.
PHOTO • M. Palani Kumar
Many children in primary school have dropped out
PHOTO • M. Palani Kumar

বাওঁফালে: নিজৰ গাওঁ বাৰাবাংকিৰ স্কুলখন বন্ধ কৰি দিয়াৰ পিছত নতুন স্কুলখন চাৰে তিনি কি.মি. দূৰত হোৱা কাৰণে মামীয়ে (শাড়ী পৰিহিতা) নিজৰ নবছৰীয়া ছোৱালী চন্দ্ৰিকা বেহৰাক (বাওঁফালে) ঘৰতে ৰাখিছে। সোঁফালে: বহু ল’ৰা-ছোৱালীয়ে পঢ়াশালি এৰিছে

বাৰাবাংকিৰ ৮৭ ঘৰ পৰিয়ালৰ প্ৰায়ভাগেই আদিবাসী। কিছুমানে পথাৰৰ কম কম মাটিত খেতি কৰে। কিন্তু সৰহভাগেই পাঁচ কিলোমিটাৰ দূৰত থকা সুকিণ্ডা পৰ্য্যন্ত দিনহাজিৰা কৰিবলৈ নাইবা ষ্টীল বা চিমেণ্টৰ ফেক্টৰিত কাম কৰিবলৈ যায়। কিছুমানে কাপোৰৰ মিলত নাইবা বিয়েৰ কেন পেকেজিঙৰ কাম কৰিবলৈ তামিলনাডুলৈকেও প্ৰব্ৰজন কৰিছে।

বাৰাবাংকিত স্কুলখন বন্ধ হৈ যোৱাত মধ্যাহ্ন ভোজন নোপোৱাক লৈও সমস্যা এটা সৃষ্টি হৈছে। যিটো অতি দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ খাদ্য পৰিকল্পনাৰ এটা গুৰুত্বপূৰ্ণ অংশ। কিশোৰ বেহৰাই কয়, “যোৱা সাতটা মাহত মই স্কুলৰ গৰমে গৰমে দিয়া দুপৰীয়াৰ আহাৰৰ পৰিৱৰ্তে প্ৰতিশ্ৰুতি দিয়া নগদ ধন বা চাউল পোৱা নাই।” কিছুমানে নিজৰ বেংকৰ খাতাত মধ্যাহ্ন ভোজনৰ পৰিৱৰ্তে টকা পাইছে; কিছুমানক আকৌ কোৱা হৈছে যে ৩.৫ কিলোমিটাৰ দূৰৰ নতুন স্কুল চৌহদত তেওঁলোকক সেয়া বিতৰণ কৰা হ’ব।

*****

একেটা ব্লকৰে চুবুৰীয়া গাওঁ পুৰনমন্তিৰা। ২০২২ৰ এপ্ৰিলৰ এয়া প্ৰথমটো সপ্তাহ। পিছবেলা গাঁৱৰ পৰা বাহিৰলৈ ওলোৱা ঠেক ৰাস্তাটোত ব্যস্ততা বাঢ়িছে। ৰাস্তাটো পুৰুষ-মহিলাৰে ভৰি পৰিছে, কেইগৰাকীমান আইতাৰ বয়সৰ মহিলাক দেখা গৈছে, কিশোৰবোৰে চাইকেল লৈ ওলাইছে। কোনেও এটা শব্দ কোৱা নাই, শক্তি বচাইছে। ৪২ ডিগ্ৰী চেলছিয়াচ উষ্ণতাৰ প্ৰখৰ ৰ’দৰ পৰা বাচিবলৈ মহিলাসকলে গামোচা আৰু শাড়ীৰ ওৰণি মূৰত লৈছে।

তপত ৰ’দ নেওচি পুৰনমন্তিৰাৰ বাসিন্দাসকলে ১.৫ কিলোমিটাৰ দূৰৰ স্কুলখনৰ পৰা ল’ৰা-ছোৱালীহঁতক আনিবলৈ গৈছে।

পুৰনমন্তিৰাৰ এগৰাকী বাসিন্দা দীপক মালিকে সুকিণ্ডাৰ এটা চিমেণ্ট ফেক্টৰিত ঠিকাভিত্তিক শ্ৰমিকৰ কাম কৰে। সুকিণ্ডা উপত্যকাখন ক্ৰমাইটৰ খনিৰ কাৰণে জনাজাত। তেওঁৰ দৰে অনুসূচিত জাতি অধ্যূষিত অঞ্চলৰ লোকে জানে যে ভাল শিক্ষাই তেওঁলোকৰ সন্তানৰ বাবে ভাল ভৱিষ্যত আনিব পাৰিব। “আমাৰ গাঁৱৰ প্ৰায়ভাগ লোকে দিনত কাম কৰিলেহে ৰাতিৰ সাজ খাব পাৰে,” তেওঁ কয়। “সেয়ে আমাৰ গাঁৱত ২০১৩-১৪ত স্কুল এখন পতাটো সকলোৰে বাবে উৎসৱৰ দৰে আছিল।”

কিন্তু ২০২০ৰ মহামাৰীৰ পিছৰে পৰা পুৰনমন্তিৰাৰ ১ৰ পৰা ৫ম মানত পঢ়ি থকা ১৪ গৰাকী শিক্ষাৰ্থীৰ বাবে গাঁৱত প্ৰাথমিক স্কুল খোলা নাথাকিল, ২৫ ঘৰ পৰিয়াল থকা গাওঁখনৰ বাসিন্দা সুজাতা ৰাণী সামলে কয়। সেয়ে প্ৰাথমিক বিদ্যালয়ত পঢ়া কণ কণ ল’ৰা-ছোৱালীয়ে ১.৫ কিলোমিটাৰ দূৰৰ ৰেল আলিৰ সিপাৰে থকা চকুৱা গাঁৱলৈ গৈ পঢ়িবলগীয়া হৈছে।

The school building in Puranamantira was shut down in 2020.
PHOTO • M. Palani Kumar
The construction of a school building in 2013-2014 was such a huge occasion for all of us,' says Deepak Malik (centre)
PHOTO • M. Palani Kumar

বাওঁফালে : পুৰনমন্তিৰাৰ স্কুলখন ২০২০ত বন্ধ কৰি দিয়া হৈছিল। সোঁফালে: ‘২০১৩-১৪ত স্কুলৰ ভৱন নিৰ্মাণৰ কামটো আমাৰ বাবে এক উৎসৱৰ দৰেই আছিল,’ দীপক মালিকে (সোঁমাজত) কয়

Parents and older siblings walking to pick up children from their new school in Chakua – a distance of 1.5 km from their homes in Puranamantira.
PHOTO • M. Palani Kumar
They cross a busy railway line while returning home with the children (right)
PHOTO • M. Palani Kumar

’ৰা-ছোৱালীহঁতক পুৰনমন্তিৰাৰ তেওঁলোকৰ ঘৰৰ পৰা ১.৫ কিলোমিটাৰ দূৰৰ নতুন স্কুলখনৰ পৰা আনিবলৈ যোৱাৰ সময়ত মাক-দেউতাক আৰু ভায়েক-ককায়েক। ঘৰলৈ অহাৰ সময়ত তেওঁলোকে ব্যস্ত ৰেলআলি এটা পাৰ হ’ব লাগে

ৰেলআলিটো পাৰ হ’ব নিবিচাৰিলে অভাৰ ব্ৰীজ থকা ৰাস্তা এটা আছে, কিন্তু দূৰত্ব বাঢ়ি ৫ কিলোমিটাৰ হৈ যায়। পুৰণি স্কুলখন আৰু গাঁৱৰ দাঁতিত থকা কেইটামান মন্দিৰৰ কাষেৰে এটা একা-বেকা বাট আছে, সিটোৰে গৈ ব্ৰহ্মানী ৰেলৱে ষ্টেছনলৈ যোৱা ৰেলআলিটো পাৰ হৈ বাটটো চমু হয়।

মালবাহী ৰেল এখন হুমহুমাই পাৰ হৈ গ’ল।

প্ৰতি দহ মিনিটত মালবাহী আৰু যাত্ৰীবাহী গাড়ী ভাৰতীয় ৰেলৱেৰ হাওৰা-চেন্নাই মূল ৰেল লাইনত থকা ব্ৰাহ্মনিলৈ যায়। সেয়ে পুৰনমন্তিৰাৰ কোনো পৰিয়ালেই নিজৰ ল’ৰা-ছোৱালীক অকলে পাৰ হৈ স্কুললৈ যাবলৈ নিদিয়ে।

ৰেলৱে ট্ৰেকটো কঁপিয়েই আছে, সকলোৱে দ্বিতীয়খন ৰেল অহাৰ আগেয়ে পাৰ হোৱাৰ চেষ্টা কৰিছে। কিছুমান ল’ৰা-ছোৱালীয়ে জপিয়াই নামিছে; সৰুবোৰক ডাঙৰবোৰে দাঙি-ঠেলি নিছে। সকলোৱে দৌৰাদৌৰি কৰিছে। এয়া মলিয়ন, অনুভূতিহীন হৈ পৰা, সুৰ্য্যই পোৰা, খালি ভৰিৰ বাবে ২৫ মিনিটৰ বাট, খোজ কাঢ়িবলৈ অৱশ হৈ পৰা ভৰিৰ বাবে ২৫ মিনিটৰ বাট।

*****

বাৰাবাংকি আৰু পুৰনমন্তিৰাৰ প্ৰাথমিক স্কুলবোৰ ওড়িশাত প্ৰশাসনে বন্ধ কৰি দিয়া প্ৰায় ৯,০০০ খন স্কুলৰ ভিতৰত পৰে। বন্ধ মানে এই স্কুলবোৰ কেন্দ্ৰ চৰকাৰৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডত মানৱ মূলধন ৰূপান্তৰৰ বহনক্ষম কাৰ্য্যপন্থা চমুকৈ সাথ (SATH)ৰ নামৰ কেন্দ্ৰ চৰকাৰৰ আঁচনিৰ অধীনত চুবুৰীয়া স্কুলৰ সৈতে ‘সংহত’ বা ‘একত্ৰিত’ কৰা হৈছে।

ওড়িশা, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ চৰকাৰী শিক্ষা ‘সংস্কাৰ’ৰ হেতু সাথ-ই মুকলি কৰা হৈছিল ২০১৭ৰ নৱেম্বৰত। লক্ষ্য আছিল “সমগ্ৰ চৰকাৰী স্কুলীয়া ব্যৱস্থাটোক প্ৰতিটো শিশুৰ বাবে সঁহাৰিদায়ক, অভিলাষপূৰ্ণ আৰু ৰূপান্তৰশীল কৰি তোলা,” ২০১৮ৰ প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ প্ৰেছ বিজ্ঞপ্তিত এয়া কোৱা হৈছিল।

বাৰাবাংকিত ‘ৰূপান্তৰ’ৰ প্ৰকৃতি আছিল সামান্য ভিন্ন, একমাত্ৰ স্কুলখন বন্ধ কৰি দি। গাওঁখনত এজন ডিপ্ল’মাধাৰী আছিল, কেইগৰাকীমানে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে, মেট্ৰিকৰ দেওনা পাৰ হ’ব নোৱাৰা ভালেকেইগৰাকী আছে। “এতিয়া আমাৰ সেইখিনিও নাই,” এতিয়া ভংগ হোৱা স্কুলখনৰ ব্যৱস্থাপনা কমিটিৰ অধ্যক্ষ কিশোৰ বেহৰাই কয়।

Children in class at the Chakua Upper Primary school.
PHOTO • M. Palani Kumar
Some of the older children in Barabanki, like Jhilli Dehuri (in blue), cycle 3.5 km to their new school in Jamupasi
PHOTO • M. Palani Kumar

বাওঁফালে : চকুৱা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকল। সোঁফালে: বাৰাবাংকিৰ ঝিলী দেহুৰিৰ দৰে (নীলা ইউনিফৰ্ম পৰিহীতা) কেইগৰাকীমান ডাঙৰ ছাত্ৰ-ছাত্ৰীয়ে ৩.৫ কিলোমিটাৰ বাট চাইকেল চলাই জামুপচীৰ স্কুললৈ যায়

চুবুৰীয়া গাওঁ এখনৰ নিৰ্বাচিত স্কুল এখনৰ লগত স্কুলবোৰ ‘একত্ৰীকৰণ’ কৰাটো হৈছে কম সংখ্যক শিক্ষাৰ্থী থকা স্কুলবোৰ বন্ধ কৰাৰ মিহি উপায়। তেতিয়াৰ নিটি আয়োগৰ মুখ্য কাৰ্য্যবাহী বিষয়া অমিতাভ কান্তে স্কুলৰ একত্ৰীকৰণ (বা স্কুল বন্ধ কৰা)ক ২০২১ৰ নৱেম্বৰত সাথ-ইত প্ৰকাশিত এক প্ৰতিবেদনত “সাহসী আৰু দিকনিৰ্ণায়ক সংস্কাৰ” আখ্যা দিছে।

এনে দিকনিৰ্ণয় এনেকুৱা হ’ব নালাগিছিল যে পুৰনমন্তিৰাৰ সিদ্ধাৰ্থ মালিকে ভৰিৰ বিষত কেবাদিনো স্কুল খতি কৰিবলগীয়া হ’ব। চকুৱাৰ নতুন স্কুলখনলৈ ইমানদূৰ বাট খোজকাঢ়ি যাওতে যাওতে বহুদিন সিদ্ধাৰ্থই স্কুল খতি কৰিবলগীয়া হৈছে, তেওঁৰ দেউতাক দীপকে কয়।

ভাৰতৰ ১১ লাখ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় ৪ লাখ স্কুলত ৫০ জনতকৈ কম আৰু ১.১ লাখ স্কুলত ২০ জনতকৈ কম শিক্ষাৰ্থী আছে। সাথ-ইৰ প্ৰতিবেদনত এই স্কুলসমূহক “চাব-স্কেলৰ স্কুল”ৰ শাৰীত ৰাখি সেই স্কুলসমূহৰ অভাৱসমূহ তালিকাভূক্ত কৰিছে, সেইবোৰ হৈছে নিৰ্দিষ্ট বিষয়ৰ পাৰদৰ্শিতা নথকা শিক্ষক, উৎসৰ্গিত অধ্যক্ষ, খেলপথাৰ, সীমাৰ বেৰ আৰু গ্ৰন্থাগাৰৰ অভাৱ।

কিন্তু পুৰনমন্তিৰাৰ অভিভাৱকসকলে কয় যে অতিৰিক্ত সা-সুবিধাখিনিৰ ব্যৱস্থা তেওঁলোকৰ স্কুলতে কৰিব পৰা গ’লহেঁতেন।

চকুৱাৰ স্কুলখনত গ্ৰন্থাগাৰ আছে নে নাই, তাক লৈ কোনো নিশ্চিত নহয়। তাত সীমাৰ বেৰ আছে, আগৰখনত নাছিল।

ওড়িশাত সাথ-ই প্ৰকল্পৰ তৃতীয়টো পৰ্য্যায় চলি আছে। এই পৰ্য্যায়ত ১৫ হাজাৰখন স্কুল “একত্ৰীকৰণ”ৰ বাবে চিনাক্ত কৰা হৈছে।

*****

It is 1 p.m. and Jhilli Dehuri, a Class 7 student and her schoolmate, are pushing their cycles home to Barabanki. She is often sick from the long and tiring journey, and so is not able to attend school regularly
PHOTO • M. Palani Kumar
It is 1 p.m. and Jhilli Dehuri, a Class 7 student and her schoolmate, are pushing their cycles home to Barabanki. She is often sick from the long and tiring journey, and so is not able to attend school regularly
PHOTO • M. Palani Kumar

দুপৰীয়া ১ বাজিছে আৰু ৭ম মানৰ ছাত্ৰী ঝিলী দেহুৰি আৰু তাইৰ সহপাঠীবোৰে বাৰাবাংকিলৈ চাইকেল চলাই ঘৰমুৱা হৈছে। দৈনিক ইমানদূৰ বাট অহা-যোৱা কৰিবলগীয়া হোৱা বাবে প্ৰায়ে তাইৰ গা বেয়া হয়, নিয়মীয়াকৈ স্কুললৈ যাব নোৱাৰা হয়

ঝিলী দেহুৰিয়ে চাইকেলখনেৰে ওখ ৰাস্তাটোত পেডেল মাৰি উঠাবলৈ কষ্ট পাইছে, তাইৰ ঘৰ পাব হৈছে আৰু। বাৰাবাংকিৰ তাইৰ গাঁৱত আম গছ এডালৰ ছাঁত কমলা ৰঙৰ তিৰ্পাল এখন পাৰি তাতে অভিভাৱকবোৰ বহি স্কুললৈ পঠিওৱাৰ সমস্যাবোৰ আলোচনা কৰিছে। ঝিলী ভাগৰি-জুগৰি তাত উপস্থিত হৈছে।

বাৰাবাংকিৰ উচ্চ প্ৰাথমিক আৰু তাৰ ওপৰৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে (১১ৰ পৰা ১৬ বছৰ বয়সৰ) ৩.৫ কিলোমিটাৰ দূৰৰ জামুপচীৰ স্কুললৈ যায়। সিহঁতে খোজকাঢ়ি আৰু চাইকেল চলাই সন্ধিয়া ঘৰ আহি পায় মানে ভাগৰি পৰে, কিশোৰ বেহৰাই কয়। তেওঁৰ ভায়েকৰ ছোৱালীজনীয়ে মহামাৰীৰ পিছত ২০২২ত ৫ম মানত আছিল আৰু ইমান দীঘলীয়া বাট গৈ পোৱা নাছিল। যোৱা সপ্তাহত তাই খোজকাঢ়ি স্কুলৰ পৰা উভতি আহোতে বাটতে মূৰ্চ্ছা গৈছিল। জামুপচীৰ অচিনাকি লোকে তাইক মটৰচাইকেলত উঠাই ঘৰত থৈ গৈছিল।

“আমাৰ ল’ৰা-ছোৱালীহঁতৰ ম’বাইল ফোন নাই,” কিশোৰে কয়, “স্কুলত অভিভাৱকৰ ফোন নম্বৰ জৰুৰী অৱস্থাত ব্যৱহাৰ কৰিব পৰাকৈ ৰখাৰো নিয়ম নাই।”

জাজপুৰ জিলাৰ সুকিণ্ডা আৰু দানাগাড়ী ব্লকত স্কুললৈ বহুদূৰ বাট যোৱা নিজৰ ল’ৰা-ছোৱালীক লৈ বহু অভিভাৱকে শংকা প্ৰকাশ কৰে। ঘন জংগলৰ মাজেৰে, ব্যস্ত ৰাজপথৰ কাষেৰে সিহঁতে যাব লাগে। ৰেলৱে লাইন পাৰ হ’ব লাগে, ওখ পাহাৰ বগাই যাব লাগে, বাৰিষা ভৰি পৰা নিজৰা পাৰ হ’ব লাগে, গাঁৱৰ ৰাস্তাৰ কুকুৰৰ মুখামুখি হ’ব লাগে, বনৰীয়া হাতী ঘুৰি ফুৰা পথাৰ পাৰ হ’ব লাগে।

সাথ-ই প্ৰতিবেদনত কোৱা হৈছে যে বন্ধ কৰা স্কুলৰ বাবে ভৌগোলিক তথ্য ব্যৱস্থা চমুকৈ জি.আই.এছ. ডেটাৰ ভিত্তিত সম্ভাব্য নতুন স্কুল বাচনি কৰা হৈছিল। জি.আই.এছ.য়ে গাণিতিক দিশৰ পৰা নিখুঁতকৈ দূৰত্ব নিৰ্ধাৰণ কৰিলেও চৰজমিন পৰ্য্যায়ত সেই স্কুল ঢুকি পোৱাৰ বাবে দেখা দিয়া সমস্যাৰ কথা তাত বিবেচনা কৰা নহৈছিল।

Geeta Malik (in the foreground) and other mothers speak about the dangers their children must face while travelling to reach school in Chakua.
PHOTO • M. Palani Kumar
From their village in Puranamantira, this alternate motorable road (right) increases the distance to Chakua to 4.5 km
PHOTO • M. Palani Kumar

বাওঁফালে: পিছফালে গীতা মালিক আৰু মাতৃবোৰে নিজৰ সন্তানে চকুৱাৰ স্কুললৈ যাওতে কেনে বিপদৰ সন্মুখীন হ’বলগীয়া হয় সেইবিষয়ে কৈছে। পুৰনমন্তিৰাত থকা তেওঁলোকৰ গাঁৱত গাড়ী চলা এই বিকল্প ৰাস্তাত (সোঁফালে) চকুৱালৈ দূৰত্ব ৪.৫ কিলোমিটাৰ হৈ পৰে

মাকহঁতে দূৰত্ব আৰু ৰেলৰ উপৰিও আন কিছুমান কথাক লৈও চিন্তা কৰে, পুৰনমন্তিৰাৰ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ গীতা মালিকে কয়। “যোৱা বছৰকেইটাত বতৰৰ একো ভৰসা নাইকিয়া হৈ পৰিছে। বাৰিষা কেতিয়াবা দিনত খুব ৰ’দ দিয়ে আৰু আবেলি স্কুল ছুটি হয় মানে ধুমুহা-বৰষুণ। এনে পৰিস্থিতিত আপুনি নিজৰ সন্তানক কেনেকৈ আন এখন গাঁৱলৈ পঠিয়াব?”

গীতাৰ দুটা সন্তান আছে। এটাৰ বয়স ১১, ৬ম মানত পঢ়ে। আনটোৰ বয়স ৬, পঢ়াশালি যাবলৈ লৈছে মাত্ৰ। তেওঁৰ পৰিয়ালটোৱে আধিয়াৰ খেতি কৰে। ল’ৰাদুটাক লৈ আশা কৰে যে সিহঁতে ভাল উপাৰ্জন কৰিব আৰু পৰিয়ালটোৱে নিজা খেতিমাটি কিনিব পাৰিব।

আমগছজোপাৰ তলত গোট খোৱা প্ৰতিগৰাকী অভিভাৱকে স্বীকাৰ কৰে যে তেওঁলোকৰ গাঁৱৰ স্কুলখন বন্ধ হৈ যোৱাৰ ফলত তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে স্কুললৈ যাবলৈ এৰিছে নাইবা স্কুলত অনিয়মীয়া হৈ পৰিছে। কিছুমানে মাহত ১৫ দিনলৈ স্কুল খতি কৰিছে।

পুৰনমন্তিৰাত স্কুলখন বন্ধ হোৱাৰ পিছত তাৰে চৌহদত থকা ৬ বছৰৰ তলৰ শিশুৰ অংগনবাদী কেন্দ্ৰটোও স্কুলৰ চৌহদৰ পৰা উঠাই নিয়া হৈছে, এতিয়া সেইখন ৩ কিলোমিটাৰ নিলগত।

*****

গাঁৱৰ স্কুলখন বহুতৰ বাবে অগ্ৰগতিৰ চিন, সম্ভাৱনা আৰু হাবিলাষৰ প্ৰতীক।

৬ম মানলৈ পঢ়া দিনহাজিৰা কৰা শ্ৰমিক মাধৱ মালিকে কয় যে ২০১৪ত পুৰনমন্তিৰাত স্কুল এখন অহা মানে তেওঁৰ দুই পুত্ৰ মনোজ আৰু দেৱাশীষৰ বাবে ভাল দিন অহাৰ খবৰ আছিল। “আমি আমাৰ স্কুলখনৰ বৰ যত্ন লৈছিলো, সেইখনেই আমাৰ আশাৰ থল আছিল।”

এতিয়া বন্ধ কৰি দিয়া চৰকাৰী স্কুলখনৰ শ্ৰেণীকোঠাবোৰ চাফা হৈ আছে, ক’তো অকণো ধূলি নাই। বগা আৰু নীলা ৰং দিয়া বেৰবোৰত ওড়িয়া বৰ্ণমালা, সংখ্যা আৰু ছবি আঁৰি থোৱা আছে। বেৰত ব্লেকব’ৰ্ড এখনো আছে। স্কুলখন বন্ধ হোৱাত গাঁৱৰ মানুহে সেই ঘৰটোকে সামূহিক প্ৰাৰ্থনাৰ বাবে আটাইতকৈ পবিত্ৰ স্থান বুলি থিৰাং কৰি লৈছে। এটা শ্ৰেণীকোঠাক এতিয়া নাম-কীৰ্তন কৰা কোঠালৈ পৰিৱৰ্তন কৰা হৈছে। দেৱতাৰ বন্ধোৱা ফটো এখন বেৰত আউজাই থোৱা আছে।

Students of Chakua Upper Primary School.
PHOTO • M. Palani Kumar
Madhav Malik returning home from school with his sons, Debashish and Manoj
PHOTO • M. Palani Kumar

বাওঁফালে : চকুৱা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। সোঁফালে: পুত্ৰ দেৱাশীষ আৰু মনোজৰ সৈতে ঘৰলৈ উভতাৰ পথত মাধৱ মালিক

পুৰনমন্তিৰাৰ স্কুলখনৰ চোৱাচিতা কৰাৰ উপৰিও তাৰে বাসিন্দাসকলে তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে সঠিক শিক্ষা পোৱাৰ ব্যৱস্থা কৰাক লৈও নিশ্চিত। তেওঁলোকে গাঁৱৰ প্ৰতিজন শিক্ষাৰ্থীৰ কাৰণে টিউশ্যনৰ ব্যৱস্থা কৰিছে, ২ কিলোমিটাৰ দূৰৰ আন এখন গাঁৱৰ পৰা শিক্ষকজনে চাইকেল চলাই আহে। বৰষুণৰ দিনত মূল ৰাস্তাটোত পানী উঠে, সেয়ে তেওঁলোকৰ মাজৰে কোনোবাই শিক্ষকজনক মটৰচাইকেলত লৈ আহে, দীপকে কয়। মুঠৰ ওপৰত পাঠদানত যতি পৰিব নালাগে। পাঠদান চলে তেওঁলোকৰ পুৰণি স্কুলখনত। প্ৰতিটো পৰিয়ালে মাহে ২৫০ৰ পৰা ৪০০ টকা দিয়ে।

“টিউশ্যনতে ল’ৰা-ছোৱালীয়ে আটাইখিনি শিকে,” দীপকে কয়।

ফুলি থকা পলাশ গছজোপাৰ পাতল ছায়াত বহি পুৰনমন্তিৰাৰ বাসিন্দাসকলে স্কুলখন বন্ধ হৈ যোৱা মানে কিমান যে ক্ষতি হৈছে, তাকে আলোচনা কৰিছে। ব্ৰাহ্মণি নদীখন বাৰিষা ওফন্দি উঠিলে পুৰনমন্তিৰালৈ অহাটো টান হৈ পৰে। এম্বুলেন্স আহিব নোৱাৰা পৰিস্থিতি আৰু বিদ্যুতৰ যোগান নথকা দিনৰ অভিজ্ঞতা বাসিন্দাসকলৰ বাবে নতুন নহয়।

“স্কুলখন বন্ধ হোৱা মানে আমি পিছপৰি যোৱাৰ এটা চিন, যে পৰিস্থিতি আৰু বেয়া হ’ব,” মাধৱে কয়।

সাথ-ই প্ৰকল্পত কেন্দ্ৰ চৰকাৰৰ অংশীদাৰ আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা ফাৰ্ম বষ্টন কনজাল্টিং গ্ৰুপ চমুকৈ বি.চি.জি.য়ে ইয়াক শিকনৰ ফলাফল উন্নীত কৰা “ বিশাল ছত্ৰাকাৰ শৈক্ষিক ৰূপান্তৰ কাৰ্য্যসূচী ” আখ্যা দিছে।

কিন্তু ওড়িশাৰ জাজপুৰৰ এই দুটা ব্লক আৰু ৰাজ্যখনৰ য’তেই নাযাওক কিয়, অভিভাৱকে কয় যে স্কুল বন্ধ কৰি দিয়াৰ ফলত শিক্ষাৰ সুবিধা লাভ কৰাটোৱে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

Surjaprakash Naik and Om Dehuri (both in white shirts) are from Gunduchipasi where the school was shut in 2020. They now walk to the neighbouring village of Kharadi to attend primary school.
PHOTO • M. Palani Kumar
Students of Gunduchipasi outside their old school building
PHOTO • M. Palani Kumar

বাওঁফালে : গুণ্ডুচিপাচিৰ সুৰ্য্যপ্ৰকাশ নাইক আৰু ওম দেহুৰি (দুয়োজনেই বগা চোলা পিন্ধি আছে), তেওঁলোকৰ এই গাওঁখনত ২০২০ত স্কুল বন্ধ কৰি দিয়া হৈছিল। তেওঁলোকৰ ল’ৰা-ছোৱালী এতিয়া চুবুৰীয়া গাওঁ খৰড়ীৰ প্ৰাথমিক বিদ্যালয়লৈ যাবলগীয়া হয়। সোঁফালে: গুণ্ডুচিপাচি গাঁৱৰ শিক্ষাৰ্থীসকল, সিহঁতৰ পুৰণি স্কুলৰ বাহিৰত

গুণ্ডুচিপাচি গাওঁখনত স্কুল স্থাপিত হৈছিল ১৯৫৪ চনত। সুকিণ্ডা ব্লকত অৱস্থিত খৰড়ী পৰ্বতীয় অৰণ্যভূমিৰ এই গাওঁখন ছবৰ সম্প্ৰদায়ৰ লোকেৰে ভৰি আছে। চৰকাৰী নথিত অনুসূচিত জনজাতি হিচাপে অন্তৰ্ভূক্ত তেওঁলোকক চবৰ বা সৱৰ বুলিও কোৱা হয়।

বন্ধ হোৱাৰ আগতে গাওঁখনৰ স্থানীয় চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত বত্ৰিশজন শিক্ষাৰ্থীয়ে পঢ়ি আছিল। স্কুলবোৰ খোলাৰ পিছত তাৰে ল’ৰা-ছোৱালীখিনি ওচৰৰে খৰড়ী গাঁৱৰ স্কুলখনলৈ যাবলগীয়া হয়। হাবিৰ মাজেৰে গ’লে তালৈ মাত্ৰ এক কিলোমিটাৰ বাট। এটা ব্যস্ত মূল পথ বিকল্প যদিও সিটো সৰু ল’ৰা-ছোৱালীৰ কাৰণে বিপজ্জনক।

শ্ৰেণীকোঠাত উপস্থিতি কমি গৈছে, সুৰক্ষা আৰু মধ্যাহ্ন ভোজনৰ মাজত অভিভাৱকে এটা বাচি ল’বলগীয়া হৈছে।

২য় মানত পঢ়ি থকা ওম দেহুৰি আৰু ১ম মানত পঢ়া সুৰ্য্যপ্ৰকাশ নাইকে কয় যে সিহঁত দুটাই একেলগে স্কুললৈ যায়। সিহঁতে প্লাষ্টিকৰ বটলত পানী নিয়ে কিন্তু পইচা বা খোৱা বস্তু নিনিয়ে। ৩য় শ্ৰেণীত পঢ়া ৰাণী বাৰিকে কয় যে স্কুললৈ এঘণ্টা সময় লাগে, কিন্তু তাই ধিতিঙালি কৰি ফুৰা আৰু লগৰবোৰৰ কাৰণে ৰৈ থাকে কাৰণে সিমানখিনি সময় লাগে, তাই কয়।

ৰাণীৰ আইতাক বাকতি বাৰিকে কয় যে ছটা দশক ধৰি চলি থকা স্কুল এখন বন্ধ কৰি ল’ৰা-ছোৱালীহঁতক জংঘলৰ মাজেৰে চুবুৰীয়া গাওঁখনলৈ পঠিয়াবলগীয়া কথাটোত যুক্তি কি, তেওঁ বুজি নাপায়। “কুকুৰ, সাপ আছে, ভালুকো আছে – আপোনালোকৰ চহৰৰ মানুহে এনেকৈ স্কুললৈ পঠিওৱাটো নিৰাপদ বুলি ভাবিবনে?” তেওঁ প্ৰশ্ন কৰে।

সৰুবোৰক স্কুলৰ পৰা অনা-নিয়াৰ দায়িত্ব এতিয়া ৭ম আৰু ৮ম মানত পঢ়ি থকা ল’ৰা-ছোৱালীয়ে লৈছে। ৭ম মানত পঢ়ি থকা সুভাশ্ৰী বেহৰাৰ বাবে তাইৰ দুই সম্পৰ্কীয় ভনীয়েক ভূমিকা আৰু ওম দেহুৰিক নিয়ন্ত্ৰণ কৰাটো কঠিন কাম হৈ পৰিছে। “সিহঁতে আমাৰ কথা নুশুনে। সিহঁত দৌৰি পলালে সিহঁতৰ পিছে পিছে যোৱাটো সহজ নহয়,” তাই কয়।

মমিনা প্ৰধানৰ সন্তানহাল – ৭ম মানত পঢ়ি থকা ৰাজেশ আৰু ৫মৱ মানত পঢ়ি থকা লিজাই নতুন স্কুললৈ খোজকাঢ়ি যায়। “ইহঁত দুটাই এঘণ্টা খোজকাঢ়ি স্কুললৈ যাবলগীয়া হয়, কিন্তু আমাৰ হাতত আন কোনো উপায় আছে জানো?” ইটাৰে বন্ধা আৰু খেৰৰ চালি দিয়া নিজৰ ঘৰত বহি শ্ৰমিক মমিনাই কয়। তেওঁ আৰু তেওঁৰ স্বামী মাহান্তোয়ে খেতিৰ বতৰত আনৰ পথাৰত হাজিৰা কৰে আৰু আন সময়ত বেলেগ কাম বিচাৰে।

Mamina and Mahanto Pradhan in their home in Gunduchipasi. Their son Rajesh is in Class 7 and attends the school in Kharadi.
PHOTO • M. Palani Kumar
‘Our children [from Gunduchipasi] are made to sit at the back of the classroom [in the new school],’ says Golakchandra Pradhan, a retired teacher
PHOTO • M. Palani Kumar

বাওঁফালে : মমিনা আৰু মাহান্তো প্ৰধান, গুণ্ডুচিপাচিৰ নিজ ঘৰত। তেওঁলোকৰ ৭মমানত পঢ়ি থকা ল’ৰা ৰাজেশ খৰড়ীৰ স্কুললৈ যায়। সোঁফালে: ‘আমাৰ ল’ৰা-ছোৱালীবোৰক (গুণ্ডুচিপাচিৰ) শ্ৰেণীকোঠাত একেবাৰে শেষত ( নতুন স্কুলখনত) বহিবলৈ দিয়া হয়,’ অৱসৰপ্ৰাপ্ত শিক্ষক গোলকচন্দ্ৰ প্ৰধানে কয়

Eleven-year-old Sachin (right) fell into a lake once and almost drowned on the way to school
PHOTO • M. Palani Kumar

এঘাৰ বছৰীয়া শচীন স্কুললৈ যোৱাৰ বাটত এবাৰ বিল এটাত পৰি ডুবিব ধৰিছিল

অভিভাৱকে কয় যে গুণ্ডুচিপাচি স্কুলত পঢ়াৰ মানদণ্ড বেছি ভাল আছিল। “ইয়াত আমাৰ ল’ৰা-ছোৱালীহঁতক শিক্ষকে ব্যক্তিগত পৰ্য্যায়ত চাব পাৰিছিল। (নতুন স্কুলখনত) আমাৰ ল’ৰা-ছোৱালীহঁতক শ্ৰেণীকোঠাৰ একেবাৰে শেষত বহিবলৈ দিয়ে,” গাঁৱৰ এগৰাকী প্ৰমুখ ব্যক্তি গোলকচন্দ্ৰ প্ৰধানে (৬৮)য়ে কয়।

সুকিণ্ডা ব্লকৰে অন্তৰ্গত চুবুৰীয়া সাৱন্তৰাপুৰ গাঁৱতো ২০১৯ত প্ৰাথমিক বিদ্যালয়খন বন্ধ কৰি দিয়া হৈছিল। এতিয়া তাৰে ল’ৰা-ছোৱালীবোৰে জামুপচীলৈ ডেৰ কিলোমিটাৰ বাট খোজকাঢ়ি যাব লাগে। এঘাৰ বছৰীয়া শচীন মালিকক বনৰীয়া কুকুৰে খেদাত এবাৰ সি বিল এটাত গৈ পৰিছিল। “সেয়া ২০২১ৰ শেষৰফালৰ ঘটনা,” গাওঁখনৰ পৰা ১০ কিলোমিটাৰ দূৰৰ ধুবুৰিৰ তীখাৰ প্ৰকল্প এটাত কাম কৰা শচীনৰ ককায়েক সৌৰভে (২১) কয়। তেওঁ আৰু কয়, “দুজন ডাঙৰ ল’ৰাই তাক মৰাৰ পৰা বচাইছিল, কিন্তু সকলোৱে ইমান ভয় খাইছিল যে ঘটনাটোৰ পিছৰ কেবাটাই দিনলৈ গাওঁখনৰ ভালেকেইটা ল’ৰা-ছোৱালী স্কুললৈ যোৱা নাছিল।”

সাৱন্তৰাপুৰ-জামুপচী ৰাস্তাটোৰ বাটৰ কুকুৰে ডাঙৰকো কামুৰিছে, জামুপচীৰ স্কুলখনৰ মধ্যাহ্ন ভোজন ৰন্ধা কামত সহায়ক হিচাপে থকা বিধবা মহিলা লাবন্য মালিকে কয়। “১৫-২০ টা কুকুৰৰ এটা জাক আছে। সিহঁতে খেদি আহোতে এবাৰ মই মুখথেকেচা খাই পৰিছিলো। এটাই মোৰ ভৰিত কামুৰিছিল,” তেওঁ কয়।

সাৱন্তৰাপুৰৰ ৯৩ ঘৰ মানুহৰ প্ৰায়ভাগেই অনুসূচিত জাতি আৰু অনান্য পিছপৰা শ্ৰেণীৰ লোক। বন্ধ হোৱাৰ সময়ত স্কুলখনত ২৮ গৰাকী শিক্ষাৰ্থীয়ে পঢ়ি আছিল। এতিয়া ৮-১০ গৰাকীয়ে নিয়মীয়াকৈ নতুন স্কুললৈ যায়।

সাৱন্তৰাপুৰৰ গংগা মালিক জামুপচীত ৬ম মানত পঢ়ে। হাবিতলীয়া বাটটোৰ দাঁতিত থকা বিলখনত পৰাৰ পিছত তাই স্কুললৈ যাবলৈ এৰিলে। দিনহাজিাৰা কৰা দেউতাক সুশান্ত মালিকে ঘটনাটো মনত পেলাই কয়, “তাই বিলখনত মুখ ধুবলৈ লৈছিল, তেতিয়াই পিচলি পৰিল। উদ্ধাৰ কৰা সময়ত তাই ডুবিবলৈ ধৰিছিল। তাৰপিছত তাই স্কুললৈ প্ৰায় নোযোৱাৰ দৰেই হ’ল।”

দৰাচলতে তাই চুড়ান্ত পৰীক্ষাৰ বাবে স্কুললৈ যাবলৈ সাহস গোটাব পৰা নাছিল, “অৱশ্যে মোক পাছ কৰাই দিলে,” তাই কয়।

এছপায়াৰ-ইণ্ডিয়াৰ কৰ্মকৰ্তাক প্ৰতিবেদকে তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।

অনুবাদ: পংকজ দাস

Kavitha Iyer

Kavitha Iyer has been a journalist for 20 years. She is the author of ‘Landscapes Of Loss: The Story Of An Indian Drought’ (HarperCollins, 2021).

Other stories by Kavitha Iyer
Photographer : M. Palani Kumar

M. Palani Kumar is PARI's Staff Photographer and documents the lives of the marginalised. He was earlier a 2019 PARI Fellow. Palani was the cinematographer for ‘Kakoos’, a documentary on manual scavengers in Tamil Nadu, by filmmaker Divya Bharathi.

Other stories by M. Palani Kumar
Editor : Priti David

Priti David is a Journalist with the People’s Archive of Rural India, and Education Editor, PARI. She works with educators to bring rural issues into the classroom and curriculum, and with young people to document the issues of our times.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das