আম্বাপানীৰ বাসিন্দাই লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা ৰাজনৈতিক দলৰ প্ৰতিনিধিক আদৰিবলৈ ভালেই পাব। ঘৰতে খুন্দা গোমধানৰ ভাখৰি খুৱাব পালে, গছত ওলমি স্ফুৰ্তি কৰি ফুৰা ল’ৰাবোৰে চিঙি অনা মিঠা চাৰলি কেইটামান হাতত গুজি দিব পাৰিলে তেওঁলোকে বৰ সুখ পালেহেঁতেন।

কিন্তু কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়েই তেওঁলোকৰ চুবুৰীটো সাক্ষাৎ কৰিবলৈ অহা নাই, এটা-দুটা বছৰ নহয়, গোবৰ-মাটি লেপি কেঁচা ঘৰ বনোৱা দিন ধৰি, যোৱা পাঁচটা দশকত কোনোৱেই ইয়ালৈ অহা নাই। সাতপুৰা পাহাৰৰ শিলাময়, ওখোৰা-মোখোৰা এঢলীয়া ঠাইত অৱস্থিত চুবুৰীটো গাড়ী-ঘোঁৰা চলিবপৰা ৰাস্তাৰ পৰা ১৩ কিলোমিটাৰ ওপৰত, পাহাৰত।

আম্বাপানীৰ জনসংখ্যা ৮১৮ (২০১১ৰ লোকপিয়ল অনুসৰি)। তালৈ যাবপৰা কোনো ৰাস্তা নাই, বিদ্যুতৰ সুবিধা নাই, পানীৰ ব্যৱস্থা নাই, ম’বাইল ফোনৰ নেটৱৰ্ক নাই। সুলভ মূল্যৰ দোকান কিম্বা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ অথবা অংগনবাদী কেন্দ্ৰ একোৱেই নাই। তাত থকা ১২০ ঘৰ মানুহৰ বংশ মধ্যপ্ৰদেশৰ চাৰিৰ পৰা পাঁচোটা ফৈদৰ, তাৰপৰা খুব বেছি ৩০ কিলোমিটাৰ দূৰৰ।

ম’বাইল ফোনৰ নেটৱৰ্কে ঢুকি নোপোৱা ঠাইখনত টিভি নাই, স্মাৰ্টফোনো নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনোবাই মংগলসূত্ৰ চুৰ কৰাক লৈ কৰা সতৰ্কবাণীৰ পৰা আৰম্ভ কৰি কংগ্ৰেছে সংবিধান ৰক্ষাৰ শ্লোগান, আনকি ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত হোৱা কোৰ্হালেও চুব পৰা নাই আম্বাপানীৰ ভোটাৰক।

“এটা ৰাস্তা,” নিৰ্বাচনৰ ভাল প্ৰতিশ্ৰুতি কি হ’ব পাৰে, তাকেই উংগ্যা গুৰ্জা পাৱাৰাই কৈছে। ৫৬ বৰ্ষীয় উংগ্যা চুবুৰীটোৰ আটাইতকৈ পুৰণি বাসিন্দা। এটা দশক আগতে তেওঁ কিছু টকা সঞ্চয় কৰি ঘৰৰ বাবে ষ্টীলৰ আলমাৰী এটা কিনিছিল। ৭৫ কিলোৰ সেই আলমাৰীটো চাৰিজন মানুহে কঢ়িয়াই আনিছিল, “ষ্টেটচ্চাৰৰ নিচিনাকৈ।”

খেতিৰ সামগ্ৰীখিনি তললৈ দুচকীয়াত বোজাই কৰি ১৩ কিলোমিটাৰ তললৈ এঢলীয়া বোকাময় ৰাস্তাৰে মহৰালে বজাৰলৈ লৈ যোৱা হয়। পাহাৰৰ কেঁকুৰিবোৰেৰে কেতিয়াবা পাহাৰ বগাব লাগে, কেতিয়াবা নামিব লাগে। ৰাস্তাত আকৌ অ’ত-তত পৰি থকা শিল, পাহাৰীয়া নিজৰা আছেই।

“আনহাতে ৰাস্তা হ’লে আকৌ অবৈধভাবে গছ-কাঠৰ বেপাৰ বঢ়াৰ কথাটোও চিন্তা কৰিব লাগিব,” উংগ্যাই হাঁহি মাৰি কয়।

PHOTO • Kavitha Iyer
PHOTO • Kavitha Iyer

বাওঁফালে: আম্বাপানীৰ নিজ ঘৰৰ সন্মুখত যৌথ পৰিয়ালটোৰ সৈতে উংগ্যা পাৱাৰা। সোঁফালে: উংগ্যাৰ পত্নী বাদিবাইয়ে খৰি কাটি থাকোতে সৰু কুঠাৰখন ভৰিত পৰি বুঢ়া আঙুলিটো কটা যোৱাৰেই উপক্ৰম হৈছিল। চিকিৎসা কৰাবলৈ আশে-পাশে কোনো ক্লিনিক নাই

PHOTO • Kavitha Iyer
PHOTO • Kavitha Iyer

গাওঁখনত উংগ্যা পাৱাৰাৰ ঘৰটো (বাওঁফালে)। তেওঁ চুবুৰীটোৰ পুৰণি বাসিন্দাসকলৰ এজন। উংগ্যা আৰু বাদিবাইৰ জীয়েক ৰেহেন্দি পাৱাৰাৰ গিৰীয়েকহঁতৰ ঘৰৰ বাহিৰত থকা চাৰলিৰ গছজোপা (সোঁফালে)। গছডাল বগাই গৈ মিঠা ফল চিঙি আনি খোৱাটো গাওঁখনৰ সৰু ল’ৰা-ছোৱালীবোৰৰ প্ৰিয় খেল

সৰু কুঠাৰখনেৰে খৰি কাটি থাকোতে তেওঁৰ পত্নী বাদিবাইৰ ভৰিৰ আঙুলি এটা কটাই গৈছিল। গোটেই মাহটো তেওঁ লেকেচিয়াই খোজ কাঢ়িবলগীয়া হৈছিল। দ-কৈ কাটিছিল, কিন্তু ভালকৈ বেণ্ডেজ কৰিব পৰা নাছিল। “মহৰালা কিনৱা হৰিপুৰা পৰয়ন্ত জাৱে লাগতে (মহৰালে নাইবা হৰিপুৰালৈ যাবলগীয়া হ’লহেঁতেন),” ঘাঁটুকুৰাক লৈ ইমান মূৰ নঘমোৱাৰ কাৰণ বুজাই তেওঁ কয়। “কোনো দলে আমাক ভাল দৱাখানা (ক্লিনিক) এখন কৰি দিবনে?” তেওঁ নিজে কৈ নিজে কথাটো হাঁহি উৰুৱাই দিয়ে।

আম্বাপানীৰ এটা নৱজাতকক অপুষ্টিত ভোগা বুলি চিনাক্ত কৰা হৈছিল, কন্যা শিশুটিৰ পুষ্টিহীনতাৰ তীব্ৰতা কিমান, সেয়া অৱশ্যে পৰিয়ালটোৱে নাজানে। অংগনবাদী এখনৰ আবণ্টন প্ৰায় এটা দশক আগতেই হৈ গৈছিল যদিও কেন্দ্ৰটো এতিযালৈ হোৱা নাই।

তাৰ পৰিৱৰ্তে মহৰালেৰ অংগনবাদী কৰ্মী এগৰাকীক আম্বাপানী গাঁৱত অতিৰিক্ত দায়িত্ব দিয়া হৈছে। তেওঁ কেইসপ্তাহমানৰ মুৰে মুৰে আহে। শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে ৰেচনৰ লগতে মহিলাৰ বাবে আইৰন তথা ফলিক এচিডৰ টেবলেট দি যায়। “ইয়াত এখন অংগনবাদী কেন্দ্ৰ থকা হ’লে সৰু ল’ৰা-ছোৱালীবোৰে তালৈ গৈ কিবা শিকিব পাৰিলেহেঁতেন,” বাদিবাইয়ে কয়। উংগ্যাই কয় যে গাওঁখনত ছবছৰ বয়সৰ ভিতৰৰ ৫০ টামান শিশু আছে। এই শিশুখিনিয়ে সংহত শিশু উন্নয়ন সেৱা আঁচনি (আইচিডিএছ)ৰ সুবিধা পাব লাগে, ইয়াৰ যোগেদিয়েই অংগনবাদী কেন্দ্ৰসমূহ চলে।

সন্তান প্ৰসৱ ঘৰতেই হয়, অৱশ্যে যোৱা কেইবছৰমানৰ পৰা নতুনকৈ বিয়া হোৱা মহিলাসকলে তাৰপৰা ১৩ কিলোমিটাৰ দূৰৰ মহৰালে নাইবা হৰিপুৰাৰ ক্লিনিকলৈ যোৱা কৰিছে।

উংগ্যা আৰু বাদিবাইৰ পাঁচটা ল’ৰা আৰু দুজনী ছোৱালী আছে, লগতে এগালমান নাতি-নাতিনী। নিৰক্ষৰ দম্পতিহালে তেওঁলোকৰ সন্তানহঁতক স্কুললৈ পঠিওৱাৰ চেষ্টা কৰিছিল যদিও ৰাস্তা অবিহনে সেয়া বাস্তবায়িত হোৱাটো সম্ভৱ নাছিল।

স্কুলৰ বাবে চালিঘৰ এটা দুটা দশক আগতে সজা হৈছিল, বাঁহ আৰু খেৰেৰ তৈয়াৰী সেইটোৱেই চাগে গাওঁখনৰ আটাইতকৈ জৰাজীৰ্ণ ঘৰ।

“শিক্ষক এজনো নিযুক্ত কৰা আছে, কিন্তু কোনোবাই এনেকৈ পাহাৰ বগাই প্ৰতিদিনে স্কুললৈ মটৰগাড়ী চলাই আহিব বুলি আপুনি আশা কৰিব পাৰে জানো?” আম্বাপানীৰ পুৰণি বাসিন্দা বাজৰেয়া কাণ্ডলেয়া পাৱাৰাৰ পুত্ৰ আম্বাপানীৰেই বাসিন্দা ৰূপসিং পাৱাৰাই কয়। স্থানীয় লোকে কয় যে তেওঁৰ দুজনী পত্নী মিলি মুঠ ১৫ টা সন্তান আছিল। এই অঞ্চলটোলৈ কেৱল পাকৈত বাইকাৰ নাইবা স্থানীয় লোকেহে বাইকত ৪০ মিনিটৰ বাট আহিব পাৰে। দুৰ্বল ধাতুৰ মানুহে এই যাত্ৰা কৰিব নোৱাৰে, তেওঁ কয়। আনকি বন বিভাগৰ মানুহেই ৰাস্তা হেৰুৱায়।

PHOTO • Kavitha Iyer
PHOTO • Kavitha Iyer

স্কুলৰ বাবে চালিঘৰ এটা দুটা দশক আগতে সজা হৈছিল, শিক্ষকহে আহিবলৈ বাকী। ‘শিক্ষক এজনো নিযুক্ত কৰা আছে, কিন্তু কোনোবাই এনেকৈ পাহাৰ বগাই প্ৰতিদিনে স্কুললৈ মটৰগাড়ী চলাই আহিব বুলি আপুনি আশা কৰিব পাৰে জানো?’ গাওঁখনৰ ৰূপসিং পাৱাৰাই কয়

PHOTO • Kavitha Iyer

এই পিচল বোকাময় ৰাস্তাৰেই ৪০ মিনিট মটৰ চাইকেলেৰে আহিলে জলগাওঁ জিলাৰ য়াৱল তালুকৰ আম্বাপানী গাওঁখনত উঠিব পাৰি

বাদিবাইৰ এটি নাতিল’ৰা বাৰ্কেয়াই ওচৰৰে চোপড়া তেহচিলৰ ধানোৰাস্থিত আশ্ৰম শালা (বিশেষকৈ অনুসূচিত জনজাতি আৰু যাযাবৰী জনজাতিৰ শিশুৰ বাবে চৰকাৰে চলোৱা আৱাসিক স্কুল)ৰ পৰা গৰমৰ বন্ধত ঘৰলৈ আহিছে। আন এটি নাতিল’ৰাই আন এখন আশ্ৰমশালাত পঢ়ে।

আম্বাপানীত ষ্টীলৰ গিলাচত আমাক পানী দিলে আৰু সৰু সৰু মাটিৰ পিয়লাত ৰঙা চাহ। আমাক চাহ যঁচা কণ কণ ছোৱালীকেইজনীয়ে কয় যে সিহঁতে কেতিয়াও স্কুললৈ যোৱা নাই।

বাদিবাইৰ জীয়েক ৰেহেন্দিৰ স্বামীৰ ঘৰ এক কি দুই কিলোমিটাৰ দূৰত। পাহাৰৰ এঢলীয়া ঠাইত গাওঁখনৰ মানুহে নিজেই কাটি উলিওৱা বাটটোৰে তেওঁলোকে যাতায়াত কৰে।

ৰেহেন্দিয়ে কয় যে কিছুমান ভোটাৰে ভাবি আছে যে চৰকাৰে জনজাতিৰ প্ৰমাণপত্ৰ আহৰণৰ প্ৰক্ৰিয়া সৰল কৰি তুলিব নেকি। তাতে গোট খোৱা আন কিছুমানে আকৌ কয় যে গাঁৱৰ ২০ৰ পৰা ২৫ শতাংশ মানুহে ৰেচন কাৰ্ড পোৱা নাই।

ৰেচনৰ দোকানখন (ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ) কৰ্পাৱালি গাঁৱত আছে, সেইখন মহৰালেৰ দক্ষিণে প্ৰায় ১৫ কিলোমিটাৰ দূৰত আছে। ছয় বছৰমানলৈকে ল’ৰা-ছোৱালীৰ জন্মৰ প্ৰমাণপত্ৰ পঞ্জীয়ন কৰা নহয়গৈ, আনুষ্ঠানিক প্ৰসৱ নকৰোৱাৰ ফলত পৰিয়ালৰ সদস্যই সৰুবোৰৰ কাৰণে আধাৰ কাৰ্ড বনাওতে আৰু পৰিয়ালৰ ৰেচন কাৰ্ডত হিতাধিকাৰী হিচাপে নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হয়।

পানীৰ সুবিধাৰ কথা ৰাজনীতিবিদসকলক সোধাটো আটাইতকৈ জৰুৰী কথা আছিল বুলি মহিলাসকলে কয়।

গাওঁখনত কোনো ব’ৰৱেল বা কুঁৱা নাই। হেণ্ডপাম্প নাইবা পাইপলাইনো নাই। গাওঁবাসীযে ঘাইকৈ পশ্চিমে বৈ যোৱা তাপি নদী আৰু আন জান-জুৰিৰ পানীৰ ওপৰতে খোৱাপানী আৰু জলসিঞ্চনৰ বাবে নিৰ্ভৰ কৰে। পানীৰ একেবাৰে নাটনি নাই যদিও গ্ৰীষ্মকাল শেষ হৈ আহে মানে পানীৰ গুণগত মানো কমি আহে। “কেতিয়াবা মটৰ চাইকেলত পানী কঢ়িয়াই আনিবলৈ আমি মতাবোৰক পানীৰ জাৰ দি পঠিয়াও,” ৰেহেন্দীয়ে কয়। ঘাইকৈ মহিলা আৰু ছোৱালীবোৰে দিনটোত কেবাবাৰো খালি ভৰিৰে ওখোৰা-মোখোৰা বাটেৰে পানী ঘৰলৈ কঢ়িয়াই নিয়ে।

PHOTO • Kavitha Iyer
PHOTO • Kavitha Iyer

আম্বাপানীত পুৰণি নল এটাৰে নিজৰাৰ ফটফটীয়া পানী বৈ আহিছে। গাওঁখনত কুঁৱা, ব’ৰৱেল, দমকল বা পানীৰ নল একোৱেই নাই

সেই বোকাময় ৰাস্তাটোৰে গৈ স্কুলঘৰটো পায়। তাত কমল ৰহাংগ্যা পাৱাৰাই চোকা শংকু আকৃতিৰ সঁজুলি এবিধেৰে শালগছৰ পৰা ৰেজিন উলিয়াইছে। তেওঁৰ পিঠিত ওলমি আছে ৰেজিন কঢ়িওৱা বেগ এটা, তাত শাল গছৰ পৰা এৰুওৱা তিনি কিলোগ্ৰাম সুগন্ধী ৰেজিন আছে। পুৱাৰ বেলিটো পকি দুপৰীয়া হ’বৰ হৈছে, ৰ’দটো উঠি আহিব ধৰিছে, পাৰাস্তম্ভ ৪৪ স্তম্ভ পাৰ হোৱাৰ উপক্ৰম হৈছে।

ৰেজিন যাতে অলপো ৰৈ নাযায়, তাৰ প্ৰতি তেওঁ ভালদৰেই মনযোগ দিছে। কমলে কয় যে তেওঁ প্ৰতিকিলো ৰেজিনত প্ৰায় ৩০০ টকা পায়। তেওঁৰ চাৰিদিন ধৰি ৰেজিন সংগ্ৰহৰ কাম কৰিছে, মুঠ পাঁচ ঘণ্টা। স্থানীয় ভাষাত এই আঠালেতীয়া ৰেজিনক দিংক বুলি কয়। অৱশ্যে মহাৰাষ্ট্ৰৰ শীতকালৰ জনপ্ৰিয় মিঠাই দিংক লাৰুৰ দৰে এয়া খাবপৰা নাযায়। ৰেজিনবিধৰ গন্ধ কাঠৰ দৰে, সামান্য মাস্কি গোন্ধ এটা আছে। সেয়ে এয়া ধূপকাঠী বনাবলৈ কাৰখানাবোৰত ব্যৱহাৰ কৰা হয়।

ৰেজিন উলিয়াবলৈ শালগছৰ বাকলি মাটিৰ পৰা এক মিটাৰমান উচ্চতাত এৰুৱাব লাগে, তাৰপিছত ৰেজিন উলিয়াবলৈ কেইদিনমান অপেক্ষা কৰিব লাগে। ৰেজিন উলিওৱাৰ পিছত একেই কাম পুনৰাই কৰিব লাগে।

চৰকাৰী তথ্য অনুসৰি গছৰ গুৰিত তাপ দি ৰেজিন সংগ্ৰহ কৰাটো নিৰ্বনানীকৰণৰ কাৰক। এয়া ৰেজিন সংগ্ৰহৰ আন এক পদ্ধতি। কমলে কয় যে আম্বাপানীৰ ৰেজিন সংগ্ৰাহকসকলে পাৰম্পৰিক পদ্ধতিৰে বাকলি গুছাই ৰেজিন সংগ্ৰহ কৰে। “সেই ঠাইতে আমাৰ ঘৰ, ইয়াত কোনেও জুই জ্বলাই ৰেজিন সংগ্ৰহৰ কথা আহিয়েই নপৰে,” কমলে কয়।

বনজ সামগ্ৰী যেনে ৰেজিন, শাল গছৰ পাত, বগৰী, তেন্দুৰ পাত আৰু মহুৱা ফুল সংগ্ৰহ কৰা গোটেই বছৰজোৰা জীৱিকা নহয়, লাভজনক ব্যৱসায়ো নহয়। কমলহঁতৰ দৰে মানুহে ৰেজিন আৰু আন বনজ সামগ্ৰী সংগ্ৰহ কৰি বছৰত ১৫ৰ পৰা ২০ হাজাৰ টকা উপাৰ্জন কৰে।

আম্বাপানীৰ চৌব্বিশটা পৰিয়ালে অনুসূচিত জনজাতি আৰু আন পৰম্পৰাগত অৰণ্যৰ বাসিন্দা (অধিকাৰৰ স্বীকৃতি) আইন, ২০০৬ৰ অধীনত মাটিৰ পট্টা লাভ কৰিছে। জলসিঞ্চনৰ অভাৱত সেই মাটি খৰাং বতৰত এনেয়ে পৰি থাকে।

PHOTO • Kavitha Iyer
PHOTO • Kavitha Iyer

কমলে শাল গছৰ পৰা ৰেজিন সংগ্ৰহ কৰে আৰু গাওঁখনৰ পৰা ১৩ কিলোমিটাৰ দূৰৰ হৰিপুৰা বজাৰত কিলোগ্ৰামত ৩০০ টকাকৈ বিক্ৰী কৰে

PHOTO • Kavitha Iyer
PHOTO • Kavitha Iyer

তেওঁ শালগছৰ পৰা শংকু আকৃতিৰ ধাতুৰ সঁজুলি এবিধেৰে (বাওঁফালে) ৰেজিন সংগ্ৰহ কৰে। তেওঁৰ পিঠিত প্ৰায় তিনি কিলোগ্ৰাম সুগন্ধী ৰেজিনভৰ্তি উৱলি যোৱা এটা বেগ (সোঁফালে)

এটা দশক আগৰ কথা, পৰিয়ালৰ সদস্যসংখ্যা বঢ়াত সেইখিনি মাটিৰে চলা সম্ভৱ হৈ নাথাকিল, সেয়ে আম্বাপানীৰ পাৱাৰসকলে কুঁহিয়াৰ কটা শ্ৰমিক হিচাপে কাম কৰিবলৈ ওলাই যায়। “প্ৰতিবছৰে প্ৰায় ১৫ৰ পৰা ২০ টা পৰিয়ালে এতিয়া কৰ্ণাটকলৈ যায়,” কেলাৰ্চিং জামচিং পাৱাৰাই কয়। তেওঁ এগৰাকী চাব-কন্ট্ৰেক্টৰ। তেওঁ কুঁহিয়াৰ কটা চিজনত প্ৰতিজন ‘কয়টা’ যোগান ধৰাৰ বাবদ ১,০০০ টকাকৈ কমিচন পায়।

কয়টা মানে আক্ষৰিক অৰ্থত কাঁচীৰ দৰে এবিধ সঁজুলি। এই নাম মানে হৈছে মহাৰাষ্ট্ৰৰ কুঁহিয়াৰ খেতিৰ পথাৰত এহাল দম্পতি। কুঁহিয়াৰ কটা কামত অনভিজ্ঞ পাৱাৰাসকলক আন কুঁহিয়াৰ কটা লোকৰ তুলনাত থূল-মূল হিচাপত কম আগধন দিয়া হয়, প্ৰতি কয়টা হিচাপত প্ৰায় ৫০ হাজাৰ টকা।

“আন কোনো কাম উপলব্ধ নহয়,” কেলাৰসিঙে কয়। প্ৰায় ১০,০০০ টকা প্ৰতিমাহ হিচাপত দম্পতি এহালে দিনে ১২ৰ পৰা ১৬ ঘণ্টা কাম কৰে, কুঁহিয়াৰ কাটে, মুঠা মুঠা কৰি সেয়া ট্ৰেক্টৰত লোড কৰে, যিবোৰ কুঁহিয়াৰ ফেক্টৰিলৈ পঠিয়াই দিয়া হয়। কেতিয়াবা কাহিলীপুৱাতো কাম হয়।

ৰূপসিঙে কয় যে আম্বাপানীৰ পৰা কুঁহিয়াৰ কাটিবলৈ যোৱা দুজনকৈ শ্ৰমিকৰ মৃত্যু হৈছে। “আগধন কেইটামান দিনতে শেষ হৈ যায়,” তেওঁ কয়। “দূৰ্ঘটনা ঘটিলে নাইবা কাৰোবাৰ মৃত্যু ঘটিলে কোনো চিকিৎসা সাহায্য পোৱা নাযায়।”

ৰেহেন্দিৰ ঘৰত গোট খোৱা মানুহখিনিয়ে কয় যে ঘৰৰ ওচৰতে কিবা কাম পালে তেওঁলোকে কুঁহিয়াৰ কটা কাম কৰিবলৈ যাবলগীয়া নহয়। তেওঁলোকে ভাষাৰ সমস্যাৰ কথা কয়, শস্য চপোৱাৰ সময়ত মহিলা আৰু শিশুৱে সন্মুখীন হোৱা সমস্যা আৰু কষ্টৰ কথা তেওঁলোকে উল্লেখ কৰে। তেওঁলোকে কুঁহিয়াৰ খেতিপথাৰৰ কাষতে থাকে, ট্ৰাক আৰু ট্ৰেক্টৰৰ পৰা ভয় থাকে। “তাৰ পৰিৱেশ শোচনীয়, কিন্তু আন কি কামত এনেকৈ থূলমূলকৈ হ’লেও আগধন পায়?” কেলাৰসিঙে প্ৰশ্ন কৰে।

আম্বাপানীৰ প্ৰায় ৬০ শতাংশ পুৰুষে কুঁহিয়াৰ কটা শ্ৰমিক হিচাপে কাম কৰিছে, তেওঁ কয়।

এনেকৈ পোৱা আগধন কেৱল ঘৰ-বাৰী মেৰামতি কৰা, মটৰ চাইকেল এখন কিনাৰ কামতেই নাহে। ইয়াৰ উপৰি পাৱাৰাৰ কইনাপক্ষই দৰাপক্ষক দিবলগীয়া যৌতুকৰো কাম কৰে। এই যৌতুকৰ ধন কিমান দিব লাগে, সেয়া নিৰ্ধাৰণ কৰে পাৱাৰা পঞ্চায়তে।

PHOTO • Kavitha Iyer
PHOTO • Kavitha Iyer

আম্বাপানীৰ বহুতেই কুঁহিয়াৰ কটা কামৰ বাবে প্ৰব্ৰজন কৰে। কেলাৰসিং জামসিং পাৱাৰা (বাওঁফালে) প্ৰতিহাল দম্পতিক কৰ্ণাটকত কুঁহিয়াৰ কটা কামৰ বাবে নিয়াৰ বাবদ ১,০০০ টকাকৈ কমিচন পায়। প্ৰায়ভাগেই যোৱা কেইবছৰমান ধৰি কুঁহিয়াৰ চপোৱা কামৰ বাবে (সোঁফালে) ওলাই যায়। ঘৰৰ ওচৰতে কাম পালে তেওঁলোকে কুঁহিয়াৰ কটা কাম কৰিবলৈ নগ’লহেঁতেন বুলি তেওঁলোকে কয়

PHOTO • Kavitha Iyer
PHOTO • Kavitha Iyer

বাওঁফালে: গাঁৱত ইভিএম মেচিনটো স্কুলঘৰটোতে ৰখা হ’ব, সেইটো খেৰৰ চালি দিয়া বাঁহৰ বেৰ দিয়া ঘৰ। সোঁফালে: স্কুলৰ বাহিৰত এটা ভগা শৌচালয়

পাৱাৰা জনজাতীয় লোকসকলৰ সামাজিক আৰু বিবাহ সম্পৰ্কীয় নিয়মবোৰ মন কৰিবলগীয়া। ৰূপসিঙে বুজাইছে কেনেকৈ পঞ্চায়তে বিবাহ সম্পৰ্কীয় বিবাদ মীমাংসা কৰে। মীমাংসাৰ সময়ত দুয়োটা পক্ষ ইটোৰ পৰা সিটো কেইহাতমান দূৰত্বত বহে। এই বৈঠকক কোৱা হয় ঝাগাড়া। বিয়াৰ কেইদিনমান পিছত কইনাক তেওঁৰ মাকৰ ঘৰলৈ পঠিয়াই দিয়া হয়, ইজ্জত বুলি অৰিহণা এভাগ আগবঢ়োৱা হয়। কিন্তু আন পুৰুষৰ লগত যদি কইনাগৰাকী পলাই যায়, তেতিয়া কইনাৰ পৰিয়ালে সেই টকাৰ সমান নাইবা দুগুণ জৰিমনা ভৰিব লাগিব।

“আম্বাপানী সঁচাকৈয়ে এখন অনন্য গাওঁ,” জলগাওঁ জিলাৰ উপায়ুক্ত আযুস প্ৰসাদে কয়। স্থানীয় লোকে কয় যে তেঁৱেই আছিল প্ৰথমগৰাকী উপায়ুক্ত যিয়ে ১০ কিলোমিটাৰ ট্ৰেকিং কৰি তেওঁলোকক লগ পাবলৈ আহিছিল, সেয়া ২০২৩ৰ ডিচেম্বৰৰ কথা। “ভৌগোলিক দিশৰ পৰা গাওঁখন প্ৰত্যাহ্বানমূলক, কিন্তু ভাল সেৱা যোগানৰ বাবে আমি ব্যৱস্থা গ্ৰহণৰ দিশে আগবাঢ়িছো।” ঘাই সমস্যাটো হৈছে গাওঁখনক ৰাজহ বিভাগে গাওঁ হিচাপে স্বীকৃতি দিয়া নাই, বনাঞ্চলৰ বসতিস্থল বুলিয়েই নথিভুক্ত হৈ আছে। “আম্বাপানীক গাওথান হিচাপে চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু তেতিয়া বিভিন্ন চৰকাৰী আঁচনি তালৈ নিবপৰা যাব,” উপায়ুক্তগৰাকীয়ে কয়।

বৰ্তমান জৰাজীৰ্ণ শৌচালয়টোৰে এই স্কুলঘৰটোতে ৩০০ পঞ্জীকৃত ভোটাৰে ১৩ মে’ৰ দিনা ভোট দিব। আম্বাপানী জলগাওঁ জিলাৰ ৰাৱেৰ লোকসভা সমষ্টিত পৰে। ইভিএমকে ধৰি আন ভোটিং সামগ্ৰী খোজকাঢ়ি আৰু মটৰ চাইকেলত কঢ়িয়াই অনা হ’ব।

সাধাৰণ নিৰ্বাচনত ভোটকেন্দ্ৰটোত ৬০ শতাংশ ভোটাৰে ভোট দিছিল, আম্বাপানীয়ে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে যি যি ব্যৱস্থা কৰিব লাগে, সেয়া কৰা হ’ব বুলি বিষযববীয়াসকলে কৈছে। কেৱল গণতন্ত্ৰৰ ফলশ্ৰুতিবোৰহে মন্থৰ গতিত আহিব।

অনুবাদ: পংকজ দাস

Kavitha Iyer

Kavitha Iyer has been a journalist for 20 years. She is the author of ‘Landscapes Of Loss: The Story Of An Indian Drought’ (HarperCollins, 2021).

Other stories by Kavitha Iyer
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das