মীনাৰ মাকৰ দিনটো আহৰি নাই। তেওঁ ধলপুৱা চাৰি বজাতে নিজা গাওঁ চটপটিৰ পাইকাৰি বজাৰলৈ যায় আৰু নাৱৰ মালিকৰ বাবে মাছৰ ডাক লগায়। ন বজাত ঘৰলৈ ঘূৰি আহি তেওঁ মাছবোৰ নিমখ পানীৰে ধোৱে আৰু ঘৰৰ পাছফালে থাৰ্মকলৰ বাকচত শুকুৱাবলৈ ভৰায় থয়, সেয়া তেওঁ এসপ্তাহ বা দুসপ্তাহৰ পাছত বিক্ৰী কৰিব পাৰে। আবেলি তেওঁ শুকান মাছ বিক্ৰী কৰিবলৈ বাছত বা অটোৰিক্সাৰে প্ৰায় ১২ কিলোমিটাৰ দূৰৰ পালঘৰৰ খুচুৰা বজাৰলৈ যায়। তাত মাছ ৰৈ গ’লে গধুলি তেওঁ চটপটিৰ বজাৰত বিক্ৰী কৰিবলৈ চেষ্টা কৰে।

পিছে তেওঁ ডাক মৰা নাওবোৰ কমি আহিছে, মাছৰ পৰিমানো কমিছে। “মাছ নহ’লে এতিয়া কি বেছিম?” কলি সম্প্ৰদায়ৰ (অন্য পিছপৰা জাতিত অন্তৰ্ভূক্ত) ৫৮ বছৰীয়া মীনাৰ মনলৈ এই প্ৰশ্নটোৱে আহে। সেয়ে তেওঁ বিভিন্ন ধৰণৰ কাম বাচি ল’বলগীয়া হৈছে। বৰ্ষা ঋতুৰ পাছত চটপটিৰ পাইকাৰি বজাৰৰ বেপাৰী বা নাৱৰ মালিকৰ পৰা মাছ কিনে আৰু তাকেই বিক্ৰী কৰি যিমানখিনি পাৰে উপাৰ্জনৰ চেষ্টা কৰে (তেওঁ অৱশ্যে আমাক কিমান পায় আমাক সবিশেষ নজনালে)।

ঘৰুৱা উপাৰ্জনৰ নাটনি মাৰিবলৈ তেওঁৰ ৬৩ বছৰীয়া গিৰিয়েক উলহাছ মেহেৰেও অধিক কাম কৰিবলৈ লৈছে। তেওঁ এতিয়াও অ এন জি চিৰ জৰীপ নাৱত শ্ৰমিক আৰু নমুনা সংগ্ৰাহক হিচাপে মাজে-সময়ে কাম কৰাটো অব্যাহত ৰাখিছে। পিছে মুম্বাইৰ ডাঙৰ মাছমৰীয়া নাৱত দুমাহৰ পৰা এই বছৰ ৪-৬ মাহলৈ কাম সম্প্ৰসাৰিত কৰিছে।

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ তেওঁলোকৰ উপকুলীয় গাওঁ চটপটি মানুহে কোৱা সোণালী আৱেষ্টনীত পৰে। ইয়াৰ সমুদ্ৰতলি মাছৰ লালন-পালন আৰু প্ৰখ্যাত বম্বিল (বম্বে ডাক)ৰ বাবে জনাজাত। পিছে বম্বিল ধৰাটোও হ্ৰাস পাইছে। ১৯৭৯ চনত চটপটি-ডাহানু অঞ্চলত অভিলেখ সংখ্যক ৪০,০৬৫ টনৰ বিপৰীতে ২০১৮ত ১৬,৫৭৬ লৈ নামি আহিছে।

With fewer boats (left) setting sail from Satpati jetty, the Bombay duck catch, dried on these structures (right) has also reduced
PHOTO • Ishita Patil
With fewer boats (left) setting sail from Satpati jetty, the Bombay duck catch, dried on these structures (right) has also reduced
PHOTO • Ishita Patil

বাওঁফালেঃ ১৯৪৪ত স্থাপিত চটপটি মচ্চিমাৰ বিবিধ কাৰ্যকাৰী সহকাৰী সংস্থাৰ চৌহদত থকা প্ৰথমখন মেচিনচালিত নাও সোঁফালেঃ কিন্তু এই সোণালী বেষ্টনী , সমূদ্ৰতলী যিখন মাছৰ প্ৰজননৰ ঘাই থল , তাত আজিকালি বেছি মাছমৰীয়া নিটিকে

এনে হোৱাৰ কাৰণ বিভিন্ন। ঔদ্যোগিক প্ৰদূষণৰ প্ৰাদূৰ্ভাৱ, ঘন ফুটাৰ জাল আৰু মুছৰীৰে (জাক পাতি ফুৰা মাছৰ লগতে পোণা মাছ ধৰাৰ ফলত সিহঁতৰ বিকাশ হ্ৰাস কৰিব পৰা জাল) অত্যধিক মাছ মৰা এই কাৰণবোৰৰ অন্যতম।

“মুছৰী জাল আমাৰ মহাসাগৰত সোমাবলৈ অনুমতি নাই, পিছে সিহঁতক ৰখাওতা নাই’’ মীনাই জনায়, “মাছ মৰাটো আগতে সামুহিক কাম আছিল পিছে এতিয়া সেই সেই লোকে নাও এখন কিনি লব পাৰে। এই নাওবোৰে মাছৰ কণী আৰু পোণা মাৰে আৰু আমালৈ একো নাথাকেগৈ।”

বহু আগৰে পৰা মাছ বিক্ৰী কৰিবলগীয়া হ’লেই মীনা আৰু আন ডাক মৰা লোকক স্থানীয় নাৱৰ মালিকসকলে জনাই দিয়ে। পিছে এতিয়া আগৰ দৰে মুশ্বি, ৱাম আৰু আন সৰু মাছৰ লগতে বম্বিল আৰু ৰূপছন্দা নাও ভৰি আহিব বুলি নিশ্চিতকৈ ক’ব নোৱাৰি। মীনাই এটা দশকৰ আগতে আঠখনলৈ ডাক দিছিল, এতিয়া কেৱল দুখন নাৱৰ বাবে ডাক দিয়ে। বহু নাৱৰ মালিকে মাছ ধৰাই বাদ দিছে।

“১৯৮০ৰ দশকত চটপটিত ৩০-৩৫ খন নাও আছিল (বম্বিলৰ বাবে), পিছে এতিয়া ১২ খনহে আছে (২০১৯ৰ মাজভাগলৈ) চটপটিৰ নেশ্যনেল ফিশ্বৱৰ্কাৰ্ছ ফৰামৰ সভাপতি আৰু মাছমৰীয়া সৰ্বোদয়া সমবায় সমিতিৰ প্ৰাক্তন সভাপতি নৰেন্দ্ৰ পাটিলে জনায়।

At the cooperative society ice factory (left) buying ice to pack and store the fish (right): Satpati’s fisherwomen say the only support they receive from the co-ops is ice and cold storage space at nominal rates
PHOTO • Ishita Patil
At the cooperative society ice factory (left) buying ice to pack and store the fish (right): Satpati’s fisherwomen say the only support they receive from the co-ops is ice and cold storage space at nominal rates
PHOTO • Ishita Patil

মাছ পেক কৰি মজুত কৰি থ বলৈ কোপাৰেটিভ ছ চাইটি ফেক্টৰিত ( বাওঁফালে ) বৰফ কিনিছেঃ চটপটিৰ মাছমৰীয়া মহিলাই কোৱামতে এয়াই তেওঁলোকে সমবায়ৰ পৰা পোৱা সহায়

গাওঁ পঞ্চায়ত আৰু সমবায় সমিতিয়ে অনুমান কৰা মতে চটপটিৰ মাছমৰীয়া সম্প্ৰদায়ৰ জনসংখ্যা বৰ্তমান ৩৫,০০০ (২০১১ৰ লোকপিয়লত এই সংখ্যা আছিল ১৭,০৩২), এই গোটেই সম্প্ৰদায়টোৱে এই অৱনতিৰ বাবে ক্ষতিগ্ৰস্ত হৈছে। ১৯৫০ চনত ৰাজ্য চৰকাৰে স্থাপন কৰা আৰু ২০০২ চনত জিলা পৰিষদলৈ হস্তান্তৰিত কৰা এখন মাছমৰীয়া প্ৰাইমেৰী স্কুল ( এটা নিয়মীয়া পাঠ্যক্ৰম থকা) ৰো মূমুৰ্ষ অৱস্থা। একেদৰে ১৯৫৪ চনত বিশেষ পাঠ্যক্ৰম আগবঢ়োৱা এখন সামুদ্ৰিক মীনপাম প্ৰশিক্ষণ কেন্দ্ৰটোও বৰ্তমান বন্ধ হৈ পৰিছে। নাৱৰ মালিক আৰু মাছ ৰপ্তানি কৰা বেপাৰীৰ মাজত মধ্যস্থতাকাৰী হিচাপে থকা, ঋণ আগবঢ়োৱা আৰু ডিজেলত ৰাজসাহায্য আগবঢ়োৱা কেৱল দুখন মীনপালন সমবায় সমিতিহে বাকী ৰৈছেগৈ।

চটপটিৰ মাছমৰীয়াসকলে জনায় যে চৰকাৰৰ পক্ষই হওঁক বা সমবায় সমিতিয়েই হওক, বৰফ আৰু নগণ্য মূল্যত শীতলীকৰণ গৃহৰ সুবিধা লাভৰ বাদে তেওঁলোকে আন কোনো সাহায্য লাভ কৰা নাই।

৫০ বছৰীয়া অনামিকা পাটিলে কয়, “আমাৰ ব্যৱসায়ৰ বাবে চৰকাৰে প্ৰতিজন মাছুৱৈক কমপক্ষেও ১০,০০ টকা দিব লাগে। বিক্ৰীৰ বাবে কিনিবলগীয়া মাছৰ বাবে আমাৰ ধন নাই।” তেওঁলোকে অতীতত পৰিয়ালৰ মানুহে ধৰা মাছ বিক্ৰী কৰিছিল, পিছে এতিয়া বেপাৰীৰ পৰা কিনিবই লাগিব আৰু সেয়া কৰিবলৈ তেওঁলোকে ঋণ ল’ব লাগিব বা ধন লাগিব। তেওঁলোকৰ এটাও নাই।

কিছুমানে ব্যক্তিগত সুতখোৰৰ পৰা ২০০০০- ৩০,০০০ টকা ঋণ লৈছে। এজন নাৱৰ মালিকৰ পৰা অনামিকা পাটিলে ৫০,০০০ টকা ঋণ লৈছে। “প্ৰাতিস্থানিক ঋণৰ কোনো সুবিধা নাই। কাৰণ আমি আ-অলংকাৰ, ঘৰ বা মাটি বন্ধকী দিব লগীয়া হয়’- অনামিকাই কয়।

Left: Negotiating wages with a worker to help her pack the fish stock. Right: Vendors buying wam (eels) and mushi (shark) from boat owners and traders
PHOTO • Ishita Patil
Left: Negotiating wages with a worker to help her pack the fish stock. Right: Vendors buying wam (eels) and mushi (shark) from boat owners and traders
PHOTO • Ishita Patil

বাওঁফালেঃ মাছখিনি পেক কৰি থ বলৈ শ্ৰমিকৰ সৈতে দাম দৰাই থকা অৱস্থাত সোঁফালেঃ বম্বে ডাক এই চাঙিবোৰৰ ওপৰতে শুকুৱা হয় , সেয়া এতিয়া নোহোৱা হৈ আহিব ধৰিছে

আন মাছমৰীয়াসকলে সম্পুৰ্ণকৈ নাইবা কৰ্ম দিনৰ এটা ভাগত এই বেপাৰ এৰিয়েই পেলাইছে। “মাছৰ পৰিমাণ কমি অহাৰ পৰিপ্ৰেক্ষিতত বম্বে ডাক শুকুউৱা কাম কৰা মহিলাসকলে আন ক’ৰবাত মূৰ গুজিবলগীয়া হৈছে। তেওঁলোকে কামৰ বাবে পালঘৰলৈ বা এম আই ডি চি (মহাৰাষ্ট্ৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ক’ৰ্পৰেশ্যন)ৰ পৰিক্ষেত্ৰত যিকোনো কাম কৰিবলৈ গৈছে।” চটপটি ফিশ্বাৰমেন সৰ্বোদয়া কোপাৰেটিভ সমিতিৰ সভাপতি কেতন পাটিলে জনায়।

“চটপটি বম্বিলেৰে উভৈনদী আছিল। ঘৰখন মাছেৰে ভৰি আছিল বাবে আমি বাহিৰত শুবলগীয়া হৈছিল। মাছৰ সংখ্য কমি অহাৰ লগে লগে চলাটোৱেই টান হৈ পৰিল। তেতিয়াই আমি আমাৰ কাম বাদ দিবলগীয়া হল,” ১৫ বছৰ ধৰি পালঘৰৰ এটা ফাৰ্মাচিউটিকেল কোম্পানীত পেকেজিঙৰ কাম কৰা স্মিতা তাৰেই জনায়। দিনত ১০ ঘণ্টীয়া সপ্তাহত ছয়দিনৰ এটা চিফ্টত কাম কৰি তেওঁ মোটামুটি  ৮০০০ মান উপাৰ্জন কৰে। তেওঁৰ গিৰিয়েকেও বৰ্তমান মাছ নধৰে। পালঘৰৰ বা আন ঠাইৰ বিয়া বা আন অনুস্থানৰ বেণ্ডপাৰ্টীত তেওঁ ড্ৰাম বজায়।

পালঘৰ নগৰখন ১৫ কিলোমিটাৰ দূৰত। পুৱাৰ ভাগত বৰ্তমান স্থানীয় বাছ আস্থানত মহিলাসকলে শাৰী পাতি কামলৈ যাবলৈ ৰৈ থাকে।

মীনাৰ ৩২ বছৰীয়া বোৱাৰী শুভাংগীয়ে ২০২০ৰ ফেব্ৰুৱাৰীৰ পাছত পালঘৰৰ এটা সৰঞ্জাম কোম্পানীত কাম কৰিবলৈ লয়। তাত তেওঁ কুলাৰ, মিক্সি বা আন সামগ্ৰী পেক কৰে। ১০ ঘণ্টীয়া চিফট্ এটাত তেনেদৰে কাম কৰি ২৪০ টকা বা ১২ ঘণ্টাকৈ কাম কৰি ৩২০ লাভ কৰে। শুকুৰবাৰে সাপ্তাহিক ছুটি। (শুভাংগীৰ ৩৪ বছৰীয়া গিৰিয়েক প্ৰজ্যোতে মীনাক মাছ সংৰক্ষণত সহায় কৰে। তেওঁ মীনপাম সমবায় সমিতিত কাম কৰে। তেওঁৰ এই স্থায়ী চাকৰিটোও অৱশ্যে যোৱাৰ আশংকাই দেখা দিছে, কাৰণ সমবায়বোৰো কোনোমতে চলি আছে।)

Left: The Satpati fish market was shifted from a crowded location to this open space near the jetty during the pandemic to maintain distancing. Right: In many families here, the women have taken up making jewellery on a piece-rate basis to supplement falling incomes
PHOTO • Chand Meher
Left: The Satpati fish market was shifted from a crowded location to this open space near the jetty during the pandemic to maintain distancing. Right: In many families here, the women have taken up making jewellery on a piece-rate basis to supplement falling incomes
PHOTO • Ishita Patil

বাওঁফালেঃ চটপটিৰ বহু মহিলাই এতিয়া মাছৰ বেপাৰ এৰিছে , কিছুমানে পালঘৰত আন কামত সোমাইছে , কিছুমানে গহণাৰ কামত ধৰিছে সোঁফালেঃ মণি বন্ধা কাম কৰোঁতে মীনাৰ চকু বিষায়

বগা মণি, সোণালী বৰণৰ ধাতুৰ জাল, এখন ডাঙৰ ঘুৰণীয়া চালনি, নেইল কাটাৰ আৰু তেওঁৰ চশমাযোৰ লৈ মীনাই নিজে এতি্য়া ২-৩ ঘণ্টা কটায়। মীনাৰ কাম হল মণিবোৰৰ মাজেদি সূতাডাল ভৰাই মালা গঁথা। এই কামটো কৰিবলৈ তেওঁৰ এসপ্তাহ লাগে আৰু এই কামটো দিয়া মহিলাগৰাকীৰ পৰা ২৫০ গ্ৰাম মণি গঁথা কামত তেওঁ ২০০ টকা পায়। এই টকাখিনিৰ পৰা পুনৰ কেঁচামাল কিনিবলৈ তেওঁ ১০০ টকা খৰচ কৰে।

নাও এখনৰ গৰাকী ৪৩ বছৰীয়া ভাৰতী মেহেৰে মাজভাগতেই ২০১৯ চনত মাছৰ বেপাৰত উপাৰ্জন কমি অহাৰ পাছত এটা মণিহাৰী কোম্পানীত কাম কৰাৰ সিদ্ধান্ত লৈ থৈছিল। তেতিয়ালৈ ভাৰতী আৰু তেওঁৰ শাহুৱেকে মীনাৰ দৰেই মাছ ডাকি লোৱা আৰু বিক্ৰী কৰাৰ উপৰি কৃত্ৰিম অলংকাৰ গঢ়িব।

চটপটিৰ বহুলোকে জীৱন নিৰ্বাহৰ বাবে অন্য পথ বাচি লোৱাৰ মাজতেই বিগত সময়ৰ স্মৃতি ৰোমন্থনৰ মাজতো সময় যায়। ‘কেইবছৰমানৰ পাছত আমাৰ ল’ৰা-ছোৱালীহঁতক ৰূপছন্দা কি বা বম্বিল দেখাত কেনেকুৱা সেয়া ছবি আঁকি দেখুৱাব লাগিব। ইয়াত এটাও নাথাকিবগৈ। বেষ্ট(BEST)ৰ গাড়ী চালকৰ কামৰ পৰা অৱসৰ লৈ এতিয়া নিজৰ ভতিজাকে লোৱা এখন সৰু নাৱত মাছ মাৰি ফুৰা চন্দ্ৰকান্ত নাইকে কয়।

তথাপি আন বহুতে মন বান্ধি পেলাইছে আৰু আৱেগিক কাৰণতে মাছ মৰা অব্যহত ৰাখিবলৈ বিচৰা নাই। “মই মোৰ সন্তানক নাৱত ভৰিকে থ’বলৈ নিদিওঁ। মাছৰ সৰু-সুৰা কাম বাৰু ঠিকেই আছে, কিন্তু সিহঁতক নাও ল’বলৈ নিদিওঁ।” “পিতৃৰ পৰা উত্তৰাধিকাৰী সুত্ৰে এখন নাও লাভ কৰা ৫১ বছৰীয়া জীতেন্দ্ৰ তামোৰে কয়। চটপটিত তেওঁলোকৰ পৰিয়ালৰ এখন মাছধৰা জালৰ দোকান আছে। তাৰ দ্বাৰাই তেওঁলোকৰ জীৱন নিৰ্বাহ হয়। “আমি আমাৰ সন্তানহঁতক (২০ আৰু ১৭ বছৰীয়া) এই জালৰ ব্যৱসায় কৰিয়েই শিক্ষা দিব পাৰিলোঁ,” তেওঁৰ ৪৯ বছৰীয়া পত্নী জুহি তামোৰে কয়। “পিছে আমাৰ জীৱনটো যি ৰূপত অতিবাহিত হৈছে, আমি সিহঁতক কোনো কাৰণতে মাছৰ ব্যৱসায়ত নামিব দিব নিবিচাৰো।”

এই প্ৰতিবেদনৰ কিছুমান সাক্ষাৎকাৰ ২০১৯ত লোৱা হৈছিল

প্ৰচ্ছদ ফটো: সাগৰলৈ মাছ মাৰিবলৈ ওলাই যোৱা সময়ত গিৰিহঁতৰ কোনো হানি - বিঘিনি নহওঁক বুলি আৰু ঋতুটো প্ৰাচুৰ্য্যময় হওঁক বুলি ২০১৯ৰ ৯ মাৰ্চত ফাকুৱা উৎসৱত সাগৰ দেৱতাক চটপটিৰ মহিলাই প্ৰাৰ্থনা জনাইছে

অনুবাদ: অংগৰাগ ভূঞা

Ishita Patil

Ishita Patil is a Research Associate at the National Institute of Advanced Studies, Bengaluru.

Other stories by Ishita Patil
Nitya Rao

Nitya Rao is Professor, Gender and Development, University of East Anglia, Norwich, UK. She has worked extensively as a researcher, teacher and advocate in the field of women’s rights, employment and education for over three decades.

Other stories by Nitya Rao
Translator : Angarag Bhuyan

Angarag Bhuyan a state level award winning teacher and a poet and have authored two books in Assamese language. He was a former radio jockey and a freelance journalist.

Other stories by Angarag Bhuyan