“এই আইনখনৰ অন্তৰ্গত নিয়ম বা আদেশ অনুসাৰে সদিচ্ছাৰে কৰা বা কৰিবলগীয়া যিকোনো বিষয়ত কেন্দ্ৰ চৰকাৰ বা ৰাজ্য চৰকাৰ, বা কেন্দ্ৰ চৰকাৰ বা ৰাজ্য চৰকাৰৰ কোনো বিষয়া বা আন কোনো ব্যক্তিৰ বিৰুদ্ধে মোকদৰ্মা, আইনী ব্যৱস্থা বা আন ন্যায়িক বিচাৰ কৰিব পৰা নাযাব।”

এইখিনি কথা কৃষকৰ উৎপাদনৰ ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সুচলকৰণ) আইন, ২০২০ৰ ১৩ নং ধাৰাত কোৱা হৈছে (কৃষি উৎপাদিত সামগ্ৰীৰ বিপণন কমিটি চমুকৈ এপিএমচিক দুৰ্বল কৰাৰ লক্ষ্যৰে এই আইনখন প্ৰণয়ন কৰা হৈছে)।

আৰু আপুনি ভাবিছিল যে নতুন আইনকেইখনৰ লক্ষ্য কেৱল কৃষক? নিশ্চয়কৈ আন আইনো আছে যিয়ে অসামৰিক সেৱকক তেওঁলোকৰ আইনী কৰ্তব্যনিৰ্বাহত নাগৰিকে বাধা দিয়াৰ পৰা সুৰক্ষা প্ৰদান কৰে। কিন্তু এইখন আইনে সদিচ্ছাৰ সেই সীমা চেৰাইছে। ‘সদিচ্ছা’ৰ নাম লৈ সুৰক্ষা লাভ কৰাসকলে কৰা কামৰ প্ৰভাৱ অতি ব্যাপক হ’ব। ‘সদিচ্ছা’ৰ নামত তেওঁলোকে কিবা অপৰাধ কৰিলেও তেওঁলোকক আদালতলৈ নিব পৰা নাযাব, তেওঁলোকে অদুৰ ভৱিষ্যতে কৰিবলৈ বাকী থকা অপৰাধৰ (‘সদিচ্ছা’ৰ নামতে) বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাকৈ তেওঁলোক সুৰক্ষিত।

আদালতত আপোনাৰ আইনী প্ৰতিকাৰৰ অধিকাৰ নাথাকিব বুলি কোৱা কথাটো আপুনি যদি ধৰিব পৰা নাই, তেন্তে এইবাৰ ১৫ নং ধাৰাটো পঢ়কঃ

“কোনো দেৱানী আদালতত এই আইনৰ দ্বাৰা বা ইয়াৰ অন্তৰ্গত বা এই আইন অনুসাৰে প্ৰণেত কোনো নিয়মৰ অধীনত কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ ওপৰত এনে কোনো মোকৰ্দমা বা আইনী ব্যৱস্থা বিবেচনা কৰা নহ’ব, যিটোৰ সংজ্ঞান আইনখনৰ দ্বাৰা ল’ব পৰা যায় বা নিষ্পত্তি কৰা যাব পাৰে।”

‘আন যিকোনো ব্যক্তি’ মানে কাক বুজোৱা হৈছে যিয়ে ‘সদিচ্ছা’ৰে কৰা কামক আইনৰ অধীনত প্ৰত্যাহ্বান জনাব নোৱাৰি? ইয়াতে ইংগিত এটা দিছোঃ প্ৰতিবাদী কৃষকে বিৰোধ কৰা বিয়াগোম ক’ৰ্পৰেটৰ নামবোৰ মন দি শুনক। বুজিব, বণিকগোষ্ঠীৰ এয়া এক বৃহৎ, মানে অতিকৈ বৃহৎ ব্যৱসায়ৰ বাট সুচল কৰাৰ কথা।

“কোনো মোকদৰ্মা, আইনী ব্যৱস্থা বা আন ন্যায়িক ব্যৱস্থা প্ৰযোজ্য নহ’ব...।” কেৱল কৃষকেই যে আইনী অভিযোগ আনিব নোৱাৰিব, এনে নহয়। আন কোনোৱেও নোৱাৰে। ৰাজহুৱা স্বাৰ্থজনিত অভিযোগো এইক্ষেত্ৰত প্ৰযোজ্য নহ’ব। জনসেৱামূলক সংগঠন, কৃষি সংস্থা বা আন কোনো নাগৰিক (সদিচ্ছাৰেই হওঁক বা বদ ইচ্ছাৰে) কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব।

১৯৭৫-৭৭ৰ জৰুৰীকালীন সময়ৰ আইনৰ কথা নধৰিলে (য’ত সকলো মৌলিক অধিকাৰ বৰ্খাস্ত কৰা হৈছিল) এনেদৰে নাগৰিকৰ আইনী অধিকাৰ খৰ্ব কৰা এইখন আইনেই অন্যতম।

The usurping of judicial power by an arbitrary executive will have profound consequences
PHOTO • Q. Naqvi

কাৰ্য্যপালিকাই ন্যায়িক ক্ষমতাৰ এনেদৰে অন্যায়মূলকভাৱে কৰা ব্যৱহাৰৰ পৰিণতি ভয়াৱহ হ’ব

প্ৰতিজন ভাৰতীয়ই ইয়াৰ দ্বাৰা প্ৰভাৱিত হ’ব। এই আইনকেইখনৰ আইনী শব্দাৱলী কাৰ্য্যপালিকাক (নিম্ন) ন্যায়পালিকালৈ ৰূপান্তৰ কৰিছে। এক কথাত ন্যায়াধীশ, বিচাৰপীঠ আৰু জল্লাদলৈ। ই কৃষক আৰু বিশাল নিগমসমূহৰ মাজতো ইতিপূৰ্বে থকা ভাৰসাম্যহীনতাক আৰু বেছি অস্থিৰ কৰি তুলিছে।

সতৰ্ক হৈ পৰা দিল্লীৰ বাৰ কাউন্সিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা এক পত্ৰত প্ৰশ্ন কৰিছেঃ “সাধাৰণতে কাৰ্য্যবাহী কৰ্তৃপক্ষৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত, প্ৰশাসনিক সংস্থাৰ সৈতে জড়িত গাঁথনি এটাক, যাৰ প্ৰভাৱ পোনপটীয়াকৈ নাগৰিকৰ ওপৰত পৰে, সেয়া বিচাৰপূৰ্বক ৰায়ৰ বাবে কেনেকৈ গঁতাই দিব পাৰে?”

(কাৰ্য্যপালিকাৰ অধিকাৰীসকলক, উপ-মহকুমাৰ মহকুমাধিপতি আৰু অতিৰিক্ত জিলা মহকুমাধিপতি বুলি পঢ়িব- নিজৰ স্বতন্ত্ৰতা আৰু সদিচ্ছাৰ কাৰণে যাক জনা যায়, যি বুলি প্ৰতিজন ভাৰতীয়ই ভাৱে।) তাৰোপৰি কাৰ্য্যপালিকালৈ ন্যায়িক ক্ষমতা হস্তান্তৰক “বিপজ্জনক আৰু ডাঙৰ ভুল” বুলি দিল্লী বাৰ কাউন্সিলে আখ্যা দিছে। তাৰোপৰি আইনী পেচাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথাও উনুকিয়াইছেঃ “ই বিশেষকৈ জিলা আদালতৰ যথেষ্ট ক্ষতি কৰিব আৰু উকীলৰো মূলোচ্ছেদ কৰিব।”

এতিয়াও ভাবিছেনে আইনকেইখন কেৱল কৃষকক লৈ?

চুক্তিৰ আইন- কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষিতকৰণ) মূল্য নিশ্চিতকৰণ আৰু কৃষিপাম সেৱাৰ চুক্তি আইন, ২০২০খনতো ন্যায়িক ক্ষমতা কাৰ্য্যপালিকালৈ হস্তান্তৰ কৰা হৈছে।

১৮ নং ধাৰাত থকা “সদিচ্ছা”ৰ যুক্তিৰ কথা মনত পেলাই দিছো।

১৯ নং ধাৰাত কোৱা হৈছেঃ কোনো দেৱানী আদালতত এনে কোনো বিবাদৰ ওপৰত মোকৰ্দমা বা ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব, যিটোৱে উপ-মহকুমা কৰ্তৃপক্ষ বা আপীল বিচাৰকক এই আইনৰ দ্বাৰা বা ইয়াৰ অধীনত নিৰ্ণয় কৰাৰ বাবে ক্ষমতা দিছে আৰু এই আইনৰ দ্বাৰা বা ইয়াৰ অধীনত প্ৰণেত যিকোনো নিয়মৰ দ্বাৰা প্ৰদত্ত যিকোনো ক্ষমতা প্ৰয়োগত বা কৰিবলগীয়া যিকোনো কাৰ্য্যব্যৱস্থা সন্দৰ্ভত কোনো ন্যায়ালয় বা আন কৰ্তৃত্বপ্ৰাপ্তই কোনো নিষেধাজ্ঞা জাৰি কৰিব নোৱাৰিব (কথাখিনিত জোৰ দিয়া হৈছে)।

এতিয়া সংবিধানৰ ১৯ নং অনুচ্ছেদত থকা বাক্ স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ, শান্তিপূৰ্ণভাৱে সমবেত হোৱা, মুক্ত বিচৰণৰ স্বতন্ত্ৰতা, সংস্থা বা ইউনিয়ন গঠনৰ অধিকাৰৰ কথা ভাৱকচোন।

এই কৃষি আইনৰ ১৯ নং ধাৰাটোৱে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদতো আঘাত হানিছে, যিটোৱে সাংবিধানিক প্ৰতিকাৰ (ন্যায়িক কাৰ্য্যব্যৱস্থা)ৰ অধিকাৰৰ নিশ্চয়তা দিছে। মন কৰিব যে ৩২ নং অনুচ্ছেদক সংবিধানৰ মূল কাঠামোৰ অংশ হিচাপে ধৰা হয়।

মূলসুঁতিৰ সংবাদমাধ্যমে (দেশৰ ৭০ শতাংশ জনতাক এলাগী কৰা এনে সংবাদমাধ্যমৰ বাবে এক আচহুৱা শব্দ) নিশ্চয়কৈ ভাৰতীয় গণতন্ত্ৰত এই নতুন কৃষি আইনকেইখনৰ প্ৰভাৱৰ কথা নজনা নহয়। কিন্তু সাৰ্বজনীন কল্যাণৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ সম্পূৰ্ণ মনযোগ মুনাফা আদায়ত কেন্দ্ৰীভূত হৈ ৰৈছে।

Protestors at Delhi’s gates were met with barricades, barbed wire, batons, and water cannons – not a healthy situation at all
PHOTO • Q. Naqvi
Protestors at Delhi’s gates were met with barricades, barbed wire, batons, and water cannons – not a healthy situation at all
PHOTO • Q. Naqvi

দিল্লী সীমান্তত প্ৰতিবাদকাৰীসকলক বেৰিকেড, কাঁটাতাঁৰ, লাঠি আৰু পানীবোমাৰে স্বাগতম জনোৱা হৈছে, পৰিস্থিতি মুঠেই ভাল নহয়

এইক্ষেত্ৰত স্বাৰ্থৰ দ্বণ্ডৰ কথাও সোমাই আছে। মিডিয়াবোৰো একধৰণৰ নিগমেই। আটাইতকৈ ডাঙৰ নিগমটোৰ বিগবছগৰাকী আটাইতকৈ ধনী আৰু সৰ্ববৃহৎ মিডিয়াৰ মালিকো। ‘আম্বানী’ সেই নামবোৰৰ মাজৰ এটা, দিল্লীৰ প্ৰতিবাদী কৃষকে তেওঁলোকৰ শ্লোগানত তেওঁৰ নামো লৈছে। আন বহু ঠাইত আমি ফ’ৰ্থ ইষ্টেট মানে চতুৰ্থ স্তম্ভ আৰু ৰিয়েল ইষ্টেটৰ মাজত পাৰ্থক্যবিচাৰ কৰিব পৰা নাই। মূলসুঁতিৰ মিডিয়া নিগমবোৰে এই ইষ্টেটখনৰে স্বাৰ্থক নাগৰিকৰ স্বাৰ্থৰ উৰ্দ্ধত (কেৱল কৃষকৰেই নহয়) ৰখাৰ জোৰদাৰ চেষ্টা চলাইছে।

তেওঁলোকৰ কাকত আৰু চেনেলৰ ৰাজনৈতিক প্ৰতিবেদনত কৃষকক কি কি যে নাম দিয়া হোৱা নাই। ধনী খেতিয়ক, কেৱল পাঞ্জাৱৰ, খালিস্তানী, ভণ্ড, কংগ্ৰেছৰ ষড়যন্ত্ৰ আদি বিভিন্ন নাম দি দানৱী ৰূপত তুলি ধৰাৰ নিৰন্তৰ চেষ্টা চলিছে (ইয়াৰ দুই-এক ব্যতিক্ৰমো নথকা নহয়)।

ডাঙৰ মিডিয়া হাউছবোৰৰ সম্পাদকীয়বোৰ আকৌ অলপ বেলেগ। তেওঁলোকে ঘৰিয়ালৰ চকুপানী টোকে। দৰাচলতে চৰকাৰে এয়া ভালকৈ চাব লাগিছিল। এইসকল দৰাচলতে অৰ্দ্ধসত্য তথ্য জনা হোজা লোক, যিসকলে দেখা নাপায় যদিও চৰকাৰী অৰ্থনীতিবিদ আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিভা বুজি পোৱাৰ যোগ্য কৰি তেওঁলোকক গঢ়ি তুলিব লাগে- যিয়ে জনহিতকাৰী আইন প্ৰণয়ন কৰিছে, যিবোৰ কৃষকৰ বাবে আৰু ডাঙৰ অৰ্থনীতিত অতিকৈ গুৰুত্বপূৰ্ণ। এইখিনি কৈ তেওঁলোক এই আইনকেইখন গুৰুত্বপূৰ্ণ আৰু অত্যাৱশ্যকীয়, সেয়ে ৰূপায়ণ কৰা উচিত বুলি মোখনি মাৰে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ এক সম্পাদকীয়ত কোৱা হৈছে, “এই সমগ্ৰ ঘটনাত দোষ সংশোধনীত নাই, (জোৰ দিয়া হৈছে), কিন্তু কৃষি আইনকেইখন গৃহীত কৰাৰ ধৰণ, চৰকাৰৰ জনসংযোগৰ কাৰ্যনীতি বা তাৰ অভাৱতহে আসোঁৱাহ আছে।” এক্সপ্ৰেছৰ সম্পাদকীয়টোত এই কথাক লৈও চিন্তা ব্যক্ত কৰা হৈছে যে এয়া ভালদৰে চম্ভালি নল’লে আন বহু ভাল ভাল পৰিকল্পনাক ই ক্ষতিগ্ৰস্ত কৰিব যাক “তিনিখন কৃষি আইনৰ দৰে” “ভাৰতীয় কৃষিৰ বাস্তৱিক সম্ভাৱনীয়তাৰ পৰা লাভান্বিত হোৱাৰ বাবে আৱশ্যকীয় সংশোধন” আখ্যা দিয়া হৈছে।

টাইমচ্ অৱ ইণ্ডিয়াই নিজৰ সম্পাদকীয়ত কৈছে যে সকলো চৰকাৰৰ প্ৰাথমিক কাম হৈছে “কৃষকক এমএচপি ব্যৱস্থাৰ আসন্ন মৃত্যুক লৈ থকা ভূল ধাৰণাবোৰ দূৰ কৰা...” সৰ্বোপৰি, “কেন্দ্ৰৰ সংস্কাৰমূলক নীতি কৃষি ব্যৱসায়ত ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব বঢ়াবলৈ এক অকপট প্ৰচেষ্টা। এই সংশোধনৰ সফলতাৰ ওপৰতে কৃষি আয় দুগুণ হোৱাৰ আশা লুকাই আছে...” আকৌ এনে সংশোধনেই “ভাৰতৰ খাদ্যৰ বজাৰখনৰ বিকৃতি দূৰ কৰিব।”

PHOTO • Q. Naqvi

কেৱল আইন তিনিখনেই নহয়, দিল্লী গেটত কৃষকসকলে ইয়াতকৈ ডাঙৰ কাৰণত প্ৰতিবাদ কৰি আহিছে, তেওঁলোকে আমাৰ সকলোৰে অধিকাৰৰ হকে যুঁজিছে

হিন্দুস্তান টাইমচৰ এক সম্পাদকীয়ত কোৱা হৈছে, “এই পদক্ষেপৰ (নতুন আইনকেইখন ৰূপায়ণৰ) আঁৰত এক অন্তৰ্নিহিত কাৰণ আছে” আৰু “কৃষকে এই কথা বুজি পাব লাগিব যে আইনৰ বাস্তবিকতা সলনি নহয়।” কৃষকৰ ক্ষেত্ৰতো তেওঁলোকে ভাৱে যে তেওঁলোক “উগ্ৰ পৰিচয়বাদী সমস্যাৰ সৈতে খেলিব লাগিছে” আৰু উগ্ৰপন্থাৰ ধাৰা অনুশীলন কৰিছে।

চৰকাৰক চাগে এই প্ৰশ্নবোৰে আমনি কৰিছে যে কাৰ ষড়যন্ত্ৰক কৃষকসকলে নজনাকৈয়ে সাৰ-পানী দিছে, কাৰ চকুৰ চিঁয়াৰত তেওঁলোকে উঠা-বহা কৰিছে। সম্পাদকীয় লিখাসকলে আৰু এখোপ আগবাঢ়ি স্পষ্টই কৰি দিছে তেওঁলোকে কাক প্ৰতিনিধিত্ব কৰে, আৰু তেনেকৈ তেওঁলোকে ক’ৰ্পৰেটৰ কোপদৃষ্টিৰ পৰা বাচি থাকিব পাৰিছে।

আনকি উদাৰবাদী আৰু আটাইতকৈ কম পক্ষপাতী টেলিভিছন চেনেলত এই প্ৰশ্নবোৰৰ প্ৰসংগ উত্থাপন হয়, চৰ্চা হয় আৰু সদায়েই প্ৰশ্ন চৰকাৰ আৰু তেওঁলোকৰ বন্দী বিশেষজ্ঞ বুদ্ধিজীৱিকেই কৰা হয়।

কিন্তু এতিয়াই কিয় কৰা হ’ল? এনে গুৰুত্বপূৰ্ণ প্ৰশ্ন এবাৰো আলোচনা কৰা নহয়। কিয় শ্ৰম আইনকেইখনো ইমান ততাতয়াকৈ ৰূপায়ণ কৰা হ’ল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাবাৰ নিৰ্বাচনত বহু বেছি সংখ্যাগৰিষ্ঠতাৰে জয়ী হৈছিল। আগন্তুক ২-৩ চাৰি বছৰলৈ তেওঁ সংখ্যাগৰিষ্ঠতা লাভ কৰি থাকিব। কিয় ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে এই আইনকেইখন গৃহীত কৰিবলৈ দেশত অতিমাৰী তুংগত উঠা সময়খিনি বাচি ল’লে, যিটো সময়ত আন বহু দিশত গুৰুত্ব দিয়াটোহে অতিকৈ জৰুৰী আছিল?

এৰা, চৰকাৰে ভাবিছিল যে এয়া ক’ভিড-১৯য়ে সন্ত্ৰস্ত কৰা সময়, অতিমাৰীয়ে অচল কৰি তোলা এনে সময়ত কৃষক আৰু শ্ৰমিকে সংগঠিত হৈ অৰ্থপূৰ্ণভাৱে ইয়াৰ প্ৰতিবাদ কৰিব নোৱাৰিব। আচলতে এয়া ভাল সময় নহয়, এয়া আছিল উত্তম সময়। এইক্ষেত্ৰত তেওঁলোকে বিশেষজ্ঞৰ সহায়ো পালে, কিছুমানে এই পৰিস্থিতিৰ মাজত দ্বিতীয় ১৯৯১ৰ ক্ষণ বিচাৰি পালে; হতাশা, সংকট আৰু অৰাজকতাৰ সময়ৰ পৰা মুনাফা আদায়ৰ সুযোগ পালে। আকৌ প্ৰমুখ সম্পাদকসকলেও চৰকাৰক এনে দুৰ্যোগৰ মাজৰ ‘এনে সুৱৰ্ণ সুযোগৰ অপচয় নকৰিবলৈ’ আহ্বান জনালে। আকৌ নীতি আয়োগৰ অধ্যক্ষই ঘোষণাই কৰিলে যে তেওঁ ভাৰতখন ‘অতিবেছি গণতান্ত্ৰিক’ হোৱা দেখি বিৰক্তিবোধ হৈছে।

আকৌ এই আইনকেইখন যে অসাংবিধানিক, সেই লৈ কৰা প্ৰশ্নবোৰো তেনেই টুলুঙা আৰু উপলব্ধিবিহীন। ৰাজ্যিক সূচীৰ বিষয় এটাৰ ওপৰত আইন প্ৰণয়ন কৰাৰ অধিকাৰ কেন্দ্ৰ চৰকাৰৰ হাতত নাই।

PHOTO • Binaifer Bharucha

২০১৮ৰ ২২ নৱেম্বৰত ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ কৃষকে, তেওঁলোক কেৱল পাঞ্জাৱৰ নহয়, বৰ্তমানৰ প্ৰতিবাদীসকলৰ দৰেই একেধৰণৰ দাবীৰে দিল্লীৰ সংসদলৈ মৰ্চা উলিয়াইছিল

এই বাতৰি কাকতবোৰৰ সম্পাদকীয়ত এই কথাক লৈও ইমান চৰ্চা নহ’ল যে কৃষকে চৰকাৰৰ তৰফৰ পৰা এই বিষয়ত থকা সমস্যা সমাধানৰ বাবে এখন কমিটি গঠন কৰাৰ প্ৰস্তাৱক কিয় ইমান অৱমাননাৰে প্ৰত্যাখান কৰিলে। সমগ্ৰ দেশৰ কৃষকে যদি কিবা কমিটিৰ প্ৰতিবেদন জানে আৰু ৰূপায়ণ হোৱাটো বিচাৰে, সেয়া হৈছে ৰাষ্ট্ৰীয় কৃষি প্ৰতিবেদন, যিখনক স্বামীনাথন প্ৰতিবেদন বুলিও তেওঁলোকে কয়। কংগ্ৰেছে ২০০৪ৰ পৰা আৰু ভাজপাই ২০১৪ৰ পৰা সেই প্ৰতিবেদন ৰূপায়ণ কৰাৰ কথা কৈ অহাৰ মাজতে সেইখনক সমাধি দিয়াৰো যুঁজ-বাগৰ কৰি আহিছে।

আকৌ ২০১৮ৰ নৱেম্বৰত ১ লাখৰো অধিক কৃষকে দিল্লীৰ সংসদৰ সমীপত সেই আয়োগৰ প্ৰতিবেদনৰ ঘাই পৰামৰ্শসমূহ ৰূপায়ণ কৰাৰ দাবী জনাইছিল। তেওঁলোকে ঋণ ৰেহাই, ন্যূনতম সমৰ্থন মূল্যৰ নিশ্চয়তা আৰু কৃষি সংকটৰ ওপৰত চৰ্চাৰ কাৰণে সংসদৰ বিশেষ অধিৱেশন পতাকে আদি কৰি আন কিছু দাবী জনাইছিল। সংক্ষেপতে কৃষকে চৰকাৰৰ আগত সেই প্ৰতিবেদনৰ বহু পৰামৰ্শৰ মাজৰ পৰা এইখিনিয়ে দাবী কৰিছিল, যিবোৰ লৈ এতিয়া দিল্লী দৰবাৰত কৃষকে প্ৰতিবাদ জনাই আহিছে। আৰু তেওঁলোক কেৱল পাঞ্জাৱৰ নহয়, ২২ খন জিলা আৰু চাৰিখন কেন্দ্ৰশাসিত অঞ্চলৰ পৰা আহিছিল।

কৃষকে চৰকাৰৰ সেই একাপ চাহৰ দৰে আন বহু কথা মানি লোৱাৰ পৰা বিৰত আছে। ইয়ে আমাক স্পষ্টকৈ দেখুৱাইছে যে চৰকাৰে ভবাৰ দৰে হতাশা আৰু ভয়ে কৃষকক একগোট হোৱাৰ পৰা বিৰত ৰাখিব পাৰিব, সেই অনুমান ভুল। তেওঁলোক নিজৰ (আৰু আমাৰ) অধিকাৰৰ হকে আগৰপৰাই যুঁজ দি আহিছিল আৰু আগলৈও যুঁজি যাব আৰু নিজকে বিপদত পেলাই হ’লেও এই আইনকেইখনৰ বিৰোধিতা কৰি যাব।

তেওঁলোকে বাৰে বাৰে আৰু এটা কথাও দোহাৰিছে যিটো মূলসুঁতিৰ সংবাদমাধ্যমে আওকাণ কৰি আহিছে। ক’ৰ্পৰেটে খাদ্য নিয়ন্ত্ৰণ কৰাৰ পৰিণাম এই দেশত কি হ’ব পাৰে সেই কথা লৈও তেওঁলোকে আমাক সতৰ্ক কৰি আহিছে। সেই লৈ শেহতীয়াকৈ ক’ৰবাত সম্পাদকীয় দেখিছেনে?

তেওঁলোকৰ বহুতেই জানে যে তেওঁলোকে নিজৰ কাৰণে, বা পাঞ্জাৱৰ কাৰণে এই তিনিখন আইন ধৰাশায়ী কৰোৱাতকৈ ডাঙৰ এখন যুঁজত অৱতীৰ্ণ হৈছে। সেই আইনকেইখন প্ৰত্যাহাৰ কৰালে এটা কথা হয় যে আমি গৈ আমাৰ আগৰ অৱস্থাতে উপনীত হ’ম, যিটো কেতিয়াও ভাল নাছিল, তাতকৈ বেছি একো নাপাও। কিন্তু এনে কৰিলে বৰ্তমান কৃষিৰ দুৰ্দশা কিছু লাঘৱ কৰিব পৰা যাব বা লেহেমীয়া কৰিব পৰা যাব। তাৰোপৰি মূলসুঁতিৰ মিডিয়াই দেখা নাপায় যদিও কৃষকে এই আইনকেইখন নাগৰিকৰ অধিকাৰ খৰ্বকাৰী আৰু ক্ষয় নিওৱাৰ আহিলা হিচাপে দেখিছে। আৰু যদি তেওঁলোকে আইনকেইখনক সেই দৃষ্টিৰে নাচায় বা তেনেদৰে কোৱা নাই, তথাপি আইনকেইখন প্ৰত্যাহাৰে সংবিধানৰ বুনিয়াদী সংৰচনা আৰু গণতন্ত্ৰক ভেঁটিটোক সুৰক্ষা প্ৰদান কৰিব।

প্ৰচ্ছদ সচিত্ৰকৰণঃ প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

এই লেখাটোৰ এটা সংস্কৰণ প্ৰথমবাৰ ২০২০ৰ ৯ ডিচেম্বৰত দা ৱায়াৰত প্ৰকাশ পাইছিল।

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das